ভূ-পৃষ্ঠত সময় গণনা Class 7 Question Answer – সমাজ বিজ্ঞান

ভূ-পৃষ্ঠত সময় গণনা Class 7 Question Answer | Class 7 Social Science Lesson 1 Question Answer Assamese Medium সমাজ বিজ্ঞান সপ্তম শ্ৰেণী প্ৰশ্ন উত্তৰ | পাঠ নং- ০১ ভূপৃষ্ঠৰ সময় গণনা | সপ্তম শ্ৰেণীৰ সমাজ বিজ্ঞান পাঠ ১

বিষয় সপ্তম শ্ৰেণীৰ সমাজ বিজ্ঞান
মাধ্যমঅসমীয়া
কিতাপখনৰ নামসমাজ বিজ্ঞান
পাঠৰ নামভূ-পৃষ্ঠত সময় গণনা
অধ্যায় (Chapter) 1
শ্ৰেণী সপ্তম শ্ৰেণীৰ VII
খণ্ডভূগোল
উপলব্ধসম্পূৰ্ণ প্ৰশ্নৰ উত্তৰ

ভূ-পৃষ্ঠত সময় গণনা Class 7

পাঠভিত্তিক অনুশীলনীৰ প্ৰশ্নোত্তৰ

প্রশ্ন ১। চমু উত্তৰ দিয়া :

(ক) দ্রাঘিমাৰেখাৰ সৰ্বমুঠ সংখ্যা কিমান?
উত্তৰ। দ্রাঘিমাৰেখাৰ সৰ্বমুঠ সংখ্যা ৩৬০ ডাল।

(খ) ভাৰতীয় মান সময়ৰ দ্রাঘিমাংশ কিমান?
উত্তৰ। ভাৰতীয় মান সময়ৰ দ্রাঘিমাংশ ৮২°৩০।

(গ) পৃথিৱীক ৩৬০° পৰিভ্ৰমণ কৰিবলৈ কিমান ঘণ্টা সময়ৰ প্ৰয়োজন?
উত্তৰ৷ পৃথিৱীক ৩৬০° পৰিভ্ৰমণ কৰিবলৈ ২৪ ঘণ্টা সময়ৰ প্ৰয়োজন।

(ঘ) গ্রীনিজৰ ওপৰেৰে কল্পনা কৰা প্ৰাথমিক দ্রাঘিমাৰেখাৰ স্থানীয় সময়ক কি বোলে?
উত্তৰ। গ্রীনিজৰ ওপৰেৰে কল্পনা কৰা প্ৰাথমিক দ্রাঘিমাৰেখাৰ স্থানীয় সময়ক গ্রীনিজ মান সময় বুলি কোৱা হয়।

(ঙ) কৌণিক দূৰত্বৰ জোখৰ একক কি?
উত্তৰ। কৌণিক দূৰত্ব জোখৰ একক হৈছে ডিগ্রী (º), মিনিট (‘), চেকেণ্ড (”) আদি৷

ভূ-পৃষ্ঠত সময় গণনা Class 7

প্রশ্ন ২। খালী ঠাই পূৰ কৰা:

(ক) পৃথিৱীৰ পৰিধিয়ে কেন্দ্ৰত ____ কোণ কৰি থাকে।
উত্তৰ। ৩৬০°।

(খ) দ্রাঘিমাৰেখাৰ মান বা জোখক ____ বোলে।
উত্তৰ। দ্রাঘিমাংশ।

(গ) প্রাথমিক দ্রাঘিমাৰেখাৰ কৌণিক দূৰত্ব ____ দ্রাঘিমাংশ।
উত্তৰ। ০°।

(ঘ) মধ্যাহ্ন সূৰ্যৰপৰা ঠাই এখন ১৫° আঁতৰি গ’লে ঠাইখনত ____ বাজিব।
উত্তৰ। ১।

সমাজ বিজ্ঞান সপ্তম শ্ৰেণী প্ৰশ্ন উত্তৰ

প্রশ্ন ৩। সচা-মিছা নিৰ্ণয় কৰা :

(ক) পৃথিৱীৰ আহ্নিক গতিৰ ফলত পশ্চিমৰ ঠাইসমূহ পূৱতকৈ আগতে সূৰ্যৰ সন্মুখীন হয়।
উত্তৰ। মিছা।

