ভাৰতবৰ্ষৰ আঞ্চলিক ভূগোল – ষষ্ঠ অধ্যায় দশম শ্ৰেণীৰ

ভাৰতবৰ্ষৰ আঞ্চলিক ভূগোল Class 10 | Class 10 Geography Chapter 6 Question Answer in Assamese | ভূগোল Class 10 Chapter 6 | দশম শ্ৰেণীৰ ভূগোল ষষ্ঠ অধ্যায় | Class 10 Elective Geography Chapter 6 Question Answer in Assamese

শ্ৰেণী দশম শ্ৰেণী
পাঠ (Chapter)6 (ভাৰতবৰ্ষৰ আঞ্চলিক ভূগোল)
সমাধানপাঠভিত্তিক প্ৰশ্ন উত্তৰ
বিষয়  ভূগােল
মাধ্যমঅসমীয়া
পাঠ্যক্ৰমSEBA

ভাৰতবৰ্ষৰ আঞ্চলিক ভূগোল

অতি চমু প্রশ্নৰ উত্তৰ :

১। আকৃতিৰ ফালৰ পৰা পৃথিৱীৰ দেশসমূহৰ ভিতৰত ভাৰতৰ স্থান কিমান?
উত্তৰ : সপ্তম।

২। জনসংখ্যাৰ ফালৰ পৰা পৃথিৱীৰ দেশসমূহৰ ভিতৰত ভাৰতৰ স্থান কিমান?
উত্তৰ : দ্বিতীয়।

৩। ভাৰতবৰ্ষৰ মুঠ মাটিকালি কিমান?
উত্তৰ : ৩২,৮৭,২৬৩ বর্গ কিলোমিটাৰ।

৪। ভাৰতত মুঠ কেইখন ৰাজ্য আছে?
উত্তৰ : ২৮খন।

৫। ভাৰতৰ কেইটা কেন্দ্রীয়শাসিত অঞ্চল?
উত্তৰ : ৭টা।

৬। হিমালয়ৰ পৰা উৎপত্তি হোৱা নদীখন কি আৰু এই নদীখন ক’ৰ পৰা ওলাই আহিছে?
উত্তৰ : গংগা নদী। আৰু ই উচ্চ হিমালয়ৰ গঙ্গোত্রী নামৰ হিমবাহৰ পৰা ওলাই আহিছে।

৭। চেৰাপুঞ্জীত বছৰি গড়ে কিমান পৰিমাণৰ বৰষুণ হয়? 
উত্তৰ : বছৰি প্ৰায় ১,২৫০ চেণ্টিমিটাৰ পৰ্যন্ত।

৮। সৰলবর্গীয় অৰণ্যত গছৰ পাত, গুটি আদি সৰি পচি অম্লতা বৃদ্ধি হোৱা মাটিক কি বোলে?
উত্তৰ : পজল (Podzol) বোলে।

৯। গ্রীষ্ম কালত হোৱা শস্যক কি বোলে?
উত্তৰ : খাৰিফ শস্য বোলে।

১০। শীতকালত হোৱা শস্যক কি বুলি কোৱা হয়?
উত্তৰ : ৰবি শস্য বুলি কোৱা হয়।

১১। বিন্ধ্য পৰ্বতৰ দক্ষিণে প্রায় সমান্তৰালকৈ অৱস্থিত পৰ্বতখনৰ নাম কি?
উত্তৰ : সাতপুৰা পৰ্বত।

১২। ব্ৰহ্মপুত্ৰ নদীৰ দৈৰ্ঘ্য কিমান?
উত্তৰ : ২,৭০৩ কিলোমিটাৰ।

১৩। ভাৰতৰ পূব উপকূলৰ বৃষ্টিপাতৰ বার্ষিক গড় পৰিমাণ কিমান?
উত্তৰ : ২০৩ ছেঃমিঃ।

১৪। ভাৰতৰ সোঁমাজেদি কোন ক্রান্তিৰেখা গৈছে?
উত্তৰ : কৰ্কট ক্রান্তি।

১৫। কি প্রণালী আৰু উপসাগৰে শ্রীলংকা দ্বীপক ভাৰতীয় উপদ্বীপৰ পৰা পৃথক কৰিছে?
উত্তৰ : পকপ্ৰণালী আৰু মান্নাৰ উপসাগৰে।

১৬। পামিৰ মালভূমি কি বুলি বিখ্যাত?
উত্তৰ : পৃথিৱীৰ মুধচ বুলি।

১৭। ৰাজস্থানৰ আটাইতকৈ ডাঙৰ হ্ৰদটো কি?
উত্তৰ : সম্বৰ হ্রদ।

১৮। দাক্ষিণাত্য মালভূমিৰ একেবাৰে উত্তৰ-পূব অংশৰ নাম কি?
উত্তৰ : ছোটনাগপুৰ মালভূমি।

১৯। নিকোবৰ দ্বীপপুঞ্জৰ কেইটা দ্বীপত মানুহৰ বসতি আছে?
উত্তৰ : প্রায় ১৩টা।

২০। তাপ্তীৰ প্ৰধান উপনৈ কি?
উত্তৰ : পর্ণা।

ভাৰতবৰ্ষৰ আঞ্চলিক ভূগোল Class 10

সংক্ষেপে উত্তৰ দিয়া :

১। ভাৰতৰ পশ্চিম উপকূলৰ ভাগ দুটা কি কি?
উত্তৰ : কংকন উপকূল আৰু মালবাৰ উপকূল।

২। ভাৰতৰ পূব উপকূলৰ ভাগ দুটা কি কি?
উত্তৰ : ক্ৰমণ্ডল উপকূল আৰু গোলকুণ্ডা উপকূল।

৩। বিন্ধ্য পৰ্বতৰ দক্ষিণে আৰু সাতপুৰা পৰ্বতৰ পূবে থকা পাহাৰ দুখনৰ নাম লিখা।
উত্তৰ : মহাদেৱ আৰু মহাকাল।

৪। পূব উপকূলৰ চাৰিটা হ্ৰদৰ নাম লিখা।
উত্তৰ : চিল্কা, কৃষ্ণা, কলেৰণ আৰু পুলিকট।

৫। ভাৰতৰ প্ৰধান দ্বীপপুঞ্জ কেইটা কি কি?
উত্তৰ : আন্দামান-নিকোবৰ আৰু লাক্ষা দ্বীপপুঞ্জ।

