আলাে সই দেখাে সই বিহাৰে চলি আছে কানু – বৰগীত

বৰগীত

আলাে সই দেখাে সই বিহাৰে চলি আছে কানু

ৰাগ – মল্লাৰ

ধ্ৰুং-আলাে সই, দেখাে সোই বিহাৰে চলিয়া আছে কানু।

শ্যামতনু শােহে জিনি কোটি কোটি ভানু।

পদ– আভীৰ বালক পাছে আগে চলে ধেনু।

সুচান্দ বয়নে বায় সুমধুৰ বেণু।।

অৰুণ অপাঙ্গে চায় মধুৰ হাসিয়া।

বাঁশীৰ স্বৰে ঝৰে ধাৰে সুৰস অসিয়া।।

কোটি গজৰাজ জিনি চলে ধীৰে ধীৰে।

কতনা মাধুৰী আছে কলীয়া শৰীৰে।

চৌভিতি বালেক চলে জয় জয় ৰােলে।

কানাইৰ কৌতুক ৰঙ্গে হৃদয় হিন্দোলে।।

শ্যাম সুমধুৰ কোন বিধি নিৰমিল।

দেখি লাজে হৃদি মাঝে কাম লুকি দিল।।

কহয় মাধৱ শুন গােৱালৰ জীৱ।

ওহি শ্যাম গুণনিধি জগতৰে জীৱ।।

লগতে পঢ়ক:   উঠৰে উঠ বাপু গােপালহে – বৰগীত

Leave a Comment


Stay informed about the latest Educational Update website. We provide timely and accurate information on upcoming Exam, application deadlines, exam schedules, and more.

Categories

Class 1

Class 2

Class 3

Class 4

Class 5