Home » অষ্টম শ্ৰেণী অসমীয়া » হোমি জাহাংগীৰ ভাবা Class 8 Assamese Chapter 13 Question Answer

হোমি জাহাংগীৰ ভাবা Class 8 Assamese Chapter 13 Question Answer

হোমি জাহাংগীৰ ভাবা Class 8 Assamese Chapter 13 Question Answer | অষ্টম শ্ৰেণী অসমীয়া পাঠ 13 প্ৰশ্ন উত্তৰ

হোমি জাহাংগীৰ ভাবা Class 8
শ্ৰেণী (Class)অষ্টম শ্ৰেণী
কবিতা (Lesson)হোমি জাহাংগীৰ ভাবা (13)
সমাধানপাঠভিত্তিক প্ৰশ্ন উত্তৰ
বিষয় (Subject)অসমীয়া
মাধ্যমঅসমীয়া
পাঠ্যক্ৰম
NCERT

Class 8 Assamese Chapter 13 question answer

হােমি জাহাংগীৰ ভাবা
ক-পাঠভিত্তিক ক্রিয়া কলাপ

প্রশ্ন ১। চমু উত্তৰ দিয়া

Winter Sale

(ক) টোপনি পাতল ল’ৰাজনৰ নাম কি ?
উত্তৰ: টোপনি পাতল ল’ৰাজনৰ নাম হােমি জাহাংগীৰ ভাবা।

(খ) ল’ৰাজনৰ টোপনি পাতল হােৱাৰ কাৰণ কি আছিল?
উত্তৰ: ল’ৰাজনৰ টোপনি পাতল হােৱাৰ কাৰণ আছিল ল’ৰাজন ইমানেই তীক্ষ্ণ বুদ্ধিৰ যে তেওঁৰ চিন্তা শক্তি প্রবাহ মস্তিষ্কত নিৰৱচ্ছিন্নভাৱে বৈ থাকে।

(গ) চিকিৎসক দেখুৱাই অনাৰ পাছত মাক দেউতাকে ল’ৰাজনৰ বাবে কেনে ব্যৱস্থা ল’লে?
উত্তৰ : চিকিৎসকক দেখুৱাই অনাৰ পাছত মাক-দেউতাকে ল’ৰাজনৰ মনােযােগ বিজ্ঞানৰ প্ৰতি আকর্ষিত কৰিবলৈ সিদ্ধান্ত ল’লে। সেই অনুসৰি তেখেতসকলে বিজ্ঞানৰ কিতাপ-পত্ৰৰে এটা গ্রন্থাগাৰৰ ব্যৱস্থা কৰি ল’ৰাজনক পঢ়া-শুনাৰ সকলাে,সা-সুবিধা প্রদান কৰিলে।

(ঘ) হােমি জাহাংগীৰ ভাবাৰ কি কি বিষয়ত ৰুচি আছিল?
উত্তৰঃ হােমি জাহাংগীৰ ভাবাৰ ভৌতিক শাস্ত্ৰ আৰু গণিত শাস্ত্ৰৰ উপৰিও সংগীত আৰু চিত্রাংকন প্রতিও ৰুচি আছিল।

(ঙ) হােমি জাংহাগীৰ ভাৰা লণ্ডনলৈ কিয় কৈছিল?
উত্তৰঃ হােমি জাংহাগীৰ ভাবা লণ্ডনলৈ ইঞ্জিনীয়াৰিং পঢ়িবলৈ গৈছিল।

(চ) দোৰাবজী টাটা ট্রাষ্ট’ৰ সহায়ত তেখেতে কি অনুষ্ঠান প্রতিষ্ঠা কৰে?
উত্তৰঃ ‘দোৰাবজী টাটা ট্রাষ্ট’ৰ সহায়ত তেখেতে ‘টাটা ইন্সটিটিউত অৱ ফাণ্ডামেণ্টেল ৰিছাৰ্চ’ প্রতিষ্ঠা কৰে।

(ছ) স্বাধীনতাৰ পাছত তেখেত কি আয়ােগৰ মুৰী হিচাপে নিযুক্ত হৈছিল?
উত্তৰ : স্বাধীনতাৰ পাছত তেখেত পৰমাণু শক্তি আয়ােগৰ মুৰব্ৰী হিচাপে নিযুক্ত হৈছিল।

(জ) তেখেতৰ প্রতি শ্রদ্ধা জনাই কি অনুষ্ঠান প্রতিষ্ঠা কৰা হৈছিল?

