Home » শ্রীমদ্ভাগৱত » প্রথম স্কন্ধ » সূত শৌনক সংবাদ – প্রথম স্কন্ধ – শ্রীমদ্ভাগৱত

সূত শৌনক সংবাদ – প্রথম স্কন্ধ – শ্রীমদ্ভাগৱত

।।শ্রীকৃষ্ণায় নমঃ।।
।।ওঁ নমো ভগৱতে ৱাসুদেৱায়।।
জন্মাদ্যস্য যতোৎন্বয়াদিতৰতশ্চার্থেষ্বভিজ্ঞঃ স্বৰাট্
তেনে ব্রহ্ম হৃদা য় আদিকৱয়ে মুহ্যন্তি য়ৎ সূৰয়ঃ।
তেজোৱাৰিমৃদাং য়থা ৱিনিময়ো য়ত্র ত্রিসৰ্গোৎমৃষা
ধাম্না স্বেন সদা নিৰস্তকুহকং সত্যং পৰং ধীমহি।।১।।
ধৰ্ম্মঃ প্রোজ্বিতকৈতৱোৎত্ৰ পৰমো নিৰ্ম্মৎসৰাণাং সতাং
ৱেদ্যং বাস্তৱমত্র বস্তু শিৱদং তাপত্রয়োম্মূলনম্।
শ্রীমদ্ভাগৱতে মহামুনিকৃতে কিংৱা পৰৈৰীশ্বৰঃ
সদ্যো হৃদ্যৱৰুধ্যতেৎত্র কৃতিভিঃ শুশ্রূষুভিস্তৎক্ষণাৎ।।২।।
নিগমকল্পতৰোর্গলিতং ফলং শুকমুখাদমৃতদ্ৰৱসংযুতম্।
পিৱত ভাগৱতং ৰসমালয়ং মুহুৰহো ৰসিকা ভুৱি ভাৱুকাঃ।।৩৷৷

