এটা দলৰ আধিপত্যৰ যুগ Class 12 (গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ) ৰাজনীতি বিজ্ঞান

একদলীয় প্রাধান্য যুগ | এটা দলৰ আধিপত্যৰ যুগ Question Answer | Class 12 Political Science Chapter 11 question Answer In Assamese Medium দ্বাদশ শ্ৰেণী ৰাজনীতি বিজ্ঞান অধ্যায় 11

বিষয়  ৰাজনীতি বিজ্ঞান
পাঠৰ নাম এটা দলৰ আধিপত্যৰ যুগ
উপলব্ধ গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ
খণ্ড (খ) অংশ
শ্ৰেণী  দ্বাদশ শ্ৰেণী অধ্যায় 11
পাঠ্যক্ৰম 
অসম মাধ্যমিক শিক্ষা পৰিষদৰ (AHSEC)

একদলীয় প্রাধান্য যুগ Class 12

প্র : আচার্য নৰেন্দ্ৰ দেৱ কোন আছিল?
উ : আচাৰ্য নৰেন্দ্ৰ দেৱ এজন স্বাধীনতা আন্দোলনৰ মুক্তি যোদ্ধা আৰু কংগ্ৰেছ সমাজবাদী দলৰ প্ৰতিষ্ঠাপক সভাপতি আছিল।

প্র : ভাৰতত নির্বাচন আয়োগ কেতিয়া গঠন কৰা হৈছিল? ভাৰতৰ প্ৰথম মুখ্য নির্বাচনী আয়ুক্ত কোন আছিল ?
উঃ ১৯৫০ চনৰ জানুৱাৰি মাহত গঠন কৰা হৈছিল। সুকুমাৰ সেন ভাৰতৰ প্ৰথম মুখ্য নির্বাচনী আয়ুক্ত আছিল।

প্র : অন্য বহুতো দেশৰ নেতাসকলে কিয় সিদ্ধান্ত লৈছিল ভাৰতে গণতন্ত্র প্রতিষ্ঠা কৰিবলৈ সফল নহ’ব বুলি?
উঃ ভাৰতত বহুতো অশিক্ষিত আৰু দৰিদ্ৰ লোক আছিল, কাৰণ ভাৰত এখন জনবহুল বিশাল দেশ আৰু বহুতো অনৈক্য থকাৰ বাবে অন্য বহুতো দেশৰ নেতাসকলে গণতন্ত্র প্রতিষ্ঠা কৰিবলৈ সফল নহ’ব বুলি কৈছিল।

প্র : নির্বাচনী আয়োগে কিয় প্রথমখন ভোটাৰ তালিকা নাকচ কৰিছিল?
উঃ প্রায় ৪০ লাখ মহিলাৰ নাম ভোটাৰ তালিকাত সন্নিবিষ্ট নকৰাৰ বাবে নাকচ কৰিছিল।

প্ৰঃ কোন চনত দেশৰ প্ৰথমটো সাধাৰণ নিৰ্বাচন অনুষ্ঠিত কৰা হৈছিল?
উঃ ১৯৫২ চনত।

প্র : চৰকাৰ গঠন কৰিবলৈ কংগ্ৰেছে কিমান বাৰ সংখ্যাগৰিষ্ঠ আসন লাভ কৰিছিল?
উ : তিনিবাৰ।

প্র : কংগ্ৰেছ সমাজবাদী দল কেতিয়া গঠন কৰা হৈছিল।
উঃ ১৯৩৪ চনত।

প্র: PRIৰ প্ৰতিষ্ঠাপক কোন আছিল?
উ : পি ই কেলছ।

প্রঃ বিশ্বৰ এনে তিনিখন দেশৰ নাম লিখা যত সংবিধানে কেৱল এটা দলকহে অনুমতি প্রদান কৰিছে।
উ : চীন, চিৰিয়া আৰু কিউবা।

