প্ৰশস্তি Class 10 Assamese Chapter 3 Question Answer

Get detailed question answers for Class 10 Assamese Chapter 3 “প্ৰশস্তি” in this comprehensive blog post. Ace your exams with our in-depth explanations and enhance your understanding of the chapter.

প্ৰশস্তি কবিতা
বিষয় অসমীয়া (Assamese)
কিতাপখনৰ নামঅসমীয়া সাহিত্য চয়নিকা
পাঠৰ নামপ্ৰশস্তি
কবিৰঘুনাথ চৌধাৰী
শ্ৰেণী দশম (X)
অধ্যায় অধ্যায় 3
পাঠ্যক্ৰম ছেবা (SEBA)

প্ৰশস্তি Class 10 Assamese Chapter 3

প্র : ১। (ক) ৰঘুনাথ চৌধাৰীক কি কবি বুলি জনা যায় ?
উঃ ৰঘুনাথ চৌধাৰীক বিহগী কবি বুলি জনা যায়।

(খ) ৰঘুনাথ চৌধাৰীৰ কবিতা-পুথি দুখনৰ নাম লিখা।
উ : ৰঘুনাথ চৌধাৰীৰ কবিতা-পুথি দুখনৰ নাম হ’ল (১) সাদৰী আৰু (2) কেতেকী।

(গ) প্রকৃতিক কোনে সাদৰি আনিলে বুলি কবিয়ে কৈছে ?
উঃ কিশলয়দলে প্রকৃতিক সাদৰি আনিলে বুলি কবিয়ে কৈছে।

(ঘ) মন্দিৰৰ উপেক্ষিত কি ফুলে প্রেম পৰিমল যচা বুলি কবিয়ে কৈছে?
উঃ মন্দিৰৰ উপেক্ষিত ৰবাব টেঙা ফুলে প্রেম পৰিমল যচা বুলি কবিয়ে কৈছে।

(ঙ) জল, স্থল আৰু ক’ত দেৱতাৰ মহা অভিযান চলিছে?
উঃ জল, স্থল আৰু অন্তৰীক্ষ বা আকাশত দেৱতাৰ মহা অভিযান চলিছে বুলি কৈছে।

(চ) মহামহিমৰ গান কিহে গায় বুলি কবিয়ে কৈছে?
উঃ কীচক বাঁহেৰে মহামহিমৰ গান গায় বুলি কবিয়ে।

প্ৰশস্তি কবিতা Class 10 Assamese

প্র : ২। কবিতাটোত কবিয়ে প্রকৃতিৰ কি কি বস্তু টানি আনিছে লিখা।
উঃ কবিতাটোত কবিয়ে প্রকৃতিৰ বিভিন্ন বস্তুক বর্ণনাৰ আওতালৈ আনিছে। সেইবােৰ হ’ল —ঊষা, কিশলয়, চামৰ, কুসুম, ৰবাব, অন্তৰীক্ষ, কীচক বেণু আৰু বিহঙ্গ

প্রঃ ৩। কবিতাটোত কবিয়ে কিয় আৰু কাৰ  প্ৰশস্তি কৰিছে।
উঃ  প্ৰশস্তি নামৰ কবিতাটিত কবিয়ে দৰাচলতে এই ধুনীয়া পৃথিৱীখনৰ সৃষ্টিকর্তা ভগৱানৰ বন্দনা কৰিছে। কিয়নাে ভগৱনৰ অপাৰ কৰুণাৰ বাবেহে আমি এনে এখন সুন্দৰ পৃথিৱীৰ বাসিন্দা হৈছে। এই পৃথিৱীখন ভগৱানে বৰ সুন্দৰকৈ সজাইছে। পুৱাৰ সােণালী কিৰণ, ভিন্নৰঙী সুগন্ধি ফুলৰ সুষমা, গছে বিৰিখে সুমধুৰ কাকলিৰে নাচি-বাগি জপিয়াই ফুৰা নানাৰঙী চৰাই-চিৰিকটি, নদী, নিজৰা, নিশাৰ আকাশত জিলমিলাই থকা তাৰকাৰাজি এই সকলােবােৰে পৃথিৱীখনক এক নান্দনিক সৌন্দর্য প্রদান কৰিছে। সেয়ে ভগৱানৰ গুণমুগ্ধক কবিয়ে পৰম আন্তৰিকতাৰে নেদেখাজনৰ প্ৰশস্তি কৰিছে।

