মূল্যবোধ শিক্ষা Class 12 অসমীয়া (সম্পূৰ্ণ প্ৰশ্নোত্তৰ) দ্বাদশ শ্ৰেণী

বিষয়  অসমীয়া
পাঠৰ নাম মূল্যবোধ শিক্ষা
শ্ৰেণী  দ্বাদশ শ্ৰেণী
লেখক ড° দুলুমণি গােস্বামী
পাঠৰ নং 6
পাঠ্যক্ৰম  অসম মাধ্যমিক শিক্ষা পৰিষদৰ (AHSEC)

মূল্যবোধ শিক্ষা Class 12

প্রঃ কেনেবােৰ কাৰ্যৰ কোনাে মূল্য আছে বুলি ক’ব নােৱাৰি? (Final-15)
উ : ব্যক্তিৰ যি কামে বা প্রয়ােজন পূৰণে আনৰ অপকাৰ কৰি সামাজিক পৰিৱেশ বিনষ্ট কৰে তেনে কামৰ কোনাে মূল্য আছে বুলি ক’ব নােৱাৰি।

প্রঃ নৈতিক শব্দটোৰ ইংৰাজী প্রতিশব্দ কি? (Final-15)
উ : নৈতিক শব্দটোৰ ইংৰাজী প্রতিশব্দ হৈছে– (Moral) মৰেল।

প্রঃ ব্যক্তিয়ে মূল্যবােধ কিহৰ পৰা আয়ত্ব কৰে? (Final-15)
উ : ব্যক্তিয়ে সামাজিক পৰিৱেশত থাকি মূল্যবােধ আয়ত্ব কৰে।

প্রঃ লেটিন ভাষাত মৰীজ শব্দটোৰ অর্থ কি? (Final-16)
উ : লেটিন ভাষাত মৰীজ শব্দটোৰ অৰ্থ হ’ল— আচাৰ- ব্যৱহাৰ আৰু লােকাচাৰ।।

প্রঃ মূল্যবােধে সমাজত প্ৰচলিত কোনবােৰ দিশক সামৰি লয়? (Final-16)
উঃ মূল্যবােধ হৈছে মানুহৰ জীৱনৰ কিছুমান নির্দেশিকা নীতি যিবােৰে মানুহৰ দৈহিক, মানসিক উৎকর্ষ সাধন কৰি সমাজৰ মংগল কৰে। মূল্যবােধে সমাজত প্ৰচলিত ধর্মীয় বিশ্বাস, জীৱন দর্শন, নৈতিক আদর্শ, ৰাজনৈতিক আদর্শ, আচাৰ-ব্যৱহাৰ, দৈনন্দিন জীৱনৰ কার্যাৱলী– এই সকলােবােৰ দিশ সামৰি লয়।

প্রঃ মােক্ষ বুলিলে কি বুজা? (Final-17)
উঃ মােক্ষ হৈছে মানুহৰ জীৱনৰ চৰম উদ্দেশ্য লাভৰ উপায়, যিটো মানুহৰ আত্মবােধৰ ওপৰত প্রতিষ্ঠিত।

প্রঃ ৰাষ্ট্ৰীয় শিক্ষা আৰু গৱেষণা পৰিষদে উল্লেখ কৰা দহ প্রকাৰৰ মূল্যবােধ কি কি? (Final-17)
উ : ৰাষ্ট্ৰীয় শিক্ষা আৰু গৱেষণা পৰিষদে উল্লেখ কৰা দহ প্ৰকাৰৰ মূল্যবােধ হ’ল—(১) সহানুভূতি (২) সংযম (৩) অহিংসা (৪) নম্রতা (৫) সহযােগিতা (৬) অন্য সংস্কৃতিৰ প্রতি শ্রদ্ধা (৭) পৰিষ্কাৰ-পৰিচ্ছন্নতা (৮) মানৱতাবােধ (৯) দেশপ্রেম (১০) সামাজিক দায়িত্ববােধ।

