অগতানুগতিক শিক্ষা Class 12 (প্রশ্নোত্তৰ) Education Chapter 2

বিষয়  শিক্ষা 2nd Year
পাঠৰ নাম অগতানুগতিক শিক্ষা
শ্ৰেণী  দ্বাদশ শ্ৰেণী
উপলব্ধ প্ৰশ্নৰ উত্তৰ
পাঠৰ নং অধ্যায় 2
পাঠ্যক্ৰম  অসম মাধ্যমিক শিক্ষা পৰিষদৰ (AHSEC)

অগতানুগতিক শিক্ষা Class 12

(পাঠটোৰ পৰা ২০১৫ বৰ্ষত অহা প্ৰশ্নসমূহ)

প্র : KKHSOUৰ সম্পূৰ্ণ ৰূপটো হ’ল Krishna Kanta Handique State Open University.

প্রঃ মুক্ত শিক্ষাৰ চাৰিটা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য উল্লেখ কৰা।
উ: মুক্ত শিক্ষাৰ চাৰিটা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হৈছে—
(১) কম খৰচী আৰু অধিক কার্যক্ষম শিক্ষা প্রদান কৰা মুক্ত শিক্ষাৰ এক গুৰুত্বপূৰ্ণ বৈশিষ্ট্য।
(২) মুক্ত শিক্ষাই সমাজৰ পিছ পৰি ৰােৱা ব্যক্তি সকল আৰু আর্থসামাজিকভাৱে পিছপৰা লােকসকলক এক সম শিক্ষাৰ সুবিধা প্রদান কৰে।
(৩) কোনাে বৃত্তিত নিয়ােজিত ব্যক্তিক তেওঁৰ বৃত্তিগত জ্ঞান, দক্ষতা আৰু কৌশল আয়ত্ব কৰাই বৃত্তিত পাৰদৰ্শিতা আৰু উন্নতি লাভত সহায় কৰা এই শিক্ষাৰ অন্যতম বৈশিষ্ট্য।
(৪) বয়স্ক শিক্ষা, সামাজিক শিক্ষা, স্বাস্থ্য শিক্ষা, অবিৰত শিক্ষা ইত্যাদি মুক্ত শিক্ষাই অধিক সমাজমুখী আৰু প্রয়ােগিক কৰি তােলে।

প্র : দূৰ শিক্ষাৰ দুটা বৈশিষ্ট্য লিখা। (F-2018)
উ : দূৰ শিক্ষাৰ দুটা বৈশিষ্ট্য তলত উল্লেখ কৰা হল-
(১) দূৰ শিক্ষাই শিক্ষার্থীসকলক পৰোক্ষভাৱে শিক্ষা দিয়ে। এই শিক্ষাত শিক্ষক আৰু শিক্ষার্থীৰ মাজত ভৌগােলিক আৰু আৱেগিক দূৰত্বত থাকে। ইয়াত শিক্ষক শিক্ষার্থীৰ মুখামুখি নােহােৱাকৈয়ে শিক্ষা প্ৰদান কৰা হয়।
(২) দূৰ শিক্ষা সাধাৰণতে কম খৰচী হয় আৰু অধিক নমনীয় শিক্ষা ব্যৱস্থা।

(পাঠটোৰ পৰা ২০১৬ বৰ্ষত অহা প্ৰশ্নসমূহ)

প্র : শিক্ষক আৰু ছাত্ৰৰ মাজৰ দূৰত্ব দুৰ শিক্ষাৰ এক গুৰুত্বপূৰ্ণ বৈশিষ্ট্য।

প্রঃ “জাতীয় শিক্ষানীতি” গ্ৰহণৰ ক্ষেত্ৰত পৃষ্ঠপােষকতা‌ কৰা ব্যক্তিজনৰ নাম লিখা।
উ : ৰাজীৱ গান্ধী।

প্রঃ অসমৰ প্ৰথমখন মুক্ত বিশ্ববিদ্যালয়ৰ সম্পূর্ণ নাম লিখা।
উঃ কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়।

প্র : অগতানুগতিক শিক্ষাৰ বৈশিষ্ট্যসমূহ লিখা। (F-2014/20)
উঃ অগতানুগতিক শিক্ষাৰ বৈশিষ্ট্যসমূহ হৈছে—
(১) ‘শিক্ষা এক জীৱনব্যাপী প্রক্রিয়া’ —এই ধাৰণাৰ ওপৰত ভিত্তি কৰি গতানুগতিক শিক্ষা, গঢ়ি উঠিছে। গতিকে এই শিক্ষাৰ বিস্তৃতি শিক্ষার্থীৰ জীৱনব্যাপী।
(২) সমাজৰ বৃত্তিধাৰী,গৃহিণী, শিক্ষা আধৰুৱা কৰি এৰা ইত্যাদি। লােকৰ বাবে এই শিক্ষাই এক বিকল্প শিক্ষাৰ ব্যৱস্থা কৰে।
(৩) অগতানুগতিক শিক্ষা বিদ্যালয়ৰ চাৰিসীমাৰ মাজত আবদ্ধ নহয়। শিক্ষার্থীয়ে নিজৰ সুবিধা অনুযায়ী বিদ্যালয়ৰ বাহিৰতো এই শিক্ষা গ্ৰহণ কৰাৰ সুবিধা আছে।
(৪) এই শিক্ষাব্যৱস্থা সময়, স্থান, ব্যক্তি, উপস্থিতি, পাঠ্যক্রম, মূল্যায়ন ইত্যাদি সকলাে দিশৰ পৰাই এক নমনীয়।
(৫) অগতানুগতিক শিক্ষা ব্যক্তি আৰু সমাজৰ চাহিদা ভিত্তিক এক শিক্ষা ব্যৱস্থা ।

(পাঠটোৰ পৰা ২০১৭ বৰ্ষত অহা প্ৰশ্নসমূহ)

প্র : আনুষ্ঠানিক আৰু অগতানুগতিক শিক্ষাৰ মাজত এটা পার্থক্য উল্লেখ কৰা। (F-2012)
উঃ আনুষ্ঠানিক শিক্ষাৰ এক নির্ধাৰিত সময়সীমা আছে, আনহাতে অগতানুগতিক শিক্ষা হৈছে এক অবিৰত প্রক্রিয়া।

