ভূ-আকৃতিক প্রক্রিয়া Class 10 | Class 10 Geography Chapter 1 Question Answer in Assamese | ভূগোল class 10 chapter 1 | দশম শ্ৰেণীৰ ভূগোল প্রথম অধ্যায়
দশম শ্ৰেণীৰ ভূগোল প্রথম অধ্যায় (ভূ-আকৃতিক প্রক্রিয়া) আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰশ্নৰ উত্তৰ সমুহ ইয়াত উপলব্ধ ।
দশম শ্ৰেণীৰ ভূগোল প্রথম অধ্যায় | |
শ্ৰেণী | দশম শ্ৰেণী |
পাঠ (Chapter) | 1 (ভূ-আকৃতিক প্রক্রিয়া) |
সমাধান | পাঠভিত্তিক প্ৰশ্ন উত্তৰ |
বিষয় (Subject) | প্রাকৃতিক ভূগােল |
মাধ্যম | অসমীয়া |
পাঠ্যক্ৰম |
NCERT |
ভূ-আকৃতিক প্রক্রিয়া Class 10
প্রথম অধ্যায়।
অতি চমু প্রশ্নৰ উত্তৰ:
১। স্থলাকৃতি (Landform) কাক বােলে ?
উত্তৰঃ নানা আকাৰ-আকৃতিৰ অৱয়বে পৃথিৱীৰ উপৰিভাগক বৈচিত্র্যপূর্ণ কৰি তুলিছে। ভূ-পৃষ্ঠৰ এই অৱয়ববােৰকে স্থলাকৃতি বুলি কোৱা হয়। উদাহৰণস্বৰূপে পর্বত, পাহাৰ, মালভূমি, সমতলভূমি আদি
২। ভূপৃষ্ঠৰ স্থলাকৃতিবােৰৰ সৃষ্টি প্রধানকৈ কি প্রক্রিয়াৰ সৈতে জড়িত?
উত্তৰঃ ভূ-পৃষ্ঠৰ স্থলাকৃতিবােৰৰ সৃষ্টি প্রধানকৈ দুই প্রকাৰৰ প্ৰক্ৰিয়াৰ সৈতে জড়িত। সেয়া হৈছে— বাহ্যিক প্রক্রিয়া আৰু আভ্যন্তৰীণ প্রক্রিয়া।
৩। বাহ্যিক প্রক্রিয়া বা কাৰকবােৰৰ ভিতৰত কি কি পৰে ?
উত্তৰঃ বাহ্যিক প্রক্রিয়া বা কাৰকবােৰে পৃথিৱীৰ উপৰিভাগত বিভিন্ন পৰিৱৰ্তন আনে আৰু ই ভূ-পৃষ্ঠত থকা স্থলাকৃতিবােৰৰ সৃষ্টিত গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰে। এই বাহ্যিক প্রক্রিয়া বা কাৰকবােৰৰ ভিতৰত বতাহ, বৰষুণ, নদনদী, হিমবাহ, সাগৰৰ ঢৌ আদি পৰে।
৪। আভ্যন্তৰীণ কাৰক বুলি ক’লে প্ৰধানকৈ কিহক সামৰি লােৱা হয়?
উত্তৰঃ আভ্যন্তৰীণ কাৰকৰ উৎপত্তিস্থল হৈছে পৃথিৱীৰ অন্তর্ভাগ আৰু ই পৃথিৱীৰ স্থলাকৃতিত গুৰুত্বপূর্ণ পৰিৱর্তন সাধন কৰে। আভ্যন্তৰীণ কাৰক বুলি ক’লে প্ৰধানকৈ ভূমিকম্প আৰু আগ্নেয়গিৰিৰ উৰ্গীৰণকে সামৰি লােৱা হয়।
৫। ভূ-আকৃতিক প্রক্রিয়া কাক বােলা হয় ?
