কৈশােৰ কাল আৰু ইয়াৰ উপযােগী শিক্ষা (সম্পূৰ্ণ প্ৰশ্নোত্তৰ) দ্বাদশ শ্ৰেণী

বিষয়  অসমীয়া
পাঠৰ নাম কৈশােৰ কাল আৰু ইয়াৰ উপযােগী শিক্ষা
শ্ৰেণী  দ্বাদশ শ্ৰেণী
লেখক ড° স্বর্ণলতা দাস
পাঠৰ নং
পাঠ্যক্ৰম  অসম মাধ্যমিক শিক্ষা পৰিষদৰ (AHSEC)

কৈশােৰ কাল আৰু ইয়াৰ উপযােগী শিক্ষা

প্রঃ কৈশােৰ কালক কি কি দুখন জগতৰ সংযােগী কাল বুলি ক’ব পাৰি? (Final-15/13/20)
উঃ কৈশােৰ কালক শিশুৰ জগত আৰু প্রাপ্ত বয়স্কৰ জগতৰ সংযােগী কাল বুলি ক’ব পাৰি।

প্রঃ মানসিক শক্তি মানে প্রধানকৈ কেনেধৰণৰ শক্তিক বুজোৱা হৈছে।? (Final-15/20)
উঃ মানসিক শক্তি মানে প্রধানকৈ বুদ্ধি, বিমূর্ত চিন্তাৰ ক্ষমতা, যুক্তিশক্তি, বিভিন্ন দিশত আগ্রহ আদি শক্তিক বুজোৱা হৈছে।

প্রঃ কিশােৰ অৱস্থাপ্রাপ্তি কোন দুটা ক্ষেত্ৰত আগতীয়া হয়? (Final-15)
উঃ কিশােৰ অৱস্থাপ্রাপ্তিৰ ক্ষেত্ৰ দুটা হ’ল–
(১) ল’ৰাতকৈ ছােৱালীৰ অৱস্থাপ্রাপ্তি আগতীয়া হয়।
(২) শীতল জলবায়ুৰ দেশতকৈ গৰম জলবায়ুৰ দেশৰ শিশুৰ ক্ষেত্ৰত কিশােৰ অৱস্থাপ্রাপ্তি আগতীয়া হয়।

প্রঃ বীৰ পূজাৰ প্ৰবৃত্তি কৈশােৰ কালৰ আন এক বৈশিষ্ট্য। কথাষাৰি পাঠৰ আধাৰত চমুকৈ লিখা। (Final-15)
উ : বীৰপূজাৰ প্ৰবৃত্তি কৈশােৰ কালৰ আন এক বৈশিষ্ট্য। নিজৰ ভাল লগাব্যক্তিৰ জীৱনৰ আদৰ্শ গ্ৰহণৰ প্ৰবৃত্তি এইসময়ত প্রবল হৈ উঠে। সেয়েহে সেইসকল ব্যক্তিৰ ব্যক্তিত্বৰ সকলােবােৰ গুণৰ নীৰৱ অনুকৰণ কিশােৰ-কিশােৰীয়ে কৰিবলৈ লয়। কিশােৰসকলে আদর্শ ব্যক্তি হিচাপে গ্ৰহণ কৰা দেখা যায় সচৰাচৰ ছবিজগতৰ নাইবা খেলজগতৰ লগত জড়িত ব্যক্তিসকলক। চিনেমাৰ হিৰ’ বা খেলজগতৰ খেলুৱৈক তেওঁলােকে পূজা কৰিবলৈ লয়। বীৰপূজনৰ
এই প্রবৃত্তিক সঠিক পথেৰে নিবলৈ কৈশােৰ কালৰ শিক্ষাৰ পাঠ্যক্ৰমত মহৎলােকৰ জীৱনী অন্তর্ভুক্ত কৰা হয়।

প্র : আন্তৰাষ্ট্ৰীয় শিক্ষা আয়ােগ কোন চনত গঠিত হৈছিল। (Final-13/16)
উ : আক্তৰাষ্ট্ৰীয় শিক্ষা আয়ােগ ১৯৯৬ চনত গঠিত হৈছিল।

প্রঃ ভাৰত চৰকাৰে কোন চনত নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি ঘােষণা কৰে। (Final-14/17)
উঃ ভাৰত চৰকাৰে ১৯৮৬ চনত নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি ঘােষণা কৰে।

প্র : মানৱ জীৱনৰ কোনছােৱা সময়ক কৈশােৰ কাল বুলি জনা যায়? (Final-17)
উ : মানৱ জীৱনৰ বাল্যকাল আৰু প্রাপ্তবয়স্কৰ মাজৰ ১১ বছৰ বয়সৰ পৰা ১৯ বছৰ বয়সৰ সময়ছােৱাক কৈশােৰ কাল বুলি জনা যায়।

