নামৰ বেবেৰিবাং Class 7 Question Answer সপ্তম শ্ৰেণীৰ অসমীয়া

Advertisements

নামৰ বেবেৰিবাং Class 7 Question Answer | নামৰ বেবেৰিবাং সপ্তম শ্ৰেণীৰ | Class 7 Assamese Lesson 12 Question Answer  | সপ্তম শ্ৰেণীৰ অসমীয়া প্ৰশ্ন উত্তৰ | Class 7 Assamese Chapter 12 | অংকুৰণ সপ্তম শ্ৰেণীৰ

বিষয় সপ্তম শ্ৰেণীৰ অসমীয়া
মাধ্যমঅসমীয়া
কিতাপখনৰ নামঅংকুৰণ সপ্তম শ্ৰেণীৰ
পাঠৰ নামনামৰ বেবেৰিবাং
অধ্যায় (Chapter) 12
শ্ৰেণী সপ্তম শ্ৰেণী (VII)
অধ্যায় অধ্যায় 12

নামৰ বেবেৰিবাং Class 7 Question Answer

| পাঠভিত্তিক প্রশ্ন আৰু উত্তৰ|

৫। উত্তৰ দিয়া :

(ক) নিধনীৰামৰ ঘৰ ক’ত আছিল?
উঃ- নিধনীৰামৰ ঘৰ সোণাপুৰত আছিল।

(খ) নিধনীৰাম অভাৱী আছিল নেকি?
উঃ- নিধনীৰাম অভাৱী নাছিল। তেওঁৰ ধনে-জনে ৰৰৈয়া গৃহস্থী আছিল।

(গ) মানুহজনে কাটি থকা গছজোপাৰ নাম কি?
উঃ- মানুহজনে কাটি থকা গছজোপাৰ নাম অমৰা।

(ঘ) হালোৱা মানুহজনৰ নাম কি আছিল?
উঃ- হালোৱা মানুহজনৰ নাম আছিল মৰা।

৬। কোনে কাক কৈছিল কোৱা।

(ক) “এই জোপা কি গছহে ককাই?”
উঃ- এই কথাষাৰ নিধনীৰামে কৈছিল।
নিধনীৰামে নিজৰ নামটোৰ প্ৰতিকাৰৰ কথা ভাবি মনৰ দুখত ঘৰৰ পৰা ওলাই গৈ এঘৰৰ পদূলিমুখত এজোপা মৰা গছ এজন মানুহে কুঠাৰেৰে কাটি থকা দেখা পাই গিৰিহঁতক উদ্দেশ্য কৰি এইদৰে সুধিছিল।

(খ) ‘পাৰোঁতোন —নিজৰা।’
উঃ- এই কথাষাৰ নিজৰাটোৰ পাৰত খেলি থকা ল’ৰা-ছোৱালীজাকে কৈছিল। ল’ৰা-ছোৱালীজাকে নিধনীৰামক উদ্দেশ্য কৰি কথাষাৰ কৈছিল।

(গ) মোৰ নাম মৰা।
উঃ- উক্ত কথাফাকি পথাৰত হাল বাই থকা মানুহজনে কৈছিল। হালোৱা মানুহজনে নিধনীৰামক এইদৰে কৈছিল।

(ঘ) ‘বোলো কোৱা কি? তুমি দেখোন জীয়া। মৰা হ’লা কেনেকৈ?
উঃ- এই কথাফাকি নিধনীৰামে কৈছিল। তেওঁ পথাৰত হাল বাই থকা মানুহজনক এইদৰে কৈছিল

(ঙ) ‘জকাই বাইছোঁহে বাইছোঁ, খলিহা-পুঠী এটাও পোৱা নাই দেউতা।’
উঃ- উক্ত কথাযাৰ লখিমী নামৰ ফটাকানি পিন্ধা জাঁটলী ছোৱালীজনীয়ে কৈছিল। লখিমীয়ে নিধনীৰামক উদ্দেশ্যি এইদৰে কৈছিল।

