অসমত ব্ৰিটিছ বিৰোধী জাগৰণ আৰু কৃষক বিদ্ৰোহ প্ৰশ্ন উত্তৰ

অসমত ব্ৰিটিছ বিৰোধী জাগৰণ আৰু কৃষক বিদ্ৰোহ Class 10 প্ৰশ্ন উত্তৰ Class 10 Social Science Chapter 3 Question Answer in Assamese Medium

অসমত ব্ৰিটিছ বিৰোধী জাগৰণ আৰু কৃষক বিদ্ৰোহ প্ৰশ্ন উত্তৰ
বিষয় (Subject) সমাজ বিজ্ঞান (Social Science)
প্রথম খণ্ড ইতিহাস
মাধ্যম অসমীয়া
পাঠৰ নাম অসমত ব্ৰিটিছ বিৰোধী জাগৰণ আৰু কৃষক বিদ্ৰোহ
শ্ৰেণী (Class) দশম (X)
অধ্যায় (Chapter) তৃতীয় অধ্যায় – 3
পাঠ্যক্ৰম (Syllabus) ছেবা (SEBA)

অসমত ব্ৰিটিছ বিৰোধী জাগৰণ আৰু কৃষক বিদ্ৰোহ

Important MCQ Question Answer

1. কোনে চনত ইংৰাজে অসমত দাস প্রথাৰ বিলুপ্তি ঘটাইছিল?
(a) 1843 চনত (b) 1858 চনত (c) 1826 চনত (d) 1836 চনত
Ans: (a) 1843 চনত
2. উত্তৰ ভাৰতত চিপাহী বিদ্ৰোহৰ সময়ত অসমত ইংৰাজ সৈন্যৰ কেইটা ৰেজিমেন্ট আছিল?
(a) 2 টা (b) 3 টা (c) 4 টা (d) 5 টা
Ans: (a) 2 টা
3. অসমত 1857 চনত চিপাহী বিদ্ৰোহৰ মূল গুৰিধৰোতা কোন আছিল?
(a) মণিৰাম দেৱান (b) গোমধৰ কোঁৱৰ (c) পুৰন্দৰ সিংহ (d) কুশল কোঁৱৰ
Ans: (a) মণিৰাম দেৱান

4. কোনজন আহোম ৰাজকোঁৱৰক মণিৰাম দেৱানে ৰাজ সিংহাখনত বহুৱাৰ চেষ্টা কৰিছিল?
(a) কন্দৰ্পেশ্বৰ সিংহ (b) পুৰন্দৰ সিংহ (c) ৰুদ্ৰ সিংহ (d) চন্দ্রকান্ত সিংহ
Ans: (a) কন্দপেশ্বৰ সিংহ

5. কোনজন বঙালী মুক্তিয়াৰৰ লগলাগি মণিৰাম দেৱানে বিদ্ৰোহৰ পৰিকল্পনা কৰিছিল?
(a) মধুমল্লিক (b) ৰামল্লিক (c) মংগল পাণ্ডে (d) গোমধৰ কোঁৱৰ
Ans: (a) মধুমল্লিক

6. ঝাঞ্চীৰ ৰাণী কোন আছিল?
(a) লক্ষ্মীবাঈ (b) অহল্যা বাঈ (c) সীতা বাঈ (d) ৰাণী বাঈ
Ans; (a) লক্ষ্মীবাঈ

7. 1858 চনত মণিৰাম দেৱানৰ লগত কাক ফাঁচি দিয়া হৈছিল?
(a) পিয়লি বৰুৱা (b) কুশল কোঁৱৰ (c) গোমধৰ কোঁৱৰ (d) কনকলতা বৰুৱা
Ans: (a) পিয়লি বৰুৱা

৪. ব্ৰিটিছৰ বিৰুদ্ধে অসমৰ কৃষকসকলে কৰা প্রথম বিদ্ৰোহটো হ’ল–
(a) ফুলগুৰি ধাবা (b) পথৰুঘাটৰ বিদ্রোহ (c) ৰঙিয়াৰ বিদ্রোহ (d) লচিমাৰ বিদ্ৰোহ
Ans: (a) ফুলগুৰি ধাৱা

9. ফুলগুৰিৰ ধাৱা কোন চনত হৈছিল?
(a) 1861 চনত (d) 1857 চনত  (c) 1858 চনত (d) 1897 চনত
Ans: (a) 1861 চনত

10. কি খেতিৰ ওপৰত কৰ আৰোপ কৰাৰ প্ৰতিবাদত ফুলগুৰিৰ ধাবা সংঘটিত হৈছিল—
(a) আফুখেতি (b) ধানখেতি  (c) চাহখেতি (d) কুহিয়াৰ খেতি
Ans: (a) আফুখেতি

11. ফুলগুৰিৰ ধাৱা বিদ্রোহত কোনজন ব্রিটিছ বিষয়াক বিদ্ৰোহীসকলে হত্যা কৰিছিল?
(a) লেফটেনেণ্ট চিংগাৰ (b) জেনকিন্স (c) হলৰইড (d) হপকিনছন
Ans: (a) লেফটেনেণ্ট চিংগাৰ

12. ৰঙিয়াৰ কৃষক বিদ্ৰোহ কোন চনত হৈছিল?
(a) 1893 চনত (b) 1857 চনত (c) 1861 চনত (d) 18997 চনত
Ans: (a) 1893 চনত

13. লচিমাৰ কৃষক বিদ্ৰোহ কোন চনত হৈছিল?
(a) 1894 চনত (b) 1858 চনত (c) 1861 চনত (d) 1899 চনত
Ans: (a) 1894 চনত

14. পথৰুঘাট কোন জিলাত আছিল?
(a) দৰং (b) যোৰহাট (c) কামৰূপ (d) ধুবুৰী
Ans: (a) দৰং

15. জয়ন্তীয়া ৰাজ্য কেতিয়া ইংৰাজৰ হাতলৈ যায়?
(a) 1835 চনত (b) 1836 চনত (c) 1826 চনত (d) 1857 চনত
Ans: (a) 1835 চনত