প্র : বলছেভিক বিপ্লৱ কোনখন দেশত হৈছিল?
উ: ছোভিয়েট ৰাছিয়াত।

প্র : স্বতন্ত্র দল কেতিয়া গঠিত হৈছিল?
উঃ ১৯৫৯ চনৰ আগষ্ট মাহত।

প্র : আৰ এছ এছৰ সম্পূৰ্ণ নাম কি?
উ : আৰ এছ এছৰ সম্পূর্ণ নাম হ’ল— ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘ।

প্র : স্বাধীন ভাৰতৰ প্ৰথম প্রধানমন্ত্রী কোন আছিল?
উ : জৱাহৰলাল নেহৰু।

প্র : ভাৰতৰ প্ৰথম সাধাৰণ নিৰ্বাচনত লোকসভাৰ মুঠ কিমানখন আসনৰ বাবে নির্বাচন অনুষ্ঠিত হৈছিল। নিৰ্বাচনত কংগ্ৰেছে কিমানখন আসন লাভ কৰিছিল?
উ: ৪৮৯ খন আসনৰ বাবে অনুষ্ঠিত হৈছিল। কংগ্ৰেছে ৩৬৪ খন আসন লাভ কৰিছিল।

প্র : দলত্যাগৰ অর্থ কি?
উ : এটা ৰাজনৈতিক দলৰ পৰা অন্য এটা ৰাজনৈতিক দলত যোগদান কৰাকে দলত্যাগ বুলি কোৱা হয়।

প্র : ভাৰতৰ প্ৰথমখন সাধাৰণ নিৰ্বাচনত কোনটো দলে দ্বিতীয় স্থান দখল কৰিছিল?
উ : ভাৰতীয় সাম্যবাদী দলে, ১৬ খন আসন লাভ কৰে।

প্র : ভাৰতৰ কোনখন সাধাৰণ নিৰ্বাচনক এখন কাকতৰ সম্পাদকে ‘ইতিহাসৰ সৰ্ববৃহৎ জুৱা’ বুলি মন্তব্য কৰিছিল?
উঃ ১৯৫২ চনত অনুষ্ঠিত হোৱা ভাৰতৰ প্ৰথমখন সাধাৰণ নির্বাচনক।

খালী ঠাই পূৰণ কৰা :
প্র : ভাৰতবৰ্ষ হ’ল পৃথিৱীৰ ভিতৰত সৰ্ববৃহৎ গণতান্ত্রিক ৰাষ্ট্ৰ।
প্র: প্রতিযোগিতা আৰু ক্ষমতা ৰাজনীতিৰ এটা দৃশ্যমান বস্তু বিশেষ স্থান লাভ কৰে।
প্র : ১৯৫২ চনৰ সাধাৰণ নির্বাচনে বিশ্ব গণতন্ত্ৰত এটা বিশেষ স্থান লাভ কৰে।
প্র : ১৯৫৭ চনৰ নিৰ্বাচনত কংগ্ৰেছ দলে পোন প্ৰথমতে কেৰালা ৰাজ্যত পৰাজয়ৰ তিক্ততা লাভ কৰে।

লগতে পঢ়ক:   ভাৰতৰ বৈদেশিক সম্বন্ধ Class 12 (গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ) ৰাজনীতি বিজ্ঞান

