কাঠমিস্ত্রীৰ ঘৰ – সম্পূৰ্ণ প্ৰশ্নোত্তৰ দ্বাদশ শ্ৰেণী

 

বিষয়  অসমীয়া
পাঠৰ নাম কাঠমিস্ত্রীৰ ঘৰ’
শ্ৰেণী  দ্বাদশ শ্ৰেণী
লেখক ধীৰেন্দ্র চন্দ্র দত্ত
গােট পদ্যাংশ
পাঠৰ নং অধ্যায় 5
পাঠ্যক্ৰম  অসম মাধ্যমিক শিক্ষা পৰিষদৰ (AHSEC)

কাঠমিস্ত্রীৰ ঘৰ Class 12

প্রঃ কাঠমিস্ত্রী ক’ত থাকিবলগীয়া হয়। (Final-15)
উঃ কাঠমিস্ত্রী অন্ধকাৰত ডুব গৈ থাকিবলগীয়া হয়।

প্রঃ কাঠমিস্ত্রীয়ে কি কি কাঠক মনােহৰ ৰূপ দিয়ে।(Final-15)
উ : কাঠমিস্ত্রীয়ে আজাৰ, শিমলু, শাল, শিঙৰি আদি কাঠক মনােহৰ ৰূপ দিয়ে।

প্রঃ প্রতিদান নাই কৰ্মৰ’বুলি কিয় কোৱা হৈছে?
নাইবা
কবিতাটিত কাঠমিস্ত্রীৰ শ্ৰম আৰু কষ্টৰ চিত্ৰ কেনেদৰে দাঙি ধৰা হৈছে চমুকৈ লিখা। (Final-15)
উঃ প্রগতি বাদী চিন্তাধাৰাৰ কবি ধীৰেন্দ্র চন্দ্র দত্তই কাঠমিস্ত্রীৰ ঘৰ নামৰ কবিতাটিৰ মাজেৰে শ্রমজীৱী লােকৰ দুখৰ ছবিখন সুন্দৰকৈ প্ৰকাশ কৰিছে। কমাৰ, বনুৱা, মিস্ত্রী এইসকল লােকে কাঠোৰ পৰিশ্ৰম কৰি মনােমােহা আচবাব তৈয়াৰ কৰি ধনী মানুহৰ অট্টালিকাবােৰৰ সৌন্দর্য বঢ়ায়। তাৰ বিনিময়ত তেওঁলােকে শ্ৰমৰ মূল্য-নাপায়। তেওঁলােকে শ্ৰমৰ প্রতিদানৰ কথা নাভাবি, বৰ কষ্টৰে জীৱন কটায়। তেওঁলােকে দেহৰ তেজ ঢালি মায়াপুৰীসদৃশ প্রাসাদ সাজি নিজে অন্ধকাৰ পৰিৱেশত থাকে। শিমলু, আজাৰ, শাল, শিঙৰিৰ কঠিন কাঠত ৰাণ্ডা, বটালি মাৰি মনোেমােহা আচবাব তৈয়াৰ কৰে। এইদৰেই কাঠমিস্ত্রীয়ে শ্ৰমৰ বােজা শৰীৰত লৈ কেনেদৰে ধনী মানুহৰ বিলাসৰ আচবাব তৈয়াৰ কৰে কবিয়ে সুন্দৰকৈ সেই চিত্র দাঙি ধৰিছে।

প্রঃ কাঠমিস্ত্রীৰ ঘৰ’ শীর্ষক কবিতাটি ধীৰেন্দ্র চন্দ্র দত্তৰ কোনখন কবিতা পুথিৰ পৰা লােৱা হৈছে? (Final-16)
উ : কাঠমিস্ত্রীৰ ঘৰ’ কবিতাটি ধীৰেন্দ্র চন্দ্র দত্তৰ ‘অভিযান’ আৰু অন্যান্য নামৰ কবিতাপুথিৰ পৰা লােৱা হৈছে।