উত্তৰঃ স্থলাকৃতিৰ সৃষ্টি আৰু বিকাশৰ লগত জড়িত প্রক্রিয়াবােৰক ভূ-আকৃতিক প্রক্রিয়া বােলা হয়।
৬। বতাহে কি কি কার্য সম্পাদন কৰে ?
উত্তৰঃ বতাহে মৰুভূমিত খনন, পৰিবহণ আৰু অৱক্ষেপণ— এই তিনিওটা কার্য সম্পাদন কৰে।
৭। বাৰখান কাক বােলে ?
উত্তৰঃ কোনাে কোনাে ঠাইত পৰিস্থিতি সাপেক্ষে অর্ধচন্দ্রাকৃতিৰ বালিয়াৰিৰাে সৃষ্টি হয়। এইবােৰক বাৰখান (Barkhan) বােলে।
দশম শ্ৰেণীৰ ভূগোল প্রথম অধ্যায়
৮। বালিয়াৰিৰ আকাৰ আৰু আকৃতি কি কি কাৰকৰ ওপৰত নিৰ্ভৰ কৰে ?
উত্তৰঃ বায়ু প্রবাহৰ ধৰ্ম, গতি, দিশ আৰু শক্তি, উদ্ভিদ আৱৰণ, ভূমিভাগৰ গঠন আদি নানা কাৰকৰ ওপৰত বালিয়াৰিৰ আকাৰ আৰু আকৃতি নির্ভৰ কৰে।
৯। অপঘর্ষণ কি? অপঘর্ষণ মৰুভূমিত কি অৱয়বৰ সৃষ্টি কৰে ?
উত্তৰঃ মৰুভূমিৰ শক্তিশালী বতাহে কঢ়িয়াই নিয়া শিল, বালিয়ে গতিপথত থকা উচ্চভূমিত আঘাত কৰি সেইবােৰত অৱক্ষয় ঘটায়। ঘর্ষণৰ যােগেদি হােৱা এই এইধৰণৰ ক্ষয় কার্যক অপঘর্ষণ বােলা হয়। এই অপঘর্ষণ প্রক্রিয়াই মৰুভূমিত ইনছেলবার্গ, ইয়াদাং আদি অৱক্ষয়জনিত অৱয়বৰ সৃষ্টি কৰে।
১০। হিমবাহে সৃষ্টি কৰা তিনিটা অৱক্ষেপণজনিত অৱয়বৰ নাম উল্লেখ কৰা।
উত্তৰঃ ড্রামলিন, এস্কাৰ আৰু কেম।
১১। সংনিঘর্ষণ (Attrition) কি ?
উত্তৰঃ পাৰস্পৰিক ঘর্ষণৰ ফলত শিলবােৰ ভাঙি-ছিঙি টুকুৰা-টুকুৰ হােৱা প্রক্রিয়াকে সংনিঘর্ষণ বােলা হয়।
১২। বিস্তৃত বানপানী কাক কোৱা হয়?
উত্তৰঃবৰষুণে বালিময় মৰুপৃষ্ঠত হঠাতে বানপানীৰ সৃষ্টি কৰি ভূ-পৃষ্ঠৰ পৰিৱৰ্তন সাধন কৰে। বহু ঠাই বিয়পি হঠাতে হােৱা এনে বানপানীক বিস্তৃত বানপানী (Sheet flood) বুলি কোৱা হয়।
১৩। ভূ-পৃষ্ঠত থকা বৰফ স্তুপবােৰে কিমান পৰিমাণৰ পানী বৰফ আকাৰে জমা কৰি ৰাখিছে?
উত্তৰ : প্রায় ২৯ নিযুত ঘন কিলােমিটাৰ ।
ভূগোল class 10 chapter 1
সংক্ষেপে উত্তৰ দিয়াঃ
১। ভূ-আকৃতিক বিজ্ঞান কাক বােলে ?