প্রঃ আদর্শবাদী দার্শনিকসকলৰ মতে আধ্যাত্মিক মূল্যবােধ মানে কি? (Final-17)
উ : আদর্শবাদী দার্শনিকসকলৰ মতবাদসমূহ আধ্যাত্মিক মূল্যবােধৰ ওপৰত প্রতিষ্ঠিত। আধ্যাত্মিক মূল্যবােধে বস্তুবাদী জগতখনৰ ওপৰত গুৰুত্ব নিদি মন বা আত্মাৰ বিকাশৰ ওপৰত বেছি গুৰুত্ব দিয়ে। তেওঁলােকে ভাৱে যে মানুহৰ আধ্যাত্মিক শক্তি আছে বাবেই আন জীৱতকৈ মানুহ শ্রেষ্ঠ। মনৰ বা আত্মাৰ বিকাশে মানুহক উচ্চস্তৰলৈ নি প্রকৃত সুখৰ সন্ধান দিব পাৰে। আনহাতে, বর্তমান যান্ত্রিক সভ্যতাই মানুহক বস্তুবাদী জগতখনৰ প্রতি বেছি আকর্ষিত কৰিছে যাৰ ফলত আধ্যাত্মিক মূল্যবােধৰ গুৰুত্ব কমি আহিছে। বিলাসিতাপূর্ণ জীৱনৰ প্রতি মানুহ বেছি আকর্ষিত হৈছে। আদর্শবাদীসকলে ভাৱে যে আধ্যাত্মিক মূল্যবােধৰ অভাৱৰ বাবেই আজিৰ সমাজ খন হৈ পৰিছে বিশৃংখল, দুর্নীতিপৰায়ণ আৰু অনৈতিক। যেতিয়া মানুহে মানুহক ভাল পাবলৈ শিকিব আৰু মানুহৰ মাজত সহযােগিতা, অহিংসাভাৱ, ভক্তি, সংযম, উদাৰতা আদি বৃদ্ধি হ’ব তেতিয়া আধ্যত্মিক মূল্যবােধৰ বিকাশ হব।

প্রঃ ভাৰতীয় দর্শনে মূল্যবােধক কেইটা শ্ৰেণীত ভাগ কৰিছে আৰু কি কি? (Final-18/14/12)
উ : ভাৰতীয় দর্শনে মূল্যবােধক চাৰিটা শ্ৰেণীত ভাগ কৰিছে। যেনে- (১) ধর্ম (২) অর্থ (৩) কাম আৰু (৪) মােক্ষ।

প্রঃ ভাৰতবৰ্ষৰ প্রাচীন শিক্ষা ব্যৱস্থাৰ মূল আধাৰ কি আছিল? (Final-18)
উ : ভাৰতবৰ্ষৰ প্রাচীন শিক্ষা ব্যৱস্থাৰ মূল আধাৰ আছিল মূল্যবােধ।

