আমেৰিকা যুক্তৰাষ্ট্ৰৰ আঞ্চলিক ভূগোল – চতুর্থ অধ্যায় (Elective) দশম শ্ৰেণীৰ ভূগোল

আমেৰিকা যুক্তৰাষ্ট্ৰৰ আঞ্চলিক ভূগোল Class 10 | Class 10 Geography Chapter 4 Question Answer in Assamese | ভূগোল class 10 chapter 4 | দশম শ্ৰেণীৰ ভূগোল চতুর্থ অধ্যায় | Class 10 Elective Geography Chapter 4 Question Answer in Assamese

শ্ৰেণী দশম শ্ৰেণী
পাঠ (Chapter)4 (আমেৰিকা যুক্তৰাষ্ট্ৰৰ আঞ্চলিক ভূগোল)
সমাধানপাঠভিত্তিক প্ৰশ্ন উত্তৰ
বিষয়  ভূগােল
মাধ্যমঅসমীয়া
পাঠ্যক্ৰমSEBA

আমেৰিকা যুক্তৰাষ্ট্ৰৰ আঞ্চলিক ভূগোল

দশম শ্ৰেণীৰ ভূগোল চতুর্থ অধ্যায় (পৰিৱেশ ভূগােল) আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰশ্নৰ উত্তৰ সমুহ ইয়াত উপলব্ধ ।

অতি চমু প্ৰশ্নৰ উত্তৰ :

১। আমেৰিকা যুক্তৰাষ্ট্ৰত সৰ্বমুঠ কেইখন ৰাজ্য আছে?
উত্তৰ : ৫০ খন ৰাজ্য

২। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাজধানী কি?
উত্তৰ : কলোম্বিয়া জিলাৰ ৱাশিংটন।

৩। এটা লুণীয়া পানীৰ হ্ৰদৰ নাম লিখা ?
উত্তৰ : গ্রেট ছল্ট লেক।

৪। দক্ষিণৰ পৰা উত্তৰলৈ সমগ্ৰ দেশখনক মুঠ কেইটা কৃষি বলয়ত ভাগ কৰিব পাৰি?
উত্তৰ : ৯টা।

৫। পৃথিৱীৰ বৃহত্তম ৰবৰ উদ্যোগ কেন্দ্ৰটোৰ নাম কি?
উত্তৰ : আৰাকন।

৬। আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাটিকালি কিমান?
উত্তৰ : আমেৰিকা যুক্তৰাষ্ট্ৰ দেশখনৰ মুঠ মাটিকালি হৈছে ৯৬ লাখ বর্গকিলোমিটাৰ অৰ্থাৎ ই পৃথিৱীৰ মাটিকালিৰ ৬.৩৭ শতাংশ।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ আঞ্চলিক ভূগোল Class 10

সংক্ষেপে উত্তৰ দিয়া :

১। ভূ-প্রাকৃতিক গঠন আৰু বৈশিষ্ট্যৰ ওপৰত নিৰ্ভৰ কৰি আমেৰিকা যুক্তৰাষ্ট্ৰক প্ৰধানকৈ কেইটা প্রাকৃতিক বিভাগত ভাগ কৰা হৈছে আৰু কি কি?
উত্তৰ : আমেৰিকা যুক্তৰাষ্ট্ৰক প্ৰধানকৈ তিনিটা প্রাকৃতিক বিভাগত ভাগ কৰা হৈছে। ভাগহেকইটা হ’ল—
(ক) আপেলেছিয়ান উচ্চভূমি অঞ্চল,
(খ) মধ্য সমভূমি অঞ্চল আৰু
(গ) ৰকি পার্বত্য অঞ্চল বা কৰ্ডিলেৰা অঞ্চল।

২। আপেলেছিয়ান উচ্চভূমি কাক বোলা হয়?
উত্তৰ : আমেৰিকা যুক্তৰাষ্ট্ৰৰ পূব অংশত আটলান্টিক উপকূলৰ প্ৰায় সমান্তৰালকৈ বিস্তৃত উচ্চভূমি খণ্ডকে আপেলেছিয়ান উচ্চভূমি বোলা হয়।

৩। মধ্য সমভূমি অঞ্চল কাক বোলে ?
উত্তৰ : আপেলেছিয়ান উচ্চভূমি আৰু ৰকি পর্বত শ্ৰেণীৰ মাজত উত্তবা-দক্ষিণা আৰু পূবা- পশ্চিমাকৈ বিস্তৃত সমভূমি অঞ্চলটোক মধ্য সমভূমি বোলা হয়।

৪। মধ্য সমভূমি অঞ্চলটোক কেইভাগত ভাগ কৰিব পাৰি? আৰু কি কি?
উত্তৰ : চাৰিভাগত ভগাব পাৰি। উচ্চ সমভূমি, বৃহৎ সৰোবৰ অঞ্চল, মিছিছিপি সমভূমি আৰু মেক্সিকো উপকূলীয় সমভূমি।

৫। কর্ডিলেৰা অঞ্চল কাক বোলে?
উত্তৰ : পূবে উচ্চ সমভূমি আৰু পশ্চিমে প্রশান্ত উপকূলৰ মাজেৰে পৰ্বত-পাহাৰ, মালভূমি, উপত্যকা, হ্রদ আদিৰে গঠিত ভূখণ্ডটোক কৰ্ডিলেৰা অঞ্চল বোলা হয়।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ আঞ্চলিক ভূগোল Class 10

পাঠভিত্তিক ৰচনাধর্মী প্রশ্ন

১। আমেৰিকা যুক্তৰাষ্ট্ৰৰ অৱস্থান আৰু ভৌগোলিক বৈশিষ্ট্য চমুকৈ লিখা।
উত্তৰ : আমেৰিকা যুক্তৰাষ্ট্ৰ দেশখন উত্তৰ আমেৰিকা মহাদেশত অৱস্থিত। এই দেশখনত উত্তৰ দিশত আছে কানাডা, পূব দিশত আছে আটলান্টিক মহাসাগৰ, দক্ষিণ দিশত আছে মেক্সিকো উপসাগৰৰ লগতে মেক্সিকো দেশ আৰু ৰাজধানী কলোম্বিয়া জিলাৰ ৱাশ্বিংটন। আমেৰিকা যুক্তৰাষ্ট্ৰ দেশখনৰ মূল ভূ-খণ্ডৰ ২৫° উত্তৰৰ পৰা ৪৩° উত্তৰ অক্ষাংশ আৰু ৬৬° পশ্চিমৰ পৰা ১২৫° পশ্চিম দ্রাঘিমাংশলৈকে বিস্তৃত। এই দেশখনত নাতিশীতোষ্ণ জলবায়ু বিৰাজ কৰে। আমেৰিকা যুক্তৰাষ্ট্ৰ দেশখনৰ মুঠ মাটিকালি হৈছে ৯৬ লাখ বর্গকিলোমিটাৰ অৰ্থাৎ ই পৃথিৱীৰ মাটিকালিৰ ৬.৩৭ শতাংশ। এই দেশখনৰ মুঠ জনসংখ্যা হৈছে প্ৰায় ৩০২ নিযুত। পৃথিৱীৰ মুঠ জনসংখ্যাৰ ৪.৬ শতাংশ লোকে আমেৰিকা যুক্তৰাষ্ট্ৰত বসবাস কৰে।

