কৰুণতম কবিতা প্ৰশ্ন উত্তৰ দ্বাদশ শ্ৰেণী (Question Answer)

বিষয়  অসমীয়া
পাঠৰ নাম কৰুণতম কবিতা
শ্ৰেণী  দ্বাদশ শ্ৰেণী
লেখক  ড° নিৰ্মলপ্ৰভা বৰদলৈৰ
গােট পদ্যাংশ
পাঠৰ নং Chapter 8
পাঠ্যক্ৰম  অসম মাধ্যমিক শিক্ষা পৰিষদৰ (AHSEC)

কৰুণতম কবিতা প্ৰশ্ন উত্তৰ

প্রঃ কোনখন গ্ৰন্থৰ বাবে ড° নিৰ্মলপ্ৰভা বৰদলৈয়ে সাহিত্য অকাডেমি বঁটা লাভ কৰে?  (Final-2015)
উঃ সুদীর্ঘ দিন’ আৰু ঋতু’ৰ বাবে ড° নির্মলপ্ৰভা বৰদলৈয়ে সাহিত্য অকাডেমি বঁটা লাভ কৰে।

প্রঃ ড° নির্মলপ্ৰভা বৰদলৈৰ গৱেষণামূলক গ্রন্থ তিনিখনৰ নাম লিখা।(Final-2014/15/19)
উঃ ড° নিৰ্মলপ্ৰভা বৰদলৈৰ তিনিখন গৱেষণা গ্রন্থৰ নাম হ’ল—(১) দেৱী’ (2) শিৱ আৰু (৩) সূর্য।

প্রঃ আহিনৰ পথাৰৰ গােন্ধত কবিয়ে কাক কেনেভাৱে পােৱা যেন অনুভৱ কৰে? (Final-2017)
উঃ আহিনৰ পথাৰৰ গােন্ধত কবিয়ে তেওঁৰ দেউতাকক পোৱা যেন অনুভৱ কৰে। কবিৰ দেউতাক এজন কৃষক আছিল। কবিয়েই তেওঁৰ জীয়াই থকাৰ সম্বল আছিল। আহিন মাহত কবিৰ দেউতাকো পথাৰত ব্যস্ত হৈ পৰিছিল বাবে আহিনৰ পথাৰৰ গােন্ধত কবিয়ে দেউতাকক পােৱা যেন অনুভৱ কৰে।

প্রঃ ভূ নির্মলপ্ৰভা বৰদলৈৰ প্ৰথম কবিতা পুথিখনৰ নাম কি? (Final-2017/12/19)
উঃ ড° নিৰ্মলপ্ৰভা বৰদলৈৰ প্রথম কবিতা পুথিখনৰ নাম হ’ল—বনফৰিঙৰ ৰং।

প্রঃ কৰুণতম’ নামৰ কবিতাটি কোনখন গ্ৰন্থৰ পৰা লােৱা হৈছে? (Final-2018)
উঃ কৰুণতম’ নামৰ কবিতাটো ড° নিৰ্মলপ্ৰভা বৰদলৈৰ দিনৰ পাছত দিন’ নামৰ কাব্য পুথিৰ পৰা লােৱা হৈছে।

প্র : ড° নিৰ্মলপ্ৰভা বৰদলৈৰ গীতৰ পুথি দুখনিৰ নাম লিখা। (Final-2018)
উ : ড°নিৰ্মলপ্ৰভা বৰদলৈৰ গীতৰ পুথি দুখনিৰ নাম হ’ল— (১)‘সােণবৰণীয়া আই’ আৰু (২) সুৰীয়া মাত’।

প্রঃ প্ৰসংগ সংগতি দশাই ব্যাখ্যা কৰা—- (Final-2019)
মই মােক………. ক’ত??
উ : উক্ত কবিতাফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত ড° নিৰ্মলপ্ৰভা বৰদলৈৰ কৰুণতম কবিতাটিৰ পৰা তুলি অনা হৈছে।

আধুনিক পৰিৱর্তনে কবিৰ স্মৃতি-হেৰাই পেলােৱাৰ দুখত উক্ত কবিতাফাকি প্ৰকাশ কৰিছে।
বর্তমান সমাজখনক আধুনিকতাই এনেদৰে গ্রাস কৰিছে যে নিজৰ অস্তিত্বৰ প্ৰতিয়েই যেন কবিৰ সন্দেহ উপজিছে। কবিৰ দেউতাক কৃষক আছিল। আহিন মাহৰ পথাৰৰ গােন্ধ পালে তেওঁৰ পিতৃলৈ মনত পৰে। তেনেদৰে কবিৰ মাতৃও, এগৰাকী শিপিনী আছিল। দোকানৰ জাপ ভঙা গামােচাৰ সুবাসত তেওঁ মাতৃৰ স্মৃতি অনুভৱ কৰে। কবিৰ পিতৃ-মাতৃয়ে কৰ্মৰ মাজেৰে নিজৰ স্মৃতি এৰি থৈ গৈছে। কিন্তু কবিৰ মনত সন্দেহ হৈছে তেওঁ যেন নিজৰ স্মৃতি ৰাখি থৈ যাব নােৱাৰিব। কাৰণ আধুনিকতাৰ প্রভাৱত উত্তৰ পুৰুষে সেই পুৰণি স্মৃতিবােৰ হয়তাে গ্রহণ নকৰিব। সেইবাবে কবিয়ে নিজৰ সন্তানৰ কাৰণে কেনেদৰে স্মৃতি এৰি থৈ যাব বুলি আক্ষেপ কৰি কৈছে।

