শিক্ষণ Class 12 Education শিক্ষা (প্রশ্নোত্তৰ) অধ্যায় 4

বিষয়  শিক্ষা 2nd Year
পাঠৰ নাম শিক্ষণ
শ্ৰেণী  দ্বাদশ শ্ৰেণী
উপলব্ধ প্ৰশ্নৰ উত্তৰ
পাঠৰ নং অধ্যায় 4
পাঠ্যক্ৰম  অসম মাধ্যমিক শিক্ষা পৰিষদৰ (AHSEC)

শিক্ষণ Class 12

(পাঠটোৰ পৰা ২০১৫ বৰ্ষত অহা প্ৰশ্নসমূহ)

প্র : শিক্ষাত ‘শাস্তি আৰু পুৰস্কাৰ’ৰ ভিত্তি হৈছে শিক্ষণৰ ফলাফলৰ নীতি।

প্ৰ:’ শিক্ষণ পৰিপক্কতাৰ ওপৰত নিৰ্ভৰশীল’। উদাহৰণসহ ব্যাখ্যা কৰা।
উ : পৰিপক্কতা আৰু শিক্ষণৰ মাজত এক অবিচ্ছেদ্য সম্পর্ক আছে। পৰিপক্কতা হৈছে বিকাশৰ স্বাভাৱিকৰূপত সংঘটিত হােৱা দেহৰ এক অন্তৱর্তী প্রক্রিয়া। উদাহৰণ স্বৰূপে এটা কম বয়সীয়া শিশুৱে ভাষা আয়ত্ব কৰিব নােৱাৰে কিয়নাে তাৰ বাবে নির্দিষ্ট বয়সৰ প্রয়ােজন। কিন্তু কিছু মান ক্ষেত্ৰত শিক্ষণৰ অভাৱত নির্দিষ্ট বয়সপ্রাপ্ত হ’লেও স্বাভাৱিক ৰূপত ভাষা আয়ত্ব কৰিব নােৱাৰিবও পাৰে। ওপৰৰ আলােচনাৰ পৰা আমি ক’ব পাৰাে যে শিক্ষাৰ ক্ষেত্ৰত দুয়ােটা দিশেই গুৰুত্বপূর্ণ অর্থাৎ শিক্ষণ পৰিপক্কতাৰ ওপৰত নিৰ্ভৰশীল। পৰিপক্কতাই শিক্ষণৰ যােগ্যতা প্রদান কৰে। এই দুই প্রক্রিয়াৰ পাৰস্পৰিক সম্পৰ্কৰ স্বৰূপ মনােবিজ্ঞানৰ সৃষ্টিকালৰ পৰা সূক্ষ্ম বিবেচনাযােগ্য কোনবিধ আচৰণ জৈৱিক পৰিপক্কতাৰ ফল আৰু কোনবিধ আচৰণ শিক্ষাৰ ফলত সংঘটিত হয় তাক স্পষ্টকৈ নিৰ্ধাৰণ কৰাটো কঠিন। শিক্ষণৰ বাবে পৰিপক্কতা এক গুৰুত্বপূৰ্ণ চর্ত। যদিহে শিশুৰ উপযুক্ত পৰিপক্কতা লাভ নােহােৱা অৱস্থাত শিক্ষণ তাৰ ওপৰত বলপূর্বকভাৱে প্রদান কৰিলে শিশু সেই বিকাশৰ বাবে প্রতিকূল হৈ উঠিক। কোনাে ক্রিয়াৰ বাবে প্রয়ােজন হােৱা পৰিপক্কতা অনুযায়ী শিক্ষণৰ সুযােগ সুবিধা প্রদান কৰিব পাৰিলেহে আমি শিক্ষণৰ ক্ষেত্ৰত সুফল লাভ কৰিব পাৰাে। অর্থাৎ এই‌ দুয়ােটা দিশৰ সুস্থ সমন্বয়তহে শিক্ষণৰ সুফল লাভ কৰিব পৰা যায়। শিক্ষণৰ সীমা পৰিপক্কতাৰ দ্বাৰা নিৰ্ধাৰিত হয়।

প্রঃ শিক্ষণৰ প্ৰস্তুতিৰ নীতিটোৰ শৈক্ষিক তাৎপর্য চমুকৈ‌ আলােচনা কৰা।
উ : শিক্ষণৰ প্ৰস্তুতিৰ নীতিৰ শৈক্ষিক তাৎপর্য: শিক্ষকে শিক্ষার্থীসকলক এটি পাঠ শিকাবলৈ যাওঁতে শিক্ষার্থী শাৰীৰিক আৰু মানসিক অৱস্থাৰ কথা ভালদৰে জনা উচিত। যদিহে শিক্ষার্থীয়ে পাঠটো শিকাৰ বাবে প্রস্তুত হয়, তেতিয়া পাঠটো আৰম্ভ কৰিব লাগে। কাৰণ ছাত্ৰ-ছাত্ৰীৰ যদি শিক্ষা লাভৰ কাৰণে মানসিক প্রস্তুতি নাথাকে তেন্তে সেই শিক্ষাৰ পৰা তেওঁলােকে কোনাে সুফল নাপায়। গতিকে শ্ৰেণীত শিক্ষাদান কৰােতে শিক্ষকজনে শিক্ষার্থীৰ মনৰ প্ৰস্তুতিৰ কাৰণে যত্ন কৰিব লাগে। শিকাবলগীয়া পাঠৰ প্ৰতি ছাত্রক আকর্ষিত কৰিব পাৰিলৈই সিহঁতৰ মন শ্ৰেণীৰ পাঠ গ্রহণৰ বাবে প্রস্তুত হ’ব।

(পাঠটোৰ পৰা ২০১৬ বৰ্ষত অহা প্ৰশ্নসমূহ)

প্র : অন্তদর্শনমূলক শিক্ষণৰ ৩টা বৈশিষ্ট্য লিখা।
উ: অন্তদর্শনমূলক শিক্ষাৰ ৩টা বৈশিষ্ট্য হল—
(১) হঠাৎ সংঘটিত হয় (২) অন্তলৰ্শন বৌদ্ধিক স্তৰৰ লগত জড়িত।‌‌সাধাৰণতে মানুহকে ধৰি উচ্চ শ্রেণীৰ জীৱৰ অন্তদৰ্শন নিন্ম শ্রেণী‌ জীৱতকৈ বেছি।(৩) যেতিয়া অংশবােৰৰ মাজৰ পাৰস্পৰিক সম্পর্ক জনা যায় তেতিয়া সামগ্রীকভাৱ মনত উদয় হয়।