Class 10 Social Science Chapter 3 Question Answer in Assamese Medium

অনুশীলনী প্রশ্নোত্তৰ

অতি চমু প্রশ্নোত্তৰ

প্র : ১। মণিৰাম দেৱানৰ লগত আৰু কোন ফাচীকাঠত ওলমিব লগা হৈছিল ?
উঃ পিয়লি বৰুৱা।

প্রঃ ২। কোন চনত মফট মিলচ অসমলৈ আহিছিল?
উঃ ১৮৫৩ চনত।

প্রঃ ৩। কেঞাসকল কোন আছিল?
উঃ কেঞাসকল মহাজন শ্ৰেণীৰ আছিল। তেওঁলােকক মাৰােৱাৰী বুলিও কোৱা হয়।

প্র। অসমত ১৮৫৭ চনৰ বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল?
উঃ মণিৰাম দেৱানে।

প্রঃ ৫। ১৮৫৭ চনৰ বিদ্রোহত অসমৰ বিদ্রোহীসকলে কোন আহােম ৰাজকোঁৱৰক পুনৰাই আহােম সিংহাসনত বহুৱাব খুজিছিল?
উঃ কন্দর্পেশ্বৰ সিংহক।

প্র : ৬। মণিৰাম দেৱানক কোন বঙালী মুক্তিয়াৰে সহায় কৰিছিল?
উ : মধুমল্লিকে সহায় কৰিছিল।

প্রঃ ৭। ব্রিটিছ শাসন প্রতিষ্ঠা হােৱাৰ পিছত অসমৰ ৰাজহ সংগ্ৰহৰ পদ্ধতিৰ কি পৰিৱৰ্তন হৈছিল?
উঃ মুদ্ৰাৰে ৰাজহ সংগ্ৰহ কৰা হৈছিল।

প্র : ৮। কোনে মণিৰাম দেৱানৰ বিচাৰ কৰিছিল?
উঃ কেপ্তেইন হলৰইডে

প্র :  অসমৰ ১৮৫৭ চনৰ বিদ্ৰোহৰ বিফলতাৰ দুটা কাৰণ উল্লেখ কৰা।
উ: অসমৰ ১৮৫৭ চনৰ বিদ্ৰোহৰ বিফলতাৰ কাৰণ দুটা হল-
(১) বিদ্রোহীসকলৰ অস্ত্র-শস্ত্ৰৰ অভাৱ আছিল।
(২) অসমৰ ১৮৫৭ চনৰ বিদ্রোহত বিদ্রোহীসকলে গােপনীয়তা ৰক্ষা কৰাত ব্যৰ্থ হৈছিল।

প্র : ১০। কোন কোন চনত টিকট কৰ আৰু আয়কৰ প্ৰৱৰ্তন কৰা হৈছিল?
উঃ ১৮৫৮ চনত টিকট কৰ আৰু ১৮৬০ চনত আয়কৰ প্ৰৱৰ্তন কৰা হৈছিল।

প্র : ১১। ব্রিটিছৰ দিনত অসমৰ কৃষকৰ দুৰৱস্থাৰ দুটা কাৰণ লিখা।
উঃ ব্রিটিছৰ দিনত অসমৰ কৃষকৰ দুৰৱস্থাৰ দুটা কাৰণ হল-
(১) ব্ৰিটিছসকলে অসমৰ উন্নতিৰ কথা চিন্তা নকৰি কৃষকৰ ওপৰত বিভিন্ন কৰ-কাটল লগাইছিল। ফলত কৃষকসকলৰ অৱস্থা শােচনীয় হৈ পৰিছিল।
(২) ব্রিটিছ চৰকাৰে চৰণীয়া পথাৰত গৰু-মহ চৰােৱাৰ বাবদ গ্রেজিং কৰ লগাইছিল।

প্রঃ ১২। লেফটেনেন্ট ছিংগাৰ কোন আছিল?
উঃ লেফটেনেন্ট চিংগাৰ নগাঁও জিলাৰ সহকাৰী উপায়ুক্ত আছিল।

প্রঃ ১৩। ফুলগুৰিৰ ধাৱা কেতিয়া সংঘটিত হৈছিল?
উঃ ১৮৬১ চনত।

প্র ১৪। ৰঙিয়াৰ কৃষক বিদ্রোহ কেতিয়া সংঘটিত হৈছিল?
উঃ ১৮৯৩ চনৰ ২৪ ডিচেম্বৰত।।

প্রঃ ১৫।  লচিমা ক’ত অৱস্থিত?
উঃ লচিমা বৰপেটা জিলাৰ সৰুক্ষেত্রী মৌজাত অৱস্থিত।

প্রঃ ১৬। লচিমাৰ কৃষক বিদ্রোহ কেতিয়া সংঘটিত হৈছিল?
উ : ১৮৯৪ চনৰ জানুৱাৰী মাহত।

প্রঃ ১৭। পথৰুঘাটৰ কৃষক বিদ্রোহ কেতিয়া হৈছিল ?
উ : ১৮৯৪ চনত।

প্রঃ ১৮।  ১৮৬১ চনত জয়ন্তীয়া বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল?
উ : ওকিয়াং নবাহে।

প্রঃ ১৯। ১৮৮১ চনত উত্তৰ কাছাৰৰ জনজাতীয় বিদ্রোহ নেতৃত্ব কোনে দিছিল?
উঃ সম্বােধন কছাৰীয়ে।

প্রঃ ২০। টিকেন্দ্রজিতক কোনে মৃত্যুদণ্ডৰে দণ্ডিত কৰিছিল?
উঃ ব্ৰিটিছ চৰকাৰে।

প্রঃ ২১। জে ডব্লিউ কুইণ্টনক কোন চনত হত্যা কৰিছিল?
উঃ ১৮৯০ চনত।
Related Post: বংগ বিভাজন আৰু স্বদেশী আন্দোলন

লগতে পঢ়ক:   ভাৰত আৰু উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্য Class 10 (ইতিহাস)

