শিক্ষাৰ সাম্প্রতিক ধাৰাসমূহ Class 12 (প্রশ্নোত্তৰ) Education Chapter 3

বিষয়  শিক্ষা 2nd Year
পাঠৰ নাম শিক্ষাৰ সাম্প্রতিক ধাৰাসমূহ
শ্ৰেণী  দ্বাদশ শ্ৰেণী
উপলব্ধ প্ৰশ্নৰ উত্তৰ
পাঠৰ নং অধ্যায় 3
পাঠ্যক্ৰম  অসম মাধ্যমিক শিক্ষা পৰিষদৰ (AHSEC)

শিক্ষাৰ সাম্প্রতিক ধাৰাসমূহ Class 12

(পাঠটোৰ পৰা ২০১৫ বৰ্ষত অহা প্ৰশ্নসমূহ)

প্রঃ বিশ্ব জনসংখ্যা দিৱস ১১ জুলাই তাৰিখে পালন কৰি হয় । (F-2019)

প্রঃ শাৰীৰিক শিক্ষাৰ উদ্দেশ্যসমূহ কি কি?
উঃ শাৰীৰিক শিক্ষাৰ উদ্দেশ্যসমূহ তলত উল্লেখ কৰা হ’ল–
(১) অংগসঞ্চালনৰ বিকাশ: শাৰীৰিক শিক্ষাই মনৰ সজাগতা বৃদ্ধিৰ ক্ষেত্ৰত সহায়কাৰী কাৰণ মল্লযুদ্ধ, কাৰাটে, ক্রীকেট আদি খেলৰ জৰিয়তে শৰীৰৰ পেশীসমূহে উপযুক্তভাৱে সঞ্চালনৰ সুযােগ পায়। তাৰ ফলত খেলুৱৈ সকলৰ ক্রিয়া ক্ষমতা বৃদ্ধি পায়।

(২) শাৰীৰিক বিকাশ গঠন: শাৰীৰিক শিক্ষাৰ দ্বাৰা মানুহে সুস্বাস্থ্য কেনেদৰে ধৰি ৰাখিব পাৰে সেই সম্বন্ধে যথার্থ জ্ঞান। ছাত্ৰ-ছাত্ৰীসকলক দিব পৰা যায়। তেওঁলােকক বিভিন্ন ৰােগৰ বিষয়ে এইবােৰৰ কাৰণ আৰু সর্তকতামূলক ব্যৱস্থা ইত্যাদি সম্বন্ধে জনাব পাৰি।

(৩) মানসিক সুস্থতা আৰু সবলতা :আবেগিক বিকাশৰ ক্ষেত্ৰতো শাৰীৰিক শিক্ষা অতি প্রয়ােজন। বিভিন্ন ধৰণৰ কামৰ দ্বাৰা খং, ৰাগ, চিন্তা, ভাৱনা আদিৰ পৰা আঁতৰত থাকিব পাৰে।

(৪) সামাজিক গুণৰ অধিকাৰী হােৱা মানুহৰ মাজত আন্তৰিকতা বৃদ্ধি কৰিবৰ বাবে শাৰীৰিক শিক্ষা অতি প্রয়ােজন। সহযােগিতা সহনশীলতা আদি গুণসমূহৰ বিকাশ শাৰীৰিক শিক্ষাৰ দ্বাৰা সম্ভৱ হয়।

(৫) ব্যক্তিত্বৰ সৰ্বাংগীণ বিকাশ: শাৰীৰিক কার্যক্রমনিকাই সুখৰ জীৱন কটোৱাত সহায় কৰাৰ উপৰিও ক্ষমতা বৃদ্ধি আৰু চৰিত্ৰ গঠনত সহায় কৰে। ই মানুহক বাস্তৱৰ সন্মুখীন হােৱাতাে সহায় কৰে।

(পাঠটোৰ পৰা ২০১৬ বৰ্ষত অহা প্ৰশ্নসমূহ)

প্রঃ “বিশ্ব পৰিৱেশ দিৱস” ৫ জুন তাৰিখে পালন কৰা হয়।

প্রঃ পৰিৱেশ শিক্ষাৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা।
উঃ পৰিৱেশ শিক্ষাৰ দুটা বৈশিষ্ট্য হ’ল–
(১) পৰিৱেশ শিক্ষাৰ পৰিসৰ ইমানেই বহল যে ই প্রকৃতিৰ সকলােবােৰ বিভাগ যেনে— সামাজিক, অর্থনৈতিক নৈতিক,‌ শৈক্ষিক, কাৰিকৰী আদি সকলোবােৰ দিশেই সাঙুৰি লয়। (২) পৰিৱেশ শিক্ষাই ব্যক্তিৰ শিক্ষা, জ্ঞান, চৰিত্ৰ, ব্যক্তিত্ব, মনােভৱ ইত্যাদিত সুদূৰ প্ৰসাৰী প্ৰভাৱ পেলায়।

প্রঃ শিক্ষানুষ্ঠানসমূহত পৰিৱেশ শিক্ষা প্রদানৰ চাৰিটা ব্যৱস্থা সম্পর্কে আলােচনা কৰা।
উ: শিক্ষানুষ্ঠানসমূহত ‘পৰিৱেশ শিক্ষা প্রদানৰ চাৰিটা ব্যৱস্থা হৈছে–
(১) জৰীপ কৰা :অঞ্চল বা ঠাইৰ পৰিৱেশ সম্পর্কে আলােচনা কৰিবৰ বাবে জৰীপ পদ্ধতিৰ ব্যৱস্থা কৰি‌ দিব লাগে।
(২) বহিঃঅধ্যয়নঃ কোনাে নদী, জলাশয়, গুহা, পাহাৰ-পর্বত আদিৰ পৰিৱেশ সম্পর্কে অধ্যয়ন কৰোঁতে এখন আঁচনি প্রস্তুত কৰিব লাগে। ইয়াৰ উপৰিও অধ্যয়নৰ লক্ষ্য, আঁচনি আৰু ক্ষেত্র কর্ম আদি নিৰ্দ্ধাৰণ কৰিব লাগে।
(৩) শ্রেণীকক্ষত আলােচনা : শ্রেণীত কোনাে এটা পৰিৱেশ সম্পর্কীয় বিষয় বাচনি কৰি ছাত্ৰ-ছাত্ৰীৰ লগত আলােচনা কৰিব লাগে।
(৪) সৰু সৰু দল লৈ প্রকল্প কৰা: পৰিৱেশ সম্পর্কে বিশদভাৱে আলােচনা কৰিবৰ বাবে শ্ৰেণীৰ শিক্ষার্থীসকলক সৰু সৰু দলত ভাগ কৰি প্রত্যেক দলকে একো একোটা নির্দিষ্ট প্রকল্প দিব লাগে। এই ক্ষেত্ৰত বহুতাে বিদ্যালয়ে ECO ক্লাব গঠন কৰা দেখা যায়।

