স্বাধীনােত্তৰ কালৰ ভাৰতবৰ্ষ আৰু অসমৰ মাধ্যমিক শিক্ষা দ্বাদশ শ্ৰেণী

বিষয়  শিক্ষা 2nd Year
পাঠৰ নাম স্বাধীনােত্তৰ কালৰ ভাৰতবৰ্ষ আৰু অসমৰ মাধ্যমিক শিক্ষা
শ্ৰেণী  দ্বাদশ শ্ৰেণী
উপলব্ধ প্ৰশ্নৰ উত্তৰ
পাঠৰ নং অধ্যায় 1
পাঠ্যক্ৰম  অসম মাধ্যমিক শিক্ষা পৰিষদৰ (AHSEC)

স্বাধীনােত্তৰ কালৰ ভাৰতবৰ্ষ আৰু অসমৰ মাধ্যমিক শিক্ষা

(পাঠটোৰ পৰা ২০১৫ বৰ্ষত অহা প্ৰশ্নসমূহ)

প্রঃ অসম উচ্চতৰ মাধ্যমিক শিক্ষা সাংসদ ১৯৮৪ চনত স্থাপন কৰা হয়। খালী ঠাই পূৰণ কৰা:

প্রঃ ECCE বুলিলে কি বুজা? (2017/18)
উত্তৰ: ECCE অৰ্থাৎ Early Childhood Care and Education বুলিলে আগতীয়া বাল্যকালৰ তত্ত্বাৱধান আৰু শিক্ষাক বুজায়। ৰাষ্ট্ৰীয় শিক্ষানীতিত কণ কণ শিশুসকলৰবিকাশৰ ওপৰত গুৰুত্ব দিয়া হয়। শিশুসকলে যাতেআনন্দমুখৰ পৰিৱেশৰ মাজত বিকাশ লাভ কৰিব পাৰে তাৰ ব্যৱস্থা লােৱা হয় বাবে ইয়াত সুষম স্বাস্থ্যসম্মত খাদ্যৰ যােগান দিয়াৰ লগতে সামাজিক, মানসিক আৰু শাৰীৰিক দিশৰ ওপৰত গুৰুত্ব প্রদান কৰাৰ প্রয়ােজন হয়।

প্র : অসমৰ মাধ্যমিক শিক্ষাৰ সমস্যাসমূহ সমাধানৰ বাবে চাৰিটা পৰামৰ্শ আগবঢ়োৱা।
উত্তৰ: অসমৰ মাধ্যমিক শিক্ষাৰ সমস্যাসমূহ সমাধানৰ বাবে চাৰিটা পৰামর্শ তলত উল্লেখ কৰা হল-
(১) শিক্ষাৰ গুণগত মানদণ্ড উন্নত কৰাৰ বাবে বৈষম্যমূলক শিক্ষা ব্যৱস্থা আঁতৰ কৰিব লাগিব।
(২) প্রশিক্ষণ প্রাপ্ত শিক্ষক নিযুক্তি দিব লাগে।
(৩) মাধ্যমিক শিক্ষাৰ পাঠ্যক্রম প্রায়ােগিক বিধৰ কৰি তােলা।
(৪) মাধ্যমিক শিক্ষা বৃত্তিমূলক বিষয় অন্তর্ভুক্ত কৰিব লাগে।

প্রঃ কোঠাৰী আয়োগৰ পৰামর্শ অনুযায়ী ‘কর্ম-অভিজ্ঞতা’ কি?
উ : কোঠাৰী আয়ােগে শিক্ষাৰ গাঁথনি ১০+২+৩ ৰ ভিত্তিত হােৱাটোৰ ওপৰত বিশেষ গুৰুত্ব প্রদান কৰিছে। কোঠাৰী আয়ােগে মত পােষণ কৰিছিল যে কর্ম অভিজ্ঞতা আমাৰ সাধাৰণ আৰু বৃত্তিমূলক সকলােবােৰ বিষয়ৰ শিক্ষাৰ অংশ হােৱা উচিত। কর্ম অভিজ্ঞতা প্রৱর্তনে আধুনিক শিক্ষাত থকা কর্ম বিমুখিতাৰ দুৰ্বল আঁতৰাব পাৰে।

দ্বাদশ শ্ৰেণীৰ শিক্ষা অধ্যায় 1

(পাঠটোৰ পৰা ২০১৬ বৰ্ষত অহা প্ৰশ্নসমূহ)

প্রঃ বর্তমান ভাৰতৰ ভাগ্য শ্রেণীকক্ষসমূহত গঢ় লয় এই মন্তব্যটো কোঠাৰী আয়ােগে আগবঢ়াইছিল। খালী ঠাই পূৰণ কৰা:

প্রঃ ছাত্ৰসকলৰ মাজত নেতৃত্ব গুণৰ বিকাশৰ বাবে মুডালিয়াৰ আয়ােগে আগবঢ়োৱা দুটা পৰামর্শ উল্লেখ কৰা। (2013)
উঃ পৰামৰ্শ দুটা হৈছে— (১) মাধ্যমিক শিক্ষাত অনুশাসনৰ প্রশিক্ষণ আৰু (২) নেতৃত্বৰ প্রশিক্ষণ থাকিব লাগে। গতিকে মাধ্যমিক শিক্ষাত সাহিত্য কলা, ৰাজনীতি, বাণিজ্য আদিৰ ক্ষেত্ৰত নেতৃত্বৰ যােগান ধৰিব পৰা শিক্ষা ব্যৱস্থা হ’ব লাগিব।

প্রঃ ‘জাতীয় শিক্ষা ব্যৱস্থা’ বুলিলে কি বুজা?
উঃ জাতীয় শিক্ষা ব্যৱস্থা বুলিলে সমূহীয়া শিক্ষা সংগঠন আৰু সকলােৰে বাবে সমান শিক্ষাক বুজায়।

প্রঃ কোঠাৰী আয়ােগৰ পৰামর্শ অনুযায়ী মাধ্যমিক শিক্ষাৰ গাঁথনিটো লিখা।
উঃ (১) ৫ বছৰীয়া মাধ্যমিক শিক্ষা (২) ৩ বছৰীয়া নিম্ন মাধ্যমিক শিক্ষা (৩) ৩ বছৰীয়া উচ্চ মাধ্যমিক শিক্ষা।

প্র : মুড়ালিয়াৰ আয়ােগৰ পৰামর্শ অনুযায়ী অসমৰ মাধ্যমিক শিক্ষাৰ ক্ষেত্ৰত সংঘটিত হােৱা দুটা পৰিৱৰ্তন উল্লেখ কৰা।
উঃ পৰিৱৰ্তন দুটা হৈছে- (১) বহুমুখী বিদ্যালয়ৰ প্রতিষ্ঠা। (২) অসম মাধ্যমিক শিক্ষা আইন বলৱৎ।