(খ) ভ্ৰমণকাৰীয়ে পূৱ দিশৰ পৰা ১৮০° অতিক্রম কৰাৰ সময়ত ১ দিন যোগ দি ল’ব লাগে।
উত্তৰ। মিছা।

(গ) কোনো এখন ঠাইত নিশা ১২ বাজিলে ঠাইখনত এটা দিন শেষ হয় আৰু অন্য এটা দিন আৰম্ভ হয়।
উত্তৰ। সঁচা।

(ঘ) ১৮০° দ্রাঘিমাংশত সময়ৰ ব্যৱধান ১২ ঘণ্টা।
উত্তৰ। সঁচা।

(ঙ) গ্রীনিজতকৈ পিছত সন্ধিয়া হোৱা ঠাই এখন পশ্চিম দ্রাঘিমাংশত অৱস্থিত।
উত্তৰ। সঁচা।

সপ্তম শ্ৰেণীৰ সমাজ বিজ্ঞান পাঠ ১

প্রশ্ন ৪। শুদ্ধ উত্তৰটো বাছি উলিওৱা :

(ক) ভ্ৰমণকাৰীয়ে গ্রীনিজৰ মান সময় অনুসাৰে গ্ৰীনিজৰ পশ্চিমে গ’লে সময় লাভ/লোকচান হোৱা বুলি অনুভৱ কৰে।
উত্তৰ। ভ্ৰমণকাৰীয়ে গ্রীনিজৰ মান সময় অনুসাৰে গ্ৰীনিজৰ পশ্চিমে গ’লে সময় লাভ হোৱা বুলি অনুভৱ কৰে।

(খ) গ্ৰীনিজতকৈ মুম্বাইত আগতে সূর্যোদয় হয়। গতিকে মুম্বাই পূৱ/পশ্চিম দ্রাঘিমাংশত অৱস্থিত।
উত্তৰ। গ্রীনিজতকৈ মুম্বাইত আগতে সূর্যোদয় হয়। গতিকে মুম্বাই পূৱ দ্রাঘিমাংশত অৱস্থিত।

(গ) প্রাথমিক দ্রাঘিমাৰেখাৰ পূৱৰ প্ৰতি ডিগ্ৰী দ্রাঘিমাৰেখাত ৪ মিনিটকৈ সময় আগবঢ়া/পিছপৰা।
উত্তৰ। প্ৰাথমিক দ্রাঘিমাৰেখাৰ পূৱৰ প্ৰতি ডিগ্ৰী দ্রাঘিমাৰেখা ৪ মিনিটকৈ সময় আগবঢ়া।

(ঘ) ভাৰতীয় মান দ্রাঘিমাৰেখা হিচাপে ৮২°২০/৯০°/৮২°৩০′ পূব দ্রাঘিমাৰেখাডালক গ্ৰহণ কৰা হৈছে।
উত্তৰ। ভাৰতীয় মান দ্রাঘিমাৰেখা হিচাপে ৮২°৩০ পূৱ দ্রাঘিমাৰেখাডালক গ্ৰহণ কৰা হৈছে।

(ঙ) আমি পিন্ধা সাধাৰণ হাতঘড়ীবোৰ স্থানীয় সময়/গ্রীনিজ মান সময়/ভাৰতীয় মান সময় মতে চলে।
উত্তৰ। আমি পিন্ধা সাধাৰণ হাতঘড়ীবোৰ ভাৰতীয় মান সময় মতে চলে।

ভূ-পৃষ্ঠত সময় গণনা Class 7 Question Answer

প্রশ্ন ৫। পার্থক্য লিখা :
(ক) অক্ষৰেখা আৰু দ্রাঘিমাৰেখা। (খ) স্থানীয় সময় আৰু মান সময়।
উত্তৰ। (ক) অক্ষৰেখা আৰু দ্রাঘিমাৰেখাৰ পাৰ্থক্য :