উত্তৰ : ভূগােলৰ যিটো শাখাই স্থলাকৃতিবােৰৰ উৎপত্তি, ক্রমবিকাশ, আকাৰ-আকৃতি আৰু বিতৰণ সম্বন্ধে অধ্যয়ন কৰে। সেই শাখাটোক ভূ-আকৃতি বিজ্ঞান
(Geomorphology) বােলা হয়।
২। অৱনমন বুলিলে কি বুজা ?
উত্তৰ : মৰুভূমিত উদ্ভিদৰ আৱৰণ পাতলীয়া আৰু উপৰিভাগ শুকান বালিময় হােৱাৰ কাৰণে বতাহে সহজে ধূলি-বালি, ক্ষুদ্র শিল আদি দূৰলৈ উৰুৱাই নিব পাৰে। এনেদৰে কোনাে অংশৰ পৰা ধূলিবালি উৰুৱাই নি সেই অংশক আপেক্ষিকভাৱে দ কৰি তােলা প্রক্রিয়াক অৱনমন (Deflation) বােলে।
৩। বালিয়াৰি (Sand Dune) কি?
উত্তৰঃ বতাহে কঢ়িয়াই নিয়া ধূলিবালিবােৰ য’ত জমা হয়গৈ, সেই অংশটো ক্রমে ওখ হ’বলৈ ধৰে। এনেদৰে জমা হােৱা ধূলিবালিবােৰে শেষলৈ পাহাৰৰ ৰূপ লয়। প্রধানকৈ বালিৰে গঠিত হােৱা কাৰণে এনে পাহাৰক বালিয়াৰি বা বালিৰ পাহাৰ বােলা হয়।
৪। অনুদৈর্ঘ্য বালিয়াৰি আৰু অনুপ্রস্থ বালিয়াৰি কাক বােলা হয় ?
উত্তৰঃ কিছুমান বালিয়াৰি বতাহৰ দিশত দীঘলীয়াকৈ গঠিত হয়। ইয়াকে অনুদৈর্ঘ্য বালিয়াৰি আৰু কিছুমান আকৌ পথালিকৈ বতাহৰ দিশৰ লগ।
৪। অনুদৈর্ঘ্য বালিয়াৰি আৰু অনুপ্রস্থ বালিয়াৰি কাক বােলা হয়?
উত্তৰঃ কিছুমান বালিয়াৰি বতাহৰ দিশত দীঘলীয়াকৈ গঠিত হয়। ইয়াকে অনুদৈর্ঘ্য বালিয়াৰি আৰু কিছুমান আকৌ পথালিকৈ বতাহৰ দিশৰ লগত প্রায় লম্বভাৱে গঠিত হ’ব পাৰে। তেনে। বালিয়াৰিক অনুপ্রস্থ বালিয়াৰি বােলা হয়।
ভূ-আকৃতিক প্রক্রিয়া Class 10
৫। অপঘর্ষণ কাক বােলে ?
উত্তৰঃ মৰুভূমিত শক্তিশালী বতাহে কঢ়িয়াই নিয়া শিল-বালিয়ে গতিপথত থকা উচ্চভূমিত আঘাত কৰি সেইবােৰত অৱক্ষয় ঘটায়। ঘর্ষণৰ যােগেদি কৰা এই ধৰণৰ ক্ষয়কার্যক অপঘর্ষণ বােলা হয়।
৬। হিমবাহ কেইপ্রকাৰৰ ? কি কি?
উত্তৰ: হিমবাহ প্রধানকৈ তিনি প্রকাৰৰ।
(ক) মহাদেশীয় হিমবাহ,
(খ) পার্বত্য হিমবাহ আৰু
(গ) গিৰিপদ বা শৈলপদী হিমবাহ।
৭। ওলামা উপত্যকা কি?