প্রঃ জাতীয় পাঠ্যক্রম গাঁথনি ২০০৫ (National Curricular Framework, 2005)ৰ পৰামৰ্শাৱলী সম্পর্কে লিখা। (Final-17)

উঃ ৰাষ্ট্ৰীয় শিক্ষা, গৱেষণা আৰু প্রশিক্ষণ পৰিষদে প্রস্তুত কৰা জাতীয় পাঠ্যক্রম গাঁথনি ২০০৫ (National Curricular Framework, 2005)ৰ পৰামৰ্শাৱলী বিশেষভাৱে প্রযােজ্য। এই পাঠ্যক্রম-গার্থনিৰ উদ্দেশ্য অনুসৰি স্কুলত প্ৰদান কৰা জ্ঞানে বাহিৰৰ জগতখনৰ লগত ছাত্র-ছাত্রীৰ মনৰ সংযােগ স্থাপন কৰিব লাগে আৰু পাঠ্যক্রম কেৱল পাঠ্যপুথিতে আবদ্ধ হৈ থাকিব নালাগে। কেৱল সেয়ে নহয়, জ্ঞানৰ পৰিধি কেৱল বিশেষ বিশেষ বিষয়তে সীমাবদ্ধ নকৰি এক সুসংহত জ্ঞানৰ আভাস ছাত্ৰ-ছাত্ৰীক দিয়াৰ বাবে যত্নপৰ হব লাগে। পাঠ্যক্ৰমৰ মাজেৰে দিয়া জ্ঞানৰ সু-সংহত বিকাশৰ কাৰণে শিক্ষাৰ লগত প্রত্যক্ষ আৰু পৰােক্ষভাৱে জড়িত আটাইবােৰ ব্যক্তি যেনে- পিতৃ-মাতৃ, অভিভাৱক, শিক্ষক আৰু অন্যান্য সকলৰ দায়িত্ব আৰু কর্তব্য সমানে গুৰুত্বপূর্ণ।

প্রঃ কৈশােৰ কালৰ বাবে কেনেধৰণৰ শিক্ষা উপযােগী? উদাহৰণসহ বর্ণনা কৰা। (Final-2017)
নাইবা
১৯৫২-৫৩ চনৰ মাধ্যমিক শিক্ষা আয়ােগে উল্লেখ কৰা তিনিটা লক্ষ্য লিখা।
উঃ কৈশােৰ কালক জীৱনৰ বয়ঃসন্ধিৰ কাল বুলি কোৱা হয়। এই সময়ছােৱাৰ কিশােৰ-কিশােৰীয়ে পঢ়া শিক্ষানুষ্ঠান হল মাধ্যমিক শিক্ষাৰ অনুষ্ঠান আৰু প্রচলিত শিক্ষা হ’ল মাধ্যমিক শিক্ষা। মাধ্যমিক শিক্ষাৰ জৰিয়তে এটা জাতিৰ লক্ষ্য আৰু আদর্শক উপলব্ধি কৰিব পাৰি। এই সময়ত আনুষ্ঠানিক শিক্ষাৰ লগত অনানুষ্ঠানিক শিক্ষাকে সমানে গুৰুত্ব দিয়া উচিত। এই কালছােৱাৰ শিক্ষা ব্যৱস্থাও কিছু গুরুত্বপুর্ণ। কৈশােৰ কালৰ শিক্ষাৰ বাবে মাধ্যমিক শিক্ষা উপযুক্ত বুলি ভবা হৈছে।

উল্লেখযােগ্য যে ব্যক্তি জীৱনৰ জটিলতাপূর্ণ কৈশােৰ কালক সামৰি লােৱা মাধ্যমিক শিক্ষাই সমগ্র শিক্ষা ব্যৱস্থাত এক গুৰুত্বপূর্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। ১৯৫২-৫৩ চনত মাধ্যমিক শিক্ষা আয়ােগে মাধ্যমিক শিক্ষাৰ তিনিটা সামাজিক লক্ষ্যৰ বিষয়ে উনুকিয়াইছিল। সেইকেইটা হ’ল—
(১) দেশৰ সমসাময়িক ৰাজনৈতিক, সামাজিক বা অর্থনৈতিক সমস্যাৰ পটভূমিত বর্তমান আৰু ভৱিষ্যতৰ দাবী পূৰাব পৰাকৈ শিক্ষা ব্যৱস্থাক গঢ় দিয়া।
(২) ধর্ম নিৰপেক্ষ দেশৰ সু-নাগৰিক হিচাপে প্রয়ােজনীয় গুণ আয়ত্ব কৰি অর্থনৈতিক অগ্রগতিত সহায় কৰা।
(৩) জাতীয় সংহতিৰ বিকাশ সাধন কৰা।

লগতে পঢ়ক:   মূল্যবোধ শিক্ষা Class 12 অসমীয়া (সম্পূৰ্ণ প্ৰশ্নোত্তৰ) দ্বাদশ শ্ৰেণী

