জাপানৰ আঞ্চলিক ভূগোল Class 10 – পঞ্চম অধ্যায় ভূগোল দশম শ্ৰেণী

জাপানৰ আঞ্চলিক ভূগোল Class 10 | Class 10 Geography Chapter 5 Question Answer in Assamese | ভূগোল Class 10 Chapter 5 | দশম শ্ৰেণীৰ ভূগোল পঞ্চম অধ্যায় | Class 10 Elective Geography Chapter 5 Question Answer in Assamese

শ্ৰেণী দশম শ্ৰেণী
পাঠ (Chapter)5 (জাপানৰ আঞ্চলিক ভূগোল)
সমাধানপাঠভিত্তিক প্ৰশ্ন উত্তৰ
বিষয়  ভূগােল
মাধ্যমঅসমীয়া
পাঠ্যক্ৰমSEBA

জাপানৰ আঞ্চলিক ভূগোল Class 10

পঞ্চম অধ্যায়
অতি চমু প্ৰশ্নৰ উত্তৰ :

১। জাপানৰ প্ৰধান দ্বীপকেইটা কি কি?
উত্তৰ : হ’কাইডো, হন্‌ছু, চিক’কু আৰু কিউছু।

২। জাপানৰ মুঠ দ্বীপৰ সংখ্যা কিমান?
উত্তৰ : ১,০৮৯টা।

৩। জাপানৰ আটাইতকৈ ডাঙৰ দ্বীপ কি?
উত্তৰ : হন্‌ছু।

৪। জাপানৰ ৰাজধানী কি?
উত্তৰ : টকিঅ’।

৫। জাপানৰ একেবাৰে উত্তৰৰ প্ৰধান দ্বীপটো কি?
উত্তৰ : হ’কাইডো।

৬। জাপানৰ প্ৰধান কৃষি শস্য কি?
উত্তৰ :ধান।

৭। জাপানৰ কিমান শতাংশ ঠাই সমতলীয় ?
উত্তৰ : পঁচিশ শতাংশ।

৮। ফুজিয়ামা আগ্নেয়গিৰি কোন দ্বীপ কোন পার্বত্য অঞ্চলত অৱস্থিত?
উত্তৰ : হন্‌ছু দ্বীপৰ হিডা পার্বত্য অঞ্চলত।

৯। জাপানৰ সৰ্ববৃহৎ সমভূমিখন কি?
উত্তৰ : কোৱাল্ট’ সমভূমি।

১০। জাপানৰ নৈবোৰ কেনেকুৱা?
উত্তৰ : চুটি, খৰস্রোতা আৰু সৰু।

১১। উত্তৰৰ পৰা দক্ষিণলৈ জাপানৰ দৈর্ঘ্য কিমান?
উত্তৰ : ১,৬০০ কিলোমিটাৰ।

১২। জাপানৰ পূব উপকূলেদি বৈ থকা গৰম পানীৰ সামুদ্রিক সোঁতটো কি?
উত্তৰ : কিউৰ’ছিও।

১৩। জাপানৰ পশ্চিম উপকূলেদি বৈ থকা গৰম পানীৰ সামুদ্রিক সোঁতটো কি?
উত্তৰ : ছু-ছিমা।

১৪। জাপানৰ উত্তৰ-পশ্চিম উপকূলত বৰষুণৰ বাৰ্ষিক গড় পৰিমাণ কিমান?
উত্তৰ : ২০০ৰ পৰা ২৫০ চেঃমিঃ।

১৫। এনে এবিধ শিল্প উদ্যোগৰ নাম লিখা য’ত জাপানৰ স্থান পৃথিৱীৰ ভিতৰত প্ৰথম?
উত্তৰ : জাহাজ নির্মাণ।

১৬। জাপানৰ সৰ্ববৃহৎ বন্দৰটোৰ নাম কি?
উত্তৰ : য়ক’হামা।

১৭। পশ্চিমৰ কোনখন দেশৰ লগত জাপানৰ বহুতো সাদৃশ্য থকা বুলি কোৱা যায়?
উত্তৰ : গ্রেট ব্রিটেইনৰ লগত।

১৮। জাপানৰ মাটিকালি কিমান?
উত্তৰ : ৩,৭৭,৭৬৫ বর্গকিলোমিটাৰ।

১৯। জাপানৰ হ’কাইডো অঞ্চলত অৱস্থিত নগৰ এখনৰ নাম লিখা ?
উত্তৰ : চাপ’ৰো।

জাপানৰ আঞ্চলিক ভূগোল Class 10

সংক্ষেপে উত্তৰ দিয়া :