একদলীয় প্রাধান্য যুগ Class 12

প্র : ভাৰতৰ ৰাজনৈতিক মঞ্চত কংগ্ৰেছে তিনিটা দশক ধৰি আধিপত্য বিস্তাৰ কৰি থকাৰ মূলতে থকা তিনিটা কাৰণ লিখা। (ভাৰতৰ ৰাজনৈতিক ক্ষেত্ৰত কংগ্ৰেছ দলে বিস্তাৰ কৰি অহা প্ৰাধান্যৰ বিষয়ে লিখা)।
উঃ একাধিক কাৰণত ভাৰতীয় জাতীয় কংগ্ৰেছে ভাৰতত এক বিশেষ স্থান অধিকাৰ কৰি আহিছে। কংগ্ৰেছ যে একমাত্র পুৰণি দল সেইটো ইয়াৰ একমাত্ৰ কাৰণ নহয়। ভাৰতৰ অশিক্ষিত আৰু দৰিদ্ৰ জনসাধাৰণক স্বাধীনতাৰ পূৰ্বৰে পৰা সঠিক পথ দেখুৱাই অহিংসা পদ্ধতিৰ মাজেৰে এই দলে ভাৰতক স্বাধীনতা প্ৰদান কৰিছিল। তাত ইয়াৰ আধিপত্যৰ কাৰণসমূহ আলোচনা কৰা হ’ল–

(১) ১৮৮৫ চনত স্থাপিত কংগ্ৰেছ ১৯০৫ চনৰ পিছত নৰমপন্থী আৰু চৰমপন্থী দুটা ভাগত বিভক্ত হৈ পৰে। ইয়াৰ ফলত সকলো আদৰ্শত বিশ্বাসী ভাৰতীয়ই জাতীয় কংগ্ৰেছত অন্তর্ভুক্ত হৈছিল।

(২) মহাত্মা গান্ধীৰ অবিসম্বাদী নেতৃত্বই জাতীয় কংগ্ৰেছক শক্তিশালী জাতীয় সংগঠনলৈ পৰিৱৰ্তন কৰে।
(৩) জাতীয় কংগ্ৰেছ এটি ৰাজনৈতিক সংগঠন হোৱা বাবে ই এক সকলো শ্ৰেণীৰ ভাৰতীয়ক প্রতিনিধিত্ব কৰিব পৰা সাংস্কৃতিক সংগঠনলৈ ৰূপান্তৰিত হৈছিল।
(৪) ভাৰতৰ স্বাধীনতা আন্দোলনত মহাত্মা গান্ধীকে ধৰি কংগ্ৰেছৰ অন্যান্য নেতাবোৰে এক ধৰ্মনিৰপেক্ষ গণতান্ত্রিক পদ্ধতিৰে নেতৃত্ব দিবলৈ সক্ষম হৈছিল। ইয়ো ইয়াৰ জনপ্ৰিয়তাৰ এক কাৰণ।

(৫) সাম্রাজ্যবাদী ইংৰাজসকলৰ শোষণৰ বিৰুদ্ধে কংগ্ৰেছেই আছিল একমাত্র ভাৰতীয়সকলৰ মূল অনুষ্ঠান, যিয়ে বৃটিছ শাসনক শোষণৰ এক মাধ্যম
হিচাপে ৰাইজক বুজাই দিবলৈ সক্ষম হৈছিল।

(৬) স্বাধীনতা লাভ কৰাৰ পিছত এখন গণতান্ত্রিক সংবিধান ৰচনা কৰি দেশক গণতন্তৰ পথত আগবঢ়াই লৈ যোৱাত কংগ্ৰেছেই মুখ্য ভূমিকা লৈছিল।

(৭) আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত ভাৰতক এক সন্মানীয় স্থান আৰু গুৰুত্ব তথা ভাৰতৰ মৰ্যাদা বৃদ্ধিত কংগ্ৰেছেই মূল ভূমিকা লৈছিল।

(৮) ভাৰতৰ দৰিদ্ৰ আৰু অশিক্ষিত জনতাক আর্থিক সুৰক্ষা আৰু শিক্ষা দিয়াৰ ক্ষেত্ৰত কংগ্ৰেছেই মূল দ্বায়িত্ব লৈছিল।

মূল্যায়ন : স্বাধীনতাৰ পূৰ্বৰে পৰা স্বাধীনতা লাভ কৰাৰ তিনিদশক পিছলৈকে কংগ্ৰেছ দলে ভাৰতত আধিপত্য বিস্তাৰ কৰিছিল। পৰৱৰ্তী সময়ত কংগ্ৰেছ দলৰ জনপ্রিয়তা বহু পৰিমাণে হ্ৰাস পাইছিল ।

