ভাৰতৰ বৈদেশিক নীতি Class 10 – বুৰঞ্জী (ঐচ্ছিক) দশম শ্ৰেণীৰ

ভাৰতৰ বৈদেশিক নীতি Class 10 |  বুৰঞ্জী সপ্তম অধ্যায় | Class 10 Elective History Chapter 7 Assamese Medium | Class 10 Elective History | দশম শ্ৰেণীৰ বুৰঞ্জী (ঐচ্ছিক) | ইতিহাস অষ্টম অধ্যায়

বিষয় বুৰঞ্জী (ঐচ্ছিক)
কিতাপৰ নামদশম শ্ৰেণীৰ বুৰঞ্জী
পাঠৰ নামভাৰতৰ বৈদেশিক নীতি
শ্ৰেণী দশম
বিষয়ৰ ধৰণ(ঐচ্ছিক) Elective History
অধ্যায়অষ্টম অধ্যায়
পাঠ্যক্ৰমছেবা (SEBA)

ভাৰতৰ বৈদেশিক নীতি Class 10

১। অতি চমু উত্তৰ দিয়া :
(তলত দিয়া ঘটনাসমূহৰ চন-তাৰিখ উল্লেখ কৰা)

ক) কন্যা শিশু বর্ষ।
উত্তৰ : ১৯৯০ চন।

খ) যুৱবর্ষ।
উত্তৰ : ১৯৯৪ চন।

গ) তিন বিঘা সম্পৰ্কীয় ভাৰত-বাংলাদেশ চুক্তি।
উত্তৰ : ১৯৯২ চনৰ ২৬ মার্চ।

ঘ) ভাৰত-পাক ছিমলা চুক্তি।
উত্তৰ : ১৯৭২ চন।

ঙ) ভাৰতীয় জাতীয় কংগ্ৰেছৰ লক্ষ্ণৌ অধিৱেশন।
উত্তৰ : ১৯৩৬ চন।

চ) দৰিদ্ৰতা নিৰ্মূলকৰণ বর্ষ।
উত্তৰ : ১৯৯৫ চন।

ছ) নিৰক্ষৰতা দূৰীকৰণ বৰ্ষ।
উত্তৰ : ১৯৯৬ চন।

জ) পৰিৱেশ সংৰক্ষণ বর্ষ।
উত্তৰ : ১৯৯২ চন।

ভাৰতৰ বৈদেশিক নীতি Class 10

২। চমু উত্তৰ দিয়া :

(ক) ছাৰ্কৰ মুখ্য কাৰ্যালয় ক’ত আছে?
উত্তৰ : ছাৰ্কৰ মুখ্য কাৰ্যালয় নেপালৰ কাঠমাণ্ডুত আছে।

(খ) এছিয়ান ইকনমিক কমিউনিটীৰ আন কি নামেৰে নামকৰণ কৰা হয়?
উত্তৰ : ইয়াক ছাপটা বুলিও কোৱা হয়। SAPTA : South Asian Preferential Trade Asscint.

(গ) ছাৰ্কৰ মুখ্য উদ্দেশ্য কি?
উত্তৰ : ছাৰ্কৰ মূল উদ্দেশ্য হ’ল শান্তি-সম্প্ৰীতি অক্ষুণ্ণ ৰাখি সদস্যভুক্ত দেশসমূহৰ অৰ্থনৈতিক, সামাজিক আৰু সাংস্কৃতিক উন্নয়ন সাধন কৰা।

লগতে পঢ়ক:   দ্বিতীয় বিশ্বযুদ্ধ Class 10 – চতুর্থ অধ্যায় বুৰঞ্জী (ঐচ্ছিক)

(ঘ) ছাৰ্কৰ কোনখন সন্মিলনত আৰু কোন চনত SAPTA গঢ়ি তোলা হৈছে?

উত্তৰ : ১৯৯৩ চনৰ ১১ এপ্ৰিলত ঢাকাত অনুষ্ঠিত হোৱা ছাৰ্কৰ সন্মিলনত SAPTA নামৰ বাণিজ্যিক আদান- প্ৰদান বৃদ্ধি কৰিবলৈ গঢ়ি তোলা হৈছিল।