নামৰ বেবেৰিবাং Class 7 Question Answer

২। পাঠটো পঢ়ি কাহিনীটো চমুকৈ কোৱা।
উঃ— সোণাপুৰ নামৰ এখন গাঁৱত নিধনীৰাম নামৰ এজন ধনী মানুহে বাস কৰিছিল। গাঁওখনৰ নাম সোণাপুৰ হ’লেও তাৰ মানুহবিলাক আছিল ডাল-দৰিদ্ৰ, একমাত্র নিধনীৰামৰ বাহিৰে। নিধনীৰামৰ নদন বদন গৃহস্থী, গোহালিত গৰু, পুখুৰীত মাছ, ভঁৰালত ধান, পেটাৰিত ধন; মুঠতে কোনোফালেই একোৰে অভাৱ নাছিল। সেইবাবে মানুহে তেওঁক নিধনী বুলি মাতিলে তেওঁ বৰ বেয়া পাইছিল আৰু ইয়াৰ প্ৰতিকাৰৰ কথা ভাবি এদিন ঘৰৰ পৰা ওলাই গৈছিল। গৈ থাকোঁতে নিধনীৰামে এঘৰৰ পদুলিমুখত এজোপা মৰা গছ এজন মানুহে কুঠাৰেৰে কটা থকা দেখা পালে আৰু গছ জোপাৰ নাম জানিবলৈ বিচাৰিলে। গিৰিহঁতে গছজোপাৰ নাম অমৰা বুলি ক’লৈ। নিধনীয়ে মৰা গছ অমৰা হ’ব পাৰেনে বুলি কোৱাত গিৰিহঁতে ভেকাহি মাৰি ক’লে যে পাৰে নে নোৱাৰে সেই কথা নিধনীয়ে শিকা নালাগে। তেওঁৰ কথামতে অমৰা গছ নমৰাকৈ থাকিব নোৱাৰে। সেই কথা শুনি নিধনীৰামে আৰু একো নকৈ তাৰ পৰা আঁতৰি যায়।

লগতে পঢ়ক:   অসম Class 7 Question Answer | পাঠ 9 | অংকুৰণ সপ্তম শ্ৰেণীৰ

এইদৰে গৈ নিধনীয়ে এটা নিজৰা পায়। তাৰ পাৰত ল’ৰা-ছোৱালীবোৰে খেলি থকা দেখি তেওঁ সিহঁতক পানীদৰাৰ নাম সুধে। সিঁহতে পানীদৰাৰ নাম নিজৰা বুলি কোৱাত নিধনীয়ে মনে মনে ভাবিলে যে মৰা গছ অমৰা হয়, জিৰ জিৰকৈ জৰি থকা পানীও নিজৰা হয়। কেইখোজমান গৈ তেওঁ পথাৰত হাল বাই থকা এজন হালোৱা মানুহ দেখিলে আৰু মানুহজনৰ নামটো সুধিলে।  মানুহজনে তেওঁৰ নামটো মৰা বুলি কোৱাত নিধনীয়ে মানুহজনক ক’লে যে তেওঁ জীয়া মানুহজন মৰা হ’ল কেনেকৈ। মানুহজনে ক’লে যে জীয়াই হওঁক বা মৰাই হওঁক তেওঁৰ মাক দেউতাকে দিয়া ‘মৰা’ নামটো কোনেও সলাই দিব নালাগে। সেই কথা শুনি নিধনীৰামৰ হাঁহি উঠিল। তেওঁ আকৌ আগুৱাই গ’ল আৰু এইবাৰ এটা হোলাত ফটাকানি পিন্ধি এজনী জাঁটলী ছোৱালীয়ে জকাই বাই থকা দেখি তাইৰ নামটো সোধে আৰু মাছ পাইছেনে নাই জানিব বিচাৰে। তাই নিধনীক জানিবলৈ দিয়ে যে তাই এটাও মাছ পোৱা নাই আৰু তাইৰ নাম লখিমী। নিধনীয়ে ছোৱালীটিক আৰু একো নুসুধি মনে মনে ভাবিলে—

Advertisements

অমৰা মৰে, নিজৰা জৰে
মৰাই বায় হাল,
লখিমীয়ে পিন্ধে ফটাকানি
মই নিধনী হোৱাই ভাল।
এই সজ শিক্ষা লাভ কৰি সন্তোষ মনেৰে নিধনীৰাম ঘৰলৈ উভতি যায়।