১। জাপানত সঘনে ভূমিকম্প হোৱাৰ কাৰণ কি?
উত্তৰ : জাপানৰ প্ৰধান দ্বীপ চাৰিটা ধেনুভিৰীয়া পর্বতমালাই আগুৰি আছে। দেশখনৰ প্ৰায় ৭৫ শতাংশ ভূমিয়েই পর্বতময়। নবীন ভংগিল পর্বতেৰে গঠিত জাপান দ্বীপপুঞ্জৰ ভূ-তাত্ত্বিক গাঁথনি অতি জটিল। ই এতিয়াও অস্থিৰ অৱস্থাতে আছে। জাপানৰ পার্বত্য অঞ্চলত অসংখ্য জাগ্রত আৰু লুপ্ত জ্বালামুখী আছে। এনে ভূ-তাত্ত্বিক জটিলতা আৰু অস্থিৰতাৰ বাবে জাপানত সঘনে ভূমিকম্প হয়।

২। জাপানৰ ভূ-প্রকৃতিক প্ৰধানকৈ কেইটা ভাগত বিভক্ত কৰা হৈছে?
উত্তৰ : জাপানৰ ভূ-প্রকৃতিক প্ৰধানকৈ চাৰিটা ভাগত বিভক্ত কৰা হৈছে। উত্তৰৰ পৰা দক্ষিণলৈ ক্রমে সেই ভাগকেইটা হ’ল—
(ক) হ’কাইডো অঞ্চল
(খ) উত্তৰ-পূব জাপান অঞ্চল
(গ) মধ্য জাপান অঞ্চল আৰু
(ঘ) দক্ষিণ-পশ্চিম জাপান অঞ্চল।

৩। হ’কাইডো অঞ্চলৰ কেইখনমান নগৰৰ নাম লিখা?
উত্তৰ : চাপ’ৰো, কুচিৰো, মুৰ’ৰাণ, আচাহিগাৱা, হাকোডাতৈ আদি এই অঞ্চলৰ কেইখনমান সৰু অথচ উল্লেখযোগ্য নগৰ।

৪। উত্তৰ-পূব জাপান অঞ্চলৰ কেইখনমান প্রধান নগৰৰ নাম লিখা ?
উত্তৰ : উত্তৰ-পূব জাপান অঞ্চলৰ কেইখনমান প্রধান নগৰ হৈছে– আওমোৰি, আকিটা, মৰিওকা, হাচিনোহে, চেণ্ডাই, কোৰিয়ামা আৰু য়ামাগাটা।

৫। ফ’ছা মেগ্না উপত্যকা অঞ্চলৰ দক্ষিণ ফালে জাপানীসকলৰ এটা পবিত্র পর্বত শৃংগ আছে। শৃংগটোৰ নাম কি? এই শৃংগটো কিহেৰে
গঠিত?
উত্তৰ : জাপানীসকলৰ পবিত্ৰ পৰ্বত-শৃংগটোৰ নাম হ’ল মাউন্ট ফুজি। এই শৃংগটো লাভাৰে গঠিত।

লগতে পঢ়ক:   আমেৰিকা যুক্তৰাষ্ট্ৰৰ আঞ্চলিক ভূগোল – চতুর্থ অধ্যায় (Elective) দশম শ্ৰেণীৰ ভূগোল

৬। জাপানত কি প্ৰকাৰৰ কৃষিকার্য কৰা হয়?
উত্তৰ : বেদিকা কৃষি, মিশ্ৰকৃষি, অন্তঃপ্ৰৱেশী কৃষি আৰু ঝুম খেতি আদি কৰা হয়।

