Class 10 Assamese Grammar
| অসমীয়া ব্যাকৰণ | |
| Class | X |
| Subject | Assamese |
| Board | SEBA |
| Chapter | অসমীয়া ব্যাকৰণ |
| Medium | Assamese |
| Category | Question And Answer |
দশম শ্ৰেণীৰ অসমীয়া ব্যাকৰণ
সমাস অসমীয়া ব্যাকৰণ
প্রঃ সমাস কাক বােলে?
উ : পৰস্পৰ অৰ্থৰ সংগতি থকা বা পাৰস্পৰিক আৱশ্যকীয় অর্থৰ দুই বা ততােধিক পদ লগ লাগি এক পদ হােৱাকেই সমাস বােলে।
প্র : অসমীয়াত প্রধানকৈ কেইবিধ সমাসৰ ব্যৱহাৰ হয় আৰু কি কি?
উ : সংস্কৃত ব্যাকৰণ মতে সমাসৰ সংখ্যা বেছি হ’লেও সংস্কৃত শব্দ প্ৰচুৰ প্ৰয়ােগ কৰা কাৰণে অসমীয়াত প্ৰধানকৈ ছয়বিধ সমাসৰ ব্যৱহাৰ হয়।
যেনে-(১) দ্বন্দ্ব সমাস (২) দ্বিগু সমাস। (৩) বব্রীহি সমাস (৪) কর্মধায় সমাস (৫) তৎপুরুষ সমাস আৰু (৬) অব্যয়ীভাৱ সমাস।
🎯 HSLC / HS 2026 Preparation?
Regular mock tests keep you ahead of others. 🏆 Check your rank • 📊 Track performance • 📚 Full question bank
নিয়মিত মক টেষ্টে আপোনাক আগুৱাই ৰাখিব। পিছ পৰি নাথাকিব।
📲 Install AssamWeb App Nowপ্রঃ দ্বন্দ সমাস কাক বােলে? এটা উদাহৰণ দিয়া।
উঃ দুটা বা ততােধিক সংজ্ঞা শব্দ নাইবা বিশেষণ শব্দৰ মাজৰ সংযােজক অব্যয় শব্দ লােপ কৰি সমাস কৰিলেই দ্বন্দ সমাস বােলে। উদাহৰণ ৰামলক্ষ্মণ
প্রঃ ব্যাস বাক্যেৰে সৈতে সমাসৰ নাম লিখা-
গৃহস্থ→ গৃহত থাকে যি ⇒ তৎপুরুষ সমাস
সিংহাসন→ সিংহ অংকিত আসন⇒ কর্মধায় সমাস।
চক্রপাণি→ চক্র আছে পাণিত ⇒ ব্যাধিকৰণ বন্ত্রীহি
মাতৃপূজা→ মাতৃক পূজা। ⇒দ্বিতীয়া তৎপুৰুস।
দোমাহী→ দুই মাহৰ মাজৰ দিন ⇒ দ্বিগু সমাস H.S.L.C.-17
পীতাম্বৰ →সীত বৰণীয়া অম্বৰ যাৰ ⇒বহুব্রীহি সমাস।
ত্রিফলা →ত্রি (তিনি) ফলৰ সমাহাৰ ⇒দ্বিগু সমাস
নৱৰত্ন→ ন ৰত্নৰ সমাহাৰ ⇒দ্বিগু সমাস
মুখামুখি→ মুখে মুখে কৰা যুঁজ ⇒ ব্যতিহাৰ বস্ত্রহী সমাস
পিতল চকু→পিতল বৰণৰ চকু যাৰ⇒কর্মধাৰয় সমাস
ৰামৰাৱণ→ ৰাম আৰু ৰাৱণ⇒(ইতৰেতৰ দ্বন্দ্ব সমাস)
চন্দ্রমুখ→ চন্দ্ৰৰ তুল্য মুখ ⇒ কর্মধাৰ সমাস।
ৰাধাকৃষ্ণ→ ৰাধা আৰু কৃষ্ণ ⇒ দ্বন্দ সমাস।
গদাপানি→গদা আছে পানীত যাৰ ⇒ বব্রীহি সমাস।
পদ্মনাভ→ পদ্ম আছে পানীত যাৰ ⇒বহুব্রীহি সমাস।
মাতৃভক্তি → মাতৃলৈ ভক্তি ⇒তৎপুরুষ সমাস।
ৰাজসভা→ ৰজাৰ যি সভা = কর্মধাৰয় সমাস।
সন্ধি
প্রঃ সন্ধি কাক বােলে? ই কেইবিধ আৰু কি কি?
