মনােবিজ্ঞান আৰু শিক্ষা Class 11 (প্রশ্নোত্তৰ) একাদশ শ্ৰেণী

বিষয়  শিক্ষা
পাঠৰ নাম (ক) মনােবিজ্ঞান আৰু শিক্ষা
শ্ৰেণী  একাদশ শ্ৰেণী
গােট চতুর্থ অধ্যায়
পাঠৰ নং 4
পাঠ্যক্ৰম  অসম মাধ্যমিক শিক্ষা পৰিষদৰ (AHSEC)

মনােবিজ্ঞান আৰু শিক্ষা

ক, অতি চমু প্রশ্নোত্তৰঃ (প্রত্যেকটোৰ মূল্যাংক – ১)

১। শুদ্ধ নে অশুদ্ধ বিচাৰ কৰাঃ

(ক) মনােবিজ্ঞান এক ইতিবাচক বিজ্ঞান।
উত্তৰ : শুদ্ধ।

(খ) মনােবিজ্ঞানে শিক্ষাৰ উদ্দেশ্য নির্ধাৰণ কৰে।
উত্তৰ : অশুদ্ধ।

(গ) শিক্ষা আৰু মনােবিজ্ঞানৰ উদ্দেশ্য একেধৰণৰ।
উত্তৰঃ অশুদ্ধ।

(ঘ) ইংৰাজী ‘Psychology শব্দৰ অর্থ। আত্মাৰ বিজ্ঞান।
উত্তৰঃ শুদ্ধ।

(ঙ) মনােবিজ্ঞান অধ্যয়নৰ উদ্দেশ্য হল মানুহৰ আচৰণ সম্বন্ধে জনা।
উত্তৰঃ শুদ্ধ।

(চ) মনােবিজ্ঞানৰ অধ্যয়ন প্রক্রিয়া বিশ্লেষণাত্মক।
উত্তৰ : শুদ্ধ।

২। তলৰ বাক্যবােৰৰ শুদ্ধ অংশটো বিচাৰি উলিওৱাঃ
(ক) মনােবিজ্ঞান প্রত্যক্ষ / মান নির্ণায়ক / চিন্তাধর্মী বিজ্ঞান।
উত্তৰ : প্ৰত্যক্ষ।

(খ) মনােবিজ্ঞান’শব্দটো পুৰণি গ্রীক / লেটিন/ ইংৰাজী ভাষাৰ পৰা উৎপত্তি হৈছে।
উত্তৰঃ গ্রীক।

(গ) মনােবিজ্ঞানে শিক্ষাৰ সকলাে সমস্যা সমাধান কৰিব পাৰে / নােৱাৰে / সমাধানৰ চেষ্টা কৰে।
উত্তৰ : সমাধানৰ চেষ্টা কৰে।

(ঘ) মনােবিজ্ঞান মনৰ বিজ্ঞান / সচেতনতাৰ বিজ্ঞান / আচৰণৰ বিজ্ঞান বুলি কোৱা হয়।
উত্তৰ : আচৰণৰ বিজ্ঞান।

(ঙ) মনােবিজ্ঞানৰ অধ্যয়ন হৈছে আদর্শনিষ্ট / সত্যনিষ্ট / বস্তুনিষ্ট।
উত্তৰঃ বস্তুনিষ্ট।

(চ) মনােবিজ্ঞানে ব্যক্তিৰ / দলৰ / সমাজৰ আচৰণ অধ্যয়ন কৰে।
উত্তৰঃ ব্যক্তিৰ আচৰণ ।

(ছ) মনােবিজ্ঞান অধ্যয়নৰ পদ্ধতি হৈছে সংশ্লেষণাত্মক / বিশ্লেষণাত্মক / নির্দেশাত্মক।
উত্তৰঃবিশ্লেষণাত্মক।

খ. চম প্রশ্নোত্তৰ: (প্রত্যেকটোৰ মূল্যাংক -২/৩)