প্র : উৎপাদনশীলতা আৰু শিক্ষক সম্পর্কযুক্ত কৰিবৰ বাবে কোঠাৰী আয়ােগৰ পৰামর্শসমূহ কি আছিল?
উ : উৎপাদনশীলতা আৰু শিক্ষক সম্পর্কযুক্ত কৰিবৰ বাবে কোঠাৰী আয়ােগৰ পৰামর্শসমূহ হৈছে—
(১) বিজ্ঞানভিত্তিক শিক্ষাঃ দৈনিক ব্যৱহাৰ কৰা সামগ্ৰীসমূহ বিজ্ঞানৰ আৱিষ্কাৰ। শিক্ষাৰ ক্ষেত্ৰত বিজ্ঞান শিক্ষা অতি আৱশ্যকীয়। বিজ্ঞান শিক্ষাই ছাত্র ছাত্রীক আগুৱাই নিয়াৰ লগতে সমাজখনকো উন্নতিৰ পথত আগুৱাই লৈ যাব পাৰে।

(২) বৃত্তিমুখীকৰণ : বৃত্তিমুখী শিক্ষা এটা নির্দিষ্ট শাখা হিচাপে পৰিগণিত হ’ব আৰু শিক্ষার্থীসকলক নির্দিষ্ট পেচাৰ। বাবে প্রস্তুত কৰি তােলা হ’ব। বৃত্তমুখী শিক্ষাৰ অনুষ্ঠানসমূহ স্থাপন কৰাৰ দায়িত্ব চৰকাৰৰ ওপৰত থাকিব।

(৩) কর্ম অভিজ্ঞতা : কোঠাৰী আয়ােগে বৃত্তিমূলক শিক্ষা সম্প্ৰসাৰণত গুৰুত্ব আৰােপ কৰি কৰ্ম অভিজ্ঞতাৰ’ মাধ্যমত শিক্ষাক বিজ্ঞানসন্মত কৰি তােলাৰ কথা কৈছিল। কর্ম অভিজ্ঞতা আমাৰ সাধাৰণ আৰু বৃত্তিমূলক সকলােবিলা বিষয়ৰ শিক্ষাৰ অংশ হ’ব লাগে।

(৪) বিজ্ঞান আৰু কাৰিকৰী শিক্ষাৰ উন্নতি সাধন : কাৰিকৰী আৰু ব্যৱস্থাপনা শিক্ষাৰ ধাৰা যদিও দুটা পৃথক ধাৰণা, ইয়াৰ মাজত পৰস্পৰ সম্পর্ক আছে। কাৰিকৰী শিক্ষা আৰু ব্যৱস্থাপনা শিক্ষা ব্যৱস্থাৰ পুনৰগঠন কৰা হ’ব লগতে অর্থনৈতিক, সামাজিক পৰিৱেশ, উৎপাদন আৰু পৰিচালন প্রক্রিয়া আদিৰ বিকাশ সাধন কৰিব লাগিব। আধুনিক আহিলা হিচাপে কম্পিউটাৰৰ ব্যৱহাৰ প্রশিক্ষণ বিস্তৃতভাৱে বিদ্যালয় পর্যায়ৰ পৰা দিয়াৰ ব্যৱস্থা কৰা হ’ব। বিকাশৰ বাবে হোৱা গৱেষণাই বর্তমান প্রযুক্তিবিদ্যাৰ বিকাশ, উৎপাদন বৃদ্ধি আৰু থলুৱা বিকাশত সহায় কৰিব লাগিব।

প্রঃ ১৯৫২-৫৩ চনৰ মুডালিয়াৰ আয়ােগে আঙুলিয়াই দিয়া অনুসৰি ভাৰতৰ মাধ্যমিক শিক্ষাৰ চাৰিটা আসোঁৱাই উল্লেখ কৰা।
উ: মুডালিয়াৰ আয়ােগৰ মতে মাধ্যমিক শিক্ষাৰ চাৰিটা আসোঁৱাহ হ’ল- (১) আমাৰ বৰ্তমানৰ মাধ্যমিক শিক্ষা বাস্তৱ জীৱনৰ লগত জড়িত নহয়। এই শিক্ষা যান্ত্রিক, একমুখী, পুথিগত আৰু পৰিৱর্তনৰ দিশলৈ মনােযােগ নিদিয়া এক গতানুগতিক শিক্ষা ব্যৱস্থা।

(২) বৰ্তমানৰ মাধ্যমিক শিক্ষা ঠেক গণ্ডীৰ আৰু এক পক্ষীয় হােৱাৰ কাৰণে সমতা প্রায় লােপ পাইছে। এনে পৰিস্থিতিত প্রকৃত ব্যক্তিত্বৰ গঠন সম্ভৱ নহয়।
(৩) শ্রেণীসমূহত ছাত্র-ছাত্রীৰ সংখ্যা প্রয়ােজনকৈ অধিক হােৱা বাবে শিক্ষক আৰু ছাত্ৰৰ মাজৰ পাৰস্পৰিক নিবিড় সম্বন্ধ ৰক্ষা কৰাত কঠিন হৈ পৰিছে। ইয়াৰ ফলস্বৰূপে, ছাত্র-ছাত্রীৰ চাৰিত্রিক সবলতা, কর্তব্যনিষ্ঠা আদি গুণৰ বিকাশৰ ক্ষেত্ৰত শিক্ষকৰ প্ৰভাৱ কমি আহিছে।
(৪) মাধ্যমিক শিক্ষাত পৰীক্ষাৰ হেঁচা বৰ বেছি আৰু পৰীক্ষা ব্যৱস্থাও ত্রুটিপূর্ণ। এনে পৰীক্ষাই ছাত্ৰ-ছাত্ৰীৰ প্রকৃত জ্ঞানৰ মূল্যায়ন কত বিফল হৈছে।

স্বাধীনােত্তৰ কালৰ ভাৰতবৰ্ষ আৰু অসমৰ মাধ্যমিক শিক্ষা

(পাঠটোৰ পৰা ২০১৭ বৰ্ষত অহা প্ৰশ্নসমূহ)

প্ৰঃ অসমৰ প্ৰথমখন মাধ্যমিক স্কুলৰ নাম গুৱাহাটী চেমিনাৰী স্কুল আছিল । খালী ঠাই পূৰণ কৰা: (2013/20)