উত্তৰ: মৃত্যুৰ পিছত তেখেতৰ প্রতি শ্রদ্ধা জনাই মুম্বাই (বম্বে)ত ‘ভাবা পাৰমাণৱিক গৱেষণা কেন্দ্র প্রতিষ্ঠা কৰা হৈছিল।
প্রশ্ন ২। লাহে লাহে কিতাপৰােৰ ল’ৰাজনৰ সংগী হৈ পৰিল। ইয়াত লৰাজন। বুলি কাৰ কথা কোৱা হৈছে? কিতাপবােৰ কেনেদৰে তেখেতৰ সংগী হৈ পৰিল?
বুজাই লিখা।
উত্তৰ ইয়াত ল’ৰাজন’ বুলি হােমি জাহাংগীৰ ভাবাৰ কথা কোৱা হৈছে। চিকিৎসক কথা শুনি মাক-দেউতাকে ল’ৰা হােমি জাহাংগীৰ ভাবাৰ মনােযােগ বিজ্ঞানৰ প্ৰতি আকর্ষিত কৰিবলৈ সিদ্ধান্ত ল’লে আৰু সেই উদ্দেশ্যেই তেখেতসকলে বিজ্ঞানৰ কিতাপ-পত্ৰৰে এটা গ্রন্থাগাৰুৰ ব্যৱস্থা কৰি ভাবাক পঢ়া-শুনাৰ সকলাে সা-সুবিধা প্রদান কৰিলে। শিশু হােমি জাহাংগীৰ ভাবাই এই কিতাপ পত্ৰবােৰৰ সদ্ব্যৱহাৰৰ কৰিবলৈ ল’লে আৰু লাহে লাহে কিতাপবােৰ হােমিৰ সংগী হৈ পৰিল; অর্থাৎ তেখেত কিতাপ পত্ৰবােৰৰ লগত একাত্ম হৈ পৰিল।

হোমি জাহাংগীৰ ভাবা Class 8

প্রশ্ন ৩।‘হােমি জাহাংগীৰ ভাবাৰ সপােন কি আছিল? এই সপােন কিয় ফলৱতী নহ’ল?
উত্তৰ: হােমি জাহাংগীৰ ভাবাৰ সপােন আছিল পাৰমাণবিক শক্তিৰ ক্ষেত্ৰত ভাৰতক এখন জাকত জিলিকা দেশত পৰিণত কৰাৰ। তাৰ বাবে তেখেতে পৰিকল্পনাও কৰিছিল। কিন্তু তেখেতৰ এই সপােন বাস্তৱত পৰিণত হােৱাৰ আগতেই এক বিমান দুর্ঘটনাত তেখেতৰ মৃত্যু হােৱাত সেই সপােন ফলৱতী নহ’ল।