মূল্যবোধ শিক্ষা Question Answer

প্রঃ চিৰন্তন মূল্যবােধ সম্পর্কে বুজাই লিখা। (Final-18)
উ : যাৰ কোনাে পৰিৱৰ্তন নহয় যিটো চিৰকাল সঁচা, সেইটোৱেই হ’ল চিৰন্তন মূল্যবােধ। আদর্শবাদী দার্শনিকসকলৰ মতে সত্যম, শিৱম, সুন্দৰমেই হ’ল চিৰন্তন মূল্যবােধ। কিয়নাে এই তিনিটাৰ কোনাে পৰিৱৰ্তন নহয়। প্রয়ােগবাদী দার্শনিক সকলে কিন্তু সম্পূর্ণ বেলেগ মত প্রকাশ কৰা দেখা যায়। তেওঁলােকে কোনাে ধৰণৰ চিৰন্তন মূল্যবােধত বিশ্বাস নকৰে। তেওঁলােকৰ মতে, “মূল্যবােধৰ সৃষ্টি যেনেকৈ সমাজে কৰে তেনেদৰে পৰিৱৰ্তনাে কৰে সমাজে। প্রকৃততে মূল্যবােধ সম্পূৰ্ণৰূপে সমাজৰ পৰিৱেশ আৰু প্রয়ােজনীয়তা সাপেক্ষে পৰিৱৰ্তন হয়। সমাজৰ পৰিৱৰ্তনৰ লগে লগে নতুন নতুন মূল্যবােধৰ সৃষ্টি হয়।” এই মূল্যবােধসমূহ সমাজতে আছে। কেৱল মানুহে তাক আৱিষ্কাৰ কৰিব পাৰিব লাগিব বা উপলব্ধি কৰিব পাৰিব লাগিব। আনহাতে প্রকৃতিবাদী দার্শনিকসকলে মূল্যবােধ ক্ষেত্ৰত বস্তুবাদী জগতখনৰ ওপৰতহে বেছি গুৰুত্ব দিছে। তেওঁলােকৰ মতে বস্তু বা প্রকৃতিয়েই মূল্যবােধ নির্ণয় কৰে।

লগতে পঢ়ক:   কাঠমিস্ত্রীৰ ঘৰ – সম্পূৰ্ণ প্ৰশ্নোত্তৰ দ্বাদশ শ্ৰেণী

প্রঃ মূল্যবােধ বুলিলে কি বুজা পাঠৰ আধাৰত চমুকৈ লিখা। (Final-18/13/20)
উঃ মূল্যবােধ হৈছে মানুহৰ জীৱনৰ কিছুমান নির্দেশক নীতি, যিবােৰ মানুহৰ দৈহিক, মানসিক উন্নতি তথা সমাজৰ কল্যাণৰ বাবে হিতকৰ। সমাজত প্ৰচলিত ধর্মীয় বিশ্বাস, জীৱন দর্শন, নৈতিক আদর্শ, ৰাজনৈতিক আদর্শ, আচাৰ-ব্যৱহাৰ, দৈনন্দিন জীৱনৰ কার্যাৱলী—এই সকলােবােৰ মূল্যবােধে সামৰি লয়। মূল্যবােধসমূহ জন্মতে আহৰণ কৰাৰ পৰিৱর্তে সামাজিক পৰিৱেশতহে আয়ত্ব কৰে। মূল্যবােধে সমাজৰ বিকাশত অৰিহণা যােগায়। মূল্যবােধৰ মাজেৰে মানুহৰ কৰ্ম আৰু চিন্তাৰ প্রকাশ হয়।

সহজ অর্থত মূল্যবােধ হৈছে আমাৰ সামাজিক জীৱন সুস্থভাৱে পৰিচালনা কৰিবৰ বাবে নাইবা সামাজিক জীৱন নিয়ন্ত্রণ কৰিবৰ বাবে কিছুমান নীতি আৰু আদর্শ যিবােৰ মানুহে শিক্ষণ আৰু সামাজিকীকৰণৰ যােগেদি আয়ত্ত কৰিব পাৰে। ভাৰতীয় দর্শনত ধর্ম, অর্থ, কাম আৰু মােক্ষৰ মাজেৰে মূল্যবােধৰ দিশ নির্ণয় কৰা হৈছে। এই মূল্যবােধ নৈতিক, আধ্যাত্মিক, নন্দনতাত্বিক, অর্থনৈতিক, আদি বিভিন্ন দিশৰ মাজেৰে প্ৰকাশ পায়।

প্রঃ মূল্যবােধ সমূহৰ অৰ্থ, উদ্দেশ্য আৰু ব্যৱহাৰ অনুসৰি চাৰিটা উল্লেখযোেগ্য প্ৰকাৰৰ নাম লিখা। (Final-19)
উঃ মূল্যবােধ সমূহৰ অর্থ, উদ্দেশ্য আৰু ব্যৱহাৰ অনুসৰি চাৰিটা উল্লেখযােগ্য প্ৰকাৰৰ নাম হ’ল (১) নৈতিক মূল্যবোেধ। (২) আধ্যাত্মিক মূল্যবােধ। (৩) অর্থনৈতিক মূল্যবােধ। (৪) নান্দনিক মূল্যবােধ।