 অসমত ব্ৰিটিছ বিৰোধী জাগৰণ আৰু কৃষক বিদ্ৰোহ Question Answer

প্রঃ১।  অসমত ১৮৫৭-৫৮ চনৰ বিদ্রোহত মণিৰাম দেৱানৰ ভূমিকা সম্পর্কে আলােচনা কৰা।
উঃ মণিৰাম দেৱান অসমৰ ১৮৫৭-৫৮ চনৰ বিদ্ৰোহৰ মূল নায়ক আছিল। অসমৰ পৰা ব্রিটিছ শাসনৰ অৱসান ঘটাবলৈ আৰু কন্দর্পেশ্বৰ সিংহক সিংহাসনত বহুৱাবলৈ তেওঁ আপ্রাণ চেষ্টা কৰিছিল। সেই সময়ত উত্তৰ ভাৰতত বৃটিছ ফৌজত থকা ভাৰতীয় সৈন্যই আৰম্ভ কৰা বিদ্ৰোহৰ বিষয়ে জানিব পাৰি অসমতাে ব্রিটিছ সৈন্য বাহিনীত থকা ভাৰতীয় সৈন্যৰ সযােগত বিদ্রোহ কৰি ব্রিটিছ শাসনৰ ওৰ পেলােৱাৰ সপােন দেখিছিল।
            তেওঁ কলিকতাৰ পৰা কিছু গােপন পত্ৰ যােৰহাটত কন্দর্পেশ্বৰ সিংহক আৰু অন্যান্য বিশ্বাসী লােকলৈ প্ৰেৰণ কৰিছিল। সেই পত্ৰসমূহত তেওঁ ডিব্ৰুগড় আৰু গােলাঘাটত অবস্থান কৰা ভাৰতীয় সৈনাৰ লগত যােগাযােগ কৰি বিদ্রোহ কৰিবলৈ উপদেশ দিছিল। ইংৰাজসকলে অসমৰ পৰা মানসকল খেদি পঠাই অসমৰ শাসনভাৰ গ্ৰহণ কৰাৰ পিছত মণিৰাম দেৱান চিৰষ্টাদাৰ পদ লাভ কৰিছিল। ১৮৩৩ চনত ইংৰাজে পূৰন্দৰ সিংহক উজনি অসমৰ কৰতলিয়া ৰজা পতাত মণিৰাম দেৱান ৰজাৰ ঘাই মন্ত্ৰী হৈছিল। মণিৰাম দেৱানৰ এই উন্নতি ইংৰাজে সহ্য কৰিব পৰা নাছিল। ইতিমধ্যে জেনকন্স চাহাব অসমৰ কমিচনাৰ হৈ আহি মণিৰামৰ দায়িত্বত থকা মৌজা কেইখনমান বাজেয়াপ্ত কৰে। এই কার্যৰ বাবে মণিৰাম দেৱানে ইংৰাজৰ বিৰুদ্ধে ভিতৰি ভিতৰি ক্ষুব্ধ হৈ থাকে। ১৮৪৫ চনত মণিৰাম দেৱানে পদ ইস্তফা দিয়ে। মণিৰামে অসমত চাহ বাগিছা স্থাপন কৰাৰ বাবে প্রয়ােজন হােৱা আবাদী মাটি সংগ্রহ কৰাতাে ইংৰাজসকলে বাধা দিয়ে। ইত্যাদি কাৰণত মণিৰাম দেৱান ইংৰাজৰ বিৰুদ্ধে ক্ষোভিত হৈ অসমৰ পৰা ইংৰাজসকলক খেদি অসমত পুনৰ ৰাজতন্ত্র ঘূৰাই আনিবলৈ দৃঢ়সংকল্প লয়।

                     ১৮৫৭ চনৰ ছেপ্তেম্বৰত শিৱসাগৰৰ প্রিন্সিপাল এছিছটেন্ট কেপ্তেইন হলৰইডে মণিৰাম দেৱানে লিখা ইংৰাজৰ বিৰুদ্ধে কৰা ষড়যন্ত্রৰ উল্লেখ থকা বহুকেইখন চিঠি ধৰা পেলাই। কেপ্তেইন হলৰইডৰ আহ্বানত কেপ্তেইন লউডাৰে এটি ব্রিটিছ ফৌজৰ সৈতে যােৰহাটত উপস্থিত হয় আৰু ৭ ছেপ্তেম্বৰ তাৰিখে কন্দপেশ্বৰ সিংহক আটক কৰে। কন্দর্পেশ্বৰ সিংহৰ গ্ৰেপ্তাৰৰ পিছতেই কলিকতাত মণিৰাম দেৱানক গ্রেপ্তাৰ কৰা হয়। কেপ্তেইন হলৰইডে বিশেষভাৱে গঠিত বিচাৰপীঠৰ দ্বাৰা মণিৰাম দেৱান আৰু পিয়লি বৰুৱাক ইংৰাজৰ বিৰুদ্ধে কৰা যড়যন্ত্রৰ বাবে দোষী সাব্যস্ত কৰি ১৮৫৮ চনৰ ২৬ জানুৱাৰীত মণিৰাম দেৱান আৰু তেওঁৰ সহযােগী পিয়লি বৰুৱাক ফাচী দিয়াত মণিৰাম দেৱানৰ চেষ্টাৰ পৰিণতি ঘটে।

দশম শ্ৰেণীৰ সমাজ বিজ্ঞান ইতিহাস প্ৰশ্ন উত্তৰ

২। ১৮৫৭-৫৮ চনৰ বিদ্ৰোহৰ কাৰণ সম্পর্কে চমুকৈ আলোচনা কৰা।
উঃ ১৮৫৭-৫৮ চনৰ বিদ্ৰোহৰ কাৰণ কেইবাটাও।
(ক) ৰাজনৈতিক কাৰণ: ১৮২৬ চনৰ ইয়াণ্ডাবু সন্ধিৰ পিছত অসমখন ইংৰাজৰ অধীনলৈ যােৱাৰ ফলত অসমীয়া মানুহৰ পূৰ্বৰ মর্যাদা কমি গৈছিল। মণিৰাম দেৱানৰ লগতে অসমৰ বিদ্রোহীসকলে, আহােম ৰাজকোঁৱৰ, আহােম ডা- ডাঙৰীয়াসকলে কর্মসংস্থান হেৰুৱাব লগা হৈছিল। সেয়েহে মণিৰামদেৱানৰ লগতে আহােমৰ বৰমূৰীয়াই কর্পেশ্বৰ সিংহক পুনৰাই আহােম সিংহাসনত বহুৱাব বিচাৰিছিল সেয়েহে ১৮৫৭ চনত ইংৰাজৰ বিৰুদ্ধে বিদ্রোহ হৈছিল।

