WhatsApp WhatsApp Channel NEW
Join Now →
Play Store Android App FREE
Get Now →
Home » Uncategorized » অসমৰ কুটীৰ শিল্প – ৰচনা (অসমীয়া ) সকলো শ্ৰেণীৰ বাবে

অসমৰ কুটীৰ শিল্প – ৰচনা (অসমীয়া ) সকলো শ্ৰেণীৰ বাবে

বিষয়ৰচনা (অসমীয়া ব্যাকৰণ)
পাঠঅসমৰ কুটীৰ শিল্প
উপলব্ধসকলো  প্ৰশ্নৰ উত্তৰ
শ্ৰেণীনৱম আৰু দশম শ্ৰেণী

অসমৰ কুটীৰ শিল্প ৰচনা

আৰম্ভণি : আমাৰ দেশ ভাৰতবৰ্ষৰ অর্থ ব্যৱস্থাৰ কামিহাড় স্বৰূপ হৈছে কুটীৰ শিল্প। কল-কাৰখানা বা যন্ত্রপাতিৰ সহায়বিহীনভাৱে নিজ হাতেৰে বিভিন্ন বস্তু-সামগ্রী প্রস্তুত কৰাৰ শিল্প কলাকেই কুটীৰ শিল্প বােলে। আমাৰ ৰাজ্য অসমতাে এনে বহুতাে শিল্প গঢ়ি উঠা দেখা যায়। তাৰ ভিতৰত তাঁত শিল্প, ৰেচম শিল্প, হস্ত শিল্প, ধাতৱ শিল্প আদি উল্লেখনীয়। এই শিল্পসমূহৰ উন্নতিৰ লগত একো একোখন ৰাজ্য তথা দেশৰ উন্নতি বা প্ৰগতিৰ বিষয় জড়িত হৈ থাকে।
তলত অসমৰ এনে কিছুমান শিল্পৰ বিষয়ে উল্লেখ কৰা হলঃ

(ক) তাঁতশিল্প : ই হৈছে অসমৰ অতি প্রাচীন শিল্প। “জাতিৰ পিতা” মহাত্মা গান্ধীয়ে এসময়ত অসমলৈ আহি অসমৰ শিপিনীয়ে নিজ হাতে কাপােৰ বােৱা কৌশলত বিমােহিত হৈ মন্তব্য কৰিছিল : “অসমীয়া তিৰােতাই তাঁত শালত সৰগ ৰচে।” সেয়েহে, গান্ধীজীয়ে নিজেও তাঁতশালৰ ওপৰত বিশেষ গুৰুত্ব আৰােপ কৰিছিল। অসমত কৃষিৰ পিছতেই স্থান লাভ কৰা বৃহত্তম গ্রাম্য শিল্পটি হ’ল তাঁতশিল্প। অসমৰ তাঁতশিল্পক দুভাগত ভগাব পাৰি । (i) ঘৰুৱা তাঁত শিল্প আৰু (ii) ব্যৱসায়িক ভিত্তিৰ তাঁতশিল্প।অসমত তাঁতশালত বােৱা বিভিন্ন পােচাক-পৰিচ্ছদ, উলেৰে তৈয়াৰী চাদৰ আদিৰ বাহিৰেও ককা-আইতাৰ দিনৰ পৰা চলি অহা ফুলাম গামােছা আৰু ‘মেখেলা-চাদৰে’ অসমীয়া শিপিনীৰ গৌৰৱ বৃদ্ধি কৰি আহিছে।

(খ) ৰেচম শিল্পঃ অসমৰ ৰেচম শিল্পৰ ক্ষেত্ৰত বিশেষকৈ এৰি, মুগা আৰু পাট বিশেষ উল্লেখযােগ্য। এই তিনিবিধৰ উৎপাদনৰ ক্ষেত্ৰত অসমৰ বিশেষ স্থান আছে। এই এৰি আৰু মুগা সমগ্ৰ ভাৰতৰ ভিতৰত কেৱল অসমতেই উৎপাদিত হয়। অসমৰ এৰি-মুগাৰ কাপােৰ ভাৰতৰ লগতে সমগ্র বিশ্বতে সমাদৃত।অসমৰ শুৱালকুছি ৰেচম শিল্পৰ বাবে বিখ্যাত।

