Home » অষ্টম শ্ৰেণী অসমীয়া » ভক্ত প্রহ্লাদ Class 8 অষ্টম শ্ৰেণী অসমীয়া পাঠ 5 প্ৰশ্ন উত্তৰ

ভক্ত প্রহ্লাদ Class 8 অষ্টম শ্ৰেণী অসমীয়া পাঠ 5 প্ৰশ্ন উত্তৰ

ভক্ত প্রহ্লাদ Class 8 Assamese Chapter 5 question answer || অষ্টম শ্ৰেণী অসমীয়া পাঠ 5 প্ৰশ্ন উত্তৰ

ভক্ত প্রহ্লাদ Class 8
শ্ৰেণী (Class)অষ্টম শ্ৰেণী
পাঠ (Lesson)ভক্তপ্রাণ প্রহ্লাদ (5)
সমাধানপাঠভিত্তিক প্ৰশ্ন উত্তৰ
বিষয় (Subject)অসমীয়া
মাধ্যমঅসমীয়া
পাঠ্যক্ৰম
NCERT

ভক্ত প্রহ্লাদ Class 8

পাঠভিত্তিক ক্রিয়াকলাপ

প্রশ্ন ১। উত্তৰ দিয়া

Winter Sale

(ক) ভক্তপ্রাণ প্রহ্লাদ’ নাটিকাখনিৰ মুখ্য চৰিত্ৰকেইটাৰ নাম লিখা।
উত্তৰঃ ‘ভক্তপ্রাণ প্রহ্লাদ’ নাটিকাখনিৰ মুখ্য চৰিত্ৰকেইটা হ’ল- হৰি (ত্রিজগতৰ ত্রাণকর্তা, ভক্তবৃন্দৰ উপাস্য দেৱতা) হিৰণ্যকশিপু (দৈত্যৰাজ, হৰিৰ চিৰবৈৰী) প্রহ্লাদ (হিৰণ্যকশিপুৰ পুত্র, ভগৱানৰ একান্ত ভক্ত) ষণ্ডামর্ক (দৈত্য গুৰু) মহাৰাণী (হিৰণ্যকশিপুৰ পত্নী, দৈত্যৰাণী, প্রহ্লাদৰ মাক)

(খ) নাটিকাখনি কেইটা দৃশ্যত বিভক্ত?
উত্তৰঃ নাটিকাখনি ৫টা দৃশ্যত বিভক্ত।

(গ) প্রহ্লাদৰ পিতৃৰ নাম কি?
উত্তৰঃ প্রহ্লাদৰ পিতৃৰ নাম হিৰণ্যকশিপু।

(ঘ) হিৰণ্যকশিপুৰ ভাতৃৰ নাম কি আছিল?
উত্তৰঃ হিৰণ্যকশিপুৰ ভাতৃৰ নাম হিৰণ্যাক্ষ আছিল।

(ঙ) হৰিৰ প্রতি প্রহ্লাদৰ কেনে ভক্তি আছিল ?
উত্তৰ: হৰিৰ প্রতি প্রহ্লাদৰ অচলা ভক্তি আছিল। হৰিৰ প্ৰতি থকা এই ভক্তিৰ কাৰণেই তেওঁ মৃত্যুকে ভয় নকৰিছিল।

(চ) প্রহ্লাদক অসুৰীয়া শাস্ত্রজ্ঞান দিবলৈ কাক নিযুক্তি দিয়া হৈছিল ?
উত্তৰঃ প্রহ্লাদক অসুৰীয়া শাস্ত্রজ্ঞান দিবলৈ দৈত্যগুৰু ষণ্ডামর্কক নিযুক্তি দিয়া হৈছিল।

(ছ) ত্রিজগতৰ পতি বুলি প্রহ্লাদে কাক কৈছিল?
উত্তৰঃ ত্রিজগতৰ পতি বুলি প্ৰহ্লাদে হৰিক কৈছিল।

(জ) স্ফটিকটোৰ পৰা ওলাই অহা আধা মানুহ আধা সিংহৰ ৰূপটোৰ নাম কি?
উত্তৰঃ স্ফটিকটোৰপৰা ওলাই অহা আধা মানুহ আধা সিংহৰ ৰূপটোৰ নাম নৰসিংহ। ই বিষ্ণুৰ অন্য এক ৰূপ বা অৱতাৰ।