(খ) অর্থনৈতিক কাৰণ : ব্ৰিটিছ চৰকাৰে কৃষি কাৰ্য উন্নয়নৰ বাবে একো ব্যৱস্থা গ্ৰহণ নকৰাৰ ফলত অসমত বতৰ প্রতিকূল হলেই খাদ্য শস্য উৎপাদনত বিঘিনি যটিছিল আৰু অৱধাৰিতভাৱেই অসমীয়া প্রজাগণ দুর্ভিক্ষৰ কবলত পৰিছিল। ইংৰাজসকলে ৰাজহ বৃদ্ধিৰ কাৰণে প্ৰজাৰ ওপৰত জধে-মধে কৰ-কাটল ধার্য কৰিছিল। ব্রিটিছ চৰকাৰে চৰণীয়া পথাৰত গৰু-মহ চৰােৱাৰ বাবদ গ্রেজিং কৰ আৱকাৰী কৰ আদি লগােৱাৰ উপৰিও সােণ কমােৱা নৈ, মাছ ধৰা নৈ আদি ডাকত দিয়াত খেতিয়কসকল জুৰুলা হৈ পৰিছিল।

(গ) অভিজাত শ্ৰেণীৰ ক্ষোভ : অসমীয়া অভিজাত শ্ৰেণীৰ যিসকলে আহােম ৰাজত্বত ফুকন, বৰুৱা, ৰাজখােৱা আদি বিষয়বাব পাইছিল, তেওঁলােকক ইংৰাজৰ দিনত কিছু সংখ্যকক মৌজাদাৰৰ বাব দি ৰাজহ সংগ্ৰহৰ দায়িত্ব দিয়া হৈছিল যদিও বহুতাে অঞ্চলত অসমৰ বাহিৰৰপৰা বিশেষকৈ বংগদেশৰ শ্রীহট্ট আৰু পশ্চিম ভাৰতৰ মাৰােৱাৰী আদি অঞ্চলৰপৰা বাঙালী আৰু মাৰােৱাৰী সম্প্রদায়ৰ লােকক আনি দায়িত্ব দিছিল। ইংৰাজসকলে অসমৰ শাসনভাৰ গ্রহণ কৰাৰ লগে লগে ইংৰাজ শাসনকার্যত সহায় হােৱাকৈ বংগদেশৰ পৰা শিক্ষিত বঙালীসকলক আমদানি কৰি বিভিন্ন চৰকাৰী পদত মকৰ কৰিছিল। ইংৰাজসকলে মণিৰাম দেৱানকো বিষয়ভাৱ কাঢ়ি নি ইংৰাজ বিদ্বেষী কৰি তুলিছিল ফলত ১৮৫৭ চনত বিদ্রোহে গা কৰি উঠিছিল।

(ঘ) সামাজিক কাৰণ : ইংৰাজসকলে অসমত দাস প্রথা বন্ধ কৰে। অসমৰ ব্ৰাহ্মণ, পুৰােহিত আৰু অভিজাত লােকসকলে চাকৰ, লগুৱা, বান্দি বেটী আদি ৰাখিব পাৰিছিল। কিন্তু ইংৰাজসকলে এই প্রথাটো উঠাই দিয়াত উচ্চ শ্ৰেণীৰ অসমীয়া লােকসকলৰ বহুতাে অসুবিধা হৈছিল।

(ঙ) ধার্মিক কাৰণ : ইংৰাজসকল অসমলৈ অহাৰ সময়লৈকে অসমৰ ব্ৰাহ্মণ, গোহাই আৰু সত্ৰাধিকাৰসকলে বিনা খাজনাত লাখোৰাজ ভূমি লাভ কৰিছিল। কিন্তু ইংৰাজসকলে এই লাখােৰাজ ভূমি কাঢ়ি লােৱাৰ ফলত ১৮৫৭ চনত মণিৰাম দেৱানৰ লগলাগি ব্রিটিছ শাসনৰ বিৰুদ্ধে সকলােৱে বিদ্রোহ ঘােষণা কৰিছিল।

প্র: অসমত ১৮৫৭ চনৰ বিদ্ৰোহৰ বিফলতাৰ চাৰিটা কাৰণ লিখা।
উঃ অসমত ১৮৫৭-৫৮ চনৰ বিদ্রোহ ব্যর্থ হােৱাৰ কাৰণকেইটা হ’ল-
(১) অসমৰ বিদ্রোহীসকলৰ সংখ্যা অতি কম আছিল। মণিৰাম দেৱানৰ সমর্থকসকল যােৰহাট আৰু শিৱসাগৰত সীমাবদ্ধ আছিল।
(২) বিদ্ৰোহৰ নেতাসকলৰ সময় জ্ঞান নাছিল কিয়নাে তেওঁলােকে প্রস্তুতি সম্পূর্ণ কৰিও সময়ত কার্যকৰী কৰা নছিল। যাৰ ফলত ইংৰাজ চৰকাৰে প্ৰতিৰক্ষাৰ প্রস্তুতি বাবে যথেষ্ট সময় পাইছিল।
(৩) বিদ্ৰোহৰ সময়ত মণিৰাম দেৱান বহুদিন কলিকতাতে আছিল। সেই সময়ৰ পৰিপ্ৰেক্ষিতত কলিকতাত অসমৰ পৰা বহু দূৰৈত আছিল আৰু তাৰ পৰা চিঠি-পত্ৰৰ যােগেদি বিদ্রোহ পৰিচালিত কৰাটো বাস্থৱ সন্মত নাছিল।
(৪) প্রশাসনিক অভিজ্ঞতা থাকিলেও এজন বিদ্রোহীৰ থাকিব লগা গুণ তথা দক্ষতা মণিৰাম দেৱানৰ নাছিল।

(৫) অসমৰ বহুতাে মধ্যবিত্ত শ্ৰেণীৰ লােক যেনে- আনন্দৰাম ঢেকিয়াল ফুকন, হৰকান্ত বৰুৱা সদৰামিন আদি এই বিদ্ৰোহৰ প্রতি সহানুভূতিশীল নাছিল।
(৬) অসমৰ বিদ্রোহীসকলে তেওঁলােকৰ কাৰ্যপন্থাৰ গােপনীয়তা ৰক্ষা কৰাত ব্যৰ্থ হৈছিল। ফলস্বৰূপে সমগ্র পৰিকল্পনা বিট্ৰিছ চৰকাৰৰ অৱগত হৈছিল আৰু বিদ্রোহ নির্মূল কৰাত চৰকাৰ সফল হৈছিল। অসমৰ বিদ্রোহীসকলে প্রয়ােজন অনুযায়ী অস্ত্র-শস্ত্ৰৰ যােগান পােৱা নাছিল।