আনহাতে, ১৯৮৬ চনত ভাৰত চৰকাৰে ঘােষণা কৰা ৰাষ্ট্ৰীয় শিক্ষা নীতিতে মাধ্যমিক শিক্ষাক গুৰুত্ব দিয়া হৈছে। এই শিক্ষা বৃত্তিমুখীকৰণৰ সিদ্ধান্ত গ্রহণ কৰা হৈছে। আচলতে মাধ্যমিক স্তৰৰ শিক্ষাই প্রাথমিক স্তৰৰ শিক্ষাৰ বিস্তাৰ ঘটাই উচ্চ স্তৰৰ শিক্ষাত প্ৰৱেশৰ অধিকাৰ সাব্যস্ত কৰে আৰু স্বয়ং সম্পূর্ণ কৰি তােলে।

মাধ্যমিক স্তৰৰ শিক্ষাৰ দুটা বিশেষত্ব হল—
(১) মাধ্যমিক স্তৰৰ কোনাে বিশেষীকৰণ পাঠ্যক্রম নাই মানৱজাতিৰ বৃহত্তৰ অভিৰুচি অনুসৰি পাঠ্যক্ৰমৰ পৰিসৰ বহলাই এই স্তৰতেই সাধাৰণ শিক্ষা দিব পাৰি।
(২) এই কালছােৱাৰ ছাত্ৰ-ছাত্ৰীসকল হ’ল কৈশোেৰ বা বয়ঃসন্ধি কালৰ। এই সময়ত ব্যক্তিৰ বুদ্ধিমত্তা বৃদ্ধি হয়। প্রকৃতিৰ বিষয়ে গভীৰভাৱে জানিবলৈ তেওঁলােক কৌতূহলী হৈ পৰে। সমাজখনৰ প্ৰতিও তেওঁলােকৰ আগ্রহ বাঢ়ি যায়। নানা কৌতূহল, অনুভূতি আৰু আকাংক্ষাৰ ফলস্বৰূপে কৈশােৰৰ মনত সৃষ্টি হােৱা আলােড়নৰ পৰিপ্ৰেক্ষিতত নানা ধৰণৰ চাহিদাৰ উদ্ভৱ হয়। কৈশােৰৰ শাৰীৰিক, মানসিক, আবেগিক অথবা সামাজিক চাহিদাসমূহ পূৰণৰ অৰ্থে পাৰস্পৰিক সম্পর্ক স্থাপনত গুৰুত্ব দিয়া হয়। এই ক্ষেত্ৰত ৰাষ্ট্ৰীয় শিক্ষা, গৱেষণা আৰু প্রশিক্ষণ পৰিষদে প্রস্তুত কৰা জাতীয় পাঠ্যক্রম গাঁথনি, ২০০৫ৰ পৰামৰ্শাৱলী বিশেষভাবে প্রযােজ্য।

কৈশােৰ কালৰ বাবে প্রস্তুত কৰা মাধ্যমিক স্তৰৰ পাঠ্যক্ৰমত থকা চাৰিটা মৌলিক বিষয় হল-
(১) ভাষা শিক্ষণ (২) গণিত (৩) বিজ্ঞান আৰু (৪) সমাজ বিজ্ঞান। ইয়াৰ উপৰি আৰু কিছুমান বিষয়ত গুৰুত্ব দিবলৈ স্থিৰ কৰা হৈছে। কাৰিকৰী বিদ্যা, স্বাস্থ্য আৰু শাৰীৰিক শিক্ষা, পৰিৱেশ বিজ্ঞানৰ শিক্ষা, যৌন শিক্ষা আৰু জন শিক্ষা, মানৱ অধিকাৰ আৰু শান্তিৰ শিক্ষা, মূল্যবােধৰ শিক্ষা আদি কিছুমান ওপৰঞ্চি বিষয়ৰ অন্তর্ভুক্তিয়ে মাধ্যমিক স্তৰৰ শিক্ষা স্বয়ংসম্পূর্ণ কৰি তুলিছে৷ ইয়াৰ ফলত কিশােৰ-কিশােৰীৰ দৈহিক, মানসিক, সামাজিক সম্পর্কীয় চাহিদাসমূহ পূৰণ হ’ব বুলি ভবা হৈছে।

প্রঃ কৈশোৰ কালৰ বাবে প্ৰস্তুত কৰা মাধ্যমিক স্তৰৰ পাঠ্যক্ৰমত থকা চাৰিটা মৌলিক বিষয় কি কি?(Final-15/18/20)
উঃ কৈশােৰ কালৰ বাবে প্রস্তুত কৰা মাধ্যমিক স্তৰৰ পাঠ্যক্ৰমত থকা চাৰিটা মৌলিক বিষয় চাৰিটা হল—
(১) ভাষা শিক্ষা ।(২) গণিত। (৩) বিজ্ঞান আৰু (৪) সমাজ বিজ্ঞান।

