পৰিৱেশ ভূগােল Class 10 – দশম শ্ৰেণীৰ ভূগোল দ্বিতীয় অধ্যায়

পৰিৱেশ ভূগােল Class 10 | Class 10 Geography Chapter 2 Question Answer in Assamese | ভূগোল class 10 chapter 2 | দশম শ্ৰেণীৰ ভূগোল দ্বিতীয় অধ্যায়

দশম শ্ৰেণীৰ ভূগোল দ্বিতীয় অধ্যায় (পৰিৱেশ ভূগােল) আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰশ্নৰ উত্তৰ সমুহ ইয়াত উপলব্ধ ।

দশম শ্ৰেণীৰ ভূগোল দ্বিতীয় অধ্যায়
শ্ৰেণী  দশম শ্ৰেণী
পাঠ (Chapter) 2 (পৰিৱেশ ভূগােল)
সমাধান পাঠভিত্তিক প্ৰশ্ন উত্তৰ
বিষয় (Subject) পৰিৱেশ ভূগােল
মাধ্যম অসমীয়া
পাঠ্যক্ৰম
NCERT

পৰিৱেশ ভূগােল Class 10

অতি চমু প্রশ্নৰ উত্তৰ
১। পৰিৱেশ’ শব্দটোৱে কি বুজায়?
উত্তৰঃ পৰিৱেশ’ শব্দটোৱে যিকোনাে জীৱ বা জীৱসম্প্রদায়ৰ কেউকাষৰ অৱস্থাকে বুজায়।

২। তন্ত্র শব্দটোৱে কি সূচায় ?
উত্তৰঃ তন্ত্র শব্দটোৱে কিছুমান পাৰস্পৰিক সম্পৰ্ক থকা উপাদানে সৃষ্টি কৰা এটা বিশেষ পৰিস্থিতিক সূচায়।

৩। স্থলমণ্ডল কাক কোৱা হয় ?
উত্তৰঃ শিল, মণিক, বালি, মাটি আদিৰ দ্বাৰা গঠিত পৃথিৱীৰ স্থলভাগক স্থলমণ্ডল বুলি কোৱা হয়।

৪। স্থলমণ্ডলে ভূ-পৃষ্ঠৰ প্ৰায় কিমান শতাংশ আগুৰি আছে?
উত্তৰঃ প্রায় ২৯ শতাংশ।

৫। জলমণ্ডল কিহৰ দ্বাৰা গঠিত?
উত্তৰঃ পৃথিৱীৰ সাগৰ-মহাসাগৰবােৰৰ দ্বাৰা জলমণ্ডল গঠিত।

৬। স্থলমণ্ডলৰ ভিতৰত থকা কি কি জলমণ্ডলত অন্তর্গত?
উত্তৰঃ স্থলমণ্ডলৰ ভিতৰত থকা নদ-নদী, বিল-খাল, হ্রদ আদি জলমণ্ডলৰ অন্তর্গত।

৭। জলমণ্ডলে ভূ-পৃষ্ঠৰ কিমান শতাংশ আগুৰি আছে?
উত্তৰ: ৭১ শতাংশ।

পৰিৱেশ ভূগােল Class 10

৮ | জীৱমণ্ডল কিহেৰে গঠিত হৈছে?
উত্তৰঃ পৃথিৱীৰ যিবােৰ অংশত জীৱ, অর্থাৎ প্রাণী আৰু উদ্ভিদ আছে, সেইবােৰকে সামৰি জীৱমণ্ডল গঠিত হৈছে।

৯। জীৱমণ্ডলত এতিয়ালৈকে কিমান জীৱ প্ৰজাতি জীৱবিজ্ঞানীসকলে চিনাক্ত কৰিবলৈ সক্ষম হৈছে?
উত্তৰঃ প্রায় ১.৭৫ নিযুত জীৱ প্রজাতি।

১০। বায়ুমণ্ডল ভূ-পৃষ্ঠৰ পৰা কিমান উচ্চতালৈ বিয়পি আছে?
উত্তৰঃ প্রায় ৪৮০ কিলােমিটাৰ উচ্চতালৈ।