(ঝ) অসুৰীয় শাস্ত্ৰখনৰ নাম কি?
উত্তৰ : অসুৰীয়া শাস্ত্ৰখনৰ নাম বামানয় শাস্ত্র।

ভক্তপ্রাণ প্রহ্লাদ Class 8

প্রশ্ন ২। লিখা—

(ক) কি ভাবত তন্ময় হৈ আছা প্রহ্লাদ ? তােমাৰ কাষত আহি মই ৰৈছোঁহি, তুমি গমেই পােৱা নাইনে? এই কথাষাৰ প্ৰহ্লাদক কোনে কৈছিল? সেই সময়ত প্রহ্লাদ কি ভাবত তন্ময় হৈ আছিল?
উত্তৰ: এই কথাষাৰ প্ৰহ্লাদক তেওঁৰ জ্যেষ্ঠভাতৃয়ে কৈছিল। প্রহ্লাদে সেই সময়ত সুন্দৰ প্ৰকৃতিৰ সৃষ্টিকর্তা হৰিৰ মহিমাৰ কথা চিন্তা কৰি আছিল।

(খ) স্ফটিক স্তম্ভ ভাঙি প্রভু নৰসিংহ ওলাই আহি কি কৰিছিল? তেওঁৰ গর্জনত দৈত্যসৱৰ কেনে অৱস্থা হৈছিল ?

উত্তৰঃ স্ফটিক স্তম্ভ ভাঙি প্রভু নৰসিংহ ওলাই আহি হিৰণ্যকশিপুক সামান্য এক পতংগৰ দৰে ধৰি নিজৰ উৰুত পেলাই লৈ নখেৰে বিদাৰি বধ কৰিছিল। তেওঁৰ গর্জনত সকলাে দৈত্য ভয়ত কম্পমান হৈ মূৰ্ছা প্রায় হৈছিল।

প্রশ্ন ৩। চমুকৈ লিখা—

(ক) প্রহ্লাদে হৰিভক্তিৰ মহিমাৰ বিষয়ে দেখুওৱা যুক্তিবােৰ একাদিক্রমে লিখা।
উত্তৰঃ প্রহ্লাদে হৰিভক্তিৰ মহিমাৰ বিষয়ে এনেদৰে যুক্তি দেখুৱাইছে যে হৰি ত্রিভুবনৰ গৰাকী, ন্যায়ৰ মূর্তি। হৰিৰ মহিমা স্মৰণ কেতিয়াও অনুচিত বুলিব নােৱাৰি। তেওঁৰ মহিমাই মৃত্যুভয় থাকিলেও মুকলিকৈ সঁচা কথা ক’বলৈ সাহস যােগায়। ত্রিজগতৰ পতি হৰিৰ মহিমাক কোনেও অৱজ্ঞা কৰিব নােৱাৰে। হৰিৰ মহিমাই সকলাে বিপদৰ পৰা ৰক্ষা কৰে। প্রহ্লাদৰ একান্ত যুক্তি হ’ল “ৰাখে হৰি মাৰে কোনে”। প্রহ্লাদৰ বিশ্বাস এই ধৰিত্ৰীৰ আকাশ, বতাহ, বায়ু, পানী সকলােতে পৰমপিতা হৰি সুপ্ত হৈ আছে। হৰি নােহােৱা ঠাই নায়েই।

(খ) অসুৰীয় শাস্ত্রজ্ঞান লবলৈ প্ৰহ্লাদে কিয় আপত্তি কৰিছিল?
উত্তৰঃ প্রহ্লাদ আছিল হৰিৰ একান্ত ভক্ত। অসুৰীয় শাস্ত্র অর্থাৎ বামানয় শাস্ত্ৰ আছিল হৰিবিৰােধী। সেয়ে প্রহ্লাদে অসুৰীয় শাস্ত্রজ্ঞান ল’বলৈ আপত্তি কৰিছিল।

(গ) হৰিক দৈত্যবংশৰ চিৰবৈৰী বুলি দৈত্যৰাজ হিৰণ্যকশিপুই কিয় কৈছিল?
উত্তৰ: হৰিক দৈত্যবংশৰ চিৰবৈৰী বুলি দৈত্যৰাজ হিৰণ্যকশিপুই এই কাৰণেই কৈছিল যে হৰিয়ে তেওঁৰ সহােদৰ হিৰণ্যাক্ষক বৰাহৰূপ ধাৰণ কৰি দাঁতেৰে খুচি হত্যা কৰিছিল।

(ঘ) পিতৃক ক্ষমা কৰি দিবলৈ প্রহ্লাদে নৰসিংহৰূপী হৰিক কি বুলি কাকূতি কৰিছিল?
উত্তৰঃপিতৃক ক্ষমা কৰি দিবলৈ প্ৰহ্লাদে নৰসিংহৰূপী হৰিক এইবুলি কাকূতি কৰিছিল— হে হৰি, আমাৰ সকলােকে শুভ বুদ্ধি নি আপুনি আমাক ৰক্ষা কৰক। পিতৃৰ সকলাে দোষ মার্জনা কৰি তেওঁক ক্ষমা কৰক।

