Home » সপ্তম শ্ৰেণীৰ সমাজ বিজ্ঞান » পৃথিৱীৰ অভ্যন্তৰ ভাগ – Class 7 Social Science

পৃথিৱীৰ অভ্যন্তৰ ভাগ – Class 7 Social Science

শ্ৰেণীঅষ্টম শ্ৰেণী (Class 8)
বিষয়সমাজ বিজ্ঞান (Social Science)
পাঠৰ নামপৃথিৱীৰ অভ্যন্তৰ ভাগ
খণ্ডৰাজনৈতিক (political)
পাঠৰ নংঅধ্যায় 2 (Chapter)
পাঠ্যক্ৰমৰাজ্যিক শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ (SCERT)

পৃথিৱীৰ অভ্যন্তৰ ভাগ Class 7

১। শুদ্ধ উত্তৰটি বাছি উলিওৱা一
(ক) পৃথিৱীৰ পৃষ্ঠৰ পৰা কেন্দ্ৰলৈ ৪/৩/২ টা স্তৰেৰে গঠিত।
উত্তৰঃ পৃথিৱীৰ পৃষ্ঠৰ পৰা কেন্দ্ৰলৈ ৩ টা স্তৰেৰে গঠিত।

(খ) ভূত্বক গড়ে প্রায় ২০/৩০/২৫ কিল’মিটাৰ ডাঠ।
উত্তৰঃ ভূত্বক গড়ে প্ৰায় ২০ কিল’মিটাৰ ডাঠ।

(গ) পৃথিৱীৰ গৰ্ভ মানে হ’ল— ভূত্বক/ গুৰুমণ্ডল/কেন্দ্ৰমণ্ডল।
উত্তৰঃ পৃথিৱীৰ গৰ্ভ মানে হ’ল কেন্দ্ৰমণ্ডল।

Winter Sale

(ঘ) জীৱাষ্ম সাধাৰণতে গেদীয় শিল/আগ্নেয়শিল/ৰূপান্তৰিত শিলত পোৱা যায়।
উত্তৰঃ জীৱাষ্ম সাধাৰণতে গেদীয় শিলত পোৱা যায়।

(ঙ) আটাইতকৈ টান মণিক বিধ হ’ল সোণ/হীৰা/দস্তা।
উত্তৰঃ আটাইতকৈ টান মণিক বিধ হ’ল হীৰা।


২। খালী ঠাই পূৰ কৰা।
(ক) ভূ-পৃষ্ঠৰ পৰা অভ্যন্তৰ ভাগলৈ ক্রমান্বয়ে উত্তাপ বাঢ়ি গৈ থাকে।
(খ) ভূত্বক স্তৰক ছিয়াল বুলিও জনা যায়।
(গ) মাটি জৈৱিক আৰু অজৈৱিক পদার্থৰে গঠিত।
(ঘ) মেগমাৰ পৰা উৎপত্তি হোৱা শিলক আগ্নেয় শিল বোলে।
(ঙ) মণিকবোৰ সাধাৰণতে কঠিন পদার্থ।


৩। চমু উত্তৰ লিখা। (৩০টা মান শব্দৰ ভিতৰত)
(ক) ভূত্বক মানে কি বুজা?
উত্তৰঃ পৃথিৱীৰ উপৰিভাগৰ কঠিন আৱৰণটোক ভূত্বক বোলে। ইয়াৰ গড় ডাঠ ২০ কিমি।

(খ) আগ্নেয় শিল কাক বোলে?
উত্তৰঃ মেগমা শীতল হৈ গঠিত হোৱা শিলক আগ্নেয় শিল বোলে।

(গ) মাটি বুলিলে কি বুজা?
উত্তৰঃ শিলৰ চূৰ্ণ-বিচূৰ্ণ অংশে গঠিত কোমল আৱৰণটোক মাটি বোলে।