উ : দুটা বৰ্ণৰ মিলনকে সন্ধি বােলা হয়।
যেনে→ ত + ম = মহৎ + আত্মা = মহাত্মা।
সন্ধি তিনিধি-
(১) স্বৰ সন্ধি
(২) ব্যঞ্জন সন্ধি আৰু
(৩) বিসর্গ সন্ধি।
স্বৰ সন্ধি→ স্বৰ বৰ্ণৰ লগত স্বৰবৰ্ণৰ মিলন ঘটিলে তাকে স্বৰ সন্ধি বােলা হয়।
যেনে- হিম + আলয়।
ব্যঞ্জন সন্ধি→ স্বৰ বৰ্ণৰ লগত ব্যঞ্জন বর্ণ আৰু ব্যঞ্জন বৰ্ণৰ লগত ব্যঞ্জন, বৰ্ণৰ সন্ধি হলে তাক ব্যঞ্জন সন্ধি বােলে।
যেনে- মহা + ঋষি = মহর্ষি।
বিসর্গ সন্ধি→ বিসৰ্গ আৰু ব্যঞ্জনবর্ণ বা স্বৰ বৰ্ণৰ মাজত যি সন্ধি হয় তাকে বিসর্গ সন্ধি বােলে।
যেনে বৃহঃ + পতি = বৃহস্পতি। নিশ্চয় →নিঃ+ চয় = নিশ্চয়। দুঃ + গতি = দুর্গতি।
সন্ধি ভাঙা-
সূর্যোদয় = সূর্য + উদয়
যথেষ্ট = যথা + ইষ্ট
ইত্যাদি = ইতি + আদি
নয়ন=ন+ অন
ৰত্ন + আকৰ= ৰত্নাকৰ
নাৱিক = নৌ + ইক
মানহে = মানুহ + এ
বিজয়ােল্লাস=বিজয়+উল্লাস
অক্ষৌহিণী=অক্ষ + উহিনী।
মৃগাংক। = মৃগ + অংক
দিগন্ত = দিক + অন্ত
সঙ্গতি সম + গতি
সজ্জন। = স + জন
সঞ্চয় = সম + চয়
নিশ্চয়=নিঃ + চয়।
অতীন্দ্রিয় = অতি + ইন্দ্রিয়
নিৰাকাৰ = নিৰ + আকাৰ
সিংহ = হিনস্ + অ
সংবাদ = সম + বাদ
সংস্কৃতি= সম + কৃতি
পৰীক্ষা =পৰী + ঈক্ষা
কার্যালয় = কার্য + আলয়
অতীত = অতি + ইত
চন্দোদয়।=চন্দ্র + উদয়
মনপুত = মন + পুত
পৰিস্কাৰ = পৰিঃ + কাৰ
প্রত্যেক =প্রতি + এক
দেৱাসুৰ=দেৱ + অসুৰ।
কুশাসন = কু + শাসন
হিমালয-হিম+আলয়।
মহার্ঘ = মহা + অর্ঘ
আশানুৰূপ =আশা + অনুৰূপ।
শিৰচ্ছেদ = শিৰঃ + ছেদ।
মহাশয়= মহা + আশয়।
বিদ্যালয় = বিদ্যা + আলয়
উচ্চাৰণ=উৎ + চাৰণ।
উচ্ছেদ = উৎ + ছেদ
উজ্জ্বল=উৎ + জ্বল।
পুৰস্কাৰ= পুৰঃ + কাৰ
মহােৎসৱ।= মহা + উৎসৱ
সন্মান = সম + মান
নিস্তেজ =নিঃ + তেজ
উল্লেখ=উৎ + লেখ।
মনােৰঞ্জন = মন + ৰঞ্জন
ভয়াতুৰ=ভয় + আতুৰ
বাক্য পৰিৱর্তন—
প্রঃ বাক্য কাক বােলে বাক্য কেইপ্ৰকাৰ আৰু কি কি?
