পোহৰ Class 8 – প্রশ্নোত্তৰ বিজ্ঞান

বিষয়বিজ্ঞান
পাঠৰ নামপোহৰ
শ্ৰেণীঅষ্টম শ্ৰেণী
পাঠৰ নম্বৰপাঠ 16
পাঠ্যক্ৰমৰাজ্যিক শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ (SCERT)

বিষয়: বিজ্ঞান
পাঠৰ নাম: পোহৰ
শ্ৰেণী: অষ্টম শ্ৰেণী
পাঠৰ নং: পাঠ 16
পাঠ্যক্ৰম: ৰাজ্যিক শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ (SCERT)

পোহৰ Class 8


প্রশ্নোত্তৰ

প্রশ্ন 1: ধৰা হওক তুমি এটা অন্ধকাৰ কোঠালিত আছা। কোঠালিৰ ভিতৰৰ বস্তুবোৰ তুমি দেখিবানে? কোঠালিৰ বাহিৰৰ বস্তুবোৰ দেখিবানে? ব্যাখ্যা কৰা।

উত্তৰ: অন্ধকাৰ কোঠালিৰ ভিতৰৰ বস্তুবোৰ দেখা নাযাব, কাৰণ বস্তুবোৰৰ পৰা কোনো পোহৰ আহি আমাৰ চকুত নপৰে। কিন্তু কোঠালিৰ বাহিৰৰ বস্তুবোৰ দেখা পাব পাৰি, কাৰণ বাহিৰৰ পৰা পোহৰ আহি আমাৰ চকুত পৰে আৰু এই পোহৰে মগজুক সক্ৰিয় কৰে। ফলত বস্তুবোৰ দেখা পোৱা যায়।


প্রশ্ন 2: নিয়মিত আৰু বিক্ষিপ্ত প্রতিফলনৰ পার্থক্য লিখা। বিক্ষিপ্ত প্রতিফলনে প্রতিফলনৰ সূত্ৰসমূহ বিফল হোৱা বুজায় নেকি?

উত্তৰ:

Class 8 Science chapter 16
  • নিয়মিত প্রতিফলন: ই সমতল, মিহি পৃষ্ঠত ঘটে। প্রতিফলিত ৰশ্মিবোৰ একে দিশত যায়।
  • বিক্ষিপ্ত প্রতিফলন: ই খহটা পৃষ্ঠত ঘটে। প্রতিফলিত ৰশ্মিবোৰ বিভিন্ন দিশত যায়।

বিক্ষিপ্ত প্রতিফলনে প্রতিফলনৰ সূত্ৰসমূহ বিফল নকৰে। ইয়াতো প্রতিফলনৰ সূত্ৰ মানি চলে।


প্রশ্ন 3: তলত উল্লেখ কৰা পৃষ্ঠসমূহত ৰশ্মিগুচ্ছ আপতিত হলে নিয়মিত নে বিক্ষিপ্ত প্রতিফলন ঘটিব উল্লেখ কৰা।

পৃষ্ঠৰ প্ৰকাৰপ্রতিফলনৰ ধৰণ
(ক) চিকমিকিয়া কাঠৰ টেবুলনিয়মিত প্রতিফলন
(খ) চক পাউডাৰবিক্ষিপ্ত প্রতিফলন
(গ) ডাঠ কাগজৰ পৃষ্ঠবিক্ষিপ্ত প্রতিফলন
(ঘ) তিতি থকা মাৰ্বলৰ মজিয়ানিয়মিত প্রতিফলন
(ঙ) দাপোণনিয়মিত প্রতিফলন
(চ) কাগজৰ টুকুৰাবিক্ষিপ্ত প্রতিফলন

প্রশ্ন 4: প্রতিফলনৰ সূত্ৰসমূহ লিখা।

উত্তৰ:

Class 8 Science chapter 16 (2)
  1. আপতন কোণ সদায় প্রতিফলন কোণৰ সমান।
  2. আপতিত ৰশ্মি, প্রতিফলিত ৰশ্মি আৰু আপতন বিন্দুত টনা অভিলম্ব সদায় একে সমতলতে থাকে।

প্রশ্ন 5: আপতিত ৰশ্মি, প্রতিফলিত ৰশ্মি আৰু আপতন বিন্দুত টনা অভিলম্ব একেখন সমতলত থাকে বুলি দেখুৱাবলৈ এটা ক্রিয়াকলাপ বর্ণনা কৰা।

উত্তৰ:
এখন ড্ৰয়িং বৰ্ডত বগা কাগজ এখন আট খুৱাই লোৱা হ’ল। এখন ফণিৰ মাজত সৰু ফাক এটা ৰাখি বাকীবোৰ বন্ধ কৰি দিয়া হ’ল। ফণিখন কাগজৰ ওপৰত লম্বভাৱে ধৰি টৰ্চৰ পোহৰ পেলোৱা হ’ল। পোহৰ ৰশ্মি দাপোণত পৰি প্রতিফলিত হ’ল। আপতিত ৰশ্মি, প্রতিফলিত ৰশ্মি আৰু অভিলম্ব একেখন সমতলত থাকে বুলি প্ৰমাণ কৰা হ’ল।