৬। দক্ষিণ ভাৰতৰ দুখন প্রধান নদী কি?
উত্তৰ : গোদাবৰী আৰু কাবেৰী।

৭। দক্ষিণলৈ ঘূৰাৰ পাছত বিভক্ত হৈ গঙ্গা নদীয়ে কি কি নাম পাইছে?
উত্তৰ : ভাগীৰথী আৰু পদ্মা।

৮। ‘পাঞ্জাৱ’ৰ অৰ্থ হ’ল পাঁচখনি নৈৰ ভূমি। এই পাঁচখনি নৈ কি কি?
উত্তৰ : বিতস্তা, চন্দ্ৰভাগা, ইৰাৱতী, শতদ্ৰ আৰু বিপাশা।

৯। কৃষ্ণাৰ প্ৰধান উপনৈ কি?
উত্তৰ : ভীমা আৰু তুঙ্গভদ্রা।

১০। ৰাজস্থানৰ দুটা হ্ৰদৰ নাম লিখা।
উত্তৰ : পুষ্কৰ আৰু সম্বৰ।

১১। কফি মাটি ক’ত পোৱা যায় ?
উত্তৰ : নীলগিৰি আৰু পশ্চিমঘাট পার্বত্য অঞ্চলত।

১২। উত্তৰ ভাৰতৰ দুবিধ খাদ্যশস্যৰ নাম লিখা।
উত্তৰ : ঘেঁহু আৰু ধান।

১৩। কফিৰ দুটা আৰবীয় জাতৰ নাম লিখা ?
উত্তৰ : মোচা আৰু ৰবাষ্ট।

১৪। ভাৰতৰ দুবিধ প্রধান খনিজ সম্পদ নাম লিখা।
উত্তৰ : কয়লা আৰু লৌহ-অয়স্ক।

১৫। ভাৰতৰ লো-তীখাৰ ৰাজহুৱা খণ্ডৰ বৃহৎ উদ্যোগসমূহ স্থাপনৰ ক্ষেত্ৰত সাহায্য আগবঢ়োৱা বহিঃ ৰাষ্ট্ৰবোৰৰ নাম লিখা?
উত্তৰ : ৰাছিয়া, জার্মানী আৰু ব্ৰিটেইন।

১৬। ভাৰতবৰ্ষৰ যিকোনো তিনিটা শিল্প অঞ্চলৰ নাম লিখা?
উত্তৰ : হুগলী শিল্প অঞ্চল, মুম্বাই-পুণা শিল্প অঞ্চল আৰু আহমেদাবাদ চুৰাট শিল্প অঞ্চল।

ভাৰতবৰ্ষৰ আঞ্চলিক ভূগোল Class 10

পাঠভিত্তিক ৰচনাধর্মী প্রশ্ন

১। ভূ-প্রকৃতিৰ ভিত্তিত ভাৰতক কেইটা অঞ্চলত ভাগ কৰিব পাৰি?
উত্তৰ : ভূ-প্রকৃতিৰ ভিত্তিত ভাৰতক চাৰিটা অঞ্চলত ভাগ কৰিব পাৰি। সেইবোৰ হ’ল—
(ক) উত্তৰৰ হিমালয় পার্বত্য অঞ্চল,
(খ) উত্তৰ ভাৰতৰ সমভূমি অঞ্চল,
(গ) দাক্ষিণাত্য মালভূমি অঞ্চল আৰু
(ঘ) উপকূল অঞ্চল।

লগতে পঢ়ক:   পৰিৱেশ ভূগােল Class 10 – দশম শ্ৰেণীৰ ভূগোল দ্বিতীয় অধ্যায়

২। ভাৰতৰ জলবায়ুৰ প্রধান বৈশিষ্ট্যসমূহ চমুকৈ লিখা।
উত্তৰ : ভাৰতৰ ভিন্ন অঞ্চলত ভিন্ন প্ৰকাৰৰ জলবায়ু অনুভূত হয়। জলবায়ুৰ প্ৰধান উপাদানসমূহ যেনে— উত্তাপ, বায়ুৰ চাপ, আৰু আৰ্দ্ৰতা আদি ঠাইভেদে বেলেগ বেলেগ। তাৰোপৰি ভাৰতৰ জলবায়ুৰ ভিন্নতা নিৰ্ভৰ কৰে দেশখনৰ বিশালতা, বিভিন্ন ভূ-প্রকৃতি, উচ্চতাৰ পাৰ্থক্য, সাগৰৰ পৰা দূৰত্ব বিষুৱৰ পৰা দূৰত্ব আৰু মৌচুমী বায়ুৰ ওপৰত। ভাৰতৰ প্ৰায় সোঁমাজেদি পাৰ হোৱা কৰ্কটক্রান্তি ৰেখাই দেশখনক উত্তৰ আৰু দক্ষিণ অংশত ভাগ কৰিছে আৰু ইয়াৰ অংশটো পৰিছে সমমণ্ডলত আৰু দক্ষিণ অংশটো গ্ৰীষ্মমণ্ডলত পৰিছে। সেইবাবে দক্ষিণ ভাৰতত অধিক গৰম অনুভূত হয়। তাৰোপৰি ভাৰতৰ ভিন্ন ভূপ্রকৃতিয়ে ঠাইবোৰৰ মাজত উচ্চতাৰ তাৰতম্য আনিছে আৰু ইয়ে জলবায়ুত প্ৰভাৱ পেলাইছে। একে অক্ষাংশত অৱস্থিত যদিও উচ্চতাৰ তাৰতম্যৰ বাবে ঠাইবোৰত উত্তাপ, বায়ুৰ চাপ, বৰষুণৰ পৰিমাণ, আৰ্দ্ৰতাৰ পৰিমাণ কম-বেছি হয় আৰু সেইবাবে জলবায়ুও ভিন্ন হয়। অর্থাৎ ভাৰতত জলবায়ু ভিন্ন বৈশিষ্ট্যপূর্ণ।

