শব্দ Class 8 Science Chapter 13 Question Answer in Assamese

শব্দ Class 8 Science Chapter 13 Question Answer in Assamese | শব্দ class 8 question answer| বিজ্ঞান class 8 পাঠ 13

শব্দ পাঠ 13
বিষয়  বিজ্ঞান Class 8
পাঠৰ নামশব্দ প্ৰশ্ন উত্তৰ
শ্ৰেণী অষ্টম শ্ৰেণী
পাঠৰ নংপাঠ 13
পাঠ্যক্ৰম ৰাজ্যিক শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ (SCERT)

শব্দ Class 8 Science Chapter 13

অনুশীলনীৰ প্রশ্নোত্তৰ

প্রশ্ন 1ঃ শুদ্ধ উত্তৰ বাছি উলিওৱা।
শব্দ সঞ্চালিত হ’ব পৰা মাধ্যম হৈছে—
(ক) একমাত্র গেছ।
(খ) গােটা পদার্থ মাত্র
(গ) একমাত্র জুলীয়া পদার্থ

(ঘ) গােটা, জুলীয়া আৰু গেছীয় পদার্থ
উত্তৰ: (ঘ)

প্রশ্ন 2: তলত উল্লেখিত কাৰ মাত কম কম্পনাংকৰ হ’ব?
(ক) কেঁচুৱা ছােৱালী
(খ) কেঁচুৱা ল’ৰা
(গ) পুৰুষ
(ঘ) মহিলা
উত্তর : (গ)

প্রশ্ন 3: তলৰ শুদ্ধ উক্তিসমূহত ‘শুদ্ধ’ আৰু ভুল উক্তিসমূহত অশুদ্ধ’ লিখা।
(ক) বায়ুশূন্য স্থানত শব্দ সঞ্চালিত হ’ব নােৱাৰে।
(খ) এটা কম্পমান বস্তুৰ প্ৰতি ছেকেণ্ডত হােৱা দোলনৰ সংখ্যাকেই ইয়াৰ পর্যায়কাল বােলে।
(গ) কম্পনৰ বিস্তাৰ বেছি হ’লে, শব্দ দুর্বল হয়।
(ঘ) মানুহৰ বাবে শ্রাব্য সীমা 20 হার্টজৰ পৰা 20,000 হার্টজ।

(ঙ) কম্পনৰ কম্পনাংকৰ কম হলে তীক্ষ্ণতা বেছি হয়।
(চ) অবাঞ্ছিত বা অস্বস্তিকৰ শব্দকেই সংগীত বুলি কোৱা হয়।
(ছ) শব্দ প্ৰদূষণে আংশিক শ্ৰৱণ বিসংগতি সৃষ্টি কৰিব পাৰে।
উত্তৰ: (ক) শুদ্ধ, (খ) অশুদ্ধ, (গ) শুদ্ধ, (ঘ) শুদ্ধ, (ঙ) অশুদ্ধ, (চ) অশুদ্ধ, (ছ) শুদ্ধ।

প্রশ্ন 4: উপযুক্ত শব্দৰ সহায়ত খালী ঠাই পূৰ কৰা।
(ক) এটা দোলন সম্পূর্ণ কৰিবলৈ প্রয়ােজন হােৱা সময়ক বস্তু___বােলে।
(খ) কম্পন___ দ্বাৰা তীব্রতা নির্ণয় হয়।
(গ) কম্পাংকৰ একক হৈছে ___।
(ঘ) অবাঞ্ছিত শব্দক ____বােলে।
(ঙ) কম্পন ___ দ্বাৰা শব্দৰ তীক্ষ্ণতা নিৰূপণ হয়।

