চিঠি Class 12th (চুটি গল্প) দ্বাদশ শ্ৰেণী গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ সমূহ

বিষয়  অসমীয়া
পাঠৰ নাম চিঠি (চুটি গল্প)
শ্ৰেণী  দ্বাদশ শ্ৰেণী
লেখক শীলভদ্র
গােট গদ্যাংশ
পাঠৰ নং অধ্যায় 6
পাঠ্যক্ৰম  অসম মাধ্যমিক শিক্ষা পৰিষদৰ (AHSEC)

চিঠি Class 12th

(পাঠটোৰ পৰা ২০১৭ বৰ্ষত অহা প্ৰশ্নসমূহ)

প্রঃ শীলভদ্ৰৰ প্রকৃত নাম কি?
উঃ শীলভদ্ৰৰ প্ৰকৃত নাম হ’ল—ৰেৱতীমােহন দত্ত চৌধুৰী। সাহিত্য ৰচনাৰ বাবে তেওঁ শীলভদ্র ছদ্মনাম গ্রহণ কৰে।

প্রঃ শীলভদ্রই লাভ কৰা দুটা বঁটাৰ নাম লিখা। (F-2018)
উঃ শীলভদ্রই লাভ কৰা দুটা বঁটাৰ নাম হ’ল——(১) সাহিত্য অকাডেমী বঁটা আৰু (2) অসম উপত্যকা সাহিত্য বঁটা।

প্রঃ ভূদেৱ চৌধুৰীয়ে প্রশান্ত শর্মালৈ কিয় চিঠি লিখিছিল?
উ : প্রশান্ত শর্মা ভূদেৱ চৌধুৰীৰ বাল্যকালৰ ঘনিষ্ঠ আছিল। দুয়ােজন একেখন চহৰৰে ভিন্ন প্রান্তত থাকে যদিও সুদীর্ঘ বছৰ ধৰি তেওঁলােকৰ মাজত কোনাে যােগাযােগ নাছিল। আজি-কালিৰ আনুষংগিক সা-সুবিধা যেনে— গাড়ী, মবাইলফোন তেওঁলােকৰ এজনৰাে নাছিল। সেয়েহে যােগাযােগ স্থাপনৰ বাবে ভূদেৱ চৌধুৰীয়ে বন্ধুলৈ চিঠি লিখিছিল।

(পাঠটোৰ পৰা ২০১৮ বৰ্ষত অহা প্ৰশ্নসমূহ)

প্রঃ শীলভদ্রই কোনখন গ্ৰন্থৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল?
উঃ শীলভদ্রই ‘মধুপুৰ বহু দূৰ গ্ৰন্থৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল।

প্রঃ ‘চিঠি’ গল্পটি নামকৰণৰ সার্থকতা বিচাৰ কৰ। (F-2020)
উ : ‘চিঠি’ গল্পটো শীলভদ্ৰদেৱৰ এটা সুন্দৰ চুটি গল্প। সাধাৰণতে গল্পৰ নামকৰণৰ মাজত কেইবাটাও কথা জড়িত হৈ থাকে, যেনে-(১) বিষয়বস্তুৰ ইংগিত (২) মূল চৰিত্ৰৰ পৰিচয় (৩) কেন্দ্রীয় ভাব ইত্যাদি।

‘চিঠি’ গল্পটোৰ নামটোৰ লগত বিষয়বস্তুৰ ইংগিত কেন্দ্রীয় ভাব দুয়ােটা কথা জড়িত হৈ আছে। গল্পটোৰ বিষয়বস্তু চিঠিক লৈয়ে গঢ় লৈ উঠিছে। এজন ব্যক্তিয়ে প্রখ্যাত সাহিত্যিক ৰবীন্দ্রনাথ ঠাকুৰলৈ অহা আৰু ৰবীন্দ্রনাথ ঠাকুৰে বিভিন্নজনলৈ দিয়া চিঠিবােৰৰ গুৰুত্বৰ কথা কোৱা হৈছে। লগতে ব্যক্তিজনে ঘৰৰপৰা কিছুদিন আঁতৰত থাকোতে পত্নীৰ, চিঠিৰ বাবে অধীৰভাৱে অপেক্ষা কৰাৰ কথাও কোৱা হৈছে। আনহাতে এখন চিঠিয়েই হৈ পৰিছে গল্পটোৰ কেন্দ্রীয় বিষয়। ভূদেৱ চৌধুৰীয়ে বন্ধু প্রশান্ত শর্মালৈ প্ৰেৰণ কৰা চিঠিখনকে কেন্দ্ৰ কৰি দুখন ঘৰত উৎকণ্ঠা আৰু আনন্দৰ সৃষ্টি হৈছে। চিঠিৰ উত্তৰ লিখাৰ পৰিকল্পনা কৰি থকা প্রশান্ত শর্মাৰ মৃত্যু হােৱাত চিঠিৰ বাবে অপেক্ষা কৰি থকা ভূদেৱ চৌধুৰীৰ সেই আশাৰাে মৃত্যু ঘটিছে। আনকি বন্ধুৰ মৃত্যুৰ খবৰ ল’বলৈ যােৱা ভূদেৱ চৌধুৰীক সকলােৱে চিঠিখনৰ কথাকেই কৈছে। এনেদৰে বিশ্লেষণ কৰিলে দেখা যায় যে, গল্পটিৰ নামকৰণ সার্থক হৈছে।