৩। ভাৰতৰ জনসংখ্যা বৃদ্ধিৰ বিষয়ে এটি টোকা লিখা।
উত্তৰ : ভাৰতবৰ্ষ পৃথিৱীৰ ভিতৰতে দ্বিতীয় জনবহুল দেশ। ভাৰতবৰ্ষৰ জনসংখ্যা দ্ৰুতগতিত বৃদ্ধি পাই আছে। ১৯০১ চনৰ এক তথ্যমতে ভাৰতৰ জনসংখ্যা আছিল ২৩.৮৪ কোটি। কিন্তু ২০০১ চনৰ লোকপিয়ল মতে ভাৰতবৰ্ষৰ জনসংখ্যা হৈছে ১০২.৭০ কোটি। সম্প্রতি ভাৰতৰ মুঠ জনসংখ্যা পৃথিৱীৰ জনসংখ্যাৰ ১৬ শতাংশ। ১৯০১ চনৰ পৰা ২০০১ চনৰ ভিতৰত ভাৰতৰ জনসংখ্যা প্রায় চাৰি গুণতকৈও অধিক বৃদ্ধি পাইছে। ভাৰতবৰ্ষত জনসংখ্যা বৃদ্ধিৰ প্ৰধান কাৰণ হৈছে উচ্চ জন্মৰ হাৰ, মৃত্যুৰ নিম্ন হাৰ আৰু প্ৰব্ৰজন। জন্মৰ হাৰ মৃত্যুৰ হাৰতকৈ অধিক হোৱা বাবে ভাৰতবৰ্ষৰ জনসংখ্যা দ্রুত গতিত বৃদ্ধি পাইছে। জনসংখ্যা বৃদ্ধিৰ হাৰ অধিক হোৱা বাবে ভাৰতবৰ্ষত সাম্প্রতিক সময়ত খাদ্য সমস্যা, বাসগৃহৰ সমস্যা, কৃষি ভূমিৰ সমস্যা, শিক্ষাৰ সমস্যা, কর্মসংস্থাপন তথা নিবনুৱা সমস্যাৰ দৰে কিছুমান ভয়াৱহ সমস্যাৰ সৃষ্টি হৈছে। বৰ্ধিত জনসংখ্যাৰ বাবে আজি ভাৰতৰ অৰ্থনৈতিক প্রগতি বাধাগ্রস্ত হৈছে।

৪। ভাৰতবৰ্ষৰ জলসিঞ্চন পদ্ধতিৰ ওপৰত এটি চমুটোকা লিখা।
উত্তৰ : ভাৰতবৰ্ষৰ অধিকাংশ অঞ্চলতে খৰালিকাল দীঘলীয়া। সেইবাবে গ্রহণ আৰু বিস্তৃত খেতিৰ লগতে ৰবি শস্য ৰোপণ কৃষি আদি সকলোতে ব্যাপক জলসিঞ্চনৰ প্ৰয়োজন। কিন্তু ভাৰতৰ মুঠ কৃষিভূমিৰ ৩৬ শতাংশহে জলসিঞ্চন কৰা হৈছে। জলসিঞ্চন কৰা মাটিকালিৰ পৰিমাণ ১৯৫০-৫১ চনত আছিল ২.০৯ কোটি (২,০৯,০০,০০০ ) হেক্টৰ আৰু ১৯৮৮-৮৯ চনত ৫.২৭ কোটি ভাৰতত খাল, নাদ, পুখুৰী বিদ্যুৎচালিত দমকল আদিৰ দ্বাৰা পানী যোগান ধৰা হয়।

Class 10 Geography Chapter 6 Question Answer in Assamese

৫। ভাৰতৰ প্ৰধান খনিজ সম্পদবোৰৰ বিতৰণৰ বিষয়ে চমুকৈ লিখা।
উত্তৰ : ভাৰতৰ প্ৰধান খনিজ সম্পদবোৰৰ আগশাৰীত আছে কয়লা, লৌহ-অয়স্ক, মেঙ্গানিজ, বালিচন্দা, ইলমেনাইট আৰু মোনাজাইট। এইবোৰৰ উপৰি তাম, ক্রমাইট, বক্সাইট, সোণ আৰু কিছু পৰিমাণে চূণশিল, খাৰুৱা তেল, প্রাকৃতিক গেছ, জিপছাম, চূণশিল, সীহ, দস্তা, ৰূপ আদিও পোৱা যায়।
কয়লা : ভাৰতত মুঠতে ১৯,৬০২ কোটি টন কয়লা সঞ্চিত আছে বুলি অনুমান কৰা হয়। বর্তমান বিহাৰৰ কাৰিয়া, বোকাৰো, বাৰনপুৰা, গিৰিধি আৰু পশ্চিমবংগৰ ৰাণীগঞ্জত প্রধান কয়লা খনিবোৰ আছে। মধ্য প্রদেশৰ পঞ্চ উপত্যকা, কৰবা, উসাৰিয়া, প্ৰদেশৰ তন্দুৰ, জিংগাৱেনিতো যথেষ্ট পৰিমাণে কয়লা পোৱা যায়। অসমৰ লিডু, মাৰ্ঘেৰিটা আৰু মেঘালয়ৰ ঠাইবিশেষতো কলয়াখনি আছে।
আকৰিক লোহা : ভাৰতত ১,০২৭ কোটি টন। আকৰিক লো সঞ্চিত হৈ আছে বুলি নিশ্চিত কৰা হৈছে। বিহাৰ, ওড়িশা, মধ্য প্রদেশ, কৰ্ণাটক আৰু গোৱাৰ খনিসমূহৰ পৰা বুজন পৰিমাণৰ আকৰিক লো আহৰণ কৰা হয়।
মেংগানিজ : ভাৰতৰ মধ্য প্রদেশ, মহাৰাষ্ট্ৰ, কৰ্ণাটক, বিহাৰ, ওড়িশা, অন্ধ্র প্রদেশ, গুজৰাট, ৰাজস্থান আৰু গোৱাত মেংগানিজৰ খনি আছে।