প্রঃ শিক্ষণৰ অনুবন্ধিত প্রতিক্রিয়াৰ পদ্ধতিটো চমুকৈ ব্যাখ্যা কৰা। শ্ৰেণীকোঠাৰ পৰিৱেশত এই পদ্ধতিৰ প্ৰভাৱ সম্পর্কে আলােচনা কৰা। (F-2015)
উ : আইভান পেভলভ শিক্ষাৰ অনুবন্ধনবাদ তত্ত্বৰ এজন স্রষ্টা আছিল । সাধাৰণতে স্বাভাৱিক উদ্দীপকৰ ফলত স্বাভাৱিক প্রতিক্রিয়া সৃষ্টি হয়। উদাহৰণস্বৰূপে—ক’ব পাৰি যে খােৱাবস্তু দেখিলে কুকুৰৰ মুখৰ পৰা লালটি ওলায়। এই প্রক্রিয়া বা লালটি ওলােৱা কাৰ্যটো হৈছে সহজাত আৰু স্বাভাৱিক। ইয়াত শিকিবলগীয়া একো নাই। কিন্তু পেভলভৰ মতে স্বাভাৱিক উদ্দীপকৰ ঠাইত কেতিয়াবা অস্বাভাৱিক বা কৃত্রিম উদ্দীপক প্ৰদান কৰি স্বাভাৱিক উদ্দীপকৰ ক্ষেত্ৰত কৰা প্ৰক্ৰিয়াৰ সৃষ্টি কৰিব পাৰি। সৰল ভাষাত ক’বলৈ হ’লে যেতিয়া কোনাে স্বাভাৱিক প্রতিক্রিয়া তাৰ স্বাভাৱিক উদ্দীপকৰ পৰিৱর্তে আন কোনাে কৃত্রিম উদ্দীপকৰ লগত সংযুক্ত বা অনুবন্ধিত হয়, তেতিয়া শিক্ষণ সংঘটিত হয়। শ্ৰেণীকোঠাৰ পৰিৱেশত শিক্ষণৰ অনুবন্ধিত পদ্ধতিৰ প্ৰভাৱসমূহ হ’ল—

(১) এই তত্ত্বৰ জৰিয়তে ছাত্র- ছাত্ৰীসকলৰ পৰিস্কাৰ-পৰিচ্ছন্নতা, অনুশাসন আদি ভাল অভ্যাসবােৰ গঠন কৰিব পাৰে।

(২) ছাত্র-ছাত্রীসকলৰ ভয়, ভালপােৱা আদি আৱেগ গঢ় লৈ উঠাত এই তত্ত্বই সহায় কৰে।
(৩) অনুবন্ধনৰ জৰিয়তে ছাত্র-ছাত্রীসকলৰ ভাষাৰ বিকাশ সাধন কৰিব পাৰি।
(৪) এই পদ্ধতিৰ জৰিয়তে ছাত্র-ছাত্রীৰ বেয়া অভ্যাসবােৰ ত্যাগ কৰিব পাৰে।
(৫) এই পদ্ধতিৰ দ্বাৰা ছাত্র-ছাত্রীয়ে বিভিন্ন ধৰণৰ শিক্ষা আয়ত্ব কৰিব পাৰে।

class 12 education chapter 4 question answer in assamese

(পাঠটোৰ পৰা ২০১৭ বৰ্ষত অহা প্ৰশ্নসমূহ)

প্রঃ সন্তুষ্টি আৰু অনুশীলন শিক্ষণৰ প্রচেষ্টা আৰু ভুল পদ্ধতিৰ মূল উপাদান।

প্র : পেভেলভৰ অনুবন্ধনৰ পৰীক্ষাটোত অনুবন্ধিত প্রতিক্রিয়া কোনটো আছিল?
উ : বেল বা ঘণ্টাৰ শব্দটো অনুবন্ধনবাদ পৰীক্ষাত অনুবন্ধিত প্রতিক্রিয়া।

প্রঃ শিক্ষণৰ চাৰিটা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য লিখা। (F-2013)
উঃ শিক্ষণৰ চাৰিটা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য তলত উল্লেখ কৰা হ’ল—
(১) শিক্ষণ উদ্দেশ্য প্রণােদিত আৰু লক্ষ্য অবিহনে শিক্ষণ ফলপ্রসূ নহয়। আমাৰ ইচ্ছা বা প্রয়ােজন পূৰাবলৈহে আমি শিকিবলগীয়া হয়।
(২) শিক্ষণ এক ব্যক্তিকেন্দ্রিক কার্য। ব্যক্তিগত পার্থক্যৰ বাবে সকলাে মানুহৰে শিক্ষণ ক্ষমতা একে নাথাকে।
(৩) শিক্ষণ স্থায়ী ৰূপ দিয়া প্রধান আহিলা বিধ হৈছে অভ্যাস। পুনৰাবৃত্তি নােহােৱাকৈ কোনাে শিক্ষণ স্থায়ী হ’ব নােৱাৰে।
(৪) আগ্রহ আৰু শিক্ষাৰ পাৰস্পৰিক সম্পর্ক আছে। আগ্রহ অবিহনে কোনাে কথা শিকিব নােৱাৰি।।

প্রঃ অস্তদশনৰ পদ্ধতিটোৰ দুটা সীমাবদ্ধতা উল্লেখ কৰা।
উ : অন্তদর্শন পদ্ধতিৰ দুটা সীমাবদ্ধতা হ’ল—

(১) এই পদ্ধতি বৌদ্ধিক স্তৰৰ লগত জড়িত হােৱাৰ বাবে নিম্ন শ্ৰেণীৰ‌ জীৱৰ বাবে এই পদ্ধতি লাভজনক নহয়।
(২) এই পদ্ধতিয়ে পর্যবেক্ষণ ক্ষমতা আৰু অনুভৱ শক্তিৰওপৰত গুৰুত্ব দিয়ে বাবে সৰ্বসাধাৰণ মানুহৰ বাবে অন্দর্শন পদ্ধতি সহায়কাৰী নহয়।

প্র : শিক্ষণৰ প্রাথমিক নীতিসমূহ কি কি? শিক্ষণৰ এই নীতিসমূহৰ যি কোনাে এটাৰ শৈক্ষিক তাৎপর্য আলােচনা কৰা। (F-2014)
উ : শিক্ষণৰ প্রাথমিক নীতিকেইটা হ’ল–প্রস্তুতিৰ নীতি, ফলাফলৰ নীতি আৰু অনুশীলনৰ নীতি। ফলাফল নীতি :শিক্ষার্থীসকলৰ শিক্ষাৰ ফলাফলত এই নীতিৰ বিশেষ গুৰুত্ব আছে। ছাত্র-ছাত্রীয়ে যদিহে ভাল কাম কৰে তেতিয়া শিক্ষকে পুৰস্কাৰ প্ৰদান কৰিব বা প্রশংসা কৰিব। তেনে কৰিলে ছাত্র-ছাত্রীয়ে উৎসাহ পাব আৰু আগলৈ ভাল কাম কৰাৰ স্পৃহা বাঢ়িব। আনহাতে, কোনাে ছাত্র-ছাত্ৰীয়ে বেয়া কাম কৰিলে তাৰ বাবে শাস্তি প্রদান কৰিব লাগে। তেতিয়া ছাত্র-ছাত্রী নিৰুৎসাহিত হ’ব আৰু ভৱিষ্যতে তেনে কাম কৰিবলৈ নিবিচাৰিব। অৱশ্যে শাস্তি প্রদানে শিক্ষা গ্রহণত প্রায়ে প্রতিকূল প্রভাৱ পেলায়। ফলাফল নীতিৰ লগত স্মৃতিও জড়িত হৈ আছে। এই নীতিয়ে ইয়াকে বুজায় যে যি বিষয়ে আনন্দ দিয়ে তাক সহজে শিকিব পাৰি আৰু যি বিষয়ে কষ্ট দিয়ে তাক সহজে শিকিব নােৱাৰি। এই নীতিকে পুৰস্কাৰ আৰু শাস্তি সম্পর্কীয় নীতি বুলিও কোৱা হয়।