প্রঃ ‘ দূৰ শিক্ষা এক নমনীয় ব্যৱস্থা’— ব্যাখ্যা কৰা।
উ : দূৰ শিক্ষাই সর্ব প্রথমে শিক্ষার্থীসকলক সামৰি লয়, তাৰ পিছতহে এই শিক্ষাই শিক্ষানুষ্ঠানক গুৰুত্ব দিয়ে। ইয়াত‌ শিক্ষার্থীসকলৰ প্ৰয়ােজনীয়তাকহে প্রথম স্থান দিয়ে। শিক্ষার্থীসকলৰ মাজত থকা ব্যক্তিগত ভিন্নতাৰ প্রতি দৃষ্টি ৰখা। ইয়াৰ কার্যৱলীবােৰ যিমানখিনি পাৰি কার্যক্ষম কৰি তুলিবলৈ‌ বিচৰা হয়। ইয়াত প্রত্যেকটো পঠনীয় বিষয়ৰ ওপৰত নির্দিষ্ট সময় দিয়া থাকে যদিও সেইসময়ৰ কিছু শিথিলতা থকা দেখা‌ যায়। এই শিক্ষা পদ্ধতিটো এটা নমনীয় শিক্ষা পদ্ধতি। ইয়াৰ মাজেৰে শিকাৰুসকলৰ চাহিদা পূৰণ কৰিবলৈ চেষ্টা কৰা হয়। দুৰ শিক্ষা পদ্ধতিত কম বয়সীয়া শিকাৰু আৰু বয়স্ক শিকাৰুৰ মাজত কোনােধৰণৰ ব্যৱধান ৰখা নহয়। শিকাৰুসকলে‌ নিজস্ব যােগ্যতামতে নিজৰ পাঠ্যক্ৰমৰ কাম স্বাধীনভাৱে‌ সম্পাদন কৰিব পাৰে। সেয়েহে দৰ শিক্ষাক নমনীয় শিক্ষা।‌ বুলিও কোৱা হয়।

প্র: ‘অগতানুগতিক শিক্ষা গণতান্ত্রিক নীতিৰ ওপৰত প্রতিষ্ঠিত’ আলােচনা কৰা।
উঃ অগতানুগতিক শিক্ষা গণতান্ত্রিক নীতিৰ ওপৰত প্রতিষ্ঠিত। বিভিন্ন কাৰণত বিদ্যালয়ত শিক্ষা গ্রহণ কৰিব নােৱাৰা ল’ৰা-ছােৱালীলৈ এই শিক্ষা আগবঢ়াই জনসাধাৰণৰ মাজত শিক্ষাৰ ব্যৱধান হ্রাস কাৰৰ চেষ্টা কৰা হৈছে। এই শিক্ষাই সকলােকে সমভাৱে শিক্ষা গ্ৰহণৰ সুবিধা প্রদান কৰে। ইয়াৰ বাহিৰেও অগতানুগতিক শিক্ষা হল- প্রয়োজন ভিত্তিক, উৎপাদনমুখী আৰু বৃত্তিমুখী । গণতান্ত্রিক দেশৰ শিক্ষাৰ মূল উদ্দেশ্যই হৈছে শিক্ষাক প্রয়ােজন ভিত্তিক আৰু এই শিক্ষা হ’ব লাগে উৎপাদনমুখী আৰু বৃত্তিমুখী। গণতান্ত্রিক দেশ এখন শিক্ষাৰ ক্ষেত্ৰত থকা নীতি, আদৰ্শক অগতানুগতিক শিক্ষাই সামৰি ল’ব পাৰে বাবেই এই শিক্ষাক গণতান্ত্রিক আদৰ্শৰ ওপৰত প্রতিষ্ঠিত বুলি ক’ব পাৰি। এই শিক্ষা উৎপাদনমুখী, কার্যকৰী হােৱাৰ বাবে ভাৰতৰ দৰে গণতান্ত্রিক দেশ এখনত এই শিক্ষাৰ অধিক প্রয়ােজন। এই শিক্ষাৰ দ্বাৰা জনসাধাৰণৰ মাজত আর্থিক অসমতা দূৰ কৰাৰ কাৰণে চেষ্টা কৰা হৈছে।

অগতানুগতিক শিক্ষা Question Answer

(পাঠটোৰ পৰা ২০১৮ বৰ্ষত অহা প্ৰশ্নসমূহ)

প্রঃ শিক্ষক আৰু শিক্ষার্থীৰ মাজৰ প্রত্যক্ষ সম্পর্ক অনুপস্থিতি দূৰ শিক্ষাৰ এটা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য।
প্রঃ দূৰ শিক্ষাৰ দুটা গুৰুত্বপূর্ণ দিশ উল্লেখ কৰা।
উঃ দূৰ শিক্ষাৰ দুটা গুৰুত্বপূর্ণ দিশ হল-
(১)দূৰ্গমি অঞ্চলৰ লােকসকলে নিজকে ভৌগােলিকভাৱে দেশৰ মূল সুঁতিৰপৰা আতৰাই ৰাখিব লগা হয়। তেওঁলােকৰ বাবে দূৰশিক্ষাৰ প্ৰয়ােজনীয়তা গুৰুত্বপূর্ণ।
(২) জনসংখ্যা বৃদ্ধিৰ বিস্ফোৰণমূলক পৰিস্থিতিয়ে ইয়াৰ স্বাভাৱিক ৰূপত শিক্ষা-সমস্যা সৃষ্টি কৰি তুলি দূৰ-শিক্ষাক সমস্যা সমাধানৰ উপায়স্বৰূপে প্ৰয়ােগ কৰি উঠিব লগা হৈছে।