২। আমেৰিকা যুক্তৰাষ্ট্ৰৰ হ্ৰদ আৰু নদীবোৰৰ এটা চমু বিৱৰণ দিয়া।
উত্তৰ : বিশাল দেশ আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেইবাটাও উল্লেখযোগ্য হ্রদ আৰু বহুতো নদ-উপনদী আছে। দেশখনৰ উত্তৰৰ অংশত কেইবাটাও হ্রদ আছে। যুক্তৰাষ্ট্ৰ আৰু কানাডাৰ সীমাত ছুপিৰিয়ৰ, মিছিগান, হিউৰণ, ইৰি আৰু অন্টেৰিও নামৰ পাঁচটা বৃহৎ হ্ৰদৰ থুপ এটা আছে। ইহঁতক ছেণ্ট লৰেন্স নদীয়ে সাগৰৰ সৈতে সংযোগ কৰিছে। হ্রদকেইটাৰ মাজত জাহাজ চলাচল কৰোৱা হয়। যুক্তৰাষ্ট্ৰৰ পশ্চিম অংশৰ উটা ৰাজ্যত লুণীয়া পানীৰে ভৰা হ্রদ গ্রেট ছল্ট লেক অৱস্থিত। এইবোৰৰ উপৰি ৰকি পার্বত্য এলেকাত পিৰামিড, ৱানাৰ, ক্লামাথ আদি সৰু সৰু হ্রদ আছে।

যুক্তৰাষ্ট্ৰৰ ছুপিৰিয়ৰ হ্ৰদৰ পশ্চিমৰ সৰু হ্রদ এটাৰ পৰা ওলোৱা আৰু মেক্সিকো উপসাগৰত পৰা মিছিছিপি আৰু ইয়াৰ প্ৰধান উপনৈ মিছৌৰি দেশখনৰ প্ৰধান নদী। মিছৌৰিৰ সৈতে ৬,৬৮০ কিলোমিটাৰ দীঘল মিছিছিপি নদী পৃথিৱীৰ ভিতৰতে দীর্ঘতম। মিছিছিপি-মিছৌৰি আৰু উপনৈসমূহে মধ্য সমভূমিত এখন সুবিশাল উৰ্বৰ অৱবাহিকাৰ সৃষ্টি কৰিছে। ইয়াৰ কালি ৩.২৫ নিযুত বর্গ কিলোমিটাৰ। মিছিছিপিৰ প্রধান উপনৈবোৰ হ’ল— অহায়ো, টেনিছি, আকাছাছ আৰু ৰে’ড।

উত্তৰৰ হ্ৰদপুঞ্জক সংযোগ কৰা ছেণ্ট লৰেন্স নদীৰ দৈৰ্ঘ্য ৩,৫২০ কিলোমিটাৰ। ইৰি আৰু অণ্টেৰিওক সংযোগ কৰা স্থানতে এই নদীত নায়েগ্রা জলপ্রপাত অৱস্থিত। যুক্তৰাষ্ট্ৰৰ প্ৰধান পূববাহিনী নদীবোৰ হ’ল হাডছন, মৌহক, দেলৱাৰ আদি। দক্ষিণ- পূবৰ ডাঙৰ নদী হ’ল আলাবামা আৰু ৰায়োগ্ৰেণ্ডী। দেশখনৰ পশ্চিম অংশৰ ডাঙৰ নদীবোৰ হ’ল কলেৰাডো, ছেক্ৰামেণ্টো আৰু কলোম্বিয়া। কলেৰাডো নদীয়ে তাৰ মধ্যভাগত পৃথিৱীৰ ভিতৰত সৰ্ববৃহৎ গিৰিখাত গ্ৰেণ্ড কেনিয়নৰ সৃষ্টি কৰিছে। কলম্বিয়া নদীৰ এখন ডাঙৰ উপনৈ হ’ল প্নেক। আলাস্কা ভূখণ্ডৰ আটাইতকৈ ডাঙৰ নদী হ’ল য়ুকন।

৩। যুক্তৰাষ্ট্ৰৰ ঘাই শস্যকেইটা উল্লেখ কৰা আৰু সিহঁতৰ বিতৰণৰ এটা ভৌগোলিক ব্যাখ্যা দিয়া।
উত্তৰ : আমেৰিকা যুক্তৰাষ্ট্ৰৰ উৎপাদিত প্রধান শস্যবোৰ হ’ল— গম, গোমধান, কপাহ, ওট, বার্লি, চয়াবিন, ছুগাৰ বিট, ধান, কুঁহিয়াৰ, ধঁপাত, ফল-মূল, শাক- পাচলি আদি।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ এবিধ প্রধান খাদ্যশস্য হ’ল গম বা ঘেঁহু। দেশখনে বছৰি প্ৰায় ৯০ নিযুত টন গম উৎপাদন কৰি পৃথিৱীৰ গম উৎপাদনকাৰী দেশসমূহৰ ভিতৰত দ্বিতীয় স্থান অধিকাৰ কৰিছে। বিশাল ভূমিখণ্ডৰ অধিকাৰী একোজন কৃষকে যান্ত্রিক উপায়েৰে ব্যৱসায়িক ভিত্তিত গম উৎপাদন কৰে। দেশখনে পৃথিৱীৰ প্ৰায় ৪ শতাংশ গম ৰপ্তানি কৰে। দেশখনৰ উৎপাদিত গমৰ ৬০ শতাংশ শীতকালীন। পৃথিৱীৰ ভিতৰত আমেৰিকা যুক্তৰাষ্ট্ৰই সৰ্বাধিক মাকৈ বা গোমধান উৎপাদন কৰি প্রথম স্থান অধিকাৰ কৰি আছে।

লগতে পঢ়ক:   পৰিৱেশ ভূগােল Class 10 – দশম শ্ৰেণীৰ ভূগোল দ্বিতীয় অধ্যায়

দেশখনৰ গড় হিচাপত ২০° চেন্টিগ্রেড উত্তাপ আৰু ৭৫ চেঃমিঃ বৃষ্টিপাতৰ অঞ্চল তথা দেশৰ মুঠ কৃষিভূমিৰ ৬ শতাংশ অঞ্চলত গোমধানৰ উৎপাদন কৰা হয়। যুক্তৰাষ্ট্ৰৰ মাজেদি যোৱা ৩৬° উত্তৰ অক্ষাংশৰ দক্ষিণে ক’লা বৰণৰ মাটিত কপাহ উৎপাদন কৰা হয়। দেশখনত পৃথিৱীৰ উৎপাদিত কপাহৰ ২০ শতাংশ উৎপাদন কৰা হয়।