লগতে পঢ়ক:   স্মৃতি আৰু বিস্মৃতি Class XII (প্রশ্নোত্তৰ) শিক্ষা অধ্যায় 5

প্ৰ: প্রশিক্ষণ কি? শিক্ষণৰ কেইটামান সংজ্ঞা দিয়া। (F-2017)
উ : শিক্ষণ এক বিকাশশীল প্রক্রিয়া যাৰ সহায়ত আমি কোনাে কামত দক্ষতা বা কৌশল আয়ত্ব কৰিব পাৰাে। ই মানৱ জীৱনৰ শৈশৱ কালৰ পৰাই আৰম্ভ হয়। জন্মৰ পাছত এটি শিশুৱে স্বাভাৱিক জীৱনৰ লগত খাপ খাবলৈ অসুবিধা পায়। গা-ধুবৰ বাবে, খােৱাৰ বাবে, কাপােৰ পিন্ধিবৰ বাবে শিশুটিয়ে সকলাে সময়তে মাক তথা অন্যৰ ওপৰত নিৰ্ভৰশীল হ’বলগা হয়। এটা নির্দিষ্ট সময়ৰ পিছৰ পৰা শিশুৱে এইবােৰ কার্য কৰিব পৰা হয়। ইয়াকেই শিক্ষণ বোলে। শিক্ষণৰ কেইটামান সংজ্ঞা হল-

(১) “অভিজ্ঞতাৰ জৰিয়তে জীৱনৰ প্রতিক্রিয়াসমূহৰ ৰূপান্তৰেই হ’ল শিক্ষণ।” –কলভিন
২) “শিক্ষণ হৈছে অভিজ্ঞতা আৰু প্ৰশিক্ষণৰ যােগেদি কৰা আচৰণৰ সংশােধন কার্য।”—গেইট
(৩) “আচৰণৰ পৰিণতিস্বৰূপে জীৱনৰ পৰৱর্তী আচৰণৰ যিকোনাে পৰিৱর্তনেই হ’ল শিক্ষণ।” —জে. পি. গিলফোর্ডৰ
(৪) “শিক্ষণ হৈছে ইয়াৰ সৰলতম পর্যায়ত পৰিস্থিতিৰ প্ৰতি প্রতিক্রিয়া কৰা অথবা ইয়াৰ উৎকর্ষ সাধন কৰিবলৈ পূর্বৱর্তী আচৰণৰ সংশােধন কৰা।”- ৰাইবাণৰ

class 12 education chapter 4 question answer in assamese

(পাঠটোৰ পৰা ২০১৮ বৰ্ষত অহা প্ৰশ্নসমূহ)

প্রঃ বহুবাৰ চেষ্টা কৰি এজন ছাত্ৰই এটা অংক নিজে সফলভাৱে কৰিবলৈ সক্ষম হ’ল। এই শিক্ষণ প্রক্রিয়া শিক্ষণৰ প্রচেষ্টা আৰু ভূল শিক্ষণ পদ্ধতিৰ দ্বাৰা সমর্থিত।

প্রঃ “সামগ্রীকৰণৰ ওপৰত শিক্ষণ নিৰ্ভৰশীল”— এই উক্তিটোৰ লগত শিক্ষণৰ কোনটো পদ্ধতি জড়িত হৈ আছে?
উ : অন্তদর্শন শিক্ষণ পদ্ধতি।

প্রঃ শিক্ষণৰ প্ৰচেষ্টা আৰু ভুল পদ্ধতি আৰু অন্তদর্শন পদ্ধতিৰ দুটা পার্থক্য লিখা।
উ : শিক্ষণৰ প্রচেষ্টা আৰু ভুল পদ্ধতি’ আৰু ‘অন্তদর্শন‌ পদ্ধতিৰ’ পার্থক্য হল—
(১) প্রচেষ্টা আৰু ভুল পদ্ধতি হৈছে দৈহিক ক্রিয়াভিত্তিক। আনহাতে, অন্তদর্শন হৈছে মানসিকক্রিয়াভিত্তিক শিক্ষণ পদ্ধতি।
(২) প্রচেষ্টা আৰু ভুল পদ্ধতি নিম্ন পর্যায়ৰ শিক্ষা। আনহাতে, অন্তদর্শন পদ্ধতি উচ্চ পর্যায়ৰ শিক্ষা।

প্র :শিক্ষণৰ অন্তদর্শন পদ্ধতি ‘ৰ চাৰিটা শৈক্ষিক মূল্য উল্লেখ কৰা। (F-2020)
উ : শিক্ষণৰ অন্তদর্শন পদ্ধতি’ৰ চাৰিটা শৈক্ষিক মূল্য হল—
(১) এই পদ্ধতিয়ে ছাত্র-ছাত্রীৰ সুপ্ত অন্তর্নিহিত প্রতিভা বিকাশৰ সুযােগ দিয়ে।
(২) প্রতিভাশালীছাত্র-ছাত্ৰীসকলৰ প্রতিভা বিকাশৰ ক্ষেত্ৰত এই পদ্ধতি বিশেষ গুৰুত্বপূর্ণ।
(৩) উচ্চ শিক্ষাৰ ছাত্ৰ-ছাত্ৰীৰ বাবেও এই পদ্ধতি সহায়কাৰী।
(৪) এই পদ্ধতিয়ে ছাত্ৰৰ মনত স্বাধীন চিন্তা আৰু নিজ ক্রিয়া প্রচেষ্টা জগাই তুলিব পাৰে।

প্র : শিক্ষণৰ ফলাফল নীতিৰ শৈক্ষিক তাৎপর্য লিখা।
উ : শিক্ষাৰ ক্ষেত্ৰত এই নীতিৰ যথেষ্ট গুৰুত্ব আছে। কোনাে কামৰ ফলাফল যেতিয়া সন্তোষজনক হয় তেতিয়া পৰৱর্তী কার্যৰ বাবে মন আগ্রহী হয় আৰু আগতকৈও ভাল ফল দেখাবলৈ মন যায়। কিন্তু যদি ফলাফল সন্তোষজনক নহয় তেতিয়া মন হতাশ, অনিচ্ছা আদিৰে ভৰি পৰে। যেতিয়া সৰু সৰু ল’ৰা-ছােৱালীক কোনাে ভাল কামৰ বাবে পুৰস্কৃত কৰা হয় তেতিয়া সিহঁতৰ উৎসাহ বাঢ়ে আৰু তেনে কাম পুৰণ কৰিবলৈ আগ্রহী হয়। আনহাতে, যেতিয়া শাস্তি প্রয়ােগ কৰা হয় তেতিয়া তেনে কাম ভৱিষ্যতে নকৰিবলৈ সচেতন হয়। সেইবাবেই শিক্ষাৰ ক্ষেত্ৰত ফলাফলনীতিৰ গুৰুত্ব অতি গুৰুত্বপূর্ণ।

