অৰুণিমা সিনহা Class 10 (সম্পূৰ্ণ প্ৰশ্নোত্তৰ) দশম শ্ৰেণী অসমীয়া

অৰুণিমা সিনহা
বিষয়  অসমীয়া (Assamese)
কিতাপখনৰ নাম অসমীয়া সাহিত্য চয়নিকা
পাঠৰ নাম অৰুণিমা সিনহা
শ্ৰেণী  দশম (X)
অধ্যায় (Chapter) অধ্যায় 10
পাঠ্যক্ৰম (Syllabus) ছেবা (SEBA)

অৰুণিমা সিনহা Class 10

১) হস্পিতালৰ পৰা ওলাই গৈ অৰুণিমা সিন্হাই কাৰ ওচৰলৈ গৈছিল ?
ক) শ্বেৰপাৰ ওচৰলৈ
খ) বাচেন্দ্ৰি পালৰ ওচৰলৈ
গ) ভায়েকৰ ওচৰলৈ
ঘ) যুৱৰাজ সিঙৰ ওচৰলৈ
উঃ খ) বাচেন্দ্ৰি পালৰ ওচৰলৈ

2) অৰুণিমা সিন্হাই কোন চনত ‘এমেজিং ইণ্ডিয়ান এৱাৰ্ড’ লাভ কৰে ?
ক) ২০১৪ চনত
খ) ২০১৩ চনত
গ) ২০১৫ চনত
ঘ) ২০১১ চনত
উঃ ক) ২০১৪ চনত

৩) জীৱনৰ সফলতা তথা উন্নতিৰ মূলমন্ত্ৰ কি ?
ক) বিৰল অভিজ্ঞতা
খ) শাৰীৰিক সক্ষমতা
গ) দুচকুৰ সপোন
ঘ) প্ৰচণ্ড ইচ্ছাশক্তি আৰু দৃঢ়তা
উঃ ঘ) প্ৰচণ্ড ইচ্ছাশক্তি আৰু দৃঢ়তা

৪) ‘যাক দমন কৰিব নোৱাৰি’ অৰ্থটো তলৰ কোনটো বাক্যত প্ৰকাশ পাইছে ?
ক) অদম্য সাহস আৰু উৎসাহেৰে অৰুণিমা আগবাঢ়ি গৈছিল
খ) কোনো কথাই অৰুণিমাক লক্ষ্যৰ পৰা বিচ্যুত কৰিব পৰা নাছিল
গ) অৰুণিমাই উৎসাহ উদ্যমেৰে অহৰহ চেষ্টা অব্যাহত ৰাখিছিল
ঘ) অৰুণিমাক কোনো কথাই নিৰস্ত্ৰ কৰিব পৰা নাছিল
উঃ ক) অদম্য সাহস আৰু উৎসাহেৰে অৰুণিমা আগবাঢ়ি গৈছিল

৫) ‘হিমালয়’ শব্দটোৰ তলৰ কোনটো সন্ধি শুদ্ধভাৱে ভঙা হৈছে বাছি উলিওৱা-
ক) হিমা + আলয়া
খ) হিমা + আলয়
গ) হিম + আলয়
ঘ) হিম + লয়
উঃ গ) হিম + আলয়

অৰুণিমা সিনহা দশম শ্ৰেণী

প্রঃ ১। অৰুণিমা সিনহাৰ কোনবিধ খেলত বিশেষ দক্ষতা আছিল?
উঃ অৰুণিমা সিনহাৰ ভলীবল খেলত বিশেষ দক্ষতা আছিল। তেওঁ এগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ ভলীবল খেলুৱৈ আছিল।

প্রঃ ২। অৰুণিমা সিনহাৰ ঘৰ ক’ত?
উঃ অণিমা সিনহাৰ ঘৰ উত্তৰ প্ৰদেশত।

প্রঃ ৩। হস্পিতালত থাকোতে অৰুণিমাৰ কি সপােনে তীব্ৰৰূপ হৈছিল।
উঃ হস্পিতালত থাকোতে অৰুণিমাৰ হিমালয় শৃংগলৈ উঠাৰ সপােন তীব্ৰতৰ হৈছিল।

প্রঃ ৪। হস্পিতালৰ পৰা ওলাই গৈ অৰুণিমাই কাক আৰু কিয় লগ ধৰিছিল?
উঃ এভাৰেষ্ট বিজয়ৰ সপােন দেখা অৰুণিমাই হস্পিতালৰ পৰা ওলাই গৈ বাচেন্দ্রি পালক লগ ধৰিছিল। তেওঁ বাচেন্দ্রি পালক লগ কৰাৰ কাৰণ আছিল যে তেওঁক পালে এভাৰেষ্ট বিজয় কিদৰে কৰিব তাৰ সঠিক পৰামৰ্শ দিব।