লগতে পঢ়ক:   জনতাৰ আহ্বান – সম্পূৰ্ণ প্ৰশ্নোত্তৰ দ্বাদশ শ্ৰেণী

কৰুণতম কবিতা প্ৰশ্ন উত্তৰ

প্রঃ নির্মলপ্ৰভা বৰদলৈৰ তিনিখন কবিতা পুথিৰ নাম লিখা। (Final-2020)
উঃনির্মলপ্ৰভা বৰদলৈৰ তিনিখন কবিতা পুথিৰ নাম হল- (১) দিনৰ পাছত দিন (২) সুদীর্ঘ দিন আৰু ঋতু (৩) অংগ।

প্রঃ ড° নির্মলপ্ৰভা বৰদলৈয়ে অসম সাহিত্য সভাৰ কোনখন অধিৱেশনত সভাপতিত্ব কৰিছিল? (Final-2020)
উঃ ড° নিৰ্মলপ্ৰভা বৰদলৈয়ে অসম সাহিত্য সভাৰ ১৯৯১ চনৰ দুধনৈ অধিৱেশনত সভাপতিত্ব কৰিছিল।

প্রঃ ড° নির্মলপ্ৰভা বৰদলৈয়ে কোন স্থানত জন্মগ্রহণ কৰিছিল? (Final-2020)
উ : ড° নিৰ্মলপ্ৰভা বৰদলৈয়ে শিৱসাগৰত জন্ম গ্রহণ কৰিছিল।

প্র: কৰুণতম’ কোন শ্ৰেণীৰ কবিতা?
উ : কৰুণতম’ গাঁৱলীয়া জীৱনৰ আধাৰত ৰচিত এটি আধুনিক কবিতা।

প্রঃ কবিয়ে আইক ক’ত বিচাৰি পায়?
উঃ দোকানৰ জাপ-ভঙা গামােচাৰ সুবাসত কবিয়ে আইক বিচাৰি পায়।

প্রঃ কৰুণতম’আৰু সুবাস’ শব্দ দুটাৰ অর্থ লিখা।
কৰুণতমঃ বিষাদেৰে ভৰা, অতি-দুখদায়ক।
সুবাসঃ ভাল গােন্ধ।

কৰুণতম Question Answer

প্রঃ কৰুণতম কবিতাৰ নামকৰণৰ তাৎপয বিশ্লেষণ কৰা।
উ : কৰুণতম কবিতাৰ দ্বাৰা কবি নিৰ্মলপ্ৰভা বৰদলৈৰ মনৰ দুখ বা কাৰুণ্য প্রকাশ পাইছে। কবিতাটোত কবিৰ পিতৃ আৰু মাতৃৰ স্মৃতি জাগ্রত হৈছে। কবিৰ দেউতাক এই পৃথিৱীত নাই। কবিৰ দেউতাক এজন খেতিয়ক আছিল। খেতি কৰি তেওঁ জীবিকা নির্বাহ কৰিছিল। সেয়েহে আহিনৰ পথাৰৰ গােন্ধ কেনেবাকৈ নাকত লাগিলে কবিৰ দেউতাকলৈ মনত পৰে। আকৌ কবিৰ মাতৃও এগৰাকী শিপিনী আছিল। দোকানৰ জাপ ভঙা গামােচাৰ সুবাসে কবিৰ মনত মাতৃৰ স্মৃতি জাগ্রত কৰি তুলিছিল। কবিৰ মাক-দেউতাকে নিজৰ নির্দিষ্ট কৰ্মৰ দ্বাৰা সময়ৰ বুকুত সাক্ষৰ ৰাখি গৈছে। কবিয়ে নিজৰ সন্তান অর্থাৎ ভৱিষ্যৎ প্রজন্মৰ বাবে কোনাে স্মৃতি এৰি যাব নােৱাৰিব বুলি ভয় কৰিছে। কবিয়ে কোনাে স্মৃতি থৈ যাব নােৱাৰিলে তেওঁৰ সন্তানে অর্থাৎ নতুন প্রজন্মই কবিক হয়তাে পাহৰি যাব। সেয়েহে তেওঁৰ মনত কাৰুণ্যতাৰ ভাব উদয় হৈছে। শেষত কবিতাটোৰ নামকৰণ সার্থক হৈছে বুলি ক’ব পাৰি।