লগতে পঢ়ক:   ভাৰতৰ স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ Class 10 প্ৰশ্ন উত্তৰ

প্রঃ ৪। অসমত ১৮৫৭ চনৰ বিদ্ৰোহৰ গুৰুত্ব সম্পর্কে আলােচনা কৰা।
উঃ ইংৰাজৰ বিৰুদ্ধে ১৮৫৭ চনৰ বিদ্রোহ যদিও ব্যর্থ হৈছিল তথাপি অসমৰ ৰাজনৈতিক ইতিহাসত ইয়াৰ গুৰুত্ব আছে।
(১) অসম প্রথম বাৰৰ বাবে এটা সৰ্বভাৰতীয় ঐতিহাসিক ঘটনাৰ লগত জড়িত হৈ পৰিছিল।
(২) এই বিদ্রোহ যদিও বিফল হৈছিল তথাপি সর্বসাধাৰণ লােকে ইংৰাজৰ বিৰুদ্ধে মাত মাতিবলৈ সাহস পাইছিল। ১৮৬১ চনৰ অসমত হােৱা কৃষক বিদ্রোহেই তাৰ প্রমাণ ।
(৩) হিন্দু আৰু মুছলমান একগােট হৈ বিদ্রোহত জপিয়াই পৰাত জাতীয়তাবাদৰ বিকাশ আৰম্ভ হৈছিল।
(৪) মণিৰাম দেৱান, পিয়লি বৰুৱাৰ দৰে সংগ্ৰামীৰ পৰা অসমবাসী অনুপ্রাণিত হ’ল।

অসমত ব্ৰিটিছ বিৰোধী জাগৰণ আৰু কৃষক বিদ্ৰোহ

প্রঃ ফুলগুৰি ধাৱাৰ বিষয়ে এটি টোকা লিখা।
উঃ ব্রিটিছৰ অর্থনৈতিক শােষণৰ বিৰুদ্ধে শােষিত কৃষক ৰাইজে কৰা অসমৰ প্রথম বিদ্রোহটোৱেই হৈছে ফুলগুৰিৰ ধাৱা। নগাঁও জিলাৰ ফুলগুৰি আছিল তিৱা জনবসতিপূর্ণ এখন গাওঁ য’ত জনসাধাৰণে আফু খেতি বৃহৎ পৰিমাণত কৰিছিল আৰু ইয়াৰ দ্বাৰাই তেওঁলােকে জীবন নির্বাহ কৰছিল। ব্রিটিছ চৰকাৰে নিজাববীয়াকৈ কাণি বিক্রী কৰিবলৈ লােৱাত আফু খেতি কৰি পেট প্ৰৱৰ্তোৱা ফুলগুৰি অঞ্চলৰ কৃষকসকল বিক্ষুদ্ধ হৈছিল। ১৮৬১ চনত ব্রিটিছ চৰকাৰে আফু খেতি কৰিবলৈ বন্ধ কৰাত কৃষকসকল অসন্তুষ্ট হৈ পৰে, কিয়নাে চৰকাৰে কাণিৰ প্ৰচলন বন্ধ কৰা নাছিল।

             চৰকাৰে আফু খেতি বন্ধ কৰাৰ লগে লগে ৰাইজমেল অনুষ্ঠিত কৰি কৃষকসকলে আফু খেতি বন্ধ কৰাৰ নির্দেশ বাতিল কৰিবলৈ আৰু পাণ-তামােলৰ ওপৰত কৰ নলগাবলৈ সিদ্ধান্ত লয়। সেই সময়ৰ নগাঁৱৰ উপায়ুক্ত হার্বাট স্কলে ৰাইজৰ প্ৰতি সঁহাৰি নজনাই বেয়া ব্যৱহাৰহে কৰিলে। তাৰে প্ৰতিবাদত ৰাইজে ১৫ অক্টোবৰৰ পৰা পাঁচ দিনধৰি ফুলগুৰিত ৰাইজেমেল অনুষ্ঠিত কৰিছিল। উপায়ুক্তই সহকাৰী উপায়ুক্ত ছিংগাৰক সভাস্থলীলৈ পঠোৱাত তেওঁ জানিব পাৰিলে যে ৰাইজৰ দাবীসমূহৰ প্রতি সঁহাৰি নজনােৱা বাবে তেওঁলােকে উর্ধ্বতন কর্তৃপক্ষৰ কাষ চপাৰ গুণাগথা কৰিছে। এই কথাত উত্তেজিত হৈ ছিংগাৰে প্রতিবাদী ৰাইজক সেই স্থান এৰিবলৈ কোৱাৰ লগতে হাতৰ পৰা লাঠীবােৰ কাঢ়ি নিবলৈ পুলিচ বাহিনীক নির্দেশ দিয়ে। লাঠীৰ বাবে টনা-আজোৰা কৰি থাকোতে ৰাইজৰ মাজৰে কাহিঘৰ মৌজাৰ বাবু কৈৱৰ্ত নামৰ মাছমৰীয়া এজনে ছিংগাৰৰ মূৰত লাঠীৰে কোবাই আৰু আন কৃষকসকলেও তেওঁক মাৰধৰ কৰাত সেই ঠাইতে তেওঁৰ মৃত্যু হয়। ছিংগাৰৰ লগত যােৱা পুলিচ বাহিনী ভয়তে পলাই পত্ৰং দিয়ে। এই ঘটনাকে ইতিহাসৰ পাতত ফুলগুৰি ধাৱা বুলি কোৱা হয়। এই ঘটনাৰ পিছত বহুতাে কৃষক লেফটেনেন্ট ছিংগাৰক হত্যাৰ অপৰাধত গ্রেপ্তাৰ হয়। বিচাৰত লক্ষ্মণ ডেকা, চবৰ লালুং আৰু ৰংবং ডেকাক নগাওঁ জেলত মৃত্যুদণ্ডেৰে দণ্ডিত কৰে। কিছু অভিযুক্তক কলিয়াপানী (আন্দামান নিকোবৰ দ্বীপপুঞ্জ)লৈ দীর্ঘ সময় নির্বাসন দিয়া হয়।

