বল আৰু চাপ Class 8 – বিজ্ঞানৰ প্রশ্নোত্তৰ

বিষয়: বিজ্ঞান
শ্ৰেণী: অষ্টম শ্ৰেণী
পাঠৰ নং: পাঠ ১১
পাঠ্যক্ৰম: ৰাজ্যিক শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ (SCERT)

বল আৰু চাপ Class 8


অনুশীলনীৰ প্রশ্নোত্তৰ

প্রশ্ন ১: বস্তুৰ গতিশীল অৱস্থাৰ পৰিৱৰ্তন ঘটাবলৈ ঠেলা বা টনা দুটা প্রক্রিয়াৰ উদাহৰণ দিয়া।

উত্তৰ:
১. ঠেলা প্রক্রিয়াৰ উদাহৰণ: গতিশীল ফুটবল এটাক এজনে মাৰি দিয়াৰ পিছত আন এজনে ভৰিৰে মাৰি আনজনক দিয়া।
২. টনা প্রক্রিয়াৰ উদাহৰণ: দুজনী ছোৱালীয়ে দুয়াখন হাতেৰে ইজনী সিজনীৰ হাতত টানি ধৰি ঘূৰ্ণী খেল খেলা।


প্রশ্ন ২: বস্তুৰ আকৃতিৰ পৰিৱৰ্তন ঘটাবলৈ বল প্রয়ােগৰ দুটা উদাহৰণ দিয়া।

উত্তৰ:
১. বাঁহৰ কামি এটাক ধনুলৈ পৰিৱৰ্তন কৰা।
২. আটাৰ লাড়ু এটাক চেপেটা কৰি বেলনাৰে ৰুটিৰ আকৃতি কৰা।


প্রশ্ন ৩: তলৰ উক্তিবোৰত খালী স্থান পূৰ কৰা।

(ক) কুঁৱাৰ পৰা পানী তুলিবলৈ আমি ৰছীডাল টানিব লাগে।
(খ) এটা আধানযুক্ত বস্তুৱে আন এটা আধানহীন বস্তুক নিজৰ ফালে আকর্ষণ কৰে।
(গ) বােজাই কৰা ট্ৰলি গাড়ী এখন গতি কৰাবলৈ আমি ইয়াক ঠেলিব লাগিব।
(ঘ) এডাল চুম্বকৰ উত্তৰ মেৰুৱে আন এডাল চুম্বকৰ উত্তৰ মেৰুক বিকর্ষণ কৰে।


প্রশ্ন ৪: ধনুৰ্ধাৰীয়ে ধনুখন লক্ষ্যলৈ টোৱাই টানি ধৰে আৰু কাঁড়পাত লক্ষ্যলৈ ধাৱমান হয়। তলৰ শব্দসমূহ ব্যৱহাৰ কৰি খালী ঠাই পূৰ কৰা:

পেশীয়, স্পর্শ, অস্পর্শ, মাধ্যাকর্ষণ, ঘর্ষণ, আকৃতি, আকর্ষণ
(ক) ধনুখন টানিবলৈ ধনুৰ্ধাৰীয়ে বল প্রয়ােগ কৰে যিয়ে ইয়াৰ আকৃতি পৰিৱৰ্তন ঘটায়।
(খ) ধনুখন টানিবলৈ ধনুৰ্ধাৰীয়ে প্ৰয়ােগ কৰা বল পেশীয় বলৰ উদাহৰণ।
(গ) কাঁড়ডালৰ গতিশীল অৱস্থাৰ পৰিৱৰ্তন ঘটোৱা বলবিধ হৈছে অস্পর্শ বলৰ উদাহৰণ।
(ঘ) কাঁড়ডাল লক্ষ্যৰ ফালে গতি কৰা অৱস্থাত ইয়াৰ ওপৰত ক্রিয়া কৰা বলবোৰ হৈছে মাধ্যাকর্ষণ আৰু বায়ুৰ বাবে হোৱা ঘর্ষণ।


প্রশ্ন ৫: তলৰ অৱস্থাসমূহত বল প্রয়ােগ কৰা কাৰকবোৰ আৰু কোনবোৰ বস্তুৰ ওপৰত বল প্রয়ােগ হৈছে চিনাক্ত কৰা। প্ৰতিটো ক্ষেত্ৰত বলৰ পৰিণতি উল্লেখ কৰা।

কাৰকক্রিয়াশীল বস্তুপৰিণতি
(ক) হাতৰ আঙুলিনেমু টেঙাটোৰ ৰসআকৃতিৰ পৰিৱৰ্তন আৰু ৰসৰ গতি
(খ) আঙুলিটুথপেষ্ট টিউব, পেষ্টআকৃতিৰ পৰিৱৰ্তন আৰু পেষ্টৰ গতি
(গ) ভাৰস্প্ৰিংআকৃতিৰ পৰিৱৰ্তন
(ঘ) মাটিদণ্ডডাল আৰু খেলুৱৈগতিৰ অৱস্থাৰ পৰিৱৰ্তন

প্রশ্ন ৬: কমাৰে উত্তপ্ত লোৰ টুকুৰা হাতুৰিৰে পিটি সঁজুলি তৈয়াৰ কৰে। হাতুৰিৰে মৰিয়াওঁতে বলে কেনেকৈ লোৰ টুকুৰাৰ ওপৰত ক্রিয়া কৰে?

উত্তৰ: হাতুৰীয়ে লোৰ টুকুৰাত বল প্রয়ােগ কৰে, যাৰ ফলত লোৰ টুকুৰাৰ আকৃতিৰ পৰিৱৰ্তন ঘটে।


প্রশ্ন ৭: ফুলোৱা বেলুন এটা সাংশ্লেষিক কাপোৰ এটুকুৰাৰে ঘঁহি লৈ, বেৰত হেঁচি ধৰা হ’ল। বেলুনটো বেৰত লাগি ধৰাৰ কাৰণ কি?

উত্তৰ: স্থিতি বৈদ্যুতিক বলে ক্রিয়া কৰিছে, যাৰ বাবে বেলুনটো বেৰত লাগি ধৰিছে।


প্রশ্ন ৮: মাটিৰ পৰা কিছু ওপৰত হাতেৰে দাঙি ধৰি থকা অৱস্থাত পানীপূর্ণ বাল্টি এটাত ক্রিয়াশীল বলবোৰ চিনাক্ত কৰা। বাল্টিটোৰ গতি অৱস্থাৰ পৰিৱৰ্তন নঘটাৰ কাৰণ আলোচনা কৰা।

উত্তৰ:
১. মাধ্যাকর্ষণ বল: নিম্নমুখী।
২. পেশী বল: উলম্বমুখী।
এই দুয়োটা বল সমান হোৱা বাবে বাল্টিটোৰ গতি অৱস্থাৰ পৰিৱৰ্তন নঘটে।


প্রশ্ন ৯: কক্ষপথত স্থাপনৰ বাবে ৰকেট এটা ওপৰলৈ নিক্ষেপ কৰা হৈছে। নিক্ষেপস্থলী এৰাৰ পাছমুহূর্ততে ৰকেটৰ ওপৰত ক্রিয়া কৰা বল দুবিধৰ নাম লিখা।

উত্তৰ:
১. মাধ্যাকর্ষণ বল (নিম্নমুখী)।
২. ইন্ধন জ্বলি সৃষ্টি হোৱা গেছৰ নিম্নমুখী বলৰ প্ৰতিক্ৰিয়া বল।


প্রশ্ন ১০: ড্ৰপাৰ এটাৰ খোলা মূৰটো পানীত ডুবাই ৰাখি ইয়াৰ বাৰটো চেপি ধৰিলে ভিতৰলৈ পানী সোমাই অহাৰ কাৰণ কি?

(ক) পানীৰ চাপ
(খ) পৃথিৱীৰ মাধ্যাকর্ষণ বল
(গ) ড্ৰপাৰৰ বাটোৰ আকৃতি
(ঘ) বায়ুমণ্ডলীয় চাপ
উত্তৰ: (ক) পানীৰ চাপ আৰু (ঘ) বায়ুমণ্ডলীয় চাপ।


1 thought on “বল আৰু চাপ Class 8 – বিজ্ঞানৰ প্রশ্নোত্তৰ”

Leave a Comment

Your email address will not be published. Required fields are marked *

📱 Get AssamWeb App ✖

Unlock free PDFs, mock tests, and certificates with our mobile app. Faster, smoother, and made for students 📚✨

🚀 Install from Play Store One-time reminder • No spam
Scroll to Top