এখন চিঠি Class 11 হেম বৰুৱা একাদশ শ্ৰেণী কবিতা

Class 11 Assamese Lesson 16 question Answer | এখন চিঠি  | AHSEC HS 1st Year Assamese

এখন চিঠি কবিতা
বিষয়  অসমীয়া
পাঠৰ নাম এখন চিঠি কবিতা
লেখক
হেম বৰুৱা
শ্ৰেণী  একাদশ শ্ৰেণী
গােট- ৩  পদ্যাংশ
পাঠৰ নং অধ্যায় 16
পাঠ্যক্ৰম (Syllabus) অসম মাধ্যমিক শিক্ষা পৰিষদৰ (AHSEC)

এখন চিঠি Class 11

অতি চমু প্রশ্ন

১। ‘এখন চিঠি’ কবিতাটো হেম বৰুৱাৰ কোনখন কবিতা পুথিৰ অন্তৰ্গত?
উত্তৰঃ ‘এখন চিঠি’ কবিতাটো হেম বৰাৰ মন-ময়ুৰী’ কবিতা সংকলনখনৰ অন্তর্গত।

২। হেম বৰুৱাই সম্পাদনা কৰা অসমীয়া আলোচনীখনৰ নাম লিখা।
উত্তৰঃ হেম বৰুৱাই সম্পাদনা কৰা অসমীয়া আলোচনীখনৰ নাম হ’ল ‘পছােৱা’।

৩। চেলা গিৰিপথ কত আছে?
উত্তৰ: চেলা গিৰিপথ অৰুণাচল প্রদেশ আৰু চীনা সীমান্তত আছে।

৪। কবিয়ে কেনে মৃত্যু আত্মাৰ দৰে অবিনশ্বৰ বুলি কৈছে?
উত্তৰঃ কবিয়ে দেশৰ বাবে বৰণ কৰা মৃত্যু আত্মাৰ দৰে অবিনশ্বৰ বুলি কৈছে।

৫। এখন চিঠি’ কবিতাটোত সৈনিকজনৰ পত্নীৰ নাম কি?
উত্তৰঃ‘এখন চিঠি’কবিতাটোত সৈনিকজনৰ পত্নীৰ। নাম ‘মমতা।

এখন চিঠি Class 11 চমু প্রশ্ন

১। ‘এখন চিঠি’কবিতাত সৈনিকজন যুদ্ধলৈ ঘৰৰ সময়ত তেওঁৰ পত্নীয়ে কি কৰিছিল?
উত্তৰ : ‘এখন চিঠি’ কবিতাটিত সৈনিকজনে যুদ্ধলৈ যাবৰ সময়ত তেওঁৰ পত্নী আৱেগত মৌন হৈ পৰিছিল। দুচকুৱেদি লােতক ওলাই আহিছিল সৈনিকজনেও কোনাে কথা ক’ব পৰা নাছিল। তেওঁৰ মনত যি আবেগ আৰু বিৰহ বেদনাৰ উদয় হৈছিল তাৰ গভীৰতা তেওঁ ভাষাৰে প্রকাশ কৰিবলৈ অপাৰগ হৈছিল।

২। ‘এখন চিঠি’ কবিতাত সৈনিকজনে যুদ্ধক্ষেত্ৰৰ কেনে বিৱৰণ আগবঢ়াইছে?
উত্তৰ: এখন চিঠি’ কবিতাটিত কবিয়ে কৈছে যে তেওঁ যি অঞ্চলত কৰ্তব্যৰত হৈ আছে তাত ইতিহাস বিভিন্ন সময়ত বহুতাে যুদ্ধ সংঘটিত হৈছিল। সেই যুদ্ধৰ,কাহিনীবােৰ কোনােবাই লিখি ৰাখিলে মহাকাব্য হ’লহেঁতেন। সৈনিকজন ৰৈ থকা স্থানৰ পৰা শত্রুসেনাৰ কামানৰ গর্জন শুনিবলৈ পাইছে আৰু গুলিবাৰুদৰ ধোঁৱা দেখিবলৈ পাইছে।

৩। সৈনিকজনে মৃত্যুক কেনদেৰে গ্ৰহণ কৰিছে?

