SEBA HSLC QUESTION PAPERS 2025 (Solved)
SUBJECT: সমাজ বিজ্ঞান (SOCIAL SCIENCE)
বিষয় কোড: C4
সম্পূৰ্ণ নম্বৰ: ৯০
উত্তীৰ্ণ নম্বৰ: ২৭
ক-শাখা (SECTION-A)
(তলত দিয়া প্ৰশ্নবোৰৰ শুদ্ধ উত্তৰটো বাছি উলিওৱা)
প্ৰশ্ন ১: ১৯০৫ চনৰ বংগ বিভাজন সম্পৰ্কে তলৰ কোনকেইটা উক্তি সত্য?
(i) ১৮৫৭ চনৰ বিদ্ৰোহৰ পিছত ই ভাৰতৰ ৰাজনৈতিক ইতিহাসৰ দ্বিতীয়টো উল্লেখনীয় ঘটনাৰ সূত্রপাত ঘটাইছিল।
(ii) ইয়াক বংগদেশৰ ক্ৰমবর্ধমান জাতীয় জাগৰণক মষিমূৰ কৰিবলৈ কাৰ্যকৰী কৰা হৈছিল।
(iii) শ্বিলঙক পূর্ববংগ আৰু অসমৰ ৰাজধানী কৰা হৈছিল।
(iv) ই স্বদেশী আন্দোলনৰ সূত্রপাত ঘটাইছিল।
(a) (i), (ii), (iv)
(b) (i), (iii), (iv)
(c) (ii), (iii), (iv)
(d) (i), (ii), (iii), (iv)
উত্তৰ: (a) (i), (ii), (iv)
প্ৰশ্ন ২: গোপাল কৃষ্ণ গোখলেই ব্ৰিটিছ চৰকাৰক ‘নাইটহুড’ উপাধি ঘূৰাই দিয়াৰ কাৰণৰ সৰ্বোৎকৃষ্ট ব্যাখ্যা তলৰ কোনটোৱে আগবঢ়াইছে?
(a) ব্ৰিটিছ চৰকাৰে যথোপযুক্ত শাসন প্রদানত ব্যর্থ হৈছিল বুলি তেখেতে ভাবিছিল।
(b) ব্ৰিটিছ প্রশাসন ব্যৱস্থাত পোৱা স্থানক লৈ তেখেত অসন্তুষ্ট হৈছিল।
(c) ব্ৰিটিছৰ বংগ বিভাজন নীতিৰ লগত তেওঁ অসন্মত হৈছিল।
(d) তেখেতে ৰাজহুৱা জীৱনৰ পৰা সন্ন্যাস ল’ব বিচাৰিছিল আৰু ব্যক্তিগত কাম-কাজত মনোনিৱেশ কৰিব খুজিছিল।
উত্তৰ: (c) ব্ৰিটিছৰ বংগ বিভাজন নীতিৰ লগত তেওঁ অসন্মত হৈছিল।
প্ৰশ্ন ৩: দাবী (A) আৰু কাৰণ (R) হিচাপে দুটা উক্তি দিয়া হৈছে। শুদ্ধ বিকল্পটো বাছি উলিওৱা।
- দাবী (A): ভাৰতত হোৱা স্বদেশী আন্দোলনে থলুৱা সা-সামগ্ৰী বৃদ্ধি কৰিব বিচৰাৰ লগতে ব্ৰিটিছ সামগ্ৰীৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰিব বিচাৰিছিল।
- কাৰণ (R): স্বদেশী আন্দোলনে প্রধানতঃ ব্ৰিটিছৰ কৰ-কাটল আৰু চৰকাৰী ঋণৰ বিৰুদ্ধে প্ৰতিবাদ কৰাক লক্ষ্য কৰি লৈছিল।
(a) (A) আৰু (R) উভয়ে সত্য; আৰু (R), (A)ৰ শুদ্ধ ব্যাখ্যা।
(b) (A) সত্য, কিন্তু (R) অসত্য।
(c) (A) আৰু (R) উভয়ে সত্য; কিন্তু (R), (A)ৰ শুদ্ধ ব্যাখ্যা নহয়।
(d) (A) অসত্য, কিন্তু (R) সত্য।
উত্তৰ: (b) (A) সত্য, কিন্তু (R) অসত্য।
প্ৰশ্ন ৪: তলত দিয়াসকলৰ কোনে ভাৰতৰ স্বদেশী আন্দোলনৰ সময়ত ‘বন্দে মাতৰম’ নামৰ এখন আলোচনী সম্পাদনা কৰিছিল?
(a) অৰবিন্দ ঘোষ
(b) কৃষ্ণকুমাৰ মিত্ৰ
(c) সুৰেন্দ্ৰনাথ বেনাৰ্জী
(d) কুমুদিনী মিশ্র
উত্তৰ: (a) অৰবিন্দ ঘোষ।
প্ৰশ্ন ৫: অসহযোগ আন্দোলনৰ বিষয়ে তলত দিয়া উক্তিকেইটা বিচাৰ কৰা। আন্দোলনটোৰ বিষয়ে তলত দিয়া বিকল্পবোৰৰ কোনটো বিকল্প শুদ্ধ?
(i) লোণ আইনৰ বিৰোধিতা কৰা হৈছিল।
(ii) ছাত্ৰ-ছাত্ৰীসকলে চৰকাৰী বিদ্যালয় ত্যাগ কৰিছিল।
(iii) হিন্দু আৰু মুছলমানৰ মাজত একতা।
(iv) মহিলাসকলে অংশগ্ৰহণ কৰা নাছিল।
(a) (i) আৰু (iv)
(b) (ii) আৰু (iii)
(c) (i) আৰু (ii)
(d) (i), (ii), (iii) আৰু (iv)
উত্তৰ: (b) (ii) আৰু (iii)
প্ৰশ্ন ৬: তলৰ কোনকেইটা ১৯৪৭ চনৰ ভাৰত স্বাধীন আইনৰ দফা আছিল?
(i) ১৯৪৭ চনৰ ১৫ আগষ্ট তাৰিখে ভাৰত আৰু পাকিস্তানে স্বাধীনতা লাভ কৰিব।
(ii) প্রতিখন স্ব-শাসিত দেশতে ৰজাই নিযুক্তি দিয়া একোজনকৈ প্রধানমন্ত্রী থাকিব।
(iii) ভাৰত আৰু পাকিস্তান নামেৰে দুখন স্ব-শাসিত দেশ গঠন কৰা হ’ব আৰু উক্ত দেশ দুখনৰ সংবিধান সভাই দেশ দুখনে ব্রিটিছ কমনৱেলথত যোগ দিব নে নিদিয়ে নিজাববীয়াকৈ সিদ্ধান্ত ল’ব।
(iv) দুয়োখন দেশৰ বিধানমণ্ডলে কেৱল ব্ৰিটিছ সংসদৰ তত্ত্বাৱধানতহে আইন প্ৰণয়ন কৰাৰ ক্ষমতা লাভ কৰিব।
(a) (i) আৰু (ii)
(b) (i) আৰু (iii)
(c) (i) আৰু (iv)
(d) (ii) আৰু (iv)
উত্তৰ: (b) (i) আৰু (iii)
প্ৰশ্ন ৭: সংঘটিত হোৱাৰ ক্ৰম অনুসৰি পুৰণিৰ পৰা নতুনলৈ তলত দিয়া ঐতিহাসিক ঘটনাসমূহ সজোৱা।
(i) আগষ্ট বিপ্লৱ
(ii) প্রত্যক্ষ দাবী দিৱস
(iii) ছাইমন কমিছন
(iv) পূৰ্ণ স্বৰাজৰ দাবী
(a) (i), (ii), (iii), (iv)
(b) (iii), (iv), (ii), (i)
(c) (i), (ii), (iv), (iii)
(d) (iii), (iv), (i), (ii)
উত্তৰ: (d) (iii) ছাইমন কমিছন, (iv) পূৰ্ণ স্বৰাজৰ দাবী, (i) আগষ্ট বিপ্লৱ, (ii) প্রত্যক্ষ দাবী দিৱস।
প্ৰশ্ন ৮: দাবী (A) আৰু কাৰণ (R) ৰ ওপৰত ভিত্তি কৰি শুদ্ধ বিকল্পটো বাছি উলিওৱা।
- দাবী (A): ঊনবিংশ শতিকাৰ শেষৰ দশককেইটাত অসমত এলানি কৃষক বিদ্রোহ সংঘটিত হৈছিল।
- কাৰণ (R): কৃষকসকলে ৰাইজ মেলসমূহৰ জৰিয়তে নিজকে সংগঠিত কৰিছিল।
(a) (A) সত্য, কিন্তু (R) অসত্য।
(b) (A) অসত্য, কিন্তু (R) সত্য।
(c) (A) আৰু (R) উভয়ে সত্য; আৰু (R), (A)ৰ শুদ্ধ ব্যাখ্যা।
(d) (A) আৰু (R) উভয়ে সত্য; কিন্তু (R), (A)ৰ শুদ্ধ ব্যাখ্যা নহয়।
উত্তৰ: (c) (A) আৰু (R) উভয়ে সত্য; আৰু (R), (A)ৰ শুদ্ধ ব্যাখ্যা।
প্ৰশ্ন ৯: মণিপুৰৰ বিদ্ৰোহৰ নেতাসকলৰ ক্ষেত্ৰত ব্ৰিটিছ চৰকাৰে লোৱা ব্যৱস্থাই অঞ্চলটোত পৰৱৰ্তী কালৰ প্ৰতিবাদী সংগ্ৰামক কেনেদৰে প্ৰভাৱিত কৰিছিল?
(a) ব্ৰিটিছৰ কর্তৃত্বক প্ৰত্যাহ্বান জনাব পাৰি বুলি বুজিব পাৰি ই আৰু অধিক প্ৰতিবাদী ব্যৱস্থা লোৱাত উৎসাহ যোগাইছিল।
(b) বৰ্ধিত দমনমূলক ব্যৱস্থাই স্থানীয় প্ৰতিবাদৰ মাত্রা হ্ৰাস কৰিছিল।
(c) ই ব্ৰিটিছ কর্তৃপক্ষ আৰু স্থানীয় নেতাসকলৰ মাজত সহযোগিতাৰ মনোভাৱ সৃষ্টি কৰিছিল।
(d) ভৱিষ্যতৰ প্ৰতিবাদী আন্দোলনসমূহৰ ওপৰত ইয়াৰ কোনো গুৰুত্বপূৰ্ণ প্ৰভাৱ পৰা নাছিল।
উত্তৰ: (a) ব্ৰিটিছৰ কর্তৃত্বক প্ৰত্যাহ্বান জনাব পাৰি বুলি বুজিব পাৰি ই আৰু অধিক প্ৰতিবাদী ব্যৱস্থা লোৱাত উৎসাহ যোগাইছিল।
প্ৰশ্ন ১০: হেৰম্বকান্ত বৰপূজাৰীৰ মতে, উজনি অসমৰ ভালেমান ব্ৰাহ্মণ পুৰোহিতে ১৮৫৭ চনৰ বিদ্রোহত যোগ দিছিল। ইয়াৰ শুদ্ধ কাৰণটো কি আছিল?
(a) তেওঁলোকে আহোম অভিজাত শ্ৰেণীটোক সমর্থন জনাইছিল।
(b) ব্রিটিছসকলে অসম দখল কৰাৰ পিছত তেওঁলোকে তেওঁলোকৰ জীৱিকা হেৰুৱাইছিল।
(c) ব্ৰিটিছসকলে তেওঁলোকৰ হাতৰ পৰা লাখেৰাজ (নিষ্কৰ) ভূমিৰ অতিৰিক্তখিনি কাঢ়ি লৈছিল।
(d) তেওঁলোকে ব্ৰিটিছৰ পৰা ভাৰতক স্বাধীন কৰিব বিচাৰিছিল।
উত্তৰ: (c) ব্ৰিটিছসকলে তেওঁলোকৰ হাতৰ পৰা লাখেৰাজ (নিষ্কৰ) ভূমিৰ অতিৰিক্তখিনি কাঢ়ি লৈছিল।
প্ৰশ্ন ১১: অসমত আবকাৰী কানিৰ সেৱন ১৯২০-২১ বৰ্ষত ১৬১৫ মোনৰ পৰা হ্রাস হৈ ১৯২২-২৩ বৰ্ষত ৯৯৩ মোন হৈছিলগৈ। তলৰ কোনটো বিৱৰণে কানিৰ সেৱন হ্রাস হোৱাৰ কথা শুদ্ধভাৱে ব্যাখ্যা কৰিছে?
(a) কানি সেৱনৰ কুপ্ৰভাৱৰ কথা স্বীকাৰ কৰি ব্ৰিটিছ চৰকাৰে ইয়াৰ বিক্ৰী সীমিত কৰিছিল।
(b) ৰাইজে কানি সেৱনৰ কুপ্ৰভাৱৰ কথা বুজি পাইছিল।
(c) ৰাইজৰ মাজত কানিৰ চাহিদা হ্রাস পাইছিল।
(d) কংগ্ৰেছ কৰ্মীসকলৰ নেতৃত্বত গ্ৰহণ কৰা সবল কানি-বিৰোধী কাৰ্যপন্থা।
উত্তৰ: (d) কংগ্ৰেছ কৰ্মীসকলৰ নেতৃত্বত গ্ৰহণ কৰা সবল কানি-বিৰোধী কাৰ্যপন্থা।
প্ৰশ্ন ১২: তলৰ বিকল্পবোৰৰ পৰা, মহাত্মা গান্ধীয়ে নেতৃত্ব দিয়া কাৰ্যসূচীটো আৰু স্বাধীনতা আন্দোলনটো বাছি উলিওৱা য’ত অসমৰ পৰা লীলাধৰ বৰুৱাই যোগ দিছিল।
(a) ডাণ্ডি যাত্রা, অসহযোগ আন্দোলন
(b) ডাণ্ডি যাত্রা, আইন অমান্য আন্দোলন
(c) তিলক স্বৰাজ্য পুঁজিৰ মাধ্যমেৰে পুঁজি সংগ্ৰহ, অসহযোগ আন্দোলন
(d) বোম্বাইৰ ঐতিহাসিক আগষ্ট সভা, ভাৰত ত্যাগ আন্দোলন
উত্তৰ: (b) ডাণ্ডি যাত্রা, আইন অমান্য আন্দোলন।
প্ৰশ্ন ১৩: তলত দিয়াবোৰ মিলোৱা আৰু শুদ্ধ উত্তৰটো বাছি উলিওৱা।
(i) অম্বিকাগিৰী ৰায়চৌধুৰী – (a) জ্ঞান প্রদায়িনী সভা
(ii) পদ্মনাথ গোহাঁইবৰুৱা – (b) বন্দিনী ভাৰত
(iii) লক্ষ্মীনাথ বেজবৰুৱা – (c) আহোম সভা
(iv) আনন্দৰাম ঢেকিয়াল ফুকন – (d) বীণ বৰাগী
(a) (i)-(b), (ii)-(c), (iii)-(d), (iv)-(a)
(b) (i)-(d), (ii)-(a), (iii)-(c), (iv)-(b)
(c) (i)-(b), (ii)-(c), (iii)-(a), (iv)-(d)
(d) (i)-(d), (ii)-(a), (iii)-(b), (iv)-(c)
উত্তৰ: (a) (i)-(b), (ii)-(c), (iii)-(d), (iv)-(a)
প্ৰশ্ন ১৪: গান্ধাৰ শৈলী সম্পৰ্কে তলৰ কোনটো শুদ্ধ?
(a) মুখ্য বিষয়বস্তু আছিল হিন্দু দেৱ-দেৱীসকল।
(b) ইয়াৰ বিকাশ প্রধানতঃ পশ্চিম উত্তৰ প্ৰদেশত হৈছিল।
(c) ই কেৱল মথুৰা শৈলীৰ দ্বাৰা প্ৰভাৱিত হৈছিল।
(d) ই গ্ৰীক্-ৰোমান শৈলীৰ সৈতে সম্পর্কিত।
উত্তৰ: (d) ই গ্ৰীক্-ৰোমান শৈলীৰ সৈতে সম্পর্কিত।
প্ৰশ্ন ১৫: ভাৰতবৰ্ষৰ সাংস্কৃতিক ঐতিহ্যই ইয়াৰ ঐতিহাসিক বিচিত্রতাক কেনেদৰে প্ৰতিফলিত কৰে?
(a) একেধৰণৰ ৰাজনৈতিক ইতিহাসৰ যোগেদি
(b) বেলেগ বেলেগ অঞ্চলক প্ৰতিনিধিত্ব কৰা বিভিন্ন ভাষা, উৎসৱ আৰু শিল্প-কলাৰ জৰিয়তে
(c) এটা একীভূত জাতীয় ভাষাৰ জৰিয়তে
(d) কেৱল এবিধ স্থাপত্য শৈলীৰ জৰিয়তে
উত্তৰ: (b) বেলেগ বেলেগ অঞ্চলক প্ৰতিনিধিত্ব কৰা বিভিন্ন ভাষা, উৎসৱ আৰু শিল্প-কলাৰ জৰিয়তে।
প্ৰশ্ন ১৬: তলত দিয়াবোৰ মিলোৱা আৰু শুদ্ধ উত্তৰটো বাছি উলিওৱা।
(i) কথাকলি – (a) অন্ধ্রপ্রদেশ
(ii) ভাৰতনাট্যম – (b) কেৰালা
(iii) কথক – (c) তামিল নাড়ু
(iv) কুচীপুড়ী – (d) উত্তৰ ভাৰত
(a) (i)-(b), (ii)-(c), (iii)-(d), (iv)-(a)
(b) (i)-(b), (ii)-(d), (iii)-(a), (iv)-(c)
(c) (i)-(c), (ii)-(a), (iii)-(b), (iv)-(d)
(d) (i)-(a), (ii)-(c), (iii)-(d), (iv)-(b)
উত্তৰ: (a) (i)-(b), (ii)-(c), (iii)-(d), (iv)-(a)
প্ৰশ্ন ১৭: দাবী (A) আৰু কাৰণ (R) হিচাপে দুটা উক্তি দিয়া হৈছে।
- দাবী (A): সিন্ধু উপত্যকাৰ ধৰ্ম ব্যৱস্থাত উপাসনাৰ ভিন্ন পন্থাৰ লগতে উপাস্য দেৱতাৰো বিবিধতা দেখা যায়।
- কাৰণ (R): ভাৰতৰ প্ৰাচীনতম ধৰ্মীয় পৰম্পৰাই নতুন নতুন বিশ্বাস, ৰীতি-নীতিৰ ক্ষেত্ৰত সহনশীলতা, সহবর্তিতা আৰু সংমিশ্ৰণৰ এক উদাৰ নীতি গ্ৰহণ কৰিছিল।
(a) (A) আৰু (R) উভয়ে সত্য; কিন্তু (R), (A)ৰ শুদ্ধ ব্যাখ্যা নহয়।
(b) (A) আৰু (R) উভয়ে সত্য; আৰু (R), (A)ৰ শুদ্ধ ব্যাখ্যা।
(c) (A) সত্য, (R) অসত্য।
(d) (A) অসত্য, (R) সত্য।
উত্তৰ: (b) (A) আৰু (R) উভয়ে সত্য; আৰু (R), (A)ৰ শুদ্ধ ব্যাখ্যা।
প্ৰশ্ন ১৮: IUCN সম্পর্কে শুদ্ধ বাক্যবোৰ তলত দিয়া বিকল্পবোৰৰ পৰা বাছি উলিওৱা।
(i) IUCN ১৯৪৮ চনত গঠন কৰা হৈছিল।
(ii) IUCNৰ সম্পূৰ্ণ ৰূপটো হৈছে Indian Union for Conservation of Nature.
(iii) IUCNৰ উদ্যোগত বিশ্ব বন্যপ্রাণী পুঁজি (WWF) আৰু বিশ্ব সংৰক্ষণ নিৰীক্ষণ কেন্দ্ৰ স্থাপন কৰা হৈছিল।
(iv) জর্জ ছিজহ’ম IUCN ৰ প্ৰতিষ্ঠাপক সঞ্চালক প্রধান আছিল।
(a) (i), (ii), (iii)
(b) (ii), (iii), (iv)
(c) (ii), (iv)
(d) (i), (iii)
উত্তৰ: (d) (i), (iii)
প্ৰশ্ন ১৯: অৰ্থনীতিৰ চতুৰ্থক খণ্ডৰ বাবে তলৰ কোনটো বিকল্প শুদ্ধ?
(a) সম্প্রদায়-ভিত্তিক পর্যটন
(b) আধুনিক পৰিবেশ-অনুকূল প্ৰযুক্তিৰ বিষয়ে উদ্ভাৱনীমূলক গৱেষণা
(c) এখন শ্বপিং মলৰ বিক্ৰী কাৰ্যবাহী বিষয়া
(d) ৰাজহুৱা পৰিবহণৰ বাবে সেউজ বাছ সেৱা
উত্তৰ: (b) আধুনিক পৰিবেশ-অনুকূল প্ৰযুক্তিৰ বিষয়ে উদ্ভাৱনীমূলক গৱেষণা।
প্ৰশ্ন ২০: দাবী (A) আৰু কাৰণ (R) হিচাপে দুটা উক্তি দিয়া হৈছে।
- দাবী (A): সামাজিক পৰিৱৰ্তন ঘটাৰ লগে লগে সম্পদৰ ধাৰণা, আৰু ইয়াৰ আহৰণ আৰু ব্যৱহাৰৰো পৰিৱৰ্তন ঘটে।
- কাৰণ (R): মানুহৰ জ্ঞানৰ প্ৰসাৰ আৰু বিজ্ঞান-প্ৰযুক্তিৰ উন্নয়নৰ ফলত পৃথিৱীত থকা বহু নিৰপেক্ষ আৰু প্ৰতিৰোধক সামগ্ৰী সম্পদলৈ ৰূপান্তৰিত হৈছে।
(a) (A) আৰু (R) উভয়ে শুদ্ধ।
(b) (A) শুদ্ধ, (R) অশুদ্ধ।
(c) (A) অশুদ্ধ, (R) শুদ্ধ।
(d) (A) আৰু (R) উভয়ে অশুদ্ধ।
উত্তৰ: (a) (A) আৰু (R) উভয়ে শুদ্ধ।
প্ৰশ্ন ২১: সম্পদৰ সংৰক্ষণ সম্পর্কত তলত দিয়া কোনকেইটা শুদ্ধ?
(i) দীর্ঘম্যাদী উন্নয়ন প্রক্রিয়া বিবেচনা কৰি সম্পদৰ মিতব্যয়ী ব্যৱহাৰ
(ii) নৱীকৰণযোগ্য সম্পদৰ সলনি আৰু অধিক পৰিমাণে অনৱীকৰণযোগ্য সম্পদৰ ব্যৱহাৰ
(iii) কোনো ধৰণৰ বিনাশ আৰু অপব্যৱহাৰ নোহোৱাকৈ সম্পদৰ সম্ভাব্য পূৰ্ণ ব্যৱহাৰ
(iv) ব্যৱহাৰ নকৰি কেৱল ভৱিষ্যতৰ বাবে সম্পদসমূহ সাঁচি ৰখা
(a) (i), (iv)
(b) (i), (ii)
(c) (ii), (iv)
(d) (i), (iii)
উত্তৰ: (d) (i), (iii)
প্ৰশ্ন ২২: দাবী (A) আৰু কাৰণ (R) হিচাপে দুটা উক্তি দিয়া হৈছে।
- দাবী (A): অর্থনৈতিক ভূগোলত সম্পদৰ উৎপাদন, বিতৰণ, উপভোগ আৰু বিনিময়, আৰু ইয়াৰ লগত জড়িত মানুহৰ কাৰ্যকলাপ স্থান আৰু কাল সাপেক্ষে অধ্যয়ন কৰা হয়।
- কাৰণ (R): মানুহৰ জীৱনধাৰণ প্ৰণালী আৰু অৰ্থনৈতিক কার্যকলাপ স্থান-কাল ভেদে বেলেগ বেলেগ হয়।
(a) (A) আৰু (R) উভয়ে সত্য; আৰু (R), (A)ৰ শুদ্ধ ব্যাখ্যা।
(b) (A) আৰু (R) উভয়ে সত্য; কিন্তু (R), (A)ৰ শুদ্ধ ব্যাখ্যা নহয়।
(c) (A) সত্য, (R) অসত্য।
(d) (A) অসত্য, (R) সত্য।
উত্তৰ: (a) (A) আৰু (R) উভয়ে সত্য; আৰু (R), (A)ৰ শুদ্ধ ব্যাখ্যা।
প্ৰশ্ন ২৩: তলৰ শক্তিৰ উৎসবোৰৰ কোনটোৱে/কোনকেইটাই কার্বন ডাই-অক্সাইড উৎপন্ন নকৰে?
(i) বতাহ শক্তি
(ii) ভূ-তাপীয় শক্তি
(iii) জলবিদ্যুৎ শক্তি
(iv) জীৱাশ্ম ইন্ধন
(a) (i)
(b) (i), (ii)
(c) (i), (iv)
(d) (i), (ii), (iii)
উত্তৰ: (d) (i), (ii), (iii)
প্ৰশ্ন ২৪: দাবী (A) আৰু কাৰণ (R) হিচাপে দুটা উক্তি দিয়া হৈছে।
- দাবী (A): বায়ুমণ্ডলত অত্যধিক পৰিমাণে ছালফাৰ ডাই-অক্সাইড আৰু নাইট্ৰ’জেন ডাই-অক্সাইডৰ ঘনত্ব বৃদ্ধি পালে এছিড বৰষুণৰ সৃষ্টি হয়।
- কাৰণ (R): তেনে ধৰণৰ বৰষুণে বন-বননি ধ্বংস কৰাৰ লগতে জলাশয়সমূহৰ পানীও প্ৰদূষিত কৰে।
(a) (A) আৰু (R) উভয়ে সত্য; আৰু (R), (A)ৰ শুদ্ধ ব্যাখ্যা।
(b) (A) সত্য, (R) অসত্য।
(c) (A) অসত্য, (R) সত্য।
(d) (A) আৰু (R) উভয়ে সত্য; কিন্তু (R), (A)ৰ শুদ্ধ ব্যাখ্যা নহয়।
উত্তৰ: (d) (A) আৰু (R) উভয়ে সত্য; কিন্তু (R), (A)ৰ শুদ্ধ ব্যাখ্যা নহয়।
প্ৰশ্ন ২৫: সুউচ্চ পর্বতসমূহ আৰু মেৰু অঞ্চলত থকা বৰফস্তূপৰ গলনৰ ফলত কেনেধৰণৰ বিৰূপ প্ৰভাৱ পৰিব পাৰে?
(i) সাগৰপৃষ্ঠৰ উত্থান
(ii) উপকূলীয় বিশাল অঞ্চল পানীত বুৰ যাব
(iii) পানীৰ নাটনিৰ সমস্যা সমাধান হ’ব
(iv) জৈৱ বৈচিত্র্যতা সুৰক্ষিত হ’ব
(a) (i), (ii), (iii), (iv)
(b) (i), (iii)
(c) (ii), (iii)
(d) (i), (ii)
উত্তৰ: (d) (i), (ii)
প্ৰশ্ন ২৬: নদ-নদীৰ পাৰত অৱস্থিত নগৰ অঞ্চলৰ প্ৰদূষণ সম্পৰ্কত তলত দিয়া উক্তি (i) আৰু (ii) বিচাৰ কৰা, আৰু শুদ্ধ উত্তৰটো বাছি উলিওৱা।
(i) ঔদ্যোগিক আৱৰ্জনা আৰু নগৰৰ পেলনীয়া পদার্থই নগৰ অঞ্চলৰ মাজেদি বা কাষেদি প্রবাহিত নদ-নদীৰ পানী প্ৰদূষিত কৰে।
(ii) আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৰ্বমুঠ নদী দৈৰ্ঘ্যৰ ৫৫% ৰাসায়নিক সাৰৰ দৰে কৃষিজনিত প্ৰদূষকৰ দ্বাৰা প্ৰদূষিত হৈছে।
(a) (i) আৰু (ii) দুয়োটাই সত্য
(b) (i) আৰু (ii) দুয়োটাই অসত্য
(c) (i) সত্য, (ii) অসত্য
(d) (i) অসত্য, (ii) সত্য
উত্তৰ: (c) (i) সত্য, (ii) অসত্য।
প্ৰশ্ন ২৭: পৰিবেশৰ আঞ্চলিক সমস্যাৰ সন্দৰ্ভত তলৰ উক্তিকেইটা বিচাৰ কৰা আৰু তলত দিয়া বিকল্পবোৰৰ পৰা শুদ্ধ উত্তৰটো বাছি উলিওৱা।
(i) দিল্লী, বেংগালুৰু, গুৱাহাটী, পুণে আদি চহৰ ভূগর্ভস্থ পানীৰ নাটনিৰ সমস্যাৰ সন্মুখীন হৈছে।
(ii) পশ্চিমবংগ আৰু অসমৰ দৰে ৰাজ্যত নদ-নদীৰ গৰাখহনীয়া এক ভয়ানক পাৰিপাৰ্শ্বিক সমস্যা।
(a) (i) সত্য, (ii) অসত্য
(b) (i) অসত্য, (ii) সত্য
(c) (i) আৰু (ii) উভয়ে সত্য
(d) (i) আৰু (ii) উভয়ে অসত্য
উত্তৰ: (c) (i) আৰু (ii) উভয়ে সত্য।
প্ৰশ্ন ২৮: উত্তৰ গোলাৰ্ধৰ বিষয়ে তলৰ কোনকেইটা উক্তি শুদ্ধ?
(i) ৬৭% মাটি এই অঞ্চলৰ অন্তৰ্গত।
(ii) পৃথিৱীৰ মুঠ জনসংখ্যাৰ ৯০% এই অঞ্চলত বাস কৰে।
(iii) ৫৭% মাটি এই অঞ্চলৰ অন্তৰ্গত।
(iv) পৃথিৱীৰ মুঠ জনসংখ্যাৰ ৪০% এই অঞ্চলত বাস কৰে।
(a) (i), (ii)
(b) (i), (iv)
(c) (ii), (iii)
(d) (iii), (iv)
উত্তৰ: (c) (ii), (iii)
প্ৰশ্ন ২৯: তলত উল্লেখ কৰা বৈশিষ্ট্যসমূহৰ পৰা মহাসাগৰখন চিনাক্ত কৰা।
(i) এই মহাসাগৰখনে পৃথিৱীৰ প্ৰায় এক-তৃতীয়াংশ ঠাই আগুৰি আছে।
(ii) এই মহাসাগৰখনৰ গড় গভীৰতা প্ৰায় ৫০০০ মিটাৰ।
(iii) সামুদ্রিক খাতসমূহৰ ভিতৰত গভীৰতম মেৰিয়ানা খাতকে ধৰি এলিউছিয়ান, কিউৰাইল, ফিলিপাইন, টোংগা, পেৰু-চিলি আদি খাত বিশেষভাৱে উল্লেখযোগ্য।
(a) ভাৰত মহাসাগৰ
(b) প্রশান্ত মহাসাগৰ
(c) আটলান্টিক মহাসাগৰ
(d) উত্তৰ মহাসাগৰ
উত্তৰ: (b) প্রশান্ত মহাসাগৰ।
প্ৰশ্ন ৩০: তলৰ কোনটো যোৰ শুদ্ধভাৱে মিলি আছে?
(a) দক্ষিণ আমেৰিকা : চাহাৰা মৰুভূমি
(b) আটলান্টিক মহাসাগৰ : মেৰিয়ানা খাত
(c) এছিয়া : বেৰিং প্ৰণালী
(d) উত্তৰ আমেৰিকা : ডেথ ভেলী
উত্তৰ: (d) উত্তৰ আমেৰিকা : ডেথ ভেলী।
প্ৰশ্ন ৩১: দাবী (A) আৰু কাৰণ (R) হিচাপে দুটা উক্তি দিয়া হৈছে।
- দাবী (A): উপকূলৱৰ্তী ঠেক সমতল ভূমিৰ বাহিৰে আফ্রিকা মহাদেশৰ বেছি অংশই এখন বৃহৎ মালভূমি, এইখন মহাদেশত সুউচ্চ পর্বতশ্রেণী নাই।
- কাৰণ (R): পূব প্ৰান্তত থকা কিলিমান্জাৰো শৃংগই আফ্রিকা মহাদেশৰ উচ্চতম ঠাই।
(a) (A) আৰু (R) উভয়ে সত্য; আৰু (R), (A)ৰ শুদ্ধ ব্যাখ্যা।
(b) (A) সত্য, (R) অসত্য।
(c) (A) অসত্য, (R) সত্য।
(d) (A) আৰু (R) উভয়ে সত্য; কিন্তু (R), (A)ৰ এক শুদ্ধ ব্যাখ্যা নহয়।
উত্তৰ: (d) (A) আৰু (R) উভয়ে সত্য; কিন্তু (R), (A)ৰ এক শুদ্ধ ব্যাখ্যা নহয়।
প্ৰশ্ন ৩২: তলত দিয়া মহাসাগৰৰ তলিভাগৰ ভূ-প্রকৃতিসমূহ বৰ্ধিত গভীৰতাৰ ক্ৰমত সজোৱা আৰু শুদ্ধ উত্তৰটো বাছি উলিওৱা।
(a) গভীৰ সমুদ্র খাত, সামুদ্রিক শৈলসিৰা, সমুদ্রতলীয় দ্রোণী, গভীৰ সমুদ্রতল, মহীঢাল, মহীসোপান
(b) মহীসোপান, মহীঢাল, গভীৰ সমুদ্রতল, সমুদ্রতলীয় দ্রোণী, সামুদ্রিক শৈলসিৰা, গভীৰ সমুদ্ৰ খাত
(c) মহীঢাল, মহীসোপান, সমুদ্রতলীয় দ্রোণী, গভীৰ সমুদ্রতল, গভীৰ সমুদ্র খাত, সামুদ্রিক শৈলসিৰা
(d) মহীসোপান, মহীঢাল, গভীৰ সমুদ্রতল, গভীৰ সমুদ্র খাত, সমুদ্রতলীয় দ্রোণী, সামুদ্রিক শৈলসিৰা
উত্তৰ: (b) মহীসোপান, মহীঢাল, গভীৰ সমুদ্রতল, সমুদ্রতলীয় দ্রোণী, সামুদ্রিক শৈলসিৰা, গভীৰ সমুদ্ৰ খাত।
প্ৰশ্ন ৩৩: তলত উল্লেখ কৰা জনগোটসমূহৰ অসমলৈ হোৱা প্ৰব্ৰজনৰ প্ৰবাহ একাদিক্রমে সজোৱা।
(i) মংগোলীয়
(ii) অষ্ট্রিক
(iii) আর্য
(iv) আহোম
(a) (i), (ii), (iii), (iv)
(b) (ii), (iii), (i), (iv)
(c) (i), (iv), (iii), (ii)
(d) (ii), (i), (iii), (iv)
উত্তৰ: (d) (ii) অষ্ট্রিক, (i) মংগোলীয়, (iii) আর্য, (iv) আহোম।
প্ৰশ্ন ৩৪: তলত দিয়াবোৰৰ কোনটো দশকত অসমৰ জনসংখ্যা বৃদ্ধিৰ হাৰ ভাৰতবৰ্ষতকৈ নিম্ন হৈছিল?
(a) 1901-1911
(b) 1981-1991
(c) 1991-2001
(d) 1941-1951
উত্তৰ: (a) 1901-1911
প্ৰশ্ন ৩৫: গণতান্ত্ৰিক চৰকাৰক কিয় অন্য প্ৰকাৰৰ চৰকাৰতকৈ অধিক ভাল বুলি গণ্য কৰা হয়?
(i) ই নাগৰিকসকলৰ মাজত সমতা বৃদ্ধি কৰে।
(ii) ই অর্থনৈতিক প্রগতি নিশ্চিত কৰে।
(iii) ই বাদ-বিবাদ মীমাংসাৰ এটা উপায় প্ৰদান কৰে।
(a) (i), (ii)
(b) (i), (iii)
(c) (ii), (iii)
(d) (i), (ii), (iii)
উত্তৰ: (b) (i), (iii)
প্ৰশ্ন ৩৬: দাবী (A) আৰু কাৰণ (R) হিচাপে দুটা বিৱৰণ দিয়া হৈছে।
- দাবী (A): প্ৰস্তাৱনাত সন্নিৱিষ্ট কথাখিনি জানিলেহে সংবিধানখনক জানিব পৰা যাব।
- কাৰণ (R): প্ৰস্তাৱনাৰ প্ৰতিটো শব্দৰ মাজত লুকাই আছে সংবিধানখনৰ আদৰ্শ, দর্শন আৰু লক্ষ্য।
(a) (A) সত্য, কিন্তু (R) অসত্য।
(b) (A) অসত্য, কিন্তু (R) সত্য।
(c) (A) আৰু (R) দুয়োটাই সত্য; কিন্তু (R), (A)ৰ শুদ্ধ ব্যাখ্যা নহয়।
(d) (A) আৰু (R) দুয়োটাই সত্য; আৰু (R), (A)ৰ শুদ্ধ ব্যাখ্যা।
উত্তৰ: (d) (A) আৰু (R) দুয়োটাই সত্য; আৰু (R), (A)ৰ শুদ্ধ ব্যাখ্যা।
প্ৰশ্ন ৩৭: ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ সভাপতি কোন হ’ব পাৰে?
(a) কোনো উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ
(b) উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ
(c) কোনো উচ্চ ন্যায়ালয়ৰ এজন প্ৰাক্তন ন্যায়াধীশ
(d) উচ্চতম ন্যায়ালয়ৰ এজন প্ৰাক্তন ন্যায়াধীশ
উত্তৰ: (b) উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ।
প্ৰশ্ন ৩৮: ৰাষ্ট্ৰসংঘৰ অভিকৰণসমূহ বাছি উলিওৱা।
(i) সচিবালয়
(ii) ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ আয়োগ
(iii) সাধাৰণ সভা
(iv) আন্তঃৰাষ্ট্ৰীয় মুদ্রা নিধি
(a) (iii), (iv)
(b) (ii), (iv)
(c) (i), (iv)
(d) (i), (iii)
উত্তৰ: (d) (i) সচিবালয় আৰু (iii) সাধাৰণ সভা।
প্ৰশ্ন ৩৯: ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভা সম্পৰ্কত তলৰ কোনটো/কোনকেইটা উক্তি সত্য?
(i) ই ৰাষ্ট্ৰসংঘৰ বৃহত্তম অংগ।
(ii) ইয়াৰ দহজন অস্থায়ী আৰু পাঁচজন স্থায়ী সদস্য আছে।
(iii) ইয়াৰ প্ৰধান কাম হৈছে আক্রান্ত সদস্য ৰাষ্ট্ৰসমূহে উত্থাপন কৰা গোচৰসমূহ নিষ্পত্তি কৰা।
(a) কেৱল (i) সত্য
(b) (i) আৰু (ii) সত্য
(c) (ii) আৰু (iii) সত্য
(d) (i) আৰু (iii) সত্য
উত্তৰ: (a) কেৱল (i) সত্য।
প্ৰশ্ন ৪০: চেক মুদ্রা সম্পর্কত তলত দিয়া অশুদ্ধ উক্তিকেইটা চিহ্নিত কৰা।
(i) বিনিময়ৰ মাধ্যম হিচাপে চেকৰ সাধাৰণ গ্ৰহণযোগ্যতা আছে।
(ii) চেক মুদ্রা গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিলে দেশৰ আইন ভংগ কৰা বুজাব।
(iii) চেক মুদ্রা অর্থনৈতিক অপৰাধৰ দ্বাৰা সৃষ্টি কৰা হয়।
(iv) চেক হ’ল মুদ্ৰা পৰিশোধৰ এটা আদেশ আৰু বেংকৰ কাউণ্টাৰত নগদীকৰণ কৰি ল’ব পাৰি।
(v) চেক মুদ্রা কেৱল কেন্দ্ৰীয় বেংকেহে ছপা আৰু বিতৰণ কৰিব পাৰে।
(a) (i), (ii), (iii), (v)
(b) (i), (ii), (iv), (v)
(c) (ii), (iii), (iv), (v)
(d) (i), (iii), (iv), (v)
উত্তৰ: (d) (i), (iii), (iv), (v)
প্ৰশ্ন ৪১: ওপৰৰ পৰিস্থিতিটো বিচাৰ কৰি ৰমেনৰ বেংকত থকা একাউণ্টটোৰ প্ৰকাৰ বাছি উলিওৱা।
(ৰমেনে এলাহাবাদ বেংকত ২০,০০০ টকাৰে এটা একাউন্ট খুলিলে। তিনি মাহৰ পিছত তেওঁ আকৌ ৩,০০০ টকা জমা কৰিলে। বিত্তীয় বৰ্ষটোৰ শেষত বেংকে তেওঁৰ একাউণ্টত ৫৫০ টকাৰ সুত প্ৰদান কৰিলে।)
(a) চলিত আমানত একাউন্ট
(b) স্থিৰ আমানত একাউন্ট
(c) ৰেকাৰিং আমানত একাউন্ট
(d) সঞ্চয় আমানত একাউন্ট
উত্তৰ: (d) সঞ্চয় আমানত একাউন্ট।
প্ৰশ্ন ৪২: দাবী (A) আৰু কাৰণ (R) হিচাপে দুটা উক্তি দিয়া হৈছে।
- দাবী (A): মুদ্রাই হৈছে আটাইতকৈ তৰলীকৃত সম্পত্তি।
- কাৰণ (R): মুদ্ৰাক সামগ্ৰী আৰু সেৱালৈ তৎকালীনভাৱে আৰু প্ৰত্যক্ষভাৱে মুদ্ৰাৰ গৰাকীয়ে বিচৰা ধৰণে ৰূপান্তৰিত কৰিব পাৰি।
(a) (A) সত্য, কিন্তু (R) অসত্য।
(b) (A) আৰু (R) দুয়োটাই সত্য; আৰু (R), (A)ৰ শুদ্ধ ব্যাখ্যা।
(c) (A) অসত্য, কিন্তু (R) সত্য।
(d) (A) আৰু (R) দুয়োটাই সত্য; কিন্তু (R), (A)ৰ শুদ্ধ ব্যাখ্যা নহয়।
উত্তৰ: (b) (A) আৰু (R) দুয়োটাই সত্য; আৰু (R), (A)ৰ শুদ্ধ ব্যাখ্যা।
প্ৰশ্ন ৪৩: অর্থনৈতিক বিকাশ আৰু উন্নয়ন সম্পর্কে উক্তি (i) আৰু (ii) বিচাৰ কৰা আৰু তলত দিয়া বিকল্পবোৰৰ পৰা শুদ্ধ উত্তৰটো বাছি উলিওৱা।
(i) অর্থনৈতিক উন্নয়ন হৈছে এটা গুণগত ধাৰণা, কিন্তু অৰ্থনৈতিক বিকাশ এটা পৰিমাণ-সূচক ধাৰণা।
(ii) অৰ্থনৈতিক উন্নয়নৰ অৰ্থ সীমিত, কিন্তু অৰ্থনৈতিক বিকাশৰ অর্থ ব্যাপক।
(a) (i) সত্য, (ii) সত্য
(b) (i) সত্য, (ii) অসত্য
(c) (i) অসত্য, (ii) অসত্য
(d) (i) অসত্য, (ii) সত্য
উত্তৰ: (b) (i) সত্য, (ii) অসত্য।
প্ৰশ্ন ৪৪: নীতি (NITI) আয়োগৰ অধ্যক্ষজন হ’ল –
(a) ৰাষ্ট্ৰপতি
(b) কেন্দ্রীয় বিত্তমন্ত্রী
(c) প্রধানমন্ত্রী
(d) উপৰাষ্ট্ৰপতি
উত্তৰ: (c) প্রধানমন্ত্রী।
প্ৰশ্ন ৪৫: তলত দিয়াবোৰ মিলোৱা আৰু শুদ্ধ উত্তৰটো বাছি উলিওৱা।
(i) গণতান্ত্ৰিক পৰিকল্পনা – (a) প্রশাসন ব্যৱস্থাৰ একেবাৰে নিম্ন পর্যায়ত পৰিকল্পনা যুগুতকৰণত জড়িত হোৱা
(ii) অর্থনৈতিক পৰিকল্পনা – (b) ৰাইজে পৰিকল্পনা যুগুতকৰণৰ বিভিন্ন পর্যায়ত অংশগ্রহণ কৰে
(iii) তৃণমূল পৰ্যায়ৰ পৰিকল্পনা – (c) কেতবোৰ সুনির্দিষ্ট উন্নয়নৰ লক্ষ্যত উপনীত হোৱা
(a) (i)-(a), (ii)-(c), (iii)-(b)
(b) (i)-(c), (ii)-(a), (iii)-(b)
(c) (i)-(c), (ii)-(b), (iii)-(a)
(d) (i)-(b), (ii)-(c), (iii)-(a)
উত্তৰ: (d) (i)-(b), (ii)-(c), (iii)-(a)
খ-শাখা (SECTION-B)
(এই শ্ৰেণীৰ প্ৰশ্নসমূহৰ উত্তৰ বৰ্ণনামূলক।)
প্ৰশ্ন ৪৬: স্বদেশী আন্দোলনত ব্যৱহৃত প্ৰতিবাদৰ পদ্ধতিসমূহ ইয়াৰ পূৰ্বে হোৱা ১৮৫৭ চনৰ ভাৰতীয় বিদ্ৰোহত ব্যৱহাৰ কৰা পদ্ধতিৰ সৈতে তুলনা কৰা। (২)
উত্তৰ:
- স্বদেশী আন্দোলন (১৯০৫): এই আন্দোলনৰ মূল পদ্ধতি আছিল অহিংস। ইয়াৰ প্ৰধান কৌশলসমূহ আছিল – ব্ৰিটিছ সামগ্ৰী বৰ্জন, স্বদেশী সামগ্ৰীৰ ব্যৱহাৰ, ৰাষ্ট্ৰীয় শিক্ষাৰ প্ৰসাৰ, আৰু সভা-সমিতিৰ জৰিয়তে জনমত গঠন। ই মূলতঃ গণ অংশগ্ৰহণ আৰু অৰ্থনৈতিক আত্মনিৰ্ভৰশীলতাৰ ওপৰত ভিত্তি কৰিছিল।
- ১৮৫৭ চনৰ বিদ্ৰোহ: ই আছিল এক সশস্ত্ৰ সংগ্ৰাম। ইয়াত চিপাহী আৰু সাধাৰণ জনতাই ব্ৰিটিছ শাসনৰ বিৰুদ্ধে অস্ত্ৰ তুলি লৈছিল। ইয়াৰ পদ্ধতি আছিল সামৰিক আক্ৰমণ, হিংসাত্মক প্ৰতিবাদ আৰু ব্ৰিটিছ প্ৰতিষ্ঠানসমূহ ধ্বংস কৰা।
- তুলনা: স্বদেশী আন্দোলন আছিল এক সংগঠিত, অহিংস আৰু অৰ্থনৈতিক প্ৰতিবাদ, য’ত জনসাধাৰণৰ সচেতন অংশগ্ৰহণ আছিল। আনহাতে, ১৮৫৭ চনৰ বিদ্ৰোহ আছিল এক হিংসাত্মক আৰু সামৰিক বিদ্ৰোহ, য’ত আবেগ আৰু ক্ষোভৰ প্ৰকাশ অধিক আছিল।
প্ৰশ্ন ৪৭: ৰংঘৰৰ যিকোনো দুটা স্থাপত্যগত বৈশিষ্ট্য চিনাক্ত কৰা। আহোম যুগত এই স্থাপত্যটো কিয় নিৰ্মাণ কৰা হৈছিল? (২+১=৩)
উত্তৰ:
- স্থাপত্যগত বৈশিষ্ট্য:
- ৰংঘৰটো ইটা আৰু এবিধ বিশেষ ধৰণৰ চিমেণ্ট (বৰা চাউল, মাটি মাহ আৰু হাঁহৰ কণীৰ মিশ্ৰণ) ব্যৱহাৰ কৰি নিৰ্মাণ কৰা হৈছিল।
- ইয়াৰ চালখন ওলোটা নাৱৰ দৰে (boat-shaped roof) আৰু ই এটা দুমহলীয়া অট্টালিকা। ইয়াৰ ওপৰ মহলাত স্বৰ্গদেউ আৰু ডা-ডাঙৰীয়াসকলৰ বাবে বহাৰ ব্যৱস্থা আছিল।
- নিৰ্মাণৰ কাৰণ: আহোম স্বৰ্গদেউ আৰু অন্যান্য ৰাজপৰিয়ালৰ সদস্য তথা ডা-ডাঙৰীয়াসকলে ৰংঘৰৰ পেভিলিয়নৰ পৰা ৰংপুৰৰ ৰূপহী পথাৰত অনুষ্ঠিত হোৱা ম’হ যুঁজ, শেন যুঁজ, হাতী যুঁজ আদি বিভিন্ন খেল-ধেমালি আৰু বিহুৰ দৰে সাংস্কৃতিক অনুষ্ঠান উপভোগ কৰিবলৈ এই স্থাপত্যটো নিৰ্মাণ কৰিছিল।
প্ৰশ্ন ৪৮: জালিয়ানৱালা বাগৰ হত্যাকাণ্ডত জেনেৰেল ডায়াৰৰ ভূমিকা আৰু তেখেতৰ কাৰ্যব্যৱস্থাৰ পৰৱৰ্তী প্ৰতিক্ৰিয়াসমূহ মূল্যায়ন কৰা। (২+২=৪)
উত্তৰ:
- জেনেৰেল ডায়াৰৰ ভূমিকা: ১৯১৯ চনৰ ১৩ এপ্ৰিলত, অমৃতসৰৰ জালিয়ানৱালা বাগত ৰাওলাট আইনৰ প্ৰতিবাদত সমবেত হোৱা শান্তিপূৰ্ণ আৰু নিৰস্ত্ৰ জনতাৰ ওপৰত জেনেৰেল ৰেজিনাল্ড ডায়াৰে কোনো সতৰ্কবাণী অবিহনে গুলীচালনাৰ নিৰ্দেশ দিছিল। তেওঁৰ একমাত্ৰ উদ্দেশ্য আছিল ভাৰতীয়সকলৰ মনত সন্ত্ৰাস সৃষ্টি কৰি ব্ৰিটিছ শাসনৰ বিৰুদ্ধে হোৱা যিকোনো প্ৰতিবাদ কঠোৰ হাতেৰে দমন কৰা। তেওঁ বাগৰ পৰা ওলাই যোৱাৰ একমাত্ৰ পথটোও বন্ধ কৰি দিছিল, যাৰ ফলত শ শ নিৰীহ লোকৰ মৃত্যু হৈছিল।
- পৰৱৰ্তী প্ৰতিক্ৰিয়া:
- তীব্ৰ জনৰোষ: এই বৰ্বৰ হত্যাকাণ্ডৰ ফলত সমগ্ৰ ভাৰতবৰ্ষতে তীব্ৰ প্ৰতিবাদ আৰু ক্ষোভৰ জোৱাৰ উঠে।
- উপাধি ত্যাগ: ইয়াৰ প্ৰতিবাদত ৰবীন্দ্ৰনাথ ঠাকুৰে ব্ৰিটিছ চৰকাৰে প্ৰদান কৰা ‘নাইট’ উপাধি ত্যাগ কৰে।
- অসহযোগ আন্দোলন: এই ঘটনাই মহাত্মা গান্ধীক গভীৰভাৱে আঘাত কৰে আৰু তেওঁ ব্ৰিটিছ চৰকাৰৰ ওপৰত বিশ্বাস হেৰুৱাই অসহযোগ আন্দোলনৰ (১৯২০-২২) পাতনি মেলে।
- হাণ্টাৰ কমিছন: ব্ৰিটিছ চৰকাৰে ঘটনাটোৰ তদন্তৰ বাবে হাণ্টাৰ কমিছন গঠন কৰে। কমিছনে ডায়াৰক দোষী সাব্যস্ত কৰিছিল যদিও তেওঁক কোনো গুৰুতৰ শাস্তি প্ৰদান কৰা হোৱা নাছিল, বৰঞ্চ তেওঁক চাকৰিৰ পৰা অব্যাহতি দি ইংলেণ্ডলৈ পঠিয়াই দিয়া হৈছিল। ই ভাৰতীয়সকলৰ ক্ষোভ আৰু অধিক বৃদ্ধি কৰে।
প্ৰশ্ন ৪৯: (খ) কামৰূপ আৰু দৰঙৰ কৃষকসকলৰ ওপৰত পৰিৱৰ্তনটোৰ প্ৰভাৱ কি হৈছিল? (২)
উত্তৰ:
তথ্য তালিকাত দেখা গৈছে যে ১৮৩২-৩৩ চনৰ পৰা ১৮৫২-৫৩ চনলৈ, অৰ্থাৎ ২০ বছৰৰ ভিতৰত কামৰূপ আৰু দৰং উভয় জিলাতে ৰাজহৰ পৰিমাণ প্ৰায় ৩-৪ গুণ বৃদ্ধি পাইছিল। ৰাজহৰ এই ব্যাপক আৰু দ্ৰুত বৃদ্ধিয়ে জিলা দুখনৰ কৃষকসকলৰ ওপৰত এক অত্যন্ত নেতিবাচক প্ৰভাৱ পেলাইছিল।
- কৰৰ বোজা বৃদ্ধি: কৃষকসকলৰ ওপৰত কৰৰ বোজা অসহনীয়ভাৱে বাঢ়ি গৈছিল।
- অৰ্থনৈতিক দুৰৱস্থা: বহুতো কৃষকে বৰ্ধিত কৰ পৰিশোধ কৰিব নোৱাৰি নিজৰ মাটি-বাৰী হেৰুৱাবলগীয়া হৈছিল আৰু তেওঁলোকৰ অৰ্থনৈতিক অৱস্থা শোচনীয় হৈ পৰিছিল। এই পৰিৱৰ্তনে কৃষকসকলক দৰিদ্ৰতা আৰু ঋণৰ চক্ৰবেহুত আবদ্ধ কৰিছিল, যি পৰৱৰ্তী সময়ত অসমত হোৱা কৃষক বিদ্ৰোহসমূহৰ (যেনে – ফুলগুৰি ধেৱা, পথৰুঘাটৰ ৰণ) অন্যতম মূল কাৰণ আছিল।
প্ৰশ্ন ৫০:
(ক) বিৱৰণটোত ‘শাসকসকল’ বুলি কাক কোৱা হৈছে? (১)
উত্তৰ: ‘জোনাকী’ কাকতৰ প্ৰথম সংখ্যাত উল্লেখ কৰা এই বিৱৰণটোত ‘শাসকসকল’ বুলি সেই সময়ত ভাৰতত শাসন চলাই থকা ব্ৰিটিছ চৰকাৰক বুজোৱা হৈছে।
(খ) ‘জোনাকী’ কাকত কোনটো সংস্থাই প্রকাশ কৰিছিল? (১)
উত্তৰ: ‘জোনাকী’ কাকতখন কলিকতাত পঢ়ি থকা অসমীয়া ছাত্ৰসকলৰ দ্বাৰা গঠিত ‘অসমীয়া ভাষা উন্নতি সাধিনী সভা’ (অ.ভা.উ.সা. সভা) নামৰ সংস্থাটোৱে প্ৰকাশ কৰিছিল।
(গ) যদি ৰাজনীতি জোনাকীৰ আওতাৰ বাহিৰত আছিল, তেন্তে ই কেনেকৈ জাতীয়তাবাদী চেতনাৰ বিকাশত অৰিহণা যোগাইছিল? অতি কমেও তিনিটা উদাহৰণ দিয়া। (৩)
উত্তৰ: যদিও ‘জোনাকী’য়ে প্ৰত্যক্ষ ৰাজনীতিৰ পৰা আঁতৰত আছিল, ই পৰোক্ষভাৱে অসমীয়া জাতীয়তাবাদী চেতনাৰ বিকাশত গভীৰভাৱে অৰিহণা যোগাইছিল। তলত তিনিটা উদাহৰণ দিয়া হ’ল:
- ভাষা আৰু সাহিত্যৰ মাধ্যমেৰে জাতীয় জাগৰণ: ‘জোনাকী’য়ে অসমীয়া ভাষা-সাহিত্যক এক নতুন, আধুনিক আৰু সন্মানীয় স্তৰলৈ লৈ গৈছিল। চন্দ্ৰকুমাৰ আগৰৱালা, লক্ষ্মীনাথ বেজবৰুৱা আৰু হেমচন্দ্ৰ গোস্বামীৰ নেতৃত্বত ‘জোনাকী’য়ে অসমীয়া সাহিত্যত ৰোমাণ্টিকতাবাদৰ সূচনা কৰিছিল। ইয়াৰ জৰিয়তে অসমীয়া লোকসকলৰ মাজত ভাষিক আৰু সাংস্কৃতিক একতাৰ ভাৱ জাগ্ৰত হৈছিল, যি জাতীয়তাবাদৰ মূল ভেটি।
- অসমৰ গৌৰৱময় অতীতৰ পুনৰুদ্ধাৰ: ‘জোনাকী’ৰ লেখকসকলে অসমৰ ইতিহাস, ঐতিহ্য আৰু গৌৰৱময় অতীতক লৈ বিভিন্ন লেখা, কবিতা আৰু প্ৰবন্ধ প্ৰকাশ কৰিছিল। ই অসমীয়া মানুহৰ মনত জাতীয় গৌৰৱ, আত্মবিশ্বাস আৰু আত্মসন্মানৰ ভাৱ জগাই তুলিছিল, যিয়ে তেওঁলোকক নিজৰ অধিকাৰ আৰু পৰিচয়ৰ প্ৰতি সজাগ কৰিছিল।
- সামাজিক সংস্কাৰ আৰু নতুন চিন্তাৰ উন্মেষ: ‘জোনাকী’য়ে অন্ধবিশ্বাস, কু-সংস্কাৰ আদিৰ বিৰুদ্ধে জনমত গঠন কৰাত সহায় কৰিছিল আৰু পাশ্চাত্যৰ নতুন চিন্তা-চৰ্চাক অসমীয়া সমাজলৈ আদৰি আনিছিল। এই নতুন চিন্তাধাৰাই অসমীয়া যুৱক-যুৱতীসকলক যুক্তিৰে ভাবিবলৈ, প্ৰশ্ন কৰিবলৈ আৰু নিজৰ সমাজ তথা দেশৰ উন্নতিৰ হকে কাম কৰিবলৈ অনুপ্ৰাণিত কৰিছিল, যি জাতীয়তাবাদী চেতনাৰ এক অপৰিহাৰ্য অংগ।
প্ৰশ্ন ৫১: চিৰ প্ৰবাহমান সম্পদ আৰু স্থানিক সম্পদ কাক বোলে? প্ৰত্যেকৰে উদাহৰণ দিয়া। (২)
উত্তৰ:
- চিৰ প্ৰবাহমান সম্পদ (Ubiquitous Resource): যিবোৰ সম্পদ পৃথিৱীৰ সকলো ঠাইতে কম-বেছি পৰিমাণে সহজলভ্য আৰু সকলোৱে ব্যৱহাৰ কৰিব পাৰে, সেইবোৰক চিৰ প্ৰবাহমান সম্পদ বোলে। এই সম্পদসমূহ কোনো নিৰ্দিষ্ট স্থানত সীমাবদ্ধ নহয়।
- উদাহৰণ: বায়ু, সূৰ্যৰ পোহৰ।
- স্থানিক সম্পদ (Localised Resource): যিবোৰ সম্পদ কেৱল কিছুমান নিৰ্দিষ্ট স্থানতহে পোৱা যায় আৰু সকলো ঠাইতে উপলব্ধ নহয়, সেইবোৰক স্থানিক সম্পদ বোলে। এই সম্পদসমূহৰ বিতৰণ ভৌগোলিকভাৱে সীমাবদ্ধ।
- উদাহৰণ: কয়লা, পেট্ৰ’লিয়াম, লো, সোণ, ইউৰেনিয়াম আদি খনিজ সম্পদ।
প্ৰশ্ন ৫২: যান-বাহনৰ লেহেমীয়া গতিৰ ফলত গুৱাহাটীয়ে সম্মুখীন হৈ অহা তিনিটা পাৰিবেশিক সমস্যা উল্লেখ কৰা। (৩)
উত্তৰ: ‘দি আছাম ট্ৰিবিউন’ৰ বাতৰি অনুসৰি, গুৱাহাটীত যান-বাহনৰ লেহেমীয়া গতিৰ ফলত হোৱা তিনিটা প্ৰধান পাৰিবেশিক সমস্যা হ’ল:
- বায়ু প্ৰদূষণ: গাড়ী-মটৰৰ লেহেমীয়া গতি আৰু যান-জঁটৰ ফলত ইন্ধনৰ অসম্পূৰ্ণ দহন হয়। ইয়াৰ ফলত বায়ুমণ্ডলত কাৰ্বন মনোক্সাইড (CO), নাইট্ৰ’জেন অক্সাইড (NOx), হাইড্ৰ’কাৰ্বন আদি বিষাক্ত গেছ আৰু কণিকা পদাৰ্থৰ (Particulate Matter) পৰিমাণ বৃদ্ধি পায়, যাৰ ফলত গুৱাহাটীৰ বায়ুৰ মানদণ্ড শোচনীয় হৈ পৰে আৰু নাগৰিকৰ স্বাস্থ্যৰ ওপৰত বিৰূপ প্ৰভাৱ পেলায়।
- শব্দ প্ৰদূষণ: যান-জঁটৰ ফলত চালকসকলে সঘনাই গাড়ীৰ হৰ্ণ বজাবলৈ বাধ্য হয়। ইয়াৰ উপৰিও, কম গতিত চলি থকা ইঞ্জিনৰ শব্দই এক অসহ্যকৰ পৰিৱেশৰ সৃষ্টি কৰে। এই সকলোবোৰ মিলি চহৰখনত শব্দ প্ৰদূষণৰ মাত্ৰা বিপদজনক স্তৰলৈ বৃদ্ধি কৰে, যিয়ে মানুহৰ মানসিক চাপ, শ্ৰৱণ শক্তিৰ সমস্যা আদিৰ সৃষ্টি কৰে।
- শক্তিৰ অপচয় আৰু উষ্ণতা বৃদ্ধি: লেহেমীয়া গতিৰ ফলত ইন্ধনৰ কাৰ্যক্ষমতা কমি যায় আৰু অপচয় হয়, যি এক অপুনৰ্নবীকৰণযোগ্য শক্তিৰ উৎস। ইয়াৰ উপৰিও, হাজাৰ হাজাৰ গাড়ীৰ ইঞ্জিন একেলগে চলি থকাৰ ফলত স্থানীয়ভাৱে তাপ নিৰ্গত হয়, যিয়ে চহৰখনৰ উষ্ণতা বৃদ্ধিত (Urban Heat Island Effect) অৰিহণা যোগায়।
প্ৰশ্ন ৫৩: অসমত জল পৰিবহণৰ উন্নয়নৰ সম্ভাৱনা আছেনে? তোমাৰ মন্তব্যৰ সমৰ্থনত চাৰিটা যুক্তি দিয়া। (৪)
উত্তৰ: হয়, অসমত জল পৰিবহণৰ উন্নয়নৰ প্ৰচুৰ সম্ভাৱনা আছে। মোৰ মন্তব্যৰ সমৰ্থনত চাৰিটা যুক্তি তলত দাঙি ধৰা হ’ল:
- বিশাল নদী নেটৱৰ্ক: অসমৰ মাজেৰে ব্ৰহ্মপুত্ৰৰ দৰে এক বিশাল আৰু navigable নদীৰ লগতে বৰাক আৰু ইয়াৰ বহুতো উপনৈ বৈ গৈছে। এই নদীসমূহে এক প্ৰাকৃতিক আৰু বিস্তৃত জলপথৰ নেটৱৰ্ক সৃষ্টি কৰিছে, যাক কম খৰচতে পৰিবহণৰ বাবে ব্যৱহাৰ কৰিব পাৰি। ৰাষ্ট্ৰীয় জলপথ-২ (ব্ৰহ্মপুত্ৰ) আৰু ৰাষ্ট্ৰীয় জলপথ-১৬ (বৰাক) ইতিমধ্যে ঘোষিত হৈছে, যিয়ে ইয়াৰ সম্ভাৱনীয়তাক প্ৰতিপন্ন কৰে।
- কম খৰচী আৰু গধুৰ সামগ্ৰী পৰিবহণৰ বাবে উপযোগী: স্থল আৰু ৰে’ল পৰিবহণৰ তুলনাত জল পৰিবহণ যথেষ্ট কম খৰচী, বিশেষকৈ গধুৰ আৰু বৃহৎ পৰিমাণৰ সামগ্ৰী (যেনে – কয়লা, চিমেণ্ট, খাদ্য-শস্য, সাৰ) কঢ়িওৱাৰ বাবে ই অত্যন্ত উপযোগী। ই অসমৰ উদ্যোগ আৰু বাণিজ্য খণ্ডক এক নতুন গতি দিব পাৰে।
- পৰিৱেশ-অনুকূল পৰিবহণ ব্যৱস্থা: জল পৰিবহণত প্ৰতি টন-কিলোমিটাৰত ইন্ধনৰ ব্যৱহাৰ আৰু কাৰ্বন নিৰ্গমনৰ পৰিমাণ স্থল পৰিবহণতকৈ বহু কম। সেয়েহে, জল পৰিবহণৰ विकाসে পৰিৱেশ প্ৰদূষণ হ্ৰাস কৰাত সহায় কৰিব আৰু ই এক বহনক্ষম (sustainable) পৰিবহণৰ বিকল্প হ’ব।
- আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় সংযোগ বৃদ্ধি: জল পৰিবহণে অসমক কেৱল ভাৰতৰ অন্যান্য ৰাজ্য (যেনে – পশ্চিম বংগ)ৰ সৈতে সংযোগ কৰাই নহয়, ই চুবুৰীয়া ৰাষ্ট্ৰ (যেনে – বাংলাদেশ, ভূটান)ৰ সৈতেও বাণিজ্যিক আৰু পৰ্যটনৰ সম্পৰ্ক গঢ়ি তোলাত সহায় কৰিব। ই ভাৰতৰ ‘Act East Policy’ক বাস্তৱায়িত কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে।
প্ৰশ্ন ৫৪: তলৰ তালিকাখনত দিয়া বৈশিষ্ট্যবোৰৰ ভিত্তিত প্ৰশান্ত মহাসাগৰ আৰু আটলান্টিক মহাসাগৰৰ তুলনা কৰা। (৫)
উত্তৰ:
ক্ৰ.নং. | বৈশিষ্ট্যবোৰ | প্ৰশান্ত মহাসাগৰ | আটলান্টিক মহাসাগৰ |
---|---|---|---|
(i) | অৱস্থিতি | এছিয়া আৰু অষ্ট্ৰেলিয়াৰ পূবে আৰু উত্তৰ/দক্ষিণ আমেৰিকাৰ পশ্চিমে অৱস্থিত। | ইউৰোপ আৰু আফ্ৰিকাৰ পশ্চিমে আৰু উত্তৰ/দক্ষিণ আমেৰিকাৰ পূবে অৱস্থিত। |
(ii) | মাটি-কালি (Land area) | প্ৰায় ১৬৫.২ নিযুত বৰ্গ কিলোমিটাৰ (পৃথিৱীৰ বৃহত্তম মহাসাগৰ)। | প্ৰায় ১০৬.৪ নিযুত বৰ্গ কিলোমিটাৰ (পৃথিৱীৰ দ্বিতীয় বৃহত্তম মহাসাগৰ)। |
(iii) | গড় গভীৰতা | প্ৰায় ৪,২৮০ মিটাৰ (আটাইতকৈ গভীৰ মহাসাগৰ)। | প্ৰায় ৩,৬৪৬ মিটাৰ। |
(iv) | উল্লেখযোগ্য দ্বীপসমূহ (যিকোনো দুখন) | জাপান, ফিলিপাইনছ, নিউজিলেণ্ড, বিমান-বন্দৰ দ্বীপপুঞ্জ। | গ্ৰীণলেণ্ড, আইচলেণ্ড, ব্ৰিটিছ দ্বীপপুঞ্জ, কেৰিবিয়ান দ্বীপপুঞ্জ। |
(v) | মহাসাগৰখনৰ উল্লেখযোগ্য সাগৰসমূহ (যিকোনো দুখন) | জাপান সাগৰ, দক্ষিণ চীন সাগৰ, বেৰিং সাগৰ, তাসমান সাগৰ। | কেৰিবিয়ান সাগৰ, ভূমধ্য সাগৰ, উত্তৰ সাগৰ, বাল্টিক সাগৰ। |
প্ৰশ্ন ৫৫: অসমৰ এখন নক্সা মানচিত্র আঁকা আৰু তাত তলত দিয়াবোৰৰ যিকোনো দুটা নামসহ বহুওৱা। (২+২=৪)
উত্তৰ: (এই প্ৰশ্নটোৰ বাবে অসমৰ এখন হাতে অঁকা মানচিত্ৰত তলত দিয়া স্থানসমূহৰ যিকোনো দুটা সঠিকভাৱে চিহ্নিত কৰিব লাগিব।)
- (ক) ব্ৰহ্মপুত্ৰৰ উত্তৰপাৰ আৰু দক্ষিণপাৰ সংযোগী এখন দলং: মানচিত্ৰত গুৱাহাটীৰ ওচৰত শৰাইঘাট দলং, তেজপুৰৰ ওচৰত কলীয়াভোমোৰা সেতু, বা ডিব্ৰুগড়ৰ ওচৰত বগীবিল দলং চিহ্নিত কৰিব পাৰি।
- (খ) দেওহাঁহ দেখা পোৱা অসমৰ এখন ৰাষ্ট্ৰীয় উদ্যান: মানচিত্ৰত তিনিচুকীয়া জিলাৰ ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান চিহ্নিত কৰিব লাগিব, কাৰণ এইখন দেওহাঁহৰ বাবে বিখ্যাত।
- (গ) অসমৰ এটা তেল শোধনাগাৰ: মানচিত্ৰত তিনিচুকীয়া জিলাৰ ডিগবৈ শোধনাগাৰ, গুৱাহাটীৰ নুনমাটি শোধনাগাৰ, বা বঙাইগাঁও জিলাৰ বঙাইগাঁও শোধনাগাৰ চিহ্নিত কৰিব পাৰি।
প্ৰশ্ন ৫৬: ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্যসকল অস্থায়ী সদস্যসকলৰ পৰা কেনেদৰে পৃথক? (২)
উত্তৰ: ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী আৰু অস্থায়ী সদস্যসকলৰ মাজত মূল পাৰ্থক্যসমূহ হ’ল:
- সদস্যপদৰ স্থায়িত্ব: স্থায়ী সদস্যসকল (চীন, ফ্ৰান্স, ৰাছিয়া, যুক্তৰাজ্য, আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ) পৰিষদৰ স্থায়ী অংশ আৰু তেওঁলোকৰ সদস্যপদৰ কোনো নিৰ্দিষ্ট ম্যাদ নাই। আনহাতে, অস্থায়ী সদস্যসকলক সাধাৰণ সভাৰ দ্বাৰা দুবছৰীয়া কাৰ্যকালৰ বাবে নিৰ্বাচিত কৰা হয়।
- ভেটো ক্ষমতা (Veto Power): স্থায়ী সদস্যসকলৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ক্ষমতা হ’ল ‘ভেটো ক্ষমতা’। ইয়াৰ অৰ্থ হ’ল, এই পাঁচখন দেশৰ যিকোনো এখনে যদি কোনো গুৰুত্বপূৰ্ণ প্ৰস্তাৱৰ বিৰোধিতা কৰে, তেন্তে সেই প্ৰস্তাৱটো গৃহীত নহয়, যদিও বাকী ১৪ জন সদস্যই সমৰ্থন কৰে। অস্থায়ী সদস্যসকলৰ এই ভেটো ক্ষমতা নাথাকে।
প্ৰশ্ন ৫৭: ভাৰতৰ দৰে এখন দেশত চৰকাৰে তেনে ধৰণৰ ব্যৱস্থা ল’ব পাৰেনে? তোমাৰ মতামত দাঙি ধৰা। (৩)
(বিৱৰণ: চৰকাৰে ডাম্বুক নামৰ গাঁৱত এখন চিকিৎসালয় স্থাপন কৰিলে, য’ত হিন্দুসকলক বিনামূলীয়া চিকিৎসা দিয়া হয় কিন্তু অন্য ধৰ্মৰ লোকে খৰচ বহন কৰিব লাগে।)
উত্তৰ: নোৱাৰে। ভাৰতৰ দৰে এখন গণতান্ত্ৰিক আৰু ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰত চৰকাৰে এনে ধৰণৰ বৈষম্যমূলক ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰে। মোৰ মতামতৰ সমৰ্থনত তলত যুক্তি দাঙি ধৰা হ’ল:
- সাংবিধানিক নীতিৰ উলংঘন: ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাত ভাৰতক এখন “ধৰ্মনিৰপেক্ষ” ৰাষ্ট্ৰ হিচাপে ঘোষণা কৰা হৈছে। ইয়াৰ অৰ্থ হ’ল, ৰাষ্ট্ৰৰ কোনো নিজা ধৰ্ম নাই আৰু ৰাষ্ট্ৰই সকলো ধৰ্মক সমান দৃষ্টিৰে চাব।
- ** সমতাৰ অধিকাৰৰ বিৰোধী:** সংবিধানৰ অনুচ্ছেদ ১৪-ত আইনৰ চকুত সকলো নাগৰিক সমান বুলি কোৱা হৈছে। অনুচ্ছেদ ১৫-ত স্পষ্টভাৱে উল্লেখ আছে যে চৰকাৰে ধৰ্ম, জাতি, বৰ্ণ, লিংগ বা জন্মস্থানৰ ভিত্তিত কোনো নাগৰিকৰ সৈতে বৈষম্যমূলক আচৰণ কৰিব নোৱাৰে। চিকিৎসালয়ৰ দৰে ৰাজহুৱা সেৱা প্ৰদানত ধৰ্মৰ ভিত্তিত বৈষম্য কৰাটো এই মৌলিক অধিকাৰসমূহৰ পোনপটীয়া উলংঘন।
- সামাজিক বিভাজন: এনে ব্যৱস্থাই সমাজত ধৰ্মীয় বিভাজন, অবিশ্বাস আৰু সংঘাতৰ সৃষ্টি কৰিব, যি ৰাষ্ট্ৰীয় একতা আৰু সংহতিৰ বাবে অত্যন্ত ক্ষতিকাৰক।
গতিকে, এনে ব্যৱস্থা সম্পূৰ্ণ অসাংবিধানিক, অনৈতিক আৰু ভাৰতৰ গণতান্ত্ৰিক মূল্যবোধৰ পৰিপন্থী।
প্ৰশ্ন ৫৮: ষ্ট’ৰখনৰ গৰাকীয়ে কিয় চেকখন গ্ৰহণ কৰিব বিচৰা নাই বুলি তুমি ভাবা? সিদিনাখন তোমাৰ বস্তুকেইপদ কিনিবলৈ যিকোনো এটা বিকল্প উপায়ৰ পৰামৰ্শ দিয়া। (১+১=২)
উত্তৰ:
- চেক গ্ৰহণ নকৰাৰ সম্ভাব্য কাৰণ: দোকানীজনে চেকখন গ্ৰহণ কৰিব বিচৰা নাই কাৰণ:
- চেক বাউন্স হোৱাৰ আশংকা: গ্ৰাহকৰ বেংক একাউণ্টত পৰ্যাপ্ত ধন নথকাৰ ফলত চেকখন ‘বাউন্স’ হ’ব পাৰে, যাৰ ফলত দোকানীজনে তেওঁৰ প্রাপ্য ধন নাপাব।
- প্ৰক্ৰিয়াগত জটিলতা: চেকখন বেংকত জমা দিয়া, সেয়া ক্লিয়াৰ হোৱালৈ অপেক্ষা কৰা আদি প্ৰক্ৰিয়াটো সময়সাপেক্ষ আৰু কিছু ক্ষেত্ৰত জটিল হ’ব পাৰে। নগদ ধনৰ লেনদেন உடனடி আৰু সহজ।
- বিকল্প উপায়: যিহেতু মোৰ লগত নগদ ধন নাই, মই বস্তুকেইপদ কিনিবলৈ তলৰ যিকোনো এটা বিকল্প উপায়ৰ প্ৰস্তাৱ দিম:
- ডিজিটেল পৰিশোধ (Digital Payment): মই তেওঁক UPI (যেনে Google Pay, PhonePe, Paytm) বা ডেবিট/ক্ৰেডিট কাৰ্ড-ৰ জৰিয়তে বিল পৰিশোধ কৰাৰ কথা ক’ম। এই পদ্ধতিবোৰ তাৎক্ষণিক, নিৰাপদ আৰু সহজ।
প্ৰশ্ন ৫৯: ভাৰত, পাকিস্তান, এংগ’লা আদি দেশৰ তুলনাত জাপান, অষ্ট্ৰেলিয়া, নৰৱে আদি দেশত প্রত্যাশিত আয়ুসৰ পৰিমাণ কিয় বেছি বুলি তুমি ভাবা? (২)
উত্তৰ: জাপান, অষ্ট্ৰেলিয়া, নৰৱে আদি উন্নত দেশত প্রত্যাশিত আয়ুসৰ পৰিমাণ ভাৰত, পাকিস্তান, এংগ’লা আদি উন্নয়নশীল বা অনুন্নত দেশতকৈ বেছি হোৱাৰ মূল কাৰণসমূহ হ’ল:
- উন্নত স্বাস্থ্যসেৱা: উন্নত দেশসমূহত নাগৰিকসকলৰ বাবে সহজে উপলব্ধ আৰু উন্নত মানৰ স্বাস্থ্যসেৱা, চিকিৎসালয়, আধুনিক চিকিৎসা প্ৰযুক্তি আৰু বিশেষজ্ঞ চিকিৎসকৰ সুবিধা আছে। ইয়াৰ ফলত ৰোগৰ সময়સર নিৰ্ণয় আৰু চিকিৎসা সম্ভৱ হয়।
- উচ্চ জীৱন-ধাৰণৰ মান: এই দেশসমূহত নাগৰিকসকলৰ জীৱন-ধাৰণৰ মান উচ্চ। তেওঁলোকে উন্নত পুষ্টিযুক্ত খাদ্য, বিশুদ্ধ খোৱাপানী, উন্নত অনাময় ব্যৱস্থা (sanitation) আৰু এক স্বাস্থ্যকৰ পৰিৱেশ লাভ কৰে, যিয়ে তেওঁলোকক দীৰ্ঘজীৱী হোৱাত সহায় কৰে।
ইয়াৰ বিপৰীতে, ভাৰত, পাকিস্তান, এং’লা আদি দেশত দৰিদ্ৰতা, অপুষ্টি, সংক্ৰামক ৰোগৰ প্ৰাদুৰ্ভাৱ, আৰু সীমিত স্বাস্থ্যসেৱাৰ সুবিধাৰ বাবে মানুহৰ গড় আয়ুস তুলনামূলকভাৱে কম।