৪। তলৰ শব্দসমূহৰ অৰ্থ কাড়ঁ চিন দি মিলোৱা।

শব্দঅৰ্থ
নুটুটেনকমে।
ৰৰৈয়ানদন-বদন, ধনে-জনে পৰিপূৰ্ণ।
ডাল-দৰিদ্ৰঅতি দুখীয়া।
বেজবেজাইডাকি যোৱাকৈ, বিজবিজনি অনুভৱ কৰা।
সুৰসুৰকৈকোনো শব্দ বা ওজৰ-আপত্তি নকৰাকৈ।
মৰচেলেকাশুকাই ক্ষীণাই মৰাৰ নিচিনা হোৱা।
জকাইজাকৈ (বাঁহেৰে সজা তিনিকোণীয়া মাছ মৰা সঁজুলি)।
পেটাৰিজপা, ঢাকনি থকা বেতেৰে তৈয়াৰ কৰা কপোৰ-কানি ৰাখিব পৰা এবিধ যতন।

নামৰ বেবেৰিবাং Class 7 Question Answer

উত্তৰ দিয়া :

৭। নিধনীৰামক গাঁৱৰ মানুহে নিধনীৰাম বুলি মাতিলে কিয় তাৰ গা বেজবেজাইছিল লিখা।
উঃ- সোণাপুৰ গাঁৱত নিধনীৰাম নামৰ এজন ধনী মানুহে বাস কৰিছিল। গাঁওখনৰ নাম সোণাপুৰ হ’লেও তাত নিধনীৰামৰ বাহিৰে আন মানুহবোৰ ডাল-দৰিদ্ৰ আছিল। কিন্তু নিধনীৰামৰ গৃহস্থালি ধনে-জনে নদন-বদন আছিল। গোহালিত গৰু, পুখুৰীত মাছ, ভঁৰালত ধান, পেটাৰিত ধন কোনোফালেই নিধনীৰামে অভাৱ অনুভৱ কৰিবলগীয়া হোৱা নাছিল। তথাপিও তেওঁক গাঁৱৰ মানুহে নিধনী বুলি মাতিছিল। এই নামটোৰে মতা শুনিলে তেওঁৰ গাৰ বিছা-বৰলে ডকাৰ দৰে বেজবেজাইছিল।

৮। নিধনীৰামে শেষত ভবা যোজনা ফাকিৰ অৰ্থ লিখা।
উঃ- সোণাপুৰ গাঁৱত নিধনীৰাম নামৰ এগৰাকী ধনী মানুহে বাস কৰিছিল। সেই গাঁওখনত নিধনীৰামৰ বাহিৰে আন মানুহবোৰ ডাল-দৰিদ্ৰ আছিল। কিন্তু ধনে-জনে নিধনীৰামৰ ৰৰৈয়া গৃহস্থালি আছিল। গোহালিত গৰু, পুখুৰীত মাছ, ভঁৰালত ধান, পেটাবিত ধন আদি একোৰেই অভার নাছিল। তথাপি মানুহে তেওঁক নিধনী বুলি মাতিলে তেওঁ বৰ বেয়া পাইছিল। এদিন এই বিষয়ে প্রতিকাৰৰ কথা ভাবি তেওঁ মনৰ দুখত ঘৰৰ পৰা ওলাই যায়৷ গৈ গৈ নিধনীয়ে এঘৰৰ পদূলিমুখত এজন মানুহে এজোপা মৰা গছ কাটি থকা দেখা পাই গছজোপাৰ নাম জানিব বিচাৰে। গৃহস্থই গাঁওখনৰ চৌপাশে ধুনীয়া ধুনীয়া চৰণীয়া পথাৰ আৰু ধাননি পথাৰ আছে। সেই পথাৰবোৰত গৰু, ছাগলী আদি চৰি ফুৰিছে। এজন মানুহে পথাৰত হালবাই আছে। গাঁৱৰ বোৱাৰী গৰাকীয়ে কাষত কলহ লৈ নৈৰ ঘাটলৈ পানী আনিবলৈ গৈছে।