চিঠি Class 12th Assamese

(পাঠটোৰ পৰা ২০১৯ বৰ্ষত অহা প্ৰশ্নসমূহ)

প্রঃ শীলভদ্রই কোনখন উপন্যাসৰ বাবে, কোন চনত অসম প্ৰকাশন পৰিষদ বঁটা লাভ কৰিছিল?
উ : শীলভদ্রই অনুসন্ধান নামৰ উপন্যাসখনৰ বাবে ১৯৯০ চনত অসম প্ৰকাশন পৰিষদ বঁটা লাভ কৰিছিল।

প্রঃ বাগানত কৰ্মৰত অৱস্থাত ভুদেৱ চৌধুৰীয়ে কাৰ চিঠিৰ বাবে ব্যাকুলভাৱে প্রতীক্ষা কৰিছিল?
উঃ বাগানত কৰ্মৰত অৱস্থাত গাঁৱত থকা পৰিবাৰৰ চিঠি বাবে ভূদেৱ চৌধুৰীয়ে ব্যাকুলভাৱে প্রতীক্ষা কৰিছিল।

লগতে পঢ়ক:   বৰগীত Class 12 (উঠৰে উঠ বাপু গােপাল হে) সম্পুৰ্ণ প্ৰশ্ন উত্তৰ

প্রঃ টিংখং বাগানৰ ডাক অনা-নিয়া কৰা বনুৱাজনৰু নাম কি আছিল?
উ : টিংখং বাগানৰ ডাক অনা-নিয়া কৰা বনুৱাজনৰ নাম আছিল ফাগু।

প্রঃ চুটিগল্পৰ কেইটামান বৈশিষ্ট্য লিখা।
উ: চুটিগল্পৰ কেইটামান বৈশিষ্ট্য হৈছে—(১) চুটিগল্প আৰম্ভণি সদায় আকস্মিক হয়। (২) ভাৱৰ একমুখিত চুটিগল্প অন্যতম বৈশিষ্ট্য। (৩) চুটিগল্পৰ সামৰণি নাটকীয়। (৪) কম চৰিত্ৰৰ সমাৱেশ ঘটে। (৫) চুটিগল্পত বহুবল্কিতা বর্জনীয় (৬) চুটিগল্পৰ জীৱনৰ পূর্ণচিত্ৰৰ বিপৰীতে কোনাে নির্দিষ্ট দিশৰ উপস্থাপন ঘটে।

(পাঠটোৰ পৰা ২০২০ বৰ্ষত অহা প্ৰশ্নসমূহ)

প্রঃশীলভদ্ৰৰ প্ৰথম গল্প সংকলনটিৰ নাম কি?
উঃ শীলভদ্ৰৰ প্রথম গল্প সংকলনটিৰ নাম হ’ল– ১৯৭৫ চনত প্ৰকাশিত বাস্তৱ।

প্র: বর্তমান সময়ত চিঠিৰ প্ৰাসংগিকতা কিয় কমি গ’ল?
উঃ বর্তমান সময়ত ইলেকট্রনিক মাধ্যম যেনে—ইণ্টাৰনেট, মােবাইলফোন আদিৰ বহুল ব্যৱহাৰ হােৱাৰ ফলত চিঠিৰ প্ৰাসংগিকতা কমি গৈছে। ফলত চিঠি লিখাৰ অভ্যাস কমি গৈছে। বর্তমান এই আধুনিক মাধ্যমৰ দ্বাৰা মানুহৰ মাজৰ যােগাযোেগ দ্রুত হৈ উঠাৰ ফলত চিঠিৰ প্ৰাসংগিকতা কমি গ’ল আৰু অতীতৰ দৰে চিঠিৰ আদান-প্রদান নােহােৱা হৈ পৰিল। তথাপি চিঠি এখন আহিলে মনটো যে কিমান ভাল লাগে। এখন চিঠিৰ গুৰুত্ব যথেষ্ট আছে। নহলেনোে ৰবীন্দ্রনাথ ঠাকুৰৰ চিঠিবােৰ আজিও কাকত- আলােচনীত প্ৰকাশ হৈ থাকেনে।