যুক্তৰাষ্ট্ৰৰ কম বৃষ্টিপাতৰ অঞ্চলত অৰ্থাৎ মধ্য সমভূমিৰ মধ্যাংশত উত্তৰা-দক্ষিণাকৈ দীঘলীয়া অঞ্চল এটাত ওট উৎপাদন কৰা হয়। পৃথিৱীৰ মুঠ ওটৰ ২০ শতাংশ অকল যুক্তৰাষ্ট্ৰই উৎপাদন কৰে। যুক্তৰাষ্ট্ৰৰ চৰম জলবায়ুৰ উত্তৰে কম বৃষ্টিপাতৰ অঞ্চলত বার্লি উৎপাদন কৰা হয়। দ্বিতীয় বিশ্বযুদ্ধৰ পাছৰ পৰা যুক্তৰাষ্ট্ৰত ব্যৱসায়িক ভিত্তিত চয়াবিন উৎপাদন কৰা হয়। ছুগাৰ বিট উৎপাদনত যুক্তৰাষ্ট্ৰৰ স্থান পৃথিৱীৰ ভিতৰত তৃতীয়। দক্ষিণ পূব যুক্তৰাষ্ট্ৰৰ উপসাগৰীয় উপকূলত উপক্রান্তীয় জলবায়ুত ধান উৎপাদিত হয়।

দেশখনৰ ধান উৎপাদিত অঞ্চলটোত কিছু পৰিমাণে কুঁহিয়াৰো উৎপাদন কৰা হয়। যুক্তৰাষ্ট্ৰৰ পূব উপকূলৱৰ্তী অঞ্চলবোৰত উৎকৃষ্ট ধঁপাত উৎপাদিত হয়। ধঁপাত উৎপাদনত যুক্তৰাষ্ট্ৰৰ স্থান পৃথিৱীৰ ভিতৰত প্ৰথম। যুক্তৰাষ্ট্ৰৰ কেলিফ নিয়া উপকূলত ভূমধ্য সাগৰীয় জলবায়ু বিৰাজ কৰে বাবে তাত আপেল, সুমথিৰা, আঙুৰ, জলফাই আদি ফল যথেষ্ট পৰিমাণে উৎপাদিত হয়। যুক্তৰাষ্ট্ৰৰ জনবসতিপূর্ণ অঞ্চলবোৰৰ আশে পাশে অতি যত্ন সহকাৰে শাক-পাচলি উৎপাদন কৰা হয়। আমেৰিকা যুক্তৰাষ্ট্ৰত অঞ্চল বা প্ৰদেশ হিচাপে শস্য উৎপাদনৰ বিতৰণ তলত দিয়া ধৰণেৰে দেখুৱাব পাৰিঃ

শীতকালীন গম : নেব্রাস্কা, কলেৰাডো, কানছাছ, মিছৌৰি, অ’ক্লাহ’মা, কেন্টাকি, ইলিনয়, ইণ্ডিয়ানা, অহায়’ আৰু দক্ষিণ পেনছিলভেনিয়া।
বসন্তকালীন গম : উত্তৰৰ মধ্যাংশৰ মন্টানা, নর্থ ডাক’টা, মেনেছ’টা আৰু ছাউথ ডাকটা।
শীতকালীন কোমল বগা গম : কেলিফ ‘নিয়া, অৰিগণ, ৱাশ্বিংটন আৰু আইয়াহো প্ৰদেশৰ লগতে মিছিগান আৰু হিউন পার্শ্বৱৰ্তী এলেকা।
মাটক আৰু গোমধান : মধ্য সমতলৰ নেব্রাস্কা, আয়বা, অ’হায়ো, ইলিনয়, মিনেছটা, ইণ্ডিয়ানা, পেনছিলভেনিয়া আৰু অহায়ো প্রদেশ।
কপাহ : পূৰ্বী কপাহ অঞ্চলৰ ভিতৰত ভার্জিনিয়া, কে’লিনা, জর্জিয়া, কেন্টাকি আদি ৰাজ্য। মধ্য- দক্ষিণ অঞ্চলৰ ভিতৰত আছে লুইজিয়ানা, মিছৌৰি, আৰকানছাছ, ওক্লাহ’মা আৰু টেকছাছ। পশ্চিম কপাহ অঞ্চলৰ ভিতৰত প্ৰধান হ’ল নিউ মেক্সিকো, এৰিজনা আৰু উটা।
ওট : বৃহৎ মধ্য সমভূমিৰ মাজভাগত অৱস্থিত উত্তৰত নর্থ ডাকটা আৰু মিলেচ ‘টাৰ পৰা ছাউথ ডাকটা, নেব্রাস্কা আৰু কানছাছ হৈ টেকছাছলৈ।
বার্লি : চৰম জলবায়ুৰ উত্তৰ অঞ্চলৰ নৰ্থ ডাক টা, মিনেছ’টা, আয়ৱা, কানছাছ, নেব্রাস্কা আদি ৰাজ্য।
চয়াবিন : অহায়’, ইণ্ডিয়ানা, মিছৌৰি, আয়ৱা আৰু মিনেছ’টা।
ছুগাৰ বিট : মধ্যৰ কলেৰাডো, উটা, আইদাহো তথা উত্তৰ-পূবৰ মিছিগান, অহায়’, পেনছিলভেনিয়া আৰু পশ্চিমৰ কেলিফ নিয়া।
ধান আৰু কুঁহিয়াৰ : দক্ষিণ-পূবৰ ফ্লৰিডা আৰু আলবামা।
ধঁপাত : পূৱ উপকূলৱৰ্তী মেৰীলেণ্ড, ভার্জিনিয়া, কেন্টাকি, নৰ্থ আৰু ছাউথ কে’লিনা, জর্জিয়া আৰু ফ্লৰিডা।
ফল-মূল : কেলিফর্নিয়া উপকূল আৰু ফ্লৰিডা।
শাক-পাচলি : নিউজার্চি, ডেনমেৰেনা উপদ্বীপ, লং আইলেও আৰু নিউ ইংলেণ্ডৰ চহৰৰ উপকণ্ঠ অঞ্চলবোৰ।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ আঞ্চলিক ভূগোল

