পাৰস্যত এভুমুকি Class 10 (সম্পূৰ্ণ প্ৰশ্নোত্তৰ) অসমীয়া

পাৰস্যত এভুমুকি
বিষয়  অসমীয়া (Assamese)
কিতাপখনৰ নাম অসমীয়া সাহিত্য চয়নিকা
পাঠৰ নাম পাৰস্যত এভুমুকি
শ্ৰেণী (Class) দশম (X)
অধ্যায় (Chapter) অধ্যায় ১৩
পাঠ্যক্ৰম (Syllabus) ছেবা (SEBA)

পাৰস্যত এভুমুকি Class 10

পাঠভিত্তিক প্রশ্নোত্তৰ

১। চমুকৈ উত্তৰ দিয়া

অর্থ লিখা: 
টৰেখা→ সাগৰ বা হ্ৰদৰ বৃহৎ জলভাগৰ কাষত থকা স্থলভাগ।

খিতাপ→সন্মান। চিচা→আইনা। তৈল→তেল। নীলিম→নীলা। লেকেটা→সহজে ছিগি ভাগি নােযােৱা, লিকটা। পহিলা→প্রথম। হিজাব→ইৰাণী মহিলাই মূৰ ঢাকি লােৱা কাপােৰ।

প্রঃ ১। চমুকৈ উত্তৰ দিয়াঃ
(ক) পােনতে ইৰাণৰ পাৰমাণৱিক কাৰ্যসূচীৰ মূল পৃষ্ঠপােক কোন আছিল?
উ : পােনতে ইৰানৰ পাৰমাণৱিক কাৰ্যসূচীৰ মূল পৃষ্ঠপােষক আছিল আমেৰিকা যুক্তৰাষ্ট্র।

(খ) বুশ্বেৰ বিমান বন্দৰটোক কিয় গুৰুত্বপূৰ্ণ বুলিছে?
উ : বুশ্বেৰ বিমান বন্দৰটো ইৰানৰ এটা সামৰিক ঘাটি বাবে আৰু তাত থকা নিউক্লীয় ৰিয়েক্টৰৰ বাবে ইয়াক গুৰুত্বপূর্ণ বিমান বন্দৰ বুলিছে।

(গ) লেখকে উল্লেখ কৰা মতে এওঁলােকৰ ৰিগটো ক’ত অৱস্থিত?
উ : লেখকে উল্লেখ কৰা মতে তেওঁলােকৰ ৰিগটো পাৰস্য উপসাগৰত অৱস্থিত।

(ঘ) বুশ্বেৰ কি?
উঃ বুশ্বেৰ হ’ল ইৰানৰ এখন বন্দৰ নগৰী।

(ঙ) বুশ্বেৰত হেলিকপ্টাৰৰ পৰা নমাৰ সময়ত লেখকৰ লগত কোন কোন আছিল?
উঃ বুশ্বেৰত হেলিকপ্টাৰৰ পৰা নমাৰ সময়ত লেখকৰ লগত মেহদি আৰু ঘাছেম নামৰ দুজন ইৰানী যুৱক আছিল।

(চ) লেখকে বুশ্বেৰত কি আছে বুলি শুনিছে?
উঃ লেখকে বুশ্বেৰত এটা নিউক্লীয় ৰিয়েক্টৰ আছে বুলি

(ছ) মেহদি আৰু ঘাছেম কোন?
উঃ মেহদি আৰু ঘাছেম দুজন ইৰানী যুৱক। তেওঁলােক দুয়াে ‘ জি’লগ” নামৰ তেল অনুসন্ধানকাৰী ইটালীয় কোম্পানী এটাত ‘মাড়লগাৰ হিচাপে কাম কৰে।

(জ) মেহদি আৰু ঘাছেমে কাম কৰা কোম্পানীটোৰ নাম কি?
উঃ মেহদি আৰু ঘাছেমে কাম কৰা কোম্পানীটোৰ নাম জিঅ’লগ।।

(ঝ) ভেংকি ক’ত থাকে?
উঃ ভেংকি বুশ্বেৰত থাকে।

(ঞ) ভেংকিয়ে কি কৰে?