প্র : ৫।  ১৮৫০ চনত ব্রিটিছৰ বিৰুদ্ধে জয়ন্তীয়াসকলে কৰা বিদ্ৰোহৰ বিষয়ে এটি টোকা লিখা।
উঃ ১৮৩৫ চনত জয়ন্তীয়া পাহাৰ ইংৰাজৰ অধীন হােৱাত জয়ন্তীয়াসকল অসন্তুষ্ট হয়। ব্রিটিছ প্রশাসনে জনজাতি সকলে মুকলিকৈ সামূহিকভাৱে মাছ ধৰা আৰু খৰি-খেৰ সংগ্ৰহ কৰা অঞ্চলসমূহৰ ওপৰত নিষেধাজ্ঞা আৰােপ কৰি ৰাজহ সংগ্ৰহৰ বাট উলিইয়াছিল। কোনােদিনে নগদ ধন হিচাপে কৰ-কাটল দি নােপােৱা জয়ন্তীয়াসকলৰ ওপৰত বৃটিছে কর্তৃত্ব জাহিৰ কৰিবলৈ গৃহ কৰ, আয়কৰ আদি বহাইছিল। ১৮৬১ চনত জয়ন্তীয়াসকলৰ এই বিদ্রোহ নেতৃত্ব দিছিল ওকিয়াং নংবাহ নামৰ জয়ন্তীয়া মুখিয়ালে । ১৮৬২ চনৰ ১৭ জানুৱাৰীত ওকিয়াং নংবাহৰ নেতৃত্বত জয়ন্তীয়াসকলে জোৱাইত থকা বৃটিছৰ চাউনীত আক্রমণ কৰে। বিদ্রোহীসকল আৰু চৰকাৰৰ মাজত হােৱা সংঘর্ষত কেইবাজনাে বিদ্রোহী মৃত্যু মুখত পৰে। বিদ্রোহীসকলেও কৈইবাজনাে পুলিচক হত্যা কৰে। অৱশেষত ওকিয়াং নংবাহ ব্রিটিছৰ হাতত ধৰা পৰে। তেওঁক বহু লােকৰ উপস্থিতিত বৃটিছে জোৱাইত ফাচীকাঠত ওলমায়। এই ঘটনাৰ ফলত বহুতাে জয়ন্তীয়া বিদ্রোহীয়ে বৃটিছৰ ওচৰত আত্মসমর্পণ কৰে। এনেদৰে ১৮৬৩ চনৰ ভিতৰত জয়ন্তীয়া বিদ্ৰোহৰ পৰিসমাপ্তি ঘটে।

প্রঃ ৬।  ১৮৯৪ চনত উত্তৰ কামৰূপত সংঘটিত হােৱা কৃষক বিদ্রোহ সম্পর্কে আলোচনা কৰা।
উঃ ৰঙিয়াৰ কৃষক বিদ্রোহ: ১৮৯৩ চনৰ ২৪ ডিচেম্বৰত ৰঙিয়া ৰজাৰ লুটপাটেৰে এই বিদ্ৰোহৰ আৰম্ভ হয়। ১৮৯৪ চনৰ ৮ জানুৱাৰীত ৰাইজমেলত
কৃষকসকলে উপায়ুক্তক তেওঁলােকৰ দুখ-দুর্দশা কিদৰে জনাব সেই বিষয়ে আলােচনা কৰি থাকোতে পুলিচে ১৫ জন কৃষকক গ্রেপ্তাৰ কৰে।

ৰঙিয়াৰ কৃষক বিদ্রোহ : থানাৰ সমীপত প্রায় ৩০০০ হাজাৰ কৃষকৰ উপস্থিতিত ৰঙিয়াত এক বিশাল ৰাইজমেল অনুষ্ঠিত কৰা হৈছিল। ৰাইজমেলত বাধা প্রদান কৰিবলৈ কামৰূপ জিলাৰ উপায়ুক্ত মেক কেবেই তেওঁলােকক সেই ঠাইৰ পৰা আঁতৰিবলৈ কৈছিল। কৃষকসকলে আৰক্ষীয়ে গ্রেপ্তাৰ কৰা তেওঁলােকৰ সহকৰ্মীসকলক মােকলাই দিয়াৰৰ দাবী কৰিছিল। উপায়ুক্তই যেতিয়া বিষয়সমূহৰ আলােচনা কৰিবলৈ কৃষকসকলৰ মাজৰ পৰা প্রতিনিধি বিচাৰিলে, সকলাে কৃষকে সমস্বৰে চিঞৰি উঠিছিল যে আমি বর্ধিত হাৰত খাজনা নিদিওঁ। যেতিয়া কৃষকৰ দলটোৱে থানাৰ ভিতৰলৈ জোৰ কৰি প্ৰৱেশৰ চেষ্টা চলালে, উপায়ুক্তই আৰক্ষীক গুলীচালনা কৰিবলৈ নির্দেশ দিয়ে। ফলত কৃষকসকল প্রস্থান কৰিবলৈ বাধ্য হয়। মেক কেবেই ১০ জানুৱাৰী তাৰিখে এখন জাননীযােগে উপায়ুক্তৰ আগতীয়া অনুমতি অবিহনে কোনাে মেল অনুষ্ঠিত কৰিব নােৱাৰিব বুলি নির্দেশ জাৰি কৰে। কিন্তু ব্রিটিছ চৰকাৰৰ এই দমনমূলক নীতিয়ে কৃষকসকলক মেল অনুষ্ঠিত কৰাৰপৰা বিৰত ৰাখিব পৰা নাছিল। নলবাৰী, বজালী, বৰমা আদিৰ কৃষক ৰাইজ আগৰ দৰেই সক্রিয় হৈ আছিল আৰু চৰকাৰৰ ৰাজহ সংগ্ৰহত পূর্ণ বাধা প্রয়ােগ কৰিছিল।