বালিচন্দা : অন্ধ্র প্রদেশ, বিহাৰ আৰু ৰাজস্থানত যথেষ্ট পৰিমাণে বালিচন্দা উৎপাদন কৰা হয়।
খাৰুৱা তেল : প্ৰধানকৈ অসমৰ ডিগবৈ, নাহৰকটীয়া, হুগ্ৰীজান, মৰাণ, ৰুদ্ৰসাগৰ আদিৰ তেল পুঙৰ পৰা সৰ্বাধিক পৰিমাণৰ খাৰুৱা তেল উত্তোলন কৰা হয়। তদুপৰি মুম্বাইৰ ওচৰত ব’ম্বে হাই নামৰ সামুদ্রিক ক্ষেত্র, গুজৰাটৰ কাম্বে আৰু অংক্লেশ্বৰৰ পৰাও তেল সংগ্ৰহ আৰম্ভ হৈছে। ইয়াৰ উপৰিও গংগা উপত্যকা, ত্ৰিপুৰা, মণিপুৰ, পঞ্জাৱ, হিমাচল প্রদেশ, তামিলনাড়ু আদিতো খনিজ তেলৰ ভাণ্ডাৰ থাকিব পাৰে বুলি অনুমান কৰা হৈছে। ভাৰতৰ বৰ্তমান খাৰুৱা তেল উৎপাদনৰ বাৰ্ষিক পৰিমাণ ৩০.৩ নিযুত মেট্রিক টন।
বক্সাইট : বিহাৰ, মধ্য প্রদেশ, ওড়িশা, অন্ধ্র প্রদেশ, মহাৰাষ্ট্ৰ, কৰ্ণাটক আৰু তামিলনাডুত বক্সাইটৰ খনি আছে।
তাম : বিহাৰৰ সিংভূম জিলা, ৰাজস্থানৰ ক্ষেত্ৰি আৰু ডাৰিবা, কৰ্ণাটকৰ হাছাৰ, মধ্য প্রদেশৰ বালাঘাট আৰু অন্ধ্ৰ প্ৰদেশৰ অগ্নিগুন্ধলাত তামৰ খনি আছে।

৬। ভাৰতৰ প্ৰধান শিল্পোদ্যোগবোৰৰ বিষয়ে বর্ণনা কৰা।
উত্তৰ : (ক) লো-তীখা উদ্যোগ : ভাৰতত বৰ্তমানে ৰাছিয়া, জার্মানী আৰু গ্রেট ব্রিটেইনৰ সাহায্যত স্থাপিত ৰাজহুৱা খণ্ডৰ ৪টা লো-তীখা উদ্যোগ আছে। সেইকেইটা মধ্য প্রদেশৰ ভিলাই, ওড়িশাৰ ৰুৰকেল্লা, পশ্চিম বংগৰ দুর্গাপুৰ আৰু বিহাৰৰ বোকাৰোত অৱস্থিত। ব্যক্তিগত খণ্ডৰ তীখা উদ্যোগবোৰ বিহাৰৰ জামচেদপুৰ, পশ্চিম বংগৰ বার্ণপুৰ আৰু কৰ্ণাটকৰ ভদ্ৰাৱতীত অৱস্থিত। তামিলনাডুৰ ছালেম, কৰ্ণাটকৰ বিজয়নগৰ আৰু অন্ধ্ৰ প্ৰদেশৰ বিশাখাপট্টনমত নতুনকৈ গঢ়ি উঠা বৃহৎ উদ্যোগকেইটাৰ বাহিৰেও দেশত আন
কেতবোৰ নতুন সৰু সৰু তীখা উদ্যোগ গঢ়ি উঠিছে।

(খ) কাৰিকৰী উদ্যোগ : ভাৰতৰ তামিলনাডুৰ ছালেম, হাৰিয়ানাৰ পিঞ্জোৰ, কেৰালাৰ কালামেশ্বৰী, ৰাজস্থানৰ কটাৰ উপৰি অন্যান্য নগৰ-চহৰ, যেনে–
(১) হায়দৰাবাদ, দিল্লী, লুধিয়ানা, মুম্বাই, কাণপুৰ, চেন্নাই, কলিকতা আদিৰ ওচৰে-পাঁজৰে সৰু-সুৰা যন্ত্রপাতি উৎপাদন কৰা লঘু কাৰিকৰী উদ্যোগ আছে।
(২) গুৰু কাৰিকৰী উদ্যোগসমূহৰ ভিতৰত ৰাঁচী, নাইনি, এলাহাবাদ, তুঙ্গভদ্ৰা আৰু বিশাখাপট্টনমত অৱস্থিত ৰাজহুৱা আৰু ব্যক্তিগত খণ্ডৰ গধুৰ উদ্যোগবোৰেই প্রধান।
(৩) লঘু আৰু গুৰু বৈদ্যুতিক সা-সামগ্রী তথা আহিলা-পাতি প্ৰস্তুত কৰা কাৰিকৰী উদ্যোগবোৰ ভূপাল, হায়দৰাবাদ, চেন্নাই, বাংগালোৰ, তিৰুচিৰাপল্লি, হৰিদ্বাৰ, দিল্লী আদিত অৱস্থিত।

(গ) গাড়ী-মটৰৰ উদ্যোগ : ভাৰতত বর্তমানে কুৰিটামান গাড়ী-মটৰ, স্কুটাৰ, মটৰচাইকেল, ট্রেক্টৰ আদি প্ৰস্তুত কৰা কাৰখানা আছে। মটৰ কাৰ কলকাতাৰ ওচৰৰ উত্তৰপাৰা, চেন্নাই, দিল্লীৰ ওচৰৰ গুৰগাঁও আৰু মুম্বাইৰ ওচৰৰ মাটুংগাত প্রস্তুত কৰা হয়। পাটনা আৰু লুধিয়ানাত মটৰচাইকেল, লুধিয়ানা, দিল্লী আদিত ট্ৰেক্টৰ প্ৰস্তুত কৰা হয়।

লগতে পঢ়ক:   ভূ-আকৃতিক প্রক্রিয়া – দশম শ্ৰেণীৰ ভূগোল প্রথম অধ্যায়

(ঘ) জাহাজ নির্মাণ উদ্যোগ : বিশাখাপট্টনমত ১৯৪১ চনতে সিন্ধিয়া কোম্পানীয়ে জাহাজ নির্মাণ কাৰখানা স্থাপন কৰিছিল। বিশাখাপট্টনমৰ উপৰি বর্তমানে মাজাগাঁও (মুম্বাই), গৰ্ডেনৰীচ (কলকাতা), গোৱা আৰু কোচিনত জাহাজ নির্মাণ কাৰখানা আছে।