উত্তৰ: (ক) পর্যায়কাল, (খ) বিস্তাৰৰ, (গ) হার্টজ, (ঘ) কোলাহল, (ঙ) কম্পনাংক।

শব্দ Class 8 Science Chapter 13

প্রশ্ন 5ঃ এটা দোলকে 4 ছেকেণ্ডত 40 টা দোলন সম্পূর্ণ কৰে। ইয়াৰ পর্যায়কাল আৰু কম্পনাংক নির্ণয় কৰা।
উত্তৰ :দিয়া আছে,
কম্পনৰ সংখ্যা (n) = 40
মুঠ সময় (t) = 4 ছেকেণ্ড
পর্যায়কাল = ?
কম্পনাংক f = ?
আমি জানাে,
পর্যায়কাল (T) =4/40
⇒1/10 ছে, = 0.1 ছে,
কম্পনাংক (f) : 1/0.1 = 10 Hz

প্রশ্ন 6ঃ মহে প্রতি ছেকেণ্ডত গড়ে 500 বাৰকৈ পাখি কঁপাই শব্দৰ সৃষ্টি কৰে। এই কম্পনৰ পর্যায়কাল কিমান ?
উত্তৰ: প্রতি ছেকেণ্ডত কম্পনৰ সংখ্যা= 500
গতিকে, পর্যায়কাল কম্পনাংক = 500 Hz
∴ পর্যায়কাল (T) = 1/500= 0.002 Hz

প্রশ্ন 7ঃ তলৰ বাদ্যযন্ত্রসমূহৰ কম্পন হৈ শব্দ উৎপন্ন কৰা অংশসমূহ চিনাক্ত কৰা।
(ক) ঢােলক (খ) চেতাৰ (গ) বাঁহী
উত্তৰ: (ক) টানি ৰখা চামৰা, (খ) টানি ৰখা তাৰ, (গ) বায়ুস্তম্ভ।

লগতে পঢ়ক:   কিছুমান প্ৰাকৃতিক পৰিঘটনা – (প্রশ্নোত্তৰ) অষ্টম শ্ৰেণীৰ বিজ্ঞান

Class 8 Science Chapter 13 Question Answer in Assamese

প্রশ্ন ৪ঃ কোলাহল আৰু সংগীতৰ মাজৰ পার্থক্য কি? সংগীত কেতিয়াবা কোলাহল হ’ব পাৰেনে?
উত্তৰঃআমনিদায়ক, অসামঞ্জস্য, শৃংখলাহীন সুৰ, বৰ্জিত শব্দ কোলাহল (noise) বােলে। আনহাতে শুৱলা, আৰামদায়ক, সমজ্ঞান, শৃংখলাবদ্ধ তথা সুৰসমৃদ্ধ শব্দক সংগীত বােলে। সংগীতত ব্যৱহাৰ কৰা শব্দৰ কম্পনাংক যদি অতি বেছি হয় আৰু অতি তীক্ষ্ণ হয়, তেতিয়া এই সংগীত কোলাহলত পৰিণত হয়।

প্রশ্ন 9ঃ তােমাৰ চাৰিওফালে হােৱা শব্দ প্ৰদূষণৰ উৎসসমূহৰ তালিকা এখন প্রস্তুত কৰা।
উত্তৰ: আমাৰ চৌপাশত সৃষ্টি হােৱা কোলাহ’ল বা শব্দ প্ৰদূষণৰ উৎসসমূহৰ কেইটামান হ’ল-
১) উচ্চ স্বৰে বজোৱা টিভি, ৰেডিঅ’, টেপ আদি।
২) গাড়ী-মটৰৰ শব্দ আৰু ইয়াৰ হৰ্ণ ।
৩) পাকঘৰত বাচন-বৰ্তনৰ শব্দ।
৪) ফেন, এয়াৰ কুলাৰ আদিৰ শব্দ।
৫) ওচৰত থকা স্কুলৰ শ্ৰেণীকোঠা আৰম্ভণি নকৰা বা খেলাৰ সময়ত হােৱা চিঞৰ বাখৰ।
৬) ওচৰত বনাই থকা ঘৰৰ মিস্ত্রীয়ে কাম কৰা শব্দ।
৭) বিয়া-সবাহ আদিত ফুটোৱা হিলৈ, বােমা আদি।

