বীৰুবালা ৰাভা (পাঠ ৮) Class 6 Assamese

SCERT Class 6 Assamese Chapter 8 Answer | বীৰুবালা ৰাভা। Lesson 8 | Class 6 Assamese Solution । Question and Answer Assam | ষষ্ঠ শ্ৰেণীৰ অসমীয়া প্ৰশ্ন উত্তৰ |


বীৰুবালা ৰাভা

সম্পূৰ্ণ পাঠভিত্তিক প্ৰশ্নোত্তৰ

১। তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিওৱা:

(ক) কাৰ গাত পৰীয়ে বাহ লৈছিল বুলি দেওধনীয়ে মঙল চাই কৈছিল?
(ক) ধৰ্মেশ্বৰ ৰাভাৰ গাত
(খ) কুমলী ৰাভাৰ গাত
(গ) বিষ্ণুপ্ৰসাদ ৰাভাৰ গাত
(ঘ) দয়ালু ৰাভাৰ গাত
উত্তৰ: (ক) ধৰ্মেশ্বৰ ৰাভাৰ গাত

(খ) ‘অসম ডাইনী অপৰাধ (প্ৰতিৰোধ, নিষিদ্ধ আৰু সুৰক্ষা) আইন’ কেতিয়া প্ৰণয়ন কৰা হৈছিল?
(ক) ২০১১ খ্ৰীষ্টাব্দত
(খ) ২০১৭ খ্ৰীষ্টাব্দত
(গ) ২০১৫ খ্ৰীষ্টাব্দত
(ঘ) ২০২১ খ্ৰীষ্টাব্দত
উত্তৰ: (গ) ২০১৫ খ্ৰীষ্টাব্দত

২। তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ কোৱা আৰু লিখা:

(ক) বীৰুবালা ৰাভাৰ কেনেধৰণৰ স্বভাৱে সকলোকে আকৰ্ষিত কৰিছিল?
উত্তৰ: বীৰুবালা ৰাভাৰ নম্ৰ স্বভাৱে সকলোকে আকৰ্ষিত কৰিছিল।

(খ) বীৰুবালা কিয় শিক্ষকৰ প্ৰিয়পাত্ৰ আছিল?
উত্তৰ: বীৰুবালা ৰাভাই পঢ়া-শুনাৰ লগতে বিদ্যালয়ৰ যিকোনো কামতে আগৰণুৱা আছিল। তেওঁৰ এই নেতৃত্বসুলভ গুণৰ বাবেই তেওঁ শিক্ষকৰ প্ৰিয়পাত্ৰ আছিল।

(গ) বীৰুবালা ৰাভাৰ লগত ডাইনী বিশ্বাস বিৰোধী অভিযানত অংশগ্ৰহণ কৰা সংগঠনটোৰ নাম কি আছিল?
উত্তৰ: সংগঠনটোৰ নাম আছিল ‘অসম মহিলা সমতা ছ’চাইটি’।

(ঘ) বীৰুবালা ৰাভাৰ ‘মিছন বীৰুবালা’ অভিযানক অসম চৰকাৰে কি হিচাপে স্বীকৃতি দিছিল?
উত্তৰ: অসম চৰকাৰে ‘মিছন বীৰুবালা’ অভিযানক ‘ৰাজ্যিক অভিযান’ হিচাপে স্বীকৃতি দিছিল।

(ঙ) ৰাজ্য চৰকাৰে বীৰুবালা ৰাভালৈ কি বঁটা আগবঢ়াইছিল?
উত্তৰ: ৰাজ্য চৰকাৰে বীৰুবালা ৰাভালৈ ২০১৭ খ্ৰীষ্টাব্দত ‘সতী সাধনী বঁটা’ আগবঢ়াইছিল।

(চ) ভাৰত চৰকাৰে বীৰুবালা ৰাভাক কি সন্মান যাচিছিল?
উত্তৰ: ভাৰত চৰকাৰে ২০২১ খ্ৰীষ্টাব্দত বীৰুবালা ৰাভাক দেশৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান ‘পদ্মশ্ৰী’ যাচিছিল।