অক্ষৰেখাদ্রাঘিমাৰেখা
(i) অক্ষৰেখাবোৰ বিষুৱৰেখাৰ সমান্তৰালকৈ কল্পনা কৰা হৈছে।(i) দ্রাঘিমাৰেখাবোৰ পৃথিৱীৰ উপৰিভাগত পূৱা-পশ্চিমাকৈ কল্পনা কৰা হৈছে।
(ii) কোনো এখন ঠায়ে বিষুৱৰেখাৰ লগত পৃথিৱীৰ কেন্দ্ৰত উৎপন্ন কৰা কোণৰ মান বা জোখেই হ’ল সেই ঠাইখনৰ অক্ষাংশ।(ii) বিষুৱৰেখাৰ ওপৰত প্ৰাথমিক দ্রাঘিমাৰেখাৰ পৰা যিকোনো স্থানৰ কৌণিক দূৰত্বই হ’ল ঠাইখনৰ দ্রাঘিমাংশ।

(খ) স্থানীয় সময় আৰু মান সময়ৰ পাৰ্থক্য :

স্থানীয় সময়মান সময়
(i) কোনো এখন ঠাইৰ মধ্যাহ্ন সূৰ্যৰ অৱস্থান চাই যি সময় গণনা কৰা হয় তাকে ঠাইখনৰ স্থানীয় সময় বোলে।(i) দেশ এখনৰ সোঁমাজেৰে পাৰ হৈ যোৱা দ্রাঘিমাৰেখা এডালৰ স্থানীয় সময়ক সমগ্র দেশখনৰ সময় গণনাৰ বাবে গ্ৰহণ কৰা হয়। ইয়াক সেই দেশখনৰ মান সময় বোলে।
(ii) বিভিন্ন ঠাইৰ স্থানীয় সময় ভিন ভিন হোৱা দেখা যায়।(ii) এখন দেশৰ মান সময় দেশখনৰ সকলো ঠাইতে একে হোৱা দেখা যায়।

ভূ-পৃষ্ঠত সময় গণনা Class 7

প্রশ্ন ৬। সমাধান কৰা :

(ক) গ্রীনিজত মান সময়মতে ৭ বাজিলে কোনো এখন ঠাইত দুপৰীয়া ১২ বাজে। ঠাইখনৰ দ্ৰাঘিমাংশ নির্ণয় কৰা৷
উত্তৰ। গ্ৰীনিজত মান সময়মতে ৭ বাজিলে আন এখন ঠাইত দুপৰীয়া ১২ বাজে।
ঠাইখন আৰু গ্ৰীনিজৰ সময়ৰ পাৰ্থক্য ১২ – ৭ = ৫ ঘণ্টা।
গ্ৰীনিজ আৰু ঠাইখনৰ মাজত স্থানীয় সময়ৰ ব্যৱধান যদি ৫ ঘণ্টা হয়, তেন্তে ঠাইখনৰ দ্ৰাঘিমাংশ হ’ব ১৫ × 5 = ৭৫° আকৌ যিহেতু ঠাইখনত গ্রীনিজতকৈ আগেয়ে দুপৰীয়া হয়, সেয়েহে ঠাইখন গ্ৰীনিজৰ পূৱত অৱস্থিত।
গতিকে ঠাইখন ৭৫° পূৱ দ্রাঘিমাংশত অৱস্থিত।

(খ) দুপৰীয়া ১২ বজাত নিউয়ৰ্ক (৭৫° প.) চহৰৰ পৰা লচএঞ্জেল্‌চ (১১৮° প.) লৈ এটি অনাতাৰ বাৰ্তা প্ৰেৰণ কৰিলে। লচত্ৰঞ্জেল্‌চৰ স্থানীয় সময় মতে কেই বজাত বার্তাটি প্ৰেৰণ কৰিছিল?
উত্তৰ। নিউয়ৰ্ক আৰু লচএঞ্জেল্‌চ গ্ৰীনিজৰ পশ্চিমত অৱস্থিত।
নিউয়ৰ্ক আৰু লচএঞ্জেল্‌চৰ দ্রাঘিমাংশৰ পাৰ্থক্য হ’ব–১১৮°– ৭৫° = ৪৩° |
গতিকে ঠাইদুখনৰ স্থানীয় সময়ৰ পাৰ্থক্য হ’ব,
৪৩° × ৪ মিনিট
= ১৭২ মিনিট
= ১৭২/ ৬০ মিনিট
= ২ ঘণ্টা ৫২ মিনিট।
গতিকে নিউয়র্কত ১২ বাজিলে লচএঞ্জেল্‌চৰ স্থানীয় সময় হ’ব, ১২ + ২ঘ. ৫২ মি.
= ২ বাজি ৫২ মি.।
অৰ্থাৎ লচএঞ্জেল্‌চৰ স্থানীয় সময়মতে ২ বাজি ৫২ মিনিটত নিউয়র্কে উক্ত বাৰ্তাটি প্ৰেৰণ কৰিছিল।

