বল আৰু চাপ Class 8 Science Chapter 11 Question answer in Assamese

বল আৰু চাপ পাঠ 11
বিষয়   বিজ্ঞান Class 8
পাঠৰ নাম বল আৰু চাপ প্ৰশ্ন উত্তৰ
শ্ৰেণী  অষ্টম শ্ৰেণী
পাঠৰ নং পাঠ 11
পাঠ্যক্ৰম  ৰাজ্যিক শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ (SCERT)

বল আৰু চাপ Class 8

অনুশীলনীৰ প্রশ্নোত্তৰ

প্রশ্ন :বম্ভৰ গতিশীল অৱস্থাৰ পৰিৰ্তন ঘটাবলৈ ঠেলা বা টনা দুটা প্রক্রিয়াৰ উদাহৰণ
উত্তৰ: বস্তু গতিশীল অৱস্থাৰ পৰিৱৰ্তন ঘটাবলৈ ঠেলা প্রক্রিয়াৰ উদাহৰণ হ’ল— গতিকৰি থকা ফুটবল এটাক এজনে মাৰি দিয়াৰ পিছত আন এজনে ভৰিৰে মাৰি আনজনক দিয়া
(ii) দুজনী ছােৱালীয়ে দুয়ােখন হাতেৰে ইজনী সিজনীৰ হাতত টানি ধৰি ঘূর্ণী খেল খেলা টনা প্রক্রিয়াৰ উদাহৰণ। অথবা, ৰচী টনা খেলাত এটি দলে আনটো দলক টানি নিয়া।

প্রশ্ন 2ঃ বস্তুৰ আকৃতিৰ পৰিৱৰ্তন ঘটাবলৈ বল প্রয়ােগৰ দুটা উদাহৰণ দিয়া।
উত্তৰঃ বস্তুৰ আকৃতিৰ পৰিৱর্তন ঘটাবলৈ বল প্রয়ােগৰ দুটা উদাহৰণ হ’ল—
(i) বাহৰ কামি এটাক ধনুলৈ পৰিৱৰ্তন কৰা।
(ii) আটাৰ লাড়ু এটাক চেপেটা কৰি বেলনা বাৰিৰে ৰুটিৰ আকৃতি কৰা।

প্রশ্ন 3: তলৰ উক্তিবােৰত খালী স্থান পূৰ কৰা।
(ক) কুঁৱাৰ পৰা পানী তুলিবলৈ আমি ৰছীডাল ___ লাগে।
(খ) এটা আধানযুক্ত বস্তুৱে আন এটা আধানহীন বস্তুক নিজৰ ফালে___ কৰে।
(গ) বােজাই কৰা ট্রলিগাড়ী এখন গতি কৰাবলৈ আমি ইয়াক____ লাগিব।
(ঘ) এডাল চুম্বকৰ উত্তৰ মেৰুৱে আন এডাল চুম্বকৰ উত্তৰ মেৰুক___ কৰে।
(ক) টানিব
(খ) আকর্ষণ
(গ) ঠেলিব
(ঘ) বিকর্ষণ।

প্রশ্ন 4: এজন ধনুর্ধাৰীয়ে তেওঁৰ ধনুখন লক্ষ্যলৈ টোৱাই টানি ধৰে। তেওঁ নিক্ষেপ কৰা কাঁড়পাত লক্ষ্যলৈ ধাৱমান হয়। এই কথাখিনিৰ আধাৰত তলত লিখা শব্দসমূহ ব্যৱহাৰ কৰি তলৰ উক্তিসমূহৰ খালী ঠাইসমূহ পূৰ কৰাঃ
পেশীয়, স্পর্শ, অস্পর্শ, মাধ্যাকর্ষণ, ঘর্ষণ, আকৃতি, আকর্ষণ
(ক) ধনুখন টানিবলৈ ধনুর্ধাৰীয়ে বল প্রয়ােগ কৰে যিয়ে ইয়াৰ___ পৰিৱৰ্তন ঘটায়।
(খ) ধনুখন টানিবলৈ ধনুর্ধাৰীয়ে প্ৰয়ােগ কৰা বল___ বলৰ উদাহৰণ।
(গ) কাড়ডালৰ গতিশীল অৱস্থাৰ পৰিৱৰ্তন ঘটোৱা বলবিধ হৈছে___ বলৰ উদাহৰণ।
(ঘ) কাড়ল লক্ষ্যৰ ফালে গতি কৰা অৱস্থাত ইয়াৰ ওপৰত ক্রিয়া কৰা বলবােৰ হৈছে___ আৰু বায়ুৰ বাবে হােৱা___|
উত্তৰঃ (ক) আকৃতিৰ
(খ) পেশীয়।
(গ) অস্পর্শ
(ঘ) মাধ্যাকর্ষণ, ঘর্ষণ

লগতে পঢ়ক:   প্রাণীৰ প্রজনন Class 8 বিজ্ঞান পাঠ ৯ প্ৰশ্ন উত্তৰ Question Answer in assamese

বল আৰু চাপ পাঠ 11

প্রশ্ন 5ঃ তলৰ অৱস্থাসমূহত বল প্রয়ােগ কৰা কাৰকৰােৰ আৰু কোনবােৰ বস্তু ওপৰত বল প্রয়ােগ হৈছে সেইবােৰ চিনাক্ত কৰা। প্ৰতিটো ক্ষেত্ৰত বলৰ পৰিণতি উল্লেখ কৰা।
(ক) ৰস উলিয়াবলৈ হাতৰ আঙুলিৰে এটুকুৰা নেমু চেপি ধৰা।।
(খ) টুথপেষ্ট টিউবৰ পৰা পেষ্ট উলিওৱা।
(গ) বেৰৰ হাঁকোটাৰ পৰা ওলােমাই থােৱা স্প্রিং এডালৰ আনটো মূৰত গধুৰ ভাৰ এটা ওলােমাই ৰখা হৈছে।
(ঘ) নির্দিষ্ট উচ্চতাত প্রতিষ্ঠাপিত দণ্ড এডাল অতিক্রম কৰিবলৈ খেলুৱৈ এজনে জপিওৱা।
উত্তৰঃ

কাৰক ক্রিয়াশীল বস্তু পৰিণতি
(ক) হাতৰ আঙুলি নেমু টেঙাটোৰ ৰস আকৃতিৰ পৰিৱৰ্তন আৰু ৰসৰ গতি
(খ) আঙুলি টিউবটো, পেষ্ট আকৃতিৰ পৰিৱৰ্তন আৰু পেষ্টৰ গতি
(গ) ভাৰ  স্প্রিং আকৃতিৰ পৰিৱৰ্তন
(ঘ) মাটি দণ্ডডাল আৰু খেলুৱৈ গতিৰ অৱস্থাৰ পৰিৱর্তন

প্রশ্ন 6ঃ কমাৰে উত্তপ্ত লােৰ টুকুৰা হাতুৰিৰে পিটি সঁজুলি তৈয়াৰ কৰে। হাতুৰিৰে মৰিয়াওঁতে বলে কেনেকৈ লােৰ টুকুৰাৰ ওপৰত ক্রিয়া কৰে?
উত্তৰঃ ৰঙাকৈ গৰম কৰা লােৰ টুকুৰাত হাতুৰীৰে মৰিয়াওঁতে হাতুৰীয়ে বল প্রয়ােগ কৰিছে আৰু সেই বলৰ পৰিণতিত লাে টুকুৰাৰ আকৃতিৰ পৰিৱৰ্তন ঘটিছে।

প্রশ্ন 7ঃ ফুলােৱা বেলুন এটা সাংশ্লেষিক কাপােৰ এটুকুৰাৰে ঘঁহি লৈ, বেৰত হেঁচি ধৰা হ’ল। দেখা গ’ল যে বেলুনটো বেৰত লাগি ধৰিছে। বেলুন আৰু বেৰখনৰ মাজৰ আকর্ষণত কি বলে ভূমিকা লৈছে?
উত্তৰঃ স্থিতি বৈদ্যুতিক বলে ক্রিয়া কৰিছে যাৰ বাবে বেলুনটো বেৰত লাগি ধৰিছে। বেলুনৰ আধানবােৰে বেৰখনৰ কণাবােক স্থিতি বৈদ্যুতিক বলেৰে আকৰ্ষণ কৰিছে।

Class 8 Science Chapter 11 question answer in assamese

প্রশ্ন ৪ঃ মাটিৰ পৰা কিছু ওপৰত হাতেৰে দাঙি ধৰি থকা অৱস্থাত পানীপূর্ণ বাল্টি এটাত ক্রিয়াশীল বলবােৰ চিনাক্ত কৰা। বাল্টিটোৰ ওপৰত ক্রিয়া কৰা বলসমূহে কিয় ইয়াৰ গতি অৱস্থাৰ পৰিৱৰ্তন ঘটাব পৰা নাই আলােচনা কৰা।
উত্তৰঃ পানীপূর্ণ বাল্টিটোক মাধ্যাকর্ষণিক বলে নিম্ন দিশত টানি আছে। আনহাতে এই বলৰ বিপৰীত দিশত (উলম্ব দিশত) বাল্টিটো পেশীবলেৰে (হাতেৰে) টানি থকা হৈছে। এইক্ষেত্ৰত মাধ্যাকর্ষণিক বলৰ সমান পেশীবল প্রয়ােগ হৈছে। দুয়াে বলৰ দিশ সম্পূৰ্ণৰূপে বিপৰীত বাবে বাল্টিটো দাঙি ধৰি সাম্য অৱস্থাত ৰাখিব পৰা গৈছে।

লগতে পঢ়ক:   কয়লা আৰু পেট্রলিয়াম Class 8 Science বিজ্ঞান পাঠ ৫ প্ৰশ্ন উত্তৰ

প্রশ্ন 9:কক্ষপথত স্থাপনৰ বাবে ৰকেট এটা ওপৰলৈ নিক্ষেপকৰা হৈছে। নিক্ষেপস্থলী এৰাৰ পাছমুহূর্ততে ৰকেটৰ ওপৰত ক্রিয়া কৰা বল দুৰিধৰ নাম লিখা।

উত্তৰঃ ৰকেটৰ ওপৰত ক্রিয়া কৰা বল দুটা হ’ল—
(ক) ৰকেটৰ ওপৰত মাধ্যাকর্ষণ বল (নিম্নমুখে);
(খ) ৰকেটৰ ইন্ধন জ্বলি সৃষ্টি হােৱা ধোঁৱা বা গেছৰ নিম্নমুখী বলৰ প্রতিক্রিয়া বল।

প্রশ্ন 10ঃ ড্রপাৰ এটাৰ খােলা মূৰটো পানীত ডুবাই ৰাখি ইয়াৰ বাৰটো চেপি ধৰিলে ভিতৰৰ বায়ুখিনি বুদবুদ,সােমই আহে। ড্রপাৰৰ ভিতৰলৈ পানী সােমাই যােৱাৰ কাৰণ
(ক) পানীৰ চাপ
(খ) পৃথিৱীৰ মাধ্যাকর্ষণ বল
(গ) ৰৰ বাটোৰ আকৃতি (ঘ) বায়ুমণ্ডলীয় চাপ
উত্তৰঃ (ক) পানীৰ চাপ (ঘ) বায়ুমণ্ডলীয় চাপ।

1 thought on “বল আৰু চাপ Class 8 Science Chapter 11 Question answer in Assamese”

Leave a Comment

Your email address will not be published. Required fields are marked *


Scroll to Top