উত্তৰঃ ওলােমা উপত্যকা হৈছে হিমবাহে সৃষ্টি কৰা এক ক্ষয়জনিত অৱয়ব। মূল নদীলৈ উপনদীবােৰ বৈ অহাৰ দৰে মূল হিমবাহলৈও উপ-হিমবাহ কিছুমান বৈ আহে। মূল হিমবাহৰ উপত্যকা তুলনামূলকভাৱে ডাঙৰ আৰু দ। উপ-হিমবাহৰ উপত্যকা সৰু আৰু দ। যত আহি উপ-হিমবাহ মূল হিমবাহৰ লগ লাগে, তাতে স্বাভাৱিক কাৰণতে উপ-হিমবাহৰ উপত্যকাটো মূল হিমবাহৰ উপত্যকাৰ ওপৰত ওলমি থকা যেন লাগে। সেয়ে উপ-হিমবাহৰ উপত্যকাটোক ওলােমা উপত্যকা বুলি কোৱা হয়।
৮৷ তলত দিয়াবােৰৰ কোনটো হিমবাহে সৃষ্টি কৰা ক্ষয়জনিত অৱয়ব ?
ক) এস্কাৰ (খ) ড্রামলিন।(গ) শংকু (ঘ) কেম
উত্তৰ: (ক) এস্কাৰ
ভূ-আকৃতিক প্রক্রিয়া Class 10
৯। হিমবাহৰ কাৰ্যৰ ফলত পৰ্বৰ্তৰ শীৰ্ষাংশ কেনেদৰে শংকুৰ ৰূপ লয়?
উত্তৰ: হিমবাহে ইয়াৰ গতিপথেৰে বৰফ খণ্ডৰ লগতে শিলাখণ্ড আৰু শিল-বালিও কঢ়িয়াই আনে। এইবােৰ গতিপথত সজোৰে খনন কার্য চলায়। এনে খনন কাৰ্যৰ ফলতে পথালিয়ে U আকৃতিৰ দীঘলীয়া গতিপথৰ সৃষ্টি হয়। হিমবাহৰ দ্বাৰা বাহিত পদাৰ্থৰ প্রবল ঘর্ষণৰ ফলত ইয়াৰ গতিপথ দ আৰু থিয় ঢালযুক্ত হয়। কোনাে এখন পর্বত গাৰে কেইবাটাও হিমবাহ ৰৈ গ’লে সিহঁতৰ খনন ক্ৰিয়াৰ ফলত পৰ্বতৰ শীৰ্ষাংশই শংকুৰ (Horn) ৰূপ লয়।
১০৷ এটা ক্ষয়জনিত শৃংগৰ নাম লিখা?
উত্তৰ : ছুইছ আল্পছত থকা মেটাহর্ণ।
Class 10 Geography Chapter 1 Question Answer in Assamese
ৰচনাধর্মী প্রশ্নঃ
১৷ ইনছেলবার্গ কি? ছবি আঁকি দেখুওৱা?
উত্তৰঃ ইনছেলবার্গ হৈছে মৰুভূমিত থকা অকলশৰীয়া চাপৰ পাহাৰ। এনে পাহাৰৰ ওপৰ অংশৰ ঢাল তুলনামূলকভাৱে বেছি। কাৰণ এই অংশত বতাহৰ ক্রিয়া তলৰ অংশতকৈ বেছি। তলত ইনছেলবার্গৰ চিত্র দেখুওৱা হ’ল।
২। মৰূদ্যান কাক বােলে? ইয়াৰ তাৎপর্য কি?