প্রঃ কৰুণতম কবিতাটিৰ মূলভাৱ লিখা।
ডঃ মূলভাৱঃ কৰুণতম’ নামৰ কবিতাটিত কবি নির্মল প্রভা বদলৈয়ে আহিনৰ পথাৰৰ গইনা লৈ নিজৰ কৃষক পিতৃ আৰু শিপিনী মাতৃক শ্ৰদ্ধাৰে সোঁৱৰণ কৰিছে। অৱয়বৰ ফালৰ পৰা সৰু হলেও “হাতী মাৰি ভুৰুকাত ভৰােৱাৰদৰে বাঙময় ভাষাৰে গাঁৱলীয়া কৃষিজীৱী মানুহৰ জীৱনৰ ছবিখন কবিয়ে সফলতাৰে ৰূপায়ণ কৰিছে। কবিয়ে কৃষক পিতৃৰ আলমত আহিনৰ পথাৰত কৃষিজীৱী মানুহৰ যি পৰম ব্যস্ততা তাৰ এটি ইংগিত দিছে। কবিয়ে প্রত্যক্ষ কৰিছিল কেনেকৈ আহিন মাহৰ পৰাই কৃষক পিতৃয়ে খেতিৰ প্ৰাৰম্ভিক কাম-কাজত লিপ্ত হৈছিল। সেইদৰে কবিয়ে দেখিছিল তেওঁৰ শিপিনী মাতৃয়ে কেনেকৈ “ছাতে শুকুৱা, মুঠিতে লুকুৱা” ফুলাম গামােচা, চাদৰ আদি তাঁতশালত বৈ উলিয়াইছিল। কিন্তু আধুনিকতাৰ ধামখুমীয়াত লাহে লাহে তাঁতশালত বহি গামােচাবােৱা শিপিনীৰ সংখ্যা যেন কমি আহিছে। বাহিৰৰ পৰা অহা চালানী অর্থাৎ মেচিনত বােৱা গামােচাই বজাৰ ভৰি পৰিছে। বজাৰৰ পৰা ক্ৰয় কৰা গামােচা জাপ ভাঙি ব্যৱহাৰ কৰাৰ সময়ত কবি আনমনা হৈ পৰিছে। মাতৃলৈ মনত পেলাইছে। লগতে কবিয়ে অনুভৱ কৰিছে তেওঁৰ নিজৰ সন্তানে তেওঁক ক’ত বিচাৰি পাব! তেওঁৰ সন্তানে তেওঁৰ স্মৃতিচাৰণ কৰিবলৈ তেওঁ কি থৈ যাব! এনেবােৰ ভাৱে কবিক আৱেগিক কৰি তুলিছে।

লগতে পঢ়ক:   আনন্দৰাম বৰুৱা দ্বাদশ শ্ৰেণীৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ সমূহ

প্রঃ কৰুণতম কবিতাত কবিৰ অন্তৰৰ গভীৰ দুখবােধ কেনেদৰে প্ৰকাশ পাইছে বিচাৰ কৰা।
উঃ কৰুণতম’ কবিতাটিত কবিয়ে অন্তৰৰ গভীৰ দুখবােধ প্ৰকাশ কৰিছে। কবিয়ে নিজৰ দেউতাকক হেৰুৱা বাবে দুখ অনুভৱ কৰিছে। কবিৰ দেউতাক এজন খেতিয়ক আছিল। খেতিয়েই তেওঁৰ জীৱীকাৰ উপায় আছিল। সেয়েহে আহিনৰ গােন্ধ পালে কবিৰ দেউতাকৰ কথা মনত পৰি মন কাৰুণ্যৰে ভৰি পৰে। কবিৰ মাকো এজনী শিপিনী আছিল। সেয়েহে দোকানৰ জাপ ভঙা গামােচাৰ সুভাসত কবিয়ে শিপিনী মাতৃক বিচাৰি পায়। কবিৰ মাক-দেউতাকে কৰ্মৰ দ্বাৰা কবিৰ মনত স্বাক্ষৰ ৰাখি থৈ গৈছে। কবিয়ে নিজৰ সন্তানৰ কাৰণে কোনাে স্মৃতি ৰাখি থৈ যাব নােৱাৰিব বুলি দুখ প্ৰকাশ কৰিছে। এনেদৰে কবিৰ অন্তৰৰ গভীৰ দুখবােধ প্রকাশ পাইছে।

প্র: কৰুণতম’ কোন শ্ৰেণীৰ কবিতা?

উ : কৰুণতম’ গাঁৱলীয়া জীৱনৰ আধাৰত ৰচিত এটি আধুনিক কবিতা।

প্র: কৰুণতম শব্দৰ অৰ্থ কি?

উ : কৰুণতমঃ বিষাদেৰে ভৰা, অতি-দুখদায়ক।

প্রঃ ভূ নির্মলপ্ৰভা বৰদলৈৰ প্ৰথম কবিতা পুথিখনৰ নাম কি?

উঃ ড° নিৰ্মলপ্ৰভা বৰদলৈৰ প্রথম কবিতা পুথিখনৰ নাম হ’ল—বনফৰিঙৰ ৰং।

Leave a Comment

Your email address will not be published. Required fields are marked *


Scroll to Top