জাপানৰ আঞ্চলিক ভূগোল Class 10

পাঠভিত্তিক ৰচনাধর্মী প্রশ্ন

১। জাপানৰ ভূ-অৱয়বৰ এটি চমু বিৱৰণ দিয়া?
উত্তৰ : জাপান দেশত ভিন্ন প্রকৃতিৰ ভূ-অৱয়ব দেখিবলৈ পোৱা যায়। জাপান দেশখন যদিও বহুতো সৰু-ডাঙৰ দ্বীপৰ সমষ্টি তথাপি দেশখনৰ প্রায় ৭৫ শতাংশ ভূমিয়েই পর্বতময়। নবীন ভংগিল পর্বতমালাৰে গঠিত জাপান দ্বীপপুঞ্জ এতিয়াও অস্থিৰ অৱস্থাত আছে আৰু ইয়াত অসংখ্য জাগ্রত আৰু লুপ্ত জ্বালামুখী আছে। জাপানৰ হ’কাইডো অঞ্চলত পৰ্বতৰ লগতে কেইবাটাও নদী-উপত্যকা আছে। আকৌ জাপান দেশৰ উত্তৰ-পূব অঞ্চলত অসংখ্য ভাঁজ আৰু চ্যুতিৰ লগতে পর্বতশ্রেণী আছে। জাপানত গেদীয় শিলাৰে গঠিত আৰু আগ্নেয় শিলাৰে গঠিত মালভূমি থকাৰ লগতে থিয় গৰাযুক্ত উপকূলীয় সমভূমি দেখা যায়। মধ্য জাপান অঞ্চলত সর্বোচ্চ পার্বত্য অঞ্চল থকাৰ লগতে ওখ শৃংগ আৰু সমভূমি, প্লাৱনভূমি আদি আছে। দক্ষিণ- পশ্চিম জাপানৰ ভূ-অৱয়ব পুৰণি শিলাৰে গঠিত আৰু ইয়াত দ্বীপ আকৃতিৰ বহুতো শিলাময় পাহাৰ আৰু ভগ্ন উপকূলৰ লগতে প্ৰস্ত উপত্যকা আছে। অর্থাৎ জাপান দেশত পর্বত-পাহাৰ, সমভূমি, মালভূমি, ব-দ্বীপ, নদী-উপত্যকা, শৃংগ আদি ভিন্ন প্ৰকাৰৰ ভূ-অৱয়ব দেখিবলৈ পোৱা যায়।

২। জাপান দেশৰ প্ৰধান কৃষি অঞ্চলসমূহ কি কি? প্ৰতিটো অঞ্চলৰ মূল বৈশিষ্ট্যসমূহ লিখা।
উত্তৰ : জাপান দেশৰ প্ৰধান কৃষি অঞ্চলসমূহ হৈছে— পুৰণি জাপান অঞ্চল আৰু হ’কাইডো অঞ্চল। পুৰণি জাপান অঞ্চলক পুনৰ তিনি ভাগত ভাগ কৰা হৈছে। সেয়া হ’ল—
অন্তঃৱৰ্তী অঞ্চল
পৰিধীয় অঞ্চল আৰু
সীমায়ূৰীয়া অঞ্চল।
অন্তঃৱৰ্তী অঞ্চলটোক পুনৰ কেইটামান সৰু সৰু অঞ্চলত ভাগ কৰা হৈছে। সেইবোৰ হৈছে ছিট ছি কিন্‌কি অঞ্চল, উত্তৰ কিউছু অঞ্চল, চুক্যিও অঞ্চল, টোকাই অঞ্চল, পশ্চিম কাণ্টো অঞ্চল, টোছান অঞ্চল আৰু হাকুৰকো অঞ্চল।

পুৰণি জাপান অঞ্চলটো জাপানৰ মাজভাগত অৱস্থিত। এই অঞ্চলৰ মূল বৈশিষ্ট্য হৈছে— ইয়াৰ কৃষি ক্ষেত্ৰবোৰ বৰ সৰু সৰু। এই অঞ্চলৰ জলবায়ু কৃষিৰ অনুকূলীয়, সেয়ে বছৰত দুই- তিনিটা খেতি কৰা হয়। কৃষিৰ প্ৰাচুৰ্যতাৰ কাৰণে অঞ্চলটো ঘন জনবসতিপূর্ণ। এই অঞ্চলত বাণিজ্যিক ভিত্তিত বিভিন্ন ফল-মূল, শাক-পাচলি, ফুল আদি উৎপাদন কৰাৰ লগতে গাখীৰ আৰু মাংসৰ বাবে পশুপালন কৰা হয়। অঞ্চলটোৰ পাহাৰৰ নামনিত বেদিকা প্রণালীৰে কৃষিকাৰ্য কৰা হয় আৰু সমতল ভূমিত প্ৰচুৰ পৰিমাণে ধান খেতি কৰা হয়। হ’কাইডো অঞ্চলৰ ইচিকাৰী উপত্যকাই হৈছে প্রধান কৃষি ক্ষেত্র।

এই অঞ্চলৰ প্ৰধান বৈশিষ্ট্য হৈছে ইয়াৰ জলবায়ু অতিশয় ঠাণ্ডা, সেয়ে এই অঞ্চলত বছৰটোৰ ভিতৰত মাত্ৰ এটা খেতি কৰা হয়। এই অঞ্চলৰ প্ৰধান শস্য হৈছে ধান আৰু আংশিকভাৱে কৰা আলু খেতি। এই অঞ্চলৰ চেঁচা জলবায়ু, পার্বত্য ভূমি আৰু অনুৰ্বৰ মাটি কৃষিৰ
উপযোগী নহয়৷

