WhatsApp WhatsApp Channel NEW
Join Now →
Play Store Android App FREE
Get Now →
Home » একাদশ শ্ৰেণী অসমীয়া » ৰাৱণৰ বিভীষনৰ সজ উপদেশ Class 11 Assamese Lesson 10

ৰাৱণৰ বিভীষনৰ সজ উপদেশ Class 11 Assamese Lesson 10

ৰাবনক বিভীষনৰ সজ উপদেশ
বিষয় অসমীয়া
পাঠৰ নামৰাবনক বিভীষনৰ সজ উপদেশ
লেখকমাধৱ কন্দলি
শ্ৰেণী একাদশ শ্ৰেণী
গােট- ৩ পদ্যাংশ
পাঠৰ নংঅধ্যায় 10
পাঠ্যক্ৰম (Syllabus)অসম মাধ্যমিক শিক্ষা পৰিষদৰ (AHSEC)

ৰাৱণৰ বিভীষনৰ সজ উপদেশ Question Answer class 11 and Chapter 10 full question Answer Guide.

ৰাৱণৰ বিভীষনৰ সজ উপদেশ

(ক) অতি চমু প্রশ্ন:

১। মাধৱ কন্দলিয়ে অনুবাদ কৰা ৰামায়ণ বাল্মীকি ৰামায়ণৰ শ্লোকানুবাদ নে ভাবানুবাদ?
উত্তৰ : ভাবানুবাদ।

২। সীতাক হৰণ কৰি নি ৰাৱণে ক’ত বন্ধী কৰি ৰাখিছিল?
উত্তৰ : লংকাত ।

৩। অপ্রমাদী’ শব্দৰ অর্থ কি ?
উত্তৰ : ‘অপ্রমাদী’ শব্দৰ অৰ্থ ‘ভ্রান্তিহীন’ ।

৪। ইন্দ্রজিৎ কোন আছিল ?
উত্তৰঃ ইন্দ্রজিৎ আছিল লংকাৰ ৰজা ৰাৱণৰ পুত্র।

৫। ৰাৱণৰ মাতৃৰ নাম কি আছিল?
উত্তৰ : নৈকেষী।

(খ) চমু প্রশ্ন

১। নৈকেষী কোন? তেওঁ বিভীষণক কিয় ৰাৱণৰ ৰাজসভালৈ পঠাইছিল?
উত্তৰ : নৈকেষী আছিল লংকাৰ ৰজা ৰাৱণৰ মাতৃ। ৰাৱণে সীতাসৰণ কৰি লংকাত বন্ধী কৰি ৰাখিছিল। ৰামে সীতাক বিচাৰি যে লংকা আক্রমণ কৰিব সেয়া নৈকেষীয়ে উপলব্ধি কৰি বৰ চিন্তিত হয়। তাই ৰাৱণৰ সন্নিকট বিপদৰ কথা সৰু পুতেক বিভীষণৰ আগত ব্যক্ত কৰে । তাই সীতাক ৰামৰ হাতত গতাই দি ৰাৱণক বুজনি দি সুপথলৈ উভতাই আনিবলৈ বিভীষণক ৰাৱণৰ ৰাজসভালৈ পঠাইছিল।

২। নাগপাশ কি? হনুমানক কোনে, কি কাৰণে নাগপাশেৰে বন্ধী কৰিছিল ?
উত্তৰ : নাগপাশ হ’ল পুৰণি কালত যুদ্ধত শত্রুক বান্ধিবলৈ ব্যৱহাৰ কৰা সাপৰ নিচিনা এবিধ জৰী। ৰামৰভক্ত হনুমানে সীতাক উদ্ধাৰ কৰিবলৈ লংকাৰ ৰাজধানী,লণ্ড-ভণ্ড কৰাত ৰাৱণৰ পুত্র ইন্দ্রজিতে হনুমানক নাগপাশেৰে বন্ধী কৰিছিল।

৩। হনুমান যে ৰামৰ ভক্ত এই কথা লংকাত বঘিনী সীতাৰ আগত কেনেদৰে প্ৰমাণ কৰিছিল?
উত্তৰ : হনুমানে ৰাবণৰ সেনাসকলক হত্যা কৰি, ৰাজধানী লণ্ড- ভণ্ড কৰি তেওঁ যে ৰামৰ ভক্ত সেই কথা লংকাত বন্ধনী সীতাৰ আগত প্ৰমাণ কৰিছিল।