চমুটোকাঃ (Final-18)

বীৰ পূজাঃ কৈশােৰ কালৰ এক বিশেষ উল্লেখযােগ্য বৈশিষ্ট্য হ’ল বীৰ পূজা। বীৰপূজা বুলি ক’লে কিশােৰ-কিশােৰীয়ে ভৱিষ্যতে জীৱনৰ বাবে নিজৰ ভাল লগা কোনাে ব্যক্তিৰ জীৱনৰ আদর্শ গ্রহণৰ প্ৰবৃত্তি প্ৰৱল হৈ উঠাকে বুজা যায়। প্রধানকৈ কোনাে ছবি জগতৰ নায়কনায়িকা বা খেল জগতৰ খেলুৱৈকে জীৱনৰ আদর্শ হিচাপে বাচি লােৱা দেখা যায়, আৰু সেই ব্যক্তিৰ ব্যক্তিত্বৰ সকলােবােৰ গুণ নীৰৱ অনুকৰণ কিশােৰ-কিশােৰীয়ে কৰিবলৈ লয়। বীৰ পূজনৰ এই প্রবৃত্তিক সঠিক পথেৰে নিবলৈ কৈশােৰ কালৰ শিক্ষাৰ পাঠ্যক্ৰমত মহৎ লােকৰ জীৱনী পাঠ অন্তর্ভুক্ত কৰা হয়।

প্রঃ কৈশােৰ কাল আন কি নামেৰে পৰিচিত? (Final-19)
উঃ কৈশােৰ কাল ধুমুহা আৰু পীড়ন বা বয়ঃসন্ধি কাল হিচাপেও পৰিচিত।

প্র : মাধ্যমিক শিক্ষা জীৱনৰ আলি-দোমােজা’ বুলি কোনে অভিহিত কৰিছে? (Final-19)
উ : মাধ্যমিক শিক্ষাক আন্তঃৰাষ্ট্ৰীয় শিক্ষা আয়ােগে জীৱনৰ আলি-দোমােজা’ বুলি অভিহিত কৰিছে।

প্রঃ মাধ্যমিক স্তৰৰ শিক্ষাৰ দুটা প্রধান বিশেষত্ব কি কি? (Final-12/19)
উ : মাধ্যমিক স্তৰৰ শিক্ষাৰ দুটা প্রধান বিশেষত্ব হৈছে-
(১) মাধ্যমিক স্তৰৰ কোনাে বিশেষীকৰণ পাঠ্যক্রম নাই।
(২) এইসময়ত কিশােৰ-কিশােৰীসকল মাধ্যমিক স্তৰৰ শিক্ষাৰ দুটা প্রধান বিশেষত্বৰ প্ৰথমটো হ’ল, এই স্তৰৰ কোনাে বিশেষীকৰণ পাঠ্যক্রম নাই। মানৱ জাতিৰ বৃহত্তৰ অভিৰুচি অনুসাৰে পাঠ্যক্ৰমৰ পৰিসৰ বহলাই সাধাৰণ শিক্ষা দিব পাৰি এই স্তৰতেই।

দ্বিতীয়টো হ’ল, এই সময়ত ব্যক্তিৰ বিভিন্ন বুদ্ধি বৃত্তিৰ বৃদ্ধি হয়। প্রবৃত্তিৰ বিষয়ে গভীৰভাৱে জানিবলৈ, কৌতুহলী হৈ পৰে। ফলত কৈশােৰ মনত সৃষ্টি হােৱা আলােড়নৰ পৰিপ্ৰেক্ষিতত নানা ধৰণৰ চাহিদাৰ উদ্ভৱ হয়। ইয়াৰ বাবে শিক্ষানুষ্ঠানৰ বিভিন্নতা, অপর্যাপ্ত ঐচ্ছিক বিষয়ৰ প্রৱর্তন, বিদ্যালয় আৰু পৰিয়ালৰ মাজত যােগসূত্র স্থাপন আদিত গুৰুত্ব দিয়া হয়।

প্রঃ প্রতীতি’ শব্দৰ অৰ্থ লিখা। (Final-20)
উঃ ‘প্রতীতি’ শব্দৰ অৰ্থ হৈছে বিশ্বাস, ধাৰণা।