(গ) নতুন দিল্লীৰ (৭৭° পূ.) স্থানীয় সময়মতে দিনৰ ৯ বজাত অনুষ্ঠিত হ’বলগীয়া খেলখন ধুবুৰী (৯০° পূ.) চহৰৰ স্থানীয় সময়মতে কেতিয়া অনুষ্ঠিত হ’ব?
উত্তৰ। নতুন দিল্লী আৰু ধুবুৰী দুয়োখন ঠাই গ্ৰীনিজৰ পূৱে অৱস্থিত। সেয়ে দুয়োখন ঠাইৰ দ্রাঘিমাংশৰ পাৰ্থক্য হ’ব, ৯০° – ৭৭° = ১৩°।
এতেকে দুয়োখন ঠাইৰ স্থানীয় সময়ৰ পাৰ্থক্য হ’ব
১৩° × ৪ মিনিট = ৫২ মিনিট।
গতিকে নতুন দিল্লীৰ স্থানীয় সময়মতে দিনৰ ৯ বজাত অনুষ্ঠিত হ’বলগীয়া খেলখন ধুবুৰী চহৰৰ স্থানীয় সময়মতে ৯ বাজি ৫২ মিনিটত অনুষ্ঠিত হ’ব।

Class 7 Social Science Lesson 1 Question Answer Assamese Medium

পাঠভিত্তিক অতিৰিক্ত প্রশ্নোত্তৰ

প্রশ্ন ১। অক্ষাংশ কাক বোলে?
উত্তৰ। অক্ষৰেখাবোৰৰ মান বা জোখক অক্ষাংশ বোলে।

প্রশ্ন ২। দ্রাঘিমাংশ কাক বোলে?
উত্তৰ। দ্রাঘিমাৰেখাবোৰৰ মান বা জোখক দ্রাঘিমাংশ বোলে।

প্রশ্ন ৩। কোনো দুখন ঠাইৰ মাজৰ কৌণিক দূৰত্ব বুলিলে কি বুজা?
উত্তৰ। কোনো গোলাকাৰ অৱয়বৰ উপবিভাগৰ দুখন ঠায়ে অৱয়বটোৰ কেন্দ্ৰত সৃষ্টি কৰা কোণৰ মানক ঠাই দুখনৰ মাজৰ কৌণিক দূৰত্ব বুলি কোৱা হয়। এই কৌণিক দূৰত্বই হৈছে ঠাইখনৰ অক্ষাংশ।

প্রশ্ন ৪। অক্ষৰেখা বুলিলে কি বুজা?
উত্তৰ। বিষুৱৰেখাৰ সমান্তৰালকৈ দুয়ো মেৰুৰ পিনে কল্পনা কৰা বৃত্তাকাৰ ৰেখাসমূহক অক্ষৰেখা বুলি কোৱা হয়।

প্রশ্ন ৫। পৃথিৱীৰ পৰিধিয়ে কেন্দ্ৰত কিমান ডিগ্ৰী কোণ কৰে?
উত্তৰ। পৃথিৱীৰ পৰিধিয়ে কেন্দ্ৰত ৩৬০° কোণ কৰে।

প্রশ্ন ৬। প্রাথমিক বা মুখ্য দ্রাঘিমাৰেখা কাক বোলে?
উত্তৰ। দ্রাঘিমাংশ নিৰ্ণয়ৰ বাবে গ্ৰীনিজ মান মন্দিৰৰ ওপৰেৰে কল্পনা কৰা দ্রাঘিমাৰেখাডালক আধাৰ হিচাপে ধৰি লোৱা হৈছে। সেইবাবে এই ৰেখাডালক প্ৰাথমিক বা মুখ্য দ্রাঘিমাৰেখা বুলি কোৱা হয়।