Also Read: দ্বাদশ শ্ৰেণী অসমীয়া

এটা দলৰ আধিপত্যৰ যুগ Class 12 Question Answer

প্র : কোন চনৰ কিমান তাৰিখে ভাৰতীয় সংবিধান স্বাক্ষৰিত হৈছিল আৰু কেতিয়াৰ পৰা বলবৎ কৰা হয়?
উঃ ১৯৪৯ চনৰ ২৬ নবেম্বৰ তাৰিখে ভাৰতীয় সংবিধান স্বাক্ষৰ কৰা হয়। ১৯৫০ চনৰ ২৬ জানুৱাৰীত ভাৰতীয় সংবিধান কাৰ্যকৰী কৰা হয় ।

প্র : EVMৰ সম্পূৰ্ণ নামটো লিখা। কোন চনত সমগ্ৰ দেশে EVM লৈ সলনি হ’ল?
উ: EVM মানে ইলেকট্রনিক ভোটিং মেচিন ২০০৪ চনত সমগ্ৰ দেশ EVM লৈ সলনি হ’ল।

প্র : প্ৰথমটো নিৰ্বাচনত লোকসভাৰ দ্বিতীয় বৃহৎ সংখ্যক আসনত জয়লাভ কৰা দলটোৰ নাম কি?
উঃ ভাৰতীয় সাম্যবাদী দল।

প্র : ভাৰতীয় জনসংঘ কেতিয়া গঠন কৰা হৈছিল? ইয়াৰ প্ৰতিষ্ঠাপক সভাপতি কোন আছিল? এই দলৰ আদর্শ দুটা উল্লেখ কৰা।
উঃ ১৯৫১ চনত ভাৰতীয় জনসংঘ গঠন হৈছিল। শ্যামা প্রসাদ মুখার্জী ইয়াৰ প্ৰতিষ্ঠাপক সভাপতি আছিল।

আদৰ্শ : (১) স্বাধীনতাৰ আগত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ আৰু হিন্দু মহাসভা এই দলৰ আদৰ্শ আছিল।
(২) এখন দেশ, এটা জাতি আৰু এটা পৰম্পৰা গঢ় দিয়াত গুৰুত্ব দিছিল।

প্রঃ কেতিয়া আৰু কোনে ভাৰতীয় জাতীয় কংগ্ৰেছ প্রতিষ্ঠা কৰিছিল?
উ: ১৮৮৫ চনত এলান অক্টোভিয়ান হিউমে ভাৰতীয় জাতীয় কংগ্ৰেছ প্রতিষ্ঠা কৰিছিল।

সত্য নে অসত্য :

লগতে পঢ়ক:   ক্ষমতাৰ বিকল্প কেন্দ্রস্থলসমূহ Class 12 (সম্পূৰ্ণ প্ৰশ্নোত্তৰ) দ্বাদশ শ্ৰেণী

প্র : ভাৰতত বহুদলীয় ব্যবস্থা আছে।
উঃ সত্য ।

প্র : ১৯৫২ চনত অনুষ্ঠিত প্রথম সাধাৰণ নিৰ্বাচনৰ সময়ত ১৪টা ৰাষ্ট্ৰীয় দল আছিল।
উঃ সত্য।