১। মনােবিজ্ঞানৰ বুৎপত্তিগত অর্থ লিখা।
উত্তৰঃ মনােবিজ্ঞানৰ ইংৰাজী প্রতিশব্দটোহ’ল ‘Psy-chology। এই ‘Psychology শব্দটো গ্রীক ভাষাৰ ‘Psyche’ অর্থাৎ ‘আত্মা’আৰু ‘logos’ অর্থাৎ ‘বিজ্ঞান শব্দ দুটি যুক্ত হৈগঠিত হৈছে। গতিকে Psychology- ৰ বুৎপত্তিগত অৰ্থ হৈছে ‘মনৰ বিজ্ঞান। প্রথম অৱস্থাত ই আত্মা বিষয়ক অধ্যয়নৰ আলােচনাতেই সীমাবদ্ধ আছিল। কিন্তু পিছলৈ ইয়াৰ পৰিধি বৃদ্ধি পােৱাত ইয়াক ‘আচৰণৰ বিজ্ঞান বুলি অভিহিত কৰা হয়।

মনােবিজ্ঞান আৰু শিক্ষা Class 11

গ. মজলীয়া উত্তৰৰ প্ৰশ্নঃ(প্রত্যেকটোৰ মূল্যাংক-৪)

১। মনােবিজ্ঞানক কিয় আচৰণৰ বিজ্ঞান বুলি কোৱা হয়?
উত্তৰঃ মনােবিজ্ঞানক আদিতে মনৰ বা আত্মাৰ বিজ্ঞান বুলি কোৱা হৈছিল যদিও পিছলৈ মনােবিজ্ঞানী ৱাটচন আৰু মেকডুগলে ইয়াক আচৰণৰ বিজ্ঞান বুলি প্রতিপন্ন কৰিছে। মেকডুগলৰ মতে, মনৰ উদ্দেশ্য প্রকাশ কৰাই হৈছে আচৰণৰ লক্ষণ আৰু আচৰণেই হৈছে জীৱৰ বৈশিষ্ট্য। মনৰ বাহ্যিক ৰূপ হ’ল আচৰণ। মনৰ চিন্তা, অনুভূতি আৰু ইচ্ছাশক্তি আদি দৈহিকভাৱে প্ৰদৰ্শন কৰা আচৰণৰ যােগেদি প্রকাশ পায়। এনে আচৰণ প্ৰত্যক্ষভাৱে অধ্যয়ন কৰাও
সম্ভৱপৰ। সেয়ে মনােবিজ্ঞানক ‘আচৰণৰ বিজ্ঞান’ বুলি কোৱা হয়।

লগতে পঢ়ক:   মানৱ আচৰণৰ ভিত্তিসমূহ আৰু দিকদর্শন (প্রশ্নোত্তৰ) একাদশ শ্ৰেণী

২। মনােবিজ্ঞান এবিধ বস্তুনিষ্ঠ বিজ্ঞান – ব্যাখ্যা কৰা।
উত্তৰঃ মনােবিজ্ঞান আদর্শ নিষ্ঠ বিজ্ঞান নহয়; ইয়াক বস্তুনিষ্ঠ বিজ্ঞান বুলিহে কোৱা হয়। অর্থাৎ ই কোনাে ঘটনা যেনেকৈ ঘটে তেনেকৈয়ে বর্ণনা কৰে। ইয়াৰ ওপৰত কোনাে মন্তব্য নিদিয়ে। উদাহৰণস্বৰূপে ই শিশুৰ প্রকৃতি যেনেকৈয়ে প্রকাশ পায় তেনেকৈয়ে বর্ণনা কৰে। এই সম্পর্কে মনােবিজ্ঞানীসকলে কোনাে ধৰণৰ মন্তব্য নিদিয়ে। অর্থাৎ ই ব্যক্তিৰ আচৰণ বস্তুগত দৃষ্টিভংগীৰে অধ্যয়ন কৰে। ব্যক্তিৰ আচৰণ কেনে হােৱা উচিত সেই বিষয়ে ই কোনাে কথা নকয় বা বিচাৰ নকৰে। শিক্ষাৰ ক্ষেত্ৰত মনােবিজ্ঞানীসকলে বিশ্বাস কৰে যে শিক্ষা পৰিবেশনৰ মাজত শিক্ষার্থীৰ সকলােবিধ দৈহিক আৰু মানসিক ক্ষমতা, যােগ্যতা,আচৰণ আদি প্রত্যক্ষ আৰু বস্তুনিষ্ঠভাৱে বিশ্লেষণ কৰাটো সম্ভৱ সেয়ে শিক্ষা মনােবিজ্ঞান এক আদর্শনিষ্ঠ বিজ্ঞান নহৈ বস্তুনিষ্ঠ বিজ্ঞানহে।