প্রঃ কাঠমিস্ত্রীয়ে কি কি কাঠৰ সঁজুলি নিৰ্মাণ কৰে?  (Final-16)
উ : কাঠমিস্ত্রীয়ে টেবুল, আলনা, ড্রয়াৰ, চিয়াৰ, টিপয় আদি নানা ধৰণৰ সঁজুলি নির্মাণ কৰে।

কাঠমিস্ত্রীৰ ঘৰ Class 12

প্রঃ প্ৰসংগ সংগতি দশাই ব্যাখ্যা কৰাঃ  (Final-16)
বিশ্বৰ য’ত কৰ্মীৰ দল
তেজ ঢালি, গঢ়ে প্রসাদ উজ্জ্বল
উ : উদ্ধৃত কবিতাফঁাকি আমাৰ পাঠ্যপুথি সাহিত্য সৌৰভৰ অন্তর্গত কবি ধীৰেন্দ্র চন্দ্র দত্তৰ দ্বাৰা ৰচিত ‘কাঠমিস্ত্রীৰ ঘৰ নামৰ কবিতাটিৰ পৰা তুলি অনা হৈছে।
কবিতাকিৰ দ্বাৰা কবিয়ে কেনেদৰে শ্ৰমিক ‘শ্ৰেণীটো শােষণৰ বলী হৈ দৰিদ্ৰ জীৱন কটাবলগীয়া হৈছে তাকে কৈছে।
বিশ্বৰ সকলাে কাঠমিস্ত্রী, কমাৰ, কঁহাৰ আদি কর্মীৰ দল আজি শোষিত। কাঠমিস্ত্রীয়ে হাতত ৰাণ্ডা, বটালি লৈ কপালৰ ঘাম টপাটপ মাটিত পেলাই কঠোৰ পৰিশ্ৰম কৰে। অসহনীয় শাৰীৰিক শ্ৰমৰ বােজা লৈ কাঠমিস্ত্রীয়ে সমাজৰ ধনী শ্রেণীটোৰ বাবে নানা মনােমােহা কাঠৰ আচবাব সাঁজে যদিও তেওঁলােকে ভালদৰে খাবলৈ, পিন্ধিবলৈ নাপায়। এওঁলােকে নিজৰ তেজ ঢালি শ্ৰমৰ বােজা লৈ ধনীসকলৰ মায়াপুৰী সদৃশ অট্টালিকা সাজিছে যদিও তেওঁলােকে প্রাপ্য মজুৰি নাপাই অভাৱত জুৰুলা হৈ আছে।

প্রঃ কাঠমিস্ত্রীৰ জীৱনৰ অৱস্থা কেনেকুৱা? কাঠমিস্ত্রীৰ ঘৰ শীর্ষক কবিতাটোৰ আলমত লিখা। (Final-17)
উঃ কাঠমিস্ত্রীয়ে অতি শােচনীয় জীৱন অতিবাহিত কৰে। কপালৰ ঘাম মাটিত পেলাই, শৰীৰৰ তেজ পানী কৰি তেওঁলােকে কাম কৰে। তেওঁলােকৰ হাতৰ পৰশত আঢ্যৱন্তলােকৰ সৌন্দৰ্যৰ সামগ্রী তৈয়াৰ হয়, কিন্তু তেওঁলােকে প্রাপ্য মজুৰি নাপায়। অভাৱত জুৰুলা হৈ তেওঁলােকে অন্ধকাৰত ডুব গৈ দৰিদ্ৰতাৰ
জীৱন পাৰ কৰে।

লগতে পঢ়ক:   হস্তিবিদ্যাৰ্ণৱ পুথি দ্বাদশ শ্ৰেণী গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ সমূহ