উত্তৰঃ মৰুভূমিৰ শুকান বালিময় উপৰিভাগৰ ওপৰত। বতাহে বিশেষভাৱে ক্রিয়া কৰে। বতাহে মৰুভূমি উপৰিভাগৰ ধূলিবালি, ক্ষুদ্র শিল আদি বহু দূৰলৈ
উৰুৱাই নি মৰুভূমিৰ কোনাে এক অংশ আপেক্ষিকভাৱে দ কৰি তুলিব পাৰে। অৱনমন প্রক্রিয়াৰ ফলত মৰুভূমিৰ একো একোটা অংশৰ উচ্চতা কমি ভূগর্ভস্থ জলপৃষ্ঠৰ ওচৰ পালে, সেই অংশটোক মৰূদ্যান বােলা হয়। মৰূদ্যানৰ তাৎপর্য হ’ল যে মৰূদ্যানত কিছু পৰিমাণে সৰু সৰু উদ্ভিদ থাকে আৰু তাত খেতি- বাতিও অলপ-অচৰপ কৰিব পাৰি।
ভূ-আকৃতিক প্রক্রিয়া Class 10
৩। হিমবাহ কাক বােলে? ইয়াৰ গতি অতি ধীৰ হােৱাৰ কাৰণ কি?
উত্তৰঃ ভূ-পৃষ্ঠত জমা হৈ থকা বৰফৰ স্থূপবােৰ মাটিৰ ঢাল অনুসৰি ক্ৰমে তললৈ নামি আহে। নামি অহাৰ গতিবেগ অতি ধীৰ। দিনটোৰ ভিতৰত কেইমিলিমিটাৰমানৰ পৰা কেইমিটাৰমানহে। অতিক্রম কৰে। এনেকৈ ধীৰ গতিৰে নামি অহা বৰফকে হিমবাহ বােলে। ইয়াৰ গতি অতি ধীৰ হােৱাৰ কাৰণ হ’ল। হিমবাহবােৰ এফালে জমা হৈ থকা বৰফ স্তূপৰ প্রবল হেঁচা আৰু আনফালে মধ্যাকর্ষণ শক্তিৰ ক্রিয়া।
8। গ্রাব কি? ই কেইপ্ৰকাৰৰ ? চিত্র আঁকি গ্রাবৰ অৱস্থান দেখুওৱা?
উত্তৰঃ গ্রাব হৈছে হিমবাহে সৃষ্টি কৰা এক অৱক্ষেপণজনিত ভূ-অৱয়ব। কোনাে উপত্যকাৰে হিমবাহ এটা নামি আহোঁতে ই বৰফৰ বাহিৰে অন্য কিছুমান পদার্থও কঢ়িয়াই আনে। সেইবােৰকে গ্রাব বােলে। গ্রাব চাৰি প্ৰকাৰৰ। সেইবােৰ হৈছে-
(ক) পার্শ্ব গ্রাব
(খ) ভূমি গ্রাব
(গ) মধ্য গ্রাব
(ঘ) প্রান্ত গ্রাব বা অন্তিম গ্রাব।
(ক) পার্শ্ব গ্রাবঃ উপত্যকাৰ দাঁতিয়েদি উটি অহা গ্রাবক পার্শ্ব গ্রাব বােলা হয়।
(খ)ভূমি গ্রাবঃ উপত্যকাৰ তলিয়েদি বাগৰি অহা গ্রাবক ভূমি গ্রাব বােলে।
(গ)মধ্য গ্রাবঃ হিমবাহৰ মাজভাগেদি উটি অহা গ্রাবক মধ্য গ্রাব বােলে।
(ঘ) প্রান্ত গ্রাব বা অন্তিম গ্রাবঃ হিমবাহ এটাৰ শেষ সীমাত জমা হােৱা গ্রাবক প্রান্ত বা অন্তিম গ্রাব বােলা হয়।
ভূ-আকৃতিক প্রক্রিয়া Class 10
চমুটোকা লিখাঃ
(ক) মহাদেশীয় হিমবাহঃ
উত্তৰঃ এই হিমবাহবােৰ মেৰু অঞ্চলত বৃহৎ এলেকাজুৰি বিস্তৃত হৈ আছে। উত্তৰ কানাড়া, গ্রীনলেণ্ড, স্কাণ্ডিনেভিয়া, এন্টার্কটিকা আদিত মহাদেশীয় হিমবাহবােৰ বিয়পি আছে। এই হিমবাহবােৰে ভূ-পৃষ্ঠৰ ঢাল অনুসৰি অতি ধীৰ গতিৰে নামি আহে।
(খ) পার্বত্য হিমবাহঃ
উত্তৰ: সুউচ্চ পর্বতৰ উচ্চাংশত এই প্ৰকাৰৰ হিমবাহ দেখা যায়। প্রধানকৈ ইউৰােপৰ আল্পছ, উত্তৰ আমেৰিকাৰ ৰকি আৰু এছিয়া মহাদেশৰ হিমালয় পার্বত্য অঞ্চলত পার্বত্য হিমবাহ বিদ্যমান। সাধাৰণতে পার্বত্য বা উপত্যকা হিমবাহ দুশাৰী পৰ্বতৰ মাজৰ উপত্যকাৰে বৈ আহে। ইয়াৰ গতিবেগ মহাদেশীয় হিমবাহতকৈ যথেষ্ট বেছি।
(গ) গিৰিপদ হিমবাহ:
.