শব্দ Class 8 Question Answer

প্রশ্ন 10ঃ মানুহৰ বাবে শব্দ প্ৰদূষণ কিয় অপকাৰী ব্যাখ্যা কৰা।
উত্তৰ: মানুহৰ বাবে শব্দ প্ৰদূষণ বিভিন্ন ধৰণে অপকাৰী। শব্দ প্ৰদূষণ হলে মানুহৰ মগজুৰ কষ্ট হয়। মূৰৰ বিষ হয়। টোপনি খটি হয়। ৰক্তচাপ বৃদ্ধি হয়। উৎকণ্ঠা বাঢ়ে। বেছি তীক্ষ্ণ শব্দ একেৰাহে বেছি দিন শুনিলে শ্ৰৱণ বিসংগতি (কলা) হ’বও পাৰে।

প্রশ্ন11:  তােমাৰ মা-দেউতাৰাই ঘৰ এটা কিনিবলৈ ওলাইছে। তেওঁলােকক এটা পথৰ দাঁতিৰ আৰু আন এটা পথৰ পৰা তিনিটা উপপথ আঁতৰত থকা দেখুওৱা হৈছে। তুমি তােমাৰ মা-দেউতাক কোনটো ঘৰ কিনিবৰ বাবে পৰামৰ্শ আগবঢ়াবা? কাৰণ ব্যাখ্যা কৰা।
উত্তৰ :পথৰ দাঁতিৰ ঘৰটো কিনিবলৈ পৰামর্শ দিয়া নহ’ব। পথৰ পৰা তিনিটা উপপথৰ আতৰত থকা ঘৰটোৱে কিনাৰ পৰামর্শ দিয়া হ’ব। কাৰণ পথৰ দাঁতিৰ ঘৰটোত অনবৰতে পথেৰে গতি কৰি থকা গাড়ী মটৰ আৰু মানুহৰ চিঞৰ বাখৰৰ শব্দই কোলাহলৰ সৃষ্টি কৰি থাকিব। ফলত সুস্থ পৰিবেশ এটা পােৱা নাযাব। উপপথৰ দাঁতিত থকা ঘৰটোত কোলাহল বহু পৰিমাণে কম হ’ব আৰু তাত এটি সুস্থ পৰিবেশ অনবৰতে পােৱা যাব।

প্রশ্ন 12ঃ স্বৰ্যন্ত্ৰৰ চিত্র আঁকা আৰু ইয়াৰ কাৰ্যসমূহ তােমাৰ নিজৰ ভাষাত বর্ণনা কৰা।
উত্তৰঃ মানুহৰ ক্ষেত্ৰত শব্দ স্বৰকক্ষ বা স্বৰযন্ত্ৰৰ দ্বাৰা সৃষ্টি হয়। এই স্বৰযন্ত্র মানুহৰ ডিঙিত অৱস্থিত। ইয়াৰ ঠিক তলৰ পৰা এডাল বায়ুনলী থাকে। স্বৰকক্ষ বা স্বৰ্যৰ ইপাৰ সিপাৰ হােৱাকৈ দুডাল স্বতন্ত্রী এনেদৰে টান খাই থাকে যে ইয়াৰ মাজেৰে বায়ু যাব পৰাকৈ এটা ঠেক ছিদ্ৰৰ সৃষ্টি হয়। হাওঁফাওঁৱে ছিদ্ৰৰ মাজেৰে
জোৰেৰে বায়ু ঠেলিলে স্বৰযন্ত্র কঁপিবলৈ ধৰে আৰু শব্দৰ সৃষ্টি কৰে। স্বৰন্ত্রী টান আৰু পাতল হলে যি শব্দৰ সৃষ্টি হয়, ঢিলা আৰু শকত হ’লে তাতকৈ বেলেগ শব্দৰ সৃষ্টি হয়। চিত্রঃ মানুহৰ স্বৰযন্ত্র