এটা দলৰ আধিপত্যৰ যুগ Class 12

প্র: পোনপ্ৰথমে কংগ্ৰেছক কোনে আৰু কেতিয়া পৰাজয় কৰি ক্ষমতা দখল কৰে?
উঃ ১৯৫৭ চনত কংগ্ৰেছ দলে কেৰেলাত পৰাজয়ৰ তিক্ত সোৱাদ উপভোগ কৰে। ১৯৫৭ চনৰ মাৰ্চ মাহত অনুষ্ঠিত হোৱা কেৰালাৰ বিধানসভা নির্বাচনত সাম্যবাদী দলে সংখ্যাগৰিষ্ঠ আসন লাভ কৰে। এই দলে ১২৬ খন আসনৰ বিপৰীতে ৬০ খন আসন লাভ কৰে আৰু পাঁচজন নির্দলীয় প্ৰাৰ্থীৰ সমৰ্থন লাভ কৰে। ৰাজ্যপালে সাম্যবাদী দলৰ নেতা ই এম. এছ. নাম্বুদিৰিপদক চৰকাৰ গঠন কৰিবলৈ আমন্ত্রণ জনায়। পোন প্ৰথমবাৰৰ বাবে বিশ্বত গণতান্ত্রিক নির্বাচনৰ দ্বাৰা কোনো এটা সাম্যবাদী দলে চৰকাৰ গঠনৰ বাবে ক্ষমতা দখল কৰে।

প্র : ভাৰতৰ প্ৰথম তিনিটা নির্বাচনত কংগ্ৰেছৰ আধিপত্যতাৰ বিষয়ে ব্যাখা কৰা।
উ : স্বাধীন ভাৰতৰ প্ৰথম তিনিটা নিৰ্বাচনত কংগ্ৰেছ দলে তিনি চতুর্থাংশ আসন লাভ কৰি ভাৰতৰ ৰাজনীতিত এক দলৰ আধিপত্যতাৰ সূচনা কৰিছিল। প্ৰথমটো নির্বাচন অনুষ্ঠিত হৈছিল ১৯৫১-৫২ চনত। এই নিৰ্বাচনৰ মুঠ ৪৮৯ খন আসনৰ বিপৰীতে কংগ্ৰেছে ৩৬৪ খন আসন লাভ কৰি প্রথম স্থান দখল কৰে। কিন্তু এই দলে মুঠ ভোটৰ শতকৰা ৪৫% হে লাভ কৰিছিল। লোকসভাৰ উপৰিও ৰাজ্যবোৰৰ বিধানসভাৰ নিৰ্বাচনতো কংগ্ৰেছে বিপুল সংখ্যক আসন লাভ কৰি জয়যুক্ত হৈছিল। এই দলটোৱে কেন্দ্ৰ আৰু ৰাজ্য উভয়তে চৰকাৰ গঠন কৰিছিল।

ভাৰতৰ দ্বিতীয়টো নির্বাচন অনুষ্ঠিত হৈছিল ১৯৫৭ চনত। এই নির্বাচনতো কংগ্ৰেছে তিনি চতুর্থাংশ আসন লাভ কৰি কেন্দ্ৰত চৰকাৰ গঠন কৰিলেও কেৰালাত সাম্যবাদী দলৰ নেতৃত্বত এখন সংযুক্ত চৰকাৰ গঠিত হৈছিল। কেৰালাৰ ১২৬ খন আসনৰ বিপৰীতে ৬০ খন আসন সাম্যবাদী দলে লাভ কৰে আৰু পাঁচজন নির্দলীয় প্রার্থীৰ সমৰ্থন লাভ কৰি চৰকাৰ গঠন কৰে। ভাৰতত বিত্তীয় সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হৈছিল ১৯৫২ চনত। এই নির্বাচনতো কংগ্ৰেছে তিনি চতুর্থাংশ আসন লাভ কৰি চৰকাৰ গঠন কৰিছিল। এই তিনিওটা নিৰ্বাচনত কংগ্ৰেছ দলৰ আধিপত্য লাভৰ মূলতে আছিল ইয়াৰ জনপ্ৰিয়তা আৰু সংগঠন। কাৰণ এইটো দলে আছিল ভাৰতৰ স্বাধীনতা আন্দোলনৰ মুখ্য পৃষ্ঠপোষক।