৩। জাপানক কিয় ‘প্ৰাচ্যৰ ব্রিটেইন’ বুলি কোৱা হয়? প্রধান কাৰণবোৰ উল্লেখ কৰা।
উত্তৰ : এছিয়া মহাদেশৰ একেবাৰে পূব প্ৰান্তৰ দ্বীপৰাষ্ট্ৰ জাপানক ‘প্ৰাচ্যৰ ব্ৰিটেইন’ বুলি কোৱা হয়; ইয়াৰ কাৰণবোৰ হ’ল—
(ক) ব্রিটেইন আৰু জাপান দুয়োখনেই মহাদেশীয় উপকূলৰ নাতি দূৰত অৱস্থিত দ্বীপৰাষ্ট্ৰ।
(খ) দুয়োখন দেশত নাতিশীতোষ্ণ জলবায়ু বিৰাজ কৰে।
(গ) দুয়োখন দেশ ভগ্ন উপকূলযুক্ত আৰু সেই ভগ্নোপকূল বন্দৰ পোতাশ্রয়েৰে ভৰা।
(ঘ) ব্রিটেইনৰ কাষেৰে সামুদ্রিক গৰম স্রোত গালফ্ ষ্টীম বৈ আছে আৰু জাপানৰ কাষেৰেও সামুদ্রিক গৰম স্ৰোত কিউৰ’ছিয় বৈ আছে।
(ঙ) ব্রিটেইন আৰু জাপান উভয় দ্বীপপুঞ্জৰ কাষতে মৎস্য ক্ষেত্র আছে।
(চ) কৃষিভূমিৰ পৰিমাণ দুয়োখন দেশত কম।
(ছ) দুয়োখন দেশেই খাদ্য সামগ্রী আমদানি কৰে।
(জ) দুয়ো দেশ শিল্পপ্রধান আৰু দুয়োখনেই বৈদেশিক বাণিজ্যত পৃথিৱীৰ শীর্ষ স্থানীয় দেশ।
(ঝ) জাপান আৰু ব্ৰিটেইন দুয়োখন দেশেই ৰাজতান্ত্ৰিক শাসন প্রণালীযুক্ত।
(ঞ) উভয় দেশেই কেঁচা সামগ্রী আমদানি কৰি তাৰ পৰা নিজৰ সামগ্ৰী প্ৰস্তুত কৰি সেইবোৰ বিদেশলৈ ৰপ্তানি কৰে।

Class 10 Geography Chapter 5 Question Answer in Assamese

৪। জাপান শিল্প উদ্যোগত ইমান আগবঢ়া কিয়? ব্যাখ্যা কৰা।
উত্তৰ : শিল্প-উদ্যোগত জাপান এছিয়াৰ দেশসমূহৰ ভিতৰত সৰ্বশ্রেষ্ঠ। আকাৰত সৰু আৰু প্ৰাকৃতিক সম্পদত দুখীয়া হৈও দেশখন আজি পৃথিৱীৰ মুষ্টিমেয় অতি উন্নত শিল্পপ্রধান দেশবোৰৰ ভিতৰত স্থান লভিবলৈ সক্ষম হৈছে। ইয়াৰ প্ৰধান কাৰণবোৰ হ’ল—
(ক) কুৰি শতিকাৰ মাজভাগৰ পৰাই জাপানত পশ্চিমীয়া দেশসমূহৰ আৰ্হিত যান্ত্রিকীকৰণ আৰু আধুনিকীকৰণ আৰম্ভ হৈছে।
(খ) জাপানত নদীবোৰ খৰস্রোতা। সেইবোৰ জলবিদ্যুৎ উৎপাদন কৰাটো সস্তীয়া। জলবিদ্যুৎ আহৰণ কৰি শিল্প-উদ্যোগত ব্যৱহাৰ কৰিছে।
(গ) কেঁচা সামগ্রী উৎপাদক দেশসমূহৰ পৰা সামীপ্যৰ বাবে আৰু জল পৰিবহণ সম্ভীয়া হোৱা বাবে দ্বীপৰাষ্ট্ৰখনে নিজৰ শিল্পোদ্যোগৰ বাবে সহজেই কেঁচা সামগ্রী আমদানি কৰিব পাৰে।
(ঘ) জাপানৰ নাতিশীতোষ্ণ জলবায়ুয়ে জাপানীসকল পৰিশ্ৰমী হোৱাত সহায় কৰিছে।
(ঙ) জাপানৰ ভগ্ন উপকূলে দেশখনক বহুতো বন্দৰ- পোতাশ্রয় গঢ়ি তোলাত সহায় কৰি উদ্যোগ ক্ষেত্ৰৰ উন্নতিত সহায় কৰিছে।
(চ) জাপানৰ কৃষিভূমি কম আৰু খাদ্য সামগ্রী আমদানি কৰিবলগীয়া হোৱা বাবে শিল্পোদ্যোগৰ উন্নতিৰ বাহিৰে দেশখনৰ গত্যন্তৰ নাই।
(ছ) জাপানত কুটীৰ, ক্ষুদ্ৰ আৰু বৃহৎ শিল্পোদ্যোগক সমানেই গুৰুত্ব দিয়া হয়।