প্রঃ ‘ চিঠি’ গল্পটো শীলভদ্ৰৰ কোনখন সংকলনৰ পৰা লােৱা হৈছে?
উ : “চিঠি গল্পটো শীলভদ্ৰৰ চিঠি আৰু অন্যান্য গল্প’ সংকলনৰ পৰা লােৱা হৈছে।

চিঠি Class 12th Question Answer

প্রঃ কাৰ চিঠিৰ বাবে ভূদেৱ চৌধুৰীয়ে অপেক্ষা কৰি আছিল?
উঃ বাল্যকালৰ বন্ধু প্রশান্ত শর্মাৰ চিঠিৰ বাবে ভূদেৱ চৌধুৰীয়ে অপেক্ষা কৰি আছিল।

প্রঃ প্রশান্ত শর্মাৰ মৃত্যুৰ খৱৰটো ভূদেৱ চৌধুৰীক কোনে দিছিল?
উঃ প্রশান্ত শর্মাৰ মৃত্যুৰ খবৰটো ভূদেৱ চৌধুৰীক প্রশান্ত শৰ্মাৰ ভতিজা ল’ৰা এজনে দিছিল।

প্রঃ প্রভূদেৱ চৌধুৰী টিংখণ্ডলৈ কিয় গৈছিল?
উ : কর্মসূত্রে বাগানত থকাত তেওঁৰ পৰিবাৰ কিছুদিন গাৱঁত আছিল। তেতিয়াই তেওঁলােকৰ মাজত চিঠিৰ আদান প্রদান হৈছিল। পৰিবাৰৰ চিঠিখন সােনকালে পাবলৈ বা অন্য কিবা চিঠি আহিছে বুলি ভাবি টিংখঙলৈ তেওঁ খবৰ লবলৈ গৈছিল।

প্রঃ চিঠি গল্পটোত ভূদেব চৌধুৰীয়ে কাৰকাৰ চিঠি বাবে অপেক্ষা কৰাৰ কথা কৈছে?
উ : ‘চিঠি’ গল্পটোত ভূদেৱ চৌধুৰীয়ে গাঁৱত থকা পৰিবাৰে পঠোৱা চিঠিৰ বাবে আৰু পিছত বন্ধু প্রশান্ত শর্মাৰ চিঠিৰ বাবে অপেক্ষা কৰাৰ কথা কৈছে।

প্রঃ কাৰ চিঠি পুৰুষানুক্রমে সঞ্চয় কৰি থবলগীয়া সম্পত্তি বুলি কোৱা হৈছে? তেওঁৰ চিঠি কিয় মূল্যবান?
উঃ লিখকে কবিগুৰু ৰবীন্দ্রনাথ ঠাকুৰৰ চিঠিবােৰ পুৰুষানুক্রমে সঞ্চয় কৰি থবলগীয়া সম্পত্তি বুলি কৈছে। সেয়েহে তেখেতৰ মৃত্যুৰ পাছতাে এতিয়াও বঙালী আলােচনীত চিঠিবােৰ ছপা হৈ আছে। কাৰণ তেওঁৰ প্ৰতিখন চিঠিৰ গুৰুত্ব আছে। পৰিচিত অপৰিচিত অজস্র মানুহে ৰবীন্দ্রনাথ ঠাকুৰলৈ চিঠি দিছিল। বিশ্ববিখ্যাত কবিজনৰ পৰা এষাৰি উত্তৰ পালেই পত্র দিয়াজনে শান্তি পায়। সেয়াই তেওঁৰ বাবে অমূল্য সম্পদ। চিঠিত লিখা কথাতকৈ চিঠিখনৰ মূল্য বহুত বেছি। সেয়েহে ৰবীন্দ্রনাথ ঠাকুৰৰ চিঠি অতি মূল্যবান।