লগতে পঢ়ক:   অসমীয়া চলচ্চিত্ৰৰ গতিধাৰা Class 12th অসমীয়া দ্বাদশ শ্ৰেণী

প্রঃ কিশােৰ-কিশােৰীৰ মনৰ আটাইতকৈ গুৰুত্বপূর্ণ বৈশিষ্ট্য হল পৰিচিতিৰ সংঘাত—ব্যাখ্যা কৰা। (Final-20)
উঃ কিশােৰ-কিশােৰীৰ মনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হ’ল পৰিচিতিৰ সংঘাত। এই সংঘাত কৈশােৰ মনত আহি পৰে বিপৰীত ভাবাপন্ন বিভিন্ন অনুভূতিৰ প্ৰভাৱত। নৈতিকতাবােধ, মূল্যবােধ, সামাজিক দায়বদ্ধতা আদি আদৰ্শৰ বাস্তৱ জগতৰ লগত অমিলখিনি কিশােৰ-কিশােৰীয়ে নিজৰ চিন্তা বুদ্ধি বা বিচাৰ- বিবেচনাৰে ফঁহিয়াইল চাব নােৱাৰে। কৈশােৰত গঢ়ি উঠা আদৰ্বাদৰ লগত বাস্তবতাৰ সংঘাতে জন্ম দিয়ে পৰিচিতিৰ সংঘাত। সমাজ গঠনত এনে ধৰণৰ সংঘাতে জোৱাৰৰ সৃষ্টি কৰে। কেতিয়াবা এনে শক্তিশালী সংঘাতেই সমাজ গাঁথনি সলনি কৰি নতুন সমাজ গাঁথনি সৃষ্টি কৰাত অৰিহণা যােগায়।


কৈশােৰ কাল আৰু ইয়াৰ উপযােগী শিক্ষা

প্রঃ নৈতিকতাৰ বিকাশে কিশােৰ-কিশােৰীৰ মনত কেনেভাৱৰ উন্মেষ হােৱাত সহায় কৰে?

নাইবা
কৈশােৰ কালত কিশােৰ-কিশােৰীৰ মাজত পৰিলক্ষিত হােৱা নৈতিক পৰিৱর্তনসমূহ ফঁহিয়াই লিখা। (Final-13)
উঃ কৈশােৰ কালছােৱাত মানুহৰ নিজৰ মতাদর্শ গঢ়ি উঠে আৰু নৈতিকক্ষেত্ৰত ইয়াৰ প্ৰভাৱ কিছু পৰিমাণে পৰে। ধৰ্মৰ প্রতি, দর্শনৰ প্ৰতি বা জীৱনৰ লক্ষ-উদ্দেশ্যৰ প্রতি এই সময়ছােৱাত কিশােৰ-কিশােৰীৰ মনত উৎকণ্ঠা জাগি উঠে ফলত মানসিক দ্বন্দ্বৰৰ সৃষ্টি হ’ব পাৰে। পিতৃ-মাতৃ বা সমাজৰ বয়ােজ্যেষ্ঠজনৰ মতাদৰ্শৰ পৰা ফালৰি কাটি আহি নিজৰ বিচাৰ বিবেচনাৰে এখন নৈতিকতা সমৃদ্ধ সমাজ তেওঁলােকে সৃষ্টি কৰিবলৈ বিচাৰে। যৌৱনৰ অফুৰন্ত শক্তিৰ জোৱাৰে তেওঁলােকৰ মনত সার্বজনীন বিশ্ব ভাতৃত্বৰ ভাবাে গঢ়ি তােলে। এই সময়ছােৱাতে সমাজ সচেতনতাৰ লগত গঢ়ি উঠে নিঃস্বার্থ মনােভাব। যাৰ ফলত তেওঁলােকে নতুন সমাজ গঢ়াৰ সপােন দেখে। তেওঁলােকে সামাজিক বিপ্লৱৰ অংশীদাৰ হৈ নিজকে প্রতিষ্ঠা কৰিবলৈ বিচাৰে। ন্যায়ৰ হকে যুঁজিবলৈ লােৱা মনােভাবৰ বাবে বিশ্বৰ বহুতাে সামাজিক বিপ্লৱত এওঁলােকে অংশ গ্রহণ কৰে। নৈতিকতাৰ এনেধৰণৰ বিকাশে দেশপ্রেম, সামাজিক
দায়বদ্ধতা, বিশ্বপ্রেম আদি ভাবৰ উন্মেষ হােৱাত সহায় কৰে।

প্রঃ কৈশােৰ কালৰ এটি বৈশিষ্ট্য উল্লেখ কৰা।
উঃ কৈশােৰ কালৰ এটি বৈশিষ্ট্য হল—শাৰীৰিক বিকাশ।

প্রঃ মানৱ জীৱনৰ কোনছােৱা কালক ৰূপান্তৰৰ কাল বুলি অভিহিত কৰিব পাৰি?
উ : মানৱ জীৱনৰ কৈশোেৰ কালক ৰূপান্তৰৰ কাল বুলি অভিহিত কৰিব পাৰি।