প্রঃ ৫। মাউন্ট এভাৰেষ্ট অৰুণিমাই কেতিয়া আৰােহণ কৰিছিল? তাত তেওঁ কিমান সময় ধৰি আছিল?
উঃ ২০১৩ চনৰ ২১ মে তাৰিখে অৰুণিমাই মাউন্ট এভাৰেষ্ট আৰােহণ কৰিছিল। মাউন্ট এভাৰেষ্টত তেওঁ প্ৰায় ডেৰ ঘণ্টা সময় আছিল।

প্রঃ । অৰুণিমা সিনহাই ৰেলযাত্ৰাৰ সময়ত কি দুর্ঘটনাৰ মুখামুখি হৈছিল। এই দুর্ঘটনাত অৰুণিমাই কি হেৰুৱাবলগীয়া হৈছিল?
উঃ অত্যন্ত সাহসী অৰুণিমা সিন্হাই ৰেলগাড়ীৰে লক্ষ্ণৌ পৰা দিল্লীলৈ যাত্ৰা কৰোতে এদল ডকাইতৰ মুখামুখি হৈছিল। শেষত এজন ডকাইতে তেওঁক ৰেলগাড়ীৰ পৰা বাহিৰৰ এন্ধাৰলৈ দলিয়াই দিছিল। এই দুর্ঘটনাত তেওঁ এখন ভৰি চিৰদিনৰ বাবে হেৰুৱাবলগীয়া হয় আৰু আনখন ভৰি গুৰুত্বপূৰ্ণভাৱে আহত হয়।

লগতে পঢ়ক:   অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি (সম্পূৰ্ণ প্ৰশ্নোত্তৰ) দশম শ্ৰেণী

প্রঃ ৭। অৰুণিমাৰ সপােন পূৰণ কৰাৰ বাবে বাচেন্দ্রি পালে কেনেদৰে সহায় কৰিছিল লিখা।
উঃ দুর্ঘটনাত এখন ভৰি চিৰদিনৰ বাৰে হেৰুৱাই অৰুণিমাই হস্পিতালত থাকোতেই এভাৰেষ্ট বিজয়ৰ সপােন দেখিছিল। শাৰীৰিক প্রতিবন্ধকতাক নেওচি তেওঁ এভাৰেষ্ট আৰােহণ কিদৰে কৰে তাৰ উপযুক্তপৰামৰ্শ ল’বলৈ বাচেন্দ্রি পালক সাক্ষাৎ কৰিছিল। বাচেন্দ্রি পাল এগৰাকী এভাৰেষ্ট বিজয়িনী আছিল। তেওঁ টাটা ষ্টীল এডভেন্সাৰ ফাউণ্ডেচনে চলােৱা অনুশীলন কেম্পৰ প্রধান প্রশিক্ষক আছিল। শাৰীৰিক, মানসিক আৰু অধ্যৱসায়ক মূলধন কৰি এভাৰেষ্ট বিজয়ৰ সপােন ৰচা অৰুণিমাই যে সঠিক প্রশিক্ষণ পালে তেওঁৰ সপােন বাস্তবায়িত কৰিব পাৰিব বুলি বাচেন্দ্রি পাল পতিয়ন গৈছিল। এখন কৃত্রিম ভৰি আৰু আনখন ভৰিত লােৰ ৰ’ডৰ সহায়ত চলাফুৰা কৰা অৰুণিমাই বাচেন্দ্রি পালৰ তত্বাৱধানত পর্বতাৰােহণ অনুশীলন কেম্পত যােগ দিবলৈ সক্ষম হয়। প্রায় এবছৰীয়া প্রশিক্ষণ কালত তেওঁ নানা ঘাট প্রতিঘাতৰ মাজেদি অতিক্ৰম কৰিব লগা হয়। শাৰীৰিক প্রতিবন্ধকতাই বাৰে বাৰে বিপদত পেলােৱা অৰুণিমাই মনৰ বল আৰু প্ৰৱল আত্মবিশ্বাসেৰে সকলোেবােৰ বাধা অতিক্ৰম কৰি গৈছিল। শেষত ২০১৩ চনৰ ২১ মেত মাউন্ট এভাৰেষ্টত ভাৰতীয় জাতীয় পতাকা উৰাই তেওঁ এভাৰেষ্ট বিজয়ৰ সপােন দিঠকত পৰিণত কৰিছিল।