৩। তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ আলোচনা কৰি কোৱা আৰু লিখা:

(ক) বীৰুবালা ৰাভাই ডাইনী বিশ্বাসৰ কবলৰপৰা সমাজখন কিয় মুক্ত কৰাৰ পণ লৈছিল?
উত্তৰ: বীৰুবালা ৰাভাৰ বৰপুত্ৰ ধৰ্মেশ্বৰ মানসিক ৰোগত আক্ৰান্ত হওঁতে এজনী দেওধনীয়ে তেওঁৰ মৃত্যু হ’ব বুলি ভৱিষ্যৎবাণী কৰিছিল। কিন্তু বীৰুবালাই সেই কথাত বিশ্বাস নকৰি পুত্ৰক চিকিৎসকৰ ওচৰলৈ লৈ যায় আৰু পুত্ৰ সুস্থ হৈ উঠে। এই ঘটনাৰ পৰা তেওঁ বুজি পাইছিল যে ডাইনী, বেজ-বেজালি আদি অন্ধবিশ্বাসে সমাজক কিদৰে বিপদত পেলায়। আনকি তেওঁকো বহুতে ডাইনী বুলি অপযশ দিছিল। সেয়েহে, সমাজখনক এনেকুৱা অন্ধবিশ্বাসৰ কবলৰ পৰা মুক্ত কৰিবলৈ তেওঁ পণ লৈছিল।

(খ) ‘মিছন বীৰুবালা’ অভিযানে ডাইনী বিশ্বাসৰ বিৰুদ্ধে কেনেদৰে কাম কৰিছিল?
উত্তৰ: ‘মিছন বীৰুবালা’ অভিযানে ডাইনী বিশ্বাসৰ বিৰুদ্ধে এক ব্যাপক আন্দোলন গঢ়ি তুলিছিল। এই অভিযানৰ জৰিয়তে তেওঁলোকে—

  • ডাইনীৰ অপবাদত নিৰ্যাতিত হোৱা লোকসকলক তাৎক্ষণিকভাৱে সহায় আগবঢ়াইছিল।
  • পঞ্চাশগৰাকীতকৈও অধিক লোকক ডাইনী বিশ্বাসৰ বলি হোৱাৰ পৰা উদ্ধাৰ কৰিছিল।
  • চৰকাৰৰ ওপৰত হেঁচা প্ৰয়োগ কৰি ‘অসম ডাইনী অপৰাধ (প্ৰতিৰোধ, নিষিদ্ধ আৰু সুৰক্ষা) আইন, ২০১৫’ প্ৰণয়ন কৰাত গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল।
  • গোটেই অসমতে ডাইনী প্ৰথাৰ বিৰুদ্ধে এক জনসজাগতা সৃষ্টি কৰিছিল।

৪। বীৰুবালা ৰাভাৰ জীৱনৰ বিষয়ে দহটা বাক্য লিখা।
উত্তৰ:
১. বীৰুবালা ৰাভা এগৰাকী সমাজ সংস্কাৰক আৰু অন্ধবিশ্বাসৰ বিৰুদ্ধে যুঁজ দিয়া মহীয়সী নাৰী আছিল।
২. তেওঁৰ জন্ম ১৯৪৯ চনৰ ৫ ফেব্ৰুৱাৰীত গোৱালপাৰা জিলাৰ ঠাকুৰবিলা গাঁৱত হৈছিল।
৩. তেওঁৰ নম্ৰ স্বভাৱ আৰু নেতৃত্বসুলভ গুণৰ বাবে সৰুৰে পৰা সকলোৰে প্ৰিয় আছিল।
৪. নিজৰ পুত্ৰক অন্ধবিশ্বাসৰ পৰা ৰক্ষা কৰাৰ ঘটনাই তেওঁক ডাইনী প্ৰথাৰ বিৰুদ্ধে যুঁজিবলৈ প্ৰেৰণা যোগাইছিল।
৫. তেওঁ ‘অসম মহিলা সমতা ছ’চাইটি’ৰ সহযোগত ‘মিছন বীৰুবালা’ নামৰ এক অভিযান আৰম্ভ কৰিছিল।
৬. এই অভিযানৰ জৰিয়তে তেওঁ বহু নিৰীহ লোকক ডাইনীৰ অপবাদৰ পৰা ৰক্ষা কৰিছিল।
৭. তেওঁৰ প্ৰচেষ্টাতে ২০১৫ চনত অসমত ডাইনী হত্যা বিৰোধী আইন প্ৰণয়ন কৰা হয়।
৮. তেওঁক ভাৰত চৰকাৰে ২০২১ চনত ‘পদ্মশ্ৰী’ সন্মানেৰে সন্মানিত কৰে।
৯. ইয়াৰ উপৰিও তেওঁ ‘সতী সাধনী বঁটা’ আৰু ‘ৰিয়েল হিৰো বঁটা’ আদি লাভ কৰিছিল।
১০. ২০২৪ চনৰ ১৩ মে’ তাৰিখে এইগৰাকী মহীয়সী নাৰীয়ে জীৱন নাটৰ সামৰণি মাৰে।