(ঙ) ষণ্ডামর্কই প্রহ্লাদক অসুৰীয় শাস্ত্রজ্ঞান দিবলৈ কি কি বুজনি দিছিল?
উত্তৰঃ যণ্ডামর্কই প্রহ্লাদক অসুৰীয় শাস্ত্রজ্ঞান দিবলৈ এনেদৰে বুজনি দিছিল—“চোৱা ৰাজকুমাৰ প্ৰহ্লাদ, তােমাৰ কণ্ঠত হৰিনামে শােভা নাপায়। তুমি হ’লা দৈত্যবংশৰ পুত্র, দেৱতাৰ জয়গান গােৱাটো তােমাৰ বাবে উচিত হােৱা নাই। সেয়েহে আহা, বামানয় শাস্ত্র পঢ়া, য’ত আছে দৈত্যবংশৰ পৰম্পৰাৰ শিকীয় অনেক কথা। তাৰােপৰি এনেদৰে কৈছিল- ‘হৰিভক্তিৰ মহিমা বর্ণনাৰ পৰা তুমি বিৰত থকা, নহলে জানাই নহয়, তােমাৰ পিতৃ দৈত্যৰাজৰ ক্রোধাগ্নিয়ে সকলােকে ভস্ম কৰি পেলাব।

(চ) প্ৰহ্লাদে গুৰুদ্বয়ৰ বুজনি কিয় মানি লােৱা নাছিল ?
উত্তৰ: প্ৰহ্লাদে গুৰুদ্বয়ৰ বুজনি এই কাৰণেই মানি লােৱা নাছিল যে সেই বুজনি আছিল হৰিৰ মহিমা বিৰােধী। প্রহ্লাদ আছিল হৰিৰ মহিমা বর্ণনা কৰা একান্ত হৰিভক্ত। একান্ত হৰিভক্তই হৰি বিৰােধী বুজনি কেতিয়াও মানি ল’ব নােৱাৰে।

Class 8 Assamese Chapter 5 question answer

প্রশ্ন ৪। ব্যাখ্যা কৰা।।

ভাৰতীয় ভক্তিধাৰাৰ ঐতিহ্যত প্রহ্লাদৰ কাহিনী হ’ল এক গৌৰৱময় সংযােজন।
উত্তৰঃ কথাফাকি ‘ভক্তপ্রাণ প্রহ্লাদ’ পাঠটিৰ পৰা লােৱা হৈছে। কথাফাকিৰ জৰিয়তে ভাৰতীয় পৰম্পৰাগত ভক্তিধাৰাৰ ঐতিহ্যকেই প্রকাশ কৰা হৈছে। ভাৰতীয় ভক্তিধাৰা হৈছে বৈষ্ণৱ ধর্ম। বিষ্ণুৰ মহিমা কীর্তন, চৰ্চা আৰু ধ্যানেই এই ভক্তিধাৰাৰ মূল। এই ধর্ম বা ভক্তিৰ মতে বিষ্ণু বা হৰি হ’ল ত্রিজগতৰ পতি, এই সুন্দৰ প্রকৃতিৰ সৃষ্টিকর্তা। তেৱেঁই সকলােকে সৃষ্টি কৰিছে, পালন কৰিছে, আৰু প্ৰয়ােজনত ধ্বংসও কৰিছে। ৰাখে হৰি মাৰে কোনে’— এই মতবাদেই ভাৰতীয় ভক্তিধাৰাৰ একমাত্র বিশ্বাস। প্রহাদৰ কাহিনীৰ জৰিয়তে এই মতবাদেই প্রচাৰিত হৈছে আৰু প্রমাণিত হৈছে। সেই কাৰণে এই কাহিনী ভাৰতীয় ভক্তিধাৰাৰ ঐতিহ্যত এক গৌৰৱময় সংযােজন।

প্রশ্ন ৫।‘মােৰ বিনাশ, হাঃ হাঃ হাঃ। বােধকৰোঁ তােমালােকৰ জ্ঞাত নহয় যে মােক মানুহ অথবা জন্তুৱে বধ কৰিব নােৱাৰে। আনহাতে মােৰ মৃত্যু দিনৰ ভাগতাে নহয় আৰু ৰাতিও নহয়। সেয়েহে মই নিশ্চিত, সহজে নহয় মােৰ বিনাশ। এই সংলাপটো কোনে কাক কৈছে? লিখা।
উত্তৰ : হৰিৰ বিৰুদ্ধাচৰণ কৰিলে আপােনাৰ অমংগল অথবা বিনাশৰে সম্ভাৱনা আছে’ বুলি যেতিয়া হৰিভক্ত প্রহ্লাদে হৰিবিৰােধী পিতৃ হিৰণ্যকশিপুক কলে তেতিয়া হিৰণ্যকশিপুই প্রহ্লাদক এই কথাষাৰ কৈছিল।

ভক্ত প্রহ্লাদ Class 8

খ ভাষা অধ্যয়ন (ব্যাৱহাৰিক ব্যাকৰণ)