8। শংকৰদেৱ আৰু মাধৱদেৱে ৰামায়ণৰ কোন দুটা কাণ্ড ৰচনা কৰিছিল ?
উত্তৰ : শংকৰদেৱে ৰামায়ণৰ উত্তৰাকাণ্ড আৰু মাধৱদেৱে ৰামায়ণৰ আদি কাণ্ড ৰচনা কৰিছিল।

৫। উত্তম, মধ্যম আৰু অধম কোন মন্ত্রক কোৱা হয় ? ৰাজকার্য পৰিচালনা কৰোঁতে কোনবিধ মন্ত্রক ব্যৱহাৰ কৰা হয়?
উত্তৰ : কোনাে কথা পাত্র মন্ত্রীসকলে বিষ্ণুত বিশ্বাস ৰাখি নিশ্চিত সিদ্ধান্তত উপনীত হলে তাক উত্তম মন্ত্র বুলি কোৱা হয়। বিভিন্ন মন্ত্রীয়ে কোনাে কথাত একমত হলে তাক মধ্যম মন্ত্ৰ বুলি কোৱা হয়। আনহাতে যেতিয়া মন্ত্রীয়ে পুৰুষৰ তেজ বা শক্তি অস্বীকাৰ কৰি দৈৱ বা ভাগ্যইহে সকলাে কৰে বুলি ভাৱে তেতিয়া তাক অধম মন্ত্র বুলি কয়।

Class 11 Assamese Lesson 10

(গ) দীঘল প্রশ্ন

১। বিভীষণে ৰাজসভালৈ গৈ ৰাৱণক কি কি সজ উপদেশ দিছিল?
উত্তৰ : ৰামে তেওঁৰ পত্নী সীতাৰ সৈতে বনবাস খাটি থকা সময়ত লংকাৰ ৰজা ৰাৱণে সীতাক বনৰ পৰা হৰণ কৰি লংকালৈ লৈ যায়। সীতাক বিচাৰি ৰামে যে সােনকালে লংকা আক্রমণ কৰিব সেইকথা উপলব্ধি কৰি ৰাৱণৰ মাতৃ নৈকেষী চিন্তিত হয় আৰু ৰাৱণক বুজনি দি সুপথলৈ ঘূৰাই আনিবৰ বাবে নৈকেষীয়ে সৰু পুত্র বিভীষণক ৰাজসভালৈ পঠায়। তাত বিভীষণে জেষ্ঠ ভাতৃ ৰাৱণক বুজনি দিয়ে এনেদৰে : ৰাম হৈছে পৰম পুৰুষ। তেওঁ প্ৰকৃততে বিষ্ণুৰ এক অৱতাৰহে। তেওঁ সর্বজন বিদিত। সীতাও স্বয়ং লক্ষ্মীদেৱীহে।

ৰামে সীতাক উদ্ধাৰ কৰিবৰ বাবে বান্দৰ ৰাজ সুগ্রীবৰ লগত মিত্ৰতা কৰিছে। গতিকে যিকোনাে সময়ত ৰামে পত্নী সীতাক উদ্ধাৰ কৰিবলৈ লংকা আক্ৰমণ কৰিবই। ইতিমধ্যে হনুমানে সাগৰ পাৰ হৈ লংকাত উপস্থিত হৈ সমগ্ৰ নগৰ তন্ন-তন্নকৈ ঘূৰি লংকা দাহ কৰিলে।সীতাক সাক্ষাৎ কৰি ৰাৱণৰ সৈন্য-সামন্তকো বধ কৰি অশােক বন লণ্ড-ভণ্ড কৰিলে। এইদৰে বিভীষণে ৰাৱণৰ আগত ৰামচন্দ্ৰৰ বীৰত্বৰ কথা দাঙি ধৰি ৰাৱণক ৰামৰ সৈতে সম্ভাৱ্য যুদ্ধৰ পৰা আঁতৰি থাকিবলৈ সজ উপদেশ দিয়ে।