প্রশ্ন 6: খালী ঠাই পূৰ কৰা।

  1. এখন সমতল দাপোণৰ ১ মিটাৰ সমুখত থকা এজন মানুহ তেওঁৰ প্ৰতিবিম্বৰ পৰা মিটাৰ আঁতৰত থকা যেন লাগে।
  2. সমতল দাপোণৰ সমুখত যদি তোমাৰ বাওঁ কাণখন সোঁহাতেৰে স্পর্শ কৰা, তেন্তে দাপোণখনত তোমাৰ সোঁ কাণখন বাওঁ হাতেৰে স্পর্শ কৰা যেন লাগিব।
  3. ম্লান পোহৰত চালে চকুৰ মণিৰ আকাৰ ডাঙৰ হ’ব।
  4. নিশাচৰ চৰাইৰ চকুত দণ্ডতকৈ শংকু আকৃতিৰ কোষ কম থাকে।

প্রশ্ন 7: আপতন কোণ প্রতিফলন কোণৰ সমান।

(ক) সদায়
(খ) কেতিয়াবা
(গ) বিশেষ অৱস্থাত
(ঘ) কেতিয়াও নহয়

উত্তৰ: (ক) সদায়


প্রশ্ন 8: সমতল দাপোণত গঠন হোৱা প্রতিবিম্ব,

(ক) অসৎ, দাপোণৰ পিছফালে আৰু বিবর্ধিত
(খ) অসৎ, দাপোণৰ পিছফালে আৰু লক্ষ্যবস্তুৰ সমান আকাৰৰ
(গ) দাপোণৰ পৃষ্ঠত সৎ আৰু বিবর্ধিত
(ঘ) সৎ, দাপোণৰ পিছফালে আৰু লক্ষ্যবস্তুৰ সমান আকাৰৰ

উত্তৰ: (খ) অসৎ, দাপোণৰ পিছফালে আৰু লক্ষ্যবস্তুৰ সমান আকাৰৰ


প্রশ্ন 9: এটা কেলিডস্ক’পৰ গঠন বর্ণনা কৰা।

উত্তৰ: কেলিডস্ক’পত তিনিটা আয়তাকাৰ দাপোণৰ টুকুৰা প্রিজম আকৃতিত সজোৱা হয়। ইয়াক ডাঠ কাগজৰ চুঙা এটাত আট খুৱাই লোৱা হয়। চুঙাটোৰ এটা মূৰত ফুটা থকা কার্ডবোৰ্ডৰ ঢাকনি আৰু আনটো মূৰত স্বচ্ছ কাঁচৰ ফলক লগোৱা হয়। কাঁচৰ ফলকত ৰঙীন কাচৰ টুকুৰা থোৱা হয়।


প্রশ্ন 10: মানুহৰ চকুৰ এটা চিহ্নিত চিত্র আঁকা।

উত্তৰ: মানুহৰ চকুৰ চিহ্নিত চিত্ৰত নিম্নলিখিত অংশবোৰ দেখুৱাব লাগে:

  1. কর্ণিয়া
  2. পুতলি
  3. লেন্স
  4. অক্ষিপট
  5. চকুৰ মণি

প্রশ্ন 11: গুৰমিতে লেজাৰ টৰ্চৰ সহায়ত ক্রিয়াকলাপ এটা কৰিব বিচাৰিছিল। তাইৰ শিক্ষকে তেনেকুৱা নকৰিবলৈ পৰামৰ্শ দিলে। শিক্ষকে কিহৰ ভিত্তিত এই পৰামৰ্শ দিলে ব্যাখ্যা কৰিব পাৰিবানে?

উত্তৰ: লেজাৰ ৰশ্মি অতি শক্তিশালী। ই চকুৰ ক্ষতি কৰিব পাৰে। গতিকে লেজাৰ টৰ্চৰ সহায়ত ক্রিয়াকলাপ কৰাটো বিপদজনক।


প্রশ্ন 12: তুমি চকুৰ যত্ন কেনেকৈ ল’ব পাৰা বুজাই লিখা।

উত্তৰ:

  1. চকুৰ ৰোগ দেখা দিলে চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে।
  2. অতি কম বা বেছি পোহৰত চকু ৰক্ষা কৰিব লাগে।
  3. লেতেৰা হাতেৰে চকু মোহাৰিব নালাগে।
  4. কিতাপ পঢ়োতে দৃষ্টিৰ স্বাভাৱিক দূৰত্ব ৰাখিব লাগে।

প্রশ্ন 13: প্রতিফলিত ৰশ্মিয়ে আপতিত ৰশ্মিৰে সৈতে 90° কোণ কৰিলে, আপতন কোণৰ মান কিমান হ’ব?

উত্তৰ: আপতন কোণৰ মান 45° হ’ব।


প্রশ্ন 14: 40 ছে.মি. পার্থক্যত ৰখা দুখন সমান্তৰাল সমতল দাপোণৰ মাজত এডাল মম ৰাখিলে মমডালৰ প্রতিবিম্বৰ সংখ্যা কিমান হ’ব?

উত্তৰ: অসংখ্য প্রতিবিম্ব গঠন হ’ব।


💬 Leave a Comment

Your email address will not be published. Required fields are marked *

📱 Get AssamWeb App

Unlock free PDFs, mock tests, and certificates with our mobile app. Faster, smoother, and made for students 📚✨

🚀 Install from Play Store One-time reminder • No spam