প্রঃ কবিতাটিত উল্লেখ থকা কাঠমিস্ত্রীয়ে ব্যৱহাৰ কৰা দুবিধ সজুলিৰ নাম লিখা। (Final-18)
উঃ কবিতাটিত উল্লেখ থকা কাঠমিস্ত্রীয়ে ব্যৱহাৰ কৰা দুবিধ সঁজুলিৰ নাম হ’ল—(১) বটালি আৰু (২) ৰাণ্ডা।

প্রঃ কাঠমিস্ত্রীয়ে কাৰ বাবে কাম কৰে বুলি কবিতাটিত কোৱা হৈছে? (Final-18)

উ : কাঠমিস্ত্রীয়ে সমাজৰ ধনী শ্ৰেণীৰ বাবে কাম কৰে বুলি কবিতাটিত কোৱা হৈছে।

প্রঃ কবিতাটিত উল্লেখ থকা বিশ্বশিল্পী কোন? (Final-18)
উঃ কবিতাটিত উল্লেখ থকা বিশ্বশিল্পীজন হ’ল— কাঠমিস্ত্রী।

প্রঃ বিশ্বশিল্পী মহা বিশ্বৰ” কবিয়ে কাক “বিশ্ব শিল্পী বুলি অভিহিত কৰিছে? (Final-19)
উ : “বিশ্বশিল্পী মহা বিশ্বৰ” কবিয়ে কাঠমিস্ত্রীক বিশ্বশিল্পী বুলি অভিহিত কৰিছে।

প্রঃ কাঠমিস্ত্রীৰ ঘৰ কবিতাটি প্রথমে ক’ত আৰু কেতিয়া প্ৰকাশ হৈছিল? ((Final-19/20)
উ : কাঠমিস্ত্রীৰ ঘৰ কবিতাটি প্রথমে অসম ছাত্ৰ সন্মিলনৰ মুখপত্র মিলনত ১৯৩৯ চনত প্ৰকাশ হৈছিল।

প্রঃ কাঠ খুলিবলৈ আৰু মিহিকৈ চুচিবলৈ কাঠমিস্ত্ৰয়ে কি কি বিশেষ সজুলি ব্যৱহাৰ কৰে? (Final-20)
উঃ কাঠ খুলিবলৈ কাঠমিস্ত্রীয়ে বটালি আৰু মিহিকৈ চুঁচিবলৈ ৰাণ্ডা নামৰ সঁজুলি ব্যৱহাৰ কৰে।

class 12 assamese chapter 5 question answer

প্ৰঃ কাঠমিস্ত্রীৰ ঘৰ কবিতাটোৰ কবিজনৰ নাম লিখা। (Final-12)
উঃ কাঠমিস্ত্রীৰ ঘৰ’ কবিতাটোৰ কবিজনৰ নাম হ’ল— ধীৰেন্দ্র চন্দ্র দত্ত।

প্রঃ কবি ধীৰেন্দ্র চন্দ্র দত্তৰ এখন কবিতা পুথিৰ নাম লিখা।
উঃ কবি ধীৰেন্দ্র চন্দ্র দত্তৰ এখন কবিতা পুথিৰ নাম হ’ল– অভিযান আৰু অন্যান্য।

প্রঃ কাঠমিস্ত্রীৰ ঘৰ’ কবিতাটি কিমান চনত ৰচিত? (Final-14/17)
উ: কাঠমিস্ত্ৰীৰ ঘৰ’ কবিতাটি ১৯৩৯ চনত ৰচিত হৈছিল।

প্রঃ আধুনিক অসমীয়া প্রগতিশীল কবিতাৰ প্ৰসংগত ‘কাঠমিস্ত্রীৰ ঘৰ’ কবিতাটি সম্পর্কে ড° হীৰেণ গােহাইদেৱে কি মন্তব্য আগবঢ়াইছে? (Final-14)
উ: ‘কাঠমিস্ত্রীৰ ঘৰ’ কবিতাটি সম্পর্কে ড° হীৰেণ গােহাঁইদেৱে কৈছে যে—এই চাম কবিতাৰ ভিতৰত সম্ভৱতঃ সর্বশ্রেষ্ঠ হ’ল কাঠমিস্ত্রীৰ ঘৰ।