উঃ দুই বা ততােধিক পদ লগলাগি এটা সম্পূর্ণ অর্থ প্রকাশ কৰিলে তাকে বাক্য বােলে। যেনে— মই খাইছাে।
বাক্য প্ৰধানকৈ তিনি প্ৰকাৰৰ—(১) সৰল বাক্য (২) মিশ্র বা জটিল বাক্য (৩) যৌগিক বাক্য।
প্রঃ যি ছাত্ৰই শিক্ষকক সন্মান নকৰে, তাৰ শিক্ষাই বৃথা। (সৰল বাক্যলৈ নিয়া)
উঃ শিক্ষকক সন্মান নকৰা ছাত্ৰৰ শিক্ষাই বৃথা।
প্রঃ অকৃতজ্ঞ লােকে ক’তাে আসন নাপায়। (জটিল বাক্যলৈ নিয়া)
উঃ যিলােক অকৃতজ্ঞ তেওঁ ক’ত আসন নাপায়।
প্রঃ ‘যিসকলে ব্যাকৰণ মনপুতি পঢ়ে, তেওঁলােকে ভাষাটো ভালকৈ জানে।’ (সৰল বাক্যলৈ নিয়া)
উঃ ব্যাকৰণ মনপুতি পঢ়া সকলে ভাষাটো ভালকৈ জানে।
প্রঃ মই আগেয়ে ৰীণাক ৰূপহী আৰু গুণৱতী ছােৱালী বুলি নাজানিছিলাে। (মিশ্র বাকলৈ নিয়া)
উঃ ৰীণা যে এজনী ৰূপহী আৰু গুণৱতী ছােৱালী মই আগেয়ে জনা নাছিলো।
প্রঃ যিজনে ভালদৰে পঢ়ে, তেওঁহে ভাল ফল পায়। (সৰল বাক্যলৈ পৰিৱৰ্তন কৰা)।
উঃ ভালদৰে পঢ়াজনে ভাল ফল পায়।
প্রঃ পানী যেতিয়া গােট মাৰে, তেতিয়া বৰফ হয়। (সৰল বাক্যলৈ পৰিৱৰ্তন কৰা)
প্ৰত্যয় Class 10
প্রঃ প্রত্যয় কাক বােলে?
উঃ প্রকৃতি বা মূলৰ লগত বিভিন্ন অর্থত যিবােৰ বর্ণ বা বর্ণ সমিষ্ট যােগ হৈ নতুন নতুন শব্দ বা পদ ৰচিত হয় তাকেই প্রত্যয় বােলে।
নির্দেশাত্মক প্রত্যয়⇒ কোনাে বস্তুৰ আকৃতি, প্রকৃতি, লিংগ আদি নির্দিষ্টকৈ বুজাবলৈ শব্দৰ পাছত যিবােৰ বৰ্ণ সমষ্টি যােগ দিয়া হয় সেইবােৰক নির্দেশক বা নির্দেশাত্মক প্রত্যয় বােলে। অসমীয়া ভাষাত ব্যৱহত হােৱা কেইটামান নির্দেশাত্মক প্রত্যয় হ’ল কোছা, মুঠি, খন, জন, খিনি ইত্যাদি।
কৃৎ প্রত্যয় ⇒ ধাতু বা ক্রিয়াৰ মূলৰ লগত যিবােৰ প্রত্যয় যােগ হৈ নতুন পদ গঠন হয় তাকে কৃৎ প্রত্যয় বলে। যেনে-গণ + অক = গণক।
তদ্ধিত প্রত্যয় ⇒ প্রাতিপাদিকৰ পিছত যিবােৰ প্রত্যয় যােগ হৈ নতুন শব্দৰ সৃষ্টি হয় তাকে তদ্ধিত প্রত্যয় বােলে। যেনে দয়া + আলু = দয়ালু।
প্রঃ নির্দেশাত্মক প্রত্যয় যােগ কৰি দুটা শব্দ গঠন
উঃ চুলিকোছা, কিতাপখন।
প্রঃ স্ত্রী প্রত্যয় কাক বােলে ? ই প্রধানত কেইবিধ আৰু কি কি?
