Home » বৰগীত » আলাে মঞি কি কহবোঁ দুঃখ – বৰগীত

আলাে মঞি কি কহবোঁ দুঃখ – বৰগীত

বৰগীত

আলাে মঞি কি কহবোঁ দুঃখ

ৰাগ ।। ভাটিয়ালী

ধ্ৰুং– আলাে মঞি কি কহবো দুখ।

Winter Sale

পৰাণ নিগৰে না দেখিয়া চান্দমুখ।।

পদ– কত পুণ্যে লভিলোঁ গুণেৰ নিধি শ্যাম।

বঞ্চিয়া নিলেক নিকৰুণ বিধি বাম।।

শ্যামকানু বিনে মােৰ নৰহে জীৱন।

হা শ্যাম বুলিতে দগধ কৰে মন।।

দিৱস নয় সুখে নযায় ৰজনী।

চান্দ চন্দন মন্দ পৱন বৈৰিণী।

কোথা যাও কোথা থাকোঁ কিবা কৰে মন।

কানাইৰ নেচনি দেঞো সৱ বন্ধুজন।।

শ্যাম বন্ধু বিনে জীৱনৰ কিবা কাজ।

বিৰহ অনল জ্বলে হৃদয়ৰ মাজ।।

নজানাে দাৰুণ বিধি কি কৰে বিপত্তি।

কহয় মাধৱ ৰঙ্গা পদে মােৰ গতি।।

Leave a Comment

Stay informed about the latest Educational Update website. We provide timely and accurate information on upcoming Exam, application deadlines, exam schedules, and more.

📱 Get AssamWeb App

Unlock free PDFs, mock tests, and certificates with our mobile app. Faster, smoother, and made for students 📚✨

🚀 Install from Play Store One-time reminder • No spam