প্রঃ কাঠমিস্ত্রীয়ে নিজৰ অধিকাৰ কেনেকৈ সাব্যস্ত কৰিব লাগিব বুলি কবিতাটিত কোৱা হৈছে?
উ : কাঠমিস্ত্রীয়ে নিজৰ বাহুবলেৰে নিজৰ অধিকাৰ সাব্যস্ত কৰিব লাগিব বুলি কবিতাটোত কোৱা হৈছে।

প্র: ধীৰেন্দ্র চন্দ্র দত্ত কোন শ্রেণীৰ কবি?
উঃ ধীৰেন্দ্র চন্দ্র দত্ত প্রগতিশীল চিন্তাৰ কবি।

প্রঃ আন্ধাৰৰ শেষ আহিল তােমাৰ ইয়াত আন্ধাৰ শব্দটোৱে কি বুজাইছে?
উ : আন্ধাৰৰ শেষ আহিল তােমাৰ ইয়াত আন্ধাৰ শব্দটোৱে দুখ, প্রবঞ্চনা, শােষণ আদিক বুজাইছে।

প্রঃ কাঠমিস্ত্রীৰ ঘৰ কবিতাটিৰ বিষয়ে নৱকান্ত বৰুৱাই কি কৈছিল?
উঃ নৱকান্ত বৰুৱাই এইদৰে কৈছিল— “মােক যদি কোনােবাই দহােটা শ্রেষ্ঠ অসমীয়া কবিতাৰ নাম সােধে,তাৰ মাজৰ এটা হ’ব কাঠমিস্ত্রীৰ ঘৰ।”

class 12 assamese chapter 5 question answer

প্রঃ কাঠমিস্ত্রীক কিয় শিল্পী বুলি কোৱা হৈছে?
উঃ কবিয়ে কাঠমিস্ত্রীৰ ঘৰ কবিতাটিত মিস্ত্রীসকলক বিশ্বৰ শিল্পী বুলি কৈছে। বস্তু এটাক সুন্দৰ ৰূপত গঢ় দিয়াটোৱেই শিল্প। বিভিন্ন সঁজুলিৰ দ্বাৰা মিস্ত্রীয়ে আঁচবাব সাজে। শিল্প সৃষ্টিৰ মাজেৰে জীৱন কটোৱা বাবে কাঠমিস্ত্রীক কবিয়ে শিল্পী বুলি কৈছে। শিল্পীয়ে শিল্প কলাৰ মাজেৰে নিজৰ পৰিশ্ৰম, চিন্তা, আদিৰ জৰিয়তে জড় পদার্থক হাতৰ পৰশেৰে ন ৰূপ দি সজীৱ কৰি তােলে। তেওঁলােকে সাজি দিয়া বিলাসী অট্টালিকাত ধনী মানুহে কেৱল বিলাসী জীৱন কটায়।

লগতে পঢ়ক:   অসমীয়া চলচ্চিত্ৰৰ গতিধাৰা Class 12th অসমীয়া দ্বাদশ শ্ৰেণী

প্রঃ ‘লােৱা অধিকাৰ নিজ বাহুবলে’—কবিয়ে সমাজৰ কোন কোন শ্রেণীৰ লােকক নিজে কৰা কৰ্মৰ অধিকাৰ ল’বলৈ আহবান জনাইছে? (Final-20)
উ :‘লােৱা অধিকাৰ নিজ বাহুবলে’—কবিয়ে সমাজৰ কাঠমিস্ত্র, কমাৰ, কঁহাৰ আদি শ্ৰেণীৰ লােকক নিজে কৰা কৰ্মৰ অধিকাৰ ল’বলৈ আহবান জনাইছে।