প্রশ্ন ৭। মুখ্য বা প্রাথমিক দ্রাঘিমাৰেখাৰ মান কিমান?
উত্তৰ। মুখ্য বা প্ৰাথমিক দ্রাঘিমাৰেখাৰ মান ০°।

প্রশ্ন ৮। দ্রাঘিমাৰেখা বুলিলে কি বুজা?
উত্তৰ। প্ৰাথমিক দ্রাঘিমাৰেখাৰ পূৱ আৰু পশ্চিমে দুয়ো মেৰু সংযোগ কৰি যিবোৰ ৰেখা কল্পনা কৰা হৈছে সেইবোৰক দ্রাঘিমাৰেখা বোলে।

প্রশ্ন ৯। পৃথিৱীৰ উপৰিভাগত মুঠতে কেই ডাল দ্রাঘিমাৰেখা কল্পনা কৰা হৈছে?
উত্তৰ। পৃথিৱীৰ উপৰিভাগত মুঠতে ৩৬০ ডাল দ্রাঘিমাৰেখা কল্পনা কৰা হৈছে।

প্রশ্ন ১০। এক ঘণ্টাত যিকোনো এডাল দ্রাঘিমাৰেখাই কিমান ডিগ্ৰী দূৰত্ব অতিক্রম কৰে?
উত্তৰ। এক ঘণ্টাত যিকোনো এডাল দ্রাঘিমাৰেখাই ১৫° দূৰত্ব অতিক্রম কৰে।

প্রশ্ন ১১। স্থানীয় সময় কাক বোলে?
উত্তৰ। মধ্যাহ্ন সূৰ্যৰ অৱস্থান ঠাই পৃথিৱীৰ উপৰিভাগত সময় গণনা কৰা হয়। কোনো এখন ঠাইৰ মধ্যাহ্ন সূৰ্যৰ অৱস্থান চাই যি সময় গণনা কৰা হয় তাকে ঠাইখনৰ স্থানীয় সময় বোলে।

প্রশ্ন ১২। স্থানীয় সময় অনুসাৰে প্ৰাথমিক দ্রাঘিমাৰেখাৰ ওপৰত পুৱা ৭ বাজিলে ৪৫° পূ. দ্রাঘিমাংশত অৱস্থিত ঠাই এখনৰ স্থানীয় সময় কিমান হ’ব?
উত্তৰ। ঠাই দুখনৰ দূৰত্ব ৪৫°।
গতিকে ঠাই দুখনৰ সময়ৰ ব্যৱধান ৪৫°×৪ মিনিট
= ১৮০ মিনিট
= (১৮০ / ৬০) মিনিট
= ৩ ঘণ্টা।
গতিকে প্রাথমিক দ্রাঘিমাৰ ওপৰত পুৱা ৭ বাজিলে ঠাইখনৰ স্থানীয় সময়
হ’ব (৭ + ৩ = ১০ বজা) দিনৰ ১০ বজা।

Class 7 Social Science Lesson 1 Question Answer Assamese Medium

প্রশ্ন ১৩। ভাৰতীয় মান সময় কি?
উত্তৰ। এখন দেশৰ সোঁমাজেৰে পাৰ হৈ যোৱা দ্রাঘিমাৰেখা এডালৰ স্থানীয় সময়ক সমগ্ৰ দেশখনৰ সময় গণনাৰ বাবে গ্ৰহণ কৰা হয়। ভাৰতবৰ্ষৰ এলাহাবাদ চহৰৰ ওপৰেৰে পাৰ হৈ যোৱা ৮২/,° পূৰ্ব দ্রাঘিমাৰেখা ডালক সমগ্ৰ দেশখনৰ মান দ্রাঘিমাৰেখা হিচাপে লোৱা হৈছে। এই দ্রাঘিমাৰ স্থানীয় সময়কে ভাৰতীয়
মান সময় বুলি গণ্য কৰা হয়।

প্রশ্ন ১৪। জি পি এছ কি?
উত্তৰ। জি পি এছ অর্থাৎ Global Positioning System । এই সৰু যন্ত্ৰটোৰ সহায়ত পৃথিৱীৰ যিকোনো ঠাইৰ অক্ষাংশ, দ্রাঘিমাংশ আৰু ঠাই এখনৰ সমুদ্র পৃষ্ঠৰপৰা উচ্চতা কিমান তাক নির্ণয় কৰিব পাৰি।