(ঙ) কপাহ বয়ন উদ্যোগ : ভাৰতত বৰ্তমানে ১,০৫১টা কপাহ বয়ন কলৰ ৭৭০টাত কেৱল সূতা উৎপাদন কৰা হয় আৰু ২৮১ টাত বোৱা আৰু সূতা-কটা দুয়োটা কামেই কৰা হয়। এই উদ্যোগৰ কৰ্মসূচীৰ সংখ্যা প্রায় ১০ লাখ। মুম্বাই আৰু আহমেদাবাদ কপাহ বয়ন উদ্যোগৰ প্ৰথম আৰু দ্বিতীয় স্থানৰ কেন্দ্ৰ। ইয়াৰ উপৰি বৰোদা, দিল্লী, কাণপুৰ, কলিকাতা, মাদুৰাই, চেন্নাই আদিতো কপাহী বস্ত্ৰ উদ্যোগ আছে।

(চ) মৰাপাট উদ্যোগ : মৰাপাট ভিত্তিক উদ্যোগৰ ৬১টা কলকতাৰ ওচৰে-পাঁজৰে আছে। ইয়াৰ উপৰি এনে কল অসম, ওড়িশা, অন্ধ্র প্রদেশত এটাকৈ, বিহাৰ আৰু উত্তৰ প্ৰদেশত তিনিটা আৰু তামিলনাডুত ৪টা বস্তু উদ্যোগ আছে।

(ছ) চাহ উদ্যোগ : চাহ উদ্যোগৰ পৰা ভাৰতে বুজন পৰিমাণে বিদেশী মুদ্রা অর্জন কৰে। ভাৰতৰ ৬,৬৫০খনমান চাহ বাগিচাত আৰু কলঘৰত ১১ লাখ বনুৱাই কাম কৰে। ইয়াৰ ৮০ শতাংশ অসম আৰু পশ্চিম বংগৰ উত্তৰাঞ্চলত অৱস্থিত।

(জ) কাগজ শিল্প : ভাৰতৰ পশ্চিম বংগ, মধ্য প্রদেশ, বিহাৰ,ওড়িশা, উত্তৰ প্ৰদেশ, পঞ্জাৱ, গুজৰাট, মহাৰাষ্ট্ৰ, অন্ধ্র প্রদেশ, তামিলনাড়ু আৰু অসমৰ ৩১টা বৃহৎ আৰু ২৯৬টা মজলীয়া আৰু ক্ষুদ্ৰ কাগজ কলত বছৰি প্ৰায় ৩৩ লাখ টন কাগজ উৎপাদিত হয়।

(ঝ) পেট্ৰ’লিয়াম উদ্যোগ : অসমৰ ডিগবৈ তেল শোধনাগাৰ দেশৰ প্ৰথমটো তৈল উদ্যোগ। বর্তমানে ডিগবৈৰ উপৰি অসমৰ নুনমাটি, বঙাইগাঁও আৰু নুমলীগড়, ট্রম্বে, বিশাখাপট্টনম, বাৰাউনি, কয়ালি, কোচিন, চেন্নাই আৰু হালদিয়াত তেল শোধনাগাৰ আছে।

দশম শ্ৰেণীৰ ভূগোল ষষ্ঠ অধ্যায়

৭। ভাৰতৰ জনসংখ্যা বিতৰণৰ এটি বিৱৰণ দিয়া।
উত্তৰ : ভাৰতবৰ্ষৰ জনসংখ্যা পৃথিৱীৰ দেশসমূহৰ ভিতৰত দ্বিতীয় সর্বাধিক পৰিমাণৰ। ২০০১ চনৰ জনগণনা অনুসৰি ভাৰতবৰ্ষৰ মুঠ জনসংখ্যা ১০২.০১ কোটি আৰু প্ৰতি বর্গ কিলোমিটাৰত বসবাস কৰা লোকৰ গড় পৰিমাণ ৩২৪জন। জনঘনত্বলৈ লক্ষ্য কৰিলে দেখা যায় যে উত্তৰৰ সমভূমিৰ নদী-উপত্তাকাবোৰত জনবসতি ঘন। এই সাৰুৱা অঞ্চলটো পূবে অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকাৰ পৰা উত্তৰ-পশ্চিমে পঞ্জাৱৰ সিন্ধু অৱবাহিকালৈ পৰিব্যাপ্ত। পঞ্জাৱ, হাৰিয়ানা, উত্তৰ প্রদেশ, বিহাৰ, পশ্চিম বংগ, অসমৰ জনবসতি ঘন হোৱাৰ উপৰি গুজৰাট, মহাৰাষ্ট্ৰ আৰু কেৰালা ৰাজ্য, মহানদী, কৃষ্ণা, গোদাবৰীৰ ব-দ্বীপ অঞ্চল আৰু তামিলনাডুৰ উপকূলীয় অঞ্চলৰ জনবসতি গড় হিচাপত প্রতি বর্গ কিলোমিটাৰ ২০০ জনৰো অধিক।

দ্বিতীয়তে, দাক্ষিণাত্য মালভূমিৰ মাজভাগত জনবসতি সেৰেঙাৰ পৰা মজলীয়া বিধৰ। তৃতীয়তে, ৰাজস্থানৰ শুষ্ক মালভূমি অঞ্চল, জম্মু-কাশ্মীৰৰ লগতে অৰুণাচল প্রদেশ, ছিকিম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ আন আন পার্বত্য এলেকাত জনবসতিৰ ঘনত্ব অতি পাতল। চতুৰ্থতে, ওপৰত উল্লেখ কৰা অঞ্চলসমূহৰ বাহিৰে দেশৰ আন আন অঞ্চলৰ জনবসতি প্রতি বর্গ কিলোমিটাৰত গড়ে ১০০ৰ পৰা ২০০জনৰ ভিতৰত।

(খ) ২০০১ চনৰ জনগণনা অনুসৰি ভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলবোৰৰ ভিতৰত উত্তৰ প্ৰদেশৰ জনসংখ্যা সর্বাধিক আৰু লাক্ষা দ্বীপপুঞ্জৰ সর্বনিম্ন।