৩। মনােবিজ্ঞান আৰু শিক্ষা মনােবিজ্ঞানৰ মাজত থকা প্রভেদ বিচাৰ কৰা।
উত্তৰ ঃ মনােবিজ্ঞান আৰু শিক্ষা মনােবিজ্ঞানৰ মাজত থকা প্রভেদবােৰ হ’লঃ
(ক) মনােবিজ্ঞানে মানৱ আচৰণ অধ্যন কৰে। কিন্তু শিক্ষা মনােবিজ্ঞানে মানুহৰ শিক্ষা গ্রহণ সম্বন্ধীয় কার্যৰ মনােবৈজ্ঞানিক দিশ অধ্যয়ন কৰে।
(খ) মনােবিজ্ঞানৰ উৎপত্তি হৈছে মন বা আত্মা সম্বন্ধে কৰা কাল্পনিক চিন্তা-চৰ্চাৰ পৰা। আনহাতে শিক্ষা মনােবিজ্ঞানৰ উৎপত্তি হৈছে শিশু মনৰ প্রকৃতি অধ্যয়নৰ বাস্তৱ প্রয়ােজনৰ পৰা।
(গ) মনােবিজ্ঞানে শিশুৰ পৰা বুঢ়ালৈকে সকলো লােকৰ আচৰণৰ অধ্যয়নক সামৰি লয়। শিক্ষা মনােবিজ্ঞানে অকল শিক্ষার্থীসকলৰ আচৰণহে অধ্যয়ন কৰে।
(ঘ) মনােবিজ্ঞানে মানৱ মন আৰু আচৰণৰ সম্বন্ধে নীতি আৰু সূত্র উদ্ভাৱনৰ লগত জড়িত। শিক্ষা মনােবিজ্ঞানে সেইনীতিসমূহ শ্রেণী কক্ষৰ শিক্ষা পৰিস্থিতিত প্রয়ােগ কৰে।

মনােবিজ্ঞান আৰু শিক্ষা Class 11

৪। শিক্ষা আৰু মনােবিজ্ঞানৰ মাজৰ সম্পর্ক ব্যাখ্যা কৰা।
উত্তৰঃ শিক্ষা আৰু মনােবিজ্ঞানৰ মাজৰ সম্বন্ধ অতি ঘনিষ্ঠ। মনােবিজ্ঞানৰ ধ্যান-ধাৰণাক বাদ দি আধুনিক শিক্ষা পদ্ধতি প্রণালীবদ্ধভাৱে আগবাঢ়িব নােৱাৰে। বিষয়-বস্তুৰ পিনৰ পৰা দুয়ােটাৰ মাজত পার্থক্য থাকিলেও দুয়ােটাৰ মাজত নিবিড় সম্বন্ধ আছে। দুয়ােৰে মাজত থকা সম্বন্ধ তলত দিয়া ধৰণে উল্লেখ কৰিব পাৰি —–
(ক) মনােবিজ্ঞানে শিক্ষাক বিজ্ঞানসন্মত আৰু বস্তুনিষ্ঠভাৱে উপস্থাপন কৰি জীৱন আৰু জগত সম্পর্কে ব্যক্তিক উপযােগী জ্ঞান প্রদান কৰে।
(খ) মনােবিজ্ঞানে শিক্ষাত উপযুক্ত দৃষ্টিভংগী প্ৰদান কৰি ইয়াৰ মানদণ্ড উন্নত কৰে।
(গ) মনােবিজ্ঞানে শিক্ষকক নিজৰ জ্ঞান বৃদ্ধি কৰাত আৰু ছাত্ৰ-ছাত্ৰীক বুজি পােৱাত সহায় কৰে।
(ঘ) মনােবিজ্ঞানে শিক্ষাত উপযুক্ত অনুশাসন প্রদান কৰাত নির্দেশনা প্রদান কৰে।
(ঙ) মনােবিজ্ঞান অধ্যয়ন কৰি শিক্ষকে শিক্ষাৰ ক্ষেত্ৰত উপযুক্ত কর্মপদ্ধতি নির্ধাৰণ কৰিব পাৰে।