প্রঃ জনসংখ্যা শিক্ষা বুলিলে কি বুজা।  জনসংখ্যা শিক্ষাৰ চাৰিটা লক্ষ্য উল্লেখ কৰা। (F-2012/20)
উ: জনসংখ্যা শিক্ষা হৈছে এনে এক ধৰণৰ কাৰ্যসূচী- যাৰ দ্বাৰা বর্ধিত হাৰত বৃদ্ধি হােৱা জনসংখ্যা, তাৰ পৰা উদ্ভৱ হােৱা সমস্যাবােৰ ৰােধ কৰা, জনবিস্ফোৰণ নিয়ন্ত্রণ কৰা উপায় আদিৰ বিষয়ে অধ্যয়ন কৰাত সহায় কৰে। জনসংখ্যা শিক্ষাৰ চাৰিটা লক্ষ্য হৈছে
(১) পৰিয়াল পৰিকল্পনা আঁচনি ৰূপায়ণ কৰা। (২) সৰু পৰিয়াল সুখী পৰিয়ালৰ আদর্শ গ্রহণ কৰা। (৩) জীৱনৰ গুণগত মান উন্নত কৰা।। (৪) জনসংখ্যা বিস্ফোৰণ ৰােধ কৰা।

শিক্ষাৰ সাম্প্রতিক ধাৰাসমূহ Question Answer

(পাঠটোৰ পৰা ২০১৭ বৰ্ষত অহা প্ৰশ্নসমূহ)

প্ৰঃ শাৰীৰিক শিক্ষা কি?  বিদ্যালয়ত শাৰীৰিক শিক্ষা প্ৰদানৰ তিনিটা ব্যৱস্থা সম্পর্কে আলােচনা কৰা। (F-2012/19)
উ: এজন শিশুৰ শাৰীৰিক, মানসিক আৰু আধ্যাত্মিক বিকাশৰ বাবে অর্থাৎ সম্পূর্ণ ব্যক্তিত্বৰ বিকাশৰ বাবে শাৰীৰিক কার্য সম্পাদনৰ মাজেৰে গ্ৰহণ কৰা শিক্ষা ব্যৱস্থাটোৱেই শাৰীৰিক শিক্ষা বুলি কোৱা হয়। বিদ্যালয়ত শাৰীৰিক শিক্ষা প্রদানৰ তিনিটা ব্যৱস্থা হ’ল—

(১)উচ্চ মাধ্যমিক পর্যায়ত ব্যায়াম, শৰীৰ চৰ্চা, যােগ ধ্যান, সাঁতােৰ আদি শাৰীৰিক শিক্ষাৰ পাঠ্যক্ৰমত অন্তুর্ভুক্তকৰণ।

(২) উচ্চ প্রাথমিক আৰু মাধ্যমিক স্তৰত ছাত্র-ছাত্রীৰ মাজত দলীয় খেল-ধেমালী, কেম্প নানা প্রতিযােগিতা আদি অন্তর্ভূক্ত কৰিব লাগে। যিবােৰ বিদ্যালয়ত এন. চি. চি. স্কাউট গাইড সমাজসেৱা শাৰীৰিক শিক্ষা প্রদানৰ ব্যৱস্থা বিদ্যালয়ত এইবােৰৰ ব্যৱস্থা কৰিব লাগে।

(৩) উচ্চতৰ মাধ্যমিক স্তৰত ব্যায়াম, শাৰীৰিক চৰ্চা, যোগ, ড্ৰিল, স্কাউট, গাইড ফুটবল, বেডমিণ্টন আদি খেল অন্তৰ্ভুক্ত কৰিব লাগে।

(পাঠটোৰ পৰা ২০১৮ বৰ্ষত অহা প্ৰশ্নসমূহ)

প্ৰ: জনসংখ্যা শিক্ষাৰ ধাৰণাটো কোনে আৰম্ভ কৰিছিল ? (F-2020)
উ: ১৯৮২ চনৰ শান্তিৰ নােৱেল বঁটা প্রাপ্ত আমেৰিকাৰ সমাজ তত্ববিদ ‘আলভা মিৰদালে’ পোন প্ৰথমবাৰৰ বাবে জনসংখ্যা শিক্ষাৰ ধাৰণা ডাঙি ধৰিছিল ।

প্রঃ বিদ্যালয়ত শাৰীৰিক শিক্ষা প্রদানৰ দুটা উপকাৰিতা উল্লেখ কৰা ।
উঃ বিদ্যালয়ত শাৰীৰিক শিক্ষা প্রদানৰ দুটা উপকাৰিতা হল-
(১) শিক্ষার্থীৰ মাজত শৃংখলাবদ্ধ মনােভাৱৰ সৃষ্টি হয়।
(২) শিক্ষার্থীৰ মানসিক সক্রিয়তা বৃদ্ধি হয়।