Class 10 Elective History Chapter 7

(ঙ) চীনৰ সৈতে ভাৰতবৰ্ষৰ সম্পৰ্ক।
উত্তৰ : চীন আৰু ভাৰতবৰ্ষ দুয়োখনেই প্রাচীন সভ্যতাৰ দেশ। অতীজৰ পৰাই দুয়োখন দেশৰ মাজত ব্যৱসায় সাংস্কৃতিক সম্পর্ক চলি আছে। ১৯৪৯ চনত চীন দেশত স্বাধীন কমিউনিষ্ট শাসন প্ৰৱর্তন হোৱাৰ প্ৰায় লগে লগে ভাৰতবৰ্ষই সেই চৰকাৰক স্বীকৃতি প্রদান কৰি বন্ধুত্বসুলভ সম্পৰ্ক ৰক্ষা কৰিবলৈ যত্নপৰ হৈছে। চীন দেশেও ভাৰতৰ পঞ্চশীল নীতিৰ আধাৰত বিশ্বশান্তি প্রতিষ্ঠাৰ বাবে ১৯৫৪ চনত দ্বিপাক্ষিক চুক্তি স্বাক্ষৰ কৰে। কিন্তু ১৯৫২ চনত দুয়োখন দেশৰ মাজত সীমা বিবাদক লৈ সংঘৰ্ষৰ সৃষ্টি হোৱাত বন্ধুত্বৰ অৱনতি ঘটিছিল। সীমা বিবাদ সম্পূর্ণকৈ সমাধান হোৱা নাই যদিও চীনদেশ আৰু ভাৰতবৰ্ষৰ মাজৰ সম্পৰ্কৰ বৰ্তমান উন্নতি ঘটিছে। গোলকিকৰণ হোৱাৰ পিছত দুয়োখন দেশেই আলোচনাৰ মাধ্যমেৰে বহু সমস্যা সমাধান কৰিছে। অর্থনৈতিক আৰু বাণিজ্যিক সম্পর্ক আগতকৈ বৃদ্ধি পাইছে। দুয়োখন দেশৰ নেতৃবৃন্দৰ পৰস্পৰে কৰা ভ্ৰমণ আৰু কূটনৈতিক আলোচনাই এইক্ষেত্ৰত যথেষ্ট অৰিহণা যোগাইছে।

(চ) পাকিস্তানৰ সৈতে ভাৰতবৰ্ষত সম্পর্ক।
উত্তৰ : ১৯৪৭ চনৰ ১৪ আগষ্টৰ দিনা পাকিস্তান স্বাধীন হয়। ভাৰতবৰ্ষ স্বাধীন হয় তাৰ পিছদিনা ১৫ আগষ্টত। তাৰ আগতে দুয়োখন ৰাষ্ট্ৰ এক আছিল। শাসন শেষ হোৱাত অর্থনৈতিক শোষণা তথা নিয়ন্ত্ৰণৰ সুবিধার্থে স্বাধীনতা প্ৰদান কৰোতেই ইংৰাজে বিভাজন নীতিৰে বিভেদৰ বীজ সিঁচি থৈ গৈছিল। যাৰ বাবে আজিও দুয়োখন ৰাষ্ট্ৰৰ মাজত সম্পূর্ণ বন্ধুত্ব গঢ়ি উঠা নাই। দুয়োখন ৰাষ্ট্ৰৰ মাজত সুসম্পর্ক গঢ়ি নুঠাৰ অন্যতম কাৰণ হ’ল কাশ্মীৰ সমস্যা। ১৯৪৭ চনত ভাৰতৰ স্বাধীনতাৰ সময়ত কাশ্মীৰ কোনো এখন দেশৰ লগতে চামিল হোৱা নাছিল। পাকিস্তানে কাশ্মীৰ আক্ৰমণ কৰি নিজৰ লগত চামিল কৰিবলৈ চেষ্টা কৰাত কাশ্মীৰে ভাৰতৰ সহায় বিচাৰে আৰু ভাৰতৰ লগত চামিলৰ দলিলত স্বাক্ষৰ কৰে। ফলত ভাৰত পাকস্তান যুদ্ধ আৰম্ভ হয়। ভাৰতে বিষয়টো ৰাষ্ট্ৰসংঘত উত্থাপন কৰে যদিও ই আজিলৈকে মীমাংসা হোৱা নাই।