উ : ভেংকিয়ে বন্দৰ নগৰী বুশ্বেৰৰ পৰা ৰিগলৈ যাবলগা হেলিকপ্টাৰ আৰু সামগ্রী যােগানকাৰী জাহাজৰ তদাৰক কৰে।

(ট) আবুজাৰ কোন?
উঃ আবুজাৰ লেখকৰ এজন ট্রেভেল এজেন্ট।

(ঠ) আগা’ শব্দৰ অর্থ কি?
উঃ আগা শব্দৰ অৰ্থ হ’ল শ্ৰীযুতৰ সমার্থক সন্মানীয় শব্দ।

(ড) ইৰানে কেতিয়া ইছলামিক গণতন্ত্র হিচাপে স্বীকৃতি লাভ কৰে?
উঃ ১৯৭৯ চনৰ পহিলা এপ্রিলৰ পৰা ইৰানে ইছলামিক গণতন্ত্র হিচাপে স্বীকৃতি লাভ কৰে।

(ঢ) ইৰানৰ ইছলামিক গণতন্ত্র প্রতিষ্ঠাতা কোন?
উঃ ইৰানৰ ইছলামিক গণতন্ত্র প্রতিষ্ঠাতা হ’ল- ইমাম আয়াতুল্লা খােমেনি।

(ণ) ইৰানৰ কোনটো বিষয়ে লেখকৰ কৌতুহল বৃদ্ধি কৰিছিল?
উ : ইৰানৰ ভূতত্ত্ব বিষয়টোৱে লেখকৰ কৌতুহল বৃদ্ধি কৰিছিল।

(ত) টেহৰানত বিমান বন্দৰ কেইটা?
উ : টেহৰানত বিমান বন্দৰ দুটা।

(থ) ইৰানৰ ৰাজধানীৰ নাম কি?
উঃ ইৰানৰ ৰাজধানীৰ নাম হ’ল টেহৰান।

(দ) লেখক থকা টেহৰাণৰ হােটেলখনৰ নাম কি?
উঃ লেখক থকা হােটেলখনৰ নাম হােমা হােটেল।

পাৰস্যত এভুমুকি Class 10

(ধ) স্লামবার্জাৰ কি?
উ : স্লামবার্জাৰ হ’ল এটা বহুৰাষ্ট্ৰীয় কোম্পানিৰ নাম।

(ন) ইৰাণীসকলে নৱবৰ্ষক কি বলে?
উ : ইৰানীসকলে নৱবৰ্ষক নৰােজ (নতুন দিন) বােলে।

(প) শ্বিৰীন ইবাডি কোন?
উঃ শ্বিৰীন ইবাডি আছিল ইৰানৰ মানৱ অধিকাৰৰ অগ্রণী ৰণুৱা। শ্বিৰীন ইবাডিক ২০০৩ চনত শান্তিৰ ন’বেল বঁটাৰে সম্মানিত কৰা হৈছিল।

(ফ) বেহেষ্ট-ই-জাহৰা কি?
উ : বেহেষ্ট-ই-জাহৰা হ’ল-টেহৰানৰ এখন জনপ্রিয় সমাধি স্থল বা কবৰস্থান।

(ব) চেনি কোনে আৱিষ্কাৰ কৰিছিল?
উঃ ইৰানৰ কিংবদন্তি মতে সম্রাট জামছেদে চেনি আৱিষ্কাৰ কৰিছিল।

(ভ) লেখক ইৰানলৈ কি দায়িত্ব লৈ গৈছিল ?
উঃ খাৰুৱা তেল অন্বেষণৰ দায়িত্বত লেখক ইৰানলৈ গৈছিল।

(ম) ইৰানৰ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰটোৰ নাম কি?
উ : ইৰানৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰটোৰ নাম হ’ল- খােমেনি ইণ্টাৰনেশ্যনেল বিমান বন্দৰ।