৪। পৃথিৱীৰ বৃহত্তম অর্থনৈতিক শক্তিৰূপে আমেৰিকা যুক্তৰাষ্ট্ৰ কি মূৰ তুলি উঠিছে?
উত্তৰ : প্রাকৃতি সম্পদ, কৃষি, ঔদ্যোগিক উৎপাদন আৰু জীৱন-ধাৰণৰ মান আদি সকলো ক্ষেত্রতে আমেৰিকা যুক্তৰাষ্ট্ৰই পৃথিৱীৰ ভিতৰতে সর্বোচ্চ স্থান অধিকাৰ কৰিছে। যুক্তৰাষ্ট্ৰৰ মুঠ ৰাষ্ট্ৰীয় উৎপাদন পৃথিৱীৰ ভিতৰতে সর্বাধিক। ইয়াৰ বর্তমান বছৰি জনমূৰি ৰাষ্ট্ৰীয় আয় ৩৮,০০০ ডলাৰ। সেয়ে যুক্তৰাষ্ট্ৰই বিশ্বৰ ভিতৰতে বৃহত্তম অর্থনৈতিক শক্তি হিচাপে থিয় দিবলৈ সক্ষম হৈছে। পৃথিৱীৰ মুঠ জনসংখ্যাৰ ৫ শতাংশতকৈও কম লোকে বসবাস কৰা এই দেশত কয়লা, তাম আৰু পেট্ৰ’লিয়ামৰ উৎপাদন পৃথিৱীৰ মুঠ উৎপাদনৰ প্ৰায় ২০ শতাংশ।

কৃষি উৎপাদনৰ ক্ষেত্ৰতো যুক্তৰাষ্ট্ৰৰ স্থান মন কৰিবলগীয়া। সমগ্র পৃথিৱীত ই মাকৈ, কপাহ আৰু ধঁপাত উৎপাদনত প্ৰথম আৰু ঘেঁহু আৰু বাৰ্লি উৎপাদনত দ্বিতীয় স্থান অধিকাৰ কৰিছে। আন্তঃৰাষ্ট্ৰীয় বজাত যুক্তৰাষ্ট্ৰৰ পৰা হোৱা ৰপ্তানি মূল্যৰ পৰিমাণ পৃথিৱীৰ মুঠ ৰপ্তানি মূল্যৰ ১০ শতাংশতকৈও অধিক। উল্লেখযোগ্য যে দেশৰ মুঠ ৰাষ্ট্ৰীয় আয়ৰ কৃষিয়ে যোগান ধৰে ২ শতাংশ উদ্যোগে ৩০ শতাংশ আৰু বাণিজ্য, যোগাযোগ, পৰিবহন আৰু অন্যান্য সেৱাই যোগান ধৰে বাকী ৬৮ শতাংশ।

Class 10 Geography Chapter 4 Question Answer in Assamese

৫। কৃষি বলয় বুলিলে কি বুজা? আমেৰিকা যুক্তৰাষ্ট্ৰত কিমানটা কৃষি বলয় চিনাক্ত কৰা হৈছে। মানচিত্ৰত দেখুওৱা আৰু প্ৰতিটো বলয়ৰ বিষয়ে চমু বর্ণনা দিয়া?
উত্তৰ : কৃষি বলয় (Agricultural Belt) হৈছে ঠাই ভেদে বা অঞ্চলভেদে উৎপাদন হোৱা বিশেষ কৃষি উৎপাদন। কৃষি বলয় চিহ্নিত কৰা হয় ভূ-প্রকৃতি, জলবায়ু, মাটিৰ গুণাগুণ আদিৰ ওপৰত নিৰ্ভৰ কৰি। যিবোৰ ঠাইত বিশেষ এবিধ শস্য অধিক পৰিমাণে উৎপাদন হয়, সেই ঠাই বা অঞ্চলটোক একোটা কৃষি বলয় হিচাপে ভাগ বা নামকৰণ কৰা হয়।
আমেৰিকা যুক্তৰাষ্ট্ৰত মুঠ নটা কৃষি বলয় চিনাক্ত কৰা হৈছে। সেই বলয়কেইটা হৈছে—
(ক) ধান আৰু কুঁহিয়াৰ বলয়
(খ)কপাহ বলয়
(গ)শীতকালীন গম আৰু ধঁপাত বলয়
(ঘ)মাকৈ বলয়
(ঙ)বসন্তকালীন গম বলয়
(চ)উত্তৰ-পূৱ প্ৰান্তীয় মিশ্র কৃষি বলয়
(ছ) শুকান কৃষি আৰু পশুপালন বলয়
(জ) ভূমধ্য সাগৰীয় কৃষি বলয়
(ঝ) উত্তৰ-পশ্চিম প্রান্তীয় মিশ্র কৃষি বলয়
(তলৰ মানচিত্ৰত আমেৰিকা যুক্তৰাষ্ট্ৰৰ কৃষি বলয়সমূহ দেখুওৱা হ’ল)

ধান আৰু কুঁহিয়াৰ বলয়ৰ অন্তৰ্গত অঞ্চল হৈছে মেক্সিকো উপকূলীয় অঞ্চলত অৱস্থিত ফ্লোৰিডা, জর্জিয়া, আলাবামা, মিছিছিপি আৰু লুচিয়ানা ৰাজ্যৰ দক্ষিণ অংশ। এই অঞ্চলত উপক্রান্তীয় জলবায়ু বিৰাজ কৰে আৰু ইয়াৰ মাটিভাগ পলসুৱা আৰু সাৰুৱা। এই অঞ্চলত ধান আৰু কুঁহিয়াৰ প্ৰচুৰ পৰিমাণে উৎপাদন হয়। কপাহ বলয়ৰ অন্তৰ্গত অঞ্চল হৈছে মিছিছিপি অৱবাহিকাৰ দক্ষিণ অংশ। কপাহ বলয়ৰ উত্তৰ সীমা ৩৬° উত্তৰ অক্ষাংশই নিৰ্ধাৰণ কৰিছে। এই অঞ্চলটোত অধিক পৰিমাণে কপাহ উৎপাদন হয়। আমেৰিকা যুক্তৰাষ্ট্ৰৰ টেক্সাছ, মিছিছিপি আৰু আৰকান্‌ছাছ ৰাজ্যত দেশৰ মুঠ উৎপাদনৰ আধাতকৈ বেছি কপাহ উৎপাদন হয়। শীতকালীন গম আৰু ধঁপাত বলয়ৰ বিস্তৃতি হৈছে আটলান্টিক উপকূলৰ পৰা পশ্চিমেক লেৰাডো অঞ্চললৈকে। উত্তৰ কেৰোলিনা, কেণ্টুকি, ভার্জিনিয়া, মেৰীলেণ্ড আদি অঞ্চলত প্ৰচুৰ পৰিমাণে ধঁপাত উৎপাদন হয়। আকৌ নেব্রাস্কা, কেন্‌ছাছ, পূব কলেৰাকো, ওক্লাহামা
আৰু টেক্সাছ ৰাজ্যত অধিক পৰিমাণে শীতকালীন গম উৎপাদন হয়।