প্রঃ পৰিৱেশ শিক্ষাৰ পৰিসৰ সম্পর্কে আলােচনা কৰা।
উ : পৰিৱেশ শিক্ষা হৈছে পৰিৱেশৰ ‘জৰিয়তে’, পৰিৱেশৰ ‘বিষয়ে’ আৰু পৰিৱেশৰ ‘কাৰণে’ দিয়া শিক্ষা। শিক্ষাদান কার্য বিভিন্ন পদ্ধতিৰে, বিভিন্ন কার্যৰ দ্বাৰা সম্পন্ন কৰিব পৰা যায়। পৰিৱেশ শিক্ষাই মানুহে প্ৰকৃতিৰ লগত কৰা সম্পৰ্কৰ কথাও সূচায়। জনসংখ্যা বৃদ্ধি, প্ৰদূষণ, সংৰক্ষণ, নগৰমুখীকৰণ, সম্পদৰ বিতৰণ, আৰু গাওঁ আৰু নগৰৰ বাবে কৰা পৰিকল্পনা আদি ইয়াত অন্তর্ভুক্ত। জীৱনব্যাপি চলাশিক্ষাৰ ক্ষেত্ৰত অনুসৰণ কৰা নীতিসমূহ ইয়াতে প্রয়ােজন। ১৯৮৬ চনৰ ৰাষ্ট্ৰীয় শিক্ষানীতিত পৰিৱেশ শিক্ষাক সমগ্র শিক্ষা ব্যৱস্থাৰ অংশ হিচাপে সামৰি লব’লৈ পৰামৰ্শ দিয়া হৈছে। পৰিৱেশ শিক্ষাৰ পৰিসৰ ইমানেই বহল যে প্ৰকৃতিৰ সকলাে বিভাগকেই ই সাঙুৰি লয়। অর্থনৈতিক, কাৰিকৰী, সামাজিক, নৈতিক, শৈক্ষিক আদি সকলােবােৰ দিশেই ইয়াত অন্তর্ভুক্ত। পৰিৱেশ শিক্ষাই তলত উল্লেখিত দিশবােৰ সামৰি লয়—

লগতে পঢ়ক:   Class 12 Assamese Question Answer – দ্বাদশ শ্ৰেণীৰ (সম্পূৰ্ণ প্ৰশ্নোত্তৰ) অসমীয়া মাধ্যমৰ বাবে।

(১) পৰিৱেশৰ মাধ্যমেৰে সহজে শিক্ষা আহৰণ কৰিব পাৰি। চৰাই চিৰিকটি, গছ, বন আদিৰ বিষয়ে পাঠ্যপুথিৰ পৰা জ্ঞান আহৰণ কৰাতকৈ পৰিৱেশৰ পৰা প্রত্যক্ষভাৱে জ্ঞান আহৰণ কৰা সহজ।
(২) মানুহে পৰিৱেশ অবিহনে জীয়াই থাকিব নােৱাৰে। একোটা পৰিয়ালত জন্ম গ্রহণ কৰা শিশুটোৱে বিভিন্ন স্তৰৰ মাধ্যমেদি জীৱন কটাবলগীয়া হয়। প্রত্যেক স্তৰতে পৰিৱেশৰ কথা জনা অপৰিহার্য। পৰিৱেশ শিক্ষাই মানুহৰ স্বাস্থ্যৰ ক্ষেত্ৰত পৰিৱেশে পেলােৱা প্ৰভাৱৰ কথাও উনুকিয়াই দিয়ে
(৩) পৰিৱেশৰ পৰাই প্রকৃত সুখ পােৱা যায়। প্রকৃতিক ভাল পালেহে মানুহে প্রকৃত সুখী হ’ব পাৰে। পৰিৱেশ শিক্ষাই সাঙুৰি লােৱা অন্য এটা দিশ হৈছে “পৰিৱেশৰ কাৰণে” শিক্ষা।

প্র : শিক্ষানুষ্ঠানত জনসংখ্যা শিক্ষা প্রদানৰ বাবে চাৰিটা পৰামৰ্শ আগবঢ়োৱা। (F-2013/20)
উ: শিক্ষানুষ্ঠানত জনসংখ্যা শিক্ষা প্রদানৰ বাবে চাৰিটা পৰামৰ্শ হ’ল–
(১) সৰু পৰিয়াল সুখী পৰিয়াল এই ধাৰণা প্রাথমিক স্কুলত প্রদান কৰিব লাগে।
(২) মাধ্যমিক স্কুলত বিভিন্ন দেশৰ মাজত জনসংখ্যা বৃদ্ধিৰ ইতিহাস আৰু ইয়াৰ তুলনামূলক অধ্যয়ন পাঠ্যপুথিত প্রদান কৰিব লাগে।
(৩) দেশৰ জনসংখ্যা বৃদ্ধিয়ে মানুহৰ অর্থনৈতিক, সামাজিক, ৰাজনৈতিক আৰু সাংস্কৃতিক দিশত পেলােৱা প্ৰভাৱবােৰৰ সম্বন্ধে ব্যাখ্যা কৰিব লাগে।
(৪) মাধ্যমিক স্কুলত যৌন-শিক্ষাক জনসংখ্যা শিক্ষাৰ অংশবিশেষস্বৰূপে প্ৰদান কৰিব লাগে।

প্রঃ পৰিৱেশ শিক্ষাৰ চাৰিটা প্রধান উদ্দেশ্য উল্লেখ কৰা। (F-2013/15)
উ : পৰিৱেশ শিক্ষাৰ চাৰিটা প্রধান উদ্দেশ্য হল–
(১) সজাগতাৰ সৃষ্টি: পৰিৱেশ শিক্ষাৰ প্রধান উদ্দেশ্যই হৈছে জনগণৰ মাজত সজাগতা সৃষ্টি কৰি পৰিৱেশ মূলক বিষয়সমূহৰ সম্পর্কে বুজাই তােলা যাতে প্রকৃতি আৰু প্রাকৃতিক উৎসসমূহক ভালদৰে ৰাখি তাৰ উচিত ব্যৱহাৰ কৰিব পাৰে।
(২) আন্তর্জাতিক বুজাপৰা আৰু সহযােগিতা ঃ পৰিৱেশ সমস্যা যে আন্তৰাষ্ট্ৰীয় সমস্যা, ইয়াৰ সমাধানৰ বাবে পৰিৱেশ শিক্ষাক বিশ্বায়ন কৰা।
(৩) উপযুক্ত মনােভাৱ গঠনঃ পৰিৱেশ শিক্ষাই সমাজৰ কু-সংস্কাৰবােৰ গুচাই বৈজ্ঞানিক মনােভাৱৰ গঠন কৰাত সহায় আগবঢ়োৱা।
(৪) দায়িত্ববােধ আৰু অংগীকাৰ :পৰিৱেশ শিক্ষাই মানুহক প্ৰকৃতিৰ প্রতি দায়বদ্ধ কৰি তােলে। এই শিক্ষাই নৱপ্ৰজন্মক পৰিৱেশৰ প্রতি প্রতিশ্রুতিবদ্ধ কৰি তােলা।