প্র: ৪। কবিতাটোত প্ৰকৃতিৰ সুধাৰ মাজত কিদৰে সুন্দৰৰ সাধনা  লুকাই আছে? {HSLC 2023}
উঃ কবিতাটিৰ মাজেদি “সুন্দৰৰ সাধনা জীৱনৰখেল” এই বাক্যশাৰী বৰ সুন্দৰৰূপত প্ৰকট হৈছে। প্ৰকৃতিৰ অনবদ্য ৰূপ বর্ণনাত সিদ্ধহস্ত কবি চৌধুৰীদেৱে অতি সুন্দৰকৈ প্ৰকৃতিৰ বিনন্দীয়া ৰূপ ফুটাই তুলিছে। পুৱাৰ হেঙুলীয়া সূৰুযৰ আভাৰে জকমকীয়া পৃথিৱী, নৱগন্নত্রিত কুঁহিপাতে যেন প্রকৃতিদেৱীক বা দি আদৰণি জনাইছে। সুন্দৰৰ সন্ধান কৰোতাজনে প্রকৃতিৰ সাধাৰণ বৰ্ত্তৰ মাজতাে অসাধাৰণ সৌন্দর্যৰ সন্ধান কৰে। বন- বিহুগীৰ সুমধুৰ কলকলনিৰ মাজত কবিয়ে দেখা পাইছে অপার্থিব সৌন্দর্য। সমগ্র বিশ্বব্রহ্মাণ্ডৰ প্ৰতিটো অনু-পৰমাণুতেই কবিয়ে অনাবিল সৌন্দর্যৰ সন্ধান কৰিছে।

লগতে পঢ়ক:   অৰুণিমা সিনহা Class 10 (সম্পূৰ্ণ প্ৰশ্নোত্তৰ) দশম শ্ৰেণী অসমীয়া

প্ৰশস্তি কবিতাটোৰ মূলভাৱ লিখা

প্রঃ ৫| প্ৰশস্তি কবিতাটোৰ মূলভাৱ লিখা।
উ: মুলভাৱঃ ৰঘুনাথ চৌধাৰীদেৱে প্ৰশস্তি নামৰ কবিতাটিৰ মাজেদি প্ৰকৃতিৰ অতুলনীয় সৌন্দর্যৰাশি বর্ণনা কৰিছে। ইয়াৰ লগতে কবিজনাই প্রকৃতিৰ এই অপূর্ব সৌন্দর্যৰ মাজত বাৰম্বাৰ ভগৱানৰ অস্তিত্ব অনুভৱ কৰিছে। ভক্তিমাগত বিশ্বাসী কবিজনাই সেয়ে অমৃত সন্তান মানুহক মুক্তিৰ বাট বিচাৰিবলৈ আহ্বান জনাইছে।

পুৱাৰ হেঙুলীয় কিৰণে পৃথিৱী ঢৌৱাই যােৱাৰ লগে লগে কুমলীয়া কুঁহিপাতবিলাকে হালি-জালি প্রকৃতিদেবীক যেন পুৱাৰ সম্ভাষণ জনায়। বতাহৰ বােকোচাত ভিন্নৰঞ্জী ফুলৰ সুবাসে চৌদিশ আমােলমােলাই তােলে। সকলােৱে যেন পৰম-পুৰুষ ভগৱানৰ সন্ধান কৰে। সমগ্র বিশ্ব ব্রহ্মাণ্ডখন যেন ভগৱানৰ আশীষধন্য হৈ ৰঙত মতলীয়া হৈ পৰে। পুৱাৰ এনে  শুভ লগনত কবিয়ে সকলােকে মুক্তিৰ বাট বিচাৰিবলৈ আহ্বান জনাইছে। বতাহৰ হাে-হােৱনিতাে কবিয়ে যেন শুনিবলৈ পাইছে কৃষ্ণৰ মােহন বেণুৰ ধ্বনি। প্রকৃতিৰ লাৱণ্যময়ী ৰূপৰ মাজত কবিয়ে যি সৌন্দৰ্যৰ সন্ধান কৰিছে, সেয়া দৰাচলতে তেখেতৰ আধ্যাত্মিক চেতনাৰেই ফলশ্রুতি। কবিতাটোৰ মাজত অনুৰণিত হােৱা আধ্যাত্মিক চেতনাই কবিতাটিক এক বিশেষ মাত্রা প্রদান কৰিছে।