প্রঃ মূল্যবােধৰ ত্ৰিনীতি’ কি? নাইবা ভাৰতীয় দর্শনে মূল্যবােধক কেইটা শ্ৰেণীত ভাগ কৰিছে প্রতিটো শ্ৰেণীৰ বিষয়ে চমুকৈ বুজাই লিখা। (Final-19)

উঃ প্রাচীন কালৰপৰা ভাৰতীয় দর্শনে মূল্যবােধৰ চিন্তা কৰি আহিছে। সেয়েহে ভাৰতীয় দর্শনক মূল্যবােধৰ দৰ্শন বুলি কোৱা হয়। ভাৰতীয় দর্শনে মূল্যবােধক চাৰিটা ভাগত ভাগ কৰিছে। ভাগকেইটা হ’ল—(১) ধর্ম (2) অর্থ (৩) কাম আৰু(৪) মােক্ষ। ‘ধর্ম’ হৈছে নৈতিক মূল্যবোেধ, যিয়ে মানুহক কর্তব্য সম্পর্কে সকীয়াই দিয়ে। ধমক অর্থ’ আৰু কামতকৈ শ্রেষ্ঠ বুলি গণ্য কৰা হয়। অর্থ’ আৰু কাম’ক ‘ধর্ম অর্থাৎ নৈতিকতাই পৰিচালিত কৰিব লাগে। ধর্মই ভাল বা বেয়া কামৰ পার্থক্য নির্ধাৰণ কৰে। মােক্ষ’ হৈছে মানুহৰ জীৱনৰ চৰম উদ্দেশ্য লাভৰ উপায়, যিটো মানুহৰ আত্মবােধৰ ওপৰত প্রতিষ্ঠিত। এই চাৰিটা মূল্যবােধৰ উপৰিও ভাৰতীয় জীৱন দর্শন প্রতিষ্ঠিত হৈছে তিনিটা প্রধান মূল্যবােধেৰে। যেনে- (১) সত্যম (2) শিৱম আৰু (৩) সুন্দৰম এই তিনিটাক। মূল্যবােধৰ ত্রিনীতি’ বুলি কোৱা হয়।

প্র: নন্দনতাত্বিক, মূল্যবোেধ মানে কি বুজা? নন্দনতাত্বিক মূল্যবােধে কি কি বিষয় সামৰি লয়। (Final-19)
উ : নন্দনতাত্বিক মূল্যবােধে সৌন্দর্যবােধৰ কথা কয়। মানুহে সকলাে ধৰণৰ ভাল কাম বা ভাল ঘটনা বা ধাৰণাকহে মূল্য দিয়ে। সেই বাবে এইবােৰৰ নান্দনিক
মূল্যবােধ বিচাৰি পােৱা যায়। নান্দনিক মূল্যবােধে সত্য, শিৱ আৰু সুন্দৰৰ বিষয়হে বিচাৰ কৰে। গতিকে এনে সুন্দৰ মূল্যবােধেই হৈছে নন্দনতাত্বিক মূল্যবােধ। নন্দনতাত্বিক সৌন্দর্যই মানুহক শান্তি প্রদান কৰি জীৱনটো সুন্দৰ কৰি তােলে। জড় জগত বা জীৱজগত সকলাে বস্তুৰে নন্দনতাত্বিক মূল্যবোেধ হ’ব পাৰে। দার্শনিক প্লেটোৰ মতে সকলাে বস্তুৰে এক ঐশ্বৰিক সৌন্দর্য আছে। আমি মাথোঁ ঐশ্বৰিক ধ্যান-ধাৰণাৰ যােগেদি সেই সৌন্দর্য উপলব্ধি কৰিব পাৰিব লাগিব। পৃথিৱীত থকা সকলাে বস্তুৰে সৌন্দর্য আৱিষ্কাৰ কৰিবলৈ আমি সক্ষম হ’ব লাগে। মহর্ষি টলষ্টয়ে সৌন্দর্যবােধৰ বৰ্ণনা কৰি কৈছে যে
সৌন্দর্যবােধ নিৰ্ভৰ কৰে সম্পূৰ্ণভাৱে ব্যক্তিৰ নিজস্ব গ্রহণযােগ্য ক্ষমতাৰ ওপৰত। আমি যেতিয়া এটা কবিতা অধ্যয়ন কৰো বা এখন ছবি চাওঁ বা এটা মূর্তিৰ সৌন্দর্য উপলব্ধি কৰোঁ, সেই সৌন্দর্যবােধৰ উপলব্ধিখিনি আমাৰ নিজস্ব গ্রহণযােগ্য দৃষ্টিভংগীৰ ওপৰতহে সম্পূর্ণভাৱে নিৰ্ভৰ কৰে। তেওঁৰ মতে, সৌন্দর্যবােধ বস্তুনিষ্ঠ নহয়, ব্যক্তিনিষ্ঠহে।