প্রঃ বিদ্যালয়ত মূল্যবােধ শিক্ষা প্ৰদানৰ বাবে আমি কেনেধৰণৰ ব্যৱস্থা ল’ব লাগে?
উঃ মূল্যবােধৰ শিক্ষা বুলিলে এনেবােৰ শৈক্ষিক কাৰ্যসূচী অন্তর্ভুক্তিকৰণৰ কৰা সূচায় যিবােৰে ব্যক্তি আৰু সমাজৰ উন্নতি ত অৰিহণা যােগায়। অর্থাৎ এই
কাৰ্যসূচীবােৰে সমাজ এখনক স্বীকৃতি প্রদান কৰাত সহায় কৰে। এই শিক্ষাই এজন ব্যক্তিৰ মানসিক, শাৰীৰিক, নৈতিক সৌন্দর্যবােধক, সামাজিক আৰু আধ্যাত্মিক আদি সর্বাত্মক বিকাশত সহায় কৰে। বিদ্যালয়ত মূল্যবােধৰ শিক্ষা দুই ধৰণে দিব পৰা যায়- প্রত্যক্ষভাৱে আৰু পৰােক্ষভাৱ। বিদ্যালয়ত মূল্যবােধ
শিক্ষা প্রদানৰ বাবে লবলগা ব্যৱস্থাসমূহ হ’ল-

(১) সামূহিক প্রার্থনা: বিদ্যালয় আৰম্ভ হােৱাৰ আগতে প্রতিদিনে সামূহিক প্রার্থনা কৰিব লাগে। ই হ’ল মূল্যবােধ গঠনৰ প্রধান উপায়।
(২) বক্তৃতানুষ্ঠানৰ আয়ােজন :বিদ্যালয়সমূহত মাজে মাজে বিশেষজ্ঞ ব্যক্তিৰ দ্বাৰা বক্তৃতানুষ্ঠান, আলােচনা চক্র আদিৰ আয়ােজন কৰিব লাগে। তেতিয়া ছাত্ৰ-ছাত্ৰীয়ে সমাজৰ ভাল বেয়া আদি সম্বন্ধে জ্ঞান আয়ত্ব কৰিব পাৰে।
(৩) শিক্ষাদান পদ্ধতি : বিদ্যালয়ত শিক্ষাদানৰ বাবে বিভিন্ন কৌশল পদ্ধতিৰ সু-ব্যৱস্থা কৰি মূল্যবােধৰ শিক্ষা ফলপ্রসূ কৰিব পাৰি।
(৪) আমােদ-প্রমােদৰ কাৰ্যসূচীঃ গীত-মাত, নৃত্য, নাটক-নাটিকা অনুশীলন, ক্রীড়া, আদিৰ জৰিয়তে মূল্যবােধৰ শিক্ষা প্রদান কৰা যায়।
(৫) গণমাধ্যমৰ ব্যৱহাৰ : মূল্যবােধ শিক্ষা অনাতাঁৰ, দূৰদৰ্শন, বাতৰিকাকতৰ যােগেদি প্রচাৰ আৰু প্ৰসাৰৰ ব্যৱস্থা কৰিব লাগে।এই ব্যৱস্থাবোৰ কাৰ্যকৰী কৰিলেহে বিদ্যালয়ত মূল্যবােধৰ শিক্ষা ফলপ্রসু হ’ব।

class 12 education chapter 3 question answer in assamese

(পাঠটোৰ পৰা ২০১৯ বৰ্ষত অহা প্ৰশ্নসমূহ)

প্রঃ পৰিৱেশ শিক্ষাৰ উদ্দেশ্যসমূহ ১৯৭৭ চনত ৰাছিয়াৰ টিলিটি সন্মিলনত নির্ধাৰণ কৰা হৈছিল।

প্রঃ জনসংখ্যা শিক্ষাৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা।
উ :(১) জনসংখ্যা শিক্ষা মানৱসম্পদ আঁচনিৰ অন্তর্ভুক্ত।
(২) এই শিক্ষাই দেশৰ গুণগত আৰু সংখ্যাগত মানদণ্ড বিকাশৰ ক্ষেত্ৰত অৰিহণা যােগায়।

প্র : মহিলাৰ সবলীকৰণ বুলিলে কি বুজা? (F-2012/18)
উ : ভাৰতীয় সংবিধানে নাৰীক পুৰুষৰ সমানেই অধিকাৰ প্ৰদান কৰিছে। ভাৰতীয় সমাজত প্ৰচলিত কিছুমান ধাৰণাৰ বাবে নাৰীক পুৰুষৰ অধীন হৈ থকা দেখা যায়। এই ধাৰণাবোেৰ প্ৰত্যাহ্বান জনােৱাৰ বাবে বা পৰিৱৰ্তন আনিবৰ বাবে মহিলাৰ সামর্থ বঢ়োৱা প্রক্রিয়াকে “মহিলা সবলীকৰণ” বুলি কোৱা হয়। মহিলা সবলীকৰণে নাৰীক সিদ্ধান্ত গ্ৰহণ কৰাৰ ক্ষেত্ৰত সহায়‌ কৰাৰ বাহিৰেও আত্মবিশ্বাসী হােৱাত আৰু সমাজৰ যিকোনাে ওপৰিস্থিতিত খাপ খোৱাতো সহায় কৰে। ১৯৮৫ চনত নাইৰােবিত অনুষ্ঠিত হােৱা আন্তর্জাতিক মহিলা সন্মিলনে মহিলা সবলীকৰণৰ বিষয়ে উল্লেখ কৰিছিল।

প্রঃ মূল্যবােধৰ শিক্ষা বুলিলে তুমি কি বুজা? মূল্যবােধ শিক্ষাৰ প্রায়ােজনীয়তা আৰু গুৰুত্ব আলােচনা কৰা । (F-2015/20)
উঃ মূল্যবােধৰ শিক্ষা বুলিলে এনেবােৰ শৈক্ষিক কার্যসূচী সামৰি লােৱাৰ কথা সুচায় যিবােৰে ব্যক্তি আৰু সমাজৰ উন্নতিত অৰিহণা যােগায়। অর্থাৎ এই কাৰ্যসূচীবােৰে সমাজ এখনক স্বীকৃতি প্রদান কৰাত সহায় কৰে। ই এজন ব্যক্তিৰ সর্বাত্মক বিকাশত অর্থাৎ শাৰীৰিক, মানসিক, নৈতিক সৌন্দর্যবােধক সামাজিক আৰু আধ্যাত্মিক বিকাশ ঘটোৱাত সহায় কৰে। এই শিক্ষাৰ প্রয়ােজন আৰু গুৰুত্ব এনেধৰণে আলােচনা কৰবি পাৰি।
(১) ছাত্র-ছাত্রীৰ চৰিত্ৰ গঠন আৰু নৈতিক বিকাশৰ দিশত এই শিক্ষাই সহায় কৰে।
(২) ব্যক্তিৰ ব্যক্তিত্ব বিকাশত সহায় কৰে।
(৩) অৱসৰ সময় বিনােদনৰ ক্ষেত্ৰত এই শিক্ষা যথেষ্টসহায়কাৰী
(৪) শিশুক পৰিৱেশৰ লগত খাপ খােৱাত সহায় কৰে।
(৫) জাতীয় সংহতি বিকাশত এই শিক্ষাই সহায় কৰে।
(৬) সামাজিক দক্ষতা বৃদ্ধিত ই সহায়কাৰী। (৭) সাংস্কৃতিক‌ মূল্যবােধৰ বিকাশৰ ক্ষেত্ৰত সহায় কৰে।