৬। উঠা হে ঋত্বিক ধ্যানী অমৃতৰ পুত্ৰ,
উঠা যত মুক্তি পথযাত্রী।’— কবিয়ে কিয় এনেদৰে আহ্বান জনাইছে বুজাই লিখা।

উত্তৰ : কবিয়ে গোটেই কবিতাটোৰ মাজত নেদেখাজনৰ অস্তিত্ব দেখিবলৈ পাইছে। প্ৰকৃতিৰ ৰূপ আৰাধনাৰ মাজত ঈশ্বৰ ভক্তিৰ স্বৰূপ সোমাই আছে। কবিয়ে অমৃতৰ সন্তান ঋতুৰাজক কালৰাত্ৰিৰ শেষত মুক্তিৰ পথ বিচাৰিবলৈ আহ্বান জনাইছিল। যাতে ভগৱানক আৰাধনা কৰি সকলো ঈশ্বৰৰ লগত বিলীন হৈ যাব পাৰে। সকলো মুক্তিৰ পথ বিচৰা যাত্ৰীসকলক মহাকালৰাত্ৰিৰ শেষত মুক্তি বিচৰাৰ কথা কৈছে।

প্রঃ ৭|  সুন্দৰৰ ৰূপ ধ্যান কৰিবলৈ কবিয়ে ভক্তবৃন্দ কিয় আহ্বান জনাইছে?
উঃ প্ৰশস্তি কবিতাটিত কবি চৌধাৰীদেৱে প্ৰকৃতিৰ অতুলনীয় ৰূপৰাশি বর্ণনা কৰাৰ সমান্তৰালভাৱে পৰম পুৰুষ ভগৱানৰ মহিমাৰ কথাও ব্যক্ত কৰিছে। ভগৱানেই এই পৃথিৱীখন স্ৰজন কৰিছে, পালন কৰিছে আৰু এদিন সংহাৰ কৰিব। গছ-লতিকা, চৰাই-চিৰিকটি, নদী-নিজৰা, ফুল-তৰা-গানেৰে সমৃদ্ধ এই বিনন্দীয়া প্ৰকৃতিৰ সৌন্দর্য সুধাপান কৰাৰ সময়ত চিৰ সুন্দৰ ভগৱানৰ ধ্যান কৰিবলৈ ভক্তপ্রাণ কবিজনাই সকলােকে নতশিৰে আহ্বান জনাইছে, কিয়নাে “সত্যম শিৱম সুন্দৰম্।”

প্ৰশস্তি Class 10 Assamese Chapter 3 Question Answer

৮। ব্যাখ্যা কৰা 

() উঠে তৰু শিৰে শিৰে বন বিহঙ্গ,
ছন্দভৰা সুমধুৰ তান,
জল স্থল অন্তৰীক্ষ সকলােতে যেন
দেৱতাৰ মহা অভিযান।
উঃ উক্ত কবিতাফাকি আমাৰ পাঠ্যপুথিৰ ৰঘুনাথ চৌধাৰীদেৱে ৰচনা কৰা “প্ৰশস্তি নামৰ কবিতাটিৰ পৰা উদ্ধৃত কৰা হৈছে। প্ৰকৃতিৰ বিনন্দীয়া ৰূপৰ মাজত ভগৱানৰ অস্তিত্ব নিহিত হৈ থকাৰ প্ৰসংগ কবিতাফাকিত অনুৰণিত হৈছে।