(য) কেন্দ’ৰ অর্থ কি?
উঃ পাৰ্ছি শব্দ কেন্দৰ অৰ্থ হ’ল চেনি। ইংৰাজী কেন্দি শব্দটো পাছি শব্দ কেন্দৰ পৰা আহিছে যাৰ অৰ্থ হ’ল চেনি।

(ৰ) পাৰস্যৰ এটা কথাই মােক সদায় আকর্ষণ কৰিছিল। লেখকক কি এটা কথাই আকর্ষণ কৰিছিল?
উঃ পাৰস্যৰ এটা কথাই লেখকক সদায় আকর্ষণ কৰিছিল সেয়া হ’ল অসমীয়া ভাষাত ব্যৱহাৰ হােৱা ফার্চী ভাষাৰ শব্দবোেৰ যেনে—কেঁচী, চিচা, চিয়াঁহী, দোৱাত আদি।

লগতে পঢ়ক:   জিকিৰ Class 10 দশম শ্ৰেণী অসমীয়া পাঠ ২

প্রঃ ২। জাগ্ৰছ পর্বতমালাৰ বিষয়ে তােমাৰ পাঠ্যপুথিৰ সহায়ত লিখা।
উঃ ইৰানৰ মূখ্য আকর্ষণ হৈছে জাগ্ৰছ পর্বতমালা যেতিয়া আৰৱ ফলক আৰু ইউৰেছিয়া ফলকৰ সংঘাতৰ সৃষ্টি হৈছিল তাৰ ফলত সাগৰৰ বুকুৰ পৰা জাগ্ৰছ পর্বতমালাৰ সৃষ্টি হৈছিল। পৃথিৱীৰ সবাতােতকৈ ওখ পর্বত হিমালয় আৰু জাগ্ৰছৰ জন্ম কাহিনী একে। জাগ্ৰছ পর্বতমালাৰ দক্ষিণ-পশ্চিম দিশত তেল আৰু গেছৰ বিৰাট ভাণ্ডাৰ সঞ্চিত হৈ আছে।

প্রঃ ৩। বেহেষ্ট-ই-জাহৰাৰ লগত টেহৰানবাসীৰ সম্পৰ্কৰ বিষয়ে লিখা।
উঃ বেহেষ্ট-ই-জাহৰা টেহৰানৰ এখন জনপ্রিয় সমাধিস্থল। বেহেষ্ট-ই-জাহৰাৰ লগত টেহনবাসীৰ এটা এৰাব নােৱাৰা সম্পর্ক আছে। চমু অর্থত টেহৰানবাসীৰ শেষ আশ্রয়স্থল হৈছে এই বেহেষ্ট-ই-জাহৰা। টেহৰানৰ সম্ভৱতঃ এইখনেই মুখ্য সমাধিস্থল যিখন কেইবা কিলমিটাৰ দীঘল। হয়তাে এইখনেই একমাত্র সমাধি স্থল যত খােৱা-বােৱাৰ দোকানৰপৰা খেল পথাৰলৈকে সকলােবােৰ আছে।