প্রশ্ন ৪। হােমি জাহাংগীৰ ভাবাই ভাৰতবৰ্ষক ভাল পাইছিল’— এই কথা পাঠটোত কেনেদৰে প্ৰতিফলিত হৈছে লিখা।
উত্তৰঃ হােমি জাহাংগীৰ ভাবাই নিজদেশ ভাৰতবৰ্ষক ভাল পাইছিল। সেই কাৰণেই তেখেতে বিদেশত থাকি সুখেৰে দিন কটাব পাৰিলেহেঁতেন যদিও বিদেশত নাথাকি দেশৰ প্ৰতি থকা ভাল পােৱা তথা কর্তব্য আৰু দায়বদ্ধতাৰ বাবেই তেখেতে ১৯৪০ চনত ভাৰতবৰ্ষলৈ ঘূৰি আহে। তেতিয়াৰে পৰাই এই বিজ্ঞানীজনে ভাৰূতবৰ্ষৰ উন্নতিৰ কাৰণে অহহাপুৰুষাৰ্থ কৰিছিল। তেখেতে ‘ডােৰাবজীটাটা ট্রাষ্ট’ৰ সহায়ত ভাৰতত টাটা ইন্সষ্টিটিউট অৱ ফাণ্ডামেণ্টেল বিছার্ড’ প্রতিষ্ঠা কৰিছিল। আনকি তেখেতে পাৰমাণৱিক শক্তিৰ ক্ষেত্ৰত।ভাৰতত এখন জাকত জিলিকা দেশত পৰিণত কৰাৰ ৰঙীণ সপােন দেখিছিল। তাৰ বাবে তেখেতে পৰিকল্পনাও কৰিছিল। কিন্তু এটা বিমান দুর্ঘটনাত হঠাতে তেখেতৰ মৃত্যু হােৱাত সেই সপােন বাস্তৱত পৰিণত কৰিব নােৱাৰিলে।

হোমি জাহাংগীৰ ভাবা Class 8

খ ভাষা অধ্যয়ন (ব্যৱহাৰিক ব্যাকৰণ)
প্রশ্ন ৫। হােমি জাহাংগীৰ ভাৰা’ পাঠটোত থকা বিভক্তিযুক্ত শব্দবােৰ বাছি উলিয়াই লিখা।
উত্তৰ: কালত, শিশুসকলৰ, স্বভাৱৰ, এজনক, মাক-দেউতাক হৈছিল, চিকিৎসক
দ্বাৰা, ল’ৰাজনৰ, নাছিল, কৰিবলৈ, তেখেতসকলে, কিতাপ-পত্ৰেৰে, শিশুজনক, কৰিলে, শিশুটিয়ে, কিতাপ পত্ৰবােৰ, পৃথিৱীত, পৰিয়ালত, আছিল, তেখেতে, লণ্ডনলৈ, বিশ্ববিদ্যালয়ত, পাইছিল, অধ্যয়নত, ডিৰাকক, তথ্য, জগতৰ, ভাবাই, বিদেশত—ইত্যাদি।

প্রশ্ন ৬। নিম্ন লিখিত শব্দকেইটাৰ পৰা বিভক্তিবােৰ বাছি উলিয়াই সেইবােৰ কি কাৰকত ব্যৱহাৰ হৈছে লিখা।

তেখেতে, শিশুজনক, কিতাপ পত্ৰৰে, ভাৰতলৈ, চিকিৎসক, শৈশব কালত।
উত্তৰ: তেখেতে = তেখেত + এ -১ মা বিভক্তি -কর্তাকাৰক।
শিশুজনক = শিশুজন + ক – ২য়া বিভক্তি-কর্মকাৰক।
কিতাপ-পত্ৰৰে = কিতাপপত্র + ৰে- ৩য়া বিভক্তি -কৰণ কাৰক।
ভাৰতলৈ = ভাৰত + লৈ – ৪র্থী বিভক্তি – সম্প্রদান কাৰক।
চিকিৎসকৰ চিকিৎসক + অৰ – ৬ষ্ঠী বিভক্তি- অপাদান কাৰক।
শৈশৱ কালত = শৈশৱ কাল + ত – ৭মী বিভক্তি- অধিকৰণ কাৰক।