মূল্যবোধ শিক্ষা Class 12

প্রঃ ভাৰতীয় সংবিধানে ভাৰতবৰ্ষৰ কেনেধৰণৰ ৰাষ্ট্ৰ হিচাপে প্রতিষ্ঠা কৰিছে? (Final-20)
উঃ ভাৰতীয় সংবিধানে ভাৰতবৰ্ষক এখন সার্বভৌম, গণতান্ত্রিক, সমাজবাদী আৰু ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ হিচাপে প্রতিষ্ঠা কৰিছে।

প্র : ভাৰতীয় দর্শনত মূলবোেধ সম্পর্কে চমুকৈ লিখা। (Final-20)
উঃ ভাৰতীয় দর্শন হৈছে মূল্যবােধৰ দৰ্শন। ভাৰতীয় দর্শন পাশ্চাত্য দর্শনৰ দৰে কেৱল ৰহস্যৰ পৰা সৃষ্টি হােৱা নাই, বৰং প্রয়ােজনীয়তাৰ ফলতহে সৃষ্টি হৈছে। ভাৰতীয় দৰ্শনৰ উৎপত্তি ব্যক্তিক জীৱন ধাৰণৰ উত্তম উপায় দেখুৱাবৰ বাবেহে। ভাৰতীয় দর্শনে মূল্যবােধক চাৰিটা শ্ৰেণীত ভাগ কৰিছে- (ক) ধর্ম (খ) অর্থ (গ) কাম (ঘ) মােক্ষ

লগতে পঢ়ক:   বৰগীত Class 12 (উঠৰে উঠ বাপু গােপাল হে) সম্পুৰ্ণ প্ৰশ্ন উত্তৰ

ধর্ম হৈছে নৈতিক মূল্যবােধ, যিয়ে মানুহক কর্তব্য সম্পর্কে সকীয়াই দিয়ে। এই মূল্যবােধক আন দুটা মূল্যবােধ অর্থ আৰু কামতকৈ শ্রেষ্ঠ বুলি গণ্য কৰা হয়। প্রকৃতাৰ্থত এই দুটা মূল্যবোেধক পৰিচালিত কৰিব লাগে ধর্মই অর্থাৎ নৈতিকতাই। আকৌ, ‘মােক্ষ’ হৈছে মানুহৰ জীৱনৰ চৰম উদ্দেশ্য লাভৰ উপায়, যিটো মানুহৰ আত্মবােধৰ ওপৰত প্রতিষ্ঠিত। এই চাৰিটাৰ উপৰি ভাৰতীয় জীৱন দর্শন প্রতিষ্ঠিত হৈছে তিনিটা প্রধান মূল্যবােধ ‘সত্যম, শিৱম আৰু সুন্দৰমৰ ওপৰত; যাক মূল্যবােধৰ ত্রিনীতি’ বুলি কোৱা হয়। ইয়াৰােপৰি অহিংসা হৈছে ভাৰতীয় মূল্যবােধত এক অভিনৱ সংযােজন। ভাৰতীয় সংবিধানে ভাৰতবৰ্ষক এখন সার্বভৌম, গণতান্ত্রিক, সমাজবাদী আৰু ধৰ্মনিৰপেক্ষ ৰাষ্ট্র হিচাপে প্রতিষ্ঠা কৰিছে।