উত্তৰঃ সৈনিকজনে মৃত্যক অতি সহজভাৱেই গ্রহণ কৰিছে। তেওঁ মৃত্যুলৈ অকনো ভয় কৰা নাই। তেওঁ উপলব্ধি কৰিছে যে যুদ্ধত যদি তেওঁৰ মৃত্যুও হয়, সেই মৃত্যু দেশৰ কল্যাণৰ বাবেই হ’ব। অর্থাৎ যুদ্ধত তেওঁৰ মৃত্যু ঘটিলে সেই মৃত্যু হ’ব পাৰিজাত ফুলৰ দৰে পৱিত্র। তেনে মৃত্যুত দেৱতাৰ আশীর্বাদ আছে বুলিও সৈনিকজনে ভাৱিছে।

লগতে পঢ়ক:   বৰগীত Class 11 একাদশ শ্ৰেণী অসমীয়া Assamese Lesson 11

৪। নিজৰ সন্তান দুটাক কি কথাৰে বুজনি দিবলৈ সৈনিকজনে কৈছে?
উত্তৰ: সৈনিকজনে তেওঁৰ পত্নীক কৈছে যে, যদি যুদ্ধ পথাৰত তেওঁৰ মৃত্যু হয়, তেন্তে তাই যেন সিহঁতৰ ল’ৰা দুটিক দেউতাকৰ অভাৱ অনুভৱ কৰিবলৈ নিদিয়ে। তাই ল’ৰা দুটিক এইবুলি বুজনি দিয়ে যেন মৃত্যুয়ে তেওঁক অমৰত্ব দান কৰিছে। কাৰণ দেশৰ জনগণৰ কল্যাণৰ বাবেই তেওঁৰ মৃত্যু হৈছে যি মৃত্যু পাৰিজাত ফুলৰ দৰে পৱিত্র।

৫। সৈনিকজনে চিঠিখন সেইদিনাই ডাকত দিব নােৱাৰাৰ কাৰণ কি?
উত্তৰঃ সৈনিকজনে পত্নীলৈ লিখা চিঠিখন সেইদিনা ডাকত পঠাব নােৱাৰিছিল কাৰণ চিঠিখন লিখি উঠা মূহুর্ততে যুদ্ধক্ষেত্রলৈ যােৱাৰ আদেশ পাইছিল।

এখন চিঠি Class 11 দীঘল প্রশ্ন

১। ‘এখন চিঠি’কবিতাত পত্নীৰ প্ৰতি সৈনিকজনৰ কেনে মনােভাব প্রকাশ পাইছে?
উত্তৰ : কবিতাটিত উল্লেখ কৰা সৈনিকজন সীমান্তত নিয়ােজিত থকা এজন প্ৰহৰী সৈনিক। তেওঁ কৰ্তব্যৰত স্থানৰ পৰা নিজ ঘৰত থকা পত্নীলৈ চিঠি
লিখিছে। সৈনিকজনে লিখিছে যে চিঠিখন লিখিবলৈ লােৱাৰ সময়ত তেওঁৰ পত্নীৰ পৰা বিদায় লােৱা মূহুৰ্তৰ দৃশ্য চকুৰ আগত ভাঁহি উঠিছে। বিদায়ৰ সময়ত সৈনিকজনৰ পত্নী আৱেগত মৌন হৈ পৰিছিল। চকুয়েদি লােতক ওলাই আহিছিল। সৈনিকজনেও কোনাে কথা ক’ব পৰা নাছিল। তেওঁৰ মনত যি আবেগ আৰু বিৰহ বেদনাৰ উদয় হৈছিল তাৰ গভীৰতা তেওঁ ভাষাৰে প্ৰকাশ কৰিব নােৱাৰে। সেইবােৰ যেন বনপােৰা জুইৰ দৰে নিজৰ ভিততে জ্বলি আপােনা-আপুনি নিঃশেষ হৈছে।