একদলীয় প্রাধান্য যুগ Class 12 Question Answer

প্র : ভাৰতৰ বহুদলীয় ব্যৱস্থাৰ ওপৰত টোকা লিখা।
উ : ভাৰতে স্বাধীনতা লাভ কৰাৰ আগৰে পৰাই ভাৰতত বহুদলৰ ব্যৱস্থা থকা দেখা গৈছিল। কংগ্ৰেছ মুছলিমলীগ, সাম্যবাদী দল, হিন্দু মহাসভা আদি হৈছে ভাৰতৰ বিভিন্ন স্বাৰ্থত জন্ম লাভ কৰা ৰাজনৈতিক দল। দেশে স্বাধীনতা লাভ কৰাৰ পিছত দলৰ সংখ্যা যথেষ্ট পৰিমাণে বৃদ্ধি পায়। তলত এই সম্পর্কে আলোচনা কৰা হ’ল–

(১) স্বাধীনতাৰ পূৰ্বৰে পৰাই ভাৰতত বহুদলীয় ব্যবস্থা আছিল। কংগ্ৰেছ যদিও এটা বৃহৎ আৰু জনপ্রিয় দল আছিল তথাপিও ভাৰতীয় জনসাধাৰণৰ ই একমাত্র প্রতিনিধি নাছিল।

(২) ভাৰতীয় ৰাজনীতিত পূৰ্বৰে পৰা ধৰ্মভিত্তিক দল থকা দেখা যায়। এই দলসমূহে এক নিৰ্দিষ্ট ধৰ্মৰ মানুহক লৈহে বেছি চিন্তিত। এই ক্ষেত্ৰত মুছলীম লীগ আৰু হিন্দু মহাসভাৰ কথা ক’ব পাৰি।

(৩) ভাৰতীয় ৰাজনীতিত সোঁপন্থীদলৰ লগে লগে বাওঁপন্থী দলৰ আবিৰ্ভাবো এক উল্লেখযোগ্য ঘটনা। বৰ্তমান ভাৰতত বহুতো বাওঁপন্থী দল থকা দেখা যায়। (৪) স্বাধীনতাৰ পূৰ্বৰে পৰা আৰ্থিক আদৰ্শৰ ভিত্তিত কিছুমান দল গঠন হোৱা দেখা গৈছে। উদাহৰণস্বৰূপে – সমাজবাদী আদৰ্শৰ ভিত্তিত গঠন হোৱা সমাজবাদী দল আৰু পুঁজিবাদী আদৰ্শৰ ভিত্তি গঠন হোৱা স্বতন্ত্র দলৰ কথা ক’ব পাৰি।

(৫) স্বাধীনতাৰ পিছত সৃষ্টি হোৱা জাতিভিত্তিক সচেতনতা আৰু আঞ্চলিক, আর্থিক অনগ্ৰসৰতায়ো ভাৰতত আঞ্চলিক ৰাজনৈতিক দল সৃষ্টিত আগ ভাগ লৈছে।

(৬) সৰ্বভাৰতীয় দলবিলাকৰ আগশাৰীৰ নেতাৰ দলত্যাগেও ভাৰতত বহুদলীয় ব্যৱস্থাৰ সৃষ্টি কৰিছে। উদাহৰণস্বৰূপে – পূৰ্বৰ জনতা দল এতিয়া ছয়টা পৃথক দলত বিভক্ত।

লগতে পঢ়ক:   সাম্প্রতিক বিশ্বত নিৰাপত্তা Class 12 গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ

মূল্যায়ন : স্বাধীনতাৰ পূৰ্বৰ পৰা ভাৰতত থকা বহুদলীয় ব্যৱস্থা বর্তমান আৰু অধিক প্ৰসাৰ হৈছে। সংসদীয় ৰাজনীতিত বৰ্তি থাকিবলৈ প্রয়োজন হোৱা জনপ্রিয়তা আৰু বিধানমণ্ডলৰ আসনসমূহক লৈ বৰ্তমানৰ দলসমূহ চিন্তিত হৈ থকা দেখা যায়। ইয়ে ভাৰতীয় ৰাজনীতিত কিছু পৰিমাণে মূল্যবোধৰ অবক্ষয় ঘটাইছে।