লগতে পঢ়ক:   জাপানৰ আঞ্চলিক ভূগোল Class 10 – পঞ্চম অধ্যায় ভূগোল দশম শ্ৰেণী

মাকৈ বলয় অঞ্চলটো মধ্য অহিওৰ পৰা মধ্য নেব্রাস্কালৈ বিস্তৃত আৰু এই অঞ্চলৰ অন্তৰ্গত ঠাইসমূহ হৈছে— আইওৱা, ইলিনইছ, ইণ্ডিয়ানা, মিনেছ’টা, পেনচিলভেনিয়া আৰু নেব্রাস্কা ৰাজ্য। এইবোৰ ঠাইত যথেষ্ট পৰিমাণে মাকৈ উৎপাদন হয়। বসন্তকালীন গম বলয় প্রেইৰী অঞ্চলৰ উত্তৰ অংশত অৱস্থিত। আমেৰিকা যুক্তৰাষ্ট্ৰৰ মণ্টানা, উত্তৰ ডাক’টা, দক্ষিণ ডাক’টা আৰু পশ্চিম মিনেছ’টা ৰাজ্যত বসন্তকালীন গম উৎপাদন কৰা হয়। উত্তৰ-পূব প্ৰান্তীয় মিশ্ৰ কৃষি বলয়ৰ অন্তৰ্গত ঠাইসমূহ হৈছে গ্রেট লেকৰ দক্ষিণ আৰু পূৱত থকা মিনেছ’টা, উইচুকনচিন, মিচিগান, পেনচিলভেনিয়া আৰু নিউ ইংলেণ্ড। এই অঞ্চলত ৰাই, বাৰ্লি আদি খেতিৰ লগতে বাণিজ্যিক ভিত্তিত পশুপালন কৰা হয়। শুকান কৃষি আৰু পশুপালন বলয়টো প্রধানকৈ মধ্য সমভূমিত পশ্চিম অংশ আৰু কৰ্ডিলেৰা অঞ্চলৰ পূব অংশ লৈ গঠিত। এই অঞ্চলত বিস্তৃত ঘাঁহনিপথাৰ আছে বাবে পশুপালনৰ উপযোগী।

এই অঞ্চলৰ অন্তৰ্গত ঠাইসমূহ হৈছে— টেক্সাছৰ পশ্চিম অংশ, নিউ মেক্সিকো, উটাহ, কলেৰাডো, ৱাইয়োমিং, উড়াহো আৰু মণ্টানো আদি। এই অঞ্চলবোৰত শুকান কৃষিৰ জৰিয়তে জোৱাৰ বজৰা জাতীয় শস্য, বার্লি, মাকৈ আদি শস্য উৎপাদন কৰা হয়। ভূমধ্য সাগৰীয় কৃষি বলয়টো হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভূমধ্য সাগৰীয় জলবায়ু বিৰাজ কৰা প্রশান্ত মহাসাগৰীয় উপকূলত থকা কেলিফর্নিয়া অঞ্চল। এই অঞ্চলটোত অধিক পৰিমাণে গম, কপাহৰ লগতে আপেল, সুমথিৰা, আঙুৰ আদি ফল উৎপাদন হয়। উত্তৰ-পশ্চিম প্রান্তীয় মিশ্র কৃষি বলয় অঞ্চলটো আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৱাশ্বিংটন, ওৰিগন আৰু ইডাহো ৰাজ্যৰ অন্তৰ্গত। এই অঞ্চলটোত মাকৈ গম আদি উৎপাদনৰ উপৰি বিস্তৃতভাৱে পশুপালন কৰে।

Class 10 Geography Chapter 4 Question Answer in Assamese

৬৷ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভূ-প্রাকৃতিক অৱস্থাৰ এটি সংক্ষিপ্ত বিৱৰণ দিয়া।
উত্তৰ : আমেৰিকা যুক্তৰাষ্ট্ৰ এখন বিশাল দেশ। ইয়াৰ বিশালতাৰ মাজত আছে অনেক ভূ-প্রাকৃতিক বৈচিত্র্য। ভূ-প্রাকৃতিক ভূ-বৈচিত্ৰ্যৰ ওপৰত ভিত্তি কৰি দেশখনক পাঁচটা ভাগত ভাগ কৰিব পাৰি :
(ক) পশ্চিমৰ পাৰ্বত্য অঞ্চল
(খ)পূবৰ পাৰ্বত্য অঞ্চল
(গ)মধ্যভাগৰ বৃহৎ নিম্নভূমি বা সমতল অঞ্চল
(ঘ) তটীয় সমভূমি অঞ্চল আৰু
(ঙ) আলাস্কা।

(ক) পশ্চিমৰ পার্বত্য অঞ্চল : আমেৰিকা যুক্তৰাষ্ট্ৰৰ পশ্চিমৰ অংশত দেশৰ মুঠ ভূমিভাগৰ প্রায় তিনি ভাগৰ এক ভাগজুৰি এক বিশাল পার্বত্য অঞ্চল আছে। এই পার্বত্য অঞ্চল ১০২° পশ্চিম দ্রাঘিমাৰ পশ্চিমে অৱস্থিত। প্রখ্যাত ৰকি পৰ্বত এই পার্বত্য অঞ্চলৰ পূব ভাগত উত্তৰা-দক্ষিণাকৈ আছে। ইয়াৰ পশ্চিমে প্রায় সমান্তৰালভাৱে প্ৰশান্ত মহাসাগৰ উপকূলত উত্তৰা-দক্ষিণাকৈ এশাৰী পৰ্বত আছে। অ’গিন আৰু ৱাশ্বিংটন ৰাজ্যত ইয়াৰ নাম কাছকেদ্ আৰু কেলিফ’নিয়াত ছিয়েৰা নেভাডা। ইয়াৰ পশ্চিমত উপকূলৰ একেবাৰে কাষত কষ্টৰেঞ্জ বা উপকূলীয় পাহাৰ শ্ৰেণী বুলি আন এলানি পাহাৰ আছে। ইয়াৰ পৰা ৰকিলৈ বিস্তৃত বিশাল উচ্চভূমিক কৰ্ডিলেৰা নামেৰে জনা যায়।

(খ)পূবৰ পাৰ্বত্য অঞ্চল : পূবৰ আটলান্টিক মহাসাগৰৰ উপকূলৰ পৰা গড়ে ২০০ কিলোমিটাৰমান পশ্চিমে উত্তৰ-পূবৰ পৰা দক্ষিণ- পশ্চিমলৈ পূবৰ পাৰ্বত্য অঞ্চল বা এপেলেছিয়ান উচ্চভূমি অৱস্থিত। এই অঞ্চলতে এপেলেছিয়ান, পর্বত, পিউমণ্ট মালভূমি, কাম্বাৰলেণ্ড মালভূমি, এলিমেনি পর্বত, প’ৰ্টমাক নৈ, ছাচকিউহানা নৈ, ছাভানা নৈ, আলটাহানা নৈ, অহায়ো নৈ, কাম্বাৰলেণ্ড নৈ, টেনিছি নৈ আদি অৱস্থিত। এই নদীবোৰত ব্যাপক হাৰত জলবিদ্যুৎ উৎপাদন কৰা হয়। অঞ্চলটো কয়লা আদি খনিজ সম্পদ অত্যন্ত চহকী।