অৰুণিমা সিনহা Class 10

প্রঃ ৮। কিমান চনত অৰুণিমা সিন্হাই পদ্মশ্রী বঁটা লাভ কৰে?
উঃ ২০১৫ চনত অৰুণিমা সিন্হাক পদ্মশ্রী বঁটাৰে সন্মানিত কৰা হয়।

প্রঃ ৯। ২০১৪ চনত অৰুণিমা সিনহাই লাভ কৰা বঁটাটোৰ নাম কি?
উঃ ২০১৪ চনত অৰুণিমা সিনহাই লাভ কৰা বঁটাটোৰ নাম আছিল—এমেজিং ইণ্ডিয়ান এৱার্ড।

প্রঃ ১০। এভাৰেষ্ট বিজয়ৰ সপােন দিঠকত পৰিণত কৰিবলৈ অৰুণিমাই কেনেদৰে অনুশীলন কৰিছিল?
উঃ ৰাষ্ট্ৰীয় পৰ্যায়ৰ ভলীবল খেলুৱৈ অৰুণিমা সিন্হাই দুর্ভাগ্যবসতঃ এখন ভৰি হেৰুৱাবলগীয়া হয়। শাৰীৰিক বাধাক নেওচি তেওঁ এভাৰেষ্ট বিজয়ৰ সপােন ৰচিছিল। এই সপােন দিঠকত পৰিণত কৰাৰ অৰ্থে তেওঁ এখন কৃত্রিম আৰু আনখন লােৰ ৰড লগােৱা ভৰিৰে কাশীত থকা ইকো এভাৰেষ্ট এক্সপেডিচন গ্রুপত (পর্বতাৰোণৰ প্রশিক্ষণ লােৱা গ্রুপত) যােগদান কৰে। এই অনুশীলন এভাৰেষ্ট বিজয়ী বাচিন্দ্রি পালৰ তত্বাৱধানত চলিছিল। ভৰিখন হেৰুৱাৰ দুর্ভাগ্যক সৌভাগ্যলৈ ৰূপান্তৰ কৰাত তেওঁ কোনাে ত্রুটি কলা নাছিল। প্রায় এবছৰকাল অৰুণিমাই একে লেথাৰিয়ে উৎসাহ-উদ্যমেৰে অনুশীলনে নিজক ব্যস্ত ৰাখিছিল। অনুশীলনৰ সময়ত দেখা গৈছিল যে স্বাভাৱিকভাৱে মানুহে যিটো খােজ দিওঁতে দুই মিনিটতে শিকিব পাৰে তেওঁৰ শৰীৰিক বাধা গ্রস্ততাৰ বাবে সেয়া শিকোতে তিনিঘণ্টা সময় লাগিছিল। কেতিয়াবা কেতিয়াবা তেওঁৰ ভৰি তেজেৰে তুমৰলি হৈছিল। তেওঁৰ পর্বতাৰােহণ অভিযানত সহায় কৰা শ্বৰপাজনেও তেওঁ ভৰিৰ অৱস্থা দেখি পর্বতাৰােহণ বাদ দিবলৈকে পৰামর্শ দিছিল। কিন্তু অৰুণিমাই কোনাে বাধা বিপত্তিৰ ওচৰত সেও মনা নাছিল। অৱশেষত তেওঁ মাউন্ট চামছেৰ কাংৰিৰ ২১,১০৮ ফুট উচ্চতালৈ আৰােহণ কৰি প্রতিকূল বতৰ বাবে অভিযান সামৰিব লগা হয়। ইয়াৰ পিছতাে অৰুণিমাই হাৰ মনা নাছিল। শেষত ২০১৩ চনৰ ২১ মে তাৰিখে মাউন্ট এভাৰেষ্টৰ শিখৰত পদাপর্ণ কৰি তেওঁ এভাৰেষ্ট বিজয়ৰ সামৰণি পেলায়।

লগতে পঢ়ক:   প্ৰশস্তি Class 10 Assamese Chapter 3 Question Answer

প্রঃ ১১। অৰুণিমাই কিয় লাডাখত থকা মাউন্ট চামছে কাংৰিৰ অভিযান সম্পূর্ণ কৰিব নােৱাৰিলে।