উঃ স্ত্রী বা মাইকী বুজাবলৈ শব্দৰ পিছত যিবােৰ প্রত্যয়। ব্যৱহাৰ হয় তাকে স্ত্রী প্রত্যয় বােলে। স্ত্রী প্রত্যয় প্রধানকৈ দুবিধ—
(১) অসমীয়া স্ত্রী প্রত্যয় আৰু
(২) সংস্কৃত স্ত্রী প্রত্যয়।
প্র : অসমীয়া স্ত্রী প্রত্যয় প্রয়ােগ কৰি দুটা শব্দ লিখা।
ধােবা + অনী = ধুবুনী
চোৰ + অনী = চুৰুণী
প্র : তলত দিয়া প্রত্যয়সমূহৰ দ্বাৰা একোটাকৈ শব্দ গঠন কৰি প্রত্যয়ৰ নাম লিখা।
অৰীয়া, অন্ত, অনীয়া, অতিয়াৰ।
উঃ অৰীয়া—নাও + অৰীয়া = নাৱৰীয়া (অৰীয়া প্রত্যয়)
অন্ত—চল্ + অ = চলন্ত (অন্ত প্রত্যয়)
অনীয়া—মাগ + অনীয়া = মগনীয়া (অনীয়া প্রত্যয়)
অতিয়াৰ সাঁচ + অতিয়াৰ = সাঁচতিয়াৰ (অতিয়াৰ প্রত্যয়)
অসমীয়া ব্যাকৰণ প্ৰত্যয়
প্রত্যয় ভাঙা
ভাৱৰীয়া = ভাও + অৰীয়া
শাৰীৰিক=শৰীৰ+ ইক
হাতী = হাত + ঈ
বাটৰুৱা=বাট + অৰুৱা।
পল + অৰীয়া = পলৰীয়া।
বিৱৰণী = বিৱৰণ + ঈ
মাহেকীয়া = মাহ + এক + ইয়া
লেখ + আৰু = লেখাৰু
বননি = বন + অনি।
ধাননি = ধান + অনি
অসমীয়া = অসম + ঈয়া
নাৱৰীয়া = নাও + অৰীয়া
দেখনিয়াৰ দেখ + অনিয়াৰ
বিদেশী= বিদেশ + ঈ
দয়ালুন =দয়ী + আলু
বিচনী = বিচ + অনি
মগনীয়া =মাগ + অনীয়া
ফুলনি = ফুল + অনি
মিছলীয়া = মিছ + অলীয়া
লিখক = লিখ + অক
বাটৰুৱা = বাট + অৰুৱা।
গাঁৱলীয়া= গাঁও + অলীয়া।
ভােগালী=ভােগ + আলী
বুদ্ধি + অক = বুদ্ধিয়ক
বাপ + অতি = বাপতি
শাৰীৰিক= শৰীৰ + ইক
ভাৰতীয় = ভাৰত + ঈ + অ
ফুলাম=ফুল + আম
বনৰীয়া= বন +অৰীয়া
মৰমিয়াল= মৰম + ইয়াল।
বুধিয়ক = বুধি + অক
লাহ + অতী = লাহতী
নাচনী=নাচ + অনী।
কান্দ + উৰী = কান্দুৰী
নামনি = নাম + অনি
মজলীয়া= মাজ + অলীয়া
খেতিয়ক = খেতি + অক
খেলুৱৈ = খেল +, উৱৈ।
উপসৰ্গ আৰু অনুসর্গ Class 10
প্রঃ অনুসর্গ কাক বােলে ?
উঃ যিবােৰ বৰ্ণসমষ্টি ক্রিয়া বা অন্য পদৰ পাচত বহি সিহঁতৰ অর্থ বিশেষভাবে দেখুৱাই সেইবােৰক অনুসর্গ বােলে। যেনেক, হবলা।
প্রঃ উপসর্গ কাক বােলে?