প্র : অগতানুগতিক শিক্ষা কি? বর্তমান সমাজত অগতানুগতিক শিক্ষাৰ গুৰুত্ব সমূহ লিখা। (F-2015)
উ : স্কুল-কলেজৰ চাৰিবেৰৰ মাজত আবদ্ধ নােহােৱাকৈয়ে মুক্ত বিশ্ববিদ্যালয় বা যােগাযােগ মাধ্যমৰ দ্বাৰা যি শিক্ষা প্রদান কৰা হয় তাকে অগতানুগতিক শিক্ষা বুলি কোৱা হয়। ইয়াত আত্মশিক্ষা-নীতি আত্মঅনুশাসন, নমনীয়তা, স্বতঃস্ফূর্ততা, মিতব্যয়িতা আদি মানি চলা হয়। বর্তমান সমাজত অগতানুগতিক শিক্ষাৰ গুৰুত্ব হল-
(১) আনুষ্ঠানিক শিক্ষা লাভৰ পৰা বঞ্চিত বা শিক্ষা আধাতে এৰি কৰ্মজীৱনত ব্যস্ত হােৱা লােকসকলৰ উচ্চ শিক্ষা লাভৰ আশা পূৰণ কৰাৰ ক্ষেত্ৰত এই শিক্ষাৰ গুৰুত্ব অধিক।
(২) দুর্গম অঞ্চলৰ লােকসকলেও এই শিক্ষাৰ দ্বাৰা লাভান্বিত হ’ব পাৰে।
(৩) শাৰীৰিকভাৱে অক্ষম লােকসকলেও এই শিক্ষাৰ দ্বাৰা মানসিক আৰু বৌদ্ধিকভাৱে নিজকে সবল কৰিব পাৰে।
(৪) দুখীয়া পিছপৰা সমাজৰ অবহেলিত শ্ৰেণীৰ লােকসকলৰ বাবেও শিক্ষা বিশেষ সুবিধাজনক।

লগতে পঢ়ক:   শিক্ষণ Class 12 Education শিক্ষা (প্রশ্নোত্তৰ) অধ্যায় 4

(পাঠটোৰ পৰা ২০১৯ বৰ্ষত অহা প্ৰশ্নসমূহ)

প্র : সকলাে বিলাক মুক্ত শিক্ষাই দূৰ শিক্ষা, কিন্তু সকলাে বিলাক দূৰ শিক্ষাই মুক্ত নহয়’— দুটা যুক্তি দিয়া।
উ : দূৰ শিক্ষা হ’ল দূৰৰ পৰা স্বাধীনভাৱে গ্ৰহণ কৰিব পৰা শিক্ষা। এই শিক্ষাত শিক্ষক-শিক্ষার্থীৰ মুখামুখি নােহােৱাকৈ শিক্ষা প্রদান কৰা হয়। এই শিক্ষাক আত্মশিক্ষা বা বিদ্যালয়ৰ বাহিৰৰ শিক্ষা বুলিও কোৱা হয় কিন্তু বর্তমান বহুলভাৱে প্রচলিত এই শিক্ষা ব্যৱস্থা মুক্ত নহয়। এই ব্যৱস্থাত কিছুমান নিয়ম যেনে — নামভৰ্ত্তি, বিষয় নির্বাচন, খৰচ-পাতি, পৰীক্ষা ব্যৱস্থা আদি আছে। অর্থাৎ এই শিক্ষা মুক্ত নহয় বুলি ক’ব পাৰি।

প্রঃ অগতানুগতিক শিক্ষাৰ উদ্দেশ্যসমূহ বর্ণনা কৰা।

উ: অগতানুগতিক শিক্ষাৰ উদ্দেশ্যসমূহ হ’ল-
অগতানুগতিক শিক্ষাৰ লক্ষ্যসমূহ তলত উল্লেখ কৰা হল-
(১) স্কুললৈ নােযােৱাকৈ থকা ল’ৰা-ছােৱালীক শিক্ষাৰ সুবিধা। প্রদান কৰি শিক্ষাক সার্বজনীন ৰূপ দিয়া।
(২) জীৱনধাৰণৰ মানদণ্ড উন্নত কৰা আৰু ৰাষ্ট্রৰ বিকাশত উপযুক্ত সহযােগিতা আগবঢ়াব পৰাকৈ উপযুক্ত ব্যক্তি গঢ় দি তােলা।
(৩) স্থানীয় আৰু প্রয়ােজনবােধে বাহিৰৰ সম্পদৰাজি ব্যৱহাৰ কৰি বিভিন্ন বৃত্তিত নিয়ােজিত ‘ব্যক্তিসকল নিজ নিজ বৃত্তি সম্পর্কে জ্ঞান আৰু অভিজ্ঞতা বৃদ্ধি কৰা।
(৪) সমগ্ৰ দেশৰ আঞ্চলিক, ৰাজ্যিক আৰু জাতীয় সামাজিক,ৰাজনৈতিক আৰু অর্থনৈতিক সমস্যাসমূহৰ বিষয়ে সচেতন কৰি সেইবােৰৰ সমাধান বিচাৰিবলৈ ৰাইজক আগ্রহী কৰা।
(৫) জাতীয় আদর্শসমূহৰ প্রতি এক সুস্থ মনােভাব গঢ় দিবৰ বাবে বাঞ্চিত ব্যক্তিগত আৰু সামাজিক অভ্যাস গঠনত সহায় কৰা।
(৬) দৈনন্দিন জীৱনৰ বিভিন্ন ক্ষেত্ৰত আত্মনিৰ্ভৰশীল কৰি তুলিবৰ বাবে প্রয়ােজন হােৱা বিভিন্ন কৌশলসমূহৰ আয়ত্বকৰণত সহায় কৰা ।

class 12 education chapter 1 question answer in assamese medium

(পাঠটোৰ পৰা ২০২০ বৰ্ষত অহা প্ৰশ্নসমূহ)

খালীঠাই পূৰ কৰাঃ

প্র : অন্ধ্র প্রদেশ মুক্ত বিশ্ববিদ্যালয় ভাৰতবৰ্ষৰ প্ৰথম মুক্ত বিশ্ববিদ্যালয়। (F-2012/17)

প্র: ১৯৮৫ চনত ইন্দিৰাগান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয় স্থাপন কৰা হৈছিল।

প্র: পত্রযােগে শিক্ষাৰ ধাৰণাটো আইজাক পিটমেনে (Issac Pitman) প্রথমে ব্যৱহাৰ কৰিছিল।