প্রশ্ন ৬ তলত উল্লেখ কৰা সমূহ ব্যস্ত বা সমস্যমান পদ, সমস্ত পদ আৰু ব্যাস বাক্য হিচাবে দেখুৱাই এখন তালিকা যুগুত কৰা
ত্রিভুন, হতাহতি, পর্বত গম্ভীৰ, ত্রিজগত, সিংহাসন
উত্তৰ:

ব্যস্ত বা সমস্য মান পদ সমস্ত পদসমস্ত পদ
ব্যাস বাক্য
তিনি ভুবনৰ সমাহাৰত্রিভুবন  তিনি ভুবনৰ সমাহাৰ
পৰস্পৰে হাতে হাতে কৰা যি যুদ্ধ হতাহতিপৰস্পৰে হাতে হাতে কৰা যি যুদ্ধ
পর্বতৰ নিচিনা গম্ভীৰপর্বত গম্ভীৰ পৰ্বতৰ নিচিনা গম্ভীৰ
তিনি জগতৰ সমাহাৰত্রিজগততিনি জগতৰ সমাহাৰ
সিংহখােচিত আসনসিংহাসনসিংহশখাচিত আসন

ভক্ত প্রহ্লাদ Class 8

প্রশ্ন ৭। এটা শব্দত প্ৰকাশ কৰি লিখা
উত্তৰঃ (ক) যাৰ সাহস আছে—- সাহসী, সাহিয়াল।
(খ) যি ঈশ্বৰক বিশ্বাস কৰে ঈশ্বৰ বিশ্বাসী, আস্তিক।
(গ) যি বিষ্ণুক উপাসনা কৰে – বৈষ্ণৱ।
(ঘ) একে মাকৰ সন্তান – সহােদৰ, সহােদ।
(ঙ) যি সঁচা কথা কয় –: সত্যবাদী।
(চ) যাক দেখা নাযায়।–অদৃশ্য।

প্রশ্ন ৮। বাক্য ৰচনা কৰা
চিৰবৈৰী, হিংসা-দ্বেষ, আকাশ-পাতাল, গৰ্মাি, চালে চকুৰােৱা, শয়নে-সপােনে।
উত্তৰ: চিৰবৈৰী→ হিৰণ্যকশিপুৱে হৰিক চিৰবৈৰী বুলি ভাবিছিল।
হিংসা-দ্বেষ→ সমাজৰ পৰা হিংসা-দ্বেষ আঁতৰ হলেহে শান্তি স্থাপন হয়।
আকাশ-পাতালঃ→ বিপদত অধৈর্য হৈ আকাশ-পাতাল চিন্তা কৰি থাকিলে বিপদৰ পৰা উদ্ধাৰ পাব নােৱাৰি।
গৰিমাঃ→ সৎ লােকৰ গুণ-গৰিমাক প্রশংসা কৰিব লাগে।
চালে চকুৰােৰা→কোঠাটো চালে চকুৰােৱাকৈ সজাই তুলিছে।
শয়নে সপােনেঃ→ প্রহ্লাদে শয়নে-সপােনে একমাত্র হৰিৰ মহিমাকে চিন্তা কৰি আছিল।

Class 8 Assamese Chapter 5 question answer

প্রশ্ন: ত্রিজগতৰ পতি বুলি প্রহ্লাদে কাক কৈছিল?

উত্তৰঃ ত্রিজগতৰ পতি বুলি প্ৰহ্লাদে হৰিক কৈছিল।

প্রশ্ন: বিষ্ণুৱে প্ৰধানকৈ কেইটা অৱতাৰ ধাৰণ কৰিছিল?

উত্তৰঃ বিষ্ণুৱে প্ৰধানকৈ দহটা অৱতাৰ ধাৰণ কৰিছিল।

প্রশ্ন: বামানয় শাস্ত্র কি?

উত্তৰঃ বামানয় শাস্ত্র হ’ল হৰি বিৰােধী শিক্ষা থকা অসুৰীয় শাস্ত্র।

প্রশ্ন: অসুৰীয় শাস্ত্ৰখনৰ নাম কি?

উত্তৰ : অসুৰীয়া শাস্ত্ৰখনৰ নাম বামানয় শাস্ত্র।

প্রশ্ন: ষণ্ডামর্কৰ পিতৃৰ নাম কি ?

উত্তৰঃ ষণ্ডামৰ্কৰ পিতৃৰ নাম শুক্রাচার্য।

Leave a Comment

Stay informed about the latest Educational Update website. We provide timely and accurate information on upcoming Exam, application deadlines, exam schedules, and more.

📱 Get AssamWeb App

Unlock free PDFs, mock tests, and certificates with our mobile app. Faster, smoother, and made for students 📚✨

🚀 Install from Play Store One-time reminder • No spam