উঃ যিবোেৰ অব্যয় ধাতুৰ আগত বহি সম্পূর্ণ অর্থ প্রকাশ কৰে, তাকে উপসর্গ বােলে।
প্রঃ অনুসর্গ যােগ কৰি তিনিটা শব্দ লিখা।
হলা-তেওঁ গ’ল হব’লা
ইক – খেলােহঁক চোন আহাচোন
প্রঃ ‘প্র’ নাইবা পৰিউপসর্গ যােগ কৰি দুটা শব্দ লিখা।
উঃ ‘প্র’ → প্রমাণ, প্রকাশ।
প্রঃ ‘অপ-‘ উপসর্গ যুক্ত হােৱা দুটা শব্দ লিখা।
(i) অপকাৰ (i) অপমান।
প্র : ‘চোন’ অনুসৰ্গৰ প্ৰয়ােগ দেখুৱাই এটি বাক্য লিখা।
উ : চোন- এই কামটো কৰাচোন।
প্রঃ সম-‘ উপসর্গযুক্ত হােৱা দুটা শব্দ লিখা।
উঃ সম্ উপসর্গযুক্ত দুটা শব্দ হ’ল- সংগীত’, ‘সংস্কাৰ।
প্রঃ ‘দেই’ অনুসৰ্গৰ প্ৰয়ােগ দেখুৱাই এটি বাক্য লিখা।
উঃ ‘দেই’ অনুসর্গযুক্ত বাক্য উল্লেখ কৰা হল- মই আজিলৈ আহোঁ দেহ।
ব্যাকৰণ ছন্দ
চমুটোকা লিখা
(ক) লেচাৰি ছন্দ⇒ যি ছন্দত স্তৱকত প্রতি চৰণত তিনিটা তিনিটা পর্বযুক্ত শেষ আখৰৰ মিল থকা দুটা চৰণ থাকে, প্রত্যেক চৰণৰ প্ৰথম আৰু দ্বিতীয় পর্বত দহমাত্রা আৰু তৃতীয় পর্বত চৈধ্য মাত্রাকৈ থাকে তাকে লেচাৰি ছন্দ বােলে।
(খ) অমিত্রাক্ষৰ ছন্দঃ →যিবােৰ ছন্দৰ চৰণৰ শেষ আখৰ পৰৱর্তী চৰণৰ শেষ আখৰৰ লগত ধ্বনিগত মিল নাই। তাকেই অমিত্রাক্ষৰ ছন্দ বােলা হয়। উদাহৰণ স্বৰূপে-
“আছিলা তুমিয়ে প্রিয়া ঋষি আশ্ৰমত
ফুলৰ কুঁৱৰী সাজি পুষ্প উপবন।”
-উদ্ধৃত উদাহৰণটোত ‘আছি লা আশ্ৰমত’ এটি প্রথম চৰণ আৰু ‘ফুলৰ উপবন’ আনটো চৰণ। এতিয়া প্রথম চৰণৰ শেষ আখৰৰ লগত পৰৱতী চৰণৰ শেষ আখৰৰ ধ্বনিগত মিল নাই-‘আশ্ৰমত’ ‘উপবন’। সেয়ে ই অমিত্রাক্ষৰ ছন্দৰ উদাহৰণ।
(গ) পয়াৰ→ পয়াৰছত প্রতি চৰণত চৈধ্যটাকৈঅক্ষৰ থাকে। চৰণে প্রতি দুটাকৈ পর্ব থাকে। প্রথম পর্বত আঠোটা আৰু দ্বিতীয় পর্বত ছয়টা অক্ষৰ থাকে। প্রথম চৰণৰ দ্বিতীয় পর্ব শেষ আখৰৰ লগত দ্বিতীয় চৰণৰ শেষ আখৰৰ ধ্বনিগত মিল থাকে। যেনে-
“প্রথমে প্রণামাে ব্ৰহ্মৰূপী সনাতন।
সর্ব অৱতাৰৰ কাৰণ নাৰায়ণ।।”
(ঘ) দুলড়ী ছন্দ →এইবিধ ছন্দত স্তৱকত দুটাকৈ চৰণ থাকে। প্রত্যেক চৰণত আকৌ তিনিটা পর্ব থাকে। স্তৱকত প্রথম, দ্বিতীয়, চতুর্থ আৰু পঞ্চম পর্বত। আঠোটাকৈ অক্ষৰ থাকে। ৩য় আৰু ৬ষ্ঠ পর্বত ছয়টাকৈ অক্ষৰ থাকে আৰু ইহঁতৰ অন্ত্য আখৰৰ ধ্বনিগত মিল থাকে। যেনে-
“পাচে ত্রিনয়ন দিব্য উপবন।
(চ) ঝুমুৰা→ ঝুমুৰা ছন্দত এটা স্তৱকত ৪ টা চৰণ থাকে। প্রত্যেক চৰণত দুটা পর্ব আৰু দুয়ােটাতে ৪টাকৈ বর্ণ থাকে। উদাহৰণ স্বৰূপে-
“হেন শুনি জাম্বৱন্ত।
ধাইলাে মহা বলৱন্ত।।
নিচিনি স্বামীক পাছে।
ধৰিলন্ত যুদ্ধ কাছে।।