এটা দলৰ আধিপত্যৰ যুগ Class 12 Question Answer

প্র : ভাৰতীয় দলীয় ব্যৱস্থাৰ বৈশিষ্ট্য/প্রকৃতি আলোচনা কৰা ।
উ : ভাৰতৰ ৰাজনৈতিক ব্যৱস্থা এক ব্যতিক্রমী ব্যৱস্থা। দীর্ঘদিনীয়া স্বাধীনতা সংগ্ৰাম আৰু ইয়াৰ পৰম্পৰাগত সংস্কৃতিয়ে ভাৰতীয় ৰাজনৈতিক ক্ষেত্ৰত এক পৃথক মাত্রা দিছে। তলত ভাৰতীয় ৰাজনৈতিক দলৰ বৈশিষ্ট্যসমূহ আলোচনা কৰা হ’ল–

(১) সাংবিধানিক স্বীকৃতি নাই : ভাৰতৰ সংবিধানত ৰাজনৈতিক দল সম্পর্কে একো লিখা নাই। সংবিধান ৰচনা কৰাৰ বহু আগতেই ভাৰতত বহুতো ৰাজনৈতিক দলে জন্ম লাভ কৰিছিল। যেনে— ভাৰতীয় জাতীয় কংগ্ৰেছ, ভাৰতৰ সাম্যবাদী দল, মুছলীমলীগ আদিৰ জন্ম হৈছিল।

(২) বহুদলীয় ব্যৱস্থা : ভাৰতীয় ৰাজনীতিত বহুদলীয় ব্যৱস্থাৰ প্ৰচলন আছে। ভাৰতত সৰ্বভাৰতীয় দলৰ উপৰিও বহুতো আঞ্চলিক দল আছে। যেনে— কংগ্ৰেছ, জনতাদল, বিজেপি, অগপ, C.P.I., C.P.T. (M), A.G.P., T.D.P., D.M.K., T.M.C., AIADMK.

(৩) শক্তিশালী বিৰোধী দলৰ অনুপস্থিতি : ভাৰতৰ দলীয় ব্যৱস্থাত চৰকাৰ গঠন যিহেতু আসনৰ ওপৰত নিৰ্ভৰ কৰে, সেয়েহে ইয়াত বিৰোধী দলসমূহে সাধাৰণতে আলোচনাৰ বাহিৰে অন্য উপায়েৰে চৰকাৰক প্ৰভাৱিত কৰিব নোৱাৰে।

(৪) প্রাধান্যকাৰী দলীয় ব্যৱস্থা : ভাৰতৰ কেন্দ্ৰীয় আৰু আঞ্চলিক ক্ষেত্ৰত বিভিন্ন দল থাকিলেও দুয়োটা ক্ষেত্ৰতে কিছুমান বিশেষ দলে প্রাধান্য বিস্তাৰ কৰি আহিছে। যেনে— কেন্দ্ৰত কংগ্ৰেছ আৰু বিজেপি, আৰু ৰাজ্য যেনে – তামিলনাড়ুত D.M.K., AIADMK পশ্চিমবংগত T.M.C. আদি।

(৫) ব্যক্তিপ্রাধান্য ব্যৱস্থা : ভাৰতৰ ৰাজনৈতিক দলবোৰত কিছুমান ব্যক্তিৰ ব্যক্তিত্বই প্রবাহিত কৰি আহিছে। ভাৰতৰ আঞ্চলিক আৰু ৰাষ্ট্ৰীয় সকলো দলৰেই নেতৃত্বত একো একোজন নির্দিষ্ট জনপ্রিয় ব্যক্তি থাকে।