লগতে পঢ়ক:   প্ৰত্যাহ্বান Class 7 Question Answer – অংকুৰণ সপ্তম শ্ৰেণীৰ

১২। (ক) পাঠটোত মাক-বাপেক, ল’ৰা-ছোৱালী, আদি কেইবাটাও সম্বন্ধবাচক যুৰীয়া শব্দ আছে৷ ‘ক’-অংশৰ লগত ‘খ’-অংশৰ শব্দ লগ লগাই উদাহৰণত দিয়াৰ দৰে যুৰীয়া শব্দ গঠন কৰা।
উদাহৰণ: আইতা – ককা
উঃ- পেহা – পেহী
জী – জোঁৱাই
তাৱৈ – আমৈ
ভনী – ভনী
আই – বোপাই
শাহ – শহুৰ

(খ) তলৰ শব্দবোৰৰ বিপৰীত অৰ্থ প্ৰকাশক শব্দ লিখা।

শব্দবিপৰীত অৰ্থ
ভালবেয়া
জীয়ামৰা
নিধনীধনী
নিজৰাজৰা
নেলাগেলাগে
নুটুটেটুটে
নোৱাৰেপাৰে
নেমাতিলেমাতিলে

নামৰ বেবেৰিবাং Class 7 Question Answer

১৩। (ক) বাক্য ৰচনা কৰা
গা বেজবেজাই যা, ডাল-দৰিদ্ৰ, ভেকাহি মাৰ্, গা নচুৱাই ফুৰ্
উঃ- গা বেজবেজাই যা :— বাটত দুর্ঘটনাটো দেখি মানুহজনৰ গা বেজবেজাই গ’ল।
ডাল-দৰিদ্ৰ :- নিধনীৰামৰ বাহিৰে সোণাপুৰ গাঁৱৰ অইন মানুহবোৰ ডাল-দৰিদ্ৰ আছিল।
ভেকাহি মাৰ্ :- ল’ৰাজনে যিহকে পায় তাকে বলকি থাকোঁতে মানুহজনে তাক ভেকাহি মাৰি উঠিল।
গা নচুৱাই ফুৰ্ :— হকে বিহকে এইদৰে গা নচুৱাই ফুৰাটো ভাল কথা নহয়।

(খ) ‘ধন’ শব্দটোৰ লগত ‘ঈ’ প্রত্যয় যোগ হৈ ধনী শব্দটো গঠিত হৈছে। তলত দিয়া শব্দবোৰৰ লগত ‘ঈ’ প্রত্যয় যোগ হলে কি হয় লিখোঁ আহা-
উঃ- জ্ঞান + ঈ = জ্ঞানী
দান + ঈ = দানী
গুণ + ঈ = গুণী
দুখ + ঈ = দুখী
মান + ঈ = মানী।
সুখ + ঈ = সুখী

১৪। আনে তোমাৰ বিষয়ে কোৱা কোনবোৰ কথাই তোমাৰ গা বেজবেজাই যায় লিখা
উঃ–আনে মোৰ মনত আঘাত দি কোৱা কথা, ঠাট্টা কৰা, মোক মিছাকৈ দোষাৰোপ কৰা আদি কথাই মোৰ গা বেজবেজাই যায়।

১৫। অসমৰ খাল-বিল, নৈত মাছ উভৈনদী হৈ আছে। সেইবোৰত উৎসৱ-পাৰ্বণ উপলক্ষে ৰাইজে সমূহীয়াকৈ মাছ মাৰে। তুমি দেখা (নিজ চকুৰে/দূৰদৰ্শনত/ তথ্যচিত্র আদিত) তেনেকুৱা মাছ ধৰা উৎসৱৰ বিষয়ে বর্ণনা কৰা।
উঃ- আমাৰ গাঁৱত মাঘৰ বিহুৰ উৰুকাৰ দিনা ৰাজহুৱা পুখুৰীটোত মাছ ধৰা উৎসৱ অনুষ্ঠিত হয়। গাঁৱৰ সকলো ডেকা-বুঢ়াই ৰাতিপুৱা পুখুৰী পাৰলৈ যায়। তাত সকলোবোৰ একগোট হোৱাৰ পাছত জাল, প’ল’ আদিৰে মাছ ধৰা কাৰ্য আৰম্ভ কৰে। দুপৰীয়ালৈ মাছ ধৰা কাৰ্যৰ সামৰণি পেলায়। সেই মাছবোৰ ৰাইজৰ মাজত ভগাই লোৱা হয়।