লগতে পঢ়ক:   হস্তিবিদ্যাৰ্ণৱ পুথি দ্বাদশ শ্ৰেণী গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ সমূহ

প্রঃ ভূদেৱ চৌধুৰীৰ চিঠিখনে প্রশান্ত শর্মাৰ ঘৰত কেনে প্রতিক্রিয়া সৃষ্টি কৰি ?
উঃ বন্ধু ভূদেৱ চৌধুৰীয়ে প্রশান্ত শর্মালৈ দিয়া চিঠিখনেই প্রথম আৰু শেষ চিঠি আছিল। শৈশৱৰ সতীর্থ বন্ধুৰ মাজত সুদীর্ঘ বছৰৰ অন্তত যােগসূত্ৰ ৰক্ষা কৰিবলৈ ভূদেৱ চৌধুৰীয়ে প্রশান্ত শৰ্মালৈ চিঠি লিখিছিল। প্রশান্ত শর্মাই চিঠিখন পােৱাৰ পিছত ভূদেৱ চৌধুৰীৰ কথা পাহৰিব নােৱাৰি আনন্দতে তেওঁ নষ্টালজিক হৈ পৰিছিল। তেওঁৰ ভাৰ্যা, পুত্র, জী আনকি কোনােবা আহিলেও চিঠিখনকে দেখুৱাইছিল। অতীতত দুয়ােজন বন্ধুৰ সম্পর্ক কেনে আছিল সেই বিষয়েও সকলােকে কৈছিল। চিঠিখন পােৱাৰ পিছত প্রশান্ত শর্মাৰ মনত অতীত স্মৃতিবােৰ ভাহি উঠি মনত কিমান যে ভাল লাগিছিল। আপােনাৰ চিঠিখন পাই দেউতাই ইমান ভাল পাইছিল’বুলি প্রশান্ত শর্মাৰ ছােৱালীজনীয়ে কৈছিল। সেইকেইদিন কেৱল চিঠিখনৰ কথাকে কৈছিল। আনকি উত্তৰ দিবলৈ লেফাফাও অনাইছিল যদিও সেয়া হৈনুঠিল। বন্ধু প্রশান্ত শর্মাৰ মৃত্যুৰ খবৰ ল’বলৈ যােৱা ভূদেৱ চৌধুৰীয়ে গম পালে যে মৃত্যুৰ আগত শৰ্মাৰ ঘৰত তেওঁৰ চিঠিখনে এটা আনন্দময় পৰিৱেশৰ সৃষ্টি কৰিছিল।