উঃ লাডাখত থকা মাউন্ট চামছে কাংৰিৰ উচ্চতা ২১,৭৯৮ ফুট। এই অভিযান প্রায় সমাপ্তিৰ আগতেই অৰুণিমাই অভিযান সামৰিব লগা হয়। অৰুণিমাই এই অভিযান কৰাৰ সময়ত বতৰ অত্যন্ত প্রতিকূল হৈ পৰিছিল। এনে প্রতিকূল বতৰত অভিযান চলােৱা অসম্ভৱ হােৱাত শিখৰলৈ মাত্র ৬৯০ ফুট বাকী থকা অৱস্থাতে অৰুণিমাই অভিযান সামৰিব লগা হয়। সেয়েহে তেওঁ মাউন্ট চামছে কাংৰিৰ বিজয় অসম্পূর্ণ হয়।

প্রঃ ১২। অৰুণিমা সিন্হাৰ এভাৰেষ্ট অভিযানৰ বর্ণনা দিয়া।
উঃ পৃথিৱীৰ উচ্চতম শৃংগ মাউন্ট এভাৰেষ্ট বিজয় অরুণিমা সিন্হাৰ এক সপােন আছিল। শাৰীৰিকভাৱে অক্ষম হৈয়ো অৰুণিমাই অতি কষ্টৰে নিজৰ সাহস আৰু অধ্যৱসায়ৰ গুণত প্রায় এবছৰ কাল পর্বতাৰােহণৰ প্রশিক্ষণ লৈছিল। লাডাখত থকা মাউন্ট কাংৰিৰ অভিযানৰ বিফলতাই তেওঁক অধিক আত্মবিশ্বাসী কৰি তােলে আৰু মাউন্ট এভাৰেষ্ট আৰােহণ কৰাৰ সংকল্প ল’বলৈ অনুপ্রাণিত কৰে। প্রথম অভিযানত ২১,১০৮ ফুট উচ্চতালৈ যাব পৰাটোৱেই তেওঁক মাউন্ট এভাৰেষ্ট বিজয় সহজ কৰি তােলে। মাউন্ট এভাৰেষ্টৰ শৃংগত উঠি ফটো ভিডিঅ’ কৰি বিশ্ববাসীক নিজৰ বিৰল অভিজ্ঞতাৰ বিষয়ে জনােৱাৰ বাবে তেওঁ দুটাকৈ কেমেৰা লগত লৈ গৈছিল। অভিযানত দৰকাৰ হােৱা পানী আৰু অক্সিজেনাে তেওঁ লগত নিছিল। কাঠমাণ্ডুৰ পৰা আৰম্ভ হােৱা এই যাত্ৰাত চাৰি নং কেম্প পাওঁতে তেওঁৰ ভৰিৰ পৰা তেজ নিগৰি ভয়ংকৰ অৱস্থা হৈছিল। তেওঁৰ লগত যােৱা শ্বেৰপাজনে বাৰে বাৰে অক্সিজেন শেষ হ’ব বুলি সতর্ক কৰি আছিল আৰু অক্সিজেন শেষ হলে মৃত্যু যে অনিবার্য সেই কথা অৰুণিমাই জানিছিল যদিও তেওঁ বিজয় সম্পূর্ণ নকৰাকৈ উভতি যােৱাৰ কথা ভাৱিব পৰা নাছিল। অদম্য সাহস আৰু উৎসাহেৰে নিজৰ ভৰিৰ আঠুৰ পৰা ওলাই থকা তেজ মছি মছি অৰুণিমা আগুৱাই গৈছিল। এইদৰে আগুৱাই যাওঁতে এভাৰেষ্ট অভিযানলৈ পূর্বতে অহা বছতাে অভিযাত্রীৰ মৃত দেহ তেওঁ দেখা পাইছিল। প্রচণ্ড পৰিশ্রম, আদম্য মনােবল আৰু কষ্ট সহিষ্ণুতাৰ গুণত শেষত তেওঁ ২১ মে ২০১৩ চনত এভাৰেষ্ট বিজয়ৰ ইতিহাস ৰচিবলৈ সক্ষম হয়।