প্রঃ প্রকৃতিবাদী দার্শনিক মতটি লিখা। (Final-13)
উঃ প্রকৃতিবাদী দার্শনিকসকলে মূল্যবোেধৰ ক্ষেত্ৰত বস্তুবাদী জগতখনৰ ওপৰতহে বেছি গুৰুত্ব দিছে। তেওঁলােকৰ মতে বস্তু বা প্রকৃতিয়ে মূল্যবােধ নিৰূপণ কৰে।

প্রঃ প্ৰথম অৱস্থাত মূল্য ’শব্দটো কি উদ্দেশ্যত ব্যৱহাৰ কৰা হৈছিল?
উঃ প্ৰথম অৱস্থাত ‘মূল্য শব্দটো কেৱল অর্থনৈতিক উদ্দেশ্যত ব্যৱহাৰ কৰা হৈছিল।

প্রঃ ৰাষ্ট্ৰীয় শিক্ষা আৰু গৱেষণা শিক্ষণ পৰিষদে কিমানটা মূল্যবােধ চিনাক্ত কৰিছে?

উঃ ৰাষ্ট্ৰীয় শিক্ষা আৰু গৱেষণা শিক্ষণ পৰিষদে ৮৪ টা মূল্যবােধ চিনাক্ত কৰিছে।

প্রঃ আদর্শবাদী দার্শনিকসকলৰ মতে মূল্যবােধ কেইটা আৰু কি কি?
উ : আদর্শবাদী দার্শনিকসকলৰ মতে মূল্যবােধ হৈছে। তিনিটা—(১) সত্যম (২) শিৱম (৩) সুন্দৰম।

প্রঃ নৈতিক শব্দটোৰ ইংৰাজী প্রতিশব্দ মৰেল শব্দটোৰ উৎপত্তি কোন ভাষাৰ পৰা হৈছে?
উঃ নৈতিক শব্দটোৰ ইংৰাজী প্রতিশব্দ মৰেল শব্দটো লেটিন ভাষাৰ পৰা উৎপত্তি হৈছে।

মূল্যবোধ শিক্ষা pdf

প্রঃ মহর্ষি টলষ্টয়ৰ মতে সৌন্দর্যবােধ কি?
উঃ মহর্ষি টলষ্টয়ৰ মতে সৌন্দর্যবােধ নিৰ্ভৰ কৰে, সম্পূর্ণভাৱে ব্যক্তিৰ নিজস্ব গ্রহণযােগ্য ক্ষমতাৰ ওপৰত। অর্থাৎ সৌন্দর্যবােধ বস্তুনিষ্ঠ নহয় ব্যক্তিনিষ্ঠহে।

প্রঃ মনােবিজ্ঞানীসকলে শিশুৰ নৈতিক বিকাশৰ বিষয়ে কেইটা আচৰণৰ কথা চিন্তা কৰিছে আৰু কি কি?
উঃ মনােবিজ্ঞানীসকলে শিশুৰ নৈতিক বিকাশৰ বিষয়ে চাৰিটা বিশেষ আচৰণ চিনাক্ত কৰিছে। সেইকেইটা হ’ল- (১) যুক্তিনিষ্ঠতা। (২) পৰােপকাৰিতা। (৩) দায়িত্ববােধ। (৪) নৈতিক স্বতন্ত্রতা।