পাৰস্যত এভুমুকি class 10 Question Answer

প্র : ৪। ইৰানীসকলৰ নৱবর্ষ উৎসৱৰ বিৱৰণ দিয়া।
উ : বসন্তৰ মনােৰম দিনৰ আৰম্ভণিতে ইৰানীসকলেও নৱবর্ষ বা ন’ ৰােজ দুসপ্তাহ জুৰি উদ্যাপন কৰে। বসন্তৰ প্রথম দিনত যেতিয়া সূর্যই বিষুৱ ৰেখা অতিক্রম কৰে তেতিয়া আমাৰ বহাগ বিহুৰ দৰে এওঁলােকেও নতুন কাপােৰ লয়, পিঠা-পনা খায়। উল্লেখযােগ্য যে জোৰাষ্টিয়ান ধর্ম ইৰানৰ মূল ধর্ম হৈ থকা সময়তে এই উৎসৱৰ বিকাশ ঘটিছিল। সাধাৰণতে এই উৎসৱৰ সময়ত যিকোনাে পাৰ্ছি গৃহত টেবুল বা কার্পেটৰ ওপৰত এখন সুন্দৰ কাপােৰ পাৰি সাতবিধ খাদ্য বস্তু সজোৱা হয়। প্রতিটো বস্তুৰে এটা প্রতীকি অর্থ আছে। যেনে ছবজে (ঘেঁহু বা দাইল পুনর্জন্মৰ প্ৰতীক) চামানু (ঘেঁহুৰ কঠীয়াৰ পায়স নতুন জীৱনৰ প্ৰতীক) ইত্যাদি। এই সাতবিধ খাদ্যৰ কাষত পৱিত্ৰ কোৰান আৰু হাফেজৰ কবিতাপুথি ৰাখে। নৈবেদ্যত হােৱা আন কেইবিধমান বস্তু হ’ল মুদ্রা (ধনসম্পত্তি), খৰাহি ভর্তি ৰংকৰা কণী (উৰ্বৰতা বা প্রজনন ক্ষমতা), গােলাপজল (যাদুকৰী চাফাই শক্তি), গাখীৰ ( শিশুৰ পুষ্টিৰ বাবে) ভেটফুল আদি। নৈবেদ্যৰ কাষত এখন আইনা থােৱা হয় আৰু এই আইনাৰ দুয়ােকাষে মমবাতি সজোৱা হয়। পৰিয়ালৰ প্ৰতিটো শিশুৰ বাবে নৱবৰ্ষৰ আৰম্ভণিতে সকলােৱে পৱিত্ৰ কোৰান আৰু হাফেজৰ কবিতা পঢ়ে। এইদৰে যথেষ্ট ধুমধামেৰে পাৰস্যৰ তীৰৰ এই জনজীৱনে নতুন বছৰক আদৰি লয়।

প্র : ৫। তেলৰ বাবে চলােৱা খনন কার্যত ‘মাডলগিং’ আহিলাসমূহৰ ভূমিকা কি ?
উঃ ভূতত্ত্ববিদৰ বাবে ই এবিধ গুৰুত্বপূৰ্ণ সঁজুলি। তেলৰ বাবে চলােৱা খনন কার্যত মাডলগিং’ আহিলাসমূহৰ ভূমিকা গুৰুত্বপূর্ণ। এইবােৰৰ জৰিয়তে লাভ কৰা তথ্যই এখন তৈলক্ষেত্র আৱিষ্কাৰত আৰু বিপদ নােহােৱাকৈ খনন কার্য চলােৱাত সহায় কৰে।

প্র : ৬। ইৰানৰ ইতিহাসৰ বিষয়ে চমুকৈ লিখা।
উ : ইৰান পথিৱীৰ এখন প্রাচীন সভ্য দেশ তথা ইতিহাসৰ ধ্বজাবাহক। প্রত্নতাত্ত্বিক, ঐতিহাসিক, সাংস্কৃতিক আৰু কীৰ্ত্তিস্তম্ভৰ যােগেদি ইৰানৰ প্রাচীন সভ্যতা আজিও সজীৱ হৈ আছে। প্রায় চাৰি হাজাৰ বছৰৰ আগত ইৰানলৈ আর্যগােষ্ঠীৰ লােকসকলৰ আগমন ঘটে। খ্রীঃপূঃ ছয় শতিকাৰ পূর্বে ইৰানীয় সম্রাট চাইৰাছে উত্তৰ ইৰানৰ ‘মেডেছ’ সকলক পৰাস্ত কৰি ইৰানবাসীক একগােট কৰিছিল। খীঃপূঃ ৫২৯৩ সম্রাট চাইৰাছৰ মৃত্যু হােৱাত নতুন সম্রাট দৰিয়াছে সাম্রাজ্য বিস্তাৰৰ প্ৰয়াস কৰিছিল। খ্রীঃপূঃ চতুর্থ শতিকাত গ্রীক সম্রাট আলেকজেণ্ডাৰে চাইৰাছৰ পাছেপলিছ সাম্রাজ্যৰ পতন ঘটাইছিল।