লগতে পঢ়ক:   মুক্তি মঙ্গল ভটিমা Class 10 দশম শ্ৰেণী প্ৰশ্নৰ উত্তৰ

অৰুণিমা সিনহা class 10

প্রঃ১৩। ‘একোগৰাকী ব্যক্তিয়ে নিজৰ প্ৰতিভাৰে জাতীয় জীৱনত জিলিকি উঠি আন সহস্ৰজনৰ বাবে আশা আৰু প্ৰেৰণাৰ বতৰা কঢ়িয়াই আনে’—কথাষাৰৰ যুক্তিযুক্ততা অৰুণিমা সিনহাৰ জীৱনৰ আধাৰত বুজাই লিখা।
উঃ উদ্ধৃত কথাকি যুক্তিযুক্ততা যদি আমি অৰুণিমা সিন্হাৰ জীৱনৰ আধাৰত বিচাৰি চাওঁ তেন্তে বাক্যশাৰীৰ শুদ্ধতাই প্রতিপন্ন হয়। এগৰাকী ৰাষ্ট্ৰীয়পর্যায়ৰ ভলীবল খেলুৱৈ হৈয়াে অৰুণিমাই দুর্ভাগ্যবসতঃ ৰেলগাড়ীত ভ্ৰমণ কৰােতে ডকাইতৰ লগত হােৱা সংঘর্ষত নিজৰ এখন ভৰি সম্পূৰ্ণকৈ হেৰুৱাবলগীয়া হয় আৰু আনখন ভৰিও গুৰুতৰভাৱে আহত হয়। সেইখন ভৰিত লােৰৰ সােমােৱাই লৈহে চলাফুৰা তেওঁ কৰিব লগা হৈছিল। মুঠৰ ওপৰত তেওঁৰ দুয়ােখন ভৰিয়ে অকামিলা বুলিব পাৰি। নিজৰ শাৰীৰিক বাধাগ্রস্ততাৰ কথা জানিও তেওঁ এভাৰেষ্ট জয় কৰাৰ সপােন দেখিছিল আৰু সেই সপোন দিঠকত পৰিণত কৰাৰ বাবে প্ৰয়ােজনীয় সকলাে চেষ্টা কৰিছিল। সম্পূর্ণৰুপে হেৰুৱা ভৰিখনৰ ঠাইত তেওঁ এখন কৃত্রিম ভৰি লগাই লৈছিল। এনেধৰণৰ ভৰিৰে সাধাৰণতে মানুহে অলপ উচ্চতাৰ ঠাইলৈ উঠিবলৈ ভয় কৰে তাতে পর্বতাৰােহণ সকলাে মানুহৰ বাবে কল্পনাৰাে অতীত। অৰুণিমাৰ সুদৃঢ় মনে তেওঁৰ শাৰীৰিক আৰু মানসিক দৃঢ়তা বিদ্ধি কৰাই নহয় তেওঁৰ লক্ষ্য স্থানত উপনীত হােৱাৰ বাবে নেৰানেপেৰা চেষ্টাৰে অভাৱ নাছিল। দুচকুত এভাৰেষ্ট বিজয়ৰ সপোন, অন্তৰৰ প্ৰচণ্ড সাহস আৰু প্ৰবল আত্মবিশ্বাসে তেওঁক এভাৰেষ্টৰ শিৰত উপনীত কৰাইছিল। এই বিৰল প্রতিভাই তেওঁৰ নাম দেশ আৰু বিদেশতো জিলিকাইছিল। ২০১৫ চনত তেওঁক ‘ টেনজিং নৰ্গে আৰু পদ্মশ্ৰী সম্মানেৰে বিভূষিত কৰা হয়। এটা অসম্পূর্ণ দেহাৰে অসাধ্যকে সাধ্য কৰি দেখুৱা তেওঁৰ এই কাম সকলােৰে বাৰে অনুৰেণাৰ বিষয়।

View More Class 10 Assamese Lesson

প্রঃ অৰুণিমা সিনহা কোন আছিল

উঃ অৰুণিমা সিনহা এগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ ভলীবল খেলুৱৈ আছিল। দুচকুত এভাৰেষ্ট বিজয়ৰ সপোন, অন্তৰৰ প্ৰচণ্ড সাহস আৰু প্ৰবল আত্মবিশ্বাসে তেওঁক এভাৰেষ্টৰ শিৰত উপনীত কৰাইছিল।

প্রঃ অৰুণিমা সিনহাৰ ঘৰ ক’ত?

উঃ অণিমা সিনহাৰ ঘৰ উত্তৰ প্ৰদেশত।

প্রঃ কিমান চনত অৰুণিমা সিন্হাই পদ্মশ্রী বঁটা লাভ কৰে?

উঃ ২০১৫ চনত অৰুণিমা সিন্হাক পদ্মশ্রী বঁটাৰে সন্মানিত কৰা হয়।

Leave a Comment

Your email address will not be published. Required fields are marked *


Scroll to Top