লগতে পঢ়ক:   ভাৰতবৰ্ষৰ আঞ্চলিক ভূগোল – ষষ্ঠ অধ্যায় দশম শ্ৰেণীৰ

৫। জাপানৰ কৃষিৰ বৈশিষ্ট্যবোৰ উল্লেখ কৰা।
উত্তৰ : জাপানৰ কৃষিকাৰ্যৰ প্ৰধান বৈশিষ্ট্যবোৰ হ’ল—
(ক) ইয়াত কৃষিভূমি তেনেই কম। সেইবাবে সকলোখিনি কৃষিভূমিত বাৰমাহেই কৃষিকাৰ্য কৰা হয়।
(খ) সমতলৰ উপৰি জাপানত পাহাৰৰ ঢাল কাটি বেদিকা খেতি কৰা হয়।
(গ) খেতিপথাৰৰ আলিবোৰতো চয়াবিন আদিৰ খেতি কৰা হয়।
(ঘ) একেডৰা মাটিতে বছৰত তিনিটামানকৈ খেতি কৰা হয়।
(ঙ) কৃষিকার্যত যন্ত্রপাতি, কৃত্ৰিম আৰু জৈৱিক সাৰ, উন্নত বীজ আৰু প্রয়োজন সাপেক্ষে পানী সিঁচা ব্যৱস্থা প্ৰয়োগ কৰি বৰ যত্ন সহকাৰে উৎপাদন কৰা হয়।

দশম শ্ৰেণীৰ ভূগোল পঞ্চম অধ্যায়

চমুটোকা লিখা :

(ক) জাপানৰ দ্বীপসমূহ
উত্তৰ : জাপান দেশখন প্রশান্ত মহাসাগৰৰ উত্তৰ অংশত থকা বহুতো সৰু-ডাঙৰ দ্বীপৰ সমষ্টি। জাপানৰ প্রধান দ্বীপসমূহ হৈছে— হ’কাইডো দ্বীপ, হন্‌ছু দ্বীপ, চিক’কু দ্বীপ, কিউছু দ্বীপ। ইয়াৰ উপৰি ৰিউকিউ দ্বীপকে ধৰি জাপান দেশত অজস্ৰ সৰু সৰু দ্বীপ আছে। জাপানৰ দ্বীপসমূহৰ ভিতৰত বৃহত্তম দ্বীপ হৈছে হন্‌ছু দ্বীপ।

(খ) জাপানৰ বেদিকা কৃষি
উত্তৰ : জাপানৰ ভূ-খণ্ড সমান নোহোৱা বাবে ইয়াত বেদিকা কৃষি পদ্ধতিৰেও কৃষিকার্য কৰা হয়। পুৰণি জাপান অঞ্চলৰ অন্তৰ্গত অন্তঃৱৰ্তী অঞ্চলৰ পাহাৰবোৰৰ নামনিত বেদিকা পদ্ধতিৰে খেতি কৰা হয়। বেদিকা কৃষিৰ ভিতৰত প্ৰধানকৈ নানাবিধ ফল-মূল, শাক-পাচলি আৰু ফুল আদি উৎপাদন কৰা হয়। আকৌ ছিট’ছি- কিন্‌কি অঞ্চলটোৰ কিছুমান ঠাইত বেদিকা পদ্ধতিৰে ফল- মূল, মিঠাআলু আদি প্ৰচুৰ পৰিমাণে উৎপাদন কৰা হয়।

