হে ভগৱন্ত গুৰু – প্ৰাৰ্থনা – নামঘোষা
হে ভগৱন্ত গুৰু | |
শ্ৰেণী | অসমীয়া প্ৰাৰ্থনা |
প্ৰাৰ্থনা নাম | হে ভগৱন্ত গুৰু |
সংগ্ৰহ কৰা হৈছে | নামঘোষা |
লেখক | মহাপুৰুষ মাধৱদেৱ |
অধ্যায় | ভজন |
ঘোষা | ছবি |
হে ভগৱন্ত গুৰু তযু পদে মন মোৰ
যি কালত থিতিক লভয়।
তোহ্মাৰ কৃপাত তেৱে সমস্তে সাধন শম
গৰাই সুৰা হুইবোহো নিশ্চয়।।৬০৷৷
হে প্ৰভু নৰহৰি তোহ্মাৰ চৰণ দুই
প্ৰেমভাৱে স্মৰণ দুৰ্লভ।
যথাকথঞ্চিতৰূপে অহৰ্নিশে প্ৰভু মোৰ
সুমৰণ হুয়োক সুলভ।।৬১৷৷
হে প্ৰাণবন্ধু কৃষ্ণ কৃপাৰ সাগৰ হৰি
কৃপাদৃষ্টি চাহিয়োক মোক।
সহজ বাসনাৰূপ শৰণ দিয়োক নাথ
মোৰ অহঙ্কাৰ দূৰ হোক।।৬২৷৷
নমো ৰাম কৃষ্ণ হৰি নাৰায়ণ নিৰঞ্জন
নমো দেৱ দৈৱকীদায়াদ।
পৰম অনাথ আমি তোহ্মাৰ চৰণে নমি
মাগো প্ৰভু ভকতিপ্ৰসাদ।।৬৩৷৷
ব্ৰহ্মা হৰ পুৰন্দৰ আদি দেৱ নিৰন্তৰ
যাত সদা পশয় শৰণে।
আৰ আন নাহি ত্ৰিভুৱনে।
ভকতজনৰ বন্ধু তুমিসে কৰুণাসিন্ধু
মোৰ গতি তোহ্মাৰ চৰণে।।৬৪৷৷
মায়াৰ নিথ্ৰহে মঞি পৰম আতুৰ ভৈলো
প্রাণ যদুপতি জীৱন যদুপতি।
অনাথৰ নাথ হৰি তুমি কৃপাময় বিনে
মোৰ আৰ নাহি আন গতি।।৬৫৷৷
হে প্ৰভু ভগৱন্ত ইটো সংসাৰত যত
আছে পাপী তাৰ মঞি সীমা।
চৰণে থাপিয়ো মোক পতিত পাৱন নিজ
দেখায়োক নামৰ মহিমা।।৬৬৷৷
তোহ্মাত বিমুখ হৰি হৈবাৰ দেখিয়া মায়া
মোৰ মতি কৰিলে মোহিত।
এৰে হৰি তযু পদে সেৱাতে যিমতে ৰহো
হেন কৃপা কৰিতে উচিত।।৬৭৷৷
নমো নমো নাৰায়ণ প্ৰসন্ন হুয়োক হৰি
কৰিয়োক মায়াক নিৰ্য্যাণ।
আপুনাৰ মহিমাক আপুনি বেকত কৰি
জীৱক কৰিয়ো পৰিত্ৰাণ।।৬৮৷৷
তোহ্মাৰ মায়ায়ে হৰি কপট গুণক ধৰি
মুহিয়াছে আমাক সমূলি।
গুচায়োক মায়া স্বাী তোহ্মাৰ চৰণে আমি
ভজিলোহো জয় জয় বুলি।।৬৯৷৷
মঞি অনাথক দায়া কৰহু পৰমানন্দ
দাস বুলি ধৰিয়ো মনত।
থৈয়ো নিজ ভৃত্যৰ সঙ্গত।
আঙ্গুলি মুখত কৰো দান্তে তৃণ তুলি ধৰো
কেশ ছিণ্ডি দেঞো চৰণত।।৭০৷৷
অপৰাধ বিনাশন তযু নাম নাৰায়ণ
জানি নামে পশিলো শৰণে।
আন গতি নাহিকে মৰণে।
অপৰাধ ক্ষমা কৰি তুমি দায়াশীল হৰি
মোক ৰক্ষা কৰিয়ো চৰণে।।৭১৷৷
অনুনাথনা
তোহ্মাৰেসে অবিদ্যায়ে আমাক মুহিলে হৰি
নজানোহো তোহ্মাৰ তত্ত্বক
তোহ্মাৰ চৰণে হৰি শৰণ পশিয়া সাৰ
কৰিলোহো তোহ্মাৰ নামক।।৭২৷৷
হে কৃষ্ণ তুমি মাত্ৰ চৈতন্যস্বৰূপ নিত্য
সত্য শুদ্ধ জ্ঞান অখণ্ডিত।
আৱৰ যতেক ইটো তোহ্মাৰ বিনোদ ৰূপ
চৰাচৰ মায়াৰ কল্পিত।।৭৩৷৷
তযু গুণনাম হৰি কেৱলে নিৰ্গুণ মাত্ৰ
আৱৰ সমস্তে গুণময়।
এতেক জানিয়া হৰি তোহ্মাৰ নামক মাত্ৰ
কৰিলোহো সাৰ কৃপাময়।।৭৪৷৷
মহিমা
কৃষ্ণপাদপঙ্কজৰ সেৱাৰ মহিমা কথা
শুনি বড় আনন্দ মিলয়।
যাৰ ভকতৰ সঙ্গে সৰ্ব্বপুৰুষাৰ্থশিৰে
চড়ি আতি কৌতুক কৰয়।।৭৫৷৷
যদি ভৱভয় ভঙ্গ মনে ইচ্ছা কৰা ভাই
সদা সাধুসঙ্গ কৰা সাৰ।
এক ক্ষণমানে মাত্ৰ কেৱল সাধুৰ সঙ্গে
হোৱে নাৱ ভৱ তৰিবাৰ।।৭৬৷৷
হৰিকীৰ্ত্তনৰ মহা- আনন্দ সুখক আশে
কতো কতোসৱ মহাজনে।
মুকুতিসুখকো তেজি মহন্তজনৰ সঙ্গ
খোজে আতি কৃষ্ণৰ চৰণে।।৭৭৷৷
কিন্তু ইটো মহাধৰ্ম্ম মাধৱৰ জন্ম কৰ্ম্ম
বেদে যাৰ নজানে মহিমা।
হৰিনাম কীৰ্ত্তনত মিলে মোক্ষ আদি যত
কীৰ্ত্তনসুখৰ নাহি সীমা।।৭৮৷৷
মধুৰৰো সুমধুৰ হৰিৰ কীৰ্ত্তনৰস
মঙ্গলৰো পৰম মঙ্গল।
এতেকেসে মুকুতিকো তেজি হৰিগুণ গায়া
ফুৰে মহা মহন্তসকল।।৭৯৷৷
পৰম নিপুণসৱে বুজিয়া শাস্ত্ৰৰ তত্ত্ব
হৰিপদপঙ্কজে ভজিয়া।
হৰিকীৰ্ত্তনৰ মহা- নিৰ্ভৰ আনন্দে মজি
থাকে সুখে মুকুতি তেজিয়া।।৮০।।
গোৱিন্দৰ নামগুণ কীৰ্ত্তন কৰন্তে জানা
কিঞ্চিতেকো নাহিকে প্রয়াস।
নিজ গুণলুন্ধ হৰি কীৰ্ত্তন কৰন্তে আসি
হৃদয়তে হোৱন্ত প্ৰকাশ।।৮১৷৷
যিসৱ চতুৰ নৰে মাধৱৰ নামগুণ
কীৰ্ত্তন কৰন্ত সাৱধানে।
দেৱৰো দেৱতা হৰি তাহাৰ হৃদয় এড়ি
যাইবাক নপাৰে আন থানে।।৮২৷৷
যিটো দেৱ ভগৱন্ত বেদো যাক নজানন্ত
তেন্তে নিজ কীৰ্ত্তনত বশ্য।
জানি মাধৱৰ নাম কীৰ্ত্তন কৰিয়ো সদা
ইটো সৱে শাস্ত্ৰৰ ৰহস্য।।৮৩৷৷
হৰিভক্তি সৰোবৰে সম্ভোষ অমৃতজলে
কৃষ্ণপাদপদ্ম প্ৰকাশয়।
ৰামনাম ৰাজহংসে ছানিয়া আৰাৱ কৰে
শুনি আতি কৌতুক মিলয়।।৮৪৷৷
সমস্তে তীৰ্থত স্নান কৰিলেক সৰ্ব্ব যজ্ঞ
দীক্ষিত ভৈলেক সিটোজন।
সমস্তে দানৰ ফল সি সি জনে পাইলে আতি
যিটো কৰে হৰিৰ কীৰ্ত্তন।।৮৫৷৷
মাধৱে বোলন্ত মোক কৃষ্ণ কৃষ্ণ কৃষ্ণ বুলি
সদায় সুমৰে যিটোজনে।
জল হন্তে যেন পদ্ম নৰকৰপৰা তাঙ্ক
আপুনি উদ্ধাৰো ৰঙ্গ মনে।।৮৬৷৷
যদ্যপি দুৰ্জ্জন কলি হৰিৰ ভকতিপথ
কৰিলেক বিৰল প্ৰচাৰ।
একান্ত শৰণে যিটো অৱণ কীৰ্ত্তন কৰে
ওচৰো নচাপে কলি তাৰ।।৮৭৷৷
পৰম পুৰু্য দেৱ পৰম কাৰণ প্ৰভু
পৰম ইশ্বৰ ভগৰৱন্ত।
সদানন্দ সদাশিৱ সত্য সনাতন হৰি
জয় জয় অচিন্ত্য অনন্ত।।৮৮৷৷
আত্ম-উপদেশ
হে জিহ্বা সদা তোৰ মধুৰেসে মাত্ৰ প্ৰিয়
জান তঞি ৰসৰ সাৰক।
আন তেজি নিৰন্তৰে কৰিয়োক মাত্ৰ পান
নাৰায়ণ নাম অমৃতক।।৮৯৷৷
হে জিহ্বা তঞি সদা আহ্মাত নিৰ্দ্দয় ভৈলি
কেনে নোবোলস ৰামবাণী।
সংসাৰ সাগৰে ইটো হৰিসে সুদৃঢ় নাৱ
জানি হৰি বুলিয়ো কল্যাণী।।৯০৷৷
হে কৰ্ণ সদা তোৰ শবদ মাত্ৰসে প্ৰিয়
তঞি শব্দ মধুৰ জানস।
কোটি অমৃততোধিক পৰম মধুৰ শব্দ
শুন সদা কৃষ্ণ নাম যশ।।৯১৷৷
হে মন তোৰ কাম সম্কল্প বিকল্প ধৰ্ম্ম
তেজি মিছা কামনা সকল।
সদায়ে সঙ্কল্প মাত্ৰ কৰিয়ো সুহৃদ মন
কৃষ্ণনাম পৰম মঙ্গল।।৯২৷৷
শুনিয়ো হৃদয় হেৰ ব্ৰহ্মাণ্ড ভিতৰে যত
বস্তু আছে তোক নোজোডুয়।
তাক তেজি কৃষ্ণনাম অক্ষয় অমৃত পিয়া
সম্তোষক লভিয়ো হৃদয়।।৯৩৷৷
শুনিয়োক বুদ্ধি তোৰ কেৱলে নিশ্চয় ধৰ্ম্ম
তেজি সৱ বিনাশী বিষয়।
সদা শুদ্ধ সুমঙ্গল অক্ষয় কৃষ্ণৰ নাম
তাকে মাত্ৰ কৰিয়ো নিশ্চয়।।৯৪৷৷
শুন হেৰ অহঙ্কাৰ নিচিন্ত আপুন মাৰ
মিছা অহম্মমক তেজিয়ো।
পৰম ইশ্বৰ কৃষ্ণ হুয়োক তাহান দাস
সাধুসঙ্গে কৃষ্ণক ভজিয়ো।।৯৫৷৷
শুনিয়োক চিত্ত হেৰ পৰম ৰহস্য বাণী
তুমি শুদ্ধ জ্ঞানৰ আলয়।
কৃষ্ণ নিত্য শুদ্ধ বুদ্ধ পৰম ইশ্বৰ দেৱ
‘নছাড়িবা তাহান আশ্রয়।।৯৬।৷
কৃষ্ণ নিজ ইষ্টদেৱ আত্মা প্ৰিয়তম গুৰু
সুহৃদ সোদৰ বন্ধুজন।
কৃষ্ণে মোৰ মতি গতি কৃষ্ণত ভকতি ৰতি
কৃষ্ণপাবে নিমজোক মন।।৯৭৷৷
আত্ম নিন্দা
শান্ত চিদানন্দ শুদ্ধ অনন্ত মহিমা নিত্য
নিৰ্ম্মল তৰঙ্গচয় ইন।
হেনয় পৰমানন্দ অমৃতসাগৰে মজি
আচান্ত নকৰি বুদ্ধিক্ষীণ।।৯৮৷৷
হে হৰি সাৰশূন্য মৃগত্ষ্ণৰ্ণৰজলে
আন্ত হুয়া মহামোহ পাঞো।
স্নান পান আচমন কৰোহো ৰমণ তাতে
কতোহো উপঙ্গো তল যাঞো।।৯৯৷৷
লগতে পঢ়ক: মুক্তিত নিস্পৃহ যিটো