কানাইৰ চাতুৰী Class 10 দশম শ্রেণী প্ৰশ্নৰ উত্তৰ

কানাইৰ চাতুৰী Question Answer

কানাইৰ চাতুৰী
বিষয় (Subject) অসমীয়া (Assamese)
কিতাপখনৰ নাম অসমীয়া সাহিত্য চয়নিকা
পাঠৰ নাম কানাইৰ চাতুৰী
শ্ৰেণী (Class) দশম (X)
অধ্যায় (Chapter) অধ্যায় ১৩
পাঠ্যক্ৰম (Syllabus) ছেবা (SEBA)

Class 10 Assamese কানাইৰ চাতুৰী

অর্থ লিখা :

বিগুটীয়া→ঠাট্টা কৰা | চৌপৰ→চাৰি প্রহৰ। বামন→বিষ্ণুৰ পঞ্চম অৱতাৰ। আসি→আহি। শুতিয়া→শুই। পুহাইল→পুৱাল। ডাক→মাত। হাৰলি→ কিহৰ। বাপি→বােপাই। ৰােষ→খং। সুমৰন্তে →সুৱৰি। খিণ্ডৱে→খণ্ডন বা দূৰ হ’ব।

অতি চমু উত্তৰ দিয়াঃ

(ক) কপিল মুনিৰ মাতৃৰ নাম কি?
উ : কপিল মুনিৰ মাতৃৰ নাম আছিল দেৱহুতি।

(খ) কৃষ্ণক টোপনিৰপৰা জগাবলৈ কোনে আহি যশােদাক কৈছিল?
উঃ কৃষ্ণক টোপনিৰ পৰা জগাবলৈ গােপশিশুসকলে যশােদাক কৈছিল।

(গ) কি ৰূপ ধাৰণ কৰি কৃষই দেৱতাসকলক অমৃত খুৱাইছিল?
উঃ মােহিনী ৰূপ ধাৰণ কৰি কৃষ্ণই দেৱতাসকলক অমৃত খুৱাইছিল।

(ঘ) কৃষ্ণই কিমানদিন টোপনিৰপৰা নুঠাকৈ আৰু নােখােৱাকৈ থাকিব বুলি মাকক জনাইছিল?
উঃ কৃষ্ণই চাৰি-পাঁচদিন টোপনিৰ পৰা নুঠাকৈ আৰু নােখাৱাকৈ থাকিব বুলি মাকক জনাইছিল।

(ঙ) কি ৰূপ ধাৰণ কৰি কৃষ্ণই বলিক ছলনা কৰিছিল?
উঃ কৃষ্ণই বামনৰূপ ধৰি বলিক ছলনা কৰিছিল৷

প্রঃ ২। কৃষ্ণই বিভিন্ন সময়ত কি কি অৱতাৰ ধাৰণ কৰি কেনে কার্য সাধন কৰিছিল পাঠৰ আলমত বর্ণনা কৰা।
উঃ পৃথিৱীত যেতিয়া ধৰ্মৰ গ্লানি হয়, অধৰ্মৰ প্ৰভাৱ বেছি হয়, তেতিয়াই দুষ্টক দমন আৰু শান্তক পালন কৰি ধৰ্ম সংস্থাপনৰ বাবে ভগৱানে যুগে যুগে অৱতাৰ গ্ৰহণ কৰে। কবিতাটিত কৃষ্ণৰ কেইবাটাও অৱতাৰৰ উল্লেখ আছে। পােনতে উল্লেখ হৈছে (১) নাৰায়ণ অৱতাৰৰ কথা। নাৰায়ণে অনন্ত শৰ্যাত শুই থাকোতে তেওঁৰ নাভি পদ্মৰ পৰা ব্ৰহ্মাৰ জন্ম হৈছিল। আৰু ব্ৰহ্মাই জগত সৃষ্টি কৰিছে।

(২) চতুর্ভুজৰূপে কৃষ্ণই ত্রিজগতক চমকিত কৰিছে আৰু লগতে দেৱতাসকলৰ অসুৰৰ প্ৰতি থকা ভয় নাশ কৰিছে।
(৩) সাগৰ মন্থনৰ সময়ত মােহিনীৰূপে অৱতাৰ গ্ৰহণ কৰি অসুৰক চলনা কৰি দেৱতাসকলক অমৃত পান কৰােৱাইছে।
(৪) কপিলৰূপে অৱতাৰ গ্ৰহণ কৰি সাংখ্য দর্শনৰ প্রৱর্তন কৰিছে।
(৫) বামণৰূপে অৱতাৰ গ্ৰহণ কৰি তিনিপদ ভূমি খুজি স্বর্গ- মত্য অধিকাৰ কৰি তৃতীয়পদ থবলৈ ঠাই বিচৰাত বলিয়ে নিজৰ মূৰ পাতি দিছিল। এনেদৰে বলিৰ দর্পচূর্ণ কৰি অসুৰৰ কবলৰ পৰা স্বৰ্গৰাজ্য মুক্ত কৰিছিল।

কানাইৰ চাতুৰী দশম শ্রেণী

প্র : ৩। কবিতাটোত কাঠবাঁজী কাক কৈছে? ইয়াৰ অর্থ কি? এই অপবাদৰ পৰা তেওঁক কোনে ৰক্ষা কৰিলে?
উ : কাঠ-বাঁজী বুলি যশােদাক কোৱা হৈছে। ইয়াৰ অর্থ হৈছে সন্তান জন্ম দিব পৰা ক্ষমতা নােহােৱা তিৰােতা। এই অপবাদৰ পৰা যশােদাক শ্রীকৃষ্ণই ৰক্ষা কৰিছিল।