(গ) কাঁহ-পিতল শিল্প : কাঁহ-পিতলৰ শিল্পও কুটীৰ শিল্পৰ অন্য এক অংগ। বিভিন্ন বাচন-বৰ্তন, বঁটা, শৰাই আদি এই শিল্পৰ সন্মানৰ সামগ্রী। অসমৰ হাজো, সৰ্থেবাৰী আদি ঠাইসমূহ এই শিল্পৰ বাবে বিখ্যাত।

(ঘ) হস্তশিল্প : অসমৰ কুটীৰ শিল্প হস্তশিল্পৰ বাবেও চহকী। বিভিন্ন ধৰণৰ বাচক-বনীয়া বাঁহ-বেতৰ সামগ্ৰীয়ে অসমৰ কাৰিকৰলৈ যথেষ্ট গৌৰৱ কঢ়িয়াই আনিছে। অসমীয়া কাৰিকৰৰ নিপুণ হাতেৰে নির্মিত বাঁহ-বেতৰ বিভিন্ন ধৰণৰ সামগ্রী, মুখা, পুতলা, সােণ-ৰূপৰ অলংকাৰ আৰু পােৰা মাটিৰ সামগ্ৰীৰ সৌন্দৰ্য্যও অতি মনােৰম। কাঠ শিল্পও অসমীয়া জাতিৰ গৌৰৱ। নানাবিধ আসন-বসন আদিৰ লগতে অসমীয়া শিল্পীয়ে তৈয়াৰ কৰা বেদীৰ সিহাসন, মূর্তি আদি বর্তমানেও অতি আদৰৰ। মাটিৰ বাচন-বর্তন, চক, টেকেলী আদিও কুটীৰ শিল্পৰ মৃৎশিল্পৰ অন্তৰ্গত। হাতী দাঁতেৰে নির্মিত অলংকাৰে হাতী দাঁত শিল্পক কুটীৰ শিল্পৰ অন্য এক উল্লেখনীয় শিল্পলৈ ৰূপান্তৰিত কৰিছে।

সামৰণি : অসমৰ এই চহকী কুটীৰ শিল্পসমূহ বৰ্তাই ৰাখিবলৈ ইয়াৰ উৎপাদিত সামগ্ৰীসমূহ বিক্ৰীৰ ক্ষেত্ৰত চৰকাৰৰ সহায় অতিকৈ আৱশ্যকীয় হ’ব। চৰকাৰে এই সামগ্রী সমূহৰ ওপৰত বিক্ৰী কৰ ৰেহাই দিব লাগিব। কিন্তু কালৰ কঠোৰ হাতত অসমৰ এই কুটীৰ শিল্পসমূহ লাহে লাহে নোহােৱা হৈ যাব ধৰিছে। তদুপৰি, অসমৰ উদ্যোগীকৰণৰ গতি অতি মন্থৰ। কিন্তু কুটীৰ শিল্পই প্রসাৰ লাভ কৰিলে অসমৰ উদ্যোগীকৰণৰ অভাৱ কিছু পৰিমাণে হ’লেও লাঘৱ হ’ব।ইয়াৰ ফলত অসমৰ নিবনুৱা সমস্যাও কিছু পৰিমাণে দূৰ হ’ব।

Leave a Comment

Stay informed about the latest Educational Update website. We provide timely and accurate information on upcoming Exam, application deadlines, exam schedules, and more.

📱 Get AssamWeb App

Unlock free PDFs, mock tests, and certificates with our mobile app. Faster, smoother, and made for students 📚✨

🚀 Install from Play Store One-time reminder • No spam