Home » বৈচিত্রময় অসম Class 9 » কাছাৰৰ জনগোষ্ঠীসকল Class 9 – প্ৰশ্নৰ উত্তৰ (দ্রুতপাঠ) বৈচিত্রময় অসম

কাছাৰৰ জনগোষ্ঠীসকল Class 9 – প্ৰশ্নৰ উত্তৰ (দ্রুতপাঠ) বৈচিত্রময় অসম

কাছাৰৰ জনগোষ্ঠীসকল

বিষয় অসমীয়া
কিতাপখনৰ নামবৈচিত্রময় অসম Class 9 (দ্রুতপাঠ)
পাঠৰ নামকাছাৰৰ জনগোষ্ঠীসকল
উপলব্ধসকলো প্ৰশ্নৰ উত্তৰ
শ্ৰেণীনৱম শ্ৰেণী
অধ্যায় 2
পাঠ্যক্ৰম ছেবা (SEBA)

কাছাৰৰ জনগোষ্ঠীসকল class 9

প্রশ্নঃ কাছাৰ হাইলাকান্দি আৰু কৰিমগঞ্জ এই তিনিখন জিলাক কিয় বৰাক উপত্যকা বুলি কোৱা হয়।
উত্তৰ : এই তিনিখন জিলাৰ মাজেৰে বৰাক লৈ প্রবাহিত হৈ গৈছে। সেইবাবে এই তিনিখন জিলা একেলগে বৰাক উপত্যকা বােলা হয়।

প্রশ্ন : নৃতত্ত্ববিদসকলে বৰাক উপত্যাকাক কি বুলি অভিহিত কৰিছে?
উত্তৰ : Anthropological Garden অৰ্থাৎ নৃতত্ত্বৰ বাগিছা।

Winter Sale

প্রশ্ন : বৰাক উপত্যকাত বসবাস কৰা বিভিন্ন জনগােষ্ঠী কি কি?
উত্তৰ : মণিপুৰী, মণিপুৰী বিষ্ণুপ্রিয়া, ভােজপুৰী, অসমীয়া, ৰাজবংশী, ৰাজস্থানী, বর্মন (ডিমাছা), ৰংমাই নাগা, মাৰ, কাৰ্বি, ৰিয়াং, খাচিয়া, ভেইকেই, কুকি, মিজো, সিমতে, চাকমা, চিৰু, চৰৈ, নেপালী ইত্যাদি।

প্রশ্ন : বৰকা উপত্যকাত পালন কৰা প্রধান উৎসৰবােৰৰ নাম লিখা?
উত্তৰঃ

  • শাৰদীয় দুর্গাপূজা —–হিন্দুসকলে,
  • ঈদ-উল-ফিতাৰ ——-মুছলমানসকলে,
  • ৰাসযাত্রা——মণিপুৰী বিষ্ণুপ্রিয়াসকলে,
  • ছটপূজা——- ভােজপুৰীসকলে,
  • বিহু ——-অসমীয়া আৰু ৰাজবংশীসকলে,
  • মহাবীৰ জয়ন্তী —–ৰাজস্থানীসকলে,
  • বসু—–বর্মন (ডিমাছা)সকলে,
  • গান্ডনাঈ—–ৰংমাই নাগাসকলে,
  • চিকপুইৰুঐ– মাৰসকলে, কাৰ্বি ৰেখাে নিসচো
    আৰু আৰংগাজে—- কাৰ্বিসকলে,
  • হােজাগিৰি—– ৰিয়াংসকলে,
  • চেনখাচি চেনগ্রিতে ——-খাচিয়াসকলে,
  • চাওয়াংকূট—– ভেইকেই সকলে,
  • মিমকূট—- কুকিসকলে,
  • চাপচাৰকূট——মিজোসকলে,
  • কূট— সিমতে সকলে,
  • বুদ্ধ পূর্ণিমা—–চামকাসকলে,
  • চাকথাৰমকম——- চিৰুসকলে,
  • খােদয়—– চৰৈসকলে,
  • দশেই তিহাৰ– নেপালীসকলে ইত্যাদি উৎসৱবােৰ পালন কৰা দেখা যায়।

প্রশ্ন : ইছলাম ধৰ্মত বর্ষগণনা কেনেদৰে কৰা হয় ?
উত্তৰ : চন্দ্ৰমাহ অনুসৰি ইছলাম ধৰ্মৰ বর্ষগণনা কৰা হয়। সেই বাবে ঈদ-উল-ফিতৰ উৎসৱৰ সময় প্রতিবছৰে সলনি হয়।

প্রশ্ন : খ্রীষ্ট ধর্মাবলম্বীসকলৰ প্ৰধান উৎসৱ কি আৰু এই উৎসৱ কেতিয়া পালন কৰা হয় ?
উত্তৰ :বৰদিন। এই উৎসৱ ২৫ ডিচেম্বৰ তাৰিখে পালন কৰা হয়।

প্রশ্ন : হায়দৰাবাদত অনুস্থিত সন্তোষ ট্ৰফী ফুটবল প্রতিযােগিতাত অসম ৰাজ্যিক ফুটবল দলৰ মেনেজাৰ কোন আছিল?
উত্তৰ : সুনীল মােহন।

প্ৰশ্ন: The background of Assamese Culture গ্রন্থখন কোনে ৰচনা কৰিছিল?
উত্তৰ : ৰাজমােহন নাথে।

কাছাৰৰ জনগোষ্ঠীসকল class 9

প্রশ্ন : চমুটোক:

ৰাজমােহন নাথ :
উত্তৰ: অসমৰ বুৰঞ্জী আৰু পুৰতত্ত্ব গৱেষণাৰ চৌহদত ৰাজমােহন নামৰ অৱদান অসামান্য। তেওঁ অভিযন্তা আছিল। কিন্তু তেওঁৰ আগ্রহ আছিল বুৰঞ্জী গৱেষণতি। এই সন্দৰ্ভত তেওঁৰ উল্লেখযােগ্য গ্রন্থ হল— The Background of Assamese Culture | গ্ৰন্থখন প্রথম প্রকাশ হৈছিল ১৯৪৮ চনত। শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্য আৰু দর্শন বিষয়তাে তেওঁ চৰ্চা কৰিছিল। ১৯৪৮ চনত শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্য আৰু দর্শন বিষয়তাে তেওঁ চৰ্চা কৰিছিল। ১৯৫৮ চনত তিনিচুকীয়াত অনুস্থিত হােৱা অসম সাহিত্য সভাৰ ত্রয়ােদশ অধিবেশনত তেওঁ বুৰঞ্জী শাখাৰ সভাপতি আছিল।

নলিনীন্দ্র কুমাৰ বৰ্মন :
উত্তৰ: নলিনীন্দ্র কুমাৰ বৰ্মন আছিল শিক্ষক। তেওঁ ১৯৩০ চনৰ জুন মাহত বৰ্তমানৰ ডিমাহাছাও জিলাৰ সদৰ হাফলঙৰ মিচন স্কুলত শিক্ষক হিচাপে যােগদান কৰিছিল। তেওঁ ডিমাছা জাতিৰ ঐতিহ্য আৰু পৰম্পৰা বিষয়ে ব্যাপক অধ্যয়ন কৰিছিল। এই বিষয়ে লিখা তেওঁৰ গ্ৰন্থখনৰ নাম হ’ল— ‘The Queen of cachar or Hearmbo and the History of the Cacharis’ ডিমাছ সমাজত শৰাধৰ অত্যাবশ্যকীয় অংগ হ’ল কীর্তন। নলিনীন্দ্র কুমাৰ বৰ্মনে শৰাধৰ কীর্তন পদাৱলীৰ এখন সংকলন প্ৰকাশ কৰিছিল। এই গ্ৰন্থখনৰ নাম হল—  হৈড়িম্বৰাজ গোবিন্দচন্দ্র কৃত হিন্দু শাস্ত্রীয় শ্রাদ্ধাদিৰ কীর্তন গীতিকা।’

প্রশ্ন : কিমান চনত গুৰু বিপিন সিংহক ‘সংগীত নাটক অকাডেমী বঁটা প্ৰদান কৰা হৈছিল?
উত্তরঃ ১৯৬৬ ইং চনত।

প্রশ্ন : মধ্য প্রদেশ চৰকাৰৰ পৰা কালিদাস সন্মান’ কোনে লাভ কৰিছিল?
উত্তৰ গুৰু বিপিন সিংহ।

প্রশ্ন : ‘নিখিল বিষ্ণু প্রিয় মণিপুৰী সাহিত্য পৰিষদৰ প্রতিস্থাপক সভাপতি কোন আছিল?
উত্তৰ : জগত মােহন সিংহ।

প্রশ্ন : কলকতাত ‘মণিপুৰী নর্তনালয়’ নামৰ নৃত্যকলাৰ শিক্ষানুস্থান কোনে স্থাপন কৰিছিল ?
উত্তৰ : গুৰু বিপিন সিংহই।

প্রশ্নঃ ইংৰম চন্দ্র সিংহই স্থাপন কৰা স্কুলখন বর্তমান কি নামেৰে জনাজাত ?
উত্তৰ : খেলম হাইস্কুল।

প্রশ্ন : মুকুন্দ দাস ভট্টাচাৰ্যক কিমান চনত ‘বিষ্ণুৰাভা’ বঁটাৰে সন্মানিত কৰা হয় ?
উত্তৰ : ১৯৯৭ ইং চনত।

প্রশ্নঃ কাছাৰ হাইলাকান্দি আৰু কৰিমগঞ্জ এই তিনিখন জিলাক কিয় বৰাক উপত্যকা বুলি কোৱা হয়।

উত্তৰ : এই তিনিখন জিলাৰ মাজেৰে বৰাক লৈ প্রবাহিত হৈ গৈছে। সেইবাবে এই তিনিখন জিলা একেলগে বৰাক উপত্যকা বােলা হয়।

প্রশ্ন : নৃতত্ত্ববিদসকলে বৰাক উপত্যাকাক কি বুলি অভিহিত কৰিছে?

উত্তৰ : Anthropological Garden অৰ্থাৎ নৃতত্ত্বৰ বাগিছা।

প্রশ্ন : বৰাক উপত্যকাত বসবাস কৰা বিভিন্ন জনগােষ্ঠী কি কি?

উত্তৰ : মণিপুৰী, মণিপুৰী বিষ্ণুপ্রিয়া, ভােজপুৰী, অসমীয়া, ৰাজবংশী, ৰাজস্থানী, বর্মন (ডিমাছা), ৰংমাই নাগা, মাৰ, কাৰ্বি, ৰিয়াং, খাচিয়া, ভেইকেই, কুকি, মিজো, সিমতে, চাকমা, চিৰু, চৰৈ, নেপালী ইত্যাদি।

Leave a Comment

Stay informed about the latest Educational Update website. We provide timely and accurate information on upcoming Exam, application deadlines, exam schedules, and more.

📱 Get AssamWeb App

Unlock free PDFs, mock tests, and certificates with our mobile app. Faster, smoother, and made for students 📚✨

🚀 Install from Play Store One-time reminder • No spam