(পাঠটোৰ পৰা ২০১৯ বৰ্ষত অহা প্ৰশ্নসমূহ)

প্র : তলৰ প্ৰবাদ কেইটা কোন কেইটা শিকন নীতিৰ লগত জড়িত উল্লেখ কৰা।
উঃ অভ্যাসৰ নৰ, কর্ণপথে কৰে শৰ—অনুশীলন নীতি। কৃতকার্যতাই কৃতকার্যতাক আগুৱাই নিয়ে—ফলাফল নীতি।

প্র:  অন্তদৃষ্টিমূলক বা অন্তদর্শন শিক্ষণ কি? (F-2013/20)
উঃ অন্তদর্শন শিক্ষণ পদ্ধতি গেষ্টাল্ট বা সামগ্রীকতাবাদ তত্ত্বৰ ওপৰত প্রতিষ্ঠিত। সামগ্রীকতাবাদী মনােবিজ্ঞানী সকলৰ মতে শিক্ষা সামগ্রীকভাৱে সংঘটিত হয়। শিক্ষণ কার্যত শিকাৰুজনে গােটেই পৰিৱেশটো বুজিবলৈ যত্ন কৰিব লাগে, কিন্তু অংশ হিচাপে নহয়। যেতিয়া অংশবােৰৰ পাৰস্পৰিক সম্পর্ক জনা যায়, তেতিয়া সামগ্রীকভাৱে ই শিকাৰুৰ মনত আকস্মিকভাৱে নতুন পােহৰৰ চকমকনিৰ দৰে উদ্ভাসিত হয়। ফলস্বৰূপে ইয়াৰ জৰিয়তে শিকাৰুৱে যিকোনাে সমস্যাৰ সমাধান কৰিব পাৰে। সেইবাবে সামগ্রীকতাবাদী মনােবিদসকলৰ মতে শিক্ষণ অষ্টিৰ দ্বাৰাহে সম্ভৱ, প্রচেষ্টা আৰু ভুল পদ্ধতিৰ দ্বাৰা নহয়।

প্রঃ প্রচেষ্টা আৰু ভুল পদ্ধতিৰ শিক্ষণ কিদৰে সম্ভৱ হয়। (F-2016)
উঃ প্রচেষ্টা আৰু ভুল পদ্ধতিৰ দ্বাৰা শিক্ষণ সম্ভৱ হ’ব পাৰে। এই পদ্ধতিৰ সহায়ত শিক্ষণ যে সম্ভৱ হয় তাক প্ৰমাণ কৰিবলৈ থর্ণডাইকে এটা মেকুৰীৰ সৈতে প্রচেষ্টা আৰু ভূল পদ্ধতিৰ শিক্ষণৰ পৰীক্ষা সম্পন্ন কৰিছিল। তেওঁ এটা ভােকাতুৰ মেকুৰীক এটা কৌতুকপূর্ণ বাকচ বা পিঞ্জৰাত আবদ্ধ কৰি ৰাখিছিল। বাকচটোৰ বাহিৰত মেকুৰীটোৱে দেখাকৈ এথাল ভজা মাছ কিছু দূৰত থৈ দিছিল। বাকচটোৰ দুৱাৰখন এনে এটা উপায়েৰে বন্ধ কৰা হৈছিল যাতে এডাল ৰছী টনা গলেই দুৱাৰখন খােল খায়। ভােকাতুৰ মেকুৰীটোৱে ভজা মাছ দেখাৰ লগে লগে তাক খাবলৈ বিচাৰি বাকচটোৰ পৰা বাহিৰলৈ ওলাবলৈ বাৰে বাৰে চেষ্টা কৰিছিল। মেকুৰীটোৱে বহু সময় প্রচেষ্টা চলাই থাকোতে অৱশেষত ৰছীডাল টনাত দুৱাৰখন খােলা গৈছিল আৰু মেকুৰীটোৱে বাহিৰলৈ আহি মাছ খাবলৈ সক্ষম হৈছিল। এই প্রক্রিয়া কেইবাবাৰে মেকুৰীটোৰ লগত কৰা হৈছিল আৰু মেকুৰীটোৱে এনেদৰেই চেষ্টা চলাই গৈছিল।এনেদৰে প্ৰচেষ্টাৰ ফলত মেকুৰীটোৰ ভুলৰ সংখ্যা কমি আহিল আৰু শেষত এবাৰাে ভুল নকৰিলে। ওপৰৰ উদাহৰাটোৰ পৰা আমি বুজিব পাৰাে যে জীৱ-জন্তু আদিয়ে নতুন কিবা এটা শিকোতে প্রচেষ্টা আৰু ভুল পদ্ধতিৰ দ্বাৰাও শিকিব পাৰে। সেয়েহে প্রচেষ্টা আৰু ভুল পদ্ধতিৰ দ্বাৰা শিক্ষণ সম্ভৱ হৈ উঠিব পাৰে বুলি কব পাৰি।

প্রঃ শিক্ষণ আৰু পৰিপক্কতাৰ মাজত থকা পার্থক্য দেখুওৱা।  (F-2014/10)
উ : শিক্ষণ আৰু পৰিপক্কতাৰ মাজৰ পাৰ্থক্যসমূহ হৈছে–
(১) পৰিপক্কতা হৈছে বিকাশৰ স্বাভাৱিকৰূপত হােৱা দেহৰ এক অন্তবর্তী প্রক্রিয়া আনহাতে শিক্ষণ হৈছে ব্যক্তিয়ে পৰিৱেশন কৰা প্রতিক্রিয়াৰ পৰিণতি।
(২) পৰিপক্কতাত পুনৰাবৃত্তিৰ অপ্রয়ােজনীয় আনহাতে, শিক্ষণত পুনৰাবৃত্তিৰ অতিকৈ প্রয়ােজন, ই ভুলৰ পৰিমাণ নােহােৱা কৰে।
(৩) পৰিপক্কতাত অভিৰোচনৰ কোনাে প্ৰভাৱ নাই । আনহাতে, শিক্ষণত অভিৰোচনৰ গুৰুত্বপূৰ্ণ প্ৰভাৱ আছে।

HS 2nd Year Education Chapter 4 Question Answer In Assamese

(পাঠটোৰ পৰা ২০২০ বৰ্ষত অহা প্ৰশ্নসমূহ)

প্রঃ শিক্ষণৰ অনুশীলন নীতি’ৰ ভাগ দুটা লিখা।
উ : শিক্ষণৰ অনুশীলন নীতিৰ ভাগ দুটা হৈছে—
(১) ব্যৱহাৰৰ নীতি (২) অব্যৱহাৰৰ নীতি।