লগতে পঢ়ক:   স্মৃতি আৰু বিস্মৃতি Class XII (প্রশ্নোত্তৰ) শিক্ষা অধ্যায় 5

প্র: মাধ্যমিক শিক্ষাৰ লক্ষ্য হিচাপে বৃত্তিমূলক যােগ্যতা বিকাশ সম্পর্কে মুডালিয়াৰ আয়ােগৰ পৰামর্শসমূহ কি আছিল?
উ: মাধ্যমিক শিক্ষাৰ লক্ষ্য হিচাপে ‘বৃত্তিমূলক যােগ্যতা বিকাশ’ সম্পর্কে মুডালিয়াৰ আয়ােগৰ পৰামর্শসমূহ তলত উল্লেখ কৰা হল-
(১) ছাত্র-ছাত্রীসকলে কামৰ সৰু বৰ নাভাবি তাৰ প্রতি মনত সন্মানৰ ভাৱ গঢ় দি তুলিব লাগে। মাধ্যমিক শিক্ষাৰ যােগেদি এক কর্মৰ মনােভাৱ অথবা কর্ম সংস্কৃতি গঢ় দি তুলিব লাগিব।
(২) শিক্ষাৰ মাধ্যমিক পর্যায়ৰ পাঠ্যসুচী বিভাজিত কৰি সৰহ সংখ্যক ছাত্রক কৃষি, কাৰিকৰী, বাণিজ্য আৰু আন আন ব্যৱহাৰিক পাঠ্যসূচীত প্রশিক্ষণ দিয়া।
(৩) শিক্ষাৰ সকলােপর্যায়তে কাৰিকৰী দিশত নিপুণতা আৰু যােগ্যতা বিকশাই তুলিবৰ বাবে ছাত্ৰ-ছাত্ৰীক প্রশিক্ষণপ্রাপ্ত আৰু যােগ্য ব্যক্তি হিচাপে গঢ় দিয়া। ইয়াৰ উপৰিও যিবিলাকে কোনাে ধৰণৰ আগ্রহ আৰু উদ্দেশ্য নােহােৱাকৈ উচ্চ শিক্ষা লাভ কৰিবলৈ বিচাৰে তেওঁলােকক অন্য উপায় দিয়াৰ ব্যৱস্থা কৰিব লাগে। বৃত্তিমুখী শিক্ষা এটা নির্দিষ্ট শাখা হিচাপে পৰিগণিত হ’ব‌ আৰু শিক্ষার্থীসকলক নির্দিষ্ট পেচাৰ বাবে প্রস্তুতকৰি তুলিব লাগিব। ঔদ্যোগিক প্রশিক্ষণ কেন্দ্ৰবােৰত বিভিন্ন ধৰণৰ সুবিধা থাকিব। স্বাস্থ্য পৰিকল্পনা আৰু স্বাস্থ্যসেৱা ব্যৱস্থাপনা কৰি স্বাস্থ্য জড়িত বৃত্তিৰ বিষয় শিক্ষাত সন্নিৱিষ্ট কৰি বৃত্তিৰ উপযােগী কৰি তােলা হ’ব। বাধাগ্রস্ত শিশুসকলৰ বাবে উপযুক্ত আঁচনি আৰম্ভ কৰিব।

(পাঠটোৰ পৰা ২০১৮ বৰ্ষত অহা প্ৰশ্নসমূহ)

প্রঃ অসমত বহুমূখী মাধ্যমিক বিদ্যালয়সমূহ মুডালিয়াৰ আয়ােগৰ পৰামৰ্শৰ ভিত্তিত প্রতিষ্ঠা কৰা হৈছিল। খালী ঠাই পূৰণ কৰা:

প্র : মাধ্যমিক শিক্ষা আইন, অসম ১৯৬১ৰ দ্বাৰা প্রদত্ত ‘অসম মাধ্যমিক শিক্ষা বৰ্ড’ৰ চাৰিটা কার্য উল্লেখ কৰা।
উ : মাধ্যমিক শিক্ষা আইন, অসম ১৯৬১ৰ দ্বাৰা প্রদত্ত ‘অসম মাধ্যমিক শিক্ষা বােৰ্ড’ৰ চাৰিটা কার্য হল—
(১) এই আইন সমগ্ৰ অসমতে বলবৎ হ’ব।
(২) অসম চৰকাৰৰ দ্বাৰা স্বীকৃত সকলােবােৰ মাধ্যমিক স্কুলক বিশ্ববিদ্যালয় অথবা আন কোনাে বাের্ডে নিয়ন্ত্রণ কৰিব নােৱাৰিব।
(৩) চৰকাৰে বিশেষ জাননীৰ জৰিয়তে মাধ্যমিক শিক্ষাৰ নিয়ন্ত্রণ, পৰিচালনা আৰু উন্নীতকৰণৰ অৰ্থে মাধ্যমিক শিক্ষাবাের্ড’ নামেৰে এখন বাের্ড স্থাপন কৰিব।
(৪) এই বােৰ্ডৰ সচিবগৰাকী চৰকাৰে নিয়ােগ কৰিব।

প্র : ১৯৮৬ চনৰ ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে সমতাৰ বাবে শিক্ষাৰ ক্ষেত্ৰত কি কি ব্যৱস্থাৰ কথা কৈছে?
উ : ১৯৮৬ চনৰ ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে শিক্ষাত সমতাৰ সুযােগ প্রদানৰ বাবে তলত দিয়া পৰামর্শসমূহৰ কথা কৈছে—
(১) মহিলাৰ সমতাৰ বাবে শিক্ষা : মহিলাৰ বাবে শিক্ষাৰ বিকাশ আৰু অগ্রগতিত বিশেষ গুৰুত্ব দিছে। মহিলাসকলক সম অধিকাৰ প্ৰদান কৰাৰ ক্ষেত্ৰত শিক্ষাই মূল বাহক হিচাপে কাম কৰাৰ বাবে ব্যৱস্থা লােৱা। শিক্ষানুষ্ঠানসমূহত মহিলা শিক্ষাৰ বিকাশৰ বাবে প্রয়ােজনীয় সা-সুবিধাসমূহৰ ব্যৱস্থা কৰা, পাঠ্যপুথি পুনৰ প্ৰস্তুত কৰি নতুন মূল্যবােধ সৃষ্টি কৰাৰ লক্ষ্যৰে পাঠ্যপুথি প্রস্তুতকৰণ, শিক্ষক প্রশিক্ষণ আৰু অভিৰোচন‌ ব্যৱস্থা কৰা