লগতে পঢ়ক:   স্মৃতি আৰু বিস্মৃতি Class XII (প্রশ্নোত্তৰ) শিক্ষা অধ্যায় 5

প্র: মহিলা সবলীকৰণত শিক্ষাৰ ভূমিকা সম্পর্কে আলােচনা কৰা,‌ নাইবা (F-2018)
শিক্ষা আৰু মহিলা সবলীকৰণৰ মাজত সম্পর্ক আলােচনা কৰা। (F-2013/15)
উ: মহিলা সবলীকৰণৰ বাবে শিক্ষাৰ অতি প্রয়ােজন। ২০০১ চনত মহিলাৰ সবলীকৰণ ৰাষ্ট্ৰীয় নীতি গ্রহণ কৰিছিল। নির্দিষ্ট লক্ষ্যত উপনীত হ’বৰ বাবে প্রত্যেক ব্যক্তিয়ে কিছুমান কাম কৰিবলগীয়া হয়। এই কামবােৰ কৰিবৰ বাবে সামর্থ্যৰ প্রয়ােজন হয়। সামর্থ্য সৃষ্টি কৰা প্রক্রিয়াকে সিবলীকৰণ বুলি কোৱা হয়। সবলীকৰণে মহিলাসকলক কোনাে এটা কার্য সম্পাদন কৰিবলৈ ‘অধিকাৰ’ প্ৰদান কৰে। মহিলাসকলক‌ সঠিক সময়ত, সঠিক ঠাইত, সঠিক সিদ্ধান্ত ল’ব পৰাকৈ সক্ষম কৰি তােলে। মহিলাসকলে সমাজৰ আর্থ-সামাজিক আৰু সাংস্কৃতিক বিকাশৰ ক্ষেত্ৰত যথেষ্ট অৰিহণা যােগােৱা দেখা যায়। আমাৰ দেশত, বিষেশকৈ নাৰীয়ে জনসাধাৰণৰ আধা অংশই বহন কৰিছে আৰু ভাৰতীয় সংবিধানে নাৰীক পুৰুষৰ সমানেই অধিকাৰ প্ৰদান কৰিছে। সমাজত প্রচলিত কিছুমান ভ্রান্ত ধাৰণাৰ বাবে নাৰীক পুৰুষৰ অধীন হৈ থকা দেখা যায়। এই ধাৰণাবােৰৰ প্ৰত্যাহ্বান জনােৱাৰ বাবে বা পৰিৱর্তন‌ আনিবৰ বাবে মহিলাৰ সামর্থ্য বঢ়োৱা প্রক্রিয়াকে ‘মহিলা সবলীকৰণ বুলি ক’ব পাৰি। মহিলা সবলীকৰণে নাৰীক সিদ্ধান্ত গ্ৰহণ কৰাৰ ক্ষেত্ৰত সহায় কৰাৰ উপৰিও আত্মবিশ্বাসী হােৱাত আৰু সমাজৰ যিকোনাে পৰিস্থিতিৰ লগত সমাযােজন কৰাতো সহায় কৰে। শিক্ষাই নাৰীক‌‌ পৰিয়াল তথা সমাজৰ প্ৰতি থকা অর্থনৈতিক অৱদান সম্পর্কে সচেতন কৰি তােলাত সহায় কৰে। এই সকলাে‌ বিলাক নাৰীৰ শিক্ষাৰ দ্বাৰাহে সম্ভৱ হয়। পুৰুষ প্রধান সমাজত প্ৰচলিত চিন্তা ধাৰাবােৰৰ পৰা হাত সাৰি থাকিবলৈ আৰু সমাজত নিজৰ স্থিতি উন্নত কৰিবলৈ শিক্ষাৰ অতি প্রয়ােজন। পুৰণি কালৰ পৰাই আমাৰ সমাজৰ মহিলাসকলক দমন কৰি ৰাখিছিল, শাৰীৰিক অত্যাচাৰৰ সন্মুখীন হৈছিল। শিক্ষাই এইবােৰৰ বিৰুদ্ধে মাত মাতিবলৈ মহিলাসকলক শক্তি প্রদান কৰে আৰু ৰাজনৈতিকভাৱেও সচেতন কৰে।

(পাঠটোৰ পৰা ২০২০ বৰ্ষত অহা প্ৰশ্নসমূহ)