প্রঃ গেষ্টান্ট এটা জার্মান শব্দ, ইয়াৰ অৰ্থ হৈছে সমগ্র বা সম্পূর্ণ আকাৰ।

প্রঃ শিক্ষণৰ অনুবন্ধন পদ্ধতিৰ শৈক্ষিক তাৎপর্য সম্পর্কে আলােচনা কৰা। (F-2013/19)
উ: শিক্ষণৰ অনুবন্ধন পদ্ধতিৰ শৈক্ষিক তাৎপর্যসমূহ হ’ল—
(১) শান্তি আৰু পুৰস্কাৰ অনুবন্ধনৰ লগত নিবিড়ভাৱে জড়িত পুৰস্কাৰে বন্ধন শক্তিশালী আৰু শাস্তিয়ে দুর্বল কৰে। পুৰস্কাৰে কোনাে কাম ভালদৰে কৰিবলৈ শিক্ষার্থী উৎসাহিত কৰে।
(২) পৰিষ্কাৰ-পৰিচ্ছন্ন, নিয়মানুৱৰ্তিতা, অনুশাসন আদিৰ দৰে ভাল অভ্যাসবােৰ গঠন কৰিবৰ বাবে এই পদ্ধতি প্রয়ােজন।
(৩) পৰিৱেশৰ লগত সংগতি সাধন কৰিবলৈ হ’লেও এই পদ্ধতি উপযােগী।
(৪) এই পদ্ধতিৰ যােগেদি বেয়া অভ্যাসবােৰ ত্যাগ কৰিব পাৰি।
(৫) জীৱনৰ প্ৰাৰম্ভিক সময়ছােৱাত শুদ্ধ প্রশিক্ষণৰ বাবে ই গুৰুত্ব প্রদান কৰে।
(৬) অমুবন্ধনৰ জৰিয়তে ভাষাৰ বিকাশ সাধন কৰিব পাৰি।
(৭) ই ভাষাৰ অনুষংগ নীতি, বিশেষকৈ সান্নিধ্য নীতিৰ,ওপৰত গুৰুত্ব দিয়ে। যি স্মৰণত সহায়কাৰী।

লগতে পঢ়ক:   শিক্ষাৰ সাম্প্রতিক ধাৰাসমূহ Class 12 (প্রশ্নোত্তৰ) Education Chapter 3

প্রঃ শিক্ষণৰ চাৰিটা গুৰুত্বপূর্ণ বৈশিষ্ট্য লিখা। (F-2015)
উ : শিক্ষণৰ চাৰিটা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হৈছে—(১) আগ্রহ আৰু শিক্ষাৰ সম্পর্ক ঘনিষ্ঠ। আগ্রহ অবিহনে শিক্ষণ সম্ভৱ নহয়।
(২) শিক্ষণ উদ্দেশ্য প্রণােদিত নির্দিষ্ট লক্ষ্য-উদ্দেশ্যৰ দ্বাৰা পৰিচালিত। লক্ষ্য-উদ্দেশ্য অবিহনে শিক্ষণ সম্ভৱ নহয়।
(৩) শিক্ষণ মানেই কোনাে সমস্যাৰ সমাধান। আমি যেতিয়া কোনাে কাম শিকিবলগীয়া হয়, তেতিয়া কিছুমান সমস্যা আমাৰ আগত উদয় হয়। কামটো কৰাৰ পিছত সমস্যাৰ সমাধান হয়।
(৪) দেহ-মানসিক পৰিপক্কতাই শিক্ষণত দৰকাৰী ভূমিকা পালন কৰে। অধিক পৰিপক্কতাৰ ফলত শিক্ষণ ক্ষমতা অধিক হয়। অর্থাৎ বয়স বৃদ্ধিৰ লগে লগে শিকাৰ ক্ষমতাও বাঢ়ি যায়।

প্রঃ শিক্ষণৰ ব্যৱহাৰ আৰু অব্যৱহাৰৰ নীতি দুটা উল্লেখ কৰা।
উ: থাৰ্ণডাইকে শিক্ষণ নীতিক দুটা ভাগ কৰিছে ব্যৱহাৰ আৰু অব্যৱহাৰ নীতি। থর্ণডাইকৰ মতে, পৰিস্থিতি আৰু প্রতিক্রিয়াৰ মাজত সংশােধিত সম্বন্ধ স্থাপন হােৱাৰ সময়ত আনবােৰ অৱস্থা একে থাকিলে এই সংযােগৰ শক্তি বৃদ্ধি হয়। আনহাতে, থনডাইকৰ অব্যৱহাৰ নীতি মতে—স্বাভাৱিক উদ্দীপকৰ ঠাইত কেতিয়াবা অস্বাভাৱিক বা কৃত্রিম উদ্দীপক প্রদান কৰি স্বাভাৱিক উদ্দীপকৰ ক্ষেত্ৰত কৰা প্রতিক্রিয়া সৃষ্টি কৰিব পাৰি। সৰল ভাষাত ক’বলৈ হ’লে যেতিয়া কোনাে স্বাভাৱিক প্রতিক্রিয়া তাৰ স্বাভাৱিক উদ্দীপকৰ পৰিৱর্তে আন কোনাে কৃত্রিম উদ্দীপকৰ লগত সংযুক্ত বা অনুবন্ধিত হয়, তেতিয়া শিক্ষণ সংঘটিত হয়। পৰিস্থিতি আৰু প্ৰতিক্ৰিয়াৰ মাজৰ সংশােধিত সম্বন্ধ দীর্ঘ সময় ধৰি স্থাপন কৰা নহয়, তেতিয়া সেই সংযােগৰ শক্তি কমি যায়। অর্থাৎ অনুশীলন চলি থাকিলে শিক্ষণ অভিজ্ঞতা শক্তিশালী আৰু সজীৱ হৈ থাকে আৰু অনুশীলন এৰি দিলে শিক্ষণাে দুর্বল হৈ পৰে।

শিক্ষণ Class 12

খালী ঠাই পূৰণ কৰা ।
প্রঃ কৃত্রিম উদ্দীপকৰ সহায়ত সৃষ্টি কৰা স্বাভাৱিক প্রতিক্রিয়া অনুবন্ধনবাদ বােলে। (F-2012)
প্রঃ পেছাগতভাৱে পেভলভ আছিল এজন শৰীৰতত্ত্ববিদ
প্র: শিক্ষণ হ’ল অভিজ্ঞতাৰ আয়ত্তকৰণ।
প্র: প্রচেষ্টা আৰু ভুল শিক্ষা পদ্ধতিৰ মূল হৈছে পুনৰাবৃত্তি
প্র: গেষ্টান্ট স্কুল অৱ চাইক’লজীৰ প্ৰতিষ্ঠাপক আছিল কহলাৰ
প্র : পৰিপক্কতা সংঘটিত হয় দৈহিক আৰু মানসিক বিকাশৰ কাৰণে।
প্র : শিক্ষণৰ প্ৰচেষ্টা আৰু ভুল পদ্ধতি সংযােগবাদ তত্ত্বৰ লগত জড়িত।
প্রঃ কহলাৰে সর্বাধিক পৰীক্ষা-নিৰীক্ষা চলােৱা জন্তুবিধ আছিল চুলটান নামৰ চিম্পাঞ্জী
প্রঃ: ‘অভিজ্ঞতা আৰু প্ৰশিক্ষণৰ যােগেদি হােৱা আচৰণ সংশােধনৰ কাৰ্যই হল শিক্ষণ’ এই মতামতৰ লগত জড়িত ব্যক্তিগৰাকীৰ নাম গেইট
প্রঃ অন্তদর্শন হৈছে সামগ্রিক অৱস্থাৰ প্ৰতি সজাগতা।
প্র: আইভান পেভলভ অনুবন্ধন তত্ত্বৰ প্ৰৱর্তক আছিল।