গছ-লতিকা, তৰু-তৃণ, চৰাই-চিৰিকটি, নদী-নিজৰা, ফল-ফুলেৰে ভৰা এই ধুনীয়া ধৰণীখন ভগৱানে স্ৰজন কৰিছে। উপজি পুৱাতে বিৰিখৰ ডালে ডালে জপিয়াই-লফিয়াই চৰাই চিৰিকটিবােৰে সুমধুৰ গীত জুৰে। বন-বিহগীৰ কল- কাকলিয়ে সকলােৰে হৃদয়ত আনন্দৰ জোৱাৰ তােলে। এটা নতুন দিনৰ নতুন আশাৰে মানুহে নিজৰ নিজৰ কৰ্মত লিপ্ত হয়। চৰাই-চিৰিকটি বিলাকেও যেন আনন্দত আত্মহাৰা হৈ ভগৱানক কৃতজ্ঞতা জনায়। গােটেই বিশ্বব্রহ্মাণ্ডখনেই যেন আনন্দত আত্মহাৰা হৈ ভগৱানৰ আৰতি কৰে। ভাৰতীয় আধ্যাত্মিক দর্শনত বিশ্বাসী কবিয়ে যেন ক’ব বিচাৰিছে “সমস্ত ভূততে ব্যাপী আছোঁ মই হৰি, সবাকো মানিবা তুমি বিষ্ণুবুদ্ধি কৰি।”

লগতে পঢ়ক:   কানাইৰ চাতুৰী Class 10 দশম শ্রেণী প্ৰশ্নৰ উত্তৰ

(খ) কৰি দীৰ্ণ ধৰাজীৰ্ণ পুঞ্জীভূত ক্লেদ
শেষ হ’ল মহাকালৰাত্ৰি
উঠা হে ঋত্বিক ধ্যানী অমৃতৰ পুত্ৰ
উঠা যত মুক্তি পথযাত্রী।
[H.S.L.C. 2020]
উত্তৰ: প্রস্তুত পদ্যাংশ আমাৰ পাঠ্যপুথি ‘অসমীয়া সাহিত্য চয়নিকা’ৰ অন্তৰ্গত ৰঘুনাথ চৌধাৰীৰ দ্বাৰা ৰচিত কবিতা ‘প্ৰশস্তি’ৰ পৰা লোৱা হৈছে।
কবিয়ে অমৃত সন্তানৰূপী মানুহক কালৰাত্ৰিৰ শেষত মুক্তিৰ পথ বিচাৰিবলৈ আহ্বান জনাইছে। কবিয়ে গোটেই কবিতাটোৰ মাজেৰে অদৃষ্টৰ সন্ধান পাইছে। পুঞ্জীভূত হৈ থকা ক্লেদসমূহ বিদাৰিত হৈছে। লাহে লাহে আন্ধাৰ ৰাতি নাইকিয়া হৈ আহিছে। অমৃতৰ পুত্ৰস্বৰূপ পুৰোহিত তথা পথযাত্রী সকলোকে মুক্তি পথ বিচাৰিবলৈ আহ্বান জনাইছে। কাৰণ ঈশ্বৰৰ মাজতে মানুহৰ মুক্তিৰ পথ সঞ্চিত হৈ থাকে আৰু সেয়েহে কবিয়ে কালৰাত্ৰিৰ শেষত মুক্তিৰ বাট বিচাৰিবলৈ কৈছে।

() মােহন কীচক বেণু অনাহত ছন্দে
গায় মহামহিমৰ গান,
মােহ তন্দ্রালস তেজি উঠা ভক্তবৃন্দ।
সুন্দৰৰ কৰা ৰূপ ধ্যান।
উঃ ব্যাখ্যেয় কবিতাফাকি আমাৰ পাঠ্যপুথিৰ প্ৰশস্তি’ নামৰ কবিতাটিৰ অন্তৰ্গত। কবিতাফাকিৰ মাজেদি কবি ৰঘুনাথ চৌধাৰীদেৱে ভগৱানৰ সৃষ্টিৰ অপাৰ মহিমা বখানিছে।