লচিমাৰ কৃষক বিদ্রোহ : ১৮৯৪ চনৰ ২১ জানুৱাৰীত সৰুক্ষেত্ৰী মৌজাৰ লচিমাৰ ওচৰৰ কাপ্পা গাঁৱত মৌজাদাৰ- দাসােৰাম চৌধুৰী আৰু মণ্ডল-হলিৰাম মিশ্রই খাজনা সংগ্ৰহৰ বাবে যাওঁতে দুয়ােকে ৰাইজে বেয়াকৈ মাৰপিট কৰাত মৌজাদাৰৰ মৃত্যু হয়। কাপ্পা গাঁৱৰ ঘটনাৰ সৈতে জড়িত প্রায় ৭৫ জন লােকক বৰপেটাৰ মহকুমাধিপতিয়ে আটক কৰে যদিও ৩০০০ লােকৰ ভাবুকিত পিছত মুকলি কৰি দিবলৈ বাধ্য হয়। পিছদিনা উপায়ুক্ত মেক-কেবে ঘটনাস্থলীত উপস্থিত হৈ মুঠতে ৫৯ জন বিদ্রোহী কৃষকক গ্রেপ্তাৰ কৰি অস্থায়ী জেলত ভৰাই থৈছিল। বন্দীসকলৰ মুক্তি বিচাৰি ৬০০০ লােকৰ স্বাক্ষৰিত এখন আবেদন উপায়ুক্তৰ ওচৰত দাখিল কৰে যদিও মেক-কেবে সঁহাৰি নজনায় আৰু শক্তি প্রয়ােগ কৰি ৰাইজক খেদি পঠিয়ায়। পুলিচে আটক কৰাসকলৰ ভিতৰত গােসাই দলৈ আৰু কেইবাজনাে মুখীয়াল লােক আছিল। বন্দীসকলক গৰুৰদৰে কান্ধত যুবলি দি হাল টনাই ৰাইজক দৃষ্টান্ত দেখুৱাইছিল যাতে ভৱিষ্যতে কোনেও বিদ্রোহ কৰিবলৈ সাহস কৰিব নোেৱাৰে।

লগতে পঢ়ক:   বংগ বিভাজন আৰু স্বদেশী আন্দোলন Class 10 Social Science Chapter 1 Question Answer in Assamese Medium

প্র : ৭।  ১৮৯৪ চনত পথৰুঘাটত সংঘটিত হােৱা কৃষক বিদ্ৰোহৰ এটি খতিয়ান দাঙি ধৰা।
উঃ বর্ধিত হাৰত খাজনা ধার্য আৰু চৰকাৰৰ শােষণ নীতিৰ বিৰুদ্ধে ১৮৯৪ চনত এক শক্তিশালী কৃষক বিদ্রোহ সংঘটিত হৈছিল দৰং জিলাৰ পথৰুঘাট নামে ঠাইত। পথৰুঘাটৰ ৰাইজে ১৮৯৪ চনৰ জানুৱাৰীৰ মাজভাগৰ পৰা ৰাইজমেল পাতি খাজনা বৃদ্ধি প্রতিবাদে নহয় খাজনা সংগ্রহতাে বাধা দিছিল। কৃষকসকল ১৮৯৪ চনৰ ২৬ ফেব্ৰুৱাৰীৰ পৰা ২৮ ফেব্ৰুৱাৰীলৈ দৰং জিলাৰ পথৰুঘাটত মিলিত হৈছিল। সেই সময়ত দৰং জিলাৰ জিলাধিপতি জে, এণ্ডাৰচনে কৃষকসলৰ সমাৱেশ বন্ধ কৰাৰ উদ্দেশ্যে সামৰিক বাহিনী প্রেৰণ কৰে। ফলত দুয়ােপক্ষৰ মাজত তয়াময়া সংঘৰ্ষৰ সৃষ্টি হয়। অৱশেষত হাজাৰ হাজাৰ কৃষক ৰাইজৰ ওপৰত জিলাধিপতিয়ে পুলিচ অধীক্ষকক গুলিবর্ষণ কৰিবলৈ আদেশ দিয়ে। বেচৰকাৰী হিচাপত ১৪০ জন কৃষকৰ থিতাতে মৃত্যু হয় আৰু ১৫০ জন আহত হয়। পথৰুঘাটৰ কৃষক বিদ্রোহক বৃটিছে কঠোৰ হাতেৰে দমন কৰিছিল যদিও কৃষকৰ বলিদান ইতিহাসত সদায় জিলিকি থাকিব।

 অসমত ব্ৰিটিছ বিৰোধী জাগৰণ আৰু কৃষক বিদ্ৰোহ চমু টোকা লিখাঃ

(ক) অসমত ইংৰাজে প্ৰৱৰ্তন কৰা ৰাজহ ব্যৱস্থা : ১৮২৬ চনৰ ইয়াণ্ডাবু সন্ধিৰ চৰ্তমতে ইংৰাজে অসমখন ব্রহ্মদেশৰ পৰা লাভ কৰাৰ লগে লগে অসমৰ ৰাজহ ব্যৱস্থাৰ পৰিৱর্তন হ’বলৈ লয়। ইংৰাজে কৃষকৰ ওপৰত কৰ জাপি ৰাজহৰ পৰিমাণ বৃদ্ধি কৰিবলৈ ল’লে। ফুলগুৰিৰ বিদ্রোহে সমাজৰ প্ৰতিটো শ্ৰেণীৰ মানুহৰ দৃষ্টি আকর্ষণ কৰিছিল আৰু ফুলগুৰিৰ ৰাইজৰ কৰ নিদিয়াৰ সিদ্ধান্তক অসহযােগ আন্দোলনৰ আৰম্ভণি বুলি ক’ব পাৰি। একে পদ্ধতি পিছলৈ ভাৰতৰ স্বাধীনতা আন্দোলনত মহাত্মা গান্ধীয়েও গ্রহণ কৰিছিল।

অসমত কৃষক বিদ্ৰোহৰ গুৰুত্বঃ অসমত ১৮৬১ চনৰ পৰা বহুতাে কৃষক বিদ্রোহে গা কৰি উঠিছিল। এই সকলােবােৰ বিদ্ৰোহৰ মূল কাৰণ আছিল কৃষকৰ ওপৰত অত্যধিক কৰৰ হেঁচা। অসমৰ কৃষকসকলে কেবাটাও কৃষক বিদ্রোহ কৰিছিল। ইংৰাজ চৰকাৰে কৃষক বিদ্রোহবােৰ কঠোৰ হাতেৰে দমন কৰে যদিও অসমৰ ৰাজনৈতিক ইতিহাসত এইবােৰ বিদ্ৰোহৰ গুৰুত্ব বহুত বেছি
১) এই বিদ্রোহবােৰে সৰ্বসাধাৰণ লােকক ইংৰাজৰ বিৰুদ্ধে মাত মাতিবলৈ সাহস দিছিল।
২) প্রথম বাৰৰ বাবে সৰ্বভাৰতীয় ঐতিহাসিক ঘটনাৰ লগত অসম জড়িত হৈ পৰিছিল।
(৩) কৃষক বিদ্রোহত মৃত্যু বৰণ কৰা ব্যক্তিসকলৰ আদৰ্শই ভৱিষ্যতত দেশৰ বাবে আত্মোৎসর্গ কৰাৰ মানসিকতা অসমবাসীৰ মনত জগাই তুলিছিল।
৪। বিভিন্ন ধৰ্মৰ লােকে ভেদাভেদ পাহৰি বিদ্রোহত যােগ দিয়াত জাতীয়তাবাদৰ উন্মেষ ঘটিছিল।