১১। ১৮৮৩ চনত উদ্গীৰণ হােৱা আগ্নেয়গিৰিটোৰ স্থান কি আছিল ?
উত্তৰঃ আগ্নেয়গিৰিটোৰ স্থান আছিল সুমাত্রাৰ ক্রাকাটোৱা।

১২। মেৰু অঞ্চলত পােৱা কেইবিধমান প্রাণীৰ প্ৰজাতিৰ নাম লিখা ?
উত্তৰঃ বল্গা হৰিণ, বগা ভালুক, ছিল মাছ আদি।

লগতে পঢ়ক:   জাপানৰ আঞ্চলিক ভূগোল Class 10 – পঞ্চম অধ্যায় ভূগোল দশম শ্ৰেণী

১৩। বননি ধ্বংস কার্যক কি বুলি কোৱা হয় ?
উত্তৰঃ নির্বনানীকৰণ বুলি কোৱা হয়।

১৪। বায়ুমণ্ডল আৰু ভূপৃষ্ঠৰ উত্তাপৰ চিৰন্তন উৎস কি?
উত্তৰঃ সৌৰশক্তি।

১৫। যােৱা ১০০ বছৰৰ ভিতৰত কেতিয়া কত সর্বাধিক উত্তাপ অনুভূত হৈছিল ?
উত্তৰঃ ১৯৯৮ চনৰ জুন মাহত আমেৰিকা যুক্তৰাষ্ট্ৰত।

দশম শ্ৰেণীৰ ভূগোল দ্বিতীয় অধ্যায়

সংক্ষেপে উত্তৰ দিয়া

১। পৰিৱেশৰ উপাদানসমূহ কেইটা আৰু কি কি মণ্ডলৰ অন্তৰ্গত?
উত্তৰঃ পৰিৱেশৰ উপাদানসমূহ চাৰিটা মণ্ডলৰ অন্তর্গত। মণ্ডলকেইটা হৈছে— স্থলমণ্ডল, জলমণ্ডল জীৱমণ্ডল, আৰু বায়ুমণ্ডল

২। স্থলমণ্ডলত অন্তর্গত প্রাকৃতিক অৱয়বসমূহ কি কি?

উত্তৰঃ স্থলমণ্ডলৰ অন্তৰ্গত প্রাকৃতিক অৱয়বসমূহ হৈছে— পর্বত-পাহাৰ, মালভূমি, সমভূমি, নদী উপত্যকা, উপকূল আদি।

৩। বায়ুমণ্ডল কাক বােলে?
উত্তৰঃ অক্সিজেন, নাইট্রজেন, হাইড্রজেন, কার্বন-ডাই- অক্সাইড আদি গেছৰ দ্বাৰা গঠিত আৰু পৃথিৱীখনক আৱৰি থকা তৰপটোকে বায়ুমণ্ডল বুলি কোৱা হয়।

৪। কি কি কাৰকে এখন ঠাইৰ প্রাকৃতিক পৰিৱেশ নিৰূপণ কৰে ?
উত্তৰঃ ভূ-পৃষ্ঠত ঠাইৰ অৱস্থান, ভূ-আকৃতি, সাগৰ- মহাসাগৰৰ পৰা দূৰত্ব, সাগৰ-পৃষ্ঠৰ পৰা উচ্চতা, জলবায়ু, উদ্ভিদ, বন্যপ্রাণী আদি নানা প্রকাৰৰ কাৰকে এখন ঠাইৰ প্রাকৃতিক পৰিৱেশ নিৰূপণ কৰে।

পৰিৱেশ ভূগােল Class 10

৫। পৰিৱেশ ভূগােলৰ সংজ্ঞা দিয়া?
উত্তৰঃ পৰিৱেশ ভূগােলৰ সংজ্ঞা হল- ভূগােল বিষয়টোৰ যিটো শাখাই পৃথিৱীৰ পৰিৱেশৰ স্বৰূপ পৰিৱৰ্তন আৰু সমস্যাৰ অধ্যয়নৰ লগতে সমস্যাবিলাকৰ সমাধানৰ উপায় উদ্ভাৱনৰ প্রয়াস। কৰে তাকে পৰিৱেশ ভূগােল বােলে।