(২) অনুসূচীত জাতি : অনুসুচীত জাতিৰ লােকসকলে যাতে অ-অনুসূচীত জাতিৰ লােক সকলৰ সমানে শিক্ষালাভ কৰিবলৈ সক্ষম হয় তাৰ ব্যৱস্থা কৰা হ’ব। পিছপৰা অঞ্চলৰ পৰিয়ালসমূহৰ ল’ৰা-ছােৱালীয়ে যাতে ১৪ বছৰ বয়সলৈ স্কুললৈ গৈ থাকে তাৰ প্রতিও সজাগ হােৱাটো প্রয়ােজন হ’ব।

(৩) সংখ্যালঘুসকলৰ শিক্ষা :সংখ্যালঘুসকলৰ ভাষা আৰুসংস্কৃতি ৰক্ষাৰ অৰ্থে তেওঁলােকৰ নিজস্ব অনুষ্ঠান স্থাপনৰ ক্ষেত্ৰত উনি দিয়া হ’ব। বিদ্যালয়ৰ কর্ম আঁচনি আৰু পাঠ্যক্রম আদিৰ প্রস্তুতিৰ ক্ষেত্ৰতাে মনােযােগ দিয়া হ’ব।

(৪) বাধাগ্রস্তসকলৰ শিক্ষা : বাধাগ্রস্ত শিক্ষার্থীসকলৰ বাবে প্ৰতিখন জিলাতে আবাসিক বিদ্যালয় স্থাপন কৰা হ’ব। অসমর্থ এনে শিক্ষার্থীসকলক উপযুক্ত প্ৰকাৰৰ বৃত্তিমূলক শিক্ষা দিয়াৰ ব্যৱস্থা কৰা হ’ব। শাৰীৰিক আৰু মানসিকভাৱে বাধাগ্রস্ত সকলকো অন্যান্যসকলৰ দৰে একেধৰণৰ সুবিধা প্রদান কৰা হ’ব। অসমৰ্থসকলৰ বিকাশৰ বাবে কৰা স্বেচ্ছামূলক প্রচেষ্টা কৰা সংগঠনসমূহক উৎসাহ প্রদান কৰা হ’ব।

(৫) বয়স্ক শিক্ষা :বর্তমান সময়ত বয়স্ক শিক্ষা আৰু বয়স্ক নিৰক্ষৰতাৰ ওপৰত গুৰুত্ব আৰােপ কৰা হৈছে। সমগ্র জাতিটোৱে ১৫ বছৰৰ পৰা ৩৫ বছৰৰ ভিতৰত ব্যক্তিসকলৰ মাজৰ পৰা নিৰক্ষৰতা দূৰীকৰণৰ ব্যৱস্থা কৰিব লাগিব।

class 12 education chapter 1 question answer in assamese

প্রঃ ছাত্ৰসকলৰ বৃত্তিমূলক যােগ্যতাৰ উন্নতিৰ বাবে মুডালিয়াৰ আয়ােগৰ পৰামৰ্শ সমূহ বর্ণনা কৰা।
উঃ ছাত্ৰসকলৰ বৃত্তিমূলক যােগ্যতাৰ উন্নতিৰ বাবে মুডালিয়াৰ আঁয়ােগৰ পৰামৰ্শ সমূহ হ’ল—ছাত্র-ছাত্রীসকলৰ বৃত্তিগত‌ পাৰদৰ্শিতা বৃদ্ধি কৰাৰ বাবে তেওঁলােকৰ কায়িক শ্ৰমৰ প্রতি শ্রদ্ধাভাৱ জগাই তোলা, স্ব-ক্রিয়াৰ প্রতি সচেতন কৰি তােলা, কর্ম তৎপৰতা বৃদ্ধি কৰা, শিল্প উদ্যোগৰ বাবে প্রয়ােজনীয় কৌশল আয়ত্তকৰণ ব্যৱস্থা সূচল কৰা ইত্যাদি দিশৰ প্রতি মাধ্যমিক শিক্ষাই গুৰুত্ব প্রদান কৰিব লাগিব। কোনাে এটা বৃত্তি সকলাে ছাত্র-ছাত্রীকে বাধ্যতামূলকভাৱে শিকালে তাৰ পৰা তেওঁলােকৰ ব্যক্তিত্বৰ কেউটা দিশৰ বিকাশ হ’ব বুলি ধৰা হয.। তেতিয়া তেওঁলােকে জীৱিকা উপার্জনৰ বাট বিচাৰি পাব, আগলৈ কাৰিকৰী বা ব্যৱহাৰিক শিক্ষা লাভৰ সুবিধা পাব। দেশৰ সম্পদ বৃদ্ধি, সুখানুভূতি বৃদ্ধি, শাৰীৰিক প্ৰৰিশ্ৰম, কায়িক শ্রমৰ প্রতি আমাৰ মানুহৰ মনােভাৱ সলনি কৰাবৰ বাবে পাঠ্যক্ৰমখনাে প্রস্তুত কৰিব লাগে। তেতিয়াহে মাধ্যমিক শিক্ষাই শিক্ষার্থীসকলক স্বাৱলম্বী কৰি তুলিব লগতে জাতীয় অর্থৰ ভঁৰাল টনকিয়াল হ’ব আৰু জনসাধাৰণৰ জীৱন ধাৰণৰ মান উন্নত হব।

(পাঠটোৰ পৰা ২০১৯ বৰ্ষত অহা প্ৰশ্নসমূহ)

খালী ঠাই পূৰণ কৰা:
প্র : অসম মাধ্যমিক শিক্ষা ব’র্ড’ ১৯৫২-৫৩ চনৰ মাধ্যমিক শিক্ষা আয়ােগৰ নির্দেশ মর্মে স্থাপন কৰা হৈছিল।

প্রঃ অসমৰ মাধ্যমিক শিক্ষাৰ চাৰিটা প্রধান সমস্যা উল্লেখ কৰা। (2012/14/18)
উ: অসমৰ মাধ্যমিক শিক্ষাৰ চাৰিটা প্রধান সমস্যা হৈছে—
(১) আমাৰ ৰাজ্যত মাধ্যমিক বিদ্যালয়সমূহ সমানে বিতৰণ হােৱা নাই। অর্থাৎ কিছুমান এলেকাত প্রয়ােজনৰ তুলনাত বিদ্যালয়ৰ সংখ্যা বৃদ্ধি হৈছে যদিও আন কিছুমান এলেকাত প্রয়ােজনীয় বিদ্যালয়ৰ অভাৱ।