১৬। লখিমীৰ চুলিকোছা ছাঁটলী বা অবিন্যস্ত আছিল। তোমালোকেও তেনেকৈ ৰাখা নেকি? যদি নাৰাখা তেনেহলে তোমালোকে চুলি, দাঁত, ছাল আদি শৰীৰৰ অংগ-প্রত্যংগবোৰৰ কেনেধৰণে যত্ন লোৱা, দলত আলোচনা কৰি লিখা।
উঃ- আমি সকলোৱে নিজৰ শৰীৰটো নিৰোগী কৰি ৰাখিব লাগে। শৰীৰৰ বিভিন্ন অংগ-প্রত্যঙ্গবোৰ পৰিষ্কাৰ-পৰিচ্ছন্ন হৈ থাকিলে ৰোগে সহজে আক্ৰমণ কৰিব নোৱাৰে। আমি সদায় ৰাতিপুৱা শুই উঠি আৰু ৰাতি শুৱাৰ আগতে দাঁত ব্ৰাছ কৰিব লাগে। দাঁত ব্ৰাছ কৰি উঠি মুখখন পৰিষ্কাৰ পানীৰে ধুই পেলাব লাগে। ছালখন পৰিষ্কাৰ কৰি ৰাখিলে কোনো ধৰণৰ ছালৰ সমস্যাই দেখা দিব নোৱাৰে। সেইবাবে ছালখন যাতে পৰিষ্কাৰ হৈ থাকে তাৰ ওপৰত গুৰুত্ব দিব লাগে। গা ধোৱাৰ সময়ত গাত চাবোন ঘহিব. লাগে, তেল সানিব লাগে। সেইদৰে চুলিকোছাৰ প্ৰতিও আমি সজাগ হ’ব লাগে। চুলিৰ গুৰিত মলি জমা হ’লে বিভিন্ন ধৰণৰ চুলিৰ সমস্যাই দেখা দিয়ে, যেনে চুলি সৰা, চুলি পকা, খজুৱতি আদি। গতিকে চুলিৰ গুৰিত মলি জমা নহ’বলৈ আমি সপ্তাহত দুবাৰকৈ মূৰত চাবোন, চেম্পু আদি ঘহিব লাগে। এইদৰে আমি শৰীৰৰ আন অংগ-প্রত্যংগসমূহৰো যত্ন লব লাগে।

লগতে পঢ়ক:   বিজ্ঞান আৰু আমাৰ মানসিকতা Questions Answers সপ্তম শ্ৰেণীৰ অসমীয়া

১৭। পুৰণি কালত আমাৰ খেতিয়কসকলে গৰুৰে হাল বাই খেতি কৰিছিল। কিন্তু এতিয়া কি কি উপায়েৰে হাল বোৱা, মৰণা মৰা আদি কাম কৰে লিখা।
উঃ- পুৰণি কালত খেতিয়কসকলে গৰুৰে হাল বাই খেতি কৰিছিল। কিন্তু বর্তমান ট্ৰেক্টৰ, পাৱাৰ টিলাৰ আদিৰ সহায়ত হালবোৱা, মৰণা মৰা আদি কাম কৰা হয়।

Class 7 Assamese Lesson 12 Question Answer

পাঠভিত্তিক অতিৰিক্ত প্রশ্নোত্তৰ

১। ‘নামৰ বেবেৰিবাং’ নামৰ পাঠটি কোনে ৰচনা কৰিছে?
উঃ- “নামৰ বেবেৰিবাং” নামৰ পাঠটি সাহিত্যাচার্য অতুলচন্দ্ৰ হাজৰিকাদেৱে ৰচনা কৰিছে।

২। সোণাপুৰৰ ধনী মানুহজনৰ নাম কি আছিল?
উঃ- সোণাপুৰৰ ধনী মানুহজনৰ নাম নিধনীৰাম আছিল।