প্রঃ নৈতিকতাৰ বিকাশে কিশােৰ-কিশােৰীৰ মনত কেনে ভাবৰ উন্মেষ হােৱাত সহায় কৰে?
উঃ নৈতিকতাৰ বিকাশে কিশােৰ-কিশােৰীৰ মনত সামাজিক দায়বদ্ধতা, দেশপ্রেম বা বিশ্বপ্রেম আদিৰ ভাব জাগি উন্মেষ হােৱাত সহায় কৰে।

প্রঃ কৈশােৰ কালৰ বাবে প্রচলিত শিক্ষাক কি শিক্ষা বুলি কোৱা হয়?
উ : কৈশােৰ কালৰ বাবে প্রচলিত শিক্ষা মাধ্যমিক শিক্ষা বুলি কোৱা হয়।

প্রঃ কৈশােৰ কালছােৱাত মানসিক শক্তিৰ বিকাশ কেনেদৰে হয়?
উঃ কৈশােৰ কালছােৱাত মানসিক বিকাশ পূর্ণগতিত হয় বুদ্ধি, বিমূর্ত চিন্তনৰ ক্ষমতা, যুক্তিশক্তি, বিভিন্ন দিশত আগ্রহ আদি এইখিনি সময়তে বৃদ্ধি পায় যদিও কৈশােৰকালৰ আৰম্ভণিতে বৌদ্ধিক বিকাশৰ গতি কিছু হ্রাস পায়। শেষৰপিনে এই শক্তি দ্রুতগতিত বাঢ়ি যায় আৰু কৈশােৰৰ শেষত বৌদ্ধিক ক্ষমতাই চৰম উৎকর্ষ লাভ কৰে। আনহাতে, এই কালছােৱাতেই শৈশৱ কালৰ অনুকৰণ-শিক্ষাৰ সলনি নিজৰ বিচাৰ-বুদ্ধিৰে যুক্তিসংগতভাৱে চিন্তা কৰিব পৰা শক্তিৰৰ বিকাশ হয়। মূর্ত চিন্তাৰ বিপৰীতে বিমূর্ত চিন্তনৰ ক্ষমতা কৈশােৰ কালৰ এক  বৈশিষ্ট্য, যিটোৱে স্বাধীন আৰু মৌলিক চিন্তাধাৰাৰ বিকাশত যথেষ্ট অৰিহণা যােগায়। জীৱশ্রেষ্ঠ মানুহৰ ভিন ভিন মানসিক ক্ষমতাৰ পূর্ণ বিকাশ ঘটে এই কৈশােৰ কালতে।

প্র : বিপৰীত লিংগকামিতা কৈশােৰ কালৰ আন এক প্রধান বৈশিষ্ট্য। চমুকৈ লিখা।
উ : কৈশােৰ কালৰ এটা প্রধান বৈশিষ্ট্য হল— বিপৰীত লিগংকামিতা। এই সময়ছােৱাত কিশােৰ-কিশােৰীয়ে বিপৰীত লিংগৰ প্রতি আসক্তিৰ ভাব অনুভৱ কৰে। প্ৰকৃততে আমাৰ দেহত থকা অন্তস্রাবী গ্রন্থিসমূহৰ নিঃসৰণৰ ফলস্বৰূপে হােৱা জৈৱিক ৰাসায়নিক প্রক্রিয়াৰে এই ফল। এই প্রক্রিয়াত দেহৰ যৌন
গ্রন্থিসমূহ সক্রিয় হৈ উঠি কিশােৰক যৌৱনৰ অফুৰন্ত শক্তিৰ অধিকাৰী কৰি তােলে। এই শক্তিক সুপথে পৰিচালিত কৰিব পাৰিলে কৈশােৰত দেখা দিয়া বহুবােৰ সমস্যাৰ পৰা হাত সাৰিব পাৰি। এইক্ষেত্ৰত কিশােৰ-কিশােৰীক সুপথে পৰিচালিত কৰিবলৈ অভিভাৱকে যত্ন ল’ব লাগে।

প্রঃ কৈশােৰ কালৰ আৱেগিক আৰু সামাজিক বিকাশৰ বিষয়ে বহলাই লিখা।
উঃ কৈশােৰ কালছােৱাক মানৱ জীৱনৰ ৰূপান্তৰৰ কাল বুলি কোৱা হয়। এই সময়ছােৱাত শাৰীৰিক, মানসিক, আবেগিক, সামাজিক আৰু নৈতিক ক্ষেত্ৰত নানা জটিল পৰিৱর্তনৰ সৃষ্টি হয়। সেয়েহে কিছুমানে এই সময়ছােৱাক ধুমুহা আৰু পীড়নৰ সময় বুলি ক’ব খােজে। অন্য এটা মতবাদৰ মতে কৈশােৰ কাল জীৱনৰ নৱজাগৰণৰ সময়, বিভিন্ন ক্ষেত্ৰত হােৱা বিকাশৰ অফুৰন্ত শক্তিয়ে এটি কিশােৰক জীৱনৰ ন ন দিশ উন্মােচন কৰিবলৈ সুযােগ দিয়ে।