(গ)মধ্যভাগৰ বৃহৎ নিম্নভূমি : যুক্তৰাষ্ট্ৰৰ পূবৰ এপেলেছিয়ান উচ্চভূমিৰ পৰা পশ্চিমৰ ৰকি পৰ্বতৰ নামনিলৈ অতিশয় বিশাল নিম্নভূমিখনে দেশখনৰ প্ৰায় ৪০ শতাংশ ঠাই আৱৰি আছে। এই সমভূমিখনক মিছিছিপি, মিছৌৰি আৰু ইয়াৰ উপনৈসমূহে উৰ্বৰ কৰি ৰাখিছে। উত্তৰা-দক্ষিণাকৈ থকা মিছিছিপি-মিছৌৰি উপত্যকাৰ উচ্চতা সমুদ্রপৃষ্ঠৰ পৰা ২০০ মিটাৰমানহে হ’ব। বিশাল সমভূমিখন এপেলেছিয়ানৰ ফালে ৫০০ মিটাৰমান আৰু ৰকিৰ ফালে ১০০০ মিটাৰমান উচ্চ। এই সমভূমিৰ দক্ষিণ-মধ্যভাগৰ কানছাছ প্ৰদেশত অ’জাৰ্ক নামৰ এখন অনুচ্চ মালভূমি আছে। আলোচ্য সুবিশাল সমভূমিখন উৰ্বৰ আৰু জনবসতি যথেষ্ট ঘন।

(ঘ) তটীয় সমভূমি অঞ্চল : যুক্তৰাষ্ট্ৰৰ এপেলেছিয়ান উচ্চভূমিৰ পৰা পূবে আটলান্টিকৰ উপকূললৈ গড়ে ২০০ কিলোমিটাৰমান বহল সমভূমি অৱস্থিত। উত্তৰলৈ ঠেক আৰু দক্ষিণলৈ বহল এই সংকীর্ণ সমভূমিতে যুক্তৰাষ্ট্ৰৰ শিল্প- বাণিজ্যৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ বন্দৰ- পোতাশ্রয়সমূহ অৱস্থিত। এই সমভূমিত যুক্তৰাষ্ট্ৰৰ অতিশয় গুৰুত্বপূৰ্ণ বষ্টন, নিউয়ৰ্ক, ফ্লৰিডা, ৱাশ্বিংটন আদি নগৰ আছে। এই সমভূমিক আটলান্টিক ছি-ব’ৰ্ড বা পূর্বীয় সমুদ্রমঞ্চ বুলিও কোৱা হয়।

(ঙ) আলাস্কা : ৰাজনৈতিক আলাস্কা প্ৰদেশখন যুক্তৰাষ্ট্ৰৰ অন্তৰ্গত হ’লেও প্রাকৃতিকভাৱে ই এক সুকীয়া ভূখণ্ড। ই উত্তৰ আমেৰিকাৰ একেবাৰে উত্তৰ-পশ্চিমত অৱস্থিত। এই প্রাচীন মালভূমি ৪০০ মিটাৰৰ ওপৰত আছে। ইয়াৰ উত্তৰত ব্রুকছ আৰু দক্ষিণৰ আলাস্কা নামৰ দুই শ্রেণী পাহাৰ আছে। এই দুই শ্রেণী পাহাৰৰ মাজতে পূবা- পশ্চিমাকৈ য়ুকন নৈ আৰু তাৰ উপত্যকা অৱস্থিত। আলাস্কা ৫৮° উত্তৰ অক্ষাংশৰ পৰা ৭১° উত্তৰ অক্ষাংশলৈ বিস্তৃত। ঘাইকৈ সুমেক বৃত্তৰ অন্তৰ্ভুক্ত হোৱা বাবে এই ভূখণ্ড বৰফত বুৰ গৈ থাকে।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ আঞ্চলিক ভূগোল

চমুটোকা লিখা :

(ক) ৰকি পার্বত্য অঞ্চলৰ ভূ-প্রকৃতি
উত্তৰ : ৰকি পর্বতমালাক কেন্দ্ৰ কৰি গঢ়ি উঠিছে ৰকি পার্বত্য অঞ্চল আৰু এই অঞ্চলৰ ভূ-প্রকৃতি আৰু গঠন প্রক্রিয়া অতিকৈ জটিল। এই পার্বত্য অঞ্চল পূৱে উচ্চ সমভূমি আৰু পশ্চিমে প্রশান্ত উপকূলৰ মাজেৰে পৰ্বত, পাহাৰ, মালভূমি, উপত্যকা, হ্রদ আদিৰে গঠিত। পার্বত্য অঞ্চলটোৰ একেবাৰে পূৱত উত্তৰা-দক্ষিণাকৈ থকা উচ্চ অংশই হৈছে ৰকি পর্বত শ্ৰেণী আৰু এই পর্বতত থকা শৃংগবোৰৰ উচ্চতা ঠাইবিশেষে 8,200 মিটাৰতকৈও অধিক। ৰকি পার্বত্য অঞ্চলটোৰ পূৱ আৰু পশ্চিম প্রান্ত প্রায় সমান্তৰাল পর্বতশাৰীৰ মাজত কেইবাটাও মালভূমি আছে। এই অঞ্চলত কেইবাটাও লুণীয়া পানীৰ হ্রদ আছে আৰু ৰকি পর্বতমালাৰ পৰা কেইবাটাও সৰু-বৰ নদীৰ সৃষ্টি হৈ প্ৰৱাহিত হৈছে। কৰ্ডিলেৰা অঞ্চলটোৰ পশ্চিম অংশত থকা পর্বত শ্ৰেণীৰ মাজত কেইবাটাও সাৰুৱা উপত্যকা আছে। এই অঞ্চলতেই পৃথিৱীৰ বিখ্যাত কলেৰাডো নদীৰ গ্ৰেণ্ড কেনিয়ন আৰু মৃত উপত্যকা আছে।