প্র: শিক্ষণৰ গোন্ট’ (সমগ্রতাবাদ) তত্বৰ দুজন সমর্থনকাৰীৰ নাম লিখা। (F-2012)
উ: কহলাৰ আৰু কাফকা।

প্র : শিক্ষণৰ মুখ্যনীতি কেইটা কি কি? (F-2012)
উ : (১) প্রস্তুতি নীতি (২) ফলাফলৰ নীতি। (৩) অনুশীলনৰ নীতি।

প্র : পৰিপক্কতাৰ দুটা বৈশিষ্ট্য লিখা।
উঃ পৰিপক্কতাৰ দুটা বৈশিষ্ট্য হল— (১) পৰিপক্কতা হৈছে বিকাশৰ স্বাভাৱিকৰূপত সংঘটিত হােৱা দেহৰ এটা অস্তৱর্তী প্রক্রিয়া।
(২) পৰিপক্কতাৰ দ্বাৰা ব্যক্তিৰ দৈহিক বিকাশতাৰ নিজস্ব ৰূপত আৰু স্বাভাৱিক গতিত সংঘটিত হয়।

প্রঃ’ পুনৰাবৃত্তি স্মৰণ কাৰ্যৰ এক আৱশ্যক চর্ত’—ব্যাখ্যা কৰা (F- 2013)
উঃ পুনৰাবৃত্তি স্মৰণ কাৰ্যৰ এক আৱশ্যক চর্ত। সেয়েহে যিকোনাে শিক্ষণ বা অনুশীলনৰ পাছত যদি পুনৰাবৃত্তি কৰা নহয় তেতিয়া সেই অনুশীলন পাহৰি যােৱা হয়। কিয়নাে যেতিয়ালৈকে অনুশীলন চলি থাকে তেতিয়ালৈকে ই শক্তিশালী আৰু সজীৱ হৈ থাকে। সেয়েহে পুনৰাবৃত্তি স্মৰণ কাৰ্যৰ এক আৱশ্যকীয় চর্ত বুলি কোৱা হয়।

প্র : থর্ণডাইকৰ মতে শিক্ষা হ’ল উদ্দীপক আৰু প্রতিক্রিয়াৰ মাজত বন্ধন। (F- 2014)

প্রঃ অতি শিক্ষণ আৰু পুনঃশিক্ষণৰ মাজত পার্থক্য দেখুওৱা। (F-2014)
উ : কোনাে এটা বিষয়ৰ শিক্ষা লাভ কৰােতে যদিহে প্রয়ােজনীয় চেষ্টাতকৈ অধিক চেষ্টা কৰিবলগীয়া হয়, তাকে অতিশিক্ষণ বােলে। এই অতিশিক্ষণে শিক্ষণ প্রক্রিয়াক ধনাত্মকভাৱে সহায় কৰে। পুনঃশিক্ষণ পদ্ধতিত শিকাৰুৱে নিজৰ প্রয়ােজন `অনুযায়ী নিজৰ শিক্ষণ সময় কিছুসময়ৰ বাবে স্থগিত ৰাখিব পাৰে। ফলত তেওঁৰ দেহ-মনত নতুন শক্তিৰ উদয় হয় আৰু পুনৰ নতুন উদ্যমেৰে শিক্ষা আহৰণ কৰিব পাৰে। কিয়নাে এই শিক্ষণৰ বাবে দৈহিক আৰু মানসিক সতেজতাৰ প্রয়ােজন।

প্রঃ এটা উপযুক্ত উদাহৰণৰ সহায়ত শিক্ষণৰ ধাৰণাটো ব্যাখ্যা কৰা।
উ: শিক্ষণ হৈছে এনে এটা প্রক্রিয়া যাৰ সহায়ত আমি কোনাে কামত কৌশল বা দক্ষতা আয়ত্ব কৰিব পাৰাে। ই মানৱ জীৱনৰ শৈশৱকালৰ পৰা আৰম্ভ হৈ মৃত্যু পর্যন্ত অহৰহ চলি থাকে। এটি শিশুৱে জন্ম গ্রহণ কৰাৰ পিছতেই শিশুটিয়ে স্বাভাৱিক জীৱনৰ লগত খাপ খাবলৈ অসুবিধা পায়। খােৱাৰ বাবে, গা ধােৱাৰ বাবে, কাপােৰ পিন্ধিবৰ বাবে সকলাে সময়তে সি বিষেশকৈ মাকৰ ওপৰত নিৰ্ভৰশীল হ’ব লগা হয়। এটা নির্দিষ্ট সময়ৰ পিছৰ পৰা শিশুৱে এইবােৰ কার্য কৰিব পৰা হয়। এয়াই হৈছে শিক্ষণ। এইদৰে শিক্ষণ জন্মৰ লগে লগে আৰম্ভ হৈ মৃত্যু পর্যন্ত চলি থাকে।

প্রঃ “শিক্ষণ হল এক বিকাশশীল প্রক্রিয়া”- ব্যাখ্যা
উঃ অভিজ্ঞতাৰ যােগেদি প্রতিক্ৰিয়া বা আচৰণ বা পৰিৱৰ্তন বা পৰিশােধন কৰাই হৈছে শিক্ষণ। সকলাে জীৱিত প্ৰণীৰ কিছুমান জন্মগত প্রবৃত্তি থাকে। মানুহ আৰু আন জীৱই পৰিৱেশৰ প্রতি প্রতিক্রিয়া প্রদর্শন কৰে।মানুহৰ প্ৰবৃত্তিবিলাক বৰ শক্তিশালী, আনহাতে জন্মগত প্রবৃত্তি বিলাকত অমার্জিত বা অপৰিৱর্তিত
আচৰণ নিহিত হৈ থাকে। মানুহৰ বুদ্ধি অন্যপ্রাণীতকৈ বেছি। সেই বাবে আমি আমাৰ অমার্জিত বা অপৰিশােধিত প্রতিক্রিয়া বা আচৰণবােৰ পৰিৱৰ্তন কৰি উন্নত কৰিবলৈ কিছুমান কৌশল বা ক্ষমতা অর্জন কৰিবলগীয়া হয়। যেতিয়া আমি বিভিন্ন পৰিৱেশৰ লগত সমযােজন কৰিবলগীয়া হয়, তেতিয়া যথেষ্ট জ্ঞান আৰু অভিজ্ঞতা লাভ কৰে। যিবােৰে আমাৰ প্রকৃতি সলনি কৰে আৰু অমার্জিত সহজাত প্রতিক্রিয়া বা আচৰণ পৰিশােধিত কৰে। সেই বাবে আমি ক’ব পাৰাে যে, অভিজ্ঞতাৰ যােগেদি প্রতিক্রিয়া বা আচৰণৰ পৰিৱর্তনকৰাই হৈছে শিক্ষণ।

লগতে পঢ়ক:   অগতানুগতিক শিক্ষা Class 12 (প্রশ্নোত্তৰ) Education Chapter 2

Class 12 Education Assamese Chapter 4

প্র : শিক্ষণৰ মুখ্যনীতি কেইটা কি কি বুজাই লিখা? (F-2012)
উঃ শিক্ষণৰ মুখ্য নীতি তিনিটা। নীতি তিনিটা হৈছে-
(১) প্রস্তুতি নীতি (২) ফলাফলৰ নীতি আৰু (৩) অনুশীলনৰ নীতি।