(৬) জাতি, ভাষা, ধৰ্মৰ ভিত্তিত প্রতিষ্ঠিত দল : ভাৰতীয় ৰাজনীতিত জাতিগত, ধর্মীয় আৰু ভাষাৰ ভিত্তিত জন্ম হোৱা বহুত দল থকা দেখা যায়। অর্থাৎ, কিছুমান দলে নিজৰ নিৰ্দিষ্ট সম্প্ৰদায়ৰ প্ৰতি আনুগত্য প্রকাশ কৰে।

(৭) দলৰ ভাঙোন আৰু দলত্যাগ : ভাৰতৰ ৰাজনৈতিক দলৰ মাজত হোৱা আভ্যন্তৰীণ সংঘাত আৰু ব্যক্তিগত লাভালাভৰ বাবে দলৰ ভাঙোন আৰু দলত্যাগৰ দৰে ঘটনা বহুত সংঘটিত হোৱা দেখা যায়। “দলত্যাগ নিবাৰক নিৰোধ”ৰ জৰিয়তে ইয়াক নিয়ন্ত্ৰিত কৰাৰ চেষ্টা কৰা হৈছে যদিও সফলতা
পোৱা নাই।

(৮) প্ৰভাৱগোষ্ঠীৰ লগত সহযোগিতা : ভাৰতৰ ৰাজনৈতিক দলসমূহে বিভিন্ন শ্রমিক, উদ্যোগপতি, ছাত্র সংগঠন আৰু অন্যান্য প্ৰভাৱগোষ্ঠী সমূহৰ লগত ৰাজনৈতিক আৰু অর্থনৈতিক স্বার্থত ঘনিষ্ঠ সম্পৰ্ক ৰক্ষা কৰে।

(৯) আদর্শগত পার্থক্য : ভাৰতীয় দলীয় ব্যৱস্থাত ৰাজনৈতিক দলবোৰে সোঁপস্থা, বাওঁপন্থা আৰু কিছু ৰাজনৈতিক দলে মধ্যম পন্থা অৱলম্বন কৰা দেখা যায়।

শুদ্ধ উত্তৰটো বাছি উলিওৱা :
প্র : ১৯৫২ চনৰ প্ৰথমটো সাধাৰণ নিৰ্বাচনত একেসময়তে লোকসভা আৰু–(ৰাষ্ট্ৰপতি/বাজ্যিক বিধান মণ্ডল/ৰাজ্যসভা/প্রধানমন্ত্রী নির্বাচন অনুষ্ঠিত
উঃ ৰাজ্যিক বিধান মণ্ডল।

প্র : চৰকাৰ গঠন কৰিবলৈ কংগ্ৰেছে কিমান বাৰ সংখ্যাগৰিষ্ঠ আসন লাভ কৰিছিল?

উ : তিনিবাৰ।

প্র : আৰ এছ এছৰ সম্পূৰ্ণ নাম কি?

উ : আৰ এছ এছৰ সম্পূর্ণ নাম হ’ল— ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘ।

প্র : স্বতন্ত্র দল কেতিয়া গঠিত হৈছিল?

উঃ ১৯৫৯ চনৰ আগষ্ট মাহত।

প্র : বলছেভিক বিপ্লৱ কোনখন দেশত হৈছিল?

উ: ছোভিয়েট ৰাছিয়াত।

প্রঃ বিশ্বৰ এনে তিনিখন দেশৰ নাম লিখা যত সংবিধানে কেৱল এটা দলকহে অনুমতি প্রদান কৰিছে।

উ : চীন, চিৰিয়া আৰু কিউবা।

প্র: PRIৰ প্ৰতিষ্ঠাপক কোন আছিল?

উ : পি ই কেলছ।

প্র : কংগ্ৰেছ সমাজবাদী দল কেতিয়া গঠন কৰা হৈছিল।

উঃ ১৯৩৪ চনত।

Leave a Comment

Your email address will not be published. Required fields are marked *


Scroll to Top