Class 8 Assamese Chapter 13 Question Answer

প্রশ্ন ৭ তলৰ বাক্যবােৰত আঁচটনা পদ বিলাকৰ বিভক্তি নির্ণয় কৰা আৰুকাৰকৰ নাম লিখা।
(ক) বেলি ডুবিলত আমি খেল সামৰিলাে।
উত্তৰ : ডুবিলত ৭মী বিভক্তি – অধিকৰণ কাৰক।
(খ) ৰামে কিতাপ পঢ়িছে।
উত্তৰ: কিতাপ – ২য়া ‘অক’ বিভক্তি লুপ্ত হৈ আছে–কর্মকাৰক।
(গ) দুখীয়াৰ প্রতি দয়ালু হবা।
উত্তৰ দুখীয়াৰ- ৬ষ্ঠী বিভক্তি-অপাদান কাৰক।
(ঘ) এইখন মােৰ দেশ।
উত্তৰঃ মােৰ – ৬ষ্ঠী বিভক্তি – অপাদান কাৰক।
(ঙ) আমাৰ পৰীক্ষালৈ আৰু বেছি দিন নাই।
উত্তৰ: পৰীক্ষালৈ- ৪র্থী বিভক্তি-সম্প্রদান কাৰক।

(চ) যতৰেৰে সূতা কাটিব পাৰি।
উত্তৰঃ যতৰেৰে- ৩য়া বিভক্তি- কৰণ কাৰক।
(ছ) শিক্ষাগুৰুক ভক্তি কৰিব লাগে।
উত্তৰঃ শিক্ষাগুৰুক – ৪র্থী বিভক্তি – সম্প্রদান কাৰক।
(জ) ডাৱৰীয়া বতৰত হিমালয় পর্বত নেদেখি।
উত্তৰঃ হিমালয় পর্বত- ২য়া ‘অক’ বিভক্তি লুপ্ত হৈ আছে— কর্ম কাৰক।
(ঝ) কোনাে মানুহক হিংসা নকৰিবা।
উত্তৰ: মানুহক— ২য় বিভক্তি – কর্মকাৰক।

প্রশ্ন ৮। আঁচটনা শব্দবােৰত বিপৰীত অর্থ বুজোৱা শব্দৰে খালী ঠাই পূৰ কৰা।
উত্তৰঃ (ক) সফল মাতৃ – বিফল মাতৃ।
(খ) তীক্ষ্ণ বুদ্ধি – ভােটা বুদ্ধি।
(গ) কোনাে বিসংগতি – কোনাে সংগতি।
(ঘ) পাঠ অন্তর্ভুক্ত – পাঠ বহির্ভূত।
(ঙ) তেখেতৰ মৃত্যু হৈছিল তেখেতৰ জন্ম হৈছিল।
(চ) বৃদ্ধি পাইছিল—হ্রাস পাইছিল।

প্রশ্ন ৯। বাক্য ৰচনা কৰা।
অৱদান, ধাউতি, জাকত জিলিকা, আশ্বাস, গৱেষণা, সিদ্ধান্ত
উত্তৰ: অৱদান – বিজ্ঞান জগতত হােমি জাহাংগীৰ ভাবাৰ অৱদান চিৰস্মৰণীয় হৈৰব।
ধাউতি – হােমি জাহাংগীৰ ভাবাৰ চিত্রাংকণ বিষয়টোত বৰ ধাউতি আছিল।
জাকত জিলিকাঃ- পাণৱিক শক্তিত ভাৰতক জাকত জিলিকা কৰিবলৈ হােমি
জাহাংগীৰ ভাবাই সপােন দেখিছিল।
আশ্বাস :- মানুহজনে দুখীয়া ছাত্ৰজনক সহায় কৰাৰ আশ্বাস দিলে।
গৱেষণা :- গৱেষণাৰ জৰিয়তেহে কোনাে বস্তুৰ তথ্য পােৱা যায়।
সিদ্ধান্ত :-জটিল কথাবােৰেৰে অলােচনা-বিলােচনাৰ মাজেৰে সহজ সিদ্ধান্ত ল’ব পৰা যায়।