উত্তৰ: কেতিয়াবা কেইবাটাও উপত্যকা হিমবাহ পার্বত্য অঞ্চলৰ পৰা নামি আহি পৰ্বতৰ পাদদেশত মিলিত হৈ পৰ্বতৰ দাঁতিকাষৰীয়া নিম্ন-ভূমিত
বিয়পি পৰে। গিৰিমালা বা পৰ্বতৰ পাদদেশত সৃষ্টি হয় কাৰণে এনে হিমবাহক গিৰিপদ বা শৈলপদী হিমবাহ বােলে। উত্তৰ আমেৰিকাৰ আলাস্কাত এই প্রকাৰৰ হিমবাহ দেখা যায়।
অতিৰিক্ত প্রশ্নোত্তৰঃ
১। সেউজ গৃহ প্ৰভাৱ (Green house effect) কি?
উত্তৰঃ জলীয় ভাপ বা বাষ্প, কার্বন-ডাই-অক্সাইড, মিথেন, অজেন, নাইট্রাছ অক্সাইড, ক্ল’ৰোফ্লোৰােকার্বন আদি গেছ বায়ুমণ্ডলত বৃদ্ধি হােৱা বাবে সৌৰশক্তি শােষণ কৰি বায়ুমণ্ডলৰ
উত্তাপ বৃদ্ধি কৰে বাবে এই গেছবােৰক সেউজ গৃহ আৰু এই গেছবােৰে বায়ুমণ্ডলত উত্তাপ বৃদ্ধি কৰা কাৰ্যক সেউজ গৃহ প্ৰভাৱ বুলি কোৱা হয়।
২। ইয়াৰদাং কি?
উঃ ইয়াৰদাং হৈছে এক প্ৰকাৰৰ অবয়ব, যত দীঘলীয়া শিৰা আৰু অগভীৰ লো বা গাঁতৰ উপস্থিত পৰিলক্ষিত হয়।
ভূ-আকৃতিক প্রক্রিয়া কাক বােলা হয় ?
উত্তৰঃ স্থলাকৃতিৰ সৃষ্টি আৰু বিকাশৰ লগত জড়িত প্রক্রিয়াবােৰক ভূ-আকৃতিক প্রক্রিয়া বােলা হয়।
বতাহে কি কি কার্য সম্পাদন কৰে?
উত্তৰঃ বতাহে মৰুভূমিত খনন, পৰিবহণ আৰু অৱক্ষেপণ— এই তিনিওটা কার্য সম্পাদন কৰে।
বাৰখান কাক বােলে ?
উত্তৰঃ কোনাে কোনাে ঠাইত পৰিস্থিতি সাপেক্ষে অর্ধচন্দ্রাকৃতিৰ বালিয়াৰিৰাে সৃষ্টি হয়। এইবােৰক বাৰখান (Barkhan) বােলে।