৫। অন্ধবিশ্বাসে মানুহক কিদৰে বিপদত পেলায়? দলত আলোচনা কৰা।
উত্তৰ: অন্ধবিশ্বাসে মানুহক বিভিন্ন ধৰণে বিপদত পেলায়। ই মানুহৰ যুক্তিবাদী চিন্তা-চৰ্চা নাইকিয়া কৰে, যাৰ ফলত তেওঁলোকে সঁচা-মিছাৰ পাৰ্থক্য ধৰিব নোৱাৰা হয়। যেনে—

  • অসুখ-বিসুখ হ’লে চিকিৎসকৰ ওচৰলৈ নোযোৱাকৈ বেজ-বেজালিৰ ওপৰত নিৰ্ভৰ কৰাৰ ফলত ৰোগীৰ মৃত্যু পর্যন্ত হ’ব পাৰে।
  • ডাইনীৰ দৰে অন্ধবিশ্বাসৰ বাবে সমাজত কাজিয়া-পেচাল, হিংসা-হত্যাৰ দৰে ঘটনা ঘটে।
  • নিৰীহ লোকক বিনা দোষত সামাজিকভাৱে অত্যাচাৰ কৰা হয় আৰু কেতিয়াবা ঘৰ-দুৱাৰ এৰি পলাবলৈ বাধ্য কৰোৱা হয়।
  • অন্ধবিশ্বাসে সমাজৰ প্ৰগতি আৰু বিকাশত বাধা দিয়ে আৰু মানুহক পিছলৈ ঠেলি দিয়ে।

৬। তলত দিয়া সন্ধিবোৰ ভাঙি লিখা:

  • খ্ৰীষ্টাব্দ = খ্ৰীষ্ট + অব্দ
  • হিমালয় = হিম + আলয়
  • অতীত = অতি + ইত
  • যথেষ্ট = যথা + ইষ্ট
  • নৱোদয় = নৱ + উদয়

৭। তলত দিয়া সন্ধিবোৰ ভাঙি লিখা:

  • তদুপৰি = তৎ + উপৰি
  • সম্পূৰ্ণ = সম্ + পূৰ্ণ
  • উদ্ধাৰ = উৎ + ধাৰ
  • সংহতি = সম্ + হতি
  • চলচ্চিত্ৰ = চলৎ + চিত্ৰ

৮। তলত দিয়া শব্দবোৰ সন্ধি অনুসৰি তালিকাভুক্ত কৰা:
সচ্চৰিত্ৰ, সংহাৰ, মহাশয়, প্ৰতীক্ষা, দেৱালয়, নীলোৎপল, সজ্জন, সংহতি, চন্দ্ৰোদয়, সমিতি, সদ্ভাৱ।

স্বৰসন্ধিব্যঞ্জনসন্ধি
মহাশয়সচ্চৰিত্ৰ
প্ৰতীক্ষাসংহাৰ
দেৱালয়সজ্জন
নীলোৎপলসংহতি
চন্দ্ৰোদয়সদ্ভাৱ
সমিতি