লগতে পঢ়ক:   গোষ্ঠী নিৰপেক্ষ আন্দোলন Class 10 – বুৰঞ্জী সপ্তম অধ্যায়

দেশ বিভাজনৰ ফলত পাকিস্তানৰ পৰা অহা ভগনীয়া সমস্যা, বাংলাদেশৰ স্বাধীনতা যুদ্ধ, কার্গিল যুদ্ধ, সংসদভৱন আৰু মুম্বাইত পাকিস্তানৰ সন্ত্রাসবাদীৰ আক্ৰমণ আদি বিভিন্ন কাৰণত দুয়োখন দেশৰ মাজত সামৰিক উত্তেজনা সৃষ্টি হৈ আছে। ইতিমধ্যে SEATO আৰু CENTO চুক্তিৰ আমেৰিকা যুক্তৰাষ্ট্ৰই পাকিস্তানক অস্ত্র-শস্ত্ৰৰ যোগান ধৰা, ভাৰতে পৰমাণু বোমা নিৰ্মাণ কৰাৰ পিছত পাকিস্তানেও পৰমাণু বোমা তৈয়াৰ কৰা আদিয়ে দুয়োখন দেশৰ মাজত উত্তেজনা বৃদ্ধি কৰি আছে। ভাৰত আৰু পাকিস্তানৰ মাজৰ বিবাদসমূহ সমাধানৰ বাবে ১৯৬৬ আৰু ১৯৬৭ চনত দুখনকৈ দ্বিপাক্ষিক চুক্তিও সম্পাদিত হৈছে। কিন্তু ই সম্পূৰ্ণকৈ কাৰ্যকাৰী নোহোৱাত সমস্যাসমূহৰ স্থায়ী সমাধান হোৱা নাই। তথাপিও গোষ্ঠী নিৰপেক্ষ আন্দোলন, ছাৰ্ক, ৰাষ্ট্ৰসংঘৰ প্ৰচেষ্টাত সামৰিক উত্তেজনা থাকিলেও সামৰিক সংঘৰ্ষৰ ৰূপ ল’ব পৰা নাই।

ভাৰতৰ বৈদেশিক নীতি Class 10

৩। ৰচনাধৰ্মী প্রশ্ন :

১। ভাৰতবৰ্ষৰ বৈদেশিক নীতিৰ মূল লক্ষ্য আৰু উদ্দেশ্য কি কি?
উত্তৰ : ভাৰতৰ প্রথম প্রধান মন্ত্ৰী জৱাহৰলাল নেহৰুৰ নেতৃত্বত ভাৰতৰ বৈদেশিক নীতিসমূহ নিৰূপিত হৈছে। পঞ্চশীল নীতি আৰু গোষ্ঠী নিৰপেক্ষতা ভাৰতৰ বৈদেশিক নীতিৰ মূল আধাৰ। ইয়াৰ মূল লক্ষ্য আৰু উদেশ্যে হ’ল—
(ক) প্রত্যেক দেশৰ অখণ্ডতা আৰু সাৰ্বভৌমত্বৰ প্ৰতি শ্রদ্ধাশীল হোৱা।

(খ) আন দেশক আক্রমণ নকৰা।
(গ) আন দেশৰ আভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ নকৰা।
(ঘ) সকলো দেশকে সম বিবেচনা কৰা।
(ঙ) শান্তিপূর্ণ সহাৱস্থান কৰা।
(চ) উপনিৱেশ আৰু সাম্ৰাজ্যবাদৰ অৱসান ঘটোৱা।
(ছ) পৰাধীন আৰু শোষিত জাতি আৰু দেশসমূহক সমর্থন দি স্বাধীনতাৰ পথ মুকলি কৰা।
(জ) আত্মনিৰ্ভৰশীলতা।
(ঝ) গোষ্ঠী নিৰপেক্ষতা
ঞ) বর্ণবৈষম্যৰ বিৰোধিতা কৰা।
(ট) ৰাষ্ট্ৰসমূহৰ অৰ্থনৈতিক বৈষম্য আঁতৰ কৰা।
(ঠ) নিৰস্ত্ৰীকৰণ কৰা।
(ড) পৰস্পৰে বিবাদসমূহৰ শান্তিপূর্ণ সমাধান কৰা। ইত্যাদি।
উল্লিখিত লক্ষ্যসমূহ ভাৰতৰ বৈদেশিক নীতিৰ আধাৰ হিচাবে গ্ৰহণ কৰাৰ কাৰণ আছিল অতি দূৰদৰ্শী। সমগ্ৰ বিশ্বৰ ৰাষ্ট্ৰসমূহ হয় সমাজবাদী ৰাছিয়াৰ শিবিৰত নহয় পুঁজিবাদী আমেৰিকা যুক্তৰাষ্ট্ৰৰ শিবিৰত অৱস্থান লোৱাৰ পৰিপ্ৰেক্ষিতত সদ্য স্বাধীন দেশবোৰে তৃতীয় এটা শিবিৰত অৱস্থান কৰা। ভাৰতৰ বৈদেশিক নীতিৰ এই উদেশ্য নিশ্চয় দূৰদৰ্শী আৰু সুদূৰ প্ৰসাৰী।