প্রঃ ৪। তথাপি তোহােক দেখন্তে ডৰত 

         উৰি যায় মােৰ জীউ।
—এই কথাষাৰ কাৰ উক্তি কাক দেখি তেওঁৰ ভয়তে জীউ উৰি যায় বুজাই লিখা।
উঃ এই কথাষাৰ মানৱৰূপী শিশু কৃষ্ণৰ উক্তি। শিশুকৃষ্ণৰ চল-চাতুৰী আৰু দুষ্টামীৰ কাৰণে মাতৃ যশােদাই তেওঁক কঠোৰভাবে শাসন কৰিছিল গােপিনীসকলৰ মুখৰ পৰা পুত্ৰৰ দুষ্টামীৰ কথা শুনি সেইবােৰ সহ্য কৰিব নােৱাৰি যশােদাই হাতত এচাৰিলৈ মাৰিবলৈ শিশু কৃষ্ণক খেদি ফুৰিছিল। তাৰােপৰি এদিন গােটেই দিনটো অর্জুন গছৰ তলত উৰালৰ সৈতে বান্ধি থৈছিল। গৰু, চাৰিবলৈও পঠাইছিল। আহাৰাে আধাপেটিহে খাবলৈ দিছিল। এনেবােৰ কাৰণতে শিশু কৃষ্ণই মাকক দেখিলেই ভয় খাইছিল আৰু তেওঁৰ ভয়তে জীউ উৰি যােৱা যেন পাইছিল।

প্র : ৫। মােহিনী স্বৰূপে অমৃত পিয়ালাে 

      সাধিলো দেৱৰ কাম ।    — বুজাই লিখা।
উঃ ভগৱান শ্রীকৃষ্ণই বিভিন্ন সময়ত ভিন ভিন অৱতাৰ ধাৰণ কৰি বহুতাে কার্য সাধন কৰিছিল। তাৰেই এটা ৰূপ সাধিলাে দেৱৰ কাম হৈছে মােহিনীৰূপ। এবাৰ দেৱতা আৰু অসুৰৰ মাজত সমুদ্র মন্থন হৈছিল। সেই মন্থনত অমৃত ওলাইছিল। অমৃত পান কৰোঁতাজন অমৰ হয় বুলি জানি ভগৱান শ্রীকৃষ্ণই মােহিনীৰূপ ধৰি অসুৰসকলক অমৃত পানৰ পৰা বঞ্চিত কৰিছিল আৰু দেৱতাসকলক অমৃত পান কৰাই অমৰত্ব দান কৰিছিল। কিন্তু আজি সেইজনা ভগৱানে পুত্ৰৰূপে যশােদাৰ ঘৰত জন্ম লভি ‘দধিচোৰ নামেৰে অপযশ পাইছে। সকলােৱে তেওঁক ‘দধিচোৰ’ বুলি চাই চাই হাঁহে। এইটোও ভগবান শ্রীকৃষ্ণৰে এটি লীলা। মাকক এইদৰে অভিমান কৰি কথা কোৱাৰ মূল উদ্দেশ্য হ’ল- মাকক আবেগ বিহ্বল কৰি তেওঁৰ পৰা বেছি মৰম লাভ কৰা।

প্রঃ ৬। মাকৰ কি গুণৰ কথা কবলৈ শিশু কৃষ্ণৰ লাজ লাগে বুলি কৈছিল কথাখিনি নিজৰ কথাৰে লিখা।
উঃ ভক্তিৰ বলতেই জীৱই ভগৱানক পাবলৈ সমৰ্থবান হয়। তেৱেই পৰমাত্মা। জীৱৰ হৃদয়ত আত্মাৰূপে স্থিতি লয়। মাতৃ যশােদায়ে একমাত্র ভক্তিৰ বলতেই শ্রীকৃষক পুত্ৰৰূপে লাভ কৰিছে। সাধাৰণ মনুষ্য ৰূপে যশােদাৰ পুত্ৰ হিচাপে জন্ম লভিলেও কৃষই তেওঁৰ ঐশ্বৰিক মহিমাৰ কথা মাজে সময়ে মাকৰ আগত প্রকট কৰে। মাকৰ ওপৰত খং অভিমানো কৰে। সম্পূর্ণ বিশ্বব্রহ্মাণ্ডৰ পালনকর্তা হৈয়াে তেওঁ মাতৃ যশােদাৰ পৰা এটি সাধাৰণ শিশুৰদৰে শাস্তি পায়, ৰজাৰ ল’ৰা হৈয়াে গৰু চাৰিবলৈ যায়, কৰকৰা ভাত তাকো আধা পেটিকৈহে খাবলৈ পায়। ৰাজ পটেশ্বৰী হৈয়াে যশােদাই ছয়ৰতি সােণ খৰচ কৰি বাঁহী গঢ়াই নিদিয়াৰ বাবে বাঁহৰ বাঁহী বজাওতে তেওঁৰ দুই ওঁঠ ফাটি তেজ ওলাইছে। ইয়াৰােপৰি তেওঁৰ পােছাক-পাতি সাধাৰণ শিশুৰদৰে। চুলিত তেল নিদিয়াৰ বাবে জটা বান্ধিছে। জগতৰ মানুহে যশােদাক কাঠবাজী বুলি কোৱা অভিশাপৰ পৰা পুত্ৰ হিচাপে জন্ম লভি সেই দোষৰ পৰা পৰিত্ৰাণ দিছে। তথাপিতাে যশােদাই মাক হৈয়াে পুত্র স্নেহ বুজি নাপায়। মাকৰ এনেবােৰ গুণৰ কথা ক’বলৈ শিশুকৃষ্ণৰ লাজ লাগে বুলি কৈছে।

প্রঃ ৭। চমুটোকা লিখা।
(ক) বামন→ বামন হৈছে বিষ্ণুৰ পঞ্চম অৱতাৰ। বিষ্ণুৱে বাওনা মানুহৰ ৰূপ লৈ এই অৱতাৰ ধাৰণ কৰিছিল। এওঁ দৈত্যৰাজ বলিৰ যজ্ঞলৈ আহি তিনি পদ ভুমি বিচৰা ছলেৰে তেওঁক পাতাললৈ পঠাইছিল। অর্থাৎ দান কৰা বাবে বলিৰ যি অহংকাৰ হৈছিল তাক বিনাশ কৰিছিল।

(খ) কপিল→ কপিল এজন প্রসিদ্ধ মুনি। এওঁ সংখ্যা দৰ্শনৰ প্ৰৱর্তক। কদম মুনি আৰু স্বায়ম্ভুব মুনিৰ কন্যা দেৱহুতিৰ পুত্র। এওঁৰ শাপত সৰগ ৰজাৰ যাঠী হেজাৰ পুত্র ভষ্মীভূত হয়। এওঁক বিষ্ণুৰ আন এক অৱতাৰ বুলিও ধৰা হয়।