লগতে পঢ়ক:   বিদ্যালয় আৰু ইয়াৰ সংগঠন (প্রশ্নোত্তৰ) Class 11 Education Chapter 3 Question Answer

৫। শিক্ষা মনােবিজ্ঞানৰ উদ্দেশ্যসমূহ উল্লেখ কৰা।
উত্তৰঃ শিক্ষা মনােবিজ্ঞান হৈছে মনােবিজ্ঞানৰ এটি শাখা যিটো বিদ্যালয়ৰ শিক্ষণ পদ্ধতি, অৱস্থা, ফল, মূল্যায়ন আদিৰ লগত জড়িত। শিক্ষা মনােবিজ্ঞানৰ প্রধান উদ্দেশ্যসমূহ হ’ল —-
(ক) শিক্ষা মনােবিজ্ঞানে সংজ্ঞা নিৰূপণ আৰু শিক্ষাৰ উদ্দেশ্যৰ মাজত সংযােগ স্থাপন কৰি প্ৰয়ােজনীয় আচৰণৰ মানদণ্ড নিৰূপণ কৰাত সহায় কৰে।
(খ) শিক্ষা মনােবিজ্ঞানে ছাত্র-ছাত্রীসকলৰ আচৰণ, ধ্যান- ধাৰণা, প্রকৃতি আদিৰ অধ্যয়নত উদগনি দিয়ে।
(গ) শিক্ষা মনােবিজ্ঞানৰ আন এক উদ্দেশ্য হ’ল ইয়াৰ মাধ্যমত সামাজিক সম্বন্ধৰ প্রকৃতি আৰু গুৰুত্বৰ বিষয়ে জ্ঞান দিয়ে।
(ঘ) শিক্ষা মনােবিজ্ঞানে শিক্ষক আৰু শিক্ষার্থীসকলৰ শিক্ষাদানৰ ফলশ্ৰুতিৰ জোখ লােৱাত সহায় কৰে।

Class 11 Education Chapter 4 question Answer in assamese Medium

ঘ. ৰচনাধর্মী প্রশ্নোত্তৰ: (প্রত্যেকটোৰ মূল্যাংক – ৫/৬)