প্র : ‘শাৰীৰিক শিক্ষাই এটা সুস্থ জীৱনৰ বাট দেখুৱায়’— দুটা যুক্তি দিয়া। নাইবা বিদ্যালয়ত শাৰীৰিক শিক্ষাৰ গুৰুত্ব সম্পর্কে আলােচনা কৰা।
উ : বিদ্যালয়ত শাৰীৰিক শিক্ষাৰ গুৰুত্বসমূহ হল—
(১) শাৰীৰিক শিক্ষাই মনৰ সজাগতা বৃদ্ধিত সহায়কাৰী ভূমিকা লয়। কাৰণ মল্লযুদ্ধ, কাবাডী, ক্রীকেট আদি সকলােবােৰ খেলতেই মনােযােগ আৰু সজাগতাৰ প্রয়ােজন। বিভিন্ন ধৰণৰ শাৰীৰিক শিক্ষাৰ কাৰ্যসূচীত অংশগ্রহণে ব্যক্তিৰ সজাগতা বৃদ্ধিত সহায় কৰে।
(২) শাৰীৰিক শিক্ষাই ছাত্র-ছাত্রীৰ শাৰীৰিক দুর্বলতা, ৰোগ-ব্যাধি আদিৰ পৰা বচাই ৰাখে। কিয়নাে ই শৰীৰৰ অংগ উপযুক্তভাৱে সঞ্চালন কৰে।
(৩) জাতীয় সংহতি বজাই ৰখাৰ ক্ষেত্ৰত শাৰীৰিক শিক্ষাই উত্তম মাধ্যম ।
(৪) শাৰীৰিক শিক্ষাৰ দ্বাৰা মানুহৰ সুস্বাস্থ্য কেনেদৰে সুস্থ ৰাখিব পাৰি সেই সম্বন্ধে যথার্থ জ্ঞান ছাত্র-ছাত্রীসকলক দিব পাৰি। তেওঁলােকক বিভিন্ন ৰােগৰ বিষয়ে আৰু এইবােৰৰ কাৰণ আৰু সতর্কতামূলক ব্যৱস্থা ইত্যাদিৰ সম্বন্ধে জনাব পাৰি।

প্র : নাৰী সবলীকৰণৰ গুৰুত্ব ব্যাখ্যা কৰা। ইয়াৰ প্রয়ােজনীয়তা কি?
উ : মহিলা সবলীকৰণ হ’ল সামাজিক শক্তি আৰু সম্পদ নিয়ন্ত্রণ ব্যৱস্থা, মহিলাৰ হিতার্থে পুনৰ বিতৰণ কৰাৰ প্রক্রিয়া। মহিলাসকলে সমাজৰ আর্থ সামাজিক আৰু সাংস্কৃতিক বিকাশৰ ক্ষেত্ৰত যথেষ্ট অৰিহণা যােগােৱা দেখা যায়। আমাৰ দেশত বিশেষকৈ নাৰীয়ে জনসাধাৰণৰ আধা অংশই বহন কৰিছে আৰু ভাৰতীয় সংবিধানে নাৰীক পুৰুষৰ সমানেই অধিকাৰ প্ৰদান কৰিছে। সমাজত প্রচলিত কিছুমান ভ্রান্ত ধাৰণাৰ বাবে নাৰীক পুৰুষৰ অধীন হৈ থকা দেখা যায়। এই ধাৰণাবােৰৰ প্ৰত্যাহ্বান জনােৱাৰ বাবে বা পৰিৱৰ্তন আনিবৰ বাবে মহিলাৰ সামর্থ্য বঢ়োৱা প্রক্রিয়াকে ‘মহিলা সবলীকৰণ বুলি ক’ব পাৰি। মহিলা সবলীকৰণে নাৰীক সিদ্ধান্ত গ্রহণ কৰাৰ ক্ষেত্ৰত সহায় কৰাৰ উপৰিও আত্মবিশ্বাসী হােৱাত আৰু সমাজৰ যিকোনাে পৰিস্থিতিৰ লগত সমাযােজন কৰাত সহায় কৰে। ই নাৰীক পৰিয়াল তথা সমাজৰ প্ৰতি থকা অর্থনৈতিক অৱদান সম্পর্কে সচেতন কৰি তােলাত সহায় কৰে। মহিলাসকলক নিজা ভাবমূর্তি আৰু সামাজিক স্থিতি উন্নত কৰাত সবলীকৰণে সহায় কৰে।

সংবিধান প্রদত্ত নিয়ম অনুসৰি মহিলাসকলে সকলােবােৰ সুবিধা যাতে লাভ কৰিব পাৰে, সেই সম্বন্ধে সজাগ হ’ব পাৰে। মহিলাসকলে নিজা ভাবমুর্তি আৰু সামাজিক স্থিতি উন্নত কৰাত সবলীকৰণে সহায় কৰে। উন্নয়নমূলক কাম কৰাত অংশ গ্রহণ কৰি মহিলাসকলে যাতে সমাজৰ উন্নতিত অৰিহণা যােগাবলৈ সক্ষম হয়, সেই বিষয়ে অৱগত হ’ব পাৰে।‌সামগ্রিকভাৱে উন্নত সামাজিক পৰিৱেশ সৃষ্টি কৰাৰ বিষয়ে‌ মহিলাসকলে জানিব পাৰে।

প্র: পৰিৱেশ শিক্ষাৰ যিকোনাে তিনিটা নীতি লিখা।
উ : (১) পৰিৱেশ শিক্ষাই শিশুক অনিশ্চয়তাক নিশ্চয়তা লৈ গতিকৰাত সহায় কৰে।উদাহৰণস্বৰূপেএটা শিশুৱে অতি সহজে বিভিন্ন ৰঙৰ মাজত থকা বৈষম্যৰ বিষয়ে ক’ব নােৱাৰে।কিন্তু বয়সৰ লগে লগে ই বিভিন্ন ৰঙৰ বিষয়ে ভালদৰে ক’ব পৰা হয়।

(২) পৰিৱেশ শিক্ষাই শিশুক মুৰ্তৰ পৰা বিমূৰ্তলৈ যােৱাত সহায় কৰে। পৰিশেৱত থকা বিভিন্ন সম্পদসমূহ দেখি বা শুনি শিশুৱে নিজস্ব মন্তব্য আগবঢ়াব পাৰে।

(৩) পৰিৱেশ শিক্ষাই অভিজ্ঞতা আহৰণৰ ক্ষেত্ৰত সৰলৰ পৰা‌ জটিলতালৈ গতি কৰাত সহায় কৰে।

লগতে পঢ়ক:   মানসিক স্বাস্থ্য আৰু স্বাস্থ্যবিজ্ঞান (প্রশ্নোত্তৰ) Class 12 Education Chapter 7

শিক্ষাৰ সাম্প্রতিক ধাৰাসমূহ Class 12

প্র: পৰিৱেশ শিক্ষা কাক বােলে? (F-2020)
উ: পৰিৱেশ শিক্ষা হৈছে পৰিৱেশৰ জৰিয়তে’ পৰিৱেশৰ বিষয়ে’ আৰু পৰিৱেশৰ কাৰণে’ দিয়া শিক্ষা। এই শিক্ষা নানা‌ পদ্ধতিৰে নানাধৰণৰ কাৰ্যৰ দ্বাৰা সম্পন্ন কৰিব পাৰি। পৰিৱেশ শিক্ষাই মানুহে প্ৰকৃতিৰ লগত কৰা সম্পৰ্কৰ কথাও সূচায়। জনসংখ্যা বৃদ্ধি, সম্পদৰ বিতৰণ, প্ৰদূষণ, সংৰক্ষণ, নগৰমুখীকৰণ, গাঁও আৰু নগৰৰ বাবে কৰা পৰিকল্পনা আদি ইয়াত অন্তর্ভুক্ত। জীৱনব্যাপী চলা শিক্ষাৰ ক্ষেত্ৰত অনুসৰণ কৰানীতিসমূহ ইয়াতে প্রযােজ্য।