খ্রীষ্টপূর্ব দ্বিতীয় শতিকালৈকে চলা গ্রীক শাসনৰ পাছত পার্থিয়ানসকলে ইৰানৰ শাসনভাৰ লৈছিল। সেই সময়ত জোৰাষ্ট্রিয়ান ধর্মই ৰাজধৰ্মৰ স্বীকৃতি লাভ কৰিছিল। ৩৫০ বছৰ কাল পার্থিয়ানে শাসন কৰাৰ পাছত চাৰিটা শতিকা ছাজানিদসকলে ইৰান শাসন কৰিছিল। তাৰ পাছত আৰৱসকলৰ ইৰানলৈ আগমন ঘটাৰ পাছত ইছলাম ধৰ্মই ইৰানৰ মুখ্য ধৰ্মৰ স্থান পায়। কেইবা শতিকা জুৰি চলা আৰৱ শাসনৰ পৰৱৰ্তীকালত বহুতাে বিদেশী শক্তিৰ আক্রমণে ইৰানক বিধ্বস্ত কৰে। ইয়াৰ পাছত ছাফাভিদ বংশৰ শাসন কালত ইৰানে পূর্বৰ খ্যাতি কিছু পৰিমাণে ঘূৰাই পায়। তেওঁৰ দিনত বদলাম ধৰ ছিয়া সম্প্রদায়ে ৰাজধৰ্মৰ খিতাপ লভিছিল। পৰৱৰ্তীকালত আফগান সকলৰ আগমণত ছাফাভিদ ৰাজত্বৰ পতন ঘটে। ইৰানৰ শাসকলকৰ ভিতৰত অন্যতম আছিল নাদিৰ শ্বাহ। তেওঁ আফগানিস্তান আৰু ভাৰতবর্ষ আক্রমণ কৰিছিল। নাদিৰ শ্বাহৰ পিছত ইৰানৰ দুটা শাসক বংশৰ মাজত সংঘাত হয় আৰু ১৭৯০ খ্রীঃত কাজাব বংশ জয়ী হয়। এই বংশই প্রথম বিশ্বযুদ্ধৰ সময়লৈকে ইৰান শাসন কৰে। প্রথম বিশ্বযুদ্ধৰ পাছত ৰেজাশ্বাহ পাহ্লাভিয়ে ইৰানৰ শাসনভাৰ হাতত ল’লে আৰু তেতিয়াৰেপৰা আধুনিকীকৰণৰ প্ৰচেষ্টাৰ আৰম্ভ হ’ল। ১৯৭৯ চনৰ বিখ্যাত ধর্মীয় বিপ্লৱৰ ফলস্বৰূপে পহিলা এপ্রিলৰপৰা ইৰানে ইছলামিক গণতন্ত্র হিচাপে স্বীকৃতি লাভ কৰিলে।

লগতে পঢ়ক:   বৰগীত Class 10 Question Answer দশম শ্ৰেণী পাঠ ১

পাৰস্যত এভুমুকি Class 10

প্রঃ ৭। বুশ্বেৰ চহৰৰ এটা বিৱৰণ দিয়া।।
উঃ বুশ্বেৰ হ’ল ইৰানৰ এখন সৰু তথা ব্যস্ত চহৰ। নগৰ পৰিকল্পনা মতে এই চহৰ গঢ়ি উঠিছে। মূল ৰাস্তাটো চাৰিলেনযুক্ত, মাজত ডিভাইডাৰ। চহৰখন যথেষ্ট চাফ- চিকুন। প্রতিটো ঘৰ দেৱালেৰে ঘেৰা, লগতে প্ৰৱেশদ্বাৰত একোখন মজবুত লােহাৰ গেট। আবাসিক অঞ্চলৰ ঘৰবােৰ দুই বা তিনি মহলীয়া। ৰাস্তা-ঘাটত বৰ বেছি ভিৰ নাই। বুশ্বেৰত এটা বিমান বন্দৰ আছে। এই বন্দৰটো ইৰানৰ এটা সামৰিক ঘাটি বাবে ইয়াৰ গুৰুত্ব বেছি। ইয়াত এটা নিউক্লীয় ৰিয়েক্টৰ আছে। বুশ্বেৰৰ খেজুৰ বিখ্যাত। পকা খেজুৰৰ পৰা ৰস উলিয়াই পৰঠাকে ধৰি নানা খাদ্য ব্যঞ্জন বনােৱা হয়।