(২) অসমৰ মাধ্যমিক পর্যায়ৰ পাঠ্যক্রম দোষমুক্ত নহয়। এই পাঠ্যক্রম একমুখী হােৱা বাবে আৰু কাৰ্যকৰী বিষয়ৰ অভাৱত শিক্ষার্থীৰ জীৱনৰ লগত সম্পর্কহীন। ইয়াৰ উপৰিও এই পাঠ্যক্ৰমত বুৰঞ্জী, ভূগােল আদি দৰে গুৰুত্বপূর্ণ বিষয়ক অৱহেলা কৰা হৈছে। বর্তমান এই বিষয়সমূহ বাধ্যতামূলক কৰি তুলিবৰ বাবে জনমতাে গঢ়ি উঠিছে।

লগতে পঢ়ক:   শিক্ষণ Class 12 Education শিক্ষা (প্রশ্নোত্তৰ) অধ্যায় 4

(৩) মাধ্যমিক পর্যায়ৰ পাঠ্যপুথি প্রস্তুত আৰু প্ৰকাশৰ দায়িত্ব মাধ্যমিক শিক্ষা পৰিষদে গ্রহণ কৰে যদিও এই গুৰু ৌদায়িত্ব পালনত সদায় অনেক বিসংগতিয়ে দেখা দিছে। শিক্ষাবর্ষ আৰম্ভ হােৱাৰ লগে লগে পাঠ্যপুথি যােগান ধৰিৰ নােৱাৰা অৱস্থাই সদায় এক সমস্যাৰ সৃষ্টি কৰে।

(৪) বিদ্যালয় পৰিদৰ্শনৰ অনুন্নত অৱস্থাত মাধ্যমিক শিক্ষাৰ এক গুৰুত্বপূৰ্ণ সমস্যা। যথেষ্ট সংখ্যক বিদ্যালয় পৰিদৰ্শক থাকা স্বতেও পৰিদৰ্শন ব্যৱস্থা কার্যকৰী নােহােৱাত মাধ্যমিক শিক্ষাৰ মান নিম্নগামী হৈছে।

প্র : জাতীয় শিক্ষানীতি, ১৯৮৬ত মাধ্যমিক শিক্ষা সম্পর্কে আগবঢ়োৱা পৰামর্শসমূহ কি কি আছিল? (2015)
উ: ১৯৮৬ চনৰ ৰাষ্ট্ৰীয় শিক্ষানীতিত ১০+২+৩ শিক্ষা ব্যৱস্থা গ্রহণ ৰা হৈছে। এই শিক্ষানীতিৰ ভিত্তিত সংযােগিত বিভিন্ন পৰিৱর্তনসমূহ অসমৰো মাধ্যমিক শিক্ষা ব্যৱস্থাত পৰিলক্ষিত হৈছিল। ইয়াত গ্রহণ কৰা পৰামর্শ অনুযায়ী অসমৰ প্ৰতিখন জিলাতে একোখন ‘নৱােদয়’ বিদ্যালয় স্থাপন কৰাৰ সিদ্ধান্ত লােৱা হয়। এই সিদ্ধান্ত অনুসৰি প্ৰথম অৱস্থাতৰাজ্যখনত ৭খন নৱােদয় বিদ্যালয় স্থাপন কৰা হয়। ইয়াৰ উপৰিও ৰাষ্ট্ৰীয় শিক্ষানীতিৰ আন এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত হৈছে মাধ্যমিক শিক্ষা বৃত্তিমুখী কৰি গঢ়ি তােলা। ছাত্ৰসকলৰ মাজত ক্রিয়া পটুতা বৃদ্ধি কৰি তােলা, শিক্ষা পৰিচালনা ক্ষমতা আৰু স্বনিয়ােজন ক্ষমতা লাভ  কৰা আৰু তাৰ যােগেদি মধ্যম বৰ্গৰ জনশক্তি বৃদ্ধি কৰি তােলাটো এই বৃত্তিমুখীকৰণৰ মূল উদ্দেশ্য। ১৯৯৫ চনলৈ অসমত ৩৩ খন মাধ্যমিক বিদ্যালয়ত বৃত্তিমূলক শিক্ষা প্রদানৰ ব্যৱস্থা কৰা হৈছিল। ইয়াৰ পিছত মুঠ ১৫০ খন উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এই বৃত্তিমূলক শিক্ষাৰ ব্যৱস্থা কৰা হয়। তথাপিও বর্তমান অসমৰ মাধ্যমিক শিক্ষাৰ গুণগত মান উন্নত হােৱা নাই বুলিৰ পাৰি।

প্রঃ অসমৰ মাধ্যমিক শিক্ষাৰ ৫টা সমস্যা লিখা। (2012/18)
উ : (১) আমাৰ ৰাজ্যত মাধ্যমিক বিদ্যালয়সমূহ সমানে বিতৰণ হােৱা নাই । অর্থাৎ কিছুমান এলেকাত প্রয়ােজনৰ তুলনাত স্কুলৰ সংখ্যা বাঢ়িছে যদিও আন কিছুমান এলেকাত প্রয়ােজনীয় বিদ্যালয়ৰ অভাৱ।

(২) অসমৰ মাধ্যমিক পর্যায়ৰ পাঠ্যক্রম দোষমুক্ত নহয়। এই পাঠ্যক্রম একমুখী হােৱা বাবে আৰু কাৰ্যকৰী বিষয়ৰ অভাৱত শিক্ষার্থীৰ জীৱনৰ লগত সম্পর্কহীন। ইয়াৰ উপৰিও এই পাঠ্যক্ৰমত বুৰঞ্জী, ভূগােল আদিৰ দৰে গুৰুত্বপূর্ণ বিষয়ক অৱহেলা কৰা হৈছে। বর্তমান এই বিষয়সমূহ বাধ্যতামূলক কৰি তুলিবৰ বাবে জনমতাে গঢ়ি উঠিছে।

(৩) স্কুল পৰিদৰ্শনৰ অনুন্নত অৱস্থাত মাধ্যমিক শিক্ষাৰ এক গুৰুত্বপূৰ্ণ সমস্যা। যথেষ্ট সংখ্যক বিদ্যালয় পৰিদৰ্শক থকা স্বত্ত্বেও পৰিদৰ্শন ব্যৱস্থা কার্যকৰী নােহােৱাত মাধ্যমিক শিক্ষা নিম্নগামী হৈছে। (৪) মুড়ালিয়াৰ আয়ােগ, কোঠাৰী আয়ােগৰ লগতে ১৯৮৩ চনৰ জাতীয় শিক্ষানীতিত মাধ্যমিক পর্যায়ৰ শিক্ষা বৃত্তিমুখী কৰণত অধিক গুৰুত্ব আৰােপ কৰিছিল। কিন্তু প্রয়ােগিক দিশত এই বৃত্তিমুখীকৰণ অসমত সফল হােৱা নাই।