২। সৈনিকজনৰ দেশপ্রেম এখন চিঠি’ কবিতাত কেনেদৰে প্ৰকাশ পাইছে আলােচনা কৰা।
উত্তৰ: ‘এখন চিঠি’ কবিতাটিত সৈনিকজনৰ দেশপ্রেম প্রকাশ পাইছে। সৈনিকসকলে স্বদেশৰ লােকসকলৰ নিৰাপত্তাৰ বাবে যিকোনাে সময়তে যুদ্ধ লৈ যাৱাৰ বাবে প্রস্তুত। এখন চিঠি’ৰ সৈনিকজনে উপলব্ধি কৰিছে যে যুদ্ধত যিকোনাে সময়ত তেওঁৰ মৃত্যু হ’ব পাৰে। তেওঁ ভাৱে যে যুদ্ধত যদি তেওঁৰ মৃত্যুও হয়, সেই মৃত্যু দেশৰ জনগণৰ কল্যাণৰ বাবেই হ’ব। সেয়ে যুদ্ধ পথাৰত তেওঁৰ মৃত্যু হলে সেই মৃত্যু হ’ব পাৰিজাত ফুলৰ দৰে পৱিত্ৰ। তেনে মৃত্যুত দেৱতাৰ আশীর্বাদ আছে বুলিও সৈনিকজনে ভাৱিছে। এনেদৰে সৈনিকজনে স্বদেশৰ কল্যাণৰ হকে মৃত্যুৰ বাবে সাজু থাকি অকপট দেশপ্রেম প্রকাশ কৰিছে।

লগতে পঢ়ক:   বনকুঁৱৰী Class 11 Assamese Lesson 13 একাদশ শ্ৰেণী

৩। ‘এখন চিঠি’ কবিতাত যুদ্ধক্ষেত্ৰৰ ভয়াবহতা কেনেদৰে প্ৰকাশ পাইছে বুজাই লিখা।
উত্তৰ : ‘এখন চিঠি’ কবিতাটিত সৈনিকজনে যুদ্ধক্ষেত্ৰৰ ভয়াবহতা প্রকাশ কৰিছে এইদৰে- সৈনিকজন সমতলৰ পৰা বহুত উচ্চতাত পর্বত ওপৰত প্ৰহৰী সৈনিক হিচাপে কৰ্তব্যত নিয়ােজিত হৈ আছে। ঠাইডােখৰ নির্জন আৰু ভয়াল । তেনে ঠাইত তেওঁৰ মনৰ আবেগ আৰু মনৰ কল্পনাবােৰ ছাই হৈ যায়। তেওঁৰ মনৰ ভিতৰত জ্বলি থকা বিৰহ-বেদনাবােৰ যেন পর্বতত ঠেকা খাই উভতি আহে। সৈনিকজনে থকা স্থানত অতীতত বহুত যুদ্ধ সংঘঠিত হৈছিল। বহুত সৈনিকৰ বুকুৰ তেজৰ চেকুৰা তাত লাগি আছে। সেই যুদ্ধৰ ঘটনাবোৰ লিখি ৰখা হ’লে এখন মহাকাব্যৰ হ’লহেঁতেন। সৈনিকজন ৰৈ থকা স্থানৰ পৰাইn শত্রুসেনাৰ কামানৰ গর্জন শুনিবলৈ পাইছে আৰু গুলি-বাৰুদৰ ধোঁৱা দেখিবলৈ পাইছে।

৪। “তােমাৰ চকু উপচি বাৰিষাৰ বান নমিছিল” কথাষাৰৰ মর্মার্থ বুজাই লিখা।
উত্তৰ: সৈনিকজনে চিঠিখন লিখিবলৈ লােৱাৰ সময়ত পত্নীৰ পৰা বিদায় লােৱা মূহুৰ্তৰ দৃশ্য তেওঁৰ চকুৰ আগত ভাঁহি উঠিছে। বিদায়ৰ সময়ত সৈনিকজনৰ পত্নী আৱেগত মৌন হৈ পৰিছিল। দুচকুয়েদি লােতক ওলাই আহিছিল। এনেদৰে বিৰহা-কাতৰ নাৰীৰ মনৰ স্বাভাৱিক অথচ চিৰন্তন হৃদয়ৰ আবেগ উদ্ধৃত কবিতাশাৰীৰ মাজেদি ফুটি উঠিছে।

Class 11 Assamese Lesson 16

৫। প্রসংগ সংগতি দশাহ ব্যাখ্যা কৰা:

(ক) এইখন এখন মহাকাব্য, পৰ্বতৰ মৌন ভাষাই
লেখি যােৱা তেজৰ বুৰঞ্জী।
উত্তৰ : উদ্ধৃত কবিতাফাঁকি ‘সাহিত্য সৌৰভ’ৰ অন্তর্গত হেম বৰুৱাই ৰচনা কৰা এখন চিঠি’ নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে।
সৈনিকজনে পত্নীলৈ চিঠি লিখিবলৈ লােৱা স্থানৰ সামৰিক তথা ঐতিহাসিক গুৰুত্বৰ বিষয়ে ক’বলৈ গৈ কবিয়ে ‘উক্ত কথাষাৰৰ অৱতাৰণা কৰিছে।
সৈনিকজন সীমান্তত কৰ্তব্যৰত আছিল। সামৰিক আৰু দেশখনৰ নিৰাপত্তাৰ দিশৰ পৰা ঠাইখন বৰ গুৰুত্বপূর্ণ আছিল কাৰণ সেই সীমান্তদিয়েই বিদেশীয়ে দেশখন আক্রমণ কৰাৰ সম্ভাৱনা আছিল। তেনে সীমান্তত প্রায়ে শত্রু সেনাৰ লগত গুলিয়া-গুলি হয়। সৈনিকজনে কৈছে।যে তেওঁ যি অঞ্চলত কর্তব্যৰত হৈ আছে তাত ইতিহাসৰ বিভিন্ন সময়ত বহুতাে যুদ্ধ সংঘটিত হৈছিল। সেই যুদ্ধৰ কাহিনীবােৰ কোনােৱাই লিখি ৰাখিলে এখন মহাকাব্য হ’লহেঁতেন। সৈনিকজন ৰৈ থকা স্থানৰ পৰা শত্রুসেনাৰ কামানৰ গর্জন শুনিবলৈ পাইছে আৰু গুলি-বাৰুদৰ ধোঁৱা দেখিবলৈ পাইছে।

লগতে পঢ়ক:   গিবন Class 11 [প্রশ্ন-উত্তৰ] অসমীয়া একাদশ শ্ৰেণী | HS 1st Year Assamese Lesson 5

খ) মৃত্যুয়ে যদি অভিনন্দন জনাই
সেই মৃত্যু পাৰিজাত ফুল
তাত দেৱতাৰ আশীর্বাদ আছে।
উত্তৰঃ উদ্ধৃত কবিতাফাঁকি ‘সাহিত্য সৌৰভ’ৰ অন্তৰ্গত হেম বৰুৱাই ৰচনা কৰা ‘এখন চিঠি” নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে। যুদ্ধক্ষেত্ৰত মৃত্যু হােৱা সৈনিকসকলৰ মৃত্যুত যে দেৱতাৰ আশীর্বাদ আছে সেই কথা ব্যক্ত কৰিবলৈ কবিয়ে উক্ত কথাষাৰৰ অৱতাৰণা কৰিছে।

সৈনিকজুনে মৃত্যক অতি সহজভাৱেই গ্ৰহণ কৰিছে। তেওঁ মৃত্যুলৈ অকনাে ভয় কৰা নাই। তেওঁ উপলব্ধি কৰিছে যে যুদ্ধত যদি তেওঁৰ মৃত্যুও হয়, সেই মৃত্যু দেশৰ কল্যাণৰ বাবেই হ’ব। অর্থাৎ যুদ্ধত তেওঁৰ মৃত্যু ঘটিলে সেই মৃত্যু হ’ব পাৰিজাত ফুলৰ দৰে পৱিত্ৰ। তেনে মৃত্যুত দেৱতাৰ আশীর্বাদ আছে বুলিও সৈনিকজনে ভাৱিছে।

এখন চিঠি কবিতা Class 11 প্রশ্ন-উত্তৰ

১। তলত দিয়া প্রশ্নবােৰৰ উত্তৰ দিয়া:

(ক) হেম বৰুৱাই ৰচনা কৰা এখন কবিতা পুথিৰ নাম লিখা।
উত্তৰঃ বালিছন্দা।

(খ) হেম বৰুৱাই ৰচনা কৰা এখন ভ্রমণ কাহিনীৰ নাম লিখা।
উত্তৰঃ The Red River and Blue Hill.

(গ) ‘এখন চিঠি’ কবিতাটিৰ ৰচক কোন?
উত্তৰঃ হেম বৰুৱা।

(ঘ) হেম বৰুৱাই কোনখন অসম সাহিত্য সভা অধিবেশনৰ সভাপতি আছিল?
উত্তৰঃ ধুবুৰী অধিবেশনৰ সভাপতি আছিল (১৯৭২)।

(ঙ) হেম বৰুৱাই সম্পাদনা কৰা এখন আলােচনীৰ নাম লিখা।
উত্তৰ: পছােৱা।

Leave a Comment


Stay informed about the latest Educational Update website. We provide timely and accurate information on upcoming Exam, application deadlines, exam schedules, and more.

Categories

Class 1

Class 2

Class 3

Class 4

Class 5