৬। মাটিৰ সৃষ্টি আৰু ধর্ম কি কি কাৰকৰ ওপৰত নিৰ্ভৰ কৰে?
উত্তৰঃ মাটিৰ সৃষ্টি আৰু ধর্ম নির্ভৰ কৰা কাৰকসমূহ হৈছে— ভূ-তাত্ত্বিক গঠন, ভূমিৰ ঢাল, বৰষুণৰ পৰিমাণ, উদ্ভিদৰ আৱৰণ আদি।

৭। সেউজগৃহ গেছকেইটামানৰ নাম লিখা ?
উত্তৰঃ সেউজগৃহ গেছকেইটামান হৈছে— জলীয় ভাপ বা বাষ্প, কার্বন-ডাই-অক্সাইড, মিথেন, নাইট্রাছ, অক্সাইড, ক্ল’ৰােফ্লুৰ’কার্বন আদি।

৮। জীৱাশ্ম ইন্ধন ব্যৱহাৰৰ বায়ুমণ্ডল কেনেদৰে প্ৰদূষিত হয় ?
উত্তৰঃ জীৱাশ্ম ইন্ধন ব্যৱহাৰৰ ফলত বায়ুমণ্ডলত যথেষ্ট পৰিমাণে কার্বন মন’ক্সাইড, নাইট্রজেন- ডাই-অক্সাইড, হাইড্রোকার্বন, অজন, ছালফাৰ-ডাই-অক্সাইড আদি বিষাক্ত গেছৰ সংযােগ হয়। এই গেছবােৰে বায়ুমণ্ডল প্ৰদূষিত কৰে।

লগতে পঢ়ক:   অঞ্চল বা আঞ্চলিক ভূগােলৰ ধাৰণা – (Elective) দশম শ্ৰেণীৰ ভূগোল

৯। এচিড বৰষুণ কেনেদৰে সৃষ্টি হয়?
উত্তৰঃ বায়ুমণ্ডলত অত্যধিক পৰিমাণে ছালফাৰ-ডাই- অক্সাইড আৰু নাইট্রজেন ডাই-অক্সাইড জমা হলে এচিড বৰষুণৰ সৃষ্টি হয়। এচিড বৰষুণ
হৈছে বায়ু প্ৰদূষণৰ সৈতে জড়িত এটা প্রধান সমস্যা।

১০। পানী প্ৰদূষণৰ প্রধান উৎস কি কি?
উত্তৰঃ পানী প্ৰদূষণৰ প্রধান উৎসসমূহ হৈছে ঔদ্যোগিক অপদ্রব্য, ৰাসায়নিক সাৰ আৰু কীটনাশক দৰৱ প্ৰয়ােগ কৰা কৃষিক্ষেত্র , খনিজ পদাৰ্থৰ উদঘাটন ক্ষেত্র পেলনীয়া দ্ৰব্যৰ নিক্ষেপণ, সাগৰত চলা তেলবাহী জাহাজ দুর্ঘটনাৰ ফলত তেল নির্গত হৈ সাগৰৰ পানী প্ৰদূষিত হয়।

Related Post: ভূ-আকৃতিক প্রক্রিয়া – দশম শ্ৰেণীৰ ভূগোল প্রথম অধ্যায়

ভূগোল class 10 chapter 2

পাঠভিত্তিক ৰচনাধর্মী প্রশ্নঃ

১। পৰিৱেশ বুলিলে কি বুজা? পৰিৱেশক কিয় এটা তন্ত্ৰ হিচাপে বিবেচনা কৰা হয়?
উত্তৰঃ জীৱ বা জীৱ সম্প্রদায়ৰ চাৰিওফালৰ অৱস্থাকে পৰিৱেশ বুলি কোৱা হয়। অর্থাৎ যিবােৰ উপাদানৰ ওপৰত জীৱৰ স্থিতি আৰু বিকাশ নির্ভৰ কৰে সেই উপাদানবােৰৰ পাৰস্পৰিক সম্পৰ্কৰ যােগেদি জীৱৰ বাবে প্ৰয়ােজনীয় পৰিৱেশ গঢ়ি তােলে। পৰিৱেশৰ অৰ্থ আৰু পৰিসৰ অতি ব্যাপক আৰু ই বহুতাে উপাদানৰ পাৰস্পৰিক সম্পর্কৰ ফল।