(৫) মাধ্যমিক পর্যায়ৰ পাঠ্যপুথি প্রস্তুত আৰু প্ৰকাশৰ দায়িত্ব মাধ্যমিক শিক্ষা পৰিষদে গ্রহণ কৰে যদিও এই গুৰু দায়িত্ব পালনত সদায় বহুতে বিসংগতিয়ে দেখা দিছে। শিক্ষাবর্ষ আৰম্ভ হােৱাৰ লগে লগে পাঠ্যপুথি যােগান ধৰিব নােৱাৰা অৱস্থাই সদায় এক সমস্যাৰ সৃষ্টি কৰিছে।

class 12 education chapter 1 question answer in assamese

(পাঠটোৰ পৰা ২০২০ বৰ্ষত অহা প্ৰশ্নসমূহ)

প্র : কোনখন শিক্ষা আয়ােগে 10+2+3 শিক্ষা গাঁথনিৰ পৰামৰ্শ আগবঢ়াইছিল?
উ : কোঠাৰী আয়ােগে।

প্র : ১৯৬১ চনৰ অসম মাধ্যমিক শিক্ষা আইনৰ ৪টা প্ৰস্তাৱ লিখা।
উ: মাধ্যমিক শিক্ষাৰ দ্রুত সম্প্ৰসাৰণৰ প্রতি লক্ষ্য ৰাখি ১৯৬১ চনত মাধ্যমিক শিক্ষা আইন প্রস্তুত কৰা হয়। এই আইনৰ চাৰিটা প্রস্তাৱ হ’ল-
(১) এই আইন সমগ্ৰ অসমতে বলবৎ হ’ব।
(২) অসম চৰকাৰৰ দ্বাৰা স্বীকৃত সকলোেবােৰ মাধ্যমিক বিদ্যালয় এই বী’র্ডে নিয়ন্ত্রণ কৰিব। এনে নিয়ন্ত্রণ আন কোনাে ব’র্ডে কৰিব নােৱাৰিব।
(৩) চৰকাৰে জাননীৰ যােগে মাধ্যমিক শিক্ষা সংস্থা গঠন কৰিব আৰু বিকাশ সাধনৰ দায়িত্ব প্রদান কৰিব।
(8) শিক্ষা বিভাগৰ সঞ্চালক এই সংস্থাৰ সভাপতি হ’ব। ইয়াৰ উপৰিও কৃষি, স্বাস্থ্য, শিল্প বিভাগ আদিৰ সঞ্চালক, বিশ্ববিদ্যালয়ৰ কলাগুৰুসকল, স্ত্রী শিক্ষাৰ শিক্ষাধিকাৰ আৰু চৰকাৰৰ দ্বাৰা নিযুক্ত আৰু মনােনীত সদস্যসকল থাকিব। সংস্থাৰ সচিব চৰকাৰে নিযুক্ত কৰিব আৰু তেওঁ তাত এজন।সদস্যস্বৰূপে থাকিব।

প্রঃ ছাত্ৰসকলৰ বৃত্তিমূলক যােগ্যতাৰ উন্নতিৰ বাবে মােডালিয়াৰ আয়ােগৰ ৩টা পৰামৰ্শ লিখা।
উঃ ছাত্ৰসকলৰ বৃত্তিমূলক যােগ্যতাৰ উন্নতিৰ বাবে মুড়ালিয়াৰ‌ আয়ােগৰ পৰামর্শসমূহ হ’ল-
(১) সৰু বৰ সকলাে কামৰ প্ৰতি আগ্ৰহৰ মনােভাৱ জগাই তুলিব লাগে । ছাত্ৰ-ছাত্ৰীসকলক ক্রীড়াভিত্তিক শিক্ষাৰ প্ৰতি আগ্রহীকৰিব লাগে।
(২) বৃত্তিগত যােগ্যতাৰ উন্নীতকৰণৰ বাবে প্রযুক্তিমূলকক্রিয়া কৌশলৰ বিকাশ সাধন কৰি তুলিব লাগে বুলি আয়ােগে পৰামর্শ দিছিল।
(৩) শিক্ষা ব্যৱস্থাত হস্তশিল্প আৰু উৎপাদনমূলক ক্রিয়াৰ ক্ষেত্ৰত গুৰুত্ব প্রদান কৰিব লাগে।

প্র: মাধ্যমিক শিক্ষাৰ সংগঠন সম্পর্কে কোঠাৰী আয়ােগে আগবঢ়োৱা পৰামর্শসমূহ চমুকৈ লিখা। (2019)
উ : কোঠাৰী আয়ােগৰ মূল প্রতিবেদনত দেশৰ শিক্ষাৰ সাংগঠনিক ব্যৱস্থাৰ এক পুনৰ গঠনৰ ব্যৱস্থা দাঙি ধৰা হয়। প্রাক-প্রাথমিক পর্যায়ৰ পৰা বিশ্ববিদ্যালয় পর্যায়লৈকে সামৰি লােৱা শিক্ষাৰ সাংগঠনিক ব্যৱস্থাৰ লগত জাতীয় বিকাশৰ বিশেষ সম্বন্ধ আছে। শিক্ষা দান আৰু শিক্ষা গ্ৰহণৰ মুঠ সময়সীমাৰ লগত শিক্ষাৰ গুণমান ৰক্ষা কৰা আৰু দেশৰ মানৱ সম্পদৰ পূর্ণ প্রয়ােগ কৰাৰ বিষয়টো ইয়াত জড়িত হৈ আছে। মাধ্যমিক শিক্ষাৰ সংগঠন সম্পর্কে কোঠাৰী আয়ােগে আগবঢ়োৱা পৰামর্শসমূহ হ’ল—-
(১) মাধ্যমিক স্তৰলৈ প্ৰথম দহবছৰীয়া শিক্ষাই কোনাে‌ পৃথকীকৰণ নকৰাকৈ সাধাৰণ শিক্ষাৰ পাঠ্যক্রম প্রদান কৰিব।
(২) যিবিলাক বিদ্যালয়ত সম্ভৱ মাধ্যমিক শিক্ষা বৃত্তিমুখীকৰণ কৰিব লাগে।
(৩) মাধ্যমিক পর্যায়ত ছাত্ৰ-ছাত্ৰীসকলক নেতৃত্বৰ শিক্ষা দিব লাগে।
(৪) মাধ্যমিক শিক্ষাৰ সময়সূচী বঢ়াব লাগে।