২। সীতাক উদ্ধাৰ কৰিবৰ বাবে ৰামে কাৰ সহায় লৈছিল আৰু কেনেকৈ সাগৰ পাৰ হৈ সীতাক উদ্ধাৰ কৰিছিল ?
উওৰ : সীতাক উদ্ধাৰ কৰিবৰ উদ্দেশ্যে ৰামে বান্দৰৰ ৰজা সুগ্রীৱৰ লগত মিত্রতা কৰে। সীতাক উদ্ধাৰ কৰাৰ বাবে ৰামভক্ত হনুমানে সাগৰ পাৰ হৈ লংকাত উপস্থিত হৈ সমগ্ৰ নগৰ তন্ন-তন্নকৈ ঘুৰি লংকা দাহ কৰে। সীতাক সাক্ষাৎ কৰি ৰাৱণৰ সৈন্য-সামন্তকো বধ কৰিলে। লগতে অশােক বনাে লণ্ড- ভণ্ড কৰে। অৱশেষত ৰাম ৰাৱণক যুদ্ধত পৰাষ্ট কৰি সীতাক উদ্ধাৰ কৰে।

৩। কবিতাটিৰ মাজৰে প্ৰকাশিত হােৱা বিভীষণৰ চৰিত্রটি বিশ্লেষণ কৰা।
উত্তৰ : বিভীষণৰ চৰিত্ৰৰ সততা কবিতাটিৰ মাজেৰে উদ্ভাসিত হৈ উঠিছে। তেওঁ বিষ্ণু ভক্ত, সৎ, বিবেচক আৰু নিঃস্বার্থ। ৰাৱণে সীতাক হৰণ কৰি অনা কাৰ্যটো যে অন্যায় হৈছে সেয়া বিভীষণে উপলব্ধি কৰি এই কাৰ্যৰ পৰিণাম যে ভয়াবহ হ’ব সেয়া তেওঁ অনুধাৱণ কৰি ভাতৃ ৰাৱণক বিনাযুদ্ধে সীতাক ৰামৰ হাতত গতাই দিবলৈ সজ উপদেশ দিছিল। এনেদৰে কবিতাটিৰ মাজেৰে বিভীষণৰ চৰিত্ৰৰ সততা আৰু মানৱীয় গুণ প্রকাশ পাইছে।

৪। মাধৱ কন্দলিৰ কাব্যিক প্রতিভা কবিতাটিৰ মাজেৰে কেনেদৰে প্ৰকাশ পাইছে বুজাই লিখা।
উত্তৰ : মাধৱ কন্দলি প্রাক-শংকৰী যুগৰ কবিসকলৰ মাজৰ এজন শ্রেষ্ঠ কবি আছিল। তেওঁ বৰাহী ৰজা মহামাণিক্যৰ পৃষ্ঠপােষকতা লাভ কৰিছিল। তেওঁ সংস্কৃত ৰামায়ণখন অসমীয়ালৈ ভাঙনি কৰে। মাধৱ কন্দলিয়ে ‘সপ্তকাণ্ড ৰামায়ণ পদবন্ধে নিবন্ধিলাে’ বুলি কৈছে যদিও ইয়াৰ মাত্র পাঁচটা কাণ্ডহে পােৱা যায়। পিছত মাধৱদেৱ আৰু শংকৰদেৱে ক্রমে ‘আদিকাণ্ড’ আৰু ‘উত্তৰাকাণ্ড’ ভাঙনি কৰি কন্দলিৰ অসমীয়া ৰামায়ণখন সম্পূৰ্ণ কৰে। শংকৰদেৱে তেওঁৰ কবি প্রতিভাক প্রশংসা কৰি ‘অপ্রমাদী কবি বুলি অভিহিত কৰিছে।