Class 8 Assamese Chapter 13 Question Answer

প্রশ্ন ১০। যুক্তাক্ষৰ বহুৱাই শব্দবােৰ পূৰ কৰা হৈছে।
ক ___ ক = কণ্টক
উপল ___= উপলব্দি।
নি___ = নিম্ন।
বি ___ত = বিঘ্নিত।
বিশেষ ___ = বিশেষজ্ঞ।
ব___গাৰ = বিজ্ঞানাগাৰ
প্রতি ___ = প্রতিজ্ঞা।
___ ত = মন্ত্রপূত।
ই ___ ন = ইঞ্জিন।

প্রশ্ন ১১। তলৰ শব্দৰােৰৰ প্রতিশব্দ লিখা।
সংগী, তীক্ষ, প্রধান, গ্রন্থ, কিৰণ, চিকিৎসক।
উত্তৰ: সংগী – লগৰীয়া, সহযােগী, সতীর্থ।
তীক্ষ – চোকা, প্ৰখৰ।
প্রধান – মুখ্য।
গ্রন্থ – কিতাপ।
কিৰণ – পােহৰ।।
চিকিৎসক – ডাক্তৰ।

গ – জ্ঞান সম্প্রসাৰণ।

প্রশ্ন ১২। হােমি জাহাংগীৰ ভাবাৰ মাক-দেউতাকে তেখেতৰ বাবে এটা গ্রন্থাগাৰৰ ব্যৱস্থা কৰি দিছিল।’—এনে ধৰণৰ সুবিধা পালে তুমি কোনটো দিশত নিজকে আগবঢ়াই নিবা লিখা
উত্তৰ ; হােমি জাহাংগীৰ ভাবাৰ মাক-দেউতাকে তেখেতক যিদৰে এটা গ্রন্থাগাৰৰ ব্যৱস্থা কৰি দিছিল আৰু সেই গ্রন্থাগাৰৰ সদব্যৱহাৰ কৰি তেখেতে যিদৰে ভৱিষ্যৎ জীৱনত এচাম সফল বিজ্ঞানী হােৱাৰ সপােন দেখিছিল, ঠিক তেনেদৰে ময়াে তেনে সুবিধা পালে বিজ্ঞান বিষয়ক কিতাপ পত্র সমূহ বৰ মনােযােগেৰে অধ্যয়ন কৰিম আৰু মােৰ মনত বৈজ্ঞানিক মনােভাৱ গঢ়ি তুলিবলৈ অহহাপুৰুষাৰ্থ কৰিম | অন্যান্য বিষয়ৰ কিতাপ পঢ়াৰ উপৰিও বৈজ্ঞানিকৰ জীৱনী, বিভিন্ন আৱিষ্কাৰৰ কাহিনী, আধুনিক প্রযুক্তি বিদ্যা, আধুনিক বৈজ্ঞানিক সফলতা আদি বিষয়ৰ কিতাপবােৰ পঢ়ি, সেইবােৰৰ মনত ৰাখিবলগীয়া কথাবােৰ টুকি ৰাখি বিজ্ঞান শিক্ষাৰ বিষয়ে সকলাে কথা জানিবলৈ চেষ্টা কৰিম যাতে ভৱিষ্যত শিক্ষাৰ ক্ষেত্ৰত মােক ইয়ে আগ্রহ জন্মায় আৰু সহায় কৰে। তাৰােপৰি নিজৰ সৎ আৰু প্রকৃত ব্যক্তি হিচাপে গঢ় দিবলৈ মহৎ লােকৰ জীৱনীসমূহে পঢ়িম। বিভিন্ন বিষয়ৰ জ্ঞান আহৰণ কৰিবলৈয়াে তেনে ধৰণৰ কিতাপ-পত্রও মনােযােগেৰে পঢ়িম।

প্রশ্ন ১৩। হােমি জাহাংগীৰ ভাবাই বিজ্ঞান অধ্যয়নৰ জৰিয়তে দেশৰ উন্নতিৰ কথা ভাবিছিল।’ কিছুমান সৰু সৰু কামৰ জৰিয়তে আমি দেশৰ উন্নতিৰ কথা ভাবিব পাৰোঁ। আমাৰ বাট-পথ পৰিষ্কাৰ-পৰিচ্ছন্নকৈ ৰখা, ৰাজহুৱা সম্পত্তিৰ যত্ন লােৱা, প্রাকৃতিক সম্পদৰ সংৰক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰা আদিও দেশৰ উন্নয়নমূলক কাম।
– তুমি কেনেধৰণৰ কাম কৰি দেশখনৰ উন্নয়নত সহায় কৰিম বুলি ভাবিছা ?