৯। গামোচাত থকা শব্দবোৰ অভিধানত থকাৰ দৰে বৰ্ণানুক্রমিকভাৱে লিখা:
উত্তৰ: ক, দ, ব, স বৰ্ণৰ ক্ৰম অনুসৰি—

  • ক: কাৰণ, কিছু, কৃষি, কুটুম, কৰ্দ্দৈ, কীৰ্ত্তন
  • দ: দুখ, দেওধনী, দেউতা, দুৰ্বল
  • ব: বন্তি, বাট, বিশ্ব, বঁটা
  • স: সমাজ, সাহস, সিঁচৰতি, সুলভ

১০। তলত দিয়া শব্দকেইটা ব্যৱহাৰ কৰি বাক্য ৰচনা কৰা:

  • হতাশ: পৰীক্ষাত বিফল হৈ তেওঁ হতাশ হোৱা উচিত নহয়।
  • পাৰ্গত: তাই ঘৰুৱা কাম-কাজত বৰ পাৰ্গত
  • অশিক্ষিত: অশিক্ষিত লোককো আমি সন্মান কৰা উচিত।
  • গৌৰৱ: বীৰুবালা ৰাভা অসমৰ গৌৰৱ
  • বিশ্বাস: অন্ধবিশ্বাসে সমাজৰ ক্ষতি কৰে।
  • প্ৰিয়পাত্ৰ: তেওঁ নম্ৰ স্বভাৱৰ বাবে সকলোৰে প্ৰিয়পাত্ৰ

১১। তলত দিয়া শব্দবোৰৰ লিংগ নিৰ্ণয় কৰি তালিকাভুক্ত কৰা:
মা, পুৰুষ, ৰাণী, অধ্যাপক, শিক্ষয়িত্ৰী, দমৰা, আইতা, বোন্দা, দেৱী, ল’ৰা

পুংলিংগস্ত্ৰীলিংগ
পুৰুষমা
অধ্যাপকৰাণী
দমৰাশিক্ষয়িত্ৰী
বোন্দাআইতা
ল’ৰাদেৱী

১২। তলত কিছুমান বৰ্ণ আৰু যুক্তাক্ষৰ খেলিমেলিকৈ দিয়া আছে। অৰ্থ অনুসৰি এই শব্দবোৰ শুদ্ধকৈ সজাই লৈ কাষত খালী বাকচটোত লিখা:

খেলিমেলি শব্দশুদ্ধ শব্দ
(ক) তা শ হহতাশ
(খ) ৰা গ্য দু ৰোদুৰাৰোগ্য
(গ) বো কুণ্ঠাকুণ্ঠাবোধ
(ঘ) অয়ি ক মাঅমায়িক
(ঙ) ৱা আণু ৰ গআগৰণুৱা
(চ) চে প্ৰ ষ্টাপ্ৰচেষ্টা
(ছ) সী ম য় হীমহীয়সী

১৩। তলত কিছুমান জতুৱা ঠাঁচ অৰ্থৰ সৈতে দিয়া হৈছে। এইবোৰ ব্যৱহাৰ কৰি বাক্য ৰচনা কৰা:

  • (ক) আকাশত চাং পতা (অস্বাভাৱিক কল্পনা কৰা): দিনটো একো কাম নকৰি কেৱল আকাশত চাং পতাৰে জীৱনত সফল হ’ব নোৱাৰি।
  • (খ) মূধা-ফুটা (অতি খ্যাতনামা): ড° ভূপেন হাজৰিকা অসমৰ এজন মূধা-ফুটা শিল্পী আছিল।
  • (গ) সাত ঘাটৰ চেঙেলি (বৰ টেঙৰ লোক): মানুহটো দেখাতহে সৰল, আচলতে সি এটা সাত ঘাটৰ চেঙেলি
  • (ঘ) অলেখ-পলেখ (যিহকে-তিহকে): অলেখ-পলেখ কথা কৈ সময় নষ্ট নকৰিবা।
  • (ঙ) হিয়াৰ আমঠু (অতি মৰমৰ): সৰু ল’ৰাটোক মাক-দেউতাকে হিয়াৰ আমঠুৰ দৰে মৰম কৰে।

Leave a Comment