লগতে পঢ়ক:   বৰগীত Class 12 (উঠৰে উঠ বাপু গােপাল হে) সম্পুৰ্ণ প্ৰশ্ন উত্তৰ

আৱেগিক বিকাশঃ কিশােৰ-কিশােৰীৰ আৱেগিক দিশৰ বিকাশ পূর্ণগতিত হয়। আৱেগ-অনুভূতিৰ অত্যধিক পৱণতাৰ ফলত বহু ক্ষেত্ৰত তেওঁলােকৰ জীৱন সম্পূর্ণভাৱে আৱেগে পৰিচালিত কৰে। আৱেগৰ পূৰ্ণতম বিকাশে কিশােৰ- কিশােৰীৰ মনোেজগতত আলােড়ন সৃষ্টি কৰে, যাৰ ফলত তেওঁলােকৰ মন হৈ পৰে কেতিয়াবা অতি আশাবাদী আৰু কেতিয়াবা অতি নিৰাশাবাদী। আশা-নিশাৰ দোমােজাত পৰি বহু সময়ত বহুতৰে অন্যৰ লগত মিলিব নােৱাৰা সমস্যাই দেখা দিয়ে। সুস্থভাৱে নিজৰ মনক পৰিচালিত কৰিব নােৱাৰি বহু সময়ত কিশােৰ-কিশােৰী বিদ্রোহী মনােভাবাপন্ন হৈ পৰে। পৰিয়ালৰ প্ৰতি, সমাজৰ প্রতি নেতিবাচক মনােভাব পােষণ কৰা এনে কিশােৰ-কিশােৰীক সময় মতে সুশিক্ষা দিব নােৱাৰিলে অপৰাধ প্ৰৱণতাৰ সৃষ্টি হয় ।

সামাজিক বিকাশঃ কৈশােৰ কালৰ সামাজিক বিকাশ লেখত লবলগীয়া বিষয়। এই সময়ত দলীয় মনােভাবৰ লগত সমমর্মিতাৰ উন্মেষ ঘটে। সমনীয়াৰ মাজত বন্ধুত্ব আৰু সহযােগিতাৰ ভাব গঢ়ি উঠে। কিশােৰ কালছােৱাত সামাজিক বিকাশ হয় যদিও ভাব প্রৱণতাৰ আৱেগিক চিন্তাই বহুক্ষেত্ৰত তেওঁলােকক বিপথগামী কৰিব পাৰে। কাৰণ বন্ধুত্বৰ ভাব বা সমমর্মিতাৰ প্ৰভাৱত তেওঁলােকে পিতৃ-মাতৃৰ আদৰ্শৰ বিপৰীতে নিজৰ মতাদৰ্শৰ প্ৰতিহে ধাৱিত হ’বলৈ বিচাৰে। এই সময়ত বহুক্ষেত্ৰত ধনাত্মক দিশৰ পৰিৱর্তে ঋণাত্মক দিশৰ প্ৰতিহে কিশােৰসকলে গতি কৰে। বহুতে নিচাযুক্ত দ্রব্য সেৱন কৰি সমাজত বিশৃংখলাৰ সৃষ্টি কৰে। সেয়েহে সামাজিক বিকাশৰ ক্ষেত্ৰত এই সময়ছােৱাত কিশােৰ-কিশােৰীসকলক সুশিক্ষা দিব লাগে যাতে তেওঁলােক বিপথে পৰিচালিত নহয়।

প্রঃ কিশােৰ সংস্কৃতি কি? ইয়াৰ ধনাত্মক আৰু ঋণাত্মক দিশবােৰৰ দুটিমান উদাহৰণ দাঙি ধৰা।(Final-12)
উ : কিশােৰসকলৰ মনত গঢ়ি উঠা সামাজিক বিকাশ, সমনীয়াৰ সৈতে হােৱা প্রতিযােগিতা-সহযােগিতাৰ অন্তৰালত গঢ়ি উঠা উপ সংস্কৃতিক “কিশােৰ সংস্কৃতি” বােলা হয়। এই সময়ত দলীয় মনােভাবৰ লগত সমমর্মিতাৰ উন্মেষ ঘটে। সমনীয়াৰ লগতে গভীৰ বন্ধুত্ব আৰু সহযােগিতাৰ ভাব গঢ়ি উঠে। কিশােৰ অৱস্থাৰ চাল-চলন, সাজ-পাৰ, বাক-ভংগী, ধ্যান-ধাৰণা আনকি ৰাজনৈতিক মতাদর্শতাে এই সংস্কৃতিয়ে যথেষ্ট প্রভাৱ পেলায়। চাল-চলন, পিন্ধন-উৰণ, খােৱা-লােৱা, বহুক্ষেত্ৰত ধনাত্মক দিশতকৈ ঋণাত্মক কাম-কাজৰ প্ৰতিহে তেওঁলােকৰ ধাউতি বাড়ে। সামাজিক ব্যাধিস্বৰূপ মাদক দ্রব্য, ড্ৰাগছৰ প্রতি আসক্তি জন্মে। গতিকে এই সময়ছােৱাত কৈশােৰসকলক সুশিক্ষিত কৰি নুতুলিলে তেওঁলােকে বিপথে পৰিচালিত হব।
কিশােৰ সংস্কৃতিৰ দুটা ধনাত্মক দিশ হ’ল—
(১) সমনীয়াৰ সৈতে গভীৰ বন্ধুত্ব আৰু সহযােগিতা গঢ়ি উঠে।
(২) কিশােৰ-কিশােৰীৰ মাজত সামাজিক দায়বদ্ধতা গঢ়ি উঠে।