লগতে পঢ়ক:   ৰাষ্ট্ৰসংঘ Class 10 – পঞ্চম অধ্যায় বুৰঞ্জী (ঐচ্ছিক) দশম শ্ৰেণী

২। কি ঐতিহাসিক পৰিস্থতিত পঞ্চশীল নীতি ভাৰতবৰ্ষৰ বৈদেশিক নীতিৰ আধাৰৰূপে পৰিগণিত হৈছিল আলোচনা কৰা।
উত্তৰ : ১৯৪৭ চনৰ ১৫ আগষ্টত ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰি এখন স্বকীয় ৰাষ্ট্ৰ হিচাবে পৰিহণিত হয়। দেশৰ ঐতিহাসিক পৰস্পৰা, উপনিৱেশিক আৰু সাম্ৰাজ্যবাদীৰ কৱলৰ পৰা নিজকে স্বাধীন কৰাৰ যি অভিজ্ঞতা তাৰ ওপৰত ভিত্তি কৰিয়েই ভাৰতৰ বৈদেশিক নীতি নিৰ্দ্ধাৰণ কৰা হৈছে। উপনিৱেশিক শাসনৰ বিৰোধিতা, গোষ্ঠী নিৰপেক্ষতা আৰু বৌদ্ধ ধৰ্মৰ পঞ্চশীল নীতি ভাৰতবৰ্ষৰ বৈদেশিক নীতিৰ মূল আধাৰ। পঞ্চশীল নীতি হৈছে পৰাস্পৰিক সহাৱস্থানৰ ৫টা নীতি। কমিউনিষ্ট চীনৰ ৰাষ্ট্ৰ প্ৰধান মাতচে টুঙে পঞ্চশীল নীতিক বিশ্বৰ ৰাষ্ট্ৰসংহৰ মাজত পৰস্পৰিক সহাৱস্থানৰ বাবে ব্যৱহাৰ কৰিবলৈ যত্ন কৰিছিল। ১৯৫৪ চনত নতুন দিল্লীত ভাৰতৰ প্ৰধান মন্ত্ৰী জৱহৰলাল নেহৰু আৰু চীনৰ প্ৰধান মন্ত্রী এই পঞ্চশীল নীতিকে বৈদেশিক নীতিৰ আধাৰ হিচাবে গ্ৰহণ কৰে।

তিব্বত চীনে অধিকাৰ কৰাৰ পিছতো ভাৰতে ইয়াৰ প্ৰতিবাদ কৰা নাছিল৷ কাৰণ ঐতিহাসিকভাৱে তিব্বতত চীনৰ অধিকাৰ সাব্যস্ত হয়। পিছত চীনৰ তিব্বতত হস্তক্ষেপ সম্পৰ্কত হোৱা আলোচনাত গ্রহণ কৰা পঞ্চশীল নীতিৰ চৰ্তসমূহে আন্তঃৰাষ্ট্ৰীয় ৰাজনীতোতো প্ৰভাৱ বিস্তাৰ কৰে। ১৯৫৫ চনত বান্দুং সন্মিলনেও গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ নীতি হিচাবে পঞ্চশীল নীতিকে গ্ৰহণ কৰে। পঞ্চশীল নীতি হৈছে
(ক) সার্বভৌমত্ব আৰু ৰাষ্ট্ৰীয় অখণ্ডতাৰ প্ৰতি পাৰস্পৰিক স্বীকৃতি আৰু সন্মান জনোৱা।
(খ) পৰস্পৰে অনাক্রমণ নীতিত বিশ্বাস কৰা।
(গ) পৰস্পৰে আভ্যন্তৰীণ ৰাজনৈতিক বিষয়ত হস্তক্ষেপ নকৰা।
(ঘ) সমানাধিকাৰৰ ভিত্তিত পৰস্পৰে সুবিধাৰ সৃষ্টি কৰা ৷ আৰু
(ঙ) শান্তিপূর্ণ সহাৱস্থান।

প্রশ্ন: ছাৰ্কৰ মুখ্য কাৰ্যালয় ক’ত আছে?

উত্তৰ : ছাৰ্কৰ মুখ্য কাৰ্যালয় নেপালৰ কাঠমাণ্ডুত আছে।

প্রশ্ন: ছাৰ্কৰ মুখ্য উদ্দেশ্য কি?

উত্তৰ : ছাৰ্কৰ মূল উদ্দেশ্য হ’ল শান্তি-সম্প্ৰীতি অক্ষুণ্ণ ৰাখি সদস্যভুক্ত দেশসমূহৰ অৰ্থনৈতিক, সামাজিক আৰু সাংস্কৃতিক উন্নয়ন সাধন কৰা।

প্রশ্ন: ছাৰ্কৰ কোনখন সন্মিলনত আৰু কোন চনত SAPTA গঢ়ি তোলা হৈছে?

উত্তৰ : ১৯৯৩ চনৰ ১১ এপ্ৰিলত ঢাকাত অনুষ্ঠিত হোৱা ছাৰ্কৰ সন্মিলনত SAPTA নামৰ বাণিজ্যিক আদান- প্ৰদান বৃদ্ধি কৰিবলৈ গঢ়ি তোলা হৈছিল।

Leave a Comment

Your email address will not be published. Required fields are marked *


Scroll to Top