লগতে পঢ়ক:   পদার্থ ধাতু আৰু অধাতু Class 8 বিজ্ঞান – পাঠ ৪ প্ৰশ্ন উত্তৰ

প্রশ্ন 13ঃ আকাশত বিজুলী আৰু ঢেকেনি একে সময়ত আৰু আমাৰ পৰা একে দূৰত্বত সংঘটিত হয়। কিন্তু আগে বিজুলী, দেখা যায় আৰু তাৰ পিছতহে ঢেকেনি কাণত পৰে। ইয়াৰ কাৰণ ব্যাখ্যা কৰিব পাৰিবানে?
উত্তৰ : পােহৰৰ বেগ বায়ুৰ মাজেৰে প্ৰতি ছেকেণ্ডত তিনি লাখ কিলোমিটাৰ। কিন্তু শব্দৰ বেগ প্রতি ছেকেণ্ডত 322 মিটাৰ। যদিও ঢেৰেকনি আৰু বিজুলি মেঘত একে সময়তে উৎপন্ন হয়, বায়ুৰ মাজেৰে আহোঁতে দুয়ােৰে বেগৰ পাৰ্থক্য হেতুকে বিজুলীৰ পােহৰ বহুত আগতে আহি আমাৰ চকুত পৰে। আনহাতে শব্দ (ঢেৰেকনি) বহুত দেৰিকৈ আহি আমাৰ কাণত পৰে।

Class 8 Science Chapter 13 Question Answer in Assamese

প্রশ্ন 1ঃ শব্দ কাক বােলে?
উত্তৰঃ শব্দ হ’ল এবিধ তৰংগ। কোনাে বস্তুত আঘাত কৰিলে এই আঘাত কাণত পৰি কাণৰ পৰ্দাত যি কম্পনৰ সৃষ্টি হয় তাকে শব্দ বােলে। এই কম্পন অনুভূতি মগজুৱে আহৰণ কৰে।

প্রশ্ন 2 সংজ্ঞা দিয়া।
(i) বিস্তাৰ (ii) কম্পনাংক (iii) পর্যায় কাল (iv) প্রতিধ্বনি
উত্তৰঃ (i) বিস্তাৰঃ কম্পনশীল বস্তু এটাই তাৰ সাম্য অৱস্থাৰ পৰা এফালে লাভ কৰা সর্বোচ্চ দূৰত্বকে তাৰ বিস্তাৰ বােলে।
(ii) কম্পাংকঃ প্রতি ছেকেণ্ডত হােৱা কম্পনৰ সংখ্যাকে কম্পনাংক বােলে।
(iii) পর্যায়কালঃ এটা কম্পন বা দোলন সম্পূর্ণ কৰিবলৈ প্রয়ােজনীয় সময়কে পর্যায়কাল বােলে।
(iv) প্রতিধ্বনিঃ শব্দই কোনাে বস্তুত খুন্দা খাই ঘূৰি আহি পুনৰ কাণত পৰাকে প্রতিধ্বনি বােলে।

প্রশ্ন 3ঃ কম্পনাংকৰ এছ, আই, একক কি? মানুহৰ কাণৰ শ্ৰাব্যসীমা কিমান?
উত্তৰঃ কম্পনাংকৰ এছ, আই. একক হ’ল হার্টজ (Hertz : Hz)। মানুহৰ কাণৰ শ্ৰাব্যসীমা 20 হার্টজৰ পৰা 20 কিল’হার্টজ।

প্রশ্ন 4ঃ কেইবিধমান বাদ্যযন্ত্র আৰু তাৰ পৰা কি অংশে কম্পন ঘটুৱাই শব্দৰ সৃষ্টি কৰা হয় উল্লেখ কৰা।
উত্তৰ তলত কেইবিধমান বাদ্যযন্ত্র আৰু তাত উৎপন্ন হােৱা শব্দৰ উৎসৰ নাম তলত দিয়া হল-

