Home » সপ্তম শ্ৰেণীৰ বিজ্ঞান » উদ্ভিদৰ পুষ্টি Class 7 – সপ্তম শ্ৰেণীৰ বিজ্ঞান – পাঠ: ১

উদ্ভিদৰ পুষ্টি Class 7 – সপ্তম শ্ৰেণীৰ বিজ্ঞান – পাঠ: ১

পাঠ: ১

উদ্ভিদৰ পুষ্টি

অনুশীলনী

প্রশ্ন ১: জীৱক কিয় খাদ্যৰ প্ৰয়োজন হয়?
উত্তৰ: জীৱ এটাই তাৰ দেহৰ গঠন আৰু বৃদ্ধি ঘটাবলৈ আৰু জীৱন প্ৰক্ৰিয়া চলাবলৈ শক্তিৰ প্ৰয়োজন হয়। খাদ্যই এই প্ৰয়োজনীয় শক্তিৰ যোগান ধৰে।

Winter Sale

প্রশ্ন ২: পৰজীৱী আৰু মৃতজীৱী উদ্ভিদৰ মাজৰ প্ৰভেদ লিখা।
উত্তৰ:

  • পৰজীৱী উদ্ভিদ: ইহঁতে আন উদ্ভিদৰ পৰা খাদ্য শোষণ কৰি পুষ্টি সাধন কৰে। ইয়াৰ ফলত আশ্ৰয়দাতা উদ্ভিদৰ অনিষ্ট হয়।
  • মৃতজীৱী উদ্ভিদ: ইহঁতে মৰা বা পচা বস্তুৰ পৰা খাদ্য শোষণ কৰে। ইয়াৰ ফলত আন উদ্ভিদৰ কোনো অনিষ্ট নহয়।

প্রশ্ন ৩: পাতত শ্বেতসাৰৰ উপস্থিতি কেনেকৈ প্ৰমাণ কৰিব পাৰি?
উত্তৰ:
১. এডাল সেউজীয়া উদ্ভিদৰ দুটা পাত লোৱা হ’ল।
২. এটা পাতক ৰ’দত আৰু আনটো পাতক অন্ধকাৰ কোঠালিত ৭২ ঘণ্টা ৰখা হ’ল।
৩. ৭২ ঘণ্টাৰ পিছত দুয়োটা পাত উতলাই পানীত ধুই আয়ডিনৰ দ্ৰৱ পেলোৱা হ’ল।
৪. ৰ’দত থকা পাতটোৰ ৰং ডাঠ নীলা হ’ল, কাৰণ ইয়াত শ্বেতসাৰ আছে।
৫. অন্ধকাৰত থকা পাতটোৰ ৰং সলনি নহ’ল, কাৰণ ইয়াত শ্বেতসাৰ নাই।
ইয়াৰ পৰা সিদ্ধান্ত কৰা হ’ল যে সেউজীয়া পাতত শ্বেতসাৰ থাকে আৰু ইয়াক সূৰ্যৰ পোহৰতহে উৎপাদন কৰে।

প্রশ্ন ৪: সেউজীয়া উদ্ভিদে খাদ্য সংশ্লেষণ কৰা প্ৰক্ৰিয়াৰ চমু বৰ্ণনা কৰা।
উত্তৰ:
সেউজীয়া উদ্ভিদে পাতত খাদ্য সংশ্লেষণ কৰে। ইয়াৰ বাবে প্ৰয়োজনীয় দ্ৰব্য হ’ল:

  • পানী (মাটিৰ পৰা শিপাৰ দ্বাৰা শোষণ কৰে)
  • কাৰ্বন-ডাই-অক্সাইড (বায়ুৰ পৰা পাতৰ ছিদ্ৰৰে আহৰণ কৰে)
  • সূৰ্যৰ পোহৰ (ক্ল’ৰফিলে শোষণ কৰে)
    এই দ্ৰব্যবোৰৰ ৰাসায়নিক বিক্ৰিয়াৰ ফলত কার্বহাইড্ৰেট উৎপন্ন হয়, যিটো উদ্ভিদৰ খাদ্য হিচাপে সঞ্চিত হয়। ইয়াক সালোক সংশ্লেষণ বোলে।
    সালোক সংশ্লেষণৰ বিক্ৰিয়া:
    কাৰ্বন-ডাই-অক্সাইড + পানী → সূৰ্যৰ পোহৰ → কার্বহাইড্ৰেট + অক্সিজেন

প্রশ্ন ৫: এটা চিত্ৰৰ সহায়ত দেখুওৱা যে উদ্ভিদ হ’ল জীৱৰ খাদ্যৰ মূল উৎস।
উত্তৰ:
চিত্ৰত দেখা গ’ল যে মানুহৰ খাদ্য (ভাত, ডাইল, মাংস, গাখীৰ আদি) আৰু জন্তুৰ খাদ্য (ঘাঁহ, গছ-গছনি আদি) সকলোৰে মূল উৎস উদ্ভিদ।

প্রশ্ন ৬: খালী ঠাই পূৰ কৰা:
(ক) উদ্ভিদে নিজৰ খাদ্য নিজে প্রস্তুত কৰে বাবে ইহঁতক স্বপোষী বোলে।
(খ) উদ্ভিদে সংশ্লেষণ কৰা খাদ্য শ্বেতসাৰ হিচাপে সঞ্চিত হয়।
(গ) সালোক সংশ্লেষণত যি কণাই সূৰ্যৰ ৰশ্মি শোষণ কৰে তাক ক্ল’ৰফিল বোলে।
(ঘ) সালোক সংশ্লেষণ প্রক্রিয়াত উদ্ভিদে কাৰ্বন-ডাই-অক্সাইড গ্ৰহণ কৰে আৰু অক্সিজেন এৰি দিয়ে।

প্রশ্ন ৭: তলত দিয়াবোৰৰ নাম লিখা:
(ক) স্বর্ণলতা
(খ) অমৰলতা
(গ) ষ্ট’মাটা

প্রশ্ন ৮: শুদ্ধ উত্তৰ বাছি উলিওৱা:
(ক) স্বর্ণলতা হ’ল: (ii) পৰজীৱী
(খ) পতংগ ধৰি খাদ্য গ্ৰহণ কৰা উদ্ভিদ হ’ল: (iii) কলহলতা

প্রশ্ন ৯: স্তম্ভ-I আৰু স্তম্ভ-II মিলোৱা:

  • ক্ল’ৰফিল → পাত
  • নাইট্ৰ’জেন → বেক্টেৰিয়া
  • স্বর্ণলতা → পৰজীৱী
  • প্ৰাণী → পৰপোষী
  • পতংগ → কলহলতা

প্রশ্ন ১০: সঁচা-মিছা বাছি উলিওৱা:
(ক) মিছা
(খ) মিছা
(গ) সঁচা
(ঘ) সঁচা

প্রশ্ন ১১: শুদ্ধ উত্তৰ বাছি উলিওৱা:
(ক) উদ্ভিদে বায়ুৰ পৰা কাৰ্বন-ডাই-অক্সাইড গ্ৰহণ কৰে: (ii) পত্ৰৰন্ধ
(খ) উদ্ভিদে বায়ুমণ্ডলৰ পৰা কাৰ্বন-ডাই-অক্সাইড আহৰণ কৰে: (iv) পাত

Leave a Comment

Stay informed about the latest Educational Update website. We provide timely and accurate information on upcoming Exam, application deadlines, exam schedules, and more.

📱 Get AssamWeb App

Unlock free PDFs, mock tests, and certificates with our mobile app. Faster, smoother, and made for students 📚✨

🚀 Install from Play Store One-time reminder • No spam