প্রশ্ন ১৫। দুখন ঠাইৰ দ্ৰাঘিমাংশ ক্রমে ৪৭° পূ. আৰু ৭২° পৃ। ঠাই দুখনৰ স্থানীয় সময়ৰ ব্যৱধান উলিওৱা।
উত্তৰ। দুয়োখন ঠাই গ্রীনিজৰ পূৱে-অৱস্থিত। সেয়ে ঠাই দুখনৰ দ্রাঘিমাংশৰ পার্থক্য হ’ব, ৭২° – ৪৭° = ২৫°।
এতেকে ঠাই দুখনৰ স্থানীয় সময়ৰ পাৰ্থক্য হ’ব,
২৫° × ৪ মিনিট = ১০০ মিনিট
= (১০০ /৬০) মিনিট
= ১ ঘণ্টা ৪০ মিনিট।
ঠাই দুখনৰ স্থানীয় সময়ৰ ব্যবধান হ’ব ১ ঘণ্টা ৪০ মিনিট।

প্রশ্ন ১৬। দুখন ঠাইৰ স্থানীয় সময় ক্ৰমে দিনৰ ১০ বজা আৰু দুপৰীয়া ১২ বজা। ঠাই দুখনৰ দ্ৰাঘিমাংশৰ ব্যৱধান নির্ণয় কৰা।
উত্তৰ। ঠাই দুখনৰ স্থানীয় সময়ৰ ব্যৱধান হ’ব— (১২ – ১০) বজা = ২ ঘণ্টা
এতেকে ঠাই দুখনৰ দ্রাঘিমাংশৰ ব্যৱধান হ’ব,
১৫° x ২ = ৩০°
ঠাই দুখনৰ দ্রাঘিমাংশৰ ব্যৱধান হ’ব ৩০°।

প্রশ্ন ১৭। দুখন ঠাইৰ দ্ৰাঘিমাংশ ক্রমে ৭০° পূৱ আৰু ৪৯° পশ্চিম। ঠাই দুখনৰ দ্ৰাঘিমাংশৰ পাৰ্থক্য উলিওৱা। লগতে গ্রীনিজত আবেলি ৩ বাজিলে ঠাই দুখনত কেইটা বাজিব?
উত্তৰ। প্ৰথমখন ঠাই ৭০° পূৱ আৰু গ্ৰীনিজৰ ৭০° পূৱে আৰু দ্বিতীয়খন ঠাই ৪৯° পশ্চিম অর্থাৎ গ্রীনিজৰ ৪৯° পশ্চিমে অৱস্থিত।
গতিকে ঠাই দুখনৰ দ্ৰাঘিমাংশৰ পাৰ্থক্য হ’ব
৭0° +৪৯° = ১১৯
এতিয়া প্ৰথমখন ঠাইৰ স্থানীয় সময় হ’ব, ৭০° x ৪ = ২৮০ মিনিট।
অর্থাৎ, ২৮০ /৬০ মিনিট = ৪ ঘণ্টা ৪০ মিনিট।
এতেকে, গ্রীনিজত আবেলি ৩ বাজিলে প্রথমখন ঠাইত ৭ বাজি ৪০ মিনিট হ’ব
আকৌ, দ্বিতীয়খন ঠাইৰ স্থানীয় সময় হ’ব
৪৯° × ৪ মিনিট।
= ১৯৬ মিনিট
= ১৯৬ /৬০ মিনিট
= ৩ ঘণ্টা ১৬ মিনিট।
এতেকৈ গ্রীনিজত আবেলি ৩ বাজিলে দ্বিতীয়খন ঠাইত ৬ বাজি ১৬ মিনিট হ’ব।