উত্তৰ:  আমাৰ ৰাজহ্বা তথা ব্যক্তিগত বাট-পথবােৰ আজিৰ শিক্ষিত সমাজততা বৰ দুখ লগাকৈ বেয়া আৰু অপৰিষ্কাৰ। শিক্ষা-দীক্ষাৰে মানুহ যথেষ্ট আগবাঢ়িছে যদিও সামাজিক স্বার্থজড়িত জ্ঞান বহুতৰে কম দেখা যায়। নিজৰ ঘৰৰ সমুখৰ বা নিজে অহা-যােৱা বাট- পথবােৰৰ দুৰৱস্থা দেখিও নেদেখা হৈ থাকে। খলা-বমা হৈ পানী জমা হ’লেও, বােকা- পানীৰে কদর্যৰূপু ললেও এইবােৰ ভাল কৰিবলৈ বা তাত এচপৰা মাটি দি ঠিক কৰি ল’বলৈ অনেক লােকেই চিন্তা নকৰে। আনকি নিজৰ ঘৰত লেতেৰা জাবৰ-জোথৰ, পলিথিন আদি সাৰি-পুচি আনি বাট-পথতে বা পানী ওলাই যােৱা নর্দমাত পেলাই গােটেইখন। অপৰিষ্কাৰ কৰি পেলায়, পৰিৱেশ দুর্গন্ধময় কৰি তােলে। ইয়াৰ দ্বাৰা পানী ওলাই যাব নােৱাৰি গােটেইবােৰ গেলি-পচি মহ মাখিৰ উৎপাত বৃদ্ধি কৰে, পৰিবেশে অত্যন্তভাৱে দুর্গন্ধময় হৈ পৰে। ফলত মানুহৰনানা বেমাৰ-আজাৰ হয়, আনকি বেমাৰ আজাৰত লােক মৃত্যুও হয়। এইবােৰ দেশৰ কাৰণে অতিকৈ ক্ষতিকাৰক। এইবােৰ দেখি-শুনি মই ভাবিছাে, উপৰােক্ত পৰিৱেশ বা অৱস্থা যাতে হ’ব নােৱাৰে, তাৰ বাবে বাট-পথবােৰৰ উন্নয়নৰ কাৰণে সেইবােৰ পৰিষ্কাৰ-পৰিচ্ছন্নকৈ ৰখাৰ কাৰণে, পানী ওলাই যােৱা নর্দমাত জাবৰ-জোথৰ, পলিথিন আদি নেপেলাবৰ কাৰণে মই সকলাে শ্ৰেণীৰ সমাজক সচেতন কৰি তুলিবলৈ চেষ্টা কৰিম। সমাজৰ মাজত, ৰাইজৰ মাজত সজাগতা আনিবলৈ ঠায়ে ঠায়ে সভা-সমিতি পাতি কথাবােৰ বুজাই দিয়াৰ উপৰিও দল- সংগঠনৰ সহযােগত, ৰাইজৰ সহযােগত হাতে-কামে বাট-পথবােৰ পৰিষ্কাৰ কৰিও দেখুৱাম। এনেদৰে দেশখনৰ উন্নয়নত সহায় কৰিম বুলি ভাবিছোঁ।

Leave a Comment

Stay informed about the latest Educational Update website. We provide timely and accurate information on upcoming Exam, application deadlines, exam schedules, and more.

📱 Get AssamWeb App

Unlock free PDFs, mock tests, and certificates with our mobile app. Faster, smoother, and made for students 📚✨

🚀 Install from Play Store One-time reminder • No spam