(ঘ) মণিক কি?
উত্তৰঃ প্ৰাকৃতিকভাৱে সৃষ্ট অজৈৱিক কঠিন পদাৰ্থ।

(ঙ) ”হিউমাছ” কাক বোলে?
উত্তৰঃ জৈৱিক পদাৰ্থ পচি গঠিত হোৱা মাটিৰ সাৰুৱা অংশ।


৪। উত্তৰ লিখা- (১০০ টা মান শব্দৰ ভিতৰত)
(ক) পৃথিৱীৰ পৃষ্ঠৰ পৰা অভ্যন্তৰ ভাগলৈ প্ৰধান স্তৰ কেইটা আৰু কি কি?
উত্তৰঃ ৩ টা স্তৰ:
১. ভূত্বক (২০ কিমি ডাঠ, ছিয়াল স্তৰ),
২. গুৰুমণ্ডল (ছিমা স্তৰ, Si-Mg যুক্ত),
৩. কেন্দ্ৰমণ্ডল (নিফ স্তৰ, Fe-Ni যুক্ত)।

(খ) শিল কেইপ্ৰকাৰৰ আৰু কি কি বুজাই লিখা।
উত্তৰঃ ৩ প্ৰকাৰ:
১. আগ্নেয় শিল (মেগমাৰ পৰা সৃষ্টি, যেনে— গ্ৰেণাইট),
২. গেদীয় শিল (জমা হৈ গঠিত, যেনে— কয়লা),
৩. ৰূপান্তৰিত শিল (তাপ-চাপত পৰিৱৰ্তিত, যেনে— মাৰ্বল)।

(গ) শিল আৰু মাটিৰ মাজত পাৰ্থক্য বিচাৰ কৰা।
উত্তৰঃ শিল কঠিন, মাটি কোমল; শিলৰ পৰা মাটিৰ সৃষ্টি হয়।

(ঘ) ‘‘মাটি অবিহনে গছ-গছনি, জীৱ-জন্তু জীয়াই থাকিব নোৱাৰে’’।
উত্তৰঃ মাটিয়ে খাদ্য, আশ্ৰয় আদি প্ৰদান কৰে।

(ঙ) ‘‘মাটি গঠনত জলবায়ুৰ প্ৰভাৱ অপৰিহাৰ্য’’।
উত্তৰঃ বৰষুণ, তাপে শিল ভাঙি মাটি গঠন কৰে।

(চ) ভূত্বকত পোৱা শিল, মণিক আৰু মাটিৰ মাজত সম্পৰ্ক বিচাৰ কৰা।
উত্তৰঃ শিলৰ পৰা মাটি, মণিকৰ পৰা খনিজ লাভ কৰোঁ।


৫। শিলবোৰ শ্রেণীভুক্ত কৰা—

আগ্নেয় শিলগেদীয় শিলৰূপান্তৰিত শিল
বেছল্ট, গ্রেব্র’, গ্রেণাইটকংলোমাৰেট, চূণশিল, কয়লামাৰ্বল, শ্লেট, নিছ

৬। দলত আলোচনা কৰি লিখা—
(ক) মাটিৰ লগত উদ্ভিদ আৰু প্রাণীজগতৰ সম্বন্ধ কি?
উত্তৰঃ মাটিয়ে খাদ্য, বাসস্থান আদিৰ যোগান ধৰে।

(খ) যদিহে পৃথিৱীৰ উপৰিভাগৰ পৰা সাৰুৱা মাটি নোহোৱা হৈ যায়, তেতিয়া কি হ’ব?
উত্তৰঃ খাদ্য সংকট, জীৱ-জন্তুৰ বিলুপ্তি আদি হ’ব।


Leave a Comment

Stay informed about the latest Educational Update website. We provide timely and accurate information on upcoming Exam, application deadlines, exam schedules, and more.

📱 Install AssamWeb App

For better experience, install our mobile app.

Download from Play Store