  ।।মঙ্গলাচৰণ।।

   ৷।পদ।।

জয় জয় কৃষ্ণ কৃপাময় মহেশ্বৰ।

Winter Sale

যাৰ আজ্ঞা শিৰে বহে ব্রহ্মা হৰি হৰ।।

মৎস্য কূৰ্ম্ম আদি অংশ অৱতাৰ যাৰ।

ঈশ্বৰ কৃষ্ণক কোটি কোটি নমস্কাৰ।।১।।

নমো নমো মধু মুৰৰিপু মহাহৰি।

অন্ত্যজো উত্তম আতি হোৱৈ যাক স্মৰি।।

সমস্তে জগত উদ্ধাৰক যাৰ নাম।

হেনয় কৃষ্ণক কৰো সহস্র প্রণাম।।২।।

প্ৰভূ ভগৱন্ত ভকতৰ নৱনিধি।

হৰিক স্মৰণে আৰম্ভৰ হৌক সিদ্ধি।।

পৰীক্ষিত মোক্ষকথা দ্বাদশ স্কন্ধৰ।

কৃষ্ণৰ চৰণে ভণে কিঙ্কৰ কৃষ্ণৰ।।৩।।

   ।।সূত শৌনক সংবাদ।।

প্ৰথম স্কন্ধৰপৰা দ্বাদশ পৰ্য্যন্তে।

কহিলা ৰাজাত মহা মুনীন্দ্ৰ মহন্তে।।

সংক্ষেপ কৰিয়া উদ্ধাৰিয়া তাৰ সাৰ।

শঙ্কৰে ৰচিলা কৃষ্ণ চৰিত্ৰ পয়াৰ।।৪।।

আঠাইশ সহস্র ঋষি বেদত প্রধান।

বিষ্ণুৰ নৈমিষ ক্ষেত্ৰ মহাপুণ্য স্থান।।

মান্য কৰি সূতক পাতিলা সত্ৰ তথা।

শৌনক প্ৰমুখ্যে শুনে ভাগৱত কথা।।৫।।

শৌনক বদতি শুনা সূত মহামানী।

পৰম পাতকী কলি পাইলে হেন জানি।।

আৰম্ভিলা যজ্ঞ আসি সহস্র বৎসৰ।

হোমধূমে ধূম্রবর্ণ ভৈল কলেৱৰ।।৬।।

যিটো কৰ্ম্ম কৰো আত নাহিকে বিশ্বাস।

আপোনাৰ আয়ুক কৰিলো ব্যর্থে নাশ।।

সম্প্রতি তুমিসি চিন্তিয়োক মহাহিত।

কৰায়োক পান কৃষ্ণ-চৰিত্ৰ অমৃত।।৭।

পৰম ঈশ্বৰ কৃষ্ণ দেৱ নাৰায়ণ।

তান মহাভক্তি ইটো শ্ৰৱণ কীৰ্ত্তন।।

ইহাক নজানি আন কৰ্ম্ম কৰি মৰো।

কৈয়ো কৃষ্ণকথা সূত যেনমতে তড়ো||৮||

ইহাতেসে আহ্মাৰ মিলিল মহাভাগ।

তুমি হেন মহন্তক পাইলো ভাগ্যে লাগ।।

যত স্বর্গসুখ যিটো মোক্ষসুখ মূল।

ভকতৰ সঙ্গৰ অল্পকো নুহি তুল।।৯।।

আকাশে সঞ্চৰে ৰবি ৰথ যেন বায়ু।

সূৰ্য্যৰ লগত হৰৈ জগতৰ আয়ু।।

একক্ষণ মানে যিটো শুনৈ কৃষ্ণকথা।

তাৰ বিনে আৱৰ জীৱন যায় বৃথা।।১০।।

কৃষ্ণত অর্পিয়া আমি কৰো কৰ্ম্ম যত।

তাতো নানা বিঘ্নি আছে জানিলো মনত।।

এতেকে পিয়ায়ো কৃষ্ণ-চৰিত অমৃত।

শ্ৰৱণ মাত্রকে যেন হঞো কৃতকৃত্য।।১১||

যাগ যোগ যজ্ঞ কৰি দুখ পাইলো মাত্র।

আৱে কহিয়োক মহাভাগৱত শাস্ত্র।।

      __________

।।প্ৰস্তাৱনা।।

কৃষ্ণকথা ইটো অমৃততো কৰি স্বাদ

শুনো সুত শুক-পৰীক্ষিতৰ সম্বাদ।।১২।।

যাৰ ঘোঁৰা চলে আতি আকাশৰ পথে।

সসাগৰা পৃথিৱী জিনিলা একৰথে।।

জম্বু দ্বীপপতি পৰীক্ষিত মহাবীৰ।

তৰুণ কালতে কেনে তেজিলা শৰীৰ।।১৩৷৷

ভৃত্য যেন খাটে পৃথিৱীৰ ৰাজা যত।

কৃষ্ণত ভকত তেন্তে মহাভাগৱত।।

হৰি স্মৰি যিমতে কৰিলা তনু ত্যাগ।

কহিয়ো তাহানে জন্ম সূত মহাভাগ।।১৪।।

বিষ্ণু বৈষ্ণৱৰ কিঞ্চিতেকো নাহি ভেদ।

দুইৰো কথা কৰে পাতকৰ কন্ধছেদ।।

এতেকে শুনিবো আমি কৃষ্ণৰ চৰিত্ৰ।

এহিসে তাড়িবে আৱে দুৰ্ঘোৰ কলিত।।১৫।।

দেৱৰো দুর্লভ শুক মুনি মহাভাগ।

কিমতে পাইলন্ত পৰীক্ষিতে তাঙ্ক লাগ।।

বৈকুণ্ঠৰ শাস্ত্র যিটো বেদান্তৰো তত্ত্ব।

সাত দিনে কৈলা সিটো মহাভাগৱত।।১৬।।

কি হেতু ৰাজাক আসি দংশিলে তক্ষকে।

পাইলা গতি ভাগৱত শ্ৰৱণ মাত্রকে।।

বৈষ্ণৱৰ বৃত্তান্ত শুনিবাক ইচ্ছা আছে।

কহিয়োক সূত আন কথা শুনো পাচে।।১৭।।

হেন শুনি সূতে বিনাৱন্ত অৱনত।

আমি অকুলীন হেন আছিল মনত।।

তোমাসাৰ প্রশ্নে ভৈলো আজিসি পৱিত্ৰ।

শুনা যেন জানো কহো কৃষ্ণৰ চৰিত্ৰ।।১৮।।

সাৱশেষে কথা কোনে কহিবে স্বৰূপে।

যেন পক্ষী উৰয় পখাৰ অনুৰূপে।।

সেহিমতে যতমান লৱে মোৰ মতি।

বর্ণাইবো কৃষ্ণৰ লীলা তোহ্মাত সম্প্রতি।।১৯।।

গ্রাম্যকথা কথনে মলিন হোৱে বাণী।

তাক শুদ্ধ কৰো কৃষ্ণকথাক বখানি।।

কৃষ্ণ চৰিত্ৰত মোৰ মহা লাভ আছে।

কৃষ্ণৰ কীৰ্ত্তনে জাতি অজাতি নবাছে।।২০৷৷

ৱৈকুণ্ঠৰ শাস্ত্র ইটো মহাভাগৱত।

যেনমতে পৃথিৱীত ভৈলন্ত বেকত।।

যিমতে কৰিলা শাস্ত্র ব্যাস সৰ্ব্বজানে।
প্রথমে হৰিক স্মৰি শুনা সাৱধানে।।২১।।

Leave a Comment

Stay informed about the latest Educational Update website. We provide timely and accurate information on upcoming Exam, application deadlines, exam schedules, and more.

📱 Get AssamWeb App

Unlock free PDFs, mock tests, and certificates with our mobile app. Faster, smoother, and made for students 📚✨

🚀 Install from Play Store One-time reminder • No spam