(গ) টকিঅ’-ইয়াকোহামা উদ্যোগ অঞ্চল
উত্তৰ : জাপানৰ টকিঅ’-ইয়াকোহামা উদ্যোগিক অঞ্চলটোৱে হন্‌ছু দ্বীপৰ টকিঅ’ উপসাগৰৰ উপকূলীয় এলেকাটো আগুৰি আছে। এই অঞ্চলটো সমভূমিত অৱস্থিত হোৱা বাবে উদ্যোগ প্ৰতিষ্ঠাৰ বাবে বিশেষভাৱে উপযুক্ত। এই অঞ্চলটোত বিভিন্ন প্ৰকাৰৰ উদ্যোগ গঢ়ি উঠিছে। এই উদ্যোগ অঞ্চলৰ উল্লেখযোগ্য উদ্যোগসমূহ হৈছে – লো-তীখাৰ উদ্যোগ, জাহাজ নির্মাণ, উৰাজাহাজ নির্মাণ উদ্যোগ, ৰাসায়নিক উদ্যোগ, বয়ন উদ্যোগ, যন্ত্রপাতি নির্মাণ উদ্যোগ আদি। এই উদ্যোগিক অঞ্চলত ২৫ খনৰো অধিক সৰু-ডাঙৰ নগৰ আছে আৰু এই নগৰ-মহানগৰবোৰত বিভিন্ন ধৰণৰ শিল্প-উদ্যোগ আছে। এই অঞ্চলত বহুতো জলবিদ্যুৎ উৎপাদন কেন্দ্ৰ আছে। দেশৰ মুঠ উদ্যোগক উৎপাদনৰ প্ৰায় ৩০ শতাংশ এই উদ্যোগিক অঞ্চলে আগবঢ়ায়।

(ঘ) জাপানৰ শিল্পাঞ্চলসমূহ
উত্তৰ : জাপানৰ প্ৰায় আঢ়ৈ লাখ শিল্প প্রতিষ্ঠান দেশখনৰ চাৰিটা অঞ্চলত কেন্দ্ৰীভূত হৈছে—
(১) ক’বে-ওছাকা শিল্পাঞ্চল : দক্ষিণ-পূব জাপানৰ হনছু অঞ্চল দেশখনৰ সৰ্ববৃহৎ শিল্পাঞ্চল। ইয়াৰ শিল্প-উদ্যোগবোৰ হ’ল— লো-তীখা উদ্যোগ, জাহাজ নির্মাণ উদ্যোগ আৰু কপাহী বস্ত্ৰ উদ্যোগ।
(২) টকিয়’-য়ক’হমা শিল্পাঞ্চল : এই অঞ্চলৰ প্ৰধান শিল্প-উদ্যোগবোৰ হ’ল— লো-তীখা, জাহাজ নির্মাণ, কপাহী আৰু পাটকাপোৰ, বৈদ্যুতিক যন্ত্রপাতি ইত্যাদি।
(৩) নাগয়া নাগাচাকি শিল্পাঞ্চল : এই অঞ্চলটোত লো-তীখা, কাগজ, নিৰ্মাণ, চেনি, কাঁচ আৰু তেল শোধনৰ উদ্যোগ আছে।

৬। জাপানৰ জনসংখ্যাৰ ঘনত্বৰ তাৰতম্যৰ কাৰণসমূহ উল্লেখ কৰা।
উত্তৰ : ২০০৭ চনৰ গণনা অনুসৰি জাপানৰ জনসংখ্যা হৈছে ১২৮ নিযুত। ইয়ে জাপানক পৃথিৱীৰ সর্বাধিক জনবসতিপূর্ণ দেশৰ ভিতৰত দশম স্থানত ৰাখে। জাপানৰ জনসংখ্যাৰ এটা মন কৰিবলগীয়া বৈশিষ্ট্য হৈছে ইয়াৰ জনসংখ্যাৰ বিস্তৃতিৰ তাৰতম্য। ইয়াৰ ঘাই কাৰণসমূহ হ’ল—
ক) পৰ্বতীয়া ভূমি
খ) উদ্যোগিকীকৰণৰ উচ্চ স্থিতি
গ) নগৰীকৰণ
ঘ) জলবায়ুৰ অৱস্থা।

লগতে পঢ়ক:   ভূ-আকৃতিক প্রক্রিয়া – দশম শ্ৰেণীৰ ভূগোল প্রথম অধ্যায়

৭। জাপানৰ অৰ্থনীতিত কৃষিৰ ভূমিকা সম্পর্কে লিখা।
উত্তৰ : উদ্যোগিক উৎপাদনৰ ক্ষেত্ৰত জাপানৰ স্থান পৃথিৱীৰ দ্বিতীয়। তথাপি, কৃষিয়ে এই দেশৰ অর্থনীতিত এটি মুখ্য ভূমিকা পালন কৰে। জাপানৰ জনসংখ্যাৰ প্ৰায় ৬ শতাংশ কৃষিৰ লগত জড়িত। ইয়াৰ মুঠ মাটিকালিৰ প্ৰায় ১৭ শতাংশ কৃষিৰ এক মন কৰিবলগীয়া বৈশিষ্ট্য। জাপানৰ অর্থনীতিত কৃষিয়ে তলত উল্লেখ কৰা ধৰণে প্ৰভাৱ পেলায়।