পৰিৱেশক এটা তন্ত্ৰ হিচাপে বিবেচনা কৰা হয়। গােলকীয় পর্যায়ত পৰিৱেশে এটা অতি বিশাল আৰু জটিল তন্ত্ৰ হিচাপে কার্য কৰি আছে। তন্ত্র শব্দটোৱে কিছুমান পাৰস্পৰিক সম্পৰ্ক থকা উপাদানে সৃষ্টি কৰা এটা বিশেষ পৰিস্থিতিক সূচিত কৰে। পৃথিৱীৰ পৰিৱেশ তন্ত্র বহুতাে জীৱীয় আৰু অজীৱীয় উপাদানৰ আন্তঃক্রিয়াৰ ফল। স্বৰূপে সৃষ্টি হৈছে। বিভিন্ন উপাদানৰ ক্ৰিয়াৰ ফলত পৰিৱেশ সৃষ্টি হােৱা বাবে পৰিৱেশক এটা তন্ত্ৰ বুলি কোৱা হয়।

২। পৰিৱেশৰ উপাদান বুলিলে কি বুজা? জীৱীয় আৰু অজীৱীয় উপাদানৰ নাম লিখা?
উত্তৰঃ পৰিৱেশৰ উপাদান বুলিলে সেইবােৰ উপাদানকে ধৰা হয় যিবােৰে পাৰস্পৰিক সম্পৰ্কৰ যােগেদি জীৱৰ বাবে প্রয়ােজনীয় পৰিৱেশ গঢ়ি তােলে। যিবােৰ উপাদানৰ ওপৰত জীৱৰ স্থিতি আৰু বিকাশ নিৰ্ভৰ কৰে সেই সকলােবােৰেই পৰিৱেশৰ উপাদান।

পৰিৱেশৰ উপাদানবােৰক প্ৰধানকৈ দুটা মৌলিক ভাগত ভাগ কৰা হয়। সেয়া হৈছে— জীৱীয় উপাদান আৰু অজীৱীয় উপাদান। জীৱীয় উপাদানসমূহ জীৱমণ্ডলৰ অন্তৰ্গত। জীৱীয় উপাদানৰ ভিতৰত নানা প্রজাতিৰ উদ্ভিদ, অণুজীৱ আৰু বৃহৎ আকাৰৰ প্রাণীসমূহ পৰে।

লগতে পঢ়ক:   ভূ-আকৃতিক প্রক্রিয়া – দশম শ্ৰেণীৰ ভূগোল প্রথম অধ্যায়

আনহাতে জীৱহীন বা প্রাণহীন সকলাে উপাদান অজীৱীয় উপাদানৰ অন্তৰ্গত। অর্থাৎ স্থলমণ্ডল, জলমণ্ডল, বায়ুমণ্ডল তথা জীৱমণ্ডলৰ সকলাে প্রাণহীন বস্তুৱেই অজীৱীয় উপাদান।

পৰিৱেশ ভূগােল Class 10

৩। পৃথিৱীৰ পাৰিৱেশিক সমস্যা ক্রমে বৃদ্ধি পাই অহাৰ কাৰণবােৰ উল্লেখ কৰা?
উত্তৰঃ পৃথিৱীৰ পাৰিৱেশিক সমস্যাসমূহ ক্রমে বৃদ্ধি পাই অহাৰ কাৰণসমূহ হৈছে– নৱ সভ্যতাৰ । মানুহে পৰিৱেশক নিজৰ ইচ্ছামতে ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিছে। উদ্যোগীকৰণ, নগৰীকৰণ, শিল্প-উদ্যোগৰ পৰিমাণ বৃদ্ধি আৰু বিভিন্ন ধৰণৰ আণৱিক পৰীক্ষাৰ ফলত পৰিৱেশ প্ৰদূষিত হৈছে।