প্রঃ আমাৰ দেশৰ দূৰ শিক্ষাৰ প্ৰয়ােজনীয়তা সম্পর্কে আলােচনা কৰা। (F-2019)
উ: আমাৰ দেশৰ দূৰ শিক্ষাৰ প্ৰয়ােজনীয়তা সমূহ হ’ল-
(১) আমাৰ দেশত অসংখ্য লােক অত্যন্ত পিছ পৰা অঞ্চলত বাস কৰে য’ত আনুষ্ঠানিক শিক্ষাৰ কোনাে ব্যৱস্থা নাই। দূৰ শিক্ষা ব্যৱস্থাত শিক্ষক আৰু শিকাৰু আঁতৰে আঁতৰে থাকে। ইজনে সিজনক সাধাৰণতে লগ নাপালেও এই শিক্ষা পােৱা সম্ভৱ।
(২) দূৰ শিক্ষা ব্যৱস্থাটো অনুষ্ঠানক ভিত্তি কৰি সম্প্ৰসাৰণ হােৱা এটি শিক্ষা ব্যৱস্থা। ইয়াক ব্যক্তিগত অধ্যয়নৰ লগত তুলনা কৰিব নােৱাৰি। গতিকে ব্যক্তি প্রত্যক্ষভাৱে ইয়াত জড়িত নহ’লেও হয়।
(৩) দূৰ শিক্ষা ব্যৱস্থাত বিভিন্ন ধৰণৰ উন্নত কাৰিকৰী আহিলা‌ ব্যৱহাৰ কৰা হয়।
(৪) দূৰ শিক্ষা এনে এটা পদ্ধতি, যিটো দ্বৈত পথ যােগাযােগেৰে সম্পন্ন কৰা হয়।
(৫) দূৰ শিক্ষা ব্যৱস্থা হ’ল বিশেষ নির্দিষ্ট প্রয়ােজনৰ বাবে গঢ়‌ লৈ উঠা বিশেষ অথবা নির্দিষ্ট প্রশ্নোত্তৰ দূৰ শিক্ষা ব্যৱস্থাটোক‌ এখন আধুনিক উদ্যোগিক সমাজ বুলি কোৱা হয়। ওপৰত উল্লেখ কৰা দিশবােৰলৈ লক্ষ্য ৰাখি ক’ব‌ পাৰি যে দূৰ শিক্ষা হ’ল নির্দিষ্টভাৱে গঠন হৈ উঠা এটি উদ্যোগিক বিকাশ। ই শৈক্ষিক জগতখনৰ বাবে বিশেষ‌ তাৎপর্যপূর্ণ।

প্রঃ মুক্ত শিক্ষাৰ সুবিধাসমুহ কি কি লিখা।
উঃ মুক্ত শিক্ষাৰ সুবিধাসমূহ হ’ল-

(১) বর্তমান সময়ৰ জ্ঞানৰ বিস্ফোৰণৰ পৰিপ্ৰেক্ষিতত মুক্ত শিক্ষাই ব্যক্তিক জ্ঞানৰ চাহিদা পূৰণ কৰিবলৈ সক্ষম কৰি তুলিব পাৰে ।
(২) মুক্ত শিক্ষাৰ মাধ্যমে একেবাৰে ভিতৰুৱা অঞ্চলত বাস‌ কৰা লােক, গ্রাম্যাঞ্চলত বাস কৰা লােকৰ উপৰিও নিয়মীয়া শিক্ষানুষ্ঠানত নাম ভর্তি কৰিব নােৱাৰা ছাত্ৰ-ছাত্ৰীসকল, আগতীয়াভাৱে বাদ পৰা সকল আৰু বয়সীয়া লােকসকলে পঢ়াৰ সুযােগ লাভ কৰিব পাৰে।
(৩) মুক্ত শিক্ষা ব্যৱস্থাৰ পাঠ্যক্ৰমবােৰ অধিকভাৱে অর্থপূর্ণ আৰু সংগঠিত। পাঠ্যক্ৰমবােৰ অধিকভাৱে ব্যৱহাৰােপযােগী আৰু প্ৰয়ােগশীল ধৰণৰ।
(৪) মুক্ত শিক্ষা ব্যৱস্থাত নাম ভর্তিকৰণৰ সময়ত নির্দিষ্ট যােগ্যতাৰ প্রয়ােজন নহয়। কোনাে ধৰণৰ নিয়মীয়া শিক্ষাৰ অৰ্হত নাথাকিলেও‌ উচ্চ খাপৰ শিক্ষাত ব্যক্তিসকলে নাম ভর্তি কৰিব পাৰে।

class 12 education chapter 1 question answer in assamese medium

খালী ঠাই পূৰ কৰাঃ
প্র: অগতানুগতিক শিক্ষাই গুৰুত্ব প্রদান কৰে ব্যক্তিগত প্রয়ােজন ভিত্তিক বিষয়ত।
প্রঃ অগতানুগতিক শিক্ষাক অতিৰিক্ত আৰু পৰিপূৰক‌ বুলি গ্ৰহণ কৰা হয়।
প্র: অগতানুগতিক শিক্ষা হল স্বতঃস্ফুর্ত আৰু বিবেচনা পূর্বক।
প্র : কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়খন ২০০৭ চনত অসমত স্থাপন কৰা হয়।
প্ৰ: দূৰ শিক্ষাৰ ধাৰণা প্ৰথমতে ব্যৱহাৰ কৰিছিল কিগান (Keegan) নামৰ চিন্তাবিদগৰাকীয়ে
প্র : ১৯৮৯ চনত মুক্ত বিদ্যালয় ব্যৱস্থাটোৱে স্বায়ত্ব শাসন ক্ষমতা লাভ কৰে।
প্র: অগতানুগতিক শিক্ষা হৈছে ব্যক্তি আৰু সমাজৰ চাহিদা ভিত্তিক শিক্ষা ব্যৱস্থা।
প্র: অগতানুগতিক শিক্ষাত সময়সীমা নির্ধাৰিত নহয়।
প্র: আনুষ্ঠানিক শিক্ষাৰ এক বিকল্প হিচাপে মুক্ত বিদ্যালয় স্থাপন কৰা হৈছে।
প্র: দূৰ শিক্ষা ব্যৱস্থা হ’ল আধুনিক শিক্ষাৰ জগতত এটি‌ অভিনৱ সংযােজন।
প্র: ভাৰতবৰ্ষত ডাকযােগে শিক্ষা ব্যৱস্থা আৰম্ভ হয় ১৯৬২ চনত।

