উঠৰে উঠ বাপু গােপালহে – বৰগীত

বৰগীত

উঠৰে উঠ বাপু গােপালহে

ৰাগ || কৌ

ধ্ৰুং– উঠৰে উঠ বাপু গােপালহে |

নিশি পৰভাত ভেল।

কমলনয়ন বুলি ঘনে ঘন

যশােৱা ডাকিবে লেল।।

পদ– মােৰ প্রাণধন সুচান্দ বয়ন

গাৱ চালি তেজ নিন্দ।

সৱ পুৰুষৰ শিৰৰ ভূষণ

তুমিসি বাপু গােৱিন্দ।।

মােৰ পুত্ৰ বুলি যশােৱা গােৱালী

বুকে বান্ধি কোলে লৈল।

বয়নে চুম্বন কৰি ঘনে ঘন

আনন্দে গমন ভৈল।।

সিদ্ধ মুনিগণে চিন্তিয়া নপাৱে

সাে হৰি যশােৱা কোলে।

ত্রিজগত পতি ভকতি মিলল

মূৰুখ মাধৱে বােলে।।

Leave a Comment

Your email address will not be published. Required fields are marked *

📱 Get AssamWeb App

Unlock free PDFs, mock tests, and certificates with our mobile app. Faster, smoother, and made for students 📚✨

🚀 Install from Play Store One-time reminder • No spam
Scroll to Top