Home » বৈচিত্র্যময় অসম দশম শ্ৰেণী » মৰাণসকল Class 10 – বৈচিত্র্যময় অসম দশম শ্ৰেণী মৰাণসকল

মৰাণসকল Class 10 – বৈচিত্র্যময় অসম দশম শ্ৰেণী মৰাণসকল

মৰাণসকল Class 10
বিষয় অসমীয়া
কিতাপখনৰ নামবৈচিত্র্যময় অসম
পাঠৰ নামমৰাণসকল
শ্ৰেণী দশম (X)
পাঠ্যক্ৰম (Syllabus)ছেবা (SEBA)

মৰাণসকল Class 10

প্রঃ ১। মৰাণসকল কোন?
উঃ মৰাণসকল বৃহৎ কিৰাট মঙ্গোলীয় গােষ্ঠীৰ এটা জনজাতীয় গােট।

প্র : ২। অসম আৰু অৰুণাচলৰ কোন কেইখন জিলাত মৰাণসকলৰ বসতি বেছি?
উঃ অসমৰ তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলা আৰু অৰুণাচলৰ নামচাই আৰু চাংলাং জিলাত বাস কৰাৰ লগতে মৰাণসকলৰ শিৱসাগৰ, যােৰহাট, চৰাইদেউ, ধেমাজি আদি জিলাসমূহত বসতি বেছি।

প্র : ৩। বুৰঞ্জীত উল্লেখ থকা বাৰঘৰ কছাৰীৰ নাম লিখা।
উঃ (১) দমচয় (ডিমাচা)-২) ইনটুহজয় (হােজাই) (৩) বিহদয় (বড়াে) (৪) জুহল-লুইৱা (লালুং বা তিৱা) (৫) বাদু সােনলয় (সােনােৱাল) (৬) ইনটু মিনয় (মৰাণ) (৭) দিউনয় (দেউৰী) (৮) ইনটু-মেচয় (মেছ) (৯) কুচুবঁয় (কোচ) (১০) ইনটু-গাৰােয় (গাৰ) (১১) ৰাভা কিৰাটয় (ৰাভা) (১২) বাদু হজয় (হাজং)।

Winter Sale

প্রঃ ৪। ১০টা মৰাণ ভাষাৰ শব্দ লিখা।
উ : (১) দি (পানী) (২) সিম (নিমখ) (৩) মাই (ধান) (৪) চান (সূর্য) (৫) মাইম (চাউল) (৬) মিয়াম (ভাত) (৭) মহন (মাংস) (৮) হান (চাহ) (৯) হিৱা (মতা) (১০) হিচি (মাইকী)।

প্রঃ ৫। মৰাণসকলৰ ঐতিহাসিক যুগৰ ৰাজ্যখনৰ চাৰিসীমা উল্লেখ কৰা।
উঃ চাউলুং চুকাফা অহাৰ সময়ত মৰাণসকলৰ এখন স্বাধীন ৰাজ্য আছিল। ৰাজ্যখনৰ সীমা আছিল— উত্তৰে বুঢ়ীদিহিং, দক্ষিণে দিচাং, পূবে চফ্রাই আৰু পশ্চিমে ব্রহ্মপুত্র।

প্র : ৬। বদৌছা শব্দৰ অর্থ কি?
উঃ বদৌছা শব্দৰ অৰ্থ হ’ল বড়ােৰ সন্তান।

প্রঃ ৭। মৰাণসকলৰ ঐতিহাসিক যুগৰ অন্তিমজন ৰজাৰ নাম কি আছিল?
উঃ মৰাণসকলৰ ঐতিহাসিক যুগৰ অন্তিমজন ৰজাৰ নাম আছিল–বদৌছা।

প্র : ৮। মৰাণসকলে বহাগ বিহু কেতিয়া আৰু কেনেকৈ পালন কৰে?
উঃ বিহুৱেই মৰাণসকলৰ প্ৰধান উৎসৱ। বহাগৰ প্রথম মঙ্গলবাৰে দেৱ-দেৱীৰ পূজা-অর্চনা কৰি মৰাণসকলে বিহু নমাইছিল আৰু মঙ্গলবাৰে উৰুকা, বুধবাৰে গৰুবিহু আৰু বৃহস্পতিবাৰে মানুহ বিহুৰূপে সাত দিন সাত ৰাতি বিহু মাৰে।

বৈচিত্র্যময় অসম দশম শ্ৰেণী মৰাণসকল

প্রঃ ৯। মৰাণসকলৰ জাতীয় খেতি কি?
উঃ মৰাণসকলৰ জাতীয় খেতি হ’ল— সুমথিৰা বা কমলা খেতি।

প্রঃ ১০ | মৰাণসকলৰ জাতীয় পশু আৰু জাতীয় গছৰ নাম লিখা।
উঃ মৰাণসকলৰ জাতীয় পশু হাতী আৰু জাতীয় গছৰ নাম হ’ল- হােলু।

প্র : ১১। মৰাণসকলৰ ডেকাসকলৰ দলপতিৰ দায়িত্ব কেনেধৰণৰ ?
উঃ মৰাণসকলৰ ডেকাসকলৰ মাজত এজন দলপতি আৰু এজন উপদলপতি থাকে। তেওঁলােকে সমাজ পৰিচালনাত আগভাগ লয়।

প্রঃ ১২। কত কত মৰাণসকলৰ দেৱ-দেৱীৰ পূজাৰ শাল আছিল?
উ : শদিয়াৰ কেঁচাইখাতী থানৰ লগতে তিনিচুকীয়া জিলাৰ মাকুমৰ যজোখােৱা, দেওশাল, চৰাইদেউ আদিত শাল পাতি দেৱ-দেৱীৰ পূজা কৰিছিল।

প্রঃ ১৩। মৰাণসকলৰ দুবিধ নৃত্যৰ নাম লিখা।
উঃ মৰাণসকলৰ দুবিধ নৃত্যৰ নাম হ’ল—(১) কুলাবুঢ়ী নৃত্য (২) যুঁজা নৃত্য।

প্রঃ ১৪। মৰাণসকলৰ দুগৰাকী বীৰাঙ্গণাৰ নাম লিখা।
উঃ মৰাণসকলৰ দুগৰাকী বীৰাঙ্গণাৰ নাম হ’ল—(১) ৰাধা আৰু (২) ৰুকুণী।

প্রঃ ১৫। কেতিয়া আৰু কাৰ সহযােগত ‘অসম মৰাণ সভা গঠন হয়?
উঃ ১৯৬৫ চনত মােহন শইকীয়াৰ সহযােগত অসম মৰাণ সভা গঠন হয়।

Leave a Comment

Stay informed about the latest Educational Update website. We provide timely and accurate information on upcoming Exam, application deadlines, exam schedules, and more.

📱 Get AssamWeb App

Unlock free PDFs, mock tests, and certificates with our mobile app. Faster, smoother, and made for students 📚✨

🚀 Install from Play Store One-time reminder • No spam