লগতে পঢ়ক:   শিক্ষাৰ সাম্প্রতিক ধাৰাসমূহ Class 12 (প্রশ্নোত্তৰ) Education Chapter 3

প্র : দিল্লী বিশ্ববিদ্যালয়ে কিমান চনত যােগাযোেগ পাঠ্যক্ৰমৰ প্ৰৱৰ্তন কৰে? ( F-2013)
উ : ১৯৬২ চনত।

প্র: দূৰ শিক্ষা ব্যৱস্থাত শিক্ষক আৰু শিক্ষার্থীৰ মাজত সম্বন্ধ কি পদ্ধতিৰে হয় উল্লেখ কৰা।
উ: দূৰ শিক্ষা ব্যৱস্থাত শিক্ষক আৰু শিক্ষার্থীৰ মাজত সম্বন্ধ‌ পৰােক্ষ পদ্ধতিৰে হয়।

প্রঃ IGNOUৰ সম্পূর্ণ অর্থটো কি?
উ: IGNOUৰ সম্পূর্ণ অর্থ হল—ইন্দিৰাগান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয়। (Indira Gandhi National Open University).

প্রঃ দূৰ শিক্ষা বুলিলে কি বুজা? (F-2014)
উ: দূৰ শিক্ষা ব্যৱস্থা হ’ল আধুনিক শিক্ষাৰ জগতত এক অভিনৱ সংযােজন। দূৰ শিক্ষা এটি নতুনত্ব আনিব পৰা শিক্ষা ব্যৱস্থা। দূৰ শিক্ষা হ’ল অগতানুগতিক শিক্ষাৰ এক পদ্ধতি য’ত‌ শিক্ষকে দূৰে দূৰে থাকি শিক্ষার্থীক শিক্ষা প্রদান কৰে। এই ব্যৱস্থাটো হ’ল ব্যক্তিসকলৰ দৃষ্টিভংগীক বিস্তৃত অৱস্থালৈ অগ্ৰসৰ কৰােৱা এবিধ শিক্ষা। এই শিক্ষাৰ ধাৰণাটোৱে তিনিটা দিশক সামৰি লয়-
(১) শিক্ষার্থীকেন্দ্রিক শিক্ষা (2) পৰোক্ষ শিক্ষা আৰু (৩) প্রকৃত জীৱনবােধৰ শিক্ষা। এই শিক্ষা দানৰ বাৰে দূৰদৰ্শন, অনাতাঁৰ শ্ৰব্য কেছেট, কম্পিউটাৰ আৰু অন্যান্য‌ মুদ্ৰণ সামগ্রীৰ সহায় লােৱা হয়।

প্র: কোনখন দেশত প্ৰথমতে দৃৰ শিক্ষাৰ আৰম্ভণি কৰা হয়?
উ: ইটালীত।

প্রঃ যােগাযােগ পাঠ্যক্ৰমত যােগাযােগ মাধ্যম কি?
উ: যােগাযােগ পাঠ্যক্ৰমত যােগাযােগ মাধ্যম হ’ল-ছপা সামগ্ৰী, লিখিত টোকা চিঠি-পত্র ইত্যাদি।

প্র : প্রথম বছৰতে ইংলেণ্ডৰ মুক্ত বিশ্ববিদ্যালয়ত কিমান‌ শিক্ষার্থীয়ে নাম ভৰ্তি কৰিছিল?
উ : ২৫,০০০ হেজাৰ শিক্ষার্থীয়ে।

প্রঃ মুক্ত বিশ্ববিদ্যালয়ৰ বিকাশ প্রথমে কেতিয়া ক’ত আৰু কাৰ নেতৃত্বত লৈ উঠিছিল?
উ : মুক্ত বিশ্ববিদ্যালয় প্রথম ইংলেণ্ডত আৰম্ভ হয়। ১৯৬৯ চনত ইংলেণ্ডৰ প্রধানমন্ত্রী হেৰল্ড উইলছনৰ কাৰ্যকালত এই বিশ্ববিদ্যালয়খন গঢ় লৈ উঠিছিল।

প্র: দূৰ শিক্ষাত সাধাৰণতে ব্যৱহাৰ কৰা তিনি প্ৰকাৰৰ আধুনিক সঁজুলি উল্লেখ কৰা। (F-2012)
উঃ দূৰ শিক্ষাত সাধাৰণতে ব্যৱহাৰ কৰা তিনি প্ৰকাৰৰ আধুনিক সঁজুলি হল—(১) দৃশ্য-শ্ৰৱণ আহিলা।‌ (২) কম্পিউটাৰ। (৩) দূৰ সংযােগ আহিলা।

প্র : আনুষ্ঠানিক শিক্ষা আৰু অগতানুগতিক শিক্ষাৰ পার্থক্য লিখা।
উ : আনুষ্ঠানিক শিক্ষা আৰু অগতানুগতিক শিক্ষাৰ পার্থক্যসমূহ তলত উল্লেখ কৰা হ’ল—
(১) আনুষ্ঠানিক শিক্ষা শিক্ষানুষ্ঠানৰ চাৰিবেৰৰ মাজত সীমাবদ্ধ। অগতানুগতিক শিক্ষা বিদ্যালয়ৰ পৰিসীমাৰ দ্বাৰা‌ সীমাবদ্ধ নহয়।
(২) আনুষ্ঠানিক শিক্ষা সাধাৰণধর্মী। অগতানুগতিক শিক্ষা মূলতঃ চাহিদা ভিত্তিক।
(৩) আনুষ্ঠানিক শিক্ষাৰ নীতি -নিয়মবােৰ অনমনীয় আনহাতেদি অগতানুগতিক শিক্ষাত নীতি-নিয়মবােৰ তুলনামূলকভাৱে নমনীয়।
(৪) আনুষ্ঠানিক শিক্ষাৰ নিৰ্ধাৰিত এক সময়সীমা আছে। আনহাতেদি অগতানুগতিক শিক্ষা এক অবিৰত প্রক্রিয়া।
(৫) আনুষ্ঠানিক শিক্ষাৰ পৰিসৰ সীমিত। আনহাতেদি অগতানুগতিক শিক্ষা পৰিসৰ বহল।