প্রঃ আদর্শবাদী দার্শনিকসকলৰ মতবাদসমূহ কিহৰ ওপৰত প্রতিষ্ঠিত? এওঁলােকে কিহৰ ওপৰত গুৰুত্ব দিয়ে?
উঃ আদর্শবাদী দার্শনিকসকলৰ মতবাদসমূহ আধ্যাত্মিক মূল্যবােধৰ ওপৰত প্রতিষ্ঠিত। আধ্যাত্মিক মূল্যবােধে বস্তুবাদী জগতখনৰ ওপৰত গুৰুত্ব নিদি মন বা আত্মাৰ বিকাশৰ ওপৰতহে গুৰুত্ব দিয়ে। মনৰ নাইবা আত্মাৰ বিকাশেহে মানুহক উচ্চস্তৰলৈ লৈ যাব পাৰে আৰু প্রকৃত সুখৰ সন্ধান দিব পাৰে।

প্রঃ নন্দনতাত্বিক মূল্যবােধৰ চাবিকাঠী কি? (Final-20)
উ নন্দনতাত্বিক মূল্যবােধৰ চাবি-কাঠী হৈছে–মনােযােগ।

প্রঃ মূল্যবােধ-শিক্ষা নামৰ পাঠটোৰ লিখক কোন? তেওঁ বর্তমান কত অধ্যাপনা কৰি আছে?
উ: মূল্যবােধ-শিক্ষা নামৰ পাঠটোৰ লিখক ড° দুলুমণি গোস্বামী। তেওঁ বর্তমান গুৱাহাটী বিশ্ববিদ্যালয়ৰ শিক্ষা বিভাগত অধ্যাপনা কৰি আছে।

প্রঃ প্ৰকৃততে মূল্যবােধক কি দৃষ্টিকোণৰ পৰা বিচাৰ কৰা হয়?
উঃ প্ৰকৃততে মূল্যবােধক সামাজিক দৃষ্টিকোণৰ পৰা বিচাৰ কৰা হয় বুলি লিখকে কৈছে। কাৰণ সহজ অর্থত মূল্যবােধ হৈছে আমাৰ সামাজিক জীৱন সুস্থভাৱে পৰিচালনা কৰিবৰ বাবে বা সামাজিক জীৱন নিয়ন্ত্রণ কৰাৰ বাবে কিছুমান নীতি আৰু আদর্শ— যিবােৰ মানুহে শিক্ষণ আৰু সামাজিকীকৰণৰ
যােগেদি আয়ত্ত কৰে।

প্রঃ আধ্যাত্মিক মূল্যবােধৰ বিকাশ কেতিয়া হ’ব?
উঃ যেতিয়া মানুহে মানুহক ভাল পাবলৈ শিকিব, সহযােগিতা, অহিংসাভাৱ, ভক্তি, সংযম, উদাৰতা আদি বৃদ্ধি হব তেতিয়াই আধ্যাত্মিক মূল্যবােধৰ বিকাশ হ’ব।

অর্থ লিখাঃ

মােক→ মুক্তি, নির্বাণ লাভ, সংসাৰ বন্ধনৰ পৰা মােচন।

লগতে পঢ়ক:   বিশ্ব খনিকৰ দ্বাদশ শ্ৰেণী কবিতা গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ

সত্যম, শিম, সুন্দৰম→-নন্দনতাত্বিক সুখ বা আনন্দ। (সূক্ষ্ম অনুভূতি, চিন্তাৰ দ্বাৰা এই আনন্দ পােৱা যায়)।