(১) প্রস্তুতিৰ নীতি : শিক্ষাৰ ক্ষেত্ৰত এই নীতিৰ বিশেষ গুৰুত্ব আছে। কাৰণ ছাত্ৰৰ যদি শিক্ষা লাভৰ কাৰণে মানসিক প্রস্তুতি নাথাকে তেন্তে সি সেই শিক্ষাৰপৰা কোনাে সুফল নাপায়। গতিকে শ্ৰেণীত শিক্ষাদান কৰােতে শিক্ষকসকলে শিক্ষার্থীৰ মনৰ প্ৰস্তুতিৰ কাৰণে যত্ন কৰিব লাগে। শিকাবলগীয়া পাঠটিৰ প্রতি ছাত্রক আকর্ষিত কৰিব পাৰিলেই সিহঁতৰ মন। শ্ৰেণীত পাঠ গ্রহণৰ বাবে প্রস্তুত হ’ব। উদাহৰণস্বৰূপে- ক’ব পাৰি যে যেতিয়া এজন‌ ছাত্ৰই প্ৰশ্নৰ উত্তৰ শুদ্ধকৈ কৰিব পাৰে, তেতিয়া সি বেছিকৈ কৰিবলৈ উৎসাহিত হ’ব। যদি সি বাৰে বাৰে ব্যর্থ হয় তেতিয়া বেছিকৈ কৰিবলৈ উৎসাহিত নহ’ব।

(২) ফলাফলৰ নীতি: এই নীতিৰ মতে, শিক্ষণ ফলাফলৰ‌ ওপৰত নিৰ্ভৰ কৰে। যদিহে কোনাে কাৰ্যৰ ফলাফল ভাল হয় তেতিয়া হ’লে শিক্ষার্থীয়ে পুনৰ সেই কাম কৰিবলৈ উৎসাহিত হােৱা দেখা যায়। আনহাতে, যদিহে কাৰ্যটোৰ ফলাফল আশাপ্রদ নহয় তেতিয়া শিক্ষার্থীয়ে সেই কার্য কৰিবলৈ নিৰুৎসাহিত হয়। সেইবাবে পুৰস্কাৰ আৰু স্বীকৃতি বা প্রশংসাই শিক্ষণৰ বাবে শিক্ষার্থীক উৎসাহিত কৰে। প্ৰাপ্য পুৰস্কাৰ বা স্বীকৃতি ভাল কাৰ্যৰ বাবে দিব লাগে যাতে শিক্ষার্থীয়ে আগবাঢ়ি যাবলৈ উৎসাহিত হয়। শাস্তি দিয়া নীতি যথাসম্ভৱ পৰি ত্যাগ কৰিব লাগে। কাৰণ শাস্তিয়ে ঋণাত্মক ফলৰ সৃষ্টি কৰে। শিক্ষাৰ এই নীতিক সন্তুষ্টি আৰু অসন্তুষ্টিৰ নীতি বা আনন্দ আৰু বেদনাৰ নীতিও বােলা হয়।

(৩) অনুশীলন নীতি : এই নীতিয়ে বিশ্বাস কৰে যে শিক্ষণৰ বাবে অনুশীলনৰ প্রয়ােজন। এই নীতিৰ মতে যদিহে অনুশীলন চলি থাকে শিক্ষণ প্রক্রিয়াও শক্তিশালী হয়। আনহাতে, অনুশীলন বা চর্চা এৰি দিলে শিক্ষণ প্রক্রিয়া দুর্বল হৈ পৰে। উদাহৰণস্বৰূপে সাঁতােৰা, গাড়ী চলােৱা, কাপােৰ বােৱা ইত্যাদি কাম বহুতদিন নকৰিলে পাহৰি যােৱা যায় আৰু চর্চা থাকিলে সহজে কৰিব পৰা দক্ষতা থাকে। শিক্ষাক্ষেত্ৰত এইদৰে দেখা যায় যে এটা কাম শিকি তাৰ চৰ্চা কৰা বা পুনঃপুনঃ অনুশীলন কৰাৰ অত্যন্ত প্রয়ােজন। কথাতে কয় বােলে ঘঁহি থাকিলে শিলাে ক্ষয় যায়। শিক্ষকসকলে এই সূত্র মনত ৰাখি এবাৰ পঢ়োৱা পাঠ পুনৰাবৃত্তি কৰাব লাগে যাতে অভ্যাসৰ কাৰণে শিক্ষার্থীয়ে শিকা কথা পাহৰি নাযায়।

প্রঃ শিক্ষণৰ অন্তদর্শন পদ্ধতিৰ ওপৰত ক’হলাৰে কৰা পৰীক্ষাটো বর্ণনা কৰা। (F-2012)
উঃ অন্তদর্শন শিক্ষণ পদ্ধতিটো সামগ্রিকতাবাদ তত্ত্বৰ ওপৰত প্রতিষ্ঠিত। সামগ্রিকতা বাদীসকলৰ মতে সামগ্রিকভাবে শিক্ষণ সংঘটিত হয়। ইয়াত শিক্ষার্থীয়ে শিক্ষণীয় বিষয়বস্তু আংশিকতকৈ সামগ্রিকভাৱেহে বুজিবলৈ চেষ্টা চলায়। শিকিবলগা অংশবােৰৰ পাৰম্পৰিক সংযােগ জানি লােৱাৰ পিছত সামগ্রিক প্রতিচ্ছবি এখন ছাত্র-ছাত্রীৰ মনত প্ৰতিফলিত হ’ব। এই শিক্ষণত ছাত্র-ছাত্রীৰ অন্তৰ্দৃষ্টিৰ প্রয়ােজন। ক’হলাৰ নামৰ মনােবিজ্ঞানীজনে চুলটান নামৰ বুধিয়ক চিম্পাঞ্জীৰ লগত এটা পৰীক্ষা চলাইছিল। তেওঁ চুলটানক এটা পিঞ্জৰাত আবদ্ধ কৰি ৰাখি বাহিৰত কিছুমান কল ৰাখিছিল। পিঞ্জৰাটোৰ ভিতৰত দুডাল সৰু লাঠীও তেওঁ ৰাখিছিল। চিম্পাঞ্জীটোৱে কলবােৰ দেখা মাত্রকে খাবলৈ ইচ্ছা কৰিছিল আৰু দুয়ােখন হাত বাহিৰলৈ মেলি,কলখিনি পাবলৈ চেষ্টা কৰিছিল। অৱশ্যে সি কল খাবলৈ সক্ষম হােৱা নাছিল। কিছু সময়ৰ পাছত লাঠী দুডাল দেখা পাই সেই দুডালেৰে কলখিনি অনাৰ চেষ্টা কৰিছিল যদিও সি ঢুকি পােৱা নাছিল। অলপ সময়ৰ পিছত হঠাৎ তাৰ মনত খেলালে যে লাঠী দুডালৰ এডালৰ এটা মূৰ আনডাল লাঠীৰ লগত জোৰা দি দীঘল কৰিব পাৰি। পিছত সি ভবামতে লাঠী দুডাল জোৰা লগাই দীঘল কৰিছিল আৰু কলখিনিও ঢুকি পাই ছিল। অর্থাৎ চুলটানে অন্তদর্শনৰ যােগেদি সমস্যা সমাধান সহজে কৰিবলৈ সক্ষম হৈছিল।