১। শিক্ষা মনােবিজ্ঞানৰ পৰিসৰ আলােচনা কৰা।
উত্তৰঃ শিক্ষা মনােবিজ্ঞানৰ পৰিসৰ বৰ বহল। ই মানৱ আচৰণ, শিক্ষা সম্পৰ্কীয় বিষয়, সমস্যা, শিক্ষাদান পদ্ধতি আদিৰ লগত জড়িত। ইয়াৰ পৰিসৰ তলত সংক্ষেপে উল্লেখ করা হলঃ
(ক) শিক্ষার্থীৰ আচৰণ অধ্যান ও শিক্ষাদান ফলপ্রসূ কৰিবলৈ শিক্ষার্থীসকলৰ আচৰণ অধ্যয়ন কৰাটো অতি জৰুৰী। শিক্ষা মনোবিজ্ঞানে এই আচৰণসমূহ
বিজ্ঞানসন্মতভাৱে অধ্যয়ন কৰে।
(খ) ব্যক্তি পার্থক্য অধ্যয়ন ও ব্যক্তিভেদে আচৰণৰ পার্থক্য আছে। শিক্ষার্থীসকলৰ আচৰণৰ পার্থক্য জানি শিক্ষাদান কৰিলে শিক্ষা ফলপ্রসু হয়। শিক্ষা মনােবিজ্ঞানে সেই পার্থক্যৰ বিষয়ে আলােচনা কৰে।
(গ) শিশুৰ বিকাশৰ স্তৰঃ শিশু এজনে বিকাশৰ বিভিন্ন স্তুৰ কেনেকৈ অতিক্রম কৰে, বিকাশৰ পর্যায়সমূহ কেনেকুৱা এই সকলােবােৰ বিষয় শিক্ষা মনােবিজ্ঞানে অধ্যয়ন কৰে।
(ঘ) শিক্ষা পদ্ধতিঃ শিক্ষা মনােবিজ্ঞানে শিক্ষণৰ পদ্ধতি, নীতি আৰু তত্ত্বসমূহ অধ্যয়ন কৰে।
(ঙ) বংশগতি আৰু পৰিবেশঃ শিক্ষা মনােবিজ্ঞানে কেনেদৰে বংশগতি আৰু পৰিবেশৰ প্ৰভাৱত শিশুৱে বিকাশ লাভ কৰে সেই বিষয়ৰ অধ্যয়ন সাঙুৰি লয়।
(চ) শিক্ষা নির্দেশনাঃ শিক্ষা মনােবিজ্ঞানে ছাত্র-ছাত্রীসকলৰ ব্যক্তিগত ক্ষমতাসমূহঅনুধাৱন কৰি উপযুক্ত শৈক্ষিক নির্দেশনাৰ সন্ধান কৰাত সহায় কৰে।
(ছ) আচৰণগত সমস্যাৰ অধ্যয়নঃ শিক্ষা মনােবিজ্ঞানে অনুশাসন সম্বন্ধীয় বিভিন্ন দিশও অধ্যয়ন কৰি ছাত্র- ছাত্রীসকলৰ আচৰণগত সমস্যাসমূহ সমাধান কৰাত সহায় কৰে।

লগতে পঢ়ক:   শিক্ষাৰ ধাৰণা আৰু লক্ষ্য Class 11 [প্রশ্নোত্তৰ] Education Chapter 1

২। শিক্ষা মনােবিজ্ঞানৰ বিভিন্ন ভাগসমূহ আলোচনা কৰা।
উত্তৰঃ শিক্ষা মনােবিজ্ঞানক বহুলভাৱে দুটা ভাগত ভাগ কৰা হৈছে। যেনে —–

১। সাধাৰণ মনােবিজ্ঞান আৰু ২। ব্যৱহাবিক বা প্রায়ােগকি মনােবিজ্ঞান।
যি মনােবিজ্ঞানে মানুহৰ সার্বজনীন আচৰণসমূহঅধ্যয়ন কৰে, তাকে ‘সাধাৰণ মনােবিজ্ঞান’ বোলে। সাধাৰণ মনােবিজ্ঞানৰ কিছুমান ভাগ আছে। যেনেঃ
(ক) শাৰীৰিক মনােবিজ্ঞানঃ শাৰীৰিক মনােবিজ্ঞানে মানুহৰ দেহযন্ত্ৰৰ গাঁথনি আৰু ইয়াৰ লগত মনৰ সম্বন্ধ আলােচনা কৰে। লগতে মানৱ ইন্দ্রিয়সমূহ, স্নায়ুৱিক প্রক্রিয়া, গ্রন্থিসমূহ ভূমিকা আদিৰ পৰীক্ষা-নিৰীক্ষা কৰে।

(খ) তুলনামূলক মনােবিজ্ঞান : মনােবিজ্ঞানৰ যি ভাগে মানৱ জাতিৰ আচৰণৰ সৈতে জীৱজন্তুৰ আচৰণৰ তুলনা কৰি মানৱ মনৰ ক্ৰমবিকাশৰ পর্যায়সমূহ আলােচনা কৰে,তাকে তুলনামূলক মনােবিজ্ঞান বােলে।
(গ) শিশু মনােবিজ্ঞান : শিশু মনােবিজ্ঞানে শিশুৰ শৈশৱ, বাল্য আৰু কৈশােৰ কালৰ শাৰীৰিক, মানসকি,আবেগিক, সামাজিক দিশমূহৰ বিষয়ে আলােচনা কৰে।
(ঘ) সামাজিক মনােবিজ্ঞানঃ মনােবিজ্ঞানৰ যিটো ভাগে ব্যক্তিৰ লগত সমাজৰ সম্বন্ধ আলােচনা কৰে তাকে সামাজিক মনােবিজ্ঞান বােলে।
(ঙ) পার্থক্যমূলক মনােবিজ্ঞান : মনােবিজ্ঞানৰ এইটো ভাগে ব্যক্তি পার্থক্যসমূহ নির্ণয় কৰি ব্যক্তিৰ অভিৰুচিৰ ভিত্তিত শিক্ষাদানৰ প্ৰয়ােজনীয়তাৰ বিষয়ে আলােচনা কৰে ।

মনােবিজ্ঞানৰ দ্বিতীয় বহুল ভাগটো হ’ল প্রায়ােগিক মনােবিজ্ঞান যি মনােবিজ্ঞানে মনােবিজ্ঞানৰ ফলাফলসমূহ মানুহৰ ব্যৱহাৰিক জীৱনত প্ৰয়ােগ কৰা সম্পর্কে আলােচনা কৰে তাকে ব্যৱহাৰিক মনােবিজ্ঞান বােলে। ব্যৱহাৰিক মনােবিজ্ঞানৰ কিছুমান ভাগ আছে। যেনে–
(ক) নিদানমূলক মনােবিজ্ঞানঃ যি মনােবিজ্ঞানে মানুহৰ মানসিক ৰােগ নিৰ্ধাৰণ কৰিবলৈ আৱশ্যকীয় উপায় আৰু পদ্ধতি সম্পর্কে আলােচনা কৰে, তাকে নিদানমূলক মনােবিজ্ঞান বােলে।

(খ) ব্যৱসায়িক মনােবিজ্ঞান : প্রয়ােগিক মনােবিজ্ঞানৰ যিটো শাখাই ব্যৱসায় সম্প্রসাৰণ, ব্যৱসায়ৰ লগত অন্য ব্যক্তি সম্পর্ক উন্নয়ন, আদিৰ বিষয়ে অধ্যয়ন কৰে তাকে ব্যৱসায়িক মনােবিজ্ঞান বােলে।
(গ) অপৰাধ মনােবিজ্ঞান : প্রায়ােগিক মনােবিজ্ঞানৰ যিটো শাখাই সমাজত অপৰাধ সংঘটিত কৰা ব্যক্তিসকলৰ আচৰণ, আৰু অপৰাধীক ধৰা পেলােৱাৰ উপায় সম্পর্কে আলােচনা কৰে, তাকে অপৰাধ মনােবিজ্ঞান বােলে।
(ঘ) সামৰিক মনােবিজ্ঞানঃ মনােবিজ্ঞানৰ যিটো ভাগে,সামৰিক বিভাগত লােক নিযুক্তি সংক্রান্ত বিষয়সমূহঅধ্যয়ন কৰে, তাকে সামৰিক মনােবিজ্ঞান  বােলে।

Leave a Comment


Stay informed about the latest Educational Update website. We provide timely and accurate information on upcoming Exam, application deadlines, exam schedules, and more.

Categories

Class 1

Class 2

Class 3

Class 4

Class 5