(ক) নিয়োগ প্রদান : জাপানৰ ৰাষ্ট্ৰীয় অৰ্থনীতিৰ প্ৰতি কৃষিৰ এটা মহৎ দান হৈছে ই সহস্ৰ লোকক জীৱিকা প্ৰদান কৰি গ্ৰাম্য দৰিদ্ৰ দূৰ কৰে।
(খ) বিদেশী ৰাষ্ট্ৰৰ ওপৰত কম নিৰ্ভৰশীলতা : যদিও জাপানক এখন উন্নত উদ্যোগীকৃত ৰাষ্ট্ৰ বুলি বিবেচনা কৰা হয়, তথাপি কৃষিৰ ক্ষেত্ৰতো ই প্রশংসনীয় স্থান অধিকাৰ কৰি আছে। ইংলেণ্ড, ফ্রান্স, জার্মানী আদি উদ্যোগীকৃত ৰাষ্ট্ৰৰ বিপৰীতে জাপান খাদ্য সামগ্ৰীৰ ক্ষেত্ৰত স্বাৱলম্বী আৰু এইটোৱে জাপানক বিদেশী ৰাষ্ট্ৰৰ ওপৰত কম নিৰ্ভৰশীল কৰি তুলিছে।

(গ) ঔদ্যোগিক উৎপাদনক উদগনি : জাপানৰ কৃষি,ভিত্তিক কার্যসমূহ বাৰুকৈয়ে যান্ত্রিকীকৰণ কৰা হৈছে। ভালেসংখ্যক লোকে কৃষিৰ বাবে আধুনিক কৃষি পদ্ধতি আৰু বহুতো আধুনিক যন্ত্রপাতি ব্যৱহাৰ কৰে। এই পৰিৱৰ্তনে ঔগ্যোগিক উৎপাদনত উদগনি যোগাইছে।

Class 10 Geography Chapter 5 Question Answer in Assamese

চমুটোকা লিখা :

(ক) হ’কাইডো অঞ্চলৰ ভূ-প্রকৃতি :
উত্তৰ : জাপানৰ উত্তৰ অংশত অৱস্থিত হ’কাইডো দ্বীপ। ইয়াৰ ভূ- প্রকৃতি, পৰ্বত-পাহাৰ, উপত্যকা আৰু কিছু সমভূমিৰে গঠিত। এই অঞ্চল পর্বত-পাহাৰে আগুৰি থকা বাবে ই ঔদ্যোগিক তথা কৃষিৰ ক্ষেত্ৰত অগ্রগতি অর্জন কৰিব পৰা নাই। হ’কাইডো পর্বতমালা এই অঞ্চলৰ মধ্যভাগত অৱস্থিত। এই অঞ্চলত থকা সমান্তৰাল পৰ্বতমালাৰ মাজভাগত কিছুমান পলসুৱা নিম্নভূমি পোৱা যায়। এই অঞ্চলৰ কিছুমান প্রধান চহৰ হ’ল চাপৰো, কুচিৰো, মৰ’ৰণ, আতাহিগৱা, হাকোডাটে আদি। ইয়াৰ লগত থকা চহৰ হনছু। দ্বীপৰ তুলনাত সৰু।

(খ) জাপানৰ উদ্যোগীকৰণ আৰু অৰ্থনৈতিক উন্নয়ন:
উত্তৰ : জাপান আজি পৃথিৱীৰ উদ্যোগপ্রধান উন্নত ৰাষ্ট্ৰসমূহৰ ভিতৰত অন্যতম বুলি গণ্য কৰা হয়। যদিও জাপানত সম্পদৰ ভঁৰাল কম তথাপি ই ঔদ্যোগিক তথা অর্থনৈতিক খণ্ডত প্ৰচুৰ পৰিমাণৰ উন্নয়ন সাধিবলৈ সক্ষম হৈছে। জাপানে ঔদ্যোগিক উৎপাদনৰ ক্ষেত্ৰত দ্বিতীয় আৰু বিজ্ঞান-প্ৰযুক্তিৰ উন্নয়নৰ ক্ষেত্ৰত চতুর্থ স্থান অধিকাৰ কৰি আছে। ইয়াৰ বৰ্তমান জনমূৰি আয় প্রায় ৩৩,০০০ মার্কিন ডলাৰ। জাপানৰ মূল ঔদ্যোগিক ক্ষেত্ৰখন টকিঅ’ৰ পৰা কিউছুলৈ প্ৰায় ১০০০ কিলোমিটাৰ জুৰি আছে। জাপানৰ অর্থনৈতিক তথা ঔদ্যোগিক উন্নয়নৰ কাৰক হ’ল জাপানীসকলৰ অধ্যৱসায়, উন্নত পৰিবহণ তথা যাতায়াত ব্যৱস্থা, মুক্ত ঔদ্যোগিক তথা বৈদেশিক বাণিজ্য নীতি আদি।