প্রঃ বিলাসীৰ দলে কাঠমিস্ত্রীয়ে সাজি দিয়া ঘৰত কোনে জীৱন-যাপন কৰে?
উঃ কঠোৰ পৰিশ্ৰম কৰি কপালৰ ঘাম মাটিত পেলাই কাঠমিস্ত্রীয়ে ধনী লােকৰ বাবে মায়াপুৰীৰ দৰে অট্টালিকা সাজি দিয়ে। তেওঁলােকৰ চেষ্টাত নীৰস, কঠিন কাঠেও প্রাণ পাই উঠে। সেই প্রাসাদৰ ভিতৰত দামী দামী আচবাব ভৰি পৰে। বিলাসী জীৱন যাপন কৰা ধনীৰ দুলালহঁতে আৰামী চকীত গা ঘেলাই জীৱনৰ
মধুৰ সংগীত গায়। এইদৰে কাঠমিস্ত্রীয়ে সজাঘৰত সমাজৰবৰ নেতাসকলে মহা সুখেৰে জীৱন কটায় বুলি কবিয়ে কৈছে।

প্রঃ কাঠমিস্ত্রীৰ ঘৰ কবিতাটিৰ মূলভাৱ লিখা।
উঃমূলভাৱঃ ধীৰেন্দ্র চন্দ্র দত্তই কাঠমিস্ত্রীৰ ঘৰ নামৰ কবিতাটোৰ দ্বাৰা শ্ৰমজিৱী ব্যক্তিসকলৰ জীৱনৰ দুর্দশাৰ ছবি দাঙি ধৰিছে। কবিয়ে প্রগতিশীল চিন্তাৰে সাম্যবাদী সমাজ ব্যৱস্থা প্রতিষ্ঠা কৰিবলৈ বিচাৰে। শােষণকাৰী ধনী সমাজখনৰ বিৰুদ্ধে সংগ্রাম কৰিবলৈ শ্ৰমিকসকলক আহ্বান জনাই এই শ্রেণীটোৰ অর্থনৈতিক অৱস্থাৰ পৰিৱৰ্তন বিচাৰিছে। কাঠমিস্ত্রীয়ে হাতত ৰাণ্ডা, বটালি আদি লৈ কপালৰ ঘাম মাটিত পেলায়। তেওঁলােকৰ চেষ্টাত, নীৰস কঠিন কাঠেও প্রাণ পাই উঠে। তেওঁলােকে কঠোৰ পৰিশ্ৰম কৰি ধনী মানুহৰ বাবে আচবাব তৈয়াৰ কৰে। এই আচবাবৰ দ্বাৰা ধনী লােকে ঘৰৰ শােভা বর্ধন কৰে। কিন্তু এই শ্ৰমৰ বিনিময়ত তেওঁলােকে ভালদৰে খাবলৈ, পিন্ধিবলৈ নাপায়। তেওঁলােকৰ শ্রমে ধনীসকলক দিয়ে মনােহৰ সামগ্রী। অট্টালিকাত থকাসকলে সমাজত নিজকে বৰ নেতা বুলি পৰিচয় দিয়ে। ধনীক শ্রেণীসকলৰ বিৰুদ্ধে দলিত শ্ৰেণীটোক নিজৰ প্ৰাপ্যৰ বাবে সংগ্রাম কৰিবলৈ কবিতাটোৰ দ্বাৰা কবিয়ে আহ্বান জনাইছে।

অর্থ লিখাঃ

ৰাণ্ডা-কাঠ মিহিকৈ চাচিবলৈ মিস্ত্রীয়ে ব্যৱহাৰ কৰা সঁজুলি বিশেষ।

ঝাণ্ডা-পতাকা। টিপ-চাহ, জলপান আদি পৰিৱেশনৰ বাবে ব্যৱহাৰ কৰা তিনিটা খুৰা থকা মেজ। প্রবাল দ্বীপ – সাগৰত প্ৰৱাল নামৰ এবিধ প্ৰাণীৰ জঁকা জমা হৈ সৃষ্টি হােৱা দ্বীপ। রিলয-নাশ, ধ্বংস। প্রাসাদ-অট্টালিকা। হম্য – কাৰেং। বিশ্ব শিল্পী মহাবিশ্বৰ – কাঠমিস্ত্রীক কবিয়ে বিশ্ব শিল্পী বুলি অভিহিত কৰিছে।