চিঠি চুটি গল্প Class 12th

প্রঃ আপােনজনৰ পৰা চিঠি পােৱা আৰু আপােনজনৰ চিঠিৰ বাবে অপেক্ষা কৰি থকাৰ মধুৰতাখিনি গল্পটোত কেনেদৰে প্ৰকাশ পাইছে বুজাই লিখা।
উ : আপােনজনৰ পৰা চিঠি পােৱা আৰু আপােনজনৰ চিঠিৰ বাবে অপেক্ষা কৰি থকাৰ মধুৰতাখিনি লিখকে সুন্দৰভাবে প্ৰকাশ কৰিছে। চিঠি এখনেই হৈছে চিঠিৰ মূল্য। এখন চিঠিৰ পৰা পােৱা আনন্দ বা মধুৰতা অপৰিসীম। কর্মজীৱনৰ পৰা অৱসৰ লােৱাৰ পাছত অকলশৰীয়া মুহূৰ্তবােৰ পাৰ কৰিবলৈ ভূদেৱ চৌধুৰীয়ে চিঠিৰ আশ্ৰয় লৈছিল। শৈশৱ কালৰ সতীর্থ বন্ধু প্রশান্ত শর্মালৈ তেওঁ এখন চিঠি লিখিছিল। টিংখঙৰ বাগানত কাম কৰােতে ভূদেৱ চৌধুৰীয়ে গাঁৱত থকা পৰিবাৰৰ চিঠিৰ বাবে দুই বজালৈ ব্যাকুল হৈ থকা মধুৰতাও অপূর্ব আছিল। ফাগু নামৰ বনুৱাজনৰ ডাক অনাত পলম হলে চৌধুৰীয়ে নিজে চাইকেল লৈ ডাকঘৰলৈ গৈছিল। চিঠিত লিখা থাকে সাধাৰণ কথা—মই ভালে আছাে, আশা কৰাে তােমাৰ ভাল। অতি সাধাৰণ কথা অথচ নির্দিষ্ট দিনত চিঠিখন নাহিলে গভীৰ শূন্যতাই তেওঁক হেঁচা মাৰি ধৰে। কিয়নাে চিঠি এখনৰ মূল্য তাত লিখা কথাবােৰতকৈ বহুত বেছি। চিঠিৰ পৰা পােৱা মধুৰতাৰ বাবে এসময়ত ভূদেৱ চৌধুৰীয়ে পিয়নজনৰ অপেক্ষাত এক বজাত বাহিৰৰ কোঠাত বহি বাটৰফালে চাই ৰৈ থাকে। চিঠিৰ সাধাৰণ কথাবােৰে মনত কিমান যে আলােড়ন আনে। একমাত্র আপােনজনৰ বাবেহে এই অনুভৱ হ’ব পাৰে। পত্নীৰ চিঠিৰ বাবে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰা জীৱনৰ সেই মধুৰ নষ্টালজিয়াসমূহ ভূদেৱ চৌধুৰীয়ে কাহানিও পাহৰা নাছিল। ভূদেৱ চৌধুৰীয়ে নষ্টালজিক জীৱনৰ সেই মধুৰতা আজিও পাহৰিব পৰা নাছিল। সেয়েহে তেওঁ বন্ধু প্রশান্ত শর্মালৈ চিঠি লিখিছিল। চিঠিৰ উত্তৰৰ বাবে সেই কেইদিন তেওঁ অধীৰ হৈ পৰিছিল। আনফালে আপােন বন্ধু এজনৰ পৰা পােৱা চিঠিখনৰ আনন্দই প্রশান্ত শর্মাৰ ঘৰততা আনন্দৰ পৰিৱেশৰ সৃষ্টি কৰিছিল। তেওঁলােকৰ ঘৰত সেই কেইদিন কেৱল চিঠিখনৰে কথা। প্রশান্ত শর্মাৰ ঘৰৰ সকলােৱে ভূদেৱ চৌধুৰীৰ কথাকে কয়। চিঠিৰ উত্তৰ লিখাৰ কথা ভাবি থাকোতে এদিন প্রশান্ত শর্মা ঢুকাল। সেই খবৰটোৱে ভূদেৱ চৌধুৰীৰ মনৰ পৰা যেন সেই মধুৰতা আকৌ কাঢ়ি লৈ গ’ল। বন্ধু ঢুকোৱাৰ খবৰ কৰিবলৈ যাওঁতে তেওঁ দিয়া চিঠিখনৰ কথা কোৱাত বৰ ভাল পালে। প্রশান্ত শর্মাৰ জীয়েকে,কৈছিল “আপােনাৰ চিঠিখন পাই দেউতাই খুউব ভাল পাইছিল।” উত্তৰ দিবলৈ লেফাফা অনাইছিল যদিও উত্তৰ দিয়াহে নহ’ল। তেতিয়া ভূদেৱ চৌধুৰীয়ে মনত দুখ পাই ভাবিছিল যে তেওঁ দিয়া চিঠিখন প্রশান্ত শর্মাৰ বাবে বৰ মূল্যৱান আছিল।

লগতে পঢ়ক:   কৈশােৰ কাল আৰু ইয়াৰ উপযােগী শিক্ষা (সম্পূৰ্ণ প্ৰশ্নোত্তৰ) দ্বাদশ শ্ৰেণী

Class 12 Assamese Lesson 6 Question Answer

প্র : চুটিগল্প কাক বােলে?
উ: কোনাে এটা কাহিনী বা গল্পক, পূর্ণাংগ ৰূপ নিদি চমুকৈ আংশিকভাৱে বৰ্ণনা কৰিলে তাকেই চুটি গল্প বুলি কোৱা হয়।

নাইবা
চুটিগল্প হৈছে দৈনন্দিন জীৱনত ঘটি থকা বিভিন্ন ঘটনাৱলীৰ মাজৰ একোটা বিশেষ ঘটনাৰ কলাত্মক ৰূপায়ণ। চুটিগল্পৰ আৰম্ভণি আৰু শেষত আকস্মিকতা থাকে। চুটিগল্প এনে এক লিখনি যাক একে বহাতে পঢ়ি শেষ কৰিব পাৰি। চুটিগল্প পঢ়ি শেষ হােৱাৰ পিছতাে পাঠকৰ মন আৰু চিন্তাত তাৰ ক্রিয়া চলি তাকে। চুটিগল্পত অবাস্তব কথাৰ স্থান নাই।

প্রঃ