class 12 education chapter 1 question answer in assamese medium

প্রঃ ‘দূৰ শিক্ষা মুক্ত নােহােৱাকৈয়ে সম্ভৱ’। আলােচনা কৰা।
উঃ দূৰ শিক্ষাই আত্ম অধ্যয়নৰ প্ৰক্ৰিয়াক কার্যকৰী কৰে। দূৰ শিক্ষা হৈছে আনুষ্ঠানিক ভিত্তিত সম্প্রসাৰণ হােৱা এটি শিক্ষা ব্যৱস্থা। এই শিক্ষাক ব্যক্তিগত অধ্যয়নৰ লগত তুলনা কৰিব নােৱাৰি। ইয়াৰ উপৰি দূৰ শিক্ষাই নামভৰ্ত্তি, বিষয় নির্বাচন, বয়স, নীতি-নিয়মৰ কঠোৰতা ইত্যাদিৰ ক্ষেত্ৰত অধিক নমনীয়তা গ্রহণ কৰে। এই শিক্ষাক আত্মশিক্ষা বা বিদ্যালয়ৰ বাহিৰৰ শিক্ষা বুলিও কোৱা হয়। গতিকে ইয়াৰ পৰাই ক’ব পাৰি যে দূৰ শিক্ষা আংশিকভাৱে মুক্ত নােহােৱাকৈ সম্ভৱ।

প্রঃ মুক্ত শিক্ষা কি? মুক্ত শিক্ষাৰ তিনিটা লক্ষ্য লিখা।
উঃ আধুনিক শিক্ষাৰ ক্ষেত্ৰখনৰ এটা তাৎপর্যপূর্ণ ধাৰণা হ’ল মুক্ত শিক্ষা। মুক্ত শিক্ষা হ’ল এনে এক ব্যৱস্থা, যিয়ে সমাজৰ দুর্বল, অনুন্নত আৰু আর্থ সামাজিকভাৱে পিছপৰা লােকসকলৰ বাবে এক সম শিক্ষাৰ সুবিধা প্রদান কৰে। আমাৰ দেশত ইন্দিৰাগান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয়কে ধৰি অন্যান্য ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়সমূহে মুক্ত শিক্ষাৰ প্ৰসাৰ আৰু উন্নতিৰ বাবে‌ গুৰুত্বপূর্ণ ভূমিকা পালন কৰি অহা দেখা যায়। মুক্ত শিক্ষাৰ তিনিটা লক্ষ্য হৈছে—
(১) অর্ধশিক্ষিত অৱস্থাত কর্মত নিয়ােগ হােৱা ব্যক্তিসকলৰ আধৰুৱা শিক্ষাখিনি সম্পূর্ণ কৰাৰ সুযােগ প্রদান কৰা।
(২) প্রাথমিক শিক্ষা ব্যৱস্থাক সার্বজনীন কৰি তােলাৰ ক্ষেত্ৰত কর্মকর্তাসকলক প্রয়ােজনীয় দক্ষতাৰে শিক্ষা প্রদান কৰা।
(৩) দেশ এখনৰ সকলাে পর্যায়ৰ নাগৰিকে যাতে সমান পৰিমাণে শিক্ষা লাভৰ সুযােগ পায় তাৰ ব্যৱস্থা কৰা।

প্র : বর্তমান সমাজত মুক্ত শিক্ষা কিয় প্রয়ােজনীয়? ব্যাখ্যা কৰা।
উ : সাম্প্রতিক সমাজ ব্যৱস্থাত প্রয়ােজনীয়তাৰ প্ৰধান কাৰণবােৰ হৈছে-

(১) বর্তমান সমাজত বিজ্ঞান তথা প্রযুক্তি বিজ্ঞানৰ দ্রুত বিকাশ আৰু উন্নতিৰ ফলত সমাজত এক ধৰণৰ জ্ঞানৰ বিস্ফোৰণৰ সৃষ্টি হৈছে। এই চাহিদা বা প্রয়ােজন পূৰণ কৰিবলৈ মুক্ত শিক্ষাৰ প্রয়ােজন।
(২) আনুষ্ঠানিক শিক্ষা ব্যৱস্থাত হােৱা বৃহৎ সংখ্যক অপচয় ৰােধ কৰাৰ বাবে মুক্ত শিক্ষাৰ প্ৰয়ােজন হৈছে।
(৩) কেতবােৰ আর্থ-সামাজিক, ভৌগােলিক বা অন্য কাৰণত মুক্ত লাভৰ পৰা বঞ্চিত লোকসকলক শিক্ষা প্রদান কৰাৰ সুবিধা দিয়াৰ বাবে মুক্ত শিক্ষাৰ প্ৰয়ােজন হৈছে।
(৪) দেশ এখনৰ জাতীয় বিকাশ, আর্থ-সামাজিক উন্নয়ন, চিন্তা, আদর্শ আদিৰ উন্নয়ন আৰু বিকাশৰ ক্ষেত্ৰত মুক্ত শিক্ষাৰ আৱশ্যক।

লগতে পঢ়ক:   স্মৃতি আৰু বিস্মৃতি Class XII (প্রশ্নোত্তৰ) শিক্ষা অধ্যায় 5

প্র : অগতানুগতিক শিক্ষাৰ পৰিসৰৰ বিষয়ে বহলাই আলােচনা কৰা। (F-2013)
উ : আনুষ্ঠানিক শিক্ষাৰ অনেক ত্রুটি দূৰ কৰিবৰ বাবেই অগতানুগতিক শিক্ষাৰ বিকাশ হৈছিল। বিদ্যালয়ৰ চাৰিবেৰৰ বাহিৰত এই শিক্ষা লাভ কৰিব পাৰিলেও এই শিক্ষা সুসংগঠিত আৰু সুপৰিকল্পিত। অগতানুগতিক শিক্ষাৰ পৰিধি অতি ব্যাপক। এই শিক্ষাক জীৱন কেন্দ্রিক শিক্ষা বুলি কোৱা যায়। ইয়াৰ পৰিসৰ নিম্ন উল্লেখিত ধৰণে ব্যাখ্যা কৰা যায়।
(১) আনুষ্ঠানিক শিক্ষাৰ কেতবােৰ আঁচনি তথা কার্যপন্থা অগতানুগতিক শিক্ষাই সামৰি লয়। উদাহৰণস্বৰূপে— (ক) প্রাকৃবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ আঁচনি।
(খ) ৬-১৪ বছৰৰ লৰা-ছােৱালীৰ বাবে প্রাথমিক শিক্ষা সার্বজনীনকৰণ।
(গ) মাধ্যমিক শিক্ষাৰ বাবে পূর্ণ আৰু অংশকালীন শিক্ষাৰ বিকাশ।
(ঘ) বিশ্ববিদ্যালয় পর্যায়ত অগতানুগতিক শিক্ষাৰ প্রচলন।

