Home » সপ্তম শ্ৰেণীৰ বিজ্ঞান » আঁহৰ পৰা কাপোৰলৈ – Class 7 – পাঠ : ৩

আঁহৰ পৰা কাপোৰলৈ – Class 7 – পাঠ : ৩

শ্ৰেণী : সপ্তম
বিষয়: বিজ্ঞান
পাঠ : ৩ (আঁহৰ পৰা কাপোৰলৈ)
বৰ্ড: SCERT

অনুশীলনী:


প্রশ্ন ১: তোমালোকে তলত দিয়া প্রাক-প্রাথমিক শ্রেণীৰ পদ্যটোৰ লগত বোধ হয় পৰিচিত।
i) Baa-Baa black sheep, have you any wool.
ii) Mary had a little lamb, whose fleece was white as snow.

Winter Sale

তলত দিয়া সমূহৰ উত্তৰ দিয়া।

ক) Black sheep ৰ কোনটো অংশত ঊণ আছে?
উত্তৰ: Black sheep ৰ ছালত ঊণ থাকে।

খ) ভেড়াৰ পোৱালিৰ বগা নোমবোৰে কি বুজায়?
উত্তৰ: ভেড়াৰ পোৱালিৰ বগা নোমবোৰে ঊণ বুজায়।


প্রশ্ন ২: পাটপলু মানে এটা:
(ক) কেটাৰপিলাৰ
(খ) লাৰভা

এতিয়া তলৰ কোনটো শুদ্ধ?
উত্তৰ: iii) ক আৰু খ দুয়োটা।


প্রশ্ন ৩: তলত দিয়া কোনটোৱে ঊণ নিদিয়ে।

i) য়াক।
ii) উট।
iii) ছাগলী।
iv) নোমাল কুকুৰ।

উত্তৰ: নোমাল কুকুৰ ঊণ নিদিয়ে।


প্রশ্ন ৪: তলত দিয়া শব্দবোৰ কি বুজায়?

i) ৰিয়েৰিং বা পালন।
ii) শ্ৱীয়েৰিং বা নোম খুৰোৱা।
iii) ৰেচম বা পাট শিল্প।

উত্তৰ:
i) ৰিয়েৰিং বা পালন: জন্তুৰ যত্ন লোৱা, আহাৰ খোৱাই, চৰণ, প্ৰজনন আৰু মাংসৰ বাবে জন্তু পালন কৰা।
ii) শ্ৱীয়েৰিং বা নোম খুৰোৱা: ভেড়াৰ পৰা নোম (উণ) আঁতৰাই পোৱা হয়। এই পদ্ধতিটোক নোম খুৰোৱা বুলি কোৱা হয়।
iii) ৰেচম বা পাট শিল্প: পাটৰ সূতা উৎপাদন কৰা বা ৰেচম তৈয়াৰ কৰা শিল্প।


প্রশ্ন ৫: তলত দিয়া সমূহ হৈছে ঊণ তৈয়াৰ কৰা প্রণালীৰ স্তৰবোৰ। নথকা স্তৰবোৰ বাছি লিখা।

স্বীয়েৰিং বা নোম খুৰোৱা, ________, চৰ্টিং বা ভাগ কৰা, ___________, ___________, _____________

উত্তৰ:
স্বীয়েৰিং বা নোম খুৰোৱা, নির্ঘর্ষণ বা পৰিষ্কাৰকৰণ, চৰ্টিং বা ভাগ কৰা, ৰং কৰা, ফণিওৱা।


প্রশ্ন ৭: তলত দিয়াবোৰৰ কোন দুটা শব্দ পাট উৎপাদনৰ সৈতে জড়িত।

ৰেচম শিল্প, পুষ্পোদ্যান বিজ্ঞান, নুনীগছৰ খেতি, মৌ-পালন, বৃক্ষবিজ্ঞান।

উত্তৰ: ৰেচম শিল্প আৰু নুনীগছৰ খেতি এই দুটা শব্দ পাট উৎপাদনৰ সৈতে জড়িত।


প্রশ্ন ৮: ‘ক’ অংশৰ সৈতে ‘খ’ অংশ মিলোৱা

‘ক’ অংশ‘খ’ অংশ
১) স্কাউৰিং বা নির্ঘর্ষণক) পাটৰ সূতা উৎপাদন কৰে।
২) নুনী গছৰ পাতখ) ঊণ উৎপাদন কৰা প্ৰাণী।
৩) য়াকগ) পাট পলুৰ খাদ্য।
৪) লেটাগুটিঘ) মহুৰা ফুৰা।
ঙ) ছালৰ সৈতে কাটি লোৱা নোমৰ পৰিষ্কাৰকৰণ।

উত্তৰ:
১) স্কাউৰিং বা নির্ঘর্ষণ – ঙ) ছালৰ সৈতে কাটি লোৱা নোমৰ পৰিষ্কাৰকৰণ
২) নুনী গছৰ পাত – গ) পাট পলুৰ খাদ্য।
৩) য়াক – খ) ঊণ উৎপাদন কৰা প্ৰাণী।
৪) লেটাগুটি – ক) পাটৰ সূতা উৎপাদন কৰে।


প্রশ্ন ৯: পাঠৰ ওপৰত ভিত্তি কৰি তলত এটা শব্দ শৃংখল দিয়া হৈছে। শব্দবোৰৰ কাৰণে ইংগিতৰ সহায়ত খালী ঠাইবোৰ বৰ্ণৰে পূৰণ কৰা।

তললৈ
২) এখন ঠাই য’ত য়াকৰ ঊণ যথেষ্ট পৰিমাণে পোৱা যায় আৰু সাধাৰণতে ব্যৱহৃত হয়। – লাডাখত।
৩) ৰেচম বা পাট উদ্যোগ আৰম্ভ কৰা প্ৰথমখন দেশ। – চীন।
৫) পাটৰ আন এটি নাম- ৰেচম।

পথালিকৈ
১) পাট পলুৰ জীৱন চক্ৰত কণীৰ পিছৰ স্তৰ। – কেটাৰপিলাৰ।
৪) কেটাৰপিলাৰে লেটালৈ ৰূপান্তৰ হোৱাৰ সময়ত নিঃসৰণ কৰা উপাদান। – প্র’টিন।
৬) পাট পলুৰ জীৱন চক্ৰত লেটাৰ পিছৰ স্তৰ। – চকৰী।
৭) ভেড়া, য়াক আদি জণ্ডৰ ছালৰ এক অংশ য’ৰ পৰা আঁহ পোৱা যায়। – নোম।


Leave a Comment

Stay informed about the latest Educational Update website. We provide timely and accurate information on upcoming Exam, application deadlines, exam schedules, and more.

📱 Get AssamWeb App

Unlock free PDFs, mock tests, and certificates with our mobile app. Faster, smoother, and made for students 📚✨

🚀 Install from Play Store One-time reminder • No spam