গর্দভ→গাধ।

শৃগাল→শিয়াল।

প্রঃ মূল্যবােধ বুলিলে কি বুজা পাঠৰ আধাৰত চমুকৈ লিখা

উঃ মূল্যবােধ হৈছে মানুহৰ জীৱনৰ কিছুমান নির্দেশক নীতি, যিবােৰ মানুহৰ দৈহিক, মানসিক উন্নতি তথা সমাজৰ কল্যাণৰ বাবে হিতকৰ। সমাজত প্ৰচলিত ধর্মীয় বিশ্বাস, জীৱন দর্শন, নৈতিক আদর্শ, ৰাজনৈতিক আদর্শ, আচাৰ-ব্যৱহাৰ, দৈনন্দিন জীৱনৰ কার্যাৱলী—এই সকলােবােৰ মূল্যবােধে সামৰি লয়। মূল্যবােধসমূহ জন্মতে আহৰণ কৰাৰ পৰিৱর্তে সামাজিক পৰিৱেশতহে আয়ত্ব কৰে। মূল্যবােধে সমাজৰ বিকাশত অৰিহণা যােগায়। মূল্যবােধৰ মাজেৰে মানুহৰ কৰ্ম আৰু চিন্তাৰ প্রকাশ হয়।
সহজ অর্থত মূল্যবােধ হৈছে আমাৰ সামাজিক জীৱন সুস্থভাৱে পৰিচালনা কৰিবৰ বাবে নাইবা সামাজিক জীৱন নিয়ন্ত্রণ কৰিবৰ বাবে কিছুমান নীতি আৰু আদর্শ যিবােৰ মানুহে শিক্ষণ আৰু সামাজিকীকৰণৰ যােগেদি আয়ত্ত কৰিব পাৰে। ভাৰতীয় দর্শনত ধর্ম, অর্থ, কাম আৰু মােক্ষৰ মাজেৰে মূল্যবােধৰ দিশ নির্ণয় কৰা হৈছে। এই মূল্যবােধ নৈতিক, আধ্যাত্মিক, নন্দনতাত্বিক, অর্থনৈতিক, আদি বিভিন্ন দিশৰ মাজেৰে প্ৰকাশ পায়।

প্রঃ মূল্যবােধৰ ত্ৰিনীতি’ কি?

উঃ প্রাচীন কালৰপৰা ভাৰতীয় দর্শনে মূল্যবােধৰ চিন্তা কৰি আহিছে। সেয়েহে ভাৰতীয় দর্শনক মূল্যবােধৰ দৰ্শন বুলি কোৱা হয়। ভাৰতীয় দর্শনে মূল্যবােধক চাৰিটা ভাগত ভাগ কৰিছে। ভাগকেইটা হ’ল—(১) ধর্ম (2) অর্থ (৩) কাম আৰু(৪) মােক্ষ। ‘ধর্ম’ হৈছে নৈতিক মূল্যবোেধ, যিয়ে মানুহক কর্তব্য সম্পর্কে সকীয়াই দিয়ে। ধমক অর্থ’ আৰু কামতকৈ শ্রেষ্ঠ বুলি গণ্য কৰা হয়। অর্থ’ আৰু কাম’ক ‘ধর্ম অর্থাৎ নৈতিকতাই পৰিচালিত কৰিব লাগে। ধর্মই ভাল বা বেয়া কামৰ পার্থক্য নির্ধাৰণ কৰে। মােক্ষ’ হৈছে মানুহৰ জীৱনৰ চৰম উদ্দেশ্য লাভৰ উপায়, যিটো মানুহৰ আত্মবােধৰ ওপৰত প্রতিষ্ঠিত। এই চাৰিটা মূল্যবােধৰ উপৰিও ভাৰতীয় জীৱন দর্শন প্রতিষ্ঠিত হৈছে তিনিটা প্রধান মূল্যবােধেৰে। যেনে- (১) সত্যম (2) শিৱম আৰু (৩) সুন্দৰম এই তিনিটাক। মূল্যবােধৰ ত্রিনীতি’ বুলি কোৱা হয়।

Leave a Comment

Your email address will not be published. Required fields are marked *


Scroll to Top