সুন্দৰৰ আৰাধনাৰ লগে লগে পৰম পুৰুষ ভগৱানৰ আৰাধনা কৰিবলৈ বিনম্র আহ্বান জনাইছে। ভগৱানে তেওঁৰ নিপুণ হাতেৰে বৰ নিখুঁতকৈ এই পৃথিৱীখন সৃষ্টি কৰিছে। পুৱাৰ সােণালী কিৰণ ঢালি পূণৰ আকাশত যেতিয়া বেলিটিয়ে ভুমুকি মাৰে, সেই দৃশ্য অতি মনােমুগ্ধকৰ হৈ পৰে। তাৰ সমান্তৰালভাৱে প্রভাতী পক্ষীৰ গুঞ্জনে ৰূপত ৰহন ঢালে। গছ-লতিকা আৰু বহুৰঙীফুলৰ সুৰভি বতাহৰ বােকোচাত উঠি চৌপাশ আমােলমােলাই তােলে। কবিৰ এনে অনুভৱ হৈছে ভূৱন মােহন কৃষৰ বেণু বাদন যেন বতাহৰ ছন্দেছন্দে অনুৰণিত হৈছে। আধ্যাত্মিক চেতনাৰে পুষ্ট কবিজনাই সকলােতে অনুভৱ কৰিছে ভগৱানৰ অস্তিত্ব। সেয়ে ভক্তপ্রাণ কবিয়ে টোপনিৰ মােহ এৰি পৰম সুন্দৰৰ অনুপম সৌন্দর্যসুধা পান কৰি তেখেতৰ প্রতি ভক্তিঅর্থ নিৱেদন কৰিবৰ বাবে আকুল আহ্বান জনাইছে।

প্ৰশস্তি কবিতা Class 10 Lesson 3

() ভাষা বিষয়ক অর্থ লিখা

শব্দঅর্থ
কিশলয়কুঁহিপাত, গজালি, কোহ।
চিত্তহাৰীঅন্তৰ চুই যােৱা, মন হৰণ কৰা।
অন্তৰীক্ষবিশ্বব্রহ্মাণ্ড।
তালসটোপনিৰভাৱ।
ঋত্বিকপুৰােহিত, যাজক।

(খ) বাক্য ৰচনা কৰা

দশেদিশ:→ বহাগমহীয়া তগৰ ফুলৰ গােন্ধ দশেদিশে বিয়পি। পৰিছে।
উপেক্ষিত :→ সন্তান-সন্ততিৰ দ্বাৰা উপেক্ষিতা মাত্ব-গৰাকীয়ে বৃদ্ধাশ্রমত থাকিবলৈ বাধ্য হৈছিল।
জৰাজীর্ণ :→ জৰাজীর্ণ সাজ পৰিধান কৰা গৰীৱলােকজনক উপেক্ষা নকৰিবা।
অমৃত:→ দেৱতা আৰু অসুৰ লগলাগি ক্ষীৰসাগৰত অমৃত মছন কৰিছিল।
মােহ:→ মায়া-মোহৰ কৱলত পৰি মানুহে পৃথিৱীত নানা অপকর্ম কৰে।

লগতে পঢ়ক:   উদ্যোগী হওঁ আহাঁ Class 10 – অসমীয়া সকলো প্ৰশ্নৰ উত্তৰ

() সমার্থক শব্দ

তৰু→গছ, বিটপ, বিৰিখ, বৃক্ষ, ‘পাদক,
মুক্তি:→পৰিত্ৰাণ, নিষ্কৃতি, নির্বাণ,
সুমধুৰ →সুৱদী, সুৰীয়া, শ্রুতিমধুৰ, সুললিত,
অভিযান→যাত্রা, গমন, ৰাওনা,
ধ্যানী→তপস্বী, যােগী।

FAQ of Class 10 Assamese Chapter 3 Question Answer

প্র : ৰঘুনাথ চৌধাৰীক কি কবি বুলি জনা যায় ?