৩। নিধনীৰামে কিহৰ প্ৰতিকাৰৰ কথাকেই ভাবি আছিল?
উঃ- সোণাপুৰৰ একমাত্ৰ ধনী মানুহজন হৈছে নিধনীৰাম। তেওঁৰ নামটো নিধনীৰাম যদিও জনে-ধনে তেওঁৰ গৃহস্থালি নদন বদন। গোহালিত গৰু, পুখুৰীত মাছ, ভঁৰালত ধান, পেটাৰিত ধন—কোনে ফালে তেওঁ অভাৱৰ মুখ দেখা নাছল। তথাপিও তেওঁক মানুহে নিধনী বুলি মাতিছিল। সেইবাবে সেই নামটোৰে মতা শুনিলেই তেওঁৰ গাত বিছা-বৰলে ডকাৰ দৰে অনুভৱ হৈছিল আৰু ইয়াৰ প্ৰতিকাৰৰ কথাকেই ভাবি থাকিছিল।

৪। নিধনীৰামে মনৰ দুখত কি কৰিছিল?
উঃ- নিধনীৰামে মনৰ দুখত ঘৰৰপৰা ওলাই গৈছিল।

৫। মৰা গছজোপাৰ নাম কি আছিল?
উঃ- মৰা গছজোপাৰ নাম অমৰা আছিল।

৬। নিজৰাটোৰ পাৰত খেলি থকা ল’ৰা-ছোৱালীজাকক নিধনীৰামে কি সুধিছিল?
উঃ- নিজৰাটোৰ পাৰত খেলি থকা ল’ৰা-ছোৱালীজাকক নিধনীৰামে পানীদৰাৰ নাম সুধিছিল।

Class 7 Assamese Lesson 12 Question Answer

৭। নিধনীৰামে পথাৰত কাঁক দেখা পাইছিল আৰু তেওঁ কি কৰি আছিল?
উঃ- নিধনীৰামে পথাৰত এজন হালোৱা মানুহ দেখা পাইছিল। হালোৱা মানুহজনে এহাল মৰচেৰেলা গৰুৰে পথাৰত হাল বাই আছিল।

৮। নিধনীৰামে হালোৱা মানুহজনক “তুমি দেখোন জীয়া, মৰা হ’লা কেনেকৈ” বুলি সোধাত মানুহজনে কি কৈছিল?
উঃ- হালোৱা মানুহজনে নিধনীৰামক কৈছিল যে জীয়াই হওঁক বা মৰাই হওঁক তেওঁৰ আই-বোপায়েকে দিয়া মৰা নামটো নিধনীৰামে সলাই দিব নালাগে।

৯। হোলাত জকাই বাই থকা জাঁটলী ছোৱালীজনীৰ নাম কি আছিল?
উঃ- হোলাত জকাই বাই থকা জাঁটলী ছোৱালীজনীৰ নাম লখিমী আছিল।

১০। গল্পটোৰ শেষত নিধনীৰামে কি লাভ কৰিলে?
উঃ- গল্পটোৰ শেষত নিধনীৰামে সজ শিক্ষা লাভ কৰিলে। তেওঁ বুজি পালে যে নামৰ অৰ্থৰ লগত কেতিয়াবা চৰিত্ৰৰ মিল নাথাকিব পাৰে বা নামৰ অৰ্থৰ লগত চৰিত্ৰৰ বিপৰীত অৰ্থ প্ৰকাশ পাব পাৰে। সেইবাবে অৱশেষত তেওঁ সন্তোষ মনেৰে ঘৰত উপস্থিত হয়।

১১। ফটাকানি পিন্ধি জাঁটলী ছোৱালীজনী ক’ত আছিল আৰু তাই কি কৰি আছিল?
উঃ- ফটাকানি পিন্ধি জাঁটলী ছোৱালীজনী এটা হোলাত আছিল আৰু তাই তাত জকাই বাই আছিল।

(ক) নিধনীৰামৰ ঘৰ ক’ত আছিল?

উঃ- নিধনীৰামৰ ঘৰ সোণাপুৰত আছিল।

(খ) নিধনীৰাম অভাৱী আছিল নেকি?

উঃ- নিধনীৰাম অভাৱী নাছিল। তেওঁৰ ধনে-জনে ৰৰৈয়া গৃহস্থী আছিল।

(গ) মানুহজনে কাটি থকা গছজোপাৰ নাম কি?

উঃ- মানুহজনে কাটি থকা গছজোপাৰ নাম অমৰা।

(ঘ) হালোৱা মানুহজনৰ নাম কি আছিল?

উঃ- হালোৱা মানুহজনৰ নাম আছিল মৰা।

Leave a Comment