(খ) আমেৰিকা যুক্তৰাষ্ট্ৰৰ খনিজ সম্পদ
উত্তৰ : আমেৰিকা যুক্তৰাষ্ট্ৰ খনিজ সম্পদত চহকী আৰু দেশখনৰ বিভিন্ন প্ৰান্তত ভিন্ন প্ৰকাৰৰ খনিজ সম্পদ পোৱা যায়। দেশখনৰ উত্তৰ-পূব উদ্যোগ অঞ্চলক কয়লা, লো, পেট্রলিয়াম আদি খনিজ সম্পদ ভঁৰাল বুলি ক’ব পাৰি। দেশখনৰ উত্তৰ আপেলেছিয়ান উচ্চভূমি অঞ্চলত কয়লা খনি আছে আৰু পেনচিলভেনিয়াৰ লগতে অ’হিওক কেন্দ্ৰ কৰি কয়লা ভিত্তিক উদ্যোগ গঢ়ি উঠিছে। দক্ষিণ উদ্যোগিক অঞ্চলত সহজলভ্য খনিজ পদার্থসমূহ হৈছে কয়লা, পেট্রলিয়াম, লো, প্রাকৃতিক গেছ আদি আৰু এইবোৰৰ ওপৰত ভিত্তি কৰি লো-তীখা উদ্যোগ, ৰেল ইঞ্জিন আৰু দবা নির্মাণ উদ্যোগ, বিভিন্ন যন্ত্রপাতি নির্মাণ আৰু মটৰগাড়ী নির্মাণ উদ্যোগ উঠিছে। যুক্তৰাষ্ট্ৰৰ কৰ্ডিলেৰা বা ৰকি পার্বত্য অঞ্চলটো কয়লা, পেট্রলিয়াম, সোণ, ৰূপ, তাম আদি খনিজ সম্পদত চহকী। খনিজ সম্পদৰ ওপৰত নিৰ্ভৰ কৰি আমেৰিকা যুক্তৰাষ্ট্ৰত বহুতো বৃহৎ আকাৰৰ শিল্পদ্যোগ গঢ়ি উঠিছে।

লগতে পঢ়ক:   ভূ-আকৃতিক প্রক্রিয়া – দশম শ্ৰেণীৰ ভূগোল প্রথম অধ্যায়

(গ) যুক্তৰাষ্ট্ৰৰ যন্ত্রপাতি উদ্যোগ
উত্তৰ : আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউয়ৰ্ক, ৰোড আইলেণ্ড, পেনচিলভেনিয়া, অহায়’,ৱেষ্ট ভাৰ্জিনিয়া ইণ্ডিয়ানা, কেলিফর্নিয়া আদি ৰাজ্যবোৰত নানা প্রকাৰৰ যন্ত্রপাতি নিৰ্মাণৰ উদ্যোগ, কাৰখানা বিকশিত হৈছে। এই শিল্প-উদ্যোগসমূহে দেশখনৰ তথ্যপ্রযুক্তি, কৃষি গৱেষণা, প্ৰতিৰক্ষা, চিকিৎসা, যোগাযোগ আদিৰ বিশাল যান্ত্রিক চাহিদা পূৰণ কৰে।

৭। আমেৰিকাৰ যুক্তৰাষ্ট্ৰক কেইটা প্রাকৃতিক বিভাগত ভাগ কৰা হৈছে? প্ৰতিটো বিভাগৰে এটি চমু আভাস দিয়া।
উত্তৰ : আমেৰিকা যুক্তৰাষ্ট্ৰ উত্তৰ আমেৰিকা মহাদেশত অৱস্থিত। ভূ-প্রাকৃতিক গঠনৰ বৈশিষ্ট্যৰ ওপৰত ভিত্তি কৰি সমগ্ৰ অঞ্চলটোক তিনিটা মুখ্য প্রাকৃতিক বিভাগত ভাগ কৰা হৈছে। সেই প্রাকৃতিক বিভাগকেইটা হ’ল—

(ক) আপেলেছিয়ান উচ্চভূমি অঞ্চল : আমেৰিকা যুক্তৰাষ্ট্ৰৰ পূব অংশত আটলান্টিক মহাসাগৰৰ প্রায় সমান্তৰালকৈ বিস্তৃত উচ্চ ভূমি খণ্ডকে আপেলেছিয়ান উচ্চভূমি অঞ্চল বোলে। আপেলেছিয়ান উচ্চভূমি অঞ্চল উত্তৰে হাডচন উপত্যকা আৰু ইৰি অণ্টাৰিও হ্ৰদৰ পৰা দক্ষিণে আলবামা পর্যন্ত বিস্তৃত। পর্বত-পাহাৰ, মালভূমি- সমভূমি আদিৰে গঠিত এই ভূমিখণ্ডৰ গড় উচ্চতা সাগৰপৃষ্ঠৰ পৰা ২০০০ মিটাৰৰ অধিক নহয়। এই অঞ্চল খনিজ সম্পদতে চহকী বাবেই ইয়াত নিউয়র্ক, ফিলাডেলফিয়া ইত্যাদি বহুসংখ্যক মহানগৰ আৰু চহৰ গঢ় লৈ উঠিছে। এই অঞ্চল অর্থনৈতিক আৰু উদ্যোগিকভাৱে বিকশিত অঞ্চল।

(খ) মধ্য সমভূমি অঞ্চল : পশ্চিমৰ ৰকি পর্বতমালা আৰু পূবৰ আপেলেছিয়ান উচ্চভূমিৰ মাজত বিস্তৃত সমভূমি অঞ্চলটোৱে হৈছে মধ্য সমভূমি অঞ্চল। এই অঞ্চলটো উত্তৰে বৃহৎ সৰোবৰ অঞ্চলৰ পৰা দক্ষিণে মেক্সিকো উপকূললৈ বিস্তৃত। মিছিছিপি, মিছৌৰি আৰু ইয়াৰ উপনৈসমূহে মধ্য সমভূমি অঞ্চলক আমেৰিকা যুক্তৰাষ্ট্ৰ এক অন্যতম উর্বৰা পলসুৱা সমতল ভূমিত পৰিণত হৈছে। এই অঞ্চলটোক আকৌ চাৰিটা ভাগত ভাগ কৰা হৈছে— (ক) উচ্চ সমভূমি অঞ্চল, (খ) মিছিছিপি সমভূমি অঞ্চল, (গ) বৃহৎ সৰোবৰ অঞ্চল আৰু (ঘ) মেক্সিকো উপকূলীয় সমভূমি।