উঃ ৰঘুনাথ চৌধাৰীক বিহগী কবি বুলি জনা যায়।

প্রঃ প্ৰশস্তি কবিতাটোৰ মূলভাৱ লিখা।

উ: মুলভাৱঃ ৰঘুনাথ চৌধাৰীদেৱে প্ৰশস্তি নামৰ কবিতাটিৰ মাজেদি প্ৰকৃতিৰ অতুলনীয় সৌন্দর্যৰাশি বর্ণনা কৰিছে। ইয়াৰ লগতে কবিজনাই প্রকৃতিৰ এই অপূর্ব সৌন্দর্যৰ মাজত বাৰম্বাৰ ভগৱানৰ অস্তিত্ব অনুভৱ কৰিছে। ভক্তিমাগত বিশ্বাসী কবিজনাই সেয়ে অমৃত সন্তান মানুহক মুক্তিৰ বাট বিচাৰিবলৈ আহ্বান জনাইছে।
পুৱাৰ হেঙুলীয় কিৰণে পৃথিৱী ঢৌৱাই যােৱাৰ লগে লগে কুমলীয়া কুঁহিপাতবিলাকে হালি-জালি প্রকৃতিদেবীক যেন পুৱাৰ সম্ভাষণ জনায়। বতাহৰ বােকোচাত ভিন্নৰঞ্জী ফুলৰ সুবাসে চৌদিশ আমােলমােলাই তােলে। সকলােৱে যেন পৰম-পুৰুষ ভগৱানৰ সন্ধান কৰে। সমগ্র বিশ্ব ব্রহ্মাণ্ডখন যেন ভগৱানৰ আশীষধন্য হৈ ৰঙত মতলীয়া হৈ পৰে। পুৱাৰ এনে  শুভ লগনত কবিয়ে সকলােকে মুক্তিৰ বাট বিচাৰিবলৈ আহ্বান জনাইছে। বতাহৰ হাে-হােৱনিতাে কবিয়ে যেন শুনিবলৈ পাইছে কৃষ্ণৰ মােহন বেণুৰ ধ্বনি। প্রকৃতিৰ লাৱণ্যময়ী ৰূপৰ মাজত কবিয়ে যি সৌন্দৰ্যৰ সন্ধান কৰিছে, সেয়া দৰাচলতে তেখেতৰ আধ্যাত্মিক চেতনাৰেই ফলশ্রুতি। কবিতাটেৰ মাজত অনুৰণিত হােৱা আধ্যাত্মিক চেতনাই কবিতাটিক এক বিশেষ মাত্রা প্রদান কৰিছে।

প্রঃ  সুন্দৰৰ ৰূপ ধ্যান কৰিবলৈ কবিয়ে ভক্তবৃন্দ কিয় আহ্বান জনাইছে?

উঃ প্ৰশস্তি কবিতাটিত কবি চৌধাৰীদেৱে প্ৰকৃতিৰ অতুলনীয় ৰূপৰাশি বর্ণনা কৰাৰ সমান্তৰালভাৱে পৰম পুৰুষ ভগৱানৰ মহিমাৰ কথাও ব্যক্ত কৰিছে। ভগৱানেই এই পৃথিৱীখন স্ৰজন কৰিছে, পালন কৰিছে আৰু এদিন সংহাৰ কৰিব। গছ-লতিকা, চৰাই-চিৰিকটি, নদী-নিজৰা, ফুল-তৰা-গানেৰে সমৃদ্ধ এই বিনন্দীয়া প্ৰকৃতিৰ সৌন্দর্য সুধাপান কৰাৰ সময়ত চিৰ সুন্দৰ ভগৱানৰ ধ্যান কৰিবলৈ ভক্তপ্রাণ কবিজনাই সকলােকে নতশিৰে আহ্বান জনাইছে, কিয়নাে “সত্যম শিৱম সুন্দৰম্।”

Leave a Comment

Your email address will not be published. Required fields are marked *


Scroll to Top