(গ) জাপানৰ খনিজ সম্পদ :
উত্তৰ : জাপানৰ খনিজ সম্পদ তেনেই সীমিত। ইয়াৰ কয়লা ভাণ্ডাৰ উচ্চমানৰ নহয় আৰু দেশৰ প্রয়োজন সাপেক্ষে পর্যাপ্ত নহয়। জাপান সাধাৰণতে লো আৰু পেট্রলিয়ামত দুখীয়া। সেয়ে এই দুই সামগ্রী জাপানে আমদানি কৰিব লাগে। প্ৰচুৰ বৰষুণ তথা জলপ্রপাতে জাপানক জলবিদ্যুৎ উৎপাদনত সহায় কৰে। জাপানত তাম আৰু গন্ধকৰ ভাণ্ডাৰ সন্তোষজনক যদিও আন বহুতো খনিজ সম্পদ জাপানে আমদানি কৰিব লাগে। জাপান জলশক্তিৰ চহকী।

(ঘ) টকিঅ’ :
উত্তৰ : জাপানৰ ৰাজধানী। ই হন্‌ছু দ্বীপৰ কাণ্ট সমভূমিৰ পূব উপকূলত অৱস্থিত। তিনি কোটি জনসংখ্যাৰে পূৰ্ণ টকিঅ’ পৃথিৱীৰ সৰ্বাধিক জনসংখ্যাৰ চহৰ। ই আধুনিক সা-সুবিধা তথা আন্তঃগাঁথনি আগশাৰীৰ চহৰসমূহৰ ভিতৰত অন্যতম। জাপানৰ ভালেমান উদ্যোগ এই চহৰৰ আশে-পাশে গঢ় লৈ উঠিছে। লো-তীখা, ৰাসায়নিক দ্রব্য, বস্ত্ৰ, জাহাজ নির্মাণ, উৰাজাহাজ নিৰ্মাণ আদি ইয়াৰ প্ৰধান উদ্যোগ।

দশম শ্ৰেণীৰ ভূগোল পঞ্চম অধ্যায়

খালী ঠাই পূৰ কৰা :

১। জাপানৰ মুঠ জনসংখ্যাৰ _____শতাংশ ঔদ্যোগিক উৎপাদনৰ সৈতে জড়িত।
উত্তৰ : ৩৩ শতাংশ।

২। জাপানীসকল ঘাইকৈ ____ জাতিৰ লোক।
উত্তৰ : মংগোলীয়।

৩। জাপানীসকলে ঘাইকৈ ___ক পবিত্ৰ পৰ্বত বুলি গণ্য কৰে।
উত্তৰ : মাউন্ট ফুজি।

৪। _____জাপানৰ প্ৰধান শস্য।
উত্তৰ : ধান।

৫। মুঠ জনসংখ্যাৰ হিচাপত জাপানে পৃথিৱীৰ ভিতৰত ____ স্থান অধিকাৰ কৰি আছে।
উত্তৰ : দশম।

১। জাপানৰ প্ৰধান দ্বীপকেইটা কি কি?

উত্তৰ : হ’কাইডো, হন্‌ছু, চিক’কু আৰু কিউছু।

২। জাপানৰ মুঠ দ্বীপৰ সংখ্যা কিমান?

উত্তৰ : ১,০৮৯টা।

৩। জাপানৰ আটাইতকৈ ডাঙৰ দ্বীপ কি?

উত্তৰ : হন্‌ছু।

৪। জাপানৰ ৰাজধানী কি?

উত্তৰ : টকিঅ’।

৫। জাপানৰ একেবাৰে উত্তৰৰ প্ৰধান দ্বীপটো কি?

উত্তৰ : হ’কাইডো।

Leave a Comment

Your email address will not be published. Required fields are marked *


Scroll to Top