লগতে পঢ়ক:   অগতানুগতিক শিক্ষা Class 12 (প্রশ্নোত্তৰ) Education Chapter 2

খালী ঠাই পূৰণ কৰা:
প্রঃ মুডালিয়াৰ আয়ােগ মাধ্যমিক শিক্ষা আয়ােগ নামেৰে পৰিচিত। (2012)
প্রঃ ১৯৮৬ চনৰ ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে প্রাথমিক শিক্ষাৰ উন্নতিৰ পৰামৰ্শ আগবঢ়োৱা আঁচনিক অপাৰেশ্যন ব্রেকব’র্ড বুলি জনা যায়।
প্র: অসমৰ প্রথম মাধ্যমিক বিদ্যালয় ১৮৩৫ চনত স্থাপন হৈছিল।
প্র: মাধ্যমিক শিক্ষা আয়ােগৰ সভাপতি আছিল- ডঃ লক্ষণস্বামী মুড়ালিয়াৰ
প্র: বর্তমান কটন কলেজিয়েটৰ প্রকৃত নাম আছিল গুৱাহাটী ছেমিনাৰী
প্ৰ: অসম মাধ্যমিক শিক্ষা ব’র্ডৰ কার্যালয় গুৱাহাটী বামনীমৈদামত অৱস্থিত।
প্রঃ কোঠাৰী আয়ােগ গঠন কৰাৰ মূল উদ্দেশ্য জাতীয় শিক্ষাৰ বিকাশ সাধন কৰা।
প্র : ভাৰত চৰকাৰে ১৯৬৪ চনত গঠন কৰা আয়ােগখনৰ সভাপতি আছিল ডিঃ এছ, কোঠাৰী
প্র: স্বাধীন ভাৰতৰ প্রথম শিক্ষা মন্ত্রীজনৰ নাম মৌলানা আবুল কালাম আছিল।
প্রঃ ১৯৬৯-৭০ চনত অসমত বহুমুখী বিদ্যালয়ৰ সংখ্যা ৭০ খন আছিল।
প্র : মুডালিয়াৰ আয়ােগৰ প্রতিবেদন ১৫ টা অধ্যায় সন্নিৱিষ্ট কৰা হৈছে।
প্র : ১৯৬৬ চনত অসম মাধ্যমিক শিক্ষা বাের্ড গঠন হৈছিল।

প্র: মুডালিয়াৰ আয়ােগে উল্লেখ কৰা মাধ্যমিক শিক্ষাৰ দুটা ক্ৰটি লিখা। (2013)
উঃ (১) জীৱনৰ লগত সংগতিবিহীন শিক্ষা।
(২) পুথিকেন্দ্রিক শিক্ষা।

প্রঃ মুডালিয়াৰ আয়ােগৰ মাধ্যমিক শিক্ষাৰ চাৰিটা লক্ষ্য লিখা।
উঃ (১) গণতান্ত্রিক নাগৰিকত্বৰ বিকাশ (2) বৃত্তিগত যােগ্যতাৰ উন্নতকৰণ (3) ব্যক্তিত্বৰ বিকাশ (৪) নেতৃত্বৰ শিক্ষা।

প্রঃ ১৯৮৬ চনৰ নতুন শিক্ষানীতিয়ে পৰীক্ষা ব্যৱস্থাৰ সংস্কাৰৰ বাবে আগবঢ়োৱা দুটা পৰামৰ্শ দিয়া।
উঃ পৰীক্ষা সংস্কাৰৰ নামত নতুন শিক্ষানীতিয়ে আগবঢ়োৱা পৰামৰ্শ দুটা হৈছে—(১) অবিৰত সামূহিক মূল্যায়ন ব্যৱস্থাৰ প্ৰৱৰ্তন কৰা।
(২) আংশিক মানৰ পৰিৱর্তে গ্রেড প্রদানৰ ব্যৱস্থা লােৱা।

class 12 education chapter 1 question answer in assamese

প্রঃ নৱােদয় বিদ্যালয় কি?
উঃ ১৯৮৬ চনৰ ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে এক নতুন প্ৰকাৰৰ মাধ্যমিক বিদ্যালয় উদ্ভাৱন কৰিছিল। অসমৰ প্ৰতিখন জিলাতে একোখন নবোদয় বিদ্যালয় স্থাপনৰ ব্যৱস্থা কৰিছিল। অসমত প্রথম অৱস্থাত ৭খন নবােদয় বিদ্যালয় স্থাপন কৰা হৈছিল। এনে স্কুলত বিশিষ্ট প্রতিভা আৰু যােগ্যতা থকা ছাত্র- ছাত্রীসকলক দ্রুতগতিৰে শিক্ষা লাভ কৰিবলৈ সুবিধা দিয়া হয়। ইয়াৰ উপৰিও ৰাষ্ট্ৰীয় শিক্ষানীতিৰ আন এটা গুৰুত্বপূর্ণ সিদ্ধান্ত হৈছে মাধ্যমিক শিক্ষা বৃত্তিমুখী কৰি তােলা। এনেবােৰ লক্ষ্যত উপনীত হােৱাৰ বাবে প্রতিষ্ঠা কৰা বিদ্যালয় সমুহেই হৈছে নৱােদয় বিদ্যালয়।

প্রঃ অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ বিষয়ে এটা চমু টোকা লিখা। (2014)
উ: ১৯৮৪ চনত কোঠাৰী আয়ােগ গঠন হয়। কোঠাৰী আয়ােগৰ পৰামৰ্শৰ আধাৰতেই অসমতো ‘উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ’ নামৰ এটি প্রতিষ্ঠান অসম চৰকাৰে গঠন কৰে আৰু উচচতৰ মাধ্যমিক পর্যায়ৰ (+ ২) পৰিচালনা, নিয়ন্ত্রণ আৰু প্ৰশাসনৰ দায়িত্ব সংসদৰ হাতলৈ আহে। তেতিয়াৰে পৰা পূর্বে গুৱাহাটী আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ হাতত থকা উচ্চতৰ মাধ্যমিক শিক্ষাৰ (+২) পাঠ্যক্রম প্রস্তুতি, পাঠ্যপুথি প্রণয়ন, পৰীক্ষা আদিৰ সকলাে দায়িত্ব সংসদৰ দায়িত্ব হৈ পৰে। স্কুলৰ বাহিৰেও অসমৰ কলেজ সমূহত উচচতৰ মাধ্যমিক শ্রেণী দুটা সংলগ্ন হৈ আছে যদিও ইয়াৰ সকলাে দায়িত্বভাৰ উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ’ৰ হাতলৈ আহে।