প্রশ্ন ১৮। গ্রীনিজত পুৱা ৭ বাজোতে আন এখন ঠাইত আবেলি ৩ বাজে। ঠাইখনৰ দ্রাঘিমাংশ কিমান আৰু কোন দিশত অৱস্থিত?
উত্তৰ। ঠাইখন আৰু গ্ৰীনিজৰ সময়ৰ পাৰ্থক্য ৭ – ৩ বজা = ৪ ঘণ্টা
গ্ৰীনিজ আৰু ঠাইখনৰ মাজৰ স্থানীয় সময়ৰ ব্যৱধান যদি ৪ ঘণ্টা হয়, তেন্তে ঠাইখনৰ দ্রাঘিমাংশ হ’ব ১৫° × ৪ = ৬০°। আকৌ যিহেতু ঠাইখনত গ্রীনিজতকৈ আগেয়ে আবেলি হয় গতিকে ঠাইখন গ্ৰীনিজৰ পূৱ দিশত অৱস্থিত।
এতেকে ঠাইখন ৬০° পূৱ দ্রাঘিমাংশত অৱস্থিত।

প্রশ্ন ১৯। আন্তর্জাতিক তাৰিখৰেখা কাক বোলে?
উত্তৰ। ১৮০° দ্রাঘিমা ৰেখাডালক বিশ্বৰ দেশসমূহে দিন আৰু সময় গণনাৰ সীমাৰেখা হিচাপে গ্ৰহণ কৰিছে। সেইবাবে এই ৰেখাডালক আন্তর্জাতিক
তাৰিখৰেখা বুলি কোৱা হয়।

Class 7 Social Science Lesson 1 Question Answer Assamese Medium

প্রশ্ন ২০। খালী ঠাই পূৰ কৰা :
(ক) যি ডাল দ্রাঘিমাৰেখাৰ সহায়ত মান সময় গণনা কৰা হয় তাক ___ বোলে।
উত্তৰ। মান দ্রাঘিমাৰেখা।

(খ) ভাৰতবৰ্ষৰ প্ৰায় সোঁমাজেদি যোৱা ___ দ্রাঘিমাৰেখাৰ স্থানীয় সময়ক ভাৰতীয় মান সময় বোলে।
উত্তৰ। ৮২°৩০ পূৱ।

(গ) অক্ষৰেখাবোৰক ___ৰেখাৰ সমান্তৰালকৈ কল্পনা কৰা হৈছে।
উত্তৰ। বিষুৱ।

(ঘ) বিষুৱৰেখাৰ ওপৰত প্ৰাথমিক দ্রাঘিমাৰেখাৰ পৰা যিকোনো স্থানৰ কৌণিক দূৰত্বই হ’ল ঠাইখনৰ ____।
উত্তৰ। দ্রাঘিমাংশ।

(ঙ) বিষুৱৰেখাডাল হ’ল ____ অক্ষৰেখা।
উত্তৰ। ০°।

দ্রাঘিমাৰেখাৰ সৰ্বমুঠ সংখ্যা কিমান?

উত্তৰ। দ্রাঘিমাৰেখাৰ সৰ্বমুঠ সংখ্যা ৩৬০ ডাল।

ভাৰতীয় মান সময়ৰ দ্রাঘিমাংশ কিমান?

উত্তৰ। ভাৰতীয় মান সময়ৰ দ্রাঘিমাংশ ৮২°৩০।

পৃথিৱীক ৩৬০° পৰিভ্ৰমণ কৰিবলৈ কিমান ঘণ্টা সময়ৰ প্ৰয়োজন?

উত্তৰ৷ পৃথিৱীক ৩৬০° পৰিভ্ৰমণ কৰিবলৈ ২৪ ঘণ্টা সময়ৰ প্ৰয়োজন।

গ্রীনিজৰ ওপৰেৰে কল্পনা কৰা প্ৰাথমিক দ্রাঘিমাৰেখাৰ স্থানীয় সময়ক কি বোলে?

উত্তৰ। গ্রীনিজৰ ওপৰেৰে কল্পনা কৰা প্ৰাথমিক দ্রাঘিমাৰেখাৰ স্থানীয় সময়ক গ্রীনিজ মান সময় বুলি কোৱা হয়।

কৌণিক দূৰত্বৰ জোখৰ একক কি?

উত্তৰ। কৌণিক দূৰত্ব জোখৰ একক হৈছে ডিগ্রী (º), মিনিট (‘), চেকেণ্ড (”) আদি৷

Leave a Comment

Your email address will not be published. Required fields are marked *


Scroll to Top