(২) অগতানুগতিক শিক্ষাৰ আঁচনিসমূহ হৈছে—
(ক) বৃত্তিমূলক দক্ষতাৰ প্রশিক্ষণ (খ) কার্যকৰী স্বাক্ষৰতা (গ) উপভােক্তা শিক্ষা (ঘ) স্বাস্থ্য শিক্ষা (ঙ) পৰিৱেশ শিক্ষা (চ) পুষ্টি শিক্ষা।

অগতানুগতিক শিক্ষা Class 12

প্রঃ “সাম্প্রতিক বিশ্বই তিনি ধৰণৰ সমস্যাৰ মুখামখি হৈছে এই বিস্ফোৰণবােৰ কি কি?
উ : সাম্প্রতিক বিশ্বই মুখামুখি হােৱা তিনিটা প্রধান বিস্ফোৰণ হ’ল–

(১) জনসংখ্যাৰ বিস্ফোৰণঃ জনসংখ্যা বর্ধিত হাৰত বৃদ্ধি হােৱাৰ ফলত শিক্ষাৰ সা সুবিধাবােৰ লাভ কৰাৰ পৰা বহুতে বঞ্চিত হৈছে।
(২) জ্ঞানৰ বিস্ফোৰণঃ বিজ্ঞান আৰু প্ৰযুক্তিৰ দ্রুত বিকাশৰ লগে লগে জ্ঞানৰ নতুন নতুন ক্ষেত্ৰৰ সৃষ্টি হৈছে আৰু ইয়াৰ লগে লগে মানুহৰ জ্ঞান লাভৰ স্পৃহা বৃদ্ধি হৈ জ্ঞানৰ বিস্ফোৰণৰ সৃষ্টি কৰিছে।
(৩) আশা-আকাংক্ষাৰ বিস্ফোৰণ : বর্তমান মানুহৰ সামাজিক জীৱনৰ জটিলতা বাঢ়ি অহাৰ লগে লগে আশা-আকাংক্ষাৰ লিন্সাও বাঢ়িবলৈ ধৰিছে। ইয়াৰ ফলত ব্যক্তি আৰু সমাজৰ আশা-আকাংক্ষাবােৰ পৰিতৃপ্ত হােৱাত ব্যৰ্থ হৈ বিস্ফোৰণৰ সৃষ্টি হৈছে।

প্র : এই তিনিটা বিস্ফোৰণৰ ফলত সৃষ্টি হােৱা সমস্যাৰ সৈতে সন্মুখীন হােৱাত দুৰ শিক্ষাই কিদৰে সহায় কৰে?
উ: জনসংখ্যা বিস্ফোৰণ, জ্ঞানৰ বিস্ফোৰণ আৰু আশা- আকাংক্ষাৰ বিস্ফোৰণসমূহৰ প্রত্যক্ষ প্রভাৱ শিক্ষাৰ ক্ষেত্ৰত পৰিলক্ষিত হয়। জনসংখ্যা অত্যধিক বৃদ্ধিৰ ফলত শিক্ষাৰ সা- সুবিধাসমূহ বৃদ্ধি কৰা স্বত্বেও একবৃহৎ সংখ্যক লােকে আনুষ্ঠানিক শিক্ষা লাভৰ পৰা বঞ্চিত হ’ব লগা হৈছে। এইবােৰ সমস্যাৰ সম্মুখীন হ’বৰ বাবে দূৰ শিক্ষাই যথেষ্ট সহায় কৰে। যিহেতু দূৰ শিক্ষাত শিক্ষানুষ্ঠানলৈ যােৱা প্রয়ােজন নাই গতিকে জনসংখ্যাৰ বিস্ফোৰণ, জ্ঞানৰ বিস্ফোৰণৰ বাবে শিক্ষানুষ্ঠানত হােৱা ছাত্র- ছাত্ৰীৰ অতিৰিক্ত বােজা দূৰ শিক্ষাই বহু পৰিমাণে হ্রাস কৰিছে।

প্র : দূৰ শিক্ষা ব্যৱস্থাত ব্যৱহৃত তিনিবিধ কাৰিকৰী আহিলাৰ নাম লিখা।
উ: দূৰ শিক্ষাত ব্যৱহৃত হােৱা তিনিবিধ কাৰিকৰী আহিলাৰ নাম হল-
(ক) ৰেডিঅ: অতি পিছপৰা অঞ্চলৰ মানুহেও ৰেডিঅ’ৰ জৰিয়তে দূৰ শিক্ষা গ্রহণ কৰিব পাৰে।
(খ) কম্পিউটাৰঃ কম্পিউটাৰৰ হৈছে দূৰ শিক্ষাৰ এক উৎকৃষ্ট মাধ্যম। ইয়াত ইণ্টাৰনেটৰ প্ৰয়ােগেৰে শিক্ষার্থীয়ে ঘৰতে বহি শিক্ষা সমলবােৰ আহৰণ কৰিব পাৰে।
(গ) দূৰদৰ্শন: দূৰ শিক্ষাত দূৰদৰ্শনে শিক্ষার্থীক অধিক উপকৃত কৰিছে। দূৰদৰ্শনত নির্দিষ্ট সময়ত দূৰ শিক্ষা বিষয়ৰ অনুষ্ঠান, আলােচনা আদি সম্প্রচাৰ কৰা হয় আৰু ইয়াৰ দ্বাৰা শিক্ষার্থী উপকৃত হয়।