প্রঃ ১০+২+৩ সুত্ৰটোৱে কি সূচাইছে?
উঃ ১০+২+৩ সূত্ৰটোৰ মাধ্যমত শিক্ষাৰ বিকাশ সাধন কৰাৰ বাবে কোঠাৰী আয়ােগেপৰামর্শ দিছিল। ভাৰতবৰ্ষৰ বিশালতা আৰু ইয়াৰ শিক্ষা গাঁথনিৰ ভিন্নতাৰ প্রতি লক্ষ্য ৰাখি আয়ােগে প্রস্তাৱিত নতুন শিক্ষা গাঁথনি পর্যায়ক্রমে ২০ বছৰৰ ভিতৰত কাৰ্যকৰী কৰাৰ বাবে পৰামৰ্শ আগবঢ়ায়। প্রথম পর্যায়ত আয়ােগে আগতে থকা নৱম শ্রেণীৰ পৰা উচ্চমাধ্যমিক শিক্ষা। বিশেষীকৰণ কৰাৰ ব্যৱস্থা ত্যাগ কৰি একাদশ শ্রেণীৰ পৰা কৰাৰ পৰামর্শ দিয়ে। প্রাক্-বিশ্ববিদ্যালয় স্তৰতাে বিশ্ববিদ্যালয়। আৰু ইয়াৰ সংবদ্ধ কলেজবােৰৰ পৰা মাধ্যমিক স্কুলবােৰলৈ তুলি নিব লাগে। আয়ােগৰ মতে চলি থকা ব্যৱস্থাটোৱে উচ্চ শিক্ষাৰ মানদণ্ড নিম্নগামী কৰি তুলিছে। আয়ােগৰ দৃষ্টিগােচৰ হােৱা নমনীয় নতুন শিক্ষা গাঁথনি আছিল তলত দিয়া ধৰণৰঃ
(১) প্রাক্‌-প্রাথমিক পর্যায় ১ বছৰৰ পৰা ৩ বছৰলৈ।
(২) প্রাথমিক পর্যায় ৭/৮ বছৰলৈ। ইয়াৰে দুটা পর্যায় হৈছে নিম্ন প্রাথমিক ৪-৫ বছৰৰ আৰু উচ্চ মাধ্যমিক ৩ বছৰীয়া।
(৩) নিম্ন মাধ্যমিক বা হাইস্কুলৰ শিক্ষা ২ বা ৩ বছৰৰ আৰু । বৃত্তীয় শিক্ষা ১ বছৰৰ পৰা ৩ বছৰীয়া হ’ব লাগে।
(৪) উচ্চতৰ মাধ্যমিকৰ সাধাৰণ শিক্ষা ২ বছৰৰ আৰু বৃত্তীয় শিক্ষা ১ বছৰৰ পৰা ৩ বছৰৰ হ’ব লাগে।
(৫) উচ্চ শিক্ষা প্রথম ডিগ্ৰীৰ অধ্যয়নসূচী ৩ বছৰ বা অধিক হ’ব লাগে।

প্র : অসমৰ মাধ্যমিক শিক্ষা ব্যৱস্থাও ‘মাধ্যমিক শিক্ষা আয়ােগ’ৰ প্ৰভাৱসমূহ কি কি আছিল? (2013)
উঃ ১৯৫২-৫৩ চনৰ মাধ্যমিক শিক্ষা আয়ােগৰ অনুমােদন অনুসৰি ১৯৬২ চনত অসম মাধ্যমিক শিক্ষা ব’র্ড স্থাপন হয়। তেতিয়াৰ পৰা মাধ্যমিক শিক্ষাৰ শৈক্ষিক প্রশাসনৰ ভাৰ বিশ্ববিদ্যালয়ৰ পৰিৱর্তে এই ব’ৰ্ডৰ হাতলে আহে। এই ব’র্ডৰ মুখ্য কার্যালয় হ’ল গুৱাহাটীত। তেতিয়াৰে পৰা মাধ্যমিক শিক্ষা পৰিষদে দুটা পৰীক্ষা চলায়। এটা হ’ল প্ৰৱেশিকা যিটোক আজিকালি হাইস্কুল শিক্ষান্ত পৰীক্ষা বুলি কোৱা হয়। আনটো হ’ল উচ্চতৰ মাধ্যমিক পৰীক্ষা। বর্তমান উচ্চতৰ মাধ্যমিক পাঠ্যক্ৰম আৰু পৰীক্ষা অসম উচ্চতৰ মাধ্যমিক শিক্ষা পৰিষদে চলায়। ১৯৭৩ চনৰ পৰা অসমত মাধ্যমিক শিক্ষা ব’র্ডে ১২ বছৰীয়া স্কুলীয়া শিক্ষাৰ প্রৱর্তন কৰে আৰু দুবছৰীয়া উচ্চতৰ মাধ্যমিক পাঠ্যক্রমো ইয়াৰ লগে লগে যুগুত কৰে। এই বিলাকৰ উপৰিও আৰু কেইটামান দিশৰ ওপৰত আয়ােগে গুৰুত্ব আৰােপ কৰিছিল–

(১) ব্যক্তিত্বৰ পূর্ণবিকাশ সাধন: অসমৰ ছাত্ৰ-ছাত্ৰীসকলে যাতে সম্পূর্ণ ব্যক্তিত্ব বিকাশৰ সুবিধা পায় তাৰ ওপৰত গুৰুত্ব দিছিল।
(২) নেতৃত্বৰ প্রশিক্ষণ দিয়া ঃ স্কুলীয়া অৱস্থাতেই যাতে ছাত্রসমাজে দেশৰ উন্নতিৰ কাৰণে নেতৃত্ব দিব পাৰে তাৰ প্রশিক্ষণৰ দিহা কৰা।
(৩) গণতান্ত্রিক নাগৰিকত্বৰ ধাৰণাৰ শিক্ষাদান : স্বদেশ প্রেম জাগ্রত কৰি দেশমাতৃৰ হিত সাধন কৰা। আচলতে দেশক ভাল পােৱাৰ অৰ্থ হৈছে দেশৰ সভ্যতা সংস্কৃতিক প্রশংসা কৰা। ইয়াত থকা দুর্বলতাক স্বীকাৰ কৰা আৰু দুর্বলতাবোৰ আঁতৰাবলৈ চেষ্টা কৰা।

2 thoughts on “স্বাধীনােত্তৰ কালৰ ভাৰতবৰ্ষ আৰু অসমৰ মাধ্যমিক শিক্ষা দ্বাদশ শ্ৰেণী”

Leave a Comment

Your email address will not be published. Required fields are marked *


Scroll to Top