(গ)ভাৰতৰ ৭৪ শতাংশ লোক গ্রামবাসী আৰু ২৬ শতাংশ লোক চহৰবাসী।

৯। ভাৰতৰ জনসংখ্যা বৃদ্ধিত প্ৰধান কাৰণবোৰ কি? জনসংখ্যা বৃদ্ধিৰ হাৰ কেতিয়াৰ পৰা অলপ কমি আহিছে?
উত্তৰ : (ক) দেশত জন্মৰ হাৰ অধিক। ইয়াৰ লগে লগে (১) চিকিৎসা ব্যৱস্থা প্ৰসাৰ আৰু উন্নতি, (২) যাতায়াত আৰু পৰিবহণৰ উন্নতিৰ ফলত দুর্ভিক্ষ, দুৰ্যোগৰ পৰা মানুহক ৰক্ষা কৰিব পৰা ব্যৱস্থাৰ উন্নতি, (৩) অলপ হ’লেও মানুহৰ আর্থিক অৱস্থাৰ উন্নতি, (৪) কিছু পৰিমাণে শিক্ষা লাভৰ ফলত উচিত চিকিৎসা গ্ৰহণৰ প্ৰৱণতা আদিৰ ফলত ভাৰতীয় মানুহৰ মৃত্যুৰ হাৰ কমিছে।

(খ) অশিক্ষিত জনসাধাৰণৰ সংখ্যা বেছি হোৱা বাবে অধিক সন্তান জন্ম দিয়াৰ কু-পৰিণাম এতিয়াও বহুতে নাজানে।
(গ)ওচৰ-চুবুৰীয়া দেশৰ পৰা হোৱা ব্যাপক জন- প্ৰব্ৰজনেও ভাৰতৰ জনসংখ্যা বৃদ্ধিৰ ক্ষেত্ৰত অৰিহণা যোগাইছে।

ভাৰতবৰ্ষৰ আঞ্চলিক ভূগোল Class 10

চমুটোকা লিখা :

(ক) মৌচুমী উদ্ভিদ
উত্তৰ : যিবোৰ অঞ্চলত বাৰ্ষিক বৃষ্টিপাতৰ পৰিমাণ ১০০ চেণ্টিমিটাৰৰ পৰা ২০০ চেণ্টিমিটাৰ হয় আৰু গড় উত্তাপ প্রায় ২৭° ছেলচিয়াছৰ ভিতৰত থাকে তেনেবোৰ অঞ্চলতে মৌচুমীয় উদ্ভিদ জন্মে। মৌচুমীয় অৰণ্যৰ প্রধান উদ্ভিদসমূহ হৈছে শাল, চেগুণ, চিৰিচ, শিশু, অর্জুন, শিমলু আৰু ভিন্ন প্ৰজাতিৰ বাঁহ। মৌচুমীয় উদ্ভিদ মৌচুমী ঋতুত হোৱা বৰষুণৰ ওপৰত নিৰ্ভৰশীল। মৌচুমী অঞ্চলত শীতকালত কম পৰিমাণৰ বৰষুণ হয়। আৰু উত্তাপো হ্রাস পায়। ফলস্বৰূপে শীতকালত মৌচুমীয় উদ্ভিদবোৰৰ পাতবোৰ সৰি যায়। মৌচুমী উদ্ভিদ প্রধানকৈ অসম, পশ্চিম বংগ, বিহাৰ, উত্তৰ প্ৰদেশ, হিমাচল প্রদেশ, হাৰিয়ানা, মধ্য প্রদেশ, তামিলনাড়ু, পশ্চিমঘাট আৰু পূর্বঘাট পর্বত আৰু দাক্ষিণাত্য মালভূমিৰ পূব অংশত পোৱা যায়। মৌচুমী উদ্ভিদ আন্দামান নিকোবৰ দ্বীপপুঞ্জকে ধৰি দক্ষিণ ভাৰতৰ ৰাজ্যকেইখনৰ সেমেকা অঞ্চলত দেখা যায়।

(খ) ভাৰতীয় দ্বীপসমূহ
উত্তৰ : ভাৰতীয় দ্বীপসমূহ প্ৰধানকৈ দুটা গোট বা দ্বীপপুঞ্জত ভাগ কৰা হৈছে। ইয়াৰে এটা গোটক লাক্ষা দ্বীপপুঞ্জ আৰু আনটোক আন্দামান- নিকোবৰ দ্বীপপুঞ্জ নামে জনা যায়। লাক্ষা দ্বীপপুঞ্জৰ ৰাজধানী হৈছে কাৱাৰাতি আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ ৰাজধানী হৈছে পৰ্ট ব্লেয়াৰ। লাক্ষা দ্বীপপুঞ্জ লাক্ষাদ্বীপ, মিনিকয় আৰু আমিনদ্বীপ নামে তিনিটা প্ৰধান দ্বীপেৰে গঠিত আৰু ২৫টা সৰু-বৰ দ্বীপৰ সমষ্টি। লাক্ষা দ্বীপপুঞ্জ মালাৱাৰ উপকূলৰ পশ্চিমে আৰৱ সাগৰত অৱস্থিত। আন্দামান নিকোবৰ দ্বীপপুঞ্জ কমণ্ডল উপকূলৰ পৰা যথেষ্ট দূৰত বংগোপসাগৰত অৱস্থিত আৰু এই দ্বীপপুঞ্জ আন্দামান অঞ্চলৰ ২০৪টা আৰু নিকোবৰ অঞ্চলৰ ১১টা সৰু-বৰ দ্বীপপুঞ্জ লৈ মুঠ ২১৫টা দ্বীপৰ সমষ্টিৰে গঠিত হৈছে। এই দ্বীপপুঞ্জটো দীঘলে প্রায় ৫৯০ কিলোমিটাৰ আৰু বহলে প্রায় ৫৮ কিলোমিটাৰ। এই দ্বীপসমূহৰ উচ্চতা সাগৰপৃষ্ঠৰ পৰা প্ৰায় ৫ মিটাৰৰ ভিতৰত আছে।

লগতে পঢ়ক:   আমেৰিকা যুক্তৰাষ্ট্ৰৰ আঞ্চলিক ভূগোল – চতুর্থ অধ্যায় (Elective) দশম শ্ৰেণীৰ ভূগোল

