কৈশােৰ প্রাপ্তি Class 8 – অষ্টম শ্ৰেণী বিজ্ঞান প্ৰশ্নোত্তৰ

বিষয়বিজ্ঞান
শ্ৰেণীঅষ্টম শ্ৰেণী
পাঠৰ নামকৈশোৰ প্রাপ্তি
পাঠৰ নংপাঠ 10
পাঠ্যক্ৰমSCERT

কৈশােৰ প্রাপ্তি Class 8

Class 8 Science Chapter 10
অনুশীলনীৰ প্ৰশ্নোত্তৰ


প্ৰশ্ন ১: অন্তঃস্ৰাৱী গ্ৰন্থিয়ে দেহৰ পৰিৱৰ্তনৰ বাবে নিঃসৰণ কৰা পদাৰ্থসমূহক কি নামেৰে নামকৰণ কৰা হৈছে?

উত্তৰ: হৰম’ন।


প্ৰশ্ন ২: কৈশোৰ কালৰ সংজ্ঞা দিয়া।

উত্তৰ: জীৱনৰ যিটো কালত শাৰীৰিক পৰিৱৰ্তন ঘটি পৈণত প্রজনন ক্ষমতা প্রাপ্তি হয়, সেই কালচোৱাকে কৈশোৰ কাল বোলে। সাধাৰণতে ১১ বছৰৰ পৰা আৰম্ভ হৈ ১৮ বা ১৯ বছৰ বয়সলৈকে কৈশোৰ কাল চলি থাকে। এই অৱস্থাটোক নাবালক অৱস্থা বুলিও কোৱা হয়।


প্ৰশ্ন ৩: মাহেকীয়া ঋতু চক্র কি? ব্যাখ্যা কৰা।

উত্তৰ: মহিলাৰ প্রজনন ক্ষমতা সাধাৰণতে ১০-১২ বছৰৰ পৰাই আৰম্ভ হয়। অর্থাৎ, ঋতুমতি হোৱাৰ পৰাই এই ক্ষমতা আৰম্ভ হয় আৰু প্ৰায় ৪৫-৫০ বছৰলৈকে চলি থাকে। প্ৰায় ২৮-৩০ দিনৰ ভিতৰত এটা পুৰঠ ডিম্বাণু নিঃসৰণ হয়। যদি ডিম্বাণু নিষেচিত হয়, তেন্তে ই জৰায়ুৰ বেৰত লাগি ধৰে আৰু গৰ্ভধাৰণ হয়। যদি ডিম্বাণু নিষেচিত নহয়, তেন্তে ডিম্বাণু, জৰায়ুৰ ডাঠ আৱৰণ আৰু ৰক্তনলীকাৰ সৈতে শৰীৰৰ পৰা ওলাই আহে। ইয়াৰ ফলত ৰক্তক্ষৰণ হয়। এই প্ৰক্ৰিয়াটোক মাহেকীয়া ঋতু চক্র বোলে।


প্ৰশ্ন ৪: প্রজনন ক্ষমতা প্রাপ্তিৰ সময়ত হোৱা দেহৰ পৰিৱৰ্তনসমূহৰ তালিকা কৰা।

উত্তৰ:

  • শৰীৰৰ উচ্চতা বৃদ্ধি।
  • শাৰীৰিক আকৃতিৰ পৰিৱৰ্তন।
  • মাতৰ পৰিৱৰ্তন।
  • ঘর্ম আৰু তৈল গ্ৰন্থিৰ বৰ্দ্ধিত ক্ৰিয়া।
  • যৌনাংগৰ বিকাশ।
  • মানসিক, বৌদ্ধিক আৰু আবেগিক পৰিপক্কতা প্রাপ্তি।
  • গৌণ যৌন চৰিত্ৰৰ বিকাশ (যেনে: ল’ৰাৰ দাড়ি-গোঁফ গজা, ছোৱালীৰ স্তনৰ বিকাশ)।

প্ৰশ্ন ৫: অন্তঃস্ৰাৱী গ্ৰন্থিসমূহৰ নাম আৰু সেইবোৰে নিঃসৰণ কৰা হৰম’নৰ তালিকা প্রস্তুত কৰা।

উত্তৰ:

অন্তঃস্ৰাৱী গ্ৰন্থিনিঃসৰণ কৰা হৰম’ন
(i) পিটুইটাৰী গ্ৰন্থিবৃদ্ধি হৰম’ন, টেষ্ট’ষ্টেৰণ (পুৰুষ), ইষ্ট্ৰজেন (মহিলা)
(ii) থাইৰয়ড গ্ৰন্থিথাইৰ’জিন
(iii) এড্ৰিনেল গ্ৰন্থিএড্ৰেনেলিন
(iv) অগ্ন্যাশয়ইনচুলিন

প্ৰশ্ন ৬: যৌন হৰম’ন কি? সেইবোৰক কিয় এনে নাম দিয়া হ’ল? সেই হৰম’নবোৰৰ কাৰ্য বৰ্ণনা কৰা।

উত্তৰ: অণ্ডাশয় আৰু ডিম্বাশয়ৰ পৰা নিঃসৰিত হৰম’নক যৌন হৰম’ন বোলে। ডিম্বাশয়ে স্ত্ৰী হৰম’ন (ইষ্ট্ৰজেন) আৰু অণ্ডাশয়ে পুং হৰম’ন (টেষ্ট’ষ্টেৰণ) নিঃসৰণ কৰে।

  • টেষ্ট’ষ্টেৰণ: ল’ৰাৰ ক্ষেত্ৰত প্রজনন ক্ষমতাৰ বিকাশ, দাড়ি-গোঁফ গজোৱা, কান্ধ আৰু বুকু বহল কৰা আদি কাৰ্য কৰে।
  • ইষ্ট্ৰজেন: ছোৱালীৰ ক্ষেত্ৰত স্তনৰ বিকাশ, স্তনত দুগ্ধ নিঃসৰণ গ্ৰন্থিৰ সৃষ্টি আদি কাৰ্য কৰে।

প্ৰশ্ন ৭: উপযুক্ত উক্তিটো বাছি উলিওৱা।

(ক) কিশোৰ-কিশোৰীসকল আহাৰ সম্পর্কে সচেতন হোৱা উচিত, কিয়নো
(i) উপযুক্ত খাদ্যই মগজুৰ বিকাশত সহায় কৰে।
(ii) শৰীৰত হৈ থকা দ্ৰুত বৃদ্ধিৰ বাবে উপযুক্ত আহাৰৰ প্ৰয়োজন।
(iii) কিশোৰ-কিশোৰীসকলৰ সদায় ভোক বেছি।
(iv) কিশোৰ-কিশোৰীসকলৰ স্বাদমুকুল অধিক সক্ৰিয়।

(খ) মহিলাৰ প্ৰজনন বয়স আৰম্ভ হয় তেতিয়া
(i) যেতিয়া মাহেকীয়া ঋতু চক্ৰ আৰম্ভ হয়।
(ii) যেতিয়া স্তনৰ বিকাশ হয়।
(iii) যেতিয়া দেহৰ ওজন বাঢ়ে।
(iv) যেতিয়া ওখ হয়।

(গ) কিশোৰ-কিশোৰীৰ যথোপযুক্ত আহাৰ সামগ্ৰী হ’ল—
(i) চিপছ, চাওমিন, ক’লা
(ii) ৰুটি, দাইল, শাক-পাচলি
(iii) ভাত, চাওমিন, বার্গাৰ
(iv) শাক-পাচলি যুক্ত কাটলেট, চিপছ আৰু নেমুৰ ৰস

উত্তৰ:
(ক) (ii)
(খ) (i)
(গ) (ii)


প্ৰশ্ন ৮: চমুটোকা লিখা—

(ক) ডিঙিৰ ঘটিকা
(খ) গৌণ যৌন চৰিত্ৰ
(গ) জন্ম নোহোৱা কেঁচুৱাৰ জন্মপূৰ্বক লিংগ নিৰ্ণয়

উত্তৰ:
(ক) ডিঙিৰ ঘটিকা: কৈশোৰ কালত ল’ৰাৰ স্বৰযন্ত্ৰ ডাঙৰ হয় আৰু গ্রীবা অঞ্চলত বাহিৰলৈ ওলাই অহা অংশটোক ডিঙিৰ ঘটিকা বোলে।

(খ) গৌণ যৌন চৰিত্ৰ: কৈশোৰ কালত ল’ৰা আৰু ছোৱালীৰ শৰীৰত যিবোৰ পৰিৱৰ্তন ঘটে, যেনে—ল’ৰাৰ দাড়ি-গোঁফ গজা, ছোৱালীৰ স্তনৰ বিকাশ আদিক গৌণ যৌন চৰিত্ৰ বোলে।

(গ) জন্ম নোহোৱা কেঁচুৱাৰ জন্মপূৰ্বক লিংগ নিৰ্ণয়: মানুহৰ দেহত থকা যৌন ক্ৰম’জম (X আৰু Y)ৰ দ্বাৰা কেঁচুৱাৰ লিংগ নিৰ্ণয় কৰা হয়। পুৰুষৰ শুক্রাণুত X বা Y ক্ৰম’জম থাকে, আনহাতে মহিলাৰ ডিম্বাণুত কেৱল X ক্ৰম’জম থাকে। যদি X ক্ৰম’জমযুক্ত শুক্রাণুৱে ডিম্বাণু নিষেচিত কৰে, তেন্তে কন্যা সন্তান জন্ম হয়। যদি Y ক্ৰম’জমযুক্ত শুক্রাণুৱে ডিম্বাণু নিষেচিত কৰে, তেন্তে পুত্ৰ সন্তান জন্ম হয়।


প্ৰশ্ন ৯: মানুহৰ জীৱনৰ বয়সৰ বিভিন্ন পর্যায়বোৰ কি কি?

উত্তৰ: মানুহৰ জীৱনৰ বয়সৰ বিভিন্ন পর্যায়বোৰ হ’ল—

  • শিশুকাল
  • কৈশোৰ কাল
  • যুবকাল
  • বানপ্রস্থ কাল
  • বৃদ্ধ কাল
  • সন্যাস কাল

প্ৰশ্ন ১০: পিটুইটাৰী গ্ৰন্থিৰ কাম কি কি?

উত্তৰ: পিটুইটাৰী গ্ৰন্থিয়ে দেহৰ বিভিন্ন গ্ৰন্থিসমূহৰ কাৰ্য নিয়ন্ত্ৰণ কৰে। ই যৌনাংগৰ বিকাশ, বৃদ্ধি হৰম’ন নিঃসৰণ, টেষ্ট’ষ্টেৰণ (পুৰুষ) আৰু ইষ্ট্ৰজেন (মহিলা) হৰম’ন নিঃসৰণ আদি কাৰ্য সম্পাদন কৰে।


💬 Leave a Comment

Your email address will not be published. Required fields are marked *

📱 Get AssamWeb App

Unlock free PDFs, mock tests, and certificates with our mobile app. Faster, smoother, and made for students 📚✨

🚀 Install from Play Store One-time reminder • No spam