বাদ্যযন্ত্রশব্দ সৃষ্টিকাৰী অংশ
1. তবলাটানি ৰখা চামৰা
2. ঢােলটানি ৰখা চামৰা
3. বাঁহীবায়ু স্তম্ভ
4. চেতাৰটানি ৰখা তাঁৰ
5. গীতাৰটানি ৰখা তাঁৰ
6. ক্লৰিনেটবায়ুস্তম্ভ

প্রশ্ন 6ঃ পুৰুষ, মহিলা আৰু সৰু ল’ৰা-ছােৱালীৰ মাতৰ ভিন্নতাৰ কাৰণ কি?
উত্তৰ : পুৰুষ, মহিলা আৰু সৰু ল’ৰা-ছােৱালীৰ বাক যন্ত্ৰত থকা স্বতন্ত্রীৰ আকৃতি বা দৈর্ঘ্য বেলেগ বেলেগ। পুৰুষৰ স্বৰতন্ত্ৰীৰ দৈর্ঘ্য হ’ব 20 মি.মি.। মহিলাৰ প্ৰায় 15 মি.মি.। সৰু ল’ৰা-ছােৱালীৰ তাতকৈও কম। গতিকে স্বতন্ত্রীৰ কম্পনাংক বেলেগ বেলেগ হয়। গতিকে সৃষ্টি হােৱা শব্দৰৰ তীক্ষ্ণতা বেলেগ বেলেগ হয়।

প্রশ্ন ৪ঃ শব্দ সঞ্চালনৰ বাবে মাধ্যমৰ প্রয়ােজন। ব্যাখ্যা কৰা।
উত্তৰঃ শব্দ মাধ্যম অবিহনে সঞ্চালন হ’ব নােৱাৰে। ইয়াক প্ৰমাণ কৰিবলৈ এটা কাঁচৰ গিলাছ লােৱা হয়। এতিয়া তাত এটা টেবুল ঘড়ী ৰখা হ’ল। টেবুল ঘড়ীৰ টিক টিক শব্দ শুনা যাব। এতিয়া যদি গিলাছৰ ভিতৰৰ বায়ুখিনি উলিয়াই অনা হয়, তেতিয়া ঘড়ীৰ টিক টিক শব্দ কমি যাব। শােষক পাম্প বা মুখেৰে শােহা মাৰি বায়ু কমাব পাৰি। যদি বায়ু সম্পূৰ্ণৰূপে নােহােৱা কৰিব পাৰি ঘড়ীৰ শব্দ একেবাৰে নুশুনা হ’ব। ইয়াৰ দ্বাৰা বুজা যায় যে বায়ু নহ’লে (মাধ্যম নহ’লে) শব্দ সঞ্চালিত হ’ব নােৱাৰে।

লগতে পঢ়ক:   শস্য উৎপাদন আৰু ব্যৱস্থাপনা অষ্টম শ্ৰেণীৰ বিজ্ঞান পাঠ ১

প্রশ্ন 9ঃ গােটা বস্তুৰ মাজেৰে শব্দই গতি কৰিব পাৰে। কিদৰে প্ৰমাণ কৰিবা।
উত্তৰঃ গােটা বস্তুৰ মাজেৰেও শব্দই গতি কৰিব পাৰে। এডাল দীঘল লাঠি লৈ এটা মূৰ কাণৰ কাষত ৰাখি আনটো মূৰে এজন বন্ধু/বান্ধবীক টুকুৰিয়াই দিব দিয়া। টুকুৰিয়াই দিয়া শব্দটো এনেয়ে টুকুৰিয়াই দিয়াৰ তুলনাত যথেষ্ট বেছি তীক্ষ্ণতাৰে শুনা যাব। শব্দই লাঠিডালৰ মাজেৰে বেছি বেগেৰে গতি কৰে বাবে এইটো ঘটে। আনটো পৰীক্ষাৰে প্ৰমাণ চাবি পাৰি। ৰেলৰ চিৰিত কাণ পাতিলে বহু দূৰৰ পৰা আহি থকা ৰেলখনৰ উমান ল’ব পাৰি। চিৰিৰে শব্দই বেছিকৈ গতি কৰে বাবে এইয়া সম্ভব।