(গ) ভাৰতীয় অর্থনীতিত কৃষিৰ ভূমিকা :
উত্তৰ : কৃষি ভাৰতীয় অর্থনীতিৰ এক প্ৰধান স্তম্ভ। ভাৰতৰ প্ৰায় দুই-তৃতীয়াংশ লোক কৃষিৰ লগত জড়িত। ই বহুতো কৃষিভিত্তিক উদ্যোগত কেঁচামাল যোগান ধৰে। কৃষিয়ে অকল উদ্যোগিক উৎপাদনত সহায় কৰাই নহয়, দেশৰ হাজাৰ হাজাৰ লোকক নিয়োগৰ সুবিধা দি অর্থনৈতিক সমস্যা আৰু নিয়োগৰ সমস্যা হ্রাস কৰিছে। কৃষি উৎপাদিত বিভিন্ন সামগ্ৰীৰ বিদেশী বজাৰত চাহিদা বৃদ্ধিৰ লগে লগে দেশে প্ৰচুৰ পৰিমাণে বিদেশী মুদ্রাও অৰ্জন কৰিবলৈ সক্ষম হৈছে। দেশত উৎপাদন হোৱা বস্তু ব্যৱহাৰ কৰি প্ৰচুৰ পৰিমাণৰ ৰাষ্ট্ৰীয় আয় ৰাহি হৈছে। আৰু সেয়েহে ক’ব পাৰি যে ভাৰতীয় অর্থনীতিত উন্নয়নৰ কৃষিৰ ভূমিকা উল্লেখযোগ্য।

(ঘ) লাভা মৃত্তিকা
উত্তৰ : আগ্নেয়গিৰিৰ পৰা নিৰ্গত গলিত পদাৰ্থবোৰ ঠাণ্ডা হোৱাৰ ফলত পোনে পোনে গঠিত হোৱা মৃত্তিকা হৈছে লাভা মৃত্তিকা। অন্যাৰ্থত লাভাৰ অৱক্ষেপণত সৃষ্টি হোৱা মৃত্তিকাই হৈছে লাভা মৃত্তিকা। লাভা মৃত্তিকাক কৃষ্ণ মৃত্তিকা বোলে। ইয়াৰ প্ৰধান বৈশিষ্ট্য হ’ল—
(১) ইয়াৰ আৰ্দ্ৰতা ধৰি ৰখা ক্ষমতা আছে।
(২) ইয়াৰ বৰণ ক’লা আৰু ই মূলতঃ আগ্নেয়।
(৩) ই কপাহ খেতিৰ বাবে উৎকৃষ্ট।
এই মাটিক কপাহ মৃত্তিকা বুলিও জনা যায়। ভাৰতত এনে মাটি মহাৰাষ্ট্ৰ, মধ্য প্রদেশৰ পশ্চিম অংশ, গুজৰাট আৰু অন্ধ্ৰ প্ৰদেশৰ দাঁতি কাষৰীয়া অঞ্চলত পোৱা যায়।

দশম শ্ৰেণীৰ ভূগোল ষষ্ঠ অধ্যায়

৯। ভাৰতত পোৱা উদ্ভিদৰ প্ৰকাৰ কেইটা আলোচনা কৰা।
উত্তৰ : ভাৰতত পোৱা উদ্ভিদৰ বিভিন্ন প্ৰকাৰবোৰ হ’ল—
(ক) চিৰসেউজীয়া উদ্ভিদ : যিবোৰ অঞ্চলৰ বার্ষিক গড় বৃষ্টিপাত ২০০ চেঃমিঃতকৈ অধিক আৰু ২৫° ছেলচিয়াছ আৰু ২৯° ছেলচিয়াছ উষ্ণতাৰ মাজত তেনে অঞ্চলত চিৰসেউজীয়া উদ্ভিদ পোৱা যায়। চিৰসেউজীয়া উদ্ভিদবোৰ ওখ। শিশু, চন্দন, ৰবৰ আদি এই শ্ৰেণীৰ অন্তৰ্গত উদ্ভিদ। উজনি অসম, মণিপুৰ, মিজোৰাম আদি ঠাইত পোৱা যায়।

মৌচুমীয় উদ্ভিদ : যিবোৰ অঞ্চলৰ গড় বৰষুণ ১০০ চেঃমিঃ আৰু ২০০ চেঃমিঃ ভিতৰত তেনে অঞ্চলত মৌচুমীয় উদ্ভিদ পোৱা যায়। মৌচুমীয় অৰণ্যৰ কেইবিধমান গুৰুত্বপূৰ্ণ উদ্ভিদ হ’ল শাল, চেগুণ, শিৰিষ, শিমলু আদি হিমাচল প্রদেশ, মধ্য প্রদেশ আদি ঠাইত পোৱা যায়।

(গ) কাঁইটীয়া মৰু উদ্ভিদ : যিবোৰ অঞ্চলৰ উত্তাপ অধিক আৰু বার্ষিক বৃষ্টিপাত ৫০ চেঃমিঃৰ কম তেনে অঞ্চলত কাঁইটীয়া মৰু উদ্ভিদ হয়। যিহেতু মাটিবোৰ বালিয়া আৰু পানীৰ পৰিমাণ কম, সেয়ে বাষ্পীভৱনত বাধা দিবৰ বাবে এই অঞ্চলৰ গছবোৰ কাঁইটীয়া হয়। ৰাজস্থানৰ থৰ মৰুভূমিৰ পশ্চিম অংশ এই অঞ্চলত পৰে। এই অঞ্চলৰ প্ৰধান উদ্ভিদবোৰ হ’ল একেচিয়া, কেকটাছ, খেজুৰ, বগৰী আদি।

(ঘ) তৃণ জাতীয় উদ্ভিদ : উত্তৰ আমেৰিকাৰ প্রেইৰী আৰু আফ্রিকাৰ ছাভানাৰ দৰে বৃহৎ তৃণভূমি ভাৰতত পোৱা যায়। এনে ধৰণৰ ঘাঁহনি পঞ্জাৱ, ৰাজস্থানৰ পূব অংশ, উত্তৰ প্ৰদেশৰ সমভূমি অঞ্চল, অন্ধ্র প্রদেশৰ মধ্য অংশ, কৰ্ণাটক আৰু মহাৰাষ্ট্ৰৰ কিছু অংশত এনেধৰণৰ উদ্ভিদ পোৱা যায়। খেৰ, বেত, নল আদিৰ দৰে উদ্ভিদ হিমালয়ৰ পাদদেশৰ প্ৰধান উদ্ভিদ। যিবোৰ অঞ্চলৰ বার্ষিক গড় বৃষ্টিপাত ৫০ চেঃমিঃ আৰু ১০০ চেঃমিঃৰ মাজত তেনেবোৰ অঞ্চলত এই ঘাঁহনি পোৱা যায়।