প্রঃ ৮। ইৰানৰ ভূতত্বৰ বিষয়ে লিখা।
উঃ জটিল বিবর্তন অঞ্চলত ইৰান অৱস্থিত। ইয়াৰ ভূতাত্ত্বিক অৱস্থান অতি বৈশিষ্ট্যপূর্ণ। দেশখনৰ ভূগৰ্ভত আৰৱ ফলক আৰু ইউৰেছীয় ফলক ওচৰা-ওচৰিকৈ অৱস্থিত। এই দুই ফলকৰ সংঘাতৰ ফলত ইৰানত সঘনাই ভূমিকম্প হৈ থাকে। ইৰানৰ ৰাজধানী টেহৰানাে ভূমিকম্পপীড়িত অঞ্চল। অতীতত আৰব ফলক আৰু ইউৰােপীয় ফলকৰ সংঘাতৰ ফলতে সাগৰৰ বুকুৰ পৰা উঠি আহিছিল জাগ্রছ পর্বত। এই পৰ্বতৰ দক্ষিণ-পশ্চিম দিশত বিৰাট তেল আৰু গেছৰ ভাণ্ডাৰ সঞ্চিত হৈ আছে। পাৰস্য উপসাগৰীয় অঞ্চলত ডেৰশতকৈও অধিক তৈলক্ষেত্র আছে। এই তৈলক্ষেত্ৰৰ ওপৰত বহুতাে দেশে নির্ভৰ কৰে।

প্রঃ ৯। ইৰানৰ কেইখনমান ঠাইৰ নাম লিখা।
উঃ ইৰানৰ কেইখনমান ঠাই হ’ল— আহৱাজ, চিৰাজ, বুশ্বেৰ, টেহন, টাৱৰিজ, ইছফাহান, কাৰমান, আৰডাবিল, হামদান আদি।

প্রঃ ১০। টেহৰাণৰ বিমান বন্দৰ কেইটা কি কি আৰু কোন কোন স্থানতঅৱস্থিত।
উঃ টেহৰানৰ বিমান বন্দৰ দুটা হ’ল-
(১) মেহৰাবাদ এয়াৰপৰ্ট, এইটো চহৰত অৱস্থিত।
(২) খােমেনি ইন্টাৰনেশ্যনেল এয়াৰপৰ্ট চহৰৰ পৰা দূৰত অৱস্থিত।

প্রঃ ১১। টেহৰানৰ প্ৰাকৃতিক অৱস্থা কেনেকুৱা লিখা।
উ : ইৰানৰ ৰাজধানী টেহৰানৰ প্ৰাকৃতিক মনােৰম দৃশ্যই সকলকে মােহিত কৰে। চহৰখনৰ ওচৰতে থকা ওখ ওখ পর্বতে সূৰ্যৰ পােহৰত অপৰূপ সৌন্দর্যৰে জিলিকি থাকে। টেহৰানক বহুতে মনােৰম প্রাকৃতিক দৃশ্যৰ বাবে পেৰিছৰ লগত তুলনা কৰে। গ্রীষ্মকালৰ দুটা মাহৰ বাহিৰে বাকী সময়ছােৱা ইয়াৰ জলবায়ু অতি আৰামদায়ক আৰু শীতকালত ইয়াত বৰফ পৰে। টেহৰানক সুন্দৰ জলবায়ু প্রদান কৰিছে এলব্রজ পর্বতৰাশিয়ে। পৰ্বতৰ ওপৰৰ হিমবাহেই হৈছে মহানগৰীখনৰ খােৱা পানীৰ উৎস।