প্রঃ মুক্ত শিক্ষাৰ তিনিটা গুণৰ বিষয়ে লিখা
উ : মুক্ত শিক্ষাৰ তিনিটা গুণ তলত উল্লেখ কৰা হল-
(ক) মুক্ত শিক্ষাব্যৱস্থাত খৰচ কম বাবে এই শিক্ষাৰ প্রতি মানুহ আগ্রহী হয়।
(খ) এই শিক্ষা ব্যৱস্থাৰ সৰহ সংখ্যক পাঠ্যক্রম চাকৰিৰ লগত জড়িত।
(গ) ভিতৰুৱা অঞ্চল, পাহাৰীয়া অঞ্চল আদিৰ মানুহে এই ব্যৱস্থাত সুবিধা পায়।

প্র : অগতানুগতিক শিক্ষাৰ দুবর্লতাসমূহ কি কি?
উ:অগতানুগতিক শিক্ষাৰ দুর্বলতাসমূহ হ’ল-
(ক) অগতানুগতিক শিক্ষাই শিক্ষার্থীক প্রয়ােজনীয়তকৈ অধিক স্বাধীনতা দিয়ে বাবে শিক্ষার্থীয়ে জ্ঞান আহৰণৰ প্রতি গুৰুত্ব কমকৈ দিয়ে।
(খ) অগতানুগতিক শিক্ষাই শিক্ষার্থীৰ জ্ঞানৰ পৰিধি সীমিতৰৰ সম্ভাৱনা থাকে।
(গ) অগতানুগতিক শিক্ষাৰ গুণগত দিশৰ উন্নতিত সন্দেহ ৰৈ যায়।
(ঘ) অগতানুগতিক শিক্ষাত শিক্ষক আৰু শিক্ষার্থী মুখামুখি নােহােৱাৰ বাবে শিক্ষাদান আৰু শিক্ষাগ্রহণ প্রক্রিয়াটোৱে সার্থকতা লাভ কৰিব নােৱাৰে।

প্র: ডাকযােগে শিক্ষাৰ ওপৰত গুৰুত্ব দি কোঠাৰী আয়ােগে দিয়া ৪ টা পৰামৰ্শ লিখা।
উ : (১) পূর্ণ অথবা অংশকালীন শিক্ষা ল’বলৈ অসমর্থ হেজাৰ হেজাৰ লােকৰ বাবে ব্যাপকভাৱে ডাকযােগে শিক্ষাৰ ব্যৱস্থা কৰা।
(২) ছাত্র-ছাত্রীসকলক মাজে মাজে শিক্ষকসকলক লগ পোৱাৰ সুযােগ দিব লাগে।
(৩) এই শিক্ষাৰ সহায়ক হােৱাকৈ ৰেডিঅ’ আৰু দূৰদৰ্শনৰ কাৰ্যসূচী যুগুত কৰা উচিত।
(৪) শিক্ষক প্রশিক্ষণৰ বাবেও এই শিক্ষাৰ ব্যৱস্থা কৰিব লাগে।

প্রঃ মুক্ত শিক্ষাৰ ৪টা লক্ষ্য লিখা।
উ:মুক্ত শিক্ষাৰ ৪টা লক্ষ্য হৈছে—

(১) দেশ এখনৰ সকলাে পর্যায়ৰ নাগৰিকে যাতে সমান পৰিমাণে শিক্ষা লাভৰ সুযােগ পায় তাক কার্যকৰী কৰা।
(২) অবিৰত প্ৰক্ৰিয়াৰে শিক্ষা লাভৰ পৰা বঞ্চিত হােৱা আৰু শিক্ষা লাভৰ সুযােগ নােপােৱাসকলক শিক্ষাৰ সুবিধা দিয়া।
(৩) অর্ধশিক্ষিত অৱস্থাতে কৰ্মত নিয়ােগ হােৱা ব্যক্তিসকলৰ আধৰুৱা শিক্ষাখিনি সম্পূর্ণ কৰাৰ সুযােগ দান কৰা।
(৪) ৰাষ্ট্ৰৰ কল্যাণৰ অর্থে ব্যক্তিসকলক উৎপাদনমুখী হ’বলৈ প্রয়ােজনীয় শিক্ষা আৰু প্ৰশিক্ষণৰ দিহা কৰা।

প্র: ‘মুক্ত শিক্ষা ব্যৱস্থাই সমাজৰ সকলাে শ্ৰেণীৰ লােকৰেই অভাৱ পূৰণ কৰিব পাৰে তােমাৰ মতামত দাঙি ধৰা।
উ: আমাৰ দেশত দৰিদ্রলােকসকল, নিৰক্ষৰতা, পিছপৰা অঞ্চলত বাস কৰে, যাতায়তৰ অসুবিধাৰ বাবেও বহুলােকে আনুষ্ঠানিক শিক্ষা লােৱাৰ পৰা বিৰত থাকিবলগীয়া হয়। তদুপৰি বিভিন্ন বৃত্তি বা কর্মক্ষেত্ৰত সােমােৱাৰ বাবেও একাংশ লােক শিক্ষা লাভৰ পৰা বঞ্চিত হ’বলগা হয়। মুক্ত শিক্ষা ব্যৱস্থা সমাজৰ সকলাে শ্ৰেণীৰ ব্যক্তিৰ প্রয়ােজন পূৰণকৰা এক উল্লেখযােগ্য মাধ্যম। যিহেতু মুক্ত শিক্ষা ব্যৱস্থা নির্ধাৰিত বয়স, স্থান, পাঠ্যক্রম, সময় আদি দিশৰ মাজত আৱদ্ধ নহয় সেয়েহে সমাজৰ যিকোনাে লােকেই এই শিক্ষা লাভৰ সুযােগ পাব পাৰে। তদুপৰি এই শিক্ষা ব্যৱস্থা বর্ধিত জনসংখ্যাক প্রয়ােজনভিত্তিক শিক্ষা প্রদানৰ বাবে উপযােগী। সেয়েহে আমি ক’ব পাৰাে যে— মুক্ত শিক্ষা ব্যৱস্থা সমাজৰ সকলাে শ্ৰেণীৰ লােকৰ শিক্ষাৰ প্ৰয়ােজনীয়তা পূৰণ কৰিবলৈ সক্ষম।

Leave a Comment

Your email address will not be published. Required fields are marked *


Scroll to Top