খালী ঠাই পুৰণ কৰা।

প্রঃ ১৯৯২ চনৰ সুৰক্ষা বসুন্ধৰা সন্মিলন ব্রাজিলৰ ৰিউ-দি-জেনেৰো চহৰত অনুষ্ঠিত হৈছিল। (F-2013)
প্রঃ ‘Environment’ শব্দটো ফৰাচী Environer শব্দৰ পৰা উৎপত্তি হৈছে।
প্রঃ সুস্থ পৰিৱেশ সুস্থ মনৰ বাবে দৰকাৰী।
প্রঃ ‘Environment” শব্দৰ অৰ্থ আমাৰ চাৰিওফাল
প্রঃ বর্তমান ভাৰতৰ জনসংখ্যা ১,০ মিলিয়ন
প্র : ১৯৮৬ চনৰ ৰাষ্ট্ৰীয় শিক্ষানীতিত পৰিৱেশ শিক্ষাক সমগ্র শিক্ষা ব্যৱস্থাৰ অংশ হিচাপে সামৰি ল’বলৈ পৰামৰ্শ দিয়া হৈছে।

প্র : কিমান চনত বেংকত UNESCOয়ে দক্ষিণ-পূব আঞ্চলিক কর্মশালাত জনসংখ্যাৰ শিক্ষাৰ সম্পৰ্কেআলােচনা কৰিছিল্।
উঃ ১৯৭০ চনত দিয়া হৈছে।

প্রঃ পৰিৱেশ মানে কি?
উঃ পৰিৱেশ মানে হৈছে আমাৰ চাৰিওফালে জৈৱিক আৰু অজৈৱিক উপাদানেৰে পৰিবেষ্টিত কৰি ৰখা পৰিস্থিতি।

প্রঃ পৃথিৱীৰ কোনখন দেশ সকলােতকৈ বেছি জনসংখ্যা থকা দেশ। 

উ: চীন

প্ৰ: কোন চনত মহিলা সবলীকৰণৰ ৰাষ্ট্ৰীয় নীতি চৰকাৰে গ্ৰহণ কৰিছিল।
উঃ ২০০১ চনত।

প্ৰ:”Protection of Women from domestic violence Bill ” খন কোন চনত আৰু কিয় গ্রহণ কৰিছিল।
উ : ২০০৫ চনৰ ২৩ জুনত পুৰুষৰ উৎপীড়নৰ পৰা নাৰীক মুক্ত কৰিবলৈ গ্ৰহণ কৰিছিল।

প্রঃ কেতিয়া আৰু কোনে পােন প্ৰথমবাৰৰ বাবে মূল্যবােধ’ শব্দৰ প্ৰয়ােগ কৰিছিল?
উ:১৮৮০ চনত ফ্রেডিক নিয়েটয়ে।

প্ৰঃ ৰাষ্ট্ৰীয় স্ত্রী শিক্ষা কমিটী কোন চনত গঠন কৰা হৈছিল?
উঃ ১৯৫৮-৫৯ চনত।

class 12 education chapter 3 question answer in assamese

প্রঃ পৰিৱেশক মূলত কেইটা ভাগত ভাগ কৰিব পাৰি? ভাগ কেইটা কি কি?
উ: পৰিৱেশক মুলত তিনিটা ভাগত ভাগ কৰিব পাৰি। সেই ভাগকেইটা হ’ল—(১) প্রাকৃতিক পৰিৱেশ :প্রাকৃতিক পৰিৱেশে আমাৰ জলবায়ু, জলমণ্ডল, স্থলমণ্ডল আৰু ইয়াত থকা গছ-গছনি, হাবি-জংঘল, নৈ-সাগৰ আদিক সামৰি লয়।

২) সামাজিক পৰিৱেশ :সামাজিক পৰিৱেশ বুলি কওঁতে আমাৰ আর্থ-সামাজিক গাঁথনি, জন-গাঁথনি, জনসংখ্যা বৃদ্ধিৰ হাৰ, নিয়ােগ ব্যৱস্থা, সাংস্কৃতিক পৰিক্ৰমা, জীৱন নির্বাহৰ মানদণ্ড আদি বিষয়বােৰ সামৰি লয়।

(৩) মানৱ-সৃষ্ট পৰিৱেশ : মানৱ-সৃষ্ট পৰিৱেশে গাঁও, নগৰ- চহৰ, ইয়াত থকা অনুষ্ঠান প্রতিষ্ঠান, উদ্যোগ, ৰাস্তা-ঘাট, ঘৰ- দুৱাৰ, কৃষি, পৰিবহণ ব্যৱস্থা আদি সামৰি লয়।

প্রঃ মূল্যবােধ শিক্ষা দিয়াৰ দুটা উপায় কি কি?
উ : মূল্যবােধ শিক্ষা প্রত্যক্ষ আৰু পৰােক্ষভাৱে দিব পাৰি। বিদ্যালয়ত দৈনন্দিন পাঠদানত, শ্ৰেণীকোঠাত ছাত্ৰ-ছাত্ৰীক বিভিন্ন পাঠৰ মাধ্যমেৰে মূল্যবােধৰ শিক্ষা প্রদান কৰা যায়। কোনাে কোনাে ৰাজ্যত নীতিশিক্ষাৰ দ্বাৰা এই শিক্ষা প্রদান কৰাৰ ব্যৱস্থা কৰিছে। বিভিন্ন ধৰণৰ সাধুকথা বা বাস্তব‌ অভিজ্ঞতা বর্ণনাৰ মাধ্যমেৰে মূল্যবােধ সম্পর্কে বুজোৱা হয়।‌ আকৌ পৰােক্ষভাৱে সহ পাঠ্যক্রম কাৰ্যসূচীৰ দ্বাৰা বিদ্যালয়ত এই মূল্যবােধৰ শিক্ষা প্রদান কৰা।