প্রঃ কাঠমিস্ত্রীৰ ঘৰ কবিতাটিৰ মূলভাৱ লিখা।

উঃমূলভাৱঃ ধীৰেন্দ্র চন্দ্র দত্তই কাঠমিস্ত্রীৰ ঘৰ নামৰ কবিতাটোৰ দ্বাৰা শ্ৰমজিৱী ব্যক্তিসকলৰ জীৱনৰ দুর্দশাৰ ছবি দাঙি ধৰিছে। কবিয়ে প্রগতিশীল চিন্তাৰে সাম্যবাদী সমাজ ব্যৱস্থা প্রতিষ্ঠা কৰিবলৈ বিচাৰে। শােষণকাৰী ধনী সমাজখনৰ বিৰুদ্ধে সংগ্রাম কৰিবলৈ শ্ৰমিকসকলক আহ্বান জনাই এই শ্রেণীটোৰ অর্থনৈতিক অৱস্থাৰ পৰিৱৰ্তন বিচাৰিছে। কাঠমিস্ত্রীয়ে হাতত ৰাণ্ডা, বটালি আদি লৈ কপালৰ ঘাম মাটিত পেলায়। তেওঁলােকৰ চেষ্টাত, নীৰস কঠিন কাঠেও প্রাণ পাই উঠে। তেওঁলােকে কঠোৰ পৰিশ্ৰম কৰি ধনী মানুহৰ বাবে আচবাব তৈয়াৰ কৰে। এই আচবাবৰ দ্বাৰা ধনী লােকে ঘৰৰ শােভা বর্ধন কৰে। কিন্তু এই শ্ৰমৰ বিনিময়ত তেওঁলােকে ভালদৰে খাবলৈ, পিন্ধিবলৈ নাপায়। তেওঁলােকৰ শ্রমে ধনীসকলক দিয়ে মনােহৰ সামগ্রী। অট্টালিকাত থকাসকলে সমাজত নিজকে বৰ নেতা বুলি পৰিচয় দিয়ে। ধনীক শ্রেণীসকলৰ বিৰুদ্ধে দলিত শ্ৰেণীটোক নিজৰ প্ৰাপ্যৰ বাবে সংগ্রাম কৰিবলৈ কবিতাটোৰ দ্বাৰা কবিয়ে আহ্বান জনাইছে।

প্রঃ বিলাসীৰ দলে কাঠমিস্ত্রীয়ে সাজি দিয়া ঘৰত কোনে জীৱন-যাপন কৰে?

উঃ কঠোৰ পৰিশ্ৰম কৰি কপালৰ ঘাম মাটিত পেলাই কাঠমিস্ত্রীয়ে ধনী লােকৰ বাবে মায়াপুৰীৰ দৰে অট্টালিকা সাজি দিয়ে। তেওঁলােকৰ চেষ্টাত নীৰস, কঠিন কাঠেও প্রাণ পাই উঠে। সেই প্রাসাদৰ ভিতৰত দামী দামী আচবাব ভৰি পৰে। বিলাসী জীৱন যাপন কৰা ধনীৰ দুলালহঁতে আৰামী চকীত গা ঘেলাই জীৱনৰ মধুৰ সংগীত গায়। এইদৰে কাঠমিস্ত্রীয়ে সজাঘৰত সমাজৰবৰ নেতাসকলে মহা সুখেৰে জীৱন কটায় বুলি কবিয়ে কৈছে।

Leave a Comment

Your email address will not be published. Required fields are marked *


Scroll to Top