(গ) ৰকি পর্বত বা কৰ্ডিলেৰা অঞ্চল : এই অঞ্চলটো উত্তৰা-দক্ষিণাকৈ বিস্তৃত আৰু এই অঞ্চলৰ পশ্চিমে অৱস্থিত উচ্চ অংশই হৈছে ৰকি পৰ্বত শ্ৰেণী। ই হৈছে নবীন ভংগিল পর্বত। ৰকি পৰ্বতৰ কিছুমান শৃংগৰ উচ্চতা ৪২০০ মিটাৰতকৈ অধিক। পূবে সমভূমি অঞ্চল আৰু পশ্চিমৰ প্রশান্ত উপকূল অঞ্চলৰ মাজৰ পাহাৰ, পৰ্বত, মালভূমি, উপত্যকা, হ্রদ আদিৰে গঠিত ভূ- খণ্ডটোৱে হৈছে কৰ্ডিলেৰা অঞ্চল। কর্ডিলেৰা অঞ্চলৰ পশ্চিমে অৱস্থিত কিছুমান গুৰুত্বপূৰ্ণ পৰ্বতমালা হৈছে চিয়াৰা, নেভাডা, কাস্কেড আৰু কষ্টৰেঞ্জ বা উপকূলীয় পর্বতমালা। গ্রেট ছল্ট লেক এই অঞ্চলতে অৱস্থিত। কৰ্ডিলেৰা অঞ্চল সোণ, ৰূপ, তাম, কয়লা, পেট্ৰ’লিয়াম আদিৰ দৰে খনিজ সম্পদত চহকী। বিশ্ববিখ্যাত কলেৰাডো নদীৰ গ্ৰেণ্ড কেনিয়ন আৰু মৃত্যু উপত্যকা এই কৰ্ডিলেৰা অঞ্চলতে আছে। এই অঞ্চলৰ কেইখনমান গুৰুত্বপূৰ্ণ মহানগৰ হৈছে ছিয়াটল, পোর্টলেণ্ড, ছানফ্রান্সিচকো, লছ এঞ্জেলছ, লাছ ভেগাছ আদি।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ আঞ্চলিক ভূগোল

৮। আমেৰিকা যুক্তৰাষ্ট্ৰৰ অধিকতম জনবসতিপূর্ণ মহানগৰখনৰ নাম কি?
উত্তৰ : নিউয়র্ক।

৯। গোমধান, কপাহ আৰু ধঁপাত উৎপাদনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ স্থান কিমান?
উত্তৰ : প্রথম।

১০। পৃথিৱীৰ বৃহত্তম ৰবৰ উৎপাদন কেন্দ্ৰটোৰ নাম কি?
উত্তৰ : আৰাকন।

১১। পৃথিৱীৰ বৃহত্তম মাংস বাণিজ্য কেন্দ্ৰটোৰ নাম কি?
উত্তৰ : চিকাগো।

১২। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ঘন জনবসতি অঞ্চলটো কি?
উত্তৰ : আমেৰিকা যুক্তৰাষ্ট্ৰৰ পূব অংশত অৱস্থিত।

১৩। কৃষি বলয় বুলিলে কি বুজা? আমেৰিকা যুক্তৰাষ্ট্ৰত কিমানটা আৰু কি কি কৃষি বলয় চিনাক্ত কৰা হৈছে?
উত্তৰ : শস্যৰ কৃষিকাৰ্যৰ ভিত্তিত বা কিছুমান কৃষিগত বিশেষত্বৰ ভিত্তিত দেশ এখনৰ বিভাজন কৰাকে ‘কৃষি’ বলয় বুলি কোৱা হয়। ভূ-প্রকৃতি, জলবায়ু, ভূমি ইত্যাদিৰ ভিত্তিত আমেৰিকা যুক্তৰাষ্ট্ৰক নটা কৃষি বলয়ত ভাগ কৰা হৈছে। সেই ভাগকেইটা হ’ল—
(ক) ধান আৰু কুঁহিয়াৰ বলয়
(খ) কপাহ বলয়
(গ) শীতকালীন ঘেঁহু আৰু ধঁপাত বলয়
(ঘ) মাকৈ বলয়
(ঙ) উত্তৰ-পূব প্ৰান্তীয় মিশ্ৰ কৃষি বলয়
(চ) বসন্তকালীন ঘেঁহু বলয়
(ছ) শুকান কৃষি আৰু পশুপালন বলয়
(জ) ভূ-মধ্য সাগৰীয় কৃষি বলয়
(ঝ) উত্তৰ-পশ্চিম প্রান্তীয় মিশ্র কৃষি বলয়।

১৪। আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্রধান উদ্যোগ অঞ্চলকেইটা কি কি?
উত্তৰ : উদ্যোগিক বিকাশৰ ভিত্তিত আমেৰিকা যুক্তৰাষ্ট্ৰক তিনিটা প্ৰধান ঔদ্যোগিক অঞ্চলত ভাগ কৰা হৈছে। সেই ভাগকেইটা হ’ল—
(ক) উত্তৰ-পূব উদ্যোগ অঞ্চল : উত্তৰ-পূব উদ্যোগ অঞ্চলক আকৌ পাঁচটা ভাগত ভাগ কৰা হৈছে। সেই ভাগকেইটা হ’ল—
– পিটছবার্গ, হুইলিং-ক্লিভলেণ্ড উদ্যোগ কেন্দ্র
— নিউয়র্ক, ফিলাডেলফিয়া, বাল্টিমোৰ উদ্যোগ কেন্দ্ৰ
– দক্ষিণ নিউ ইংলেণ্ড উদ্যোগ কেন্দ্র
– ডেট্র’ইট উদ্যোগ কেন্দ্র
– দক্ষিণ মিচিগান উদ্যোগ কেন্দ্র।
(খ) দক্ষিণ উদ্যোগিক অঞ্চল
(গ) প্রশান্ত উপকূলীয় উদ্যোগ অঞ্চল

১৫। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰকি পর্বত অঞ্চলৰ এখন পশ্চিম বাহিনী নদীৰ নাম উল্লেখ কৰা।
উত্তৰ : কলম্বিয়া।

১। আমেৰিকা যুক্তৰাষ্ট্ৰত সৰ্বমুঠ কেইখন ৰাজ্য আছে?

উত্তৰ : ৫০ খন ৰাজ্য

২। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাজধানী কি?

উত্তৰ : কলোম্বিয়া জিলাৰ ৱাশিংটন।

৩। এটা লুণীয়া পানীৰ হ্ৰদৰ নাম লিখা ?

উত্তৰ : গ্রেট ছল্ট লেক।

৪। দক্ষিণৰ পৰা উত্তৰলৈ সমগ্ৰ দেশখনক মুঠ কেইটা কৃষি বলয়ত ভাগ কৰিব পাৰি?

উত্তৰ : ৯টা।

৫। পৃথিৱীৰ বৃহত্তম ৰবৰ উদ্যোগ কেন্দ্ৰটোৰ নাম কি?

উত্তৰ : আৰাকন।

৬। আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাটিকালি কিমান?

উত্তৰ : আমেৰিকা যুক্তৰাষ্ট্ৰ দেশখনৰ মুঠ মাটিকালি হৈছে ৯৬ লাখ বর্গকিলোমিটাৰ অৰ্থাৎ ই পৃথিৱীৰ মাটিকালিৰ ৬.৩৭ শতাংশ।

Leave a Comment

Your email address will not be published. Required fields are marked *


Scroll to Top