প্র : ৯।  ১৮৯১ চনত মণিপুৰত টিকেন্দ্রজিতৰ নেতৃত্বত বৃটিছৰ বিৰুদ্ধে হােৱা বিদ্ৰোহৰ বিষয়ে লিখা।
উ : মণিপুৰ ৰাজ্য ভালেমান বছৰৰ পূৰ্বৰ পৰাই বৃটিছৰ দ্বাৰা আশ্রিত আৰু স্বীকৃত দেশীয় ৰাজ্যৰূপে ব্ৰতি আছিল। মণিপুৰত সিংহাসন লাভৰ বাবে ১৮১০ চনত ৰাজপৰিয়ালৰ সদস্যসকলৰ মাজত এক গৃহ- কলৰ সূচনা হয়। বৃটিছে যুৱৰাজ কুলচন্দ্ৰক মণিপুৰৰ ৰজা হিচাপে স্বীকৃতি দিয়ে। সেই সময়তে সেনাপতি টিকেন্দ্রজিতৰ নেতৃত্বত তলে তলে এক ব্রিটিছ বিৰােধী বিদ্রোহ গঢ়ি উঠিছিল। বৃটিছে টিকেন্দ্রজিতক দেশান্তৰিত কৰিবলৈ নতুন ৰজা কুলচন্দ্ৰক হেঁচা প্রয়ােগ কৰিছিল। কিন্তু দেশৰ স্বাধীনতা ৰক্ষাৰ হকে কাম কৰা জনপ্রিয় নেতাজনক বৃটিছৰ কথামতে দেশান্তৰিত কৰাটো সহজ নাছিল।

অৱশেষত অসমৰ চীফ কমিছনাৰ জে ডব্লিউ কুইন্টন আৰু চাৰিজন ইউৰােপীয় বিষয়াই টিকেন্দ্রজিতক ধৰিবলৈ অহাত স্বাধীনতা প্রয়াসী মণিপুৰীসকলে আটাইকেইজনক হত্যা কৰে। উক্ত ঘটনার প্রতিশােধ ল’বলৈ এটা শক্তিশালী সৈন্য বাহিনী মণিপুৰলৈ ইংৰাজ চৰকাৰে পঠিয়াই আৰু সেনাপতি টিকেন্দ্রজিতক ধৰিবলৈ সক্ষম হয়।

এই ঘটনাৰ প্রতিশােধ লবলৈ ব্রিটিছে এটা শক্তিশালী সৈন্যদল মণিপুৰলৈ পঠিয়ায়। ইংৰাজ বাহিনীয়ে বিদ্রোহী নেতা টিকেন্দ্রজিতক ধৰিবলৈ সমর্থ হয়। বৃটিছ বিষয়াক হত্যা কৰা, বৃটিছশাসনৰ বিৰুদ্ধে বিদ্রোহ কৰা অপৰাধত টিকেজিতক ফাচী দিয়া হয়। ৰজা কুলচন্দ্ৰক নির্বাসন দণ্ড দিয়া হয়। চূড়চন্দ্ৰ নামৰ এজন নাবালক কোৱৰক মণিপুৰৰ ৰজা হিচাপে ঘােষণা কৰা হয়। ৰজাজন নাবালক হােৱা বাবে ব্রিটিছ চৰকাৰৰ প্রতিনিধি এজনক মণিপুৰৰ প্রশাসনিক দায়িত্ব অর্পণ কৰা হয়। ইংৰাজক বিদ্ৰোহৰ ক্ষতিপূৰণ হিচাপে মণিপুৰে আঢ়ৈ লাখ টকা দিয়াৰ উপৰিও ৰছৰি ৫০,০০০ টকা পৰিশােধ কৰিব লগা হৈছিল। এনেদৰে মণিপুৰত ইংৰাজৰ আধিপত্য স্থাপিত হয়।

প্রঃ ফুলগুৰি ধাৱাৰ ওপৰত এটি টোকা লিখা?

উঃ ব্রিটিছৰ অর্থনৈতিক শােষণৰ বিৰুদ্ধে শােষিত কৃষক ৰাইজে কৰা অসমৰ প্রথম বিদ্রোহটোৱেই হৈছে ফুলগুৰিৰ ধাৱা। নগাঁও জিলাৰ ফুলগুৰি আছিল তিৱা জনবসতিপূর্ণ এখন গাওঁ য’ত জনসাধাৰণে আফু খেতি বৃহৎ পৰিমাণত কৰিছিল আৰু ইয়াৰ দ্বাৰাই তেওঁলােকে জীবন নির্বাহ কৰছিল। ব্রিটিছ চৰকাৰে নিজাববীয়াকৈ কাণি বিক্রী কৰিবলৈ লােৱাত আফু খেতি কৰি পেট প্ৰৱৰ্তোৱা ফুলগুৰি অঞ্চলৰ কৃষকসকল বিক্ষুদ্ধ হৈছিল। ১৮৬১ চনত ব্রিটিছ চৰকাৰে আফু খেতি কৰিবলৈ বন্ধ কৰাত কৃষকসকল অসন্তুষ্ট হৈ পৰে, কিয়নাে চৰকাৰে কাণিৰ প্ৰচলন বন্ধ কৰা নাছিল।

প্রঃ কেঞাসকল কোন আছিল?

উঃ কেঞাসকল মহাজন শ্ৰেণীৰ আছিল। তেওঁলােকক মাৰােৱাৰী বুলিও কোৱা হয়।

প্রঃ কোনে মণিৰাম দেৱানৰ বিচাৰ কৰিছিল?

উঃ কেপ্তেইন হলৰইডে

প্রঃ পথৰুঘাটৰ কৃষক বিদ্ৰোহ কেতিয়া হৈছিল?

উ : ১৮৯৪ চনত।

Leave a Comment

Your email address will not be published. Required fields are marked *


Scroll to Top