নগৰীকৰণ তথা নগৰীয়া জনসংখ্যা বৃদ্ধি পােৱাৰ ফলত প্রাকৃতিক সম্পদৰ ব্যৱহাৰৰ পৰিমাণ বৃদ্ধি পাইছে, অত্যাধুনিক যন্ত্রপাতিৰ প্রয়ােগ বাঢ়িছে, যানবাহন, আচবাব, অনুষ্ঠান-প্রতিষ্ঠান বৃদ্ধিৰ লগতে বননি ধ্বংস হৈছে। আৰু পৰিৱেশৰ প্ৰতি ভাবুকি সৃষ্টি হৈছে। উদ্যোগ ক্ষেত্ৰৰ অভূতপূর্ব বিকাশৰ ফলত প্রাকৃতিক সম্পদৰ মাত্রাধিক ব্যৱহাৰ হৈছে আৰু উদ্যোগৰ পৰা নিৰ্গত ধোৱা, ছাই আদিয়ে বিভিন্ন পাৰিৱেশিক সমস্যাৰ সৃষ্টি কৰিছে।

বননি ধ্বংসৰ ফলত বায়ুমণ্ডলত কার্বন ডাই-অক্সাইডৰ পৰিমাণ বৃদ্ধি পাইছে আৰু ইয়ে অন্যান্য সেউজ গৃহ গেছবােৰৰ সৈতে মিলিত হৈ গােলকীয় উত্তাপ বৃদ্ধি কৰিছে।

Class 10 Geography Chapter 2 Question Answer in Assamese

অতিৰিক্ত প্রশ্নোত্তৰঃ

১। এচিড বৰষুণ কি?
উত্তৰঃ এচিড বৰষুণ হ’ল ছালফাৰ ডাই-অক্সাইড আৰু নাইট্রজেন-ডাই-অক্সাইডৰ দৰে বায়ুমণ্ডলীয় গেছৰ বৰষুণৰ টোপালৰ সৈতে হােৱা বিক্রিয়াৰ ফলস্বৰূপে ছালফিউৰিক এচিড আৰু নাইট্রিক এচিড উৎপন্ন হােৱা পৰিঘটনা। এচিড বৰষুণৰ প্রধান কাৰণ হ’ল মটৰ গাড়ীৰ পৰা ওলােৱা ধোঁৱা, কাৰখানা, কয়লা, পেট্রল আদিৰ দহনৰ ফলত হােৱা বায়ু প্ৰদূষণ।

২। নির্বনানীকৰণ কি?
উত্তৰঃ জধে-মধে গছ-গছনি কাটি বনাঞ্চল ধ্বংস কৰা অৱস্থাটোৱে হৈছে নির্বনানীকৰণ।

১। পৰিৱেশ’ শব্দটোৱে কি বুজায়?

উত্তৰঃ পৰিৱেশ’ শব্দটোৱে যিকোনাে জীৱ বা জীৱসম্প্রদায়ৰ কেউকাষৰ অৱস্থাকে বুজায়।

২। তন্ত্র শব্দটোৱে কি সূচায় ?

উত্তৰঃ তন্ত্র শব্দটোৱে কিছুমান পাৰস্পৰিক সম্পৰ্ক থকা উপাদানে সৃষ্টি কৰা এটা বিশেষ পৰিস্থিতিক সূচায়।

৩। স্থলমণ্ডল কাক কোৱা হয় ?

উত্তৰঃ শিল, মণিক, বালি, মাটি আদিৰ দ্বাৰা গঠিত পৃথিৱীৰ স্থলভাগক স্থলমণ্ডল বুলি কোৱা হয়।

৪। স্থলমণ্ডলে ভূ-পৃষ্ঠৰ প্ৰায় কিমান শতাংশ আগুৰি আছে?

উত্তৰঃ প্রায় ২৯ শতাংশ।

৫। জলমণ্ডল কিহৰ দ্বাৰা গঠিত?

উত্তৰঃ পৃথিৱীৰ সাগৰ-মহাসাগৰবােৰৰ দ্বাৰা জলমণ্ডল গঠিত।

Leave a Comment

Your email address will not be published. Required fields are marked *


Scroll to Top