প্র: আন্তর্জাতিক নাৰী দিৱস ৮ মার্চ তাৰিখে পালন কৰা হয় । (F-2017/14)
প্র: পৰিৱেশ শিক্ষাৰ গুৰুত্ব সম্পর্কে আলােচনা কৰা। (F-2012/14)
উ: মানুহ আৰু পৰিৱেশৰ মাজত যে এক গভীৰ সামাজিক তথা বৈষয়িক সম্পর্ক সদা বিৰাজমান সেই সম্পর্কে ল’ৰা-ছােৱালীক অৱগত কৰাবলৈ পৰিৱেশ শিক্ষাৰ অতি প্রয়ােজন। পৰিবেশ প্ৰদূষণ আৰু অৱনয়নৰ ফলত বর্তমান সৃষ্টি হােৱা কেতবােৰ ভয়াৱহ সমস্যাৰ বিষয়ে পৰিৱেশ শিক্ষাই ছাত্ৰ-ছাত্ৰীৰ মনত সজাগতা বৃদ্ধি কৰাত সহায় কৰে। পৰিৱেশ শিক্ষাৰ প্ৰধান উদ্দেশ্যই হৈছে জনগণৰ মাজত সজাগতা সৃষ্টি কৰি পৰিৱেশ মূলক বিষয়সমূহৰ সম্পর্কে বুজাই তােলা যাতে প্রকৃতি আৰু প্রাকৃতিক উৎসসমূহক ভালদৰে ৰাখি তাৰ উচিত ব্যৱহাৰ কৰিব পাৰি। মূলতঃ পৰিৱেশৰ প্ৰতি সজাগ আৰু সক্রিয় কৰি তোলাৰ বাবেই পৰিৱেশ শিক্ষাৰ প্ৰয়ােজনীয়তা অপৰিসীম।পৰিৱেশ শিক্ষাৰ পৰিসৰ ই মানেই বহুল যে প্ৰকৃতিৰ সকলাে বিভাগকেই ইয়াত সামৰি লয়। পৰিৱেশ শিক্ষা হৈছে পৰিৱেশৰ জৰিয়তে পৰিৱেশৰ বিষয়ে আৰু পৰিৱেশৰ কাৰণে দিয়া শিক্ষা। বর্তমান যুগত পাৰিপাৰ্শ্বিক ক্রমবিৱর্তন হােৱা দেখা যায়- জনসংখ্যা বিস্ফোৰণ, বৈষয়িক সম্পদৰ অৱনমন, বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যাৰ দ্বাৰা উদ্ভাৱন হােৱা সামগ্ৰীৰ পৰা হােৱা বায়ু, পানী মাটিৰ প্ৰদূষণে মানৱ সমাজক ধবংসৰ মুখলৈ ঠেলি দিয়া দেখা গৈছে। এইবােৰৰ পৰা পৰিত্ৰাণ পােৱাৰ বাবে পৰিৱেশ শিক্ষাৰ গুৰুত্ব বাঢ়ি আহিছে।

প্রঃ “এছিয়া মহাদেশত” পৰিৱেশ শিক্ষা প্রদানৰ বাবে হােৱা কর্মশালাত পৰিৱেশ শিক্ষণৰ উদ্দেশ্যবােৰ লিখা।
উ : এছিয়া মহাদেশত পৰিৱেশ শিক্ষা প্রদানৰ বাবে হােৱা কর্মশালাত পৰিৱেশ শিক্ষাৰ উদ্দেশ্যবােৰ তলত দিয়া হ’ল—
(১) পৰিৱেশত অন্তর্নিহিত বিভিন্ন কাৰক আৰু সেইবােৰৰ মাজত থকা সম্পৰ্কৰ বিষয়ে জনসাধাৰণক অৱগত কৰােৱা।
(২) পৰিৱেশৰ সংৰক্ষণ আৰু পৰিবৰ্দ্ধনৰ বাবে প্রয়ােজনীয় মূল্যবােধ মনােভাৱৰ দায়িত্ব আহৰণ কৰা।
(৩) পৰিৱেশৰ সমস্যাবােৰৰ বাবে জনসাধাৰণ জ্ঞাত হােৱা আৰু ইয়াৰ ওপৰত প্রতিক্রিয়া প্রকাশ কৰা আৰু সমাধানৰ পথ ওলােৱাত চেষ্টা কৰা।

প্র: নাৰী সবলীকৰণৰ বাবে বিদ্যালয়সমূহে গ্ৰহণ কৰিব পৰা কিছুমান ব্যৱস্থাৰ বিষয়ে আলােচনা কৰা।
উ : নাৰী সবলীকৰণৰ বাবে শিক্ষাৰ অতি প্রয়ােজন। এই ক্ষেত্ৰত বিদ্যালয়সমূহে তলত দিয়া ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব পাৰে।
(১) প্রত্যেকগৰাকী ছােৱালীয়েই যাতে বিনামূলীয়া আৰু বাধ্যতামূলক প্রাথমিক শিক্ষা আহৰণ কৰিব পাৰে তাক নিশ্চিত কৰা।
(২) মহিলাসকলৰ মাজত নিৰক্ষৰতাৰ হাৰ হ্রাস কৰােৱাৰ বাবে চেষ্ট কৰিব লাগিব।
(৩) মহিলাসকলক তেওঁলােক পছন্দ ক্ষেত্রসমূহ যেনে— শিক্ষা, স্বাস্থ্য নিয়ােগ সম্পর্কে জানিবলৈ‌ যােগ্যবান কৰি তােলাৰ বাবে ব্যৱস্থা ল’ব লাগে।
(৪) মহিলাসকলৰ বাবে প্রস্তুত কৰা মহিলাৰ অধিকাৰ আৰু আইন সম্পর্কীয় সাধাৰণ জ্ঞান ছাত্র-ছাত্রীসকলক প্ৰদান কৰিব লাগিব।
(৫) পাঠ্যক্ৰমত মূল্যবোধৰ শিক্ষা অন্তর্ভুক্ত কৰি ছাত্র- ছাত্রীৰ মাজত আত্মবিশ্বাস গঢ়ি উঠাত বিদ্যালয়সমূহে সহায় কৰিব লাগে।

 

Leave a Comment

Your email address will not be published. Required fields are marked *


Scroll to Top