শব্দ Class 8

প্রশ্ন 10ঃ (i) শব্দৰ তীব্রতা কি এককত প্রকাশ কৰা হয় ?
(ii) শব্দৰ তীব্ৰতা আৰু বিস্তাৰৰ মাজৰ সম্পৰ্ক লিখা।
(iii) আমাৰ শৰীৰে কিমান তীব্ৰতাৰ শব্দ কষ্ট নােপােৱাকৈ গ্ৰহণ কৰিব পাৰে?
(iv) সাধাৰণ জীৱন যাত্ৰাত শুনিব পােৱা শব্দৰ কেইটামান উৎস আৰু তাৰ তীব্ৰতাৰ মান লিখা।
উত্তৰঃ (i) শব্দৰ তীব্রতা ডেছিবেল (dB) এককত প্রকাশ কৰা হয়।
(ii) শব্দৰ তীব্ৰতা আৰু বিস্তাৰৰ মাজৰ বৰ্গৰ সমানুপাতিক।
(iii) আমাৰ শৰীৰে আশী (80) ডেচিবেল শব্দ কষ্ট নােপােৱাকৈ গ্ৰহণ কৰিব পাৰে।
(iv) কেইটামান উৎস আৰু তীব্রতাৰ মান তলত দিয়া হ’ল—

উৎস   – তীব্রতা (dB এককত)
(ক) সাধাৰণ উশাহ-নিশাহ– 10 dB
(খ) ফুচফুচনি — 30 dB

(গ) সাধাৰণ কথা বতৰা — 60 dB
(ঘ) ব্যত্ত ট্রেফিক — 70 dB
(ঙ)কলকাৰখানা। — 80 dB

প্রশ্ন 11ঃ শব্দ প্ৰদূষণ নিয়ন্ত্ৰণৰ উপায় কেইটামান উল্লেখ কৰা।
উত্তৰঃ শব্দ প্ৰদূষণ নিয়ন্ত্ৰণৰ উপায় কেইটামান হ’ল-

সকলাে ধৰণৰ হুলস্থূলীয়া কাৰ্য আবাসিক অঞ্চলৰ পৰা দূৰৈত কৰিব লাগিব। কোলাহল সৃষ্টি কৰা উদ্যোগসমূহ এই অঞ্চলসমূহৰ পৰা আঁতৰত স্থাপন কৰা উচিত। যানবাহনৰ হর্নৰ ব্যৱহাৰ কমােৱা উচিত। টেলিভিছন আৰু সংগীত শুনা যন্ত্রপাতিবােৰ নিম্ন স্তৰত বজোৱা উচিত। পথৰ কাষত আৰু ঘৰৰ চাৰিওফালে গছ ৰুই শব্দবােৰৰ তীব্রতা কমাব পাৰি আৰু এনেদৰে শব্দ প্ৰদূষণৰ কুপ্রভাব বহু পৰিমাণে কম কৰিব পাৰি।

শব্দ কাক বােলে?

উত্তৰঃ শব্দ হ’ল এবিধ তৰংগ। কোনাে বস্তুত আঘাত কৰিলে এই আঘাত কাণত পৰি কাণৰ পৰ্দাত যি কম্পনৰ সৃষ্টি হয় তাকে শব্দ বােলে। এই কম্পন অনুভূতি মগজুৱে আহৰণ কৰে।

শব্দৰ তীব্রতা কি এককত প্রকাশ কৰা হয় ?

উত্তৰঃ শব্দৰ তীব্রতা ডেছিবেল (dB) এককত প্রকাশ কৰা হয়।

শব্দৰ তীব্ৰতা আৰু বিস্তাৰৰ মাজৰ সম্পৰ্ক লিখা।

উত্তৰঃ শব্দৰ তীব্ৰতা আৰু বিস্তাৰৰ মাজৰ বৰ্গৰ সমানুপাতিক।

Leave a Comment

Your email address will not be published. Required fields are marked *


Scroll to Top