শিক্ষণ Class 12

প্র : শিক্ষণত পুৰস্কাৰ আৰু শাক্তিৰ ভূমিকা আলােচনা কৰা। (F-2013)
উ : শিক্ষণত পুৰস্কাৰ আৰু শাস্তিৰ যথেষ্ট ভূমিকা আছে। সাধাৰণতে শিক্ষার্থীৰ অভিৰোচনৰ বাবে এই উপায় অৱলম্বন কৰা হয়। শিক্ষকৰ এষাৰি প্রশংসাসূচক বাক্যই ছাত্র-ছাত্রীক উৎসাহিত কৰিব পাৰে। আনহাতে, শিক্ষার্থীয়ে বেয়া কাম কৰাৰ বাবে শাস্তি প্রদান কৰিলে ভৱিষ্যতে সেই শিক্ষার্থীয়ে‌ বেয়া কাম কৰাৰ ভয় নাথাকে। কিন্তু যদিহে এই দুয়ােটাৰে প্রয়ােগ অতিবেছি হয় তেন্তে উদ্দেশ্যৰ ক্ষতিসাধন হােৱাৰহে ভয় থাকে। ওপৰৰ আলােচনাৰ পৰা আমি ক’ব পাৰে যে শিক্ষণত শাস্তি আৰু পুৰস্কাৰ নীতিয়ে গুৰুত্বপূর্ণ ভূমিকা পালন‌ কৰে। সাধাৰণতে নিৰানন্দৰ বিষয় বা কথাবােৰতকৈ আমােদজনক বিষয় বা কথাবােৰ ছাত্ৰ-ছাত্ৰীৰ বেছি মনত থাকে। শিক্ষকে শ্ৰেণীত সদায় আনন্দমুখৰ পৰিৱেশ এটি সৃষ্টি কৰিবলৈ যত্ন কৰিব লাগে।

প্রঃ শিক্ষণ পদ্ধতিৰ লগত জড়িত শিক্ষণৰ চৰ্তসমূহ ব্যাখ্যা কৰা।
উ : শিক্ষণ পদ্ধতিৰ লগত জড়িত শিক্ষণৰ চৰ্তসমূহ হ’ল-

(১) দৈহিক উপযুক্ততা দেহৰ অংগ-প্রত্যংগৰ স্বাভাৱিকতা, স্নায়ৱিক সক্রিয়তা, গ্রহনেন্দ্রিয়বােৰৰ গ্ৰহণ ক্ষমতা, মস্তিষ্কৰ ক্রিয়া ক্ষমতা, দেহযন্ত্ৰৰ ৰােগমুক্ততা আদি অৱস্থাই শিক্ষণ কার্যক প্ৰভাৱিত কৰে।

(২) ক্লান্তি আৰু অৱসাদযুক্ততা : দৈহিকভাৱে সুস্থ হােৱাৰ‌ লগতে শিক্ষণৰ আন এক চৰ্ত হৈছে ক্লান্তিহীনতা বা অৱসাদ মুক্ততা। শিক্ষণৰ বাবে দৈহিক আৰু মানসিক সতেজতাৰ প্রয়ােজন।

(৩) অনুশীলন: অনুশীলনে শিক্ষণ স্থায়ীৰূপ প্রদান কৰে। সেইবাবে অনুশীলন শিক্ষণৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ চর্ত।

(৪) লক্ষ্য-সচেতনতা : লক্ষ্যহীনভাৱে গ্ৰহণ কৰা শিক্ষণতকৈ লক্ষ্য-সচেতনতাৰে গ্ৰহণ কৰা শিক্ষণৰ পৰিণতি অধিক ফলপ্রসু।
(৫) আগ্রহ আৰু অভিৰোচন : শিক্ষণৰ ক্ষেত্ৰত ব্যক্তিৰ আগ্রহ আৰু অভিৰোচনে শিক্ষণৰ বাবে উপযুক্ত মানসিক প্রস্তুতিৰ সৃষ্টি কৰে। এই প্রস্তুতিয়ে শিক্ষক সফল কৰাত সহায় কৰে।
(৬) কৃতকার্যতা-অকৃতকার্যতাৰ জ্ঞান : শিক্ষণ প্রচেষ্টাৰ ভাল-বেয়া পৰিণতিয়ে পৰৱর্তী প্রচেষ্টাক প্ৰভাৱিত কৰে।
(৭) অর্থপূর্ণ বিষয়বস্তু :শিক্ষণীয় বিষয়বস্তু অর্থপূর্ণ হলে, ইয়াক সহজে শিকিব পাৰি।
(৮) বিষয়বস্তুৰ জটিলতা : বিষয়বস্তুৰ জটিলতাৰ মাত্ৰাৰ দ্বাৰাও শিক্ষণ কার্যৰ সফলতা নির্ধাৰিত হয়। উপৰােক্ত চর্তসমূহ শিক্ষণ পদ্ধতি প্রযােজ্য
হ’লেহে শিক্ষণ কার্য ফলপ্রসু হব।

প্রঃ প্রচেষ্টা আৰু ভুল’ আৰু অন্তদৃষ্টিমূলক শিক্ষণৰ মাজৰ পার্থক্য দেখুওৱা। (F-2015/18/14)
উঃ (১) প্রচেষ্টা আৰু ভুল পদ্ধতি থর্ণডাইকৰ সংযােগবাদ তত্ত্বৰ ওপৰত প্ৰতিষ্ঠিত; আনহাতে অন্তদর্শন শিক্ষণ পদ্ধতি গেষ্টাল্ট বা সামগ্রীকতাবাদ তত্ত্বৰ ওপৰত প্রতিষ্ঠিত।

(২) প্রচেষ্টা আৰু শিক্ষা ব্যৱহাৰিক জ্ঞানৰ জৰিয়তে হােৱাৰ দৰে অস্তদর্শনত ব্যৱহাৰিক জ্ঞানৰ কোনাে প্ৰভাৱ নাই। এই শিক্ষণ তাৎক্ষণিকভাৱে সংঘটিত হয়।

(৩) প্রচেষ্টা আৰু ভুল শিক্ষণত বেছি বৌদ্ধিক ক্ষমতা প্রয়ােজন নাই কিন্তু অন্তদৰ্শন বা অন্তদৃষ্টিমূলক শিক্ষাত বৌদ্ধিক ক্ষমতা প্রয়ােজন।
(৪) অন্তদৃষ্টিমূলক শিক্ষাত পর্যবেক্ষণ ক্ষমতা আৰু অনুভৱ শক্তিৰ গুৰুত্ব থকাৰ দৰে এইবােৰৰ গুৰুত্ব প্রচেষ্টা আৰু ভুল শিক্ষণত নাই।

Leave a Comment

Your email address will not be published. Required fields are marked *


Scroll to Top