(ঙ) পার্বত্য উদ্ভিদ : পাহাৰৰ শিখৰ বা পাহাৰৰ উচ্চতা অনুসৰি বিভিন্ন উদ্ভিদ পোৱা যায় ৷ প্ৰচুৰ পৰিমাণৰ ঘাঁহ এই অঞ্চলত পোৱা যায়। হিমালয়ৰ পাদদেশ ঘন মৌচুমী উদ্ভিদেৰে আৱৰা। মৌচুমীয় অৰণ্যৰ উত্তৰে ১০০০ মিঃ আৰু ২০০০ মিঃ উচ্চতাৰ মাজত পর্ণপাতী উদ্ভিদ পোৱা যায়। উত্তৰ-পূব পার্বত্য অঞ্চলতো পর্ণপাতী উদ্ভিদ দেখা যায়। ১৬০০ মিঃ আৰু ৩০০০ মিঃ উচ্চতাৰ মাজত বিভিন্ন ধৰণৰ পৰ্ণপাতী উদ্ভিদ দেখা যায়।

(চ) ব-দ্বীপীয় উদ্ভিদ : এইবিধ উদ্ভিদ সমুদ্ৰ তীৰ ভূমিৰ ব-দ্বীপ অঞ্চলত পোৱা যায়। এনে ধৰণৰ উদ্ভিদ প্ৰধানকৈ কচ্চ উপসাগৰৰ উপকূল অঞ্চলত পোৱা যায়। পশ্চিম বংগৰ সুন্দৰবন, মহানদী, গোদাবৰী, কৃষ্ণা আৰু কাবেৰীৰ ব-দ্বীপ অঞ্চলত এই উদ্ভিদ পোৱা যায়। পশ্চিম বংগৰ সুন্দৰবন, মহানদী, গোদাবৰী, কৃষ্ণা আৰু কাবেৰীৰ ব-দ্বীপ অঞ্চলত এই উদ্ভিদ পোৱা যায়। খেজুৰ, তাল, নাৰিকল আদি এই অঞ্চলৰ উদ্ভিদ।

Class 10 Geography Chapter 6 Question Answer in Assamese

১০। ভাৰতৰ জনসংখ্যাৰ ঘনত্ব ভিন্ন হোৱাৰ কাৰণবোৰ কি কি?
উত্তৰ : ভাৰতৰ ভূ-প্রকৃতিৰ বিভিন্নতা ভিন্ন হোৱাৰ কাৰণবোৰ হ’ল ―
(ক) জলবায়ুৰ ভিন্নতা, (খ) মাটিৰ প্ৰভাৱ, (গ) নদূৰ প্ৰভাৱ, (ঘ) খনিজ সম্পদৰ প্ৰাচুৰ্যতা, (ঙ) ধর্মীয় প্রভাৱ, (চ) যাতায়াত আৰু পৰিবহণ ব্যৱস্থা।

১১। ভাৰতৰ মৌচুমী বতাহৰ এটি চমু বর্ণনা দিয়া?
উত্তৰ : ভাৰতৰ জলবায়ুত মৌচুমী বতাহৰ প্ৰভাৱ যথেষ্ট। বছৰৰ ভিন ভিন ঋতুত বিশেষকৈ গ্ৰীষ্ম আৰু শীতকালত মৌচুমী বতাহ বলে গ্রীষ্মকালত দক্ষিণ-পশ্চিম মৌচুমী বতাহ আৰু শীতকালত উত্তৰ-পূব মৌচুমী বতাহ প্রবাহিত হয়। দক্ষিণ- পশ্চিম মৌচুমী বতাহ আৰৱ সাগৰৰ ওপৰেদি প্ৰৱাহিত হৈ ভাৰতত সোমায়। এই বতাহ দক্ষিণ- পশ্চিম দিশৰ পৰা অহাৰ বাবে ইয়াক দক্ষিণ- পশ্চিম মৌচুমী বতাহ বোলে। আৰৱ সাগৰৰ পৰা যথেষ্ট পৰিমাণে জলীয় ভাপ কঢ়িয়াই অনা এই বতাহে প্রথমে পশ্চিমঘাট পর্বতত বাধা পায়। তেতিয়া ই ওপৰলৈ উঠি শীতল হয় আৰু বৰষুণ দিয়ে। এইদৰে পশ্চিম উপকূল অঞ্চলৰ কংকন আৰু মালাৱাৰ উপকূলত বছৰি ৩০০ ছেণ্টিমিটাৰতকৈ অধিক বৰষুণ হয়। এই বতাহে মেঘালয় মালভূমিত বাধাপ্রাপ্ত হৈ প্ৰচুৰ বৰষুণ দিয়ে। এনেকেয়ৈ মেঘালয়ৰ চেৰাপুঞ্জীত বছৰি ১,২৫০ ছেণ্টিমিটাৰ পৰ্যন্ত বৰষুণ হয়। এই দক্ষিণ- পশ্চিম মৌচুমীৰ প্ৰভাৱতে অসম আৰু হিমালয়ৰ নামনি অঞ্চলত যথেষ্ট বৰষুণ হয়। আনহাতে, উত্তৰ-পূব মৌচুমী বতাহ শীতকালত বলে। এই বতাহ মধ্য এছিয়াৰ পৰা উত্তৰ-পূব দিশৰে ভাৰতলৈ প্ৰৱাহিত হয় বাবে ইয়াক উত্তৰ- পূব মৌচুমী বতাহ বোলে।

ভাৰতৰ কেইটা কেন্দ্রীয়শাসিত অঞ্চল?

উত্তৰ : ৭টা।

ভাৰতত মুঠ কেইখন ৰাজ্য আছে?

উত্তৰ : ২৮খন।

চেৰাপুঞ্জীত বছৰি গড়ে কিমান পৰিমাণৰ বৰষুণ হয়? 

উত্তৰ : বছৰি প্ৰায় ১,২৫০ চেণ্টিমিটাৰ পৰ্যন্ত।

ভাৰতৰ সোঁমাজেদি কোন ক্রান্তিৰেখা গৈছে?

উত্তৰ : কৰ্কট ক্রান্তি।

ৰাজস্থানৰ আটাইতকৈ ডাঙৰ হ্ৰদটো কি?

উত্তৰ : সম্বৰ হ্রদ।

তাপ্তীৰ প্ৰধান উপনৈ কি?

উত্তৰ : পর্ণা।

Leave a Comment

Your email address will not be published. Required fields are marked *


Scroll to Top