পাৰস্যত এভুমুকি Class 10

প্রঃ ১২। স্লামবাজাৰ কোম্পানিৰ কার্যালয় ক’ত ক’ত আছে?
উঃ ‘স্লামবার্জাৰ কোম্পানিটো এটা বহুৰাষ্ট্ৰীয় কোম্পানি। এই কোম্পানিটোৰ কার্যালয়বােৰ নাজিৰাৰ পৰা নাইজেৰিয়ালৈকে, দুলীয়াজানৰ পৰা ডুবাইলৈকে, টেহৰানৰ পৰা টেক্সাছলৈকে পৃথিৱীৰ সকলাে তৈলক্ষেত্ৰৰ ওচৰে- পাজৰে আছে। তৈল উদ্যোগৰ সৈতে এই কোম্পানীবােৰ অতি ঘনিষ্ঠভাৱে জড়িত।

প্রঃ ১৩। শ্বিৰীণ ইবাডি কোন ? তেওঁৰ সংগ্ৰামৰ বিষয়ে পাঠ্যপুথিৰ সহায়ত লিখা।
উ : শ্বিৰীণ ইবাডি হ’ল নবেল বঁটা বিজয়ী এগৰাকী ইৰানী বিপ্লৱী। ১৯৪৭ চনৰ ২১ জুন তাৰিখে এইগৰাকী মানৱ অধিকাৰ কৰ্মী ইৰানৰ হামাদাত জন্ম হয়। ছাদ্দাম হুছেইন সমর্থিত এটা বিপ্লৱৰ অংশীদাৰ হিচাপে তেওঁ খােমেনিক পদচ্যুত কৰিবলৈ চেষ্টা কৰিছিল। যাৰ বাবে তেওঁক শীতল মস্তিষ্কৰে হত্যা কৰা হৈছিল। ইৰানৰ কঠোৰ পন্থীৰ বিৰুদ্ধে শ্বিৰীণ ইবাডিয়ে যি সংগ্রাম কৰিছিল সি শলাগিবলগীয়া। তেওঁক বিচাৰপতি হােৱাৰ পৰা বঞ্চিত কৰি হিজাব পৰিধান কৰিবলৈ জোৰ দিছিল। তেনে এটা কঠিন পৰিৱেশত মানৱ অধিকাৰৰ বাবে তেওঁ এটা অত্যুৎসাহী পদক্ষেপ লৈছিল। শ্বিৰীণে নিপীড়িত লােকৰ বাবে যুঁজিছিল যত যুৱতীক ধর্ষণ কৰা হৈছিল, শাসন বিৰােধী বুলি যুৱকক শাক্তি দিয়া হৈছিল, পতিয়ে পত্নীক বেয়া ব্যৱহাৰ কৰিছিল। বিজয়ৰ মুখ দেখাৰ লগে লগে তেওঁ মানৱ অধিকাৰৰ অগ্রণী ৰণুৱা হিচাপে সমগ্র বিশ্বতে পৰিচিত হৈ পৰিল। সেই সময়তে মানৱ অধিকাৰৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে ২০০৩ চনত তেওঁক নবেল বঁটাৰে সন্মানিত কৰা হয় । ইৰাণীবাসীয়ে সকলােকে চমকিত কৰি তেওঁক টেহৰান বিমানবন্দৰত বিপুলভাবে আদৰণি জনাইছিল।