৫। বিভীষণৰ উপদেশ শুনাৰ পিছত ৰাজসভাত থকা পাত্র মন্ত্রীসকলে ৰাৱণক কেনে ধৰণৰ উপদেশ দিছিল?
উত্তৰ : বিভীষণে মাতৃৰ আদেশমতে ৰাৱণক ৰামৰ বিৰুদ্ধে যুদ্ধ নকৰিবলৈ সজ উপদেশ দিয়ে। কিন্তু সেই সজ উপদেশৰ বিপৰীতে মন্ত্রীসকলে ৰাৱণক উচটনিমূলক উপদেশহে দিছিল। মন্ত্রীসকলে ৰাৱণক বুজনি দিছিল যে হনুমানে লংকা নগৰীৰ ওপৰত কৰা বিপর্যয়বােৰ দুঃস্বপ্ন বুলি ভাবি মনৰ পৰা আতৰাই পেলাব লাগে। সীতাক ৰামৰ হাতত গতাই দিয়াৰ পৰিৱর্তে মন্ত্রীসকলে ৰাৱণক উপদেশ দিয়ে যে লংকাধিপতি ৰাৱণৰ ভড়াল অস্ত্ৰৰে পৰিপূৰ্ণ হৈ আছে।সেয়ে সাধাৰণ মনুষ্য ৰামক ভয় কৰাৰ কোনাে কাৰণ থাকিব নােৱাৰে। এনেদৰে মন্ত্ৰীসকলে ৰাৱণক বিভীষণে দিয়া সজ উপদেশৰ বিপৰীতে ৰামৰ বিৰুদ্ধে ৰাৱণক উচটাহইে দিছিল।

ৰাৱণৰ বিভীষনৰ সজ উপদেশ Class 11

১। তলত দিয়া প্রশ্নবােৰৰ চমু উত্তৰ দিয়া :

(ক) বিভীষণ কাৰ ভক্ত আছিল।
উত্তৰ : বিভীষণ বিষ্ণু ভক্ত আছিল।

(খ) মধুসূধন কোন?
উত্তৰ : ৰামচন্দ্র

(গ) মাধৱ কন্দলিয়ে কাৰ পৃষ্ঠপােষকতা লাভ কৰিছিল?
উত্তৰ : চতুর্দশ শতিকাৰ বৰাহী ৰজা মহামাণিক্যৰ।

(ঘ) ‘ৰাৱণক বিভীষণৰ সজ উপদেশ’ কাব্যাংশৰ কবি কোন ?
উত্তৰ : মাধৱ কন্দলি।

(ঙ) ৰাৱণৰ মাতৃৰ নাম কি ?
উত্তৰ : নৈকেষী।

(চ) ‘ৰামৰ হাতত জানাে মােৰ যাইব জীৱ: কথাষাৰ। কোনে কৈছে?
উত্তৰ : লংকাৰ ৰজা ৰাৱণে।

(ছ) লংকা কোনে দহন কৰিছিল ?
উত্তৰ : ৰামভক্ত হনুমানে।

(জ) মাধৱ কন্দলি কোন যুগৰকবি ?
উত্তৰ : প্রাক-শংকৰী যুগৰ।

ঝ) মূৰাৰী কোন ?
উত্তৰ : ৰামচন্দ্র।

(ঞ) সীতা কাৰ জীয়ৰী আছিল ?
উত্তৰ : জনক ৰজাৰ জীয়ৰী।

(ট) ৰামৰ সখা কোন আছিল ?
উত্তৰ : বান্দৰৰ ৰজা সুগ্রীৱ।

(ঠ) ইন্দ্রজিতে হনুমানক কিহেৰে বান্ধিছিল ?
উত্তৰ : নাগপাশেৰে।

FAQ of class 11 Chapter 10 Question Answer

সীতাক হৰণ কৰি নি ৰাৱণে ক’ত বন্ধী কৰি ৰাখিছিল?

উত্তৰ : লংকাত ।

ৰাৱণৰ মাতৃৰ নাম কি ?

উত্তৰ : নৈকেষী।

ৰামৰ সখা কোন আছিল ?

উত্তৰ : বান্দৰৰ ৰজা সুগ্রীৱ।

ইন্দ্রজিৎ কোন আছিল ?

উত্তৰঃ ইন্দ্রজিৎ আছিল লংকাৰ ৰজা ৰাৱণৰ পুত্র।

2 thoughts on “ৰাৱণৰ বিভীষনৰ সজ উপদেশ Class 11 Assamese Lesson 10”

Leave a Comment

Stay informed about the latest Educational Update website. We provide timely and accurate information on upcoming Exam, application deadlines, exam schedules, and more.

📱 Get AssamWeb App

Unlock free PDFs, mock tests, and certificates with our mobile app. Faster, smoother, and made for students 📚✨

🚀 Install from Play Store One-time reminder • No spam