কিশােৰ সংস্কৃতিৰ দুটা ঋণাত্মক দিশ হ’ল–
(১) কিশোৰ-কিশােৰীৰ মাজত মাদক দ্রব্যৰ ব্যৱহাৰ হয়।
(২) বিপৰীত লিংগৰ প্ৰতি আকর্ষিত হােৱাৰ বাবে এই সময়ত সুপথে পৰিচালিত নহৈ নানা সমস্যাৰ সৃষ্টি হােৱা দেখা যায়।

চমুটোকা লিখাঃ

(ক) দিবাস্বপ্ন: (Final-18) অলীক কল্পনা বা দিবাস্বপ্ন হৈছে কৈশােৰ কালৰ এটা বৈশিষ্ট্য। এই সময়ছােৱাত কল্পনাশক্তিৰ অভূত পূর্ব বিকাশে কিশােৰ-কিশােৰীৰ মনত কল্পনাৰ মায়াজাল বিস্তাৰ কৰে আৰু বহুক্ষেত্ৰত তেওঁলােকে বাস্তৱৰ পৰা ফালৰি কাটি আহি কল্পনাৰ জগতত বিচৰণ কৰে। দিবাস্বপ্নৰ যোেগাত্মক দিশাে আছে। মানসিক পৰিতৃপ্তি সাধনৰ বাবে বহুতাে কিশােৰ-কিশােৰীয়ে সংগীত, সাহিত্য আদি বিভিন্ন মাধ্যমৰ মাজেৰে নিজৰ সৃষ্টিশীল কল্পনাৰ প্ৰকাশ কৰিবলৈ যত্ন কৰে। আনহাতে, কেৱল কল্পনাৰ মায়াজালতে আবদ্ধ নাথাকি বহুতে দুঃসাহসিক কার্যত অংশ গ্রহণ কৰিবলৈ আগ বাঢ়ি যায়। কিছুমানৰ মনত আকৌ ভ্ৰমণতৃষ্ণা জাগি উঠে, দেশে-বিদেশে ঘূৰি ফুৰাৰ ইচ্ছা হয় আৰু কেতিয়াবা কেতিয়াবা ঘৰৰ অজানিতে কৰবালৈ গুচি যােৱা কিশােৰ-কিশােৰীৰ উদাহৰণাে পােৱা যায়।

(খ) অপৰাধ প্ৰৱণ কিশােৰঃ (Final-17) কৈশােৰ কালছােৱাত মানুহৰ আবেগিক বিকাশ হয় আৰু ভাৱ প্ৰৱণতা প্রবল হয়। আবেগৰ পূর্ণ বিকাশে কিশােৰ-কিশােৰীৰ মনােজগতত আলােড়ন সৃষ্টি কৰে। ফলত তেওঁলােক কেতিয়াবা আশাবাদী আৰু কেতিয়াবা নিৰাশাবাদী হৈ পৰে। এই সময়ছােৱাত কিশােৰ-কিশােৰী সকল ধনাত্মক দিশৰ পৰিৱর্তে ঋণাত্মক দিশৰ প্ৰতিহে আকর্ষিত হয়। ড্ৰাগছ বা নিচাযুক্ত দ্রব্য সেৱনৰ বাবে তেওঁলােক আসক্ত হয় আৰু বিদ্রোহী মনােভাব লৈ সমাজৰ প্রতি নেতিবাচক দৃষ্টিভঙ্গী পােষণ কৰে। সেয়েহে তেওঁলােকৰ চাল-চলন, পিন্ধন-উৰণ, খােৱা-লােৱা সকলােতে দৃষ্টি ৰাখি সুশিক্ষা নিদিলে অপৰাধ প্রৱণতাই গা কৰি উঠে।

2 thoughts on “কৈশােৰ কাল আৰু ইয়াৰ উপযােগী শিক্ষা (সম্পূৰ্ণ প্ৰশ্নোত্তৰ) দ্বাদশ শ্ৰেণী”

Leave a Comment

Your email address will not be published. Required fields are marked *


Scroll to Top