লগতে পঢ়ক:   অৰণ্য যাত্ৰা দশম শ্ৰেণী (সম্পূৰ্ণ প্ৰশ্নোত্তৰ) Class 10 অসমীয়া

প্র : ইৰানীসকলৰ নৱবর্ষ উৎসৱৰ বিৱৰণ দিয়া।

উ : বসন্তৰ মনােৰম দিনৰ আৰম্ভণিতে ইৰানীসকলেও নৱবর্ষ বা ন’ ৰােজ দুসপ্তাহ জুৰি উদ্যাপন কৰে। বসন্তৰ প্রথম দিনত যেতিয়া সূর্যই বিষুৱ ৰেখা অতিক্রম কৰে তেতিয়া আমাৰ বহাগ বিহুৰ দৰে এওঁলােকেও নতুন কাপােৰ লয়, পিঠা-পনা খায়। উল্লেখযােগ্য যে জোৰাষ্টিয়ান ধর্ম ইৰানৰ মূল ধর্ম হৈ থকা সময়তে এই উৎসৱৰ বিকাশ ঘটিছিল। সাধাৰণতে এই উৎসৱৰ সময়ত যিকোনাে পাৰ্ছি গৃহত টেবুল বা কার্পেটৰ ওপৰত এখন সুন্দৰ কাপােৰ পাৰি সাতবিধ খাদ্য বস্তু সজোৱা হয়। প্রতিটো বস্তুৰে এটা প্রতীকি অর্থ আছে। যেনে ছবজে (ঘেঁহু বা দাইল পুনর্জন্মৰ প্ৰতীক) চামানু (ঘেঁহুৰ কঠীয়াৰ পায়স নতুন জীৱনৰ প্ৰতীক) ইত্যাদি। এই সাতবিধ খাদ্যৰ কাষত পৱিত্ৰ কোৰান আৰু হাফেজৰ কবিতাপুথি ৰাখে। নৈবেদ্যত হােৱা আন কেইবিধমান বস্তু হ’ল মুদ্রা (ধনসম্পত্তি), খৰাহি ভর্তি ৰংকৰা কণী (উৰ্বৰতা বা প্রজনন ক্ষমতা), গােলাপজল (যাদুকৰী চাফাই শক্তি), গাখীৰ ( শিশুৰ পুষ্টিৰ বাবে) ভেটফুল আদি। নৈবেদ্যৰ কাষত এখন আইনা থােৱা হয় আৰু এই আইনাৰ দুয়ােকাষে মমবাতি সজোৱা হয়। পৰিয়ালৰ প্ৰতিটো শিশুৰ বাবে নৱবৰ্ষৰ আৰম্ভণিতে সকলােৱে পৱিত্ৰ কোৰান আৰু হাফেজৰ কবিতা পঢ়ে। এইদৰে যথেষ্ট ধুমধামেৰে পাৰস্যৰ তীৰৰ এই জনজীৱনে নতুন বছৰক আদৰি লয়।

প্র : ইৰানৰ ইতিহাসৰ বিষয়ে চমুকৈ লিখা।

উঃ জটিল বিবর্তন অঞ্চলত ইৰান অৱস্থিত। ইয়াৰ ভূতাত্ত্বিক অৱস্থান অতি বৈশিষ্ট্যপূর্ণ। দেশখনৰ ভূগৰ্ভত আৰৱ ফলক আৰু ইউৰেছীয় ফলক ওচৰা-ওচৰিকৈ অৱস্থিত। এই দুই ফলকৰ সংঘাতৰ ফলত ইৰানত সঘনাই ভূমিকম্প হৈ থাকে। ইৰানৰ ৰাজধানী টেহৰানাে ভূমিকম্পপীড়িত অঞ্চল। অতীতত আৰব ফলক আৰু ইউৰােপীয় ফলকৰ সংঘাতৰ ফলতে সাগৰৰ বুকুৰ পৰা উঠি আহিছিল জাগ্রছ পর্বত। এই পৰ্বতৰ দক্ষিণ-পশ্চিম দিশত বিৰাট তেল আৰু গেছৰ ভাণ্ডাৰ সঞ্চিত হৈ আছে। পাৰস্য উপসাগৰীয় অঞ্চলত ডেৰশতকৈও অধিক তৈলক্ষেত্র আছে। এই তৈলক্ষেত্ৰৰ ওপৰত বহুতাে দেশে নির্ভৰ কৰে।

Leave a Comment

Your email address will not be published. Required fields are marked *


Scroll to Top