(গ) কংস → মথুৰাৰ ৰজা কংস শ্ৰীকৃষ্ণৰ মােমায়েক। এওঁ কৃষ্ণক শত্ৰুৰূপে চিন্তা কৰি কৃষ্ণক বধ কৰিবলৈ বহুতাে চেষ্টা কৰে যদিও সফল হ’ব নােৱাৰিলে। ঐশ্বৰিক শক্তিৰ বলত কৃষ্ণই মােমায়েক কংসক বধ কৰে।

লগতে পঢ়ক:   ছাত্ৰ জীৱন আৰু সমাজ সেৱা (প্রশ্নোত্তৰ) Class X Question Answer

(ঘ) পৃথু→ পৃথু এজন পুৰাণ প্রসিদ্ধ বিখ্যাত ৰজা আছিল। তেওঁ ৰজা বেনৰ পুত্ৰ আছিল। শাস্ত্ৰত উল্লেখ আছে যে এওঁ এবাৰ দেশত আকাল হােৱাত গাই এজনীৰ ৰূপ ধাৰণ কৰি পৃথিৱীক খীৰাই প্ৰজাৰ প্ৰাণ ৰক্ষা কৰিছিল।

কানাইৰ চাতুৰী দশম শ্রেণী

প্রঃ ৮। তাৎপর্য ব্যাখ্যা কৰা

(ক) কাঠবাজী বুলি জগতে হাসয়
    দেখিলে সুমৰে হৰি।।

মই আসি তােৰ  ঘৰে পুত্ৰ ভৈলাে।
     সিটো দুখ দূৰ কৰি।।
উ : উক্ত কবিতাফাকি আমাৰ পাঠ্যপুথিৰ শ্ৰীধৰ কন্দলীৰ কানাই চাতুৰীৰ পৰা অনা হৈছে। কবিতাফাকিৰ দ্বাৰা যশােদাক সন্তানহীন বদনামৰ পৰা যে কৃষ্ণই ৰক্ষা কৰিছে তাকে কব বিচাৰিছে। নন্দৰাণী যশােদা সন্তানহীনা আছিল। তেওঁক সন্তানহীনা বাবে মানুহে ‘কাঠবাজী’ বুলি উপহাস কৰিছিল যদিও যশােদাই সকলাে অপমান সহ্য কৰিছিল। তেওঁৰ অজস্র ধন-সম্পত্তি আছিল যদিও জীৱনত শূন্যতা আছিল। মাতৃত্ব লাভ কৰিলেহে এজনী নাৰীয়ে পূর্ণতা লাভ কৰে। যশােদা সেই সৌভাগ্যৰ পৰা বঞ্চিত আছিল। কিন্তু ভগৱান শ্রীকৃষ্ণই যশােদাৰ একান্ত ভক্তিত সন্তুষ্ট হৈ পুত্ৰৰূপে জন্মগ্রহণ কৰি তেওঁৰ সেই অপমান আৰু দুখ মােচন কৰিলে। সেই কথা যশােদাই পাহৰি সাধাৰণ সন্তানৰ দৰে গৰু চৰাবলৈ আৰু বেছি মৰম নকৰে বুলি কৃষ্ণই ক্ষোভ কৰিছে।

(খ) মই নাৰায়ণ জগত কাৰণ।
    তুমি গােৱালৰ জীউ
তথাপি তােহাক দেখন্তে ডৰত
       উৰি যায় মােৰ জীউ।।
উঃ উক্ত কবিতাফাকি শ্ৰীধৰ কন্দলি বিৰচিত কানাইৰ চাতুৰী নামৰ কবিতাটিৰ পৰা অনা হৈছে।

কবিতাকিত জগতৰ নাৰায়ণ হৈয়াে শিশু কৃষ্ণই মাতৃ যশােদাক দেখি ভয় কৰাৰ কথা কৈছে।

ভগৱান কৃষ্ণই বিশ্ব ব্রহ্মাণ্ড সৃষ্টি কৰি পালন কৰিছে। নানা ৰূপ লৈ সকলােৰে উপকাৰ কৰিছে। দেৱতাসকলকো মােহিনী ৰূপে অমৃত পান কৰাইছে। সেয়ে কৃষ্ণই নিজকে জগতৰ নাৰায়ণ বুলি কৈছে। গকুলৰ বাসিন্দাসকল আছিল গাে-পালক জাতিৰ। বিশ্বৰ সকলােৱে তেওঁৰ সেৱা কৰি মােক্ষ লাভ কৰিব বিচাৰে। সেয়ে যশােদাক গােৱালৰ জীয়ৰী বুলি কৃষই কৈছে। মাক যশােদাৰ কঠোৰ শাসনৰ বাবে যশােদাক দেখিলেই জগতৰ ঈশ্বৰ হৈয়াে কৃষ্ণৰ জীউ উৰি যায় বুলি কৈছে।

অতি চমু উত্তৰ দিয়া

(ক) কৃষ্ণক টোপনিৰ পৰা জগাবলৈ কোনে আহি যশােদাক কৈছিল?
উঃ কৃষ্ণক টোপনিৰ পৰা জগাবলৈ গােপ শিশুসকলে আহি যশােদাক কৈছিল।

(খ) কৃষ্ণই কিমান দিন টোপনিৰ পৰা নুঠাকৈ আৰু নােখােৱাকৈ থাকিব বুলি মাকক জনাইছিল?
উঃ কৃষই চাৰি-পাঁচ দিনলৈকে টোপনিৰ পৰা নুঠাকৈ আৰু নােখােৱাকৈ থাকিব বুলি মাকক জনাইছিল।

(গ) দেৱতাসকলক অমৃত খুৱাবলৈ কৃষ্ণই কি ৰূপ ধাৰণ কৰিছিল ?
দেৱতাসকলক অমৃত খুৱাবলৈ কৃষ্ণই মােহিনী ৰূপ ধাৰণ কৰিছিল।

(ঘ) কপিল মুনিৰ মাতৃ কোন আছিল?
উঃ কপিল মুনিৰ মাতৃ আছিল দেৱহুতি।

(ঙ) কি ৰূপ ধাৰণ কৰি কৃষ্ণই বলিক ছলনা কৰিছিল?
উঃ বামন ৰূপ ধাৰণ কৰি কৃষ্ণই বলিক ছলনা কৰিছিল।

লগতে পঢ়ক:  অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি

Audio Class কানাইৰ চাতুৰী Class 10

কানাইৰ চাতুৰী Class 10

1/ তথাপি তােহােক দেখন্তে ডৰত
উৰি যায় মােৰ জীউ। —এই কথাষাৰ কাৰ উক্তি? কাক দেখি কিয় কয় তেওঁৰ ভয়তে জীউ উৰি যায় বুজাই লিখা।

উঃ উক্ত কথাষাৰ কৃষ্ণৰ উক্তি। মাতৃ যশােদাক দেখি কৃষৰ ভয়তে জীউ উৰি যায়। কবিতাটোত কৃষ্ণৰ মানৱীয় ৰূপ এটা প্রতিফলিত কৰিবলৈ চেষ্টা কৰা হৈছে। কবিতাটোত কৃষ্ণ হৈছে এটি সাধাৰণ শিশু। যশােদা হৈছে কৃষ্ণৰ মাতৃ। এটি শিশুক মাকে যেনেকৈ শাসন কৰে, কৃষ্ণকো যশােদাই দুষ্টালি কৰিলে শাস্তি দিয়ে। পুৱাসােনকালে শুই নুঠাত মাকে কৃষ্ণক খং কৰে, কেতিয়াবা বান্ধি থয়।

শিশুকৃষ্ণক মাকে গৰু চ’ৰাবলৈ পঠিয়ায়, অথচ কৃষ্ণই ঘূৰি আহি গৰম ভাতৰ ঠাইত পঁইতা ভাতহে খাবলৈ পায়। কৃষ্ণৰ (চতুর্ভুজ) ৰূপ দেখি জগত ভােল যায় অথচ মাকে, কৃষ্ণৰ ৰূপক ইতিকিং কৰি কলীয়া’ বুলি মাতে। দধি চোৰ, মাটি খােৱা বুলি মাকে কৃষ্ণক ঠাট্টা কৰে। মুঠতে জগতৰ সকলাে মাতৃয়ে কৰাৰ দৰে যশােদাই কৃষ্ণক ডাঙৰ-দীঘল কৰিছে। সেয়ে মা যশােদাৰ খং উঠা দেখিলে কৃষই এটি শিশুৰ দৰে ভয় খায়।

দৰাচলতে যশােদা হৈছে পৰম বিষ্ণুভক্ত। ভকতিত সন্তুষ্ট হৈয়েই কৃষই দৈৱকীৰ গৰ্ভত জন্ম লৈও প্রকৃত মাতৃ হােৱাৰ গৌৰৱ প্ৰদান কৰিছিল যশােদাকহে। যশােদাক মাতৃত্বৰ সুখ দিবলৈ ভগৱানে পুত্ৰৰূপে জন্মগ্রহণ কৰিছিল। তেওঁৰ পৰম ব্রহ্মত্বৰ ৰূপ দেখিলে যশােদা সেই সুখৰ পৰা বঞ্চিত হ’ব, সেয়ে সাধাৰণ শিশুৰ ৰূপ ধৰি তেওঁ যশােদাৰ মনােবাঞ্ছা পূৰণ কৰিছিল। যশােদাৰ ঘৰত তেওঁ মানৱী লীলা প্রদর্শন কৰি নানা চোৰ-চাতুৰীৰে সংসাৰ ধর্ম পালন কৰিছিল। এই লীলাৰেই অংশৰূপে কৃষ্ণই যশােদাক দেখিলে ভয় খােৱাৰ কথা কৈছিল।

2/ “মােহিনী স্বৰূপে          অমৃত পিয়ালাে
              সাধিলাে দেৱৰ কাম।”
– কোনে মােহিনী ৰূপ ধাৰণ কৰিছিল? তেওঁ কাক অমৃত খুৱাই দেৱতাৰ কার্য সাধন কৰিছিল; খৰচি মাৰি লিখা।

উঃ বিষ্ণু বা কৃষ্ণই মােহিনী ৰূপ ধাৰণ কৰিছিল। কৃষ্ণই দেৱতাক অমৃত খুৱাই অমৰত্ব। প্রদান কৰিছিল। দেৱতা আৰু অসুৰসকলে মিলি সমুদ্র মন্থন কৰোঁতে সমুদ্ৰৰ গৰ্ভৰ পৰা মণি-মুকুতা, ৰত্নকে ধৰি কলাহল বিষ আৰু অমৃততা ওলাইছিল। অমৃত পান কৰিলে অমত্ব লাভ হয় বুলি জ্ঞাত হােৱা বাবে দেৱতা আৰু অসুৰসকলৰ মাজত অমৃতৰ কলহটোক লৈ টনা-আঁজোৰা লাগিছিল। দেৱতাসকলে জানিছিল যে অসুৰসকলে অমৃত পান কৰি অমৰত্ব লভিলে দেৱতাসকলৰ অস্তিত্ব সংকটত পৰিব আৰু সমস্তব্ৰহ্মাণ্ড অন্যায়-অনিয়মেৰে অন্ধকাৰাচ্ছন্ন হৈ পৰিব। সেয়ে দেৱতাসকলে ভগৱান বিষ্ণুৰ সহায় বিচাৰিছিল।

দেৱতাসকলক সহায় কৰাৰ উদ্দেশ্যে কৃষই মােহিনীৰূপ ধাৰণ কৰি অর্থাৎ এগৰাকী দীপলিপ সুন্দৰীৰ ৰূপ লৈ নির্দিষ্ট ঠাইত উপস্থিত হােৱাত সকলাে সেই সুন্দৰীৰ ৰূপত আকৃষ্ট হৈছিল।এই ছেগতে মােহিনীরূপী কৃষ্ণই অমৃতৰ কলহ হাতত তুলি। লৈ দেৱতা-অসুৰৰ মাজত অমৃত ভগাই দিয়াৰ দায়িত্ব লােৱাত দুয়ােপক্ষ এই কথাত মান্তি হৈছিল। মােহিনীৰূপী কৃষ্ণই দেৱতা আৰু অসুৰক দুয়ােফালে দুটা বেলেগ। শাৰীত বস্ত্রাই লৈ দেৱতাৰ শাৰীত অমৃত ভগাই দি অসুৰসকলক অমৃত বুলি বাৰুণি’ নামৰ সুৰা ভগাই দিছিল। অর্থাৎ দেৱতাসকলেহে কেৱল অমৃত খাবলৈ পাইছিল। অসুৰসকলে অমৃত লাভৰ পৰা বঞ্চিত হৈছিল আৰু অমৰত্ব লাভনকৰাকৈ থাকিল, ফলত দেৱতাৰ উদ্দেশ্য সাধন হৈছিল। এনেদৰেই কৃষ্ণই মােহিনী ৰূপ ধাৰণ কৰি এ দেৱতাসকলক সহায় কৰিছিল।

লগতে পঢ়ক:   অৰণ্য যাত্ৰা দশম শ্ৰেণী (সম্পূৰ্ণ প্ৰশ্নোত্তৰ) Class 10 অসমীয়া

3/ মাকৰ কি গুণৰ কথা কবলৈ শিশু কৃষ্ণৰ লাজ লাগে বুলি কৈছিল? কথাখিনি তােমাৰ নিজৰ কথাৰে বহলাই লিখা।
উঃ কবিতাটোত শিশু কৃষ্ণৰ মাক হৈছে যশােদা! যশােদা হৈছে গােৱালৰ ৰজা নন্দৰ ঘৈণীয়েক। কৃষই আপত্তি দর্শাইছে যে বাহৰ বাঁহী বজাই কৃষ্ণৰ দুই ওঁঠ ফাটি তেজ ওলাই যায়। মাকে এইকথা জানিও তেওঁক ছয় ৰতি সােণেৰে এটা বাঁহী গঢ়াই নিদিয়ে।ৰাজপটেশ্বৰী হৈও এইখিনি খৰচ নকৰা বাবে কৃষই লাজ পাইছে। তেওঁ কৈছে যে মাকৰ ধনত জুই লাগিব আৰু গাঁতৰ ভিতৰতে পােত খাই থাকিব।

গৰু চ’ৰাবলৈ যােৱা কৃষ্ণৰ হাতত মাকে এমুঠি ভাত দি পঠিয়ায় যিকণেৰে তেওঁৰ পেট নভৰে। এগৰাহ খাই। আনগৰাহ নােজোৰে, ফলত আধাপেটিকৈ খােৱা শেষ কৰে। নটুৱা টক পিন্ধি অর্থাৎ সৰু গামােচাৰ দৰে পােছাক পিন্ধি দিনটো গৰু চৰাই থাকোতে তেওঁক কাইটে বিন্ধে অথচ মাকৰ খবৰেই নাই। কেঁকোৰা চুলিত ধূলি পৰি পৰি প্ৰকাণ্ড জটা বান্ধি। যায় কিন্তু মাকে তেল লগাই দিয়াৰ নাম-গােন্ধকে নলয়। এইবােৰ কথা ভাবিলে। কৃষ্ণৰ মনটো দুখেৰে ভৰি পৰে আৰু কান্দোন ওলাই আহিব খােজে। মাকৰ এনেবােৰ গুণৰ কথাকে ক’বলৈ কৃষ্ণৰ লাজ লাগে বুলি কবিতাটোত বর্ণনা কৰা হৈছে।

লগতে পঢ়ক : বিষাদ যোগ Class 10 – প্রশ্নোত্তৰ

কানাইৰ চাতুৰী Class 10

 চমুটোকা লিখা 

4/ (ক) বামন (খ) দেৱহুতি (গ) কপিল (ঘ) শ্ৰীধৰ কন্দলি (ঙ) দৈৱকী।
উঃ
(ক) বামনঃ সংসাৰৰ উন্নতিৰ নিমিত্তে ভগৱানে দশাৱতাৰৰ ৰূপ লৈ যুগে যুগে। দুষ্টক দমন কৰি আহিছে। বিষ্ণু এই দহােটা অৱতাৰৰ ভিতৰত পঞ্চম অৱতাৰটোৱেই হৈছে ‘বামন’ অৱতাৰ। বামন হৈছে বিযুই লােৱা বাওনা। মানুহৰ ৰূপ। দৈত্যৰাজ বলি আছিল শক্তিশালী ৰজা। তেওঁ সকলােকে যি বিচাৰে তাকে দান কৰিছিল। এবাৰ তেওঁ এক যজ্ঞৰ আয়ােজন কৰি ঘােষণা কৰিছিল যে যিয়ে যি বস্তু তেওঁৰ পৰা বিচাৰে সেই বস্তুৱেই তেওঁ দান কৰিব। সেই মতে বলিৰ পৰা অনেকে বহু মূল্যৱান সামগ্রী দানৰূপে লৈছিল। এনে কাৰ্যৰ পৰা বলিৰ মনত প্রচণ্ড অহংকাৰৰ জন্ম হৈছিল। ভগৱান বিষ্ণুৱে বামন ৰূপ ধাৰণ কৰিবলিৰ যজ্ঞলৈ আহিছিল তেওঁৰ দর্পচূর্ণ কৰিবলৈ বলিয়ে সামান্য বাওনা লােক বুলি ভাবি কি লাগে তেওঁক খুজিবলৈ ক’লে।

বামনে ৰজাৰ পৰা নিজৰ ভৰিৰ জোখেৰে মাত্র তিনিপদ ভূমি বিচাৰিলে। এই অকণমানি ভৰি দুখনেৰেতিনিপদ মাত্র ভূমি লৈ কি কৰিব বুলি ভাবি ৰজাই অট্টহাস্য কৰিবলৈ ধৰিলে। তথাপি বামনে তিনিপদ ভূমিয়েই যথেষ্ট বুলি কোৱাত ৰজাই দান দিবলৈ মান্তিহ’ল। বামনে বিৰাট আকাৰ ধাৰণ কৰি এখন ভৰি পৃথিৱীত থৈ আনখন ভৰি স্বৰ্গত থ’লে। এতিয়া তৃতীয় পদ ক’ত ৰাখিব ৰজাক সুধিলে। বলিয়ে বামনৰ এই ৰূপ দর্শন কৰি স্বয়ং বিষ্ণু বুলি বুজি উঠিল আৰু নিজ বচন ৰাখিবৰ বাবে তৃতীয় পদ তেওঁৰ মূৰৰ ওপৰতে থ’বলৈ ক’লে। বিষ্ণুৰূপী বামনে বলিৰ মূৰৰ ওপৰত তেওঁৰ ভৰি থােৱাৰ লগে লগে সেই ভৰ সহিব নােৱাৰি বলি গৈ পাতাল পালেগৈ। এনেদৰে ভগৱানে বামন অৱতাৰ লৈ বলিৰ দর্পচূর্ণ কৰিছিল।

(খ) দেৱহুতিঃ দেৱহুতি হৈছে স্বায়ম্ভুৱ মুনিৰ কন্যা। এওঁ কর্দম মুনিৰ পত্নী আৰু কপিল মুনিৰ মাতৃ।

(গ) কপিল :  কর্দম মুনি আৰু দেৱহুতিৰ পুত্র কপিল হৈছে এজন প্রসিদ্ধ মুনি। এওঁক বিযুৰ অৱতাৰ বুলিও গণ্য কৰা হয়। হিন্দুৰ সাংখ্য দর্শন এৱেই প্ৰৱৰ্তন কৰে। পুৰাণত বর্ণিত অনুসৰি সৰগ ৰজাৰ যাঠি হাজাৰ পুত্র কপিল মুনিব শাপতে ভষ্ম হয়।

(ঘ) শ্ৰীধৰ কন্দলিঃ (উত্তৰৰ বাবে কবিতাটোৰ কবি পৰিচয় চোৱা।) দৈৱকী ও শ্ৰীকৃষ্ণৰ জন্মদাত্রী আৰু বসুদেৱৰ পত্নী। এওঁ মথুৰাৰ ৰজা কংসৰ ভনীয়েক আছিল। কংসই ভনীয়েকক খুব মৰম কৰিছিল আৰু বসুদেৱৰ সৈতে ধুমধামেৰে ভনীয়েকৰ বিয়া পাতিছিল। এদিন হঠাতে আকাশবাণী হ’ল যে দৈৱকীৰ গৰ্ভৰ অষ্টম পুত্রই কংসক হত্যা কৰিব। এই ঘােষণাৰ লগে লগে কংসই দৈৱকী-বসুদেৱক জে’লত ভৰাই থৈছিল। আৰু জন্মৰ লগে লগে দৈৱকীৰ প্রতিটো সন্তানেই কংসই হত্যা কৰিছিল। দৈৱকীৰ গৰ্ভৰ অষ্টম পুত্ৰই হৈছে শ্ৰীকৃষ্ণ। শ্রীকৃষ্ণ জন্মৰ সময়ত সকলাে নিদ্রামগ্ন হৈ থকাত আৰু জে’লৰ দুৱাৰ নিজে নিজে খােল খাই যােৱাত বসুদেৱে গােকুলৰ ৰজা নন্দৰ ঘৰত ৰাতিয়েই কৃষক থৈ আহিছিল। পাছলৈ দৈৱকীৰ এই অষ্টম পুত্ৰই কংসক বধ কৰি অত্যাচাৰৰ অন্ত পেলাইছিল আৰু বসুদেৱ-দৈৱকীক জে’লৰ পৰা উদ্ধাৰ কৰিছিল।

5/ কৃষ্ণই বিভিন্ন সময়ত কি কি অৱতাৰ ধাৰণ কৰি কেনে কার্য সাধন কৰিছিল। পাঠৰ আলমত বর্ণনা কৰা৷
উঃ কৃষ্ণ হৈছে স্বয়ং বিষ্ণুৰ অৱতাৰ। যুগে যুগে বিভিন্ন অৱতাৰ বা ৰূপ ধাৰণ কৰি তেওঁ বিভিন্ন কার্য সাধন কৰিছিল। পাঠৰ কবিতাটোত ইয়াৰ এক সুন্দৰ বৰ্ণনা পােৱা যায়। পাঠত বর্ণিত অনুসৰি চতুর্ভুজ ৰূপ ধাৰণ কৰি দেৱতাসকলক অসুৰৰ হাতৰ পৰা কৃষ্ণই ৰক্ষা কৰিছিল যি ৰূপ দেখি ত্রিদশৰ লােক ঢলি পৰিছিল। আকৌ, মােহিনী। ৰূপ ধাৰণ কৰি দেৱতাসকলক সমুদ্র মন্থনৰ সময়ত অমৃত পান কৰাইছিল। কপিল। মুনিৰূপেকর্মমুনিৰ ঘৰত জন্ম হৈমাতৃ দেৱহুতিকতত্ত্ব জ্ঞান দিছিল বামন অৱতাৰেৰে। বলিক বিশ্বৰূপ দর্শন কৰাই পাতাললৈ পঠিয়াইছিল। সেই ৰূপেৰেই তেওঁ ভৰিৰ নখেৰে গংগাক পৃথিৱীলৈ বোৱাই আনিছিল যি গংগাক বাটতে পাই মহাদেৱে জটাত ধাৰণ কৰিছিল। তেৱেঁই অনন্ত শয্যাত নাৰায়ণ ৰূপে থাকি নিজৰনাভিৰ পৰা ব্ৰহ্মক। ওপজাই বেদৰ জ্ঞান দিছিল। তেৱেঁই হৈছেচৰাচৰ জগতৰ সৃজনকর্তা, জগতৰ কাৰণাে তেৱেঁই। এনেদৰে পাঠটোত কৃষ্ণৰ ৰূপ-মহিমা বর্ণনা কৰা হৈছে।

6/ কবিতাটোত ‘কাঠবাজী’ বুলি কাক কৈছে? ইয়াৰ অর্থ কি ? এই অপবাদৰ পৰা। তেওঁক কোনে ৰক্ষা কৰিলে ?
উঃ কবিতাটোত ‘কাঠবাজী’বুলি যশােদাক কৈছে। কাঠ-বাজী’মানে হৈছে সন্তান জন্ম দিব নােৱাৰা তিৰােতা। যশােদাক এই অপবাদৰ পৰা কৃষই ৰক্ষা কৰিলে।কিয়নাে, সমস্ত জগতে কৃষ্ণক যােদাৰ পুত্ৰ বুলি জানে যদিও প্রকৃততে তেওঁ দৈৱকীৰ গৰ্ভতহে উপজিছিল। দৰাচলতে যশােদা আছিল পৰম বিষ্ণু ভক্ত; সেয়ে বিষ্ণুই ভক্তৰ মনােবাঞ্ছা পূৰণ কৰি পুত্ৰৰূপে থাকি তেওঁৰ মান-মর্যাদা ৰক্ষা কৰিছিল।

লগতে পঢ়ক:   জিকিৰ Class 10 দশম শ্ৰেণী অসমীয়া পাঠ ২

লগতে পঢ়ক : পাৰস্যত এভুমুকি Class 10

কানাইৰ চাতুৰী Class 10

তাৎপর্য ব্যাখ্যা কৰা ।

 (ক) কাঠ-বাজী বুলি    জগতে হাদয়
                 দেখিলে সুমৰৰ হৰি।
মই আসি তােৰ         ঘৰে পুত্ৰ ভৈলাে।
                 সিটো দুখ দূৰ কৰি৷৷
উঃ উদ্ধৃত কবিতাফাকিৰবক্তা হৈছে শ্রীকৃষ্ণ। তেওঁ যশােদাৰ ওচৰত বিভিন্ন কথাৰে আপত্তি দর্শাই আছে মাকে তেওঁক মৰম নকৰে বুলি। সেই কথাৰ প্ৰসংগতে উদ্ধৃত কথাষাৰিৰ অৱতাৰণা কৰা হৈছে। যশােদাৰ নিজৰসন্তান নাই অর্থাৎ তেওঁ সন্তান জন্ম দিব পৰা ক্ষমতাৰ অধিকাৰী নাছিল। কৃষ্ণক যদিও যশােদাৰ সন্তান বুলি জগতে জানিছিল তথাপি তেওঁ প্রকৃততে দৈৱকীৰ গৰ্ভতহে উপজিছিল।

যদিহে কৃষ্ণ যশােদাৰ ঘৰত ডাঙৰ- দীঘল নহ’লহেঁতেন, তেন্তে যশােদাক সকলােৱে কাঠবাজী বুলি ঠাট্টা কৰিলেহেঁতেন। সেই অপবাদৰ পৰা যশােদাক কৃষ্ণইহেৰক্ষা কৰিছিল। দৰাচলতে যশােদা হৈছে পৰম বিষ্ণু ভক্ত। ভগৱানে ভক্তৰ দুখ সদায় দূৰ কৰে। এনেহেন ভক্ত এগৰাকীয়ে মনােকষ্ট পােৱাটো ভগৱানে সহ্য কৰিব। নােৱাৰে। সেয়ে যশােদাৰ দুখ দূৰ কৰিবলৈ পুত্ৰৰ কামনা কৰা এইগৰাকী মাতৃৰ পুত্ৰৰূপে তেওঁৰ ঘৰত প্ৰৱেশ কৰিছিল স্বয়ং বিষ্ণুৱে। যশােদা হৈছে। পৰম সৌভাগ্যৱতীনাৰী যাৰ মনােবাঞ্ছা পূৰণ হৈছিল কৃষক পাই। মাকে কৃষ্ণক শাসন কৰাত কৃষ্ণই ঠেহ পাতি মাকক এই কথাবােৰ সোঁৱৰাই দিছিল।

মােহিনী স্বৰূপে    অমৃত পিয়ালু
          সাধিলাে দেৱৰ কাম।
তােমাৰ ঘৰে আসি        বৰ যশ পাইলাে।
                 লৈলাে দধিচোৰ নাম।
উঃ উদ্ধৃত কবিতাফাকিৰবক্তা হ’ল শ্রীকৃষ্ণ। তেওঁ মাকৰ ওচৰত অভিযােগ কৰি নিজৰ মহিমাৰ বিষয়ে মাকক কৈছে যাতে মাকে তেওঁক মৰম কৰে। কিয়নাে কৃষ্ণৰ ভাব হৈছে মাক যশােদাই তেওঁক আদৰ-সন্মান নকৰে। কৃষ্ণ হৈছে ভগৱান বিষ্ণুৰ এটা অৱতাৰ। ভগৱানে যুগে যুগে বিভিন্ন ৰূপ ধাৰণ কৰি ভক্তসকলক ৰক্ষা কৰি আহিছে। ভগৱানৰ তেনে এক ত্রাণকর্তাৰ ৰূপেই হৈছে মােহিনীৰূপ। কৃষই দেৱতাক অমৃত খুৱাইঅমৰত্ব প্রদান কৰিছিল। দেৱতা আক অসুৰসকলে মিলি সমুদ্র মন্থন কৰোতে অমৃতৰ কলহ ওলাইছিল, অমৃত খােৱাৰ লগে লগে খাওঁতাজন হৈ পৰে অমৰ। অমৃতৰকলহ লৈ দেৱতা। আৰু অসুৰৰ মাজত টনা-আজোৰা লগাত দেৱতাসকলে বৰ ভয় খাইছিল।

কিয়নাে, অসুৰে অমৰত্ব লাভ কৰিলে পৰম সংকট হ’ব। এই পৰম সংকটৰ পৰা ৰক্ষা পাবলৈ দেৱতাসকলে বিষ্ণু বা কৃষ্ণক স্তুতি কৰাত। দেৱতাসকলক সহায় কৰাৰ উদ্দেশ্যে কৃষ্ণই মােহিনীৰূপ ধাৰণ কৰি নির্দিষ্ট ঠাইত উপস্থিত হৈছিল। সকলাে সেই সুন্দৰীৰ ৰূপত আকৃষ্ট হৈছিল; এই ছেঙ্গতে মােহিনীৰূপীকৃষ্ণই অমৃতৰ কলহ হাতত তুলি লৈ দেৱতা-অসুৰৰ মাজত অমৃত ভগাই দিয়াৰ দায়িত্ব লৈছিল। মােহিনীৰূপীকৃষ্ণই দেৱতা আৰু অসুৰক দুয়ােফালে দুটা বেলেগ শাৰী কৰি বহুৱাই লৈ দেৱতাৰ শাৰীত অমৃত ভগাই দি অসুৰসকলক অমৃত বুলি বাৰুণি’ নামৰ সুৰা ভগাই দিছিল। অর্থাৎ দেৱতাসকলেহে লে অমৃত পান কৰিবলৈ পাইছিল। এনেদৰেই কৃষ্ণই মােহিনী ৰূপ ধাৰণ কৰি দেৱতাসকলক সহায় কৰিছিল। এনে কৃষ্ণক পিছে মাকে দধিচোৰ’বুলিহেইতিকিং কৰে। যিজনে হাতত থকা অমৃত নিজেখাই দেৱতাক খুৱাইছিল, তেওঁ সামান্য দৈ চুৰ কৰাৰ কি কাৰণ থাকিব পাৰে? কৃষ্ণই এনে উদাহৰণেৰে মাকক কৃত্রিম খং দেখুৱাই নিজৰ দুষ্টালি ঢাকিব বিচাৰিছে।

(গ) মই নাৰায়ণ           জগত কাৰণ।
তুমি গােৱালৰ জীউ।
তথাপি তোহাক দেখন্তে ডৰত

উৰি যায় মােৰ জীউ।

উঃ উদ্ধৃত কবিতাফাকিৰ বক্তা হৈছে শ্রীকৃষ্ণ। তেওঁ মাকযশােদাই তেওঁক মৰম আদৰ নকৰে বুলি অভিযােগ কৰি নিজৰ গুণ-মাহাত্ম্য বর্ণনা কৰিছে মাকৰnসন্মুখত  কৃষ্ণ হৈছে স্বয়ং বিষ্ণুৰ অৱতাৰ। দুষ্টক দমন আৰু শাক পালনৰ অর্থে ভগৱানে কৃষ্ণ অৱতাৰেৰে যশােদাৰ ঘৰ শুৱাইছে। তেওঁ হৈছে স্বয়ং নাৰায়ণ যি জগতৰ কাৰণ। চৰাচৰ জগতৰ সৃষ্টিকর্তা তেৱেঁই আত্মাৰূপে সকলােকে ধাৰণ কৰিছে। কবিতাটোত কৃষ্ণৰ মানৱীয় ৰূপ এটা প্রতিফলিত কৰিবলৈ চেষ্টা কৰা হৈছে। কবিতাটোত কৃষ্ণ হৈছে এটি সাধাৰণ শিশু। যশােদা হৈছে কৃষ্ণৰ মাতৃ।

এটি শিশুক মাকে যেনেকৈ শাসন কৰে, কৃষ্ণকো যশােদাই দুষ্টালি কৰিলে শাস্তি দিয়ে। পুৱা সােনকালে শুই নুঠাত মাকে কৃষ্ণক খং কৰে, কেতিয়াবা বান্ধি থয়। মাকে কৃষ্ণৰ ৰূপক ইতিকিং কৰি কলীয়া বুলি মাতে। দধি চোৰ, মাটি খােৱা বুলি মাকে কৃষক মুঠতে জগতৰ সকলাে মাতৃয়ে কৰাৰ দৰে ডাঙৰ-দীঘল কৰিছে। মাক যশােদাৰ খং উঠা দেখি কৃষ্ণই এটি শিশুৰ দৰে ভয় খায়। দৰাচলতে যশােদা হৈছে পৰম বিষ্ণু ভক্ত। ভকতিত সন্তুষ্ট হৈয়েই কৃষ্ণই দৈৱকীৰ গৰ্ভত জন্ম লৈও প্রকৃত মাতৃ হােৱাৰ গৌৰৱ প্ৰদান কৰিছিল। যশােদাকহে। যশােদাক মাতৃত্বৰ সুখ দিবলৈ ভগৱানে পুত্ৰৰূপে জন্মগ্রহণ কৰিছিল। তেওঁৰ পৰম ব্রহ্মত্বৰ ৰূপ দেখিলে যশােদা সেই সুখৰ পৰা বঞ্চিত হ’ব, সেয়ে সাধাৰণ শিশুৰ ৰূপ ধৰি তেওঁ যশােদাৰ মনােবাঞ্ছা পূৰণ কৰিছিল। যশােদাৰ ঘৰত তেওঁ মানৱী লীলা প্রদর্শন কৰি নানা চোৰ চাতুৰীৰে সংসাৰ ধর্ম পালন কৰিছিল। এই লীলাৰেই অংশৰূপে কৃষ্ণই যশােদাক দেখি ভয় খােৱাৰ ভাও লৈছিল।

Class 10 Assamese Lesson 12 Question Answer

অতিৰিক্ত প্রশ্নোত্তৰ

(ক) কানাইৰ চাতুৰী’ কবিতাটো ক’ৰ পৰা লােৱা হৈছে?
উঃ কানাইৰ চাতুৰী’কবিতাটো কাণখােৱা’পুথিৰ পৰা লােৱা হৈছে।
(খ) শ্ৰীধৰ কন্দলিয়ে ৰচনা কৰা দুখন পুথিৰ নাম লিখ।
উঃ শ্ৰীধৰ কন্দলিয়ে ৰচনা কৰা দুখন পুথি হৈছে কাণখােৱা’আৰু ঘুনুচা কীর্তন’।
(গ) গােপ শিশুসকলে কিহৰ কাৰণে পুৱা কৃষ্ণক জগাবলৈ আহিছিল?
উঃ গােপ শিশুসকলে খেড়ি খেলিবলৈ পুৱা কৃষক জগাবলৈ আহিছিল।
(ঘ) ব্রহ্মা ক’ৰ পৰা উপজিছিল ?
উঃ ব্ৰহ্ম নাৰায়ণৰ নাভিৰ পৰা উপজিছিল।
(ঙ) গংগাক কোনে, কত ধাৰণ কৰিছিল?
উঃ গংগাক মহাদেৱে জটাত ধাৰণ কৰিছিল।
(চ) কৃষ্ণই মাকক কিমান সােণেৰে বাঁহী গঢ়াই দিবলৈ কৈছিল?
উঃ কৃষই মাকক ছয় ৰতি সােণেৰে বাঁহী গঢ়াই দিবলৈ কৈছিল।
(ছ ) কংস কোন ?
উঃ কংস হৈছে মথুৰাৰ ৰজা আৰু শ্ৰীকৃষ্ণৰ মােমায়েক।
(জ) তিনি ভূৱনৰ স্ৰজনকর্তা কোন?
উঃ তিনি। ভূৱনৰ স্ৰজনকর্তা হৈছে বিষ্ণু বা শ্রীকৃষ্ণ।
(ঝ) কানাইৰ চাতুৰী’কবিতাটোত কাঠবাজী’ বুলি কাক কোৱা হৈছে?
কানাইৰ চাতুৰী’কবিতাটোত যশােদাক কাঠবাজী’বুলি কোৱা হৈছে।

View More Class 10 Assamese Lesson

Leave a Comment

Your email address will not be published. Required fields are marked *


Scroll to Top