WhatsApp WhatsApp Channel NEW
Join Now →
Play Store Android App FREE
Get Now →
Home » নামঘোষা » মুক্তিত নিস্পৃহ যিটো – Muktito Nispriho Jitu – Assamese Prayer lyrics

মুক্তিত নিস্পৃহ যিটো – Muktito Nispriho Jitu – Assamese Prayer lyrics

মুক্তিত নিস্পৃহ যিটো – Muktito Nispriho Jitu – Assamese Prayer lyrics

মুক্তিত নিস্পৃহ যিটো
শ্ৰেণীঅসমীয়া প্ৰাৰ্থনা
প্ৰাৰ্থনা নামমুক্তিত নিস্পৃহ যিটো
সংগ্ৰহ কৰা হৈছেনামঘোষা
লেখকমহাপুৰুষ মাধৱদেৱ
অধ্যায়ভজন
ঘোষা ছবি

ভজন
ঘোষা ।। ছবি।।

মুক্তিতো নিস্পৃহ যিটো  সেহি ভকতক নমো
ৰসময় মাগোহো ভকতি।

সমস্ত মস্তক মণি নিজ ভকতৰ বশ্য
ভজো হেন দেৱ যদুপতি।।১৷৷

যাৰ ৰাম কৃষ্ণ নাম- নাৱে ভৱসিন্ধু তৰি
পাৱে পৰম্পদ পাপী যত।

সদানন্দ সনাতন হেনয় কৃষ্ণক সদা
উপাসা কৰোহো হৃদয়ত।।২।।

নমস্কাৰ

মৎস্য কুৰ্ম্ম নৰসিংহ বামন পৰশুৰাম
হলীৰাম বৰাহ জ্ৰীৰাম।

বুদ্ধ কন্ধি নামে দশ আকৃতি ধৰিছা কৃষ্ণ
তযু পাৰে কৰোহো প্রণাম।।৩৷

উপদেশ

একান্ত ভকতসৱে নিৰ্গুণ কৃষ্ণৰ গুণ
গাৱে সদা বসিয়া যথাত।

বৈকুণ্ঠক পৰিহৰি যোগীৰো হৃদয় এৰি
থাকা হৰি সাক্ষাতে তথাত।।৪৷।৷

কৰ্ম্মত বিশ্বাস যাৰ হিয়াত থাকন্তো হৰি
আতিশয় দূৰ হোন্ত তাৰ।
দূৰতো বিদূৰ হোন্ত তাৰ।

অহঙ্কাৰ থাকন্তেও সাক্ষাতে কৃষ্ণক পাৱে
অৱণ কীৰ্ত্তন ধৰ্ম্ম যাৰ।।৫৷৷

যিটোজনে শুদ্ধভাৱে হৰিত শৰণ লৈয়া
হৰিক সুহৃদ বুলি আছে।

হৰিৰ প্ৰসাদে সিটো বিঘ্নিৰ মুণ্ডত ভৰি
দিয়া হৰিগুণ গায়া নাচে।।৬৷৷

সকল নিগম লতা তাৰ অৱিনাশী ফল
কৃষ্ণনাম চৈতন্য স্বৰূপ।

সুমধুৰ সুমঙ্গল অদ্ধায়ে হেলায়ে লৈয়া
নৰ মাত্ৰে তৰে ভৱকুূপ।।৭৷৷

অব্যক্ত ইশ্বৰ হৰি কিমতে পূজিবা তাঙ্ক
ব্যাপকত কিবা বিসৰ্জ্জন।

এতাৱন্ত মূৰ্ত্তিশূন্য কেনমতে চিন্তিবাহা
ৰাম বুলি শুদ্ধ কৰা মন।।৮৷৷

যিটোজনে কৃষ্ণকথা বিচাৰ সময়ে মনে
ধৈৰ্য্য ধৰি ক্ষণেক থাকয়।

যত তীৰ্থ স্নান দান দেৱ পিতৃ যজ্ঞ যাগ
যোগাদিৰো ফলক পাৱয়।।৯।।

যাৰ পুত্ৰসৰে এঁত হৰিত শৰণ লৈয়া
হৰিগুণ গাৱে শুদ্ধভাৱে।

দধি দুগ্ধ ঘৃত মধু নদীৰ জলক পিয়া
পিতৃগণে তৃপিতিক পাৱে।।১০৷৷

সেহিসে সকলে শাস্ত্ৰ পঢ়িলে শুনিলে সি সি
অনুষ্ঠান সমস্তে কৰিল।

নিৰাশা ইশ্বৰ কৃষ্ণ তাহাঙ্ক সম্মুখ ভৈল
আশাক যিজনে পিঠি দিল।।১১৷৷

অপৰৱিত্ৰ যিটো আতি পৰরিত্ৰ হোৱেবা যদি
সমস্তে অৱস্থা আছে পায়া।

কমললোচন যিটো সুমৰে তাৰেসে শুদ্ধ
বাহিৰে ভিতৰে হোৱে কায়া।।১২।৷

সেহিসে চতুৰ যিটো পুণ্যৰ নিদানভূত
নাৰায়ণ নামক উচ্চৰে।

অচতুৰ সি সি আতি পাপৰ নিদান ভূত
নামে অৰ্থবাদ যিটো কৰে।।১৩৷৷

মহেশে বোলন্ত মোৰ ৰ-কাৰাদি নাম শুনি
পৰম প্ৰসন্ন হোৱে মন।

শুনিয়ো পাৰ্ব্বতী মঞি মনতে শঙ্কঞো ৰঙ্গে

ৰাম বুলিবেক ইটো জন।।১৪৷৷
কৰ্ণপথে ভকতৰ হিয়াত প্ৰৱেশি হৰি
দুৰ্ব্বাসনা হৰে সমস্তয়।
জলৰ যতেক মল যেহেন শৰত কালে
স্বভাৱতে নিৰ্ম্মল কৰয়।।১৫৷৷
হুয়া দেৱ দিগন্বৰ ভস্মবিভূষিত অঙ্গ

শিৰত ধৰিয়া জটাভাৰ।

মহেশে সেৱন্ত যাক হেন কৃষ্ণ বিনে আন
কোন শ্ৰেষ্ঠ দেৱ আছে আৰ।।১৬৷৷

ব্ৰহ্মা আদি দেৱগণে নিচল সম্পত্তি মনে
লক্ষ্মীক সেৱন্ত তপ কৰি।

লক্ষ্মীও সেৱন্ত যাক হেন মহেশ্বৰ বিষ্ণু
আন কোন দেৱ তাঙ্ক সৰি।।১৭৷৷

সমস্ত বেদান্ত সাৰ মহাভাগৱত শাস্ত্ৰ
ইহাৰ অমৃতৰস পাই।

পৰম সম্তোষে পান কৰিলে যিজনে তাৰ
অন্যত্ৰ ৰসত ৰতি নাই।।১৮৷৷

মহাভাগৱত ৰস মাধৱৰ নাম যশ
আক পান কৰিল যিজনে।

কৃষ্ণৰ চৰণে চিত্ত দিয়া মোক্ষ আদি ৰসে
ৰতি আৰ নকৰয় মনে।।১৯৷৷

কৃষ্ণৰ নামক সদা কীৰ্ত্তন কৰয় যিটো
মনে দৃঢ় কৰিয়া নিশ্চয়।

নিষ্কাম হোক বা যদি সকাম হোৱয় তাক
কদাচিতো কলি নবাধয়।।২০।৷

চাণ্ডাল পৰ্য্যন্ত কৰি জগতৰে উপকাৰী
নাহি নামণ্ডণ বিনে আন।

সেহিসে কাৰণে হৰি নিজ যশপিিয় ভৈল
ভগৱন্ত ভকতৰ প্ৰাণ।।২১৷৷

যিহেতু চৈতন্য পূৰ্ণ পৰমাত্মা ৰূপে হৰি
হৃদয়ত আছন্ত প্ৰকাশি।

তাতেসে ইন্দ্ৰিয়ণ ভুত প্ৰাণ বুদ্ধি মন
প্ৰৱৰ্ত্তে যতেক জড়ৰাশি।।২২৷৷

ৰাম কৃষ্ণ হৰিনাম সৰ্ব্বধৰ্ম্ম অনুপাম
সকল নিগম তত্ত্ব সাৰ।
যাত পৰে ধৰ্ম্ম নাহি আৰ।

হেন নাম নুসুমৰি কমন ভাৰসা কৰি
ৰৈয়া আছা ভৱ তৰিবাৰ।।২৩।৷

বিষ্ণু পাদোদকী গঙ্গা মহেশে সহিতে ইটো
জগতকে পৰরিত্ৰ কৰয়।

হেন কৃষ্ণ বিনে কোন ভগৱন্ত হেন ইটো
শবদৰ স্বৰূপ আছয়।।২৪৷৷

পুণ্য অৰণ্যৰ মাজে মাধৱৰ নামসিংহ
প্রকাশ কৰয় আতি বড়ে।

যাৰ ধ্বনি শুনি ভয়ে মহাপাপ হস্তীচয়
পলায় আতি ত্ৰাসত লবৰড়ে।।২৫৷৷

আপুনি আপুন বন্ধু আপুনি আপুন শত্ৰু
আপুনি আপুন ৰাখে মাৰে।

হৰিক নভজি নৰে আপুনি হোৱয় নষ্ট
হৰি ভজি আপুনাক তাড়ে।।২৬৷৷

দুৰ্ল্লভ মনুষ্য তনু লভিয়া পশুৰ যোগ্য
বিষয়ৰ আশা পৰিহৰা।

সন্তৰ সঙ্গত বসি সুখে হৰিগুণ গায়া
সন্তোষ অমৃত পান কৰা।।২৭৷৷

বিষয় সম্বন্ধ সুখ সমস্ত যোনিতে পায়
হৰিসেৱা একো থানে নাই।

হৰিৰ সেৱাৰ যোগ্য কেৱলে মনুষ্যতনু
জানি ফুৰা হৰিগুণ গাই।।২৮৷৷

হৰিনাম কীৰ্ত্তনত নাহি কাল দেশ পাত্ৰ
নিয়ম সংযম একো বিধি।

হৰিত শৰণ লৈয়া কেৱলে হৰিৰ নাম
কীৰ্ত্তন কৰন্তে হোৱে সিদ্ধি।।২৯৷৷

মৃত্যুৰ মুখত পৰি আছে যিটো সিটো নৰে
হৰিগুণ কীৰ্ত্তন নকৰে।

মৃত্যু তৰিবাৰ জানা নাহিকে উপায় আন
হৰিনাম কীৰ্ত্তত পৰে।।৩০৷৷

মৃত্যু তৰিবাৰ যত আছয় উপায় আন
বিঘিনি দূষিত নিৰন্তৰে।

বিঘিনি ৰহিত যত মাধৱৰ গুণ কৰ্ম্ম
কীৰ্ত্তন কৰিয়া সুখে তৰে।।৩১৷৷

লুব্ধমতি মনুষ্যৰ হৰি কীৰ্ত্তনত পৰ
নাহিকে ৰহস্য বিত্ত আৰ।

আন আশা পৰিহৰি মাধৱক মনে ধৰি
হৰিৰ কীৰ্ত্তন কৰা সাৰ।।৩২৷৷

শুনা পৰমাৰ্থ তত্ত্ খ্ৰীমন্ত শঙ্কৰ মত
ধৰিয়োক সজ্জনসকল।

হৰিৰ কীৰ্ত্তন কৰি সুখে সংসাৰক তৰি
পাইবা ভক্তি পৰম নিৰ্ম্মল।।৩৩৷৷

শুনা সভাসদচয় নেৰিবা শাস্ত্ৰৰ নয়
হৰিগুণ ভাগৱত সাৰ।
সাধুসঙ্গ অনুসৰা অৱণ কীৰ্ত্তন কৰা

পৰিহৰা পাষণ্ড আচাৰ।।৩৪৷৷
বৈৰাগ্যত পৰে ভাগ্য নাহি প্ৰবোধত পৰে
সুখ আৰ নাহি পুৰুষৰ।
হৰি বিনে পৰিত্ৰণ কৰ্ত্তা আৰ নাহি জানা
ৰিপু নাহি সংসাৰত পৰ।।৩৫৷৷
লক্ষ্মীপতি ভগৱন্ত যাহাৰ প্ৰসন্ন ভৈল
তাহাৰ দুৰ্ল্লভ কিছু নাই।
নাৰায়ণপৰ ভৈলে তথাপি কিঞ্চিতো আন
নবাঞ্ছয় সেৱা সুখ পাই।।৩৬৷৷
কৃষ্ণৰ হৃদয় চাৰু লক্ষ্মীৰ নিৱাস থান
মুখ নয়নৰ পানপাত্ৰ।

দিগপাল সমস্তৰ আশ্রয় কৃষ্ণৰ বাহু
ভকতৰ পাদপদ্ম মাত্ৰ।।৩৭৷৷

পৰম মইম্বৰদেৰ কৃষ্ণক নপায় লাগ
তপ জপ যাগ যজ্ঞ দানে।

একান্ত ভক্তৰ পদ- ৰেণু শুদ্ধ চিত্তে মাথে
অভিষেক নকৰয় মানে।।৩৮৷৷

গ্রাম্যকথা বিনাশন উত্তম শ্লোকৰ গুণ
প্রসৱয় সাধুৰ সঙ্গত।

তাক অনুদিনে যিটো সেৱে তাৰ সতী মতি
হোৱে বাসুদেৱ চৰণত।।৩৯৷৷

সেহিসে দিনক ভাই দুৰ্দ্দিন বুলিয়া মানি
মেঘাচ্ছন্ন নোহয় দুৰ্দিন।

হৰিকথা অমৃতৰ সম্যক আলাপ ৰসে
যিটো দিন হোৱয় বিহীন।।৪০৷৷

আত্মা ইশ্বৰৰ লাগ প্ৰত্যক্ষে সততে পায়
নপায় জানা তাঙ্ক অবিদ্যাত।

অবিদ্যা নাশিলে লাগ কৃষ্ণক পাৱয় যেন
কণ্ঠলগ্ন বস্তুক সাক্ষাত।।৪১৷৷

লগতে পঢ়ক: নামঘোষা

Leave a Comment

Stay informed about the latest Educational Update website. We provide timely and accurate information on upcoming Exam, application deadlines, exam schedules, and more.

📱 Get AssamWeb App

Unlock free PDFs, mock tests, and certificates with our mobile app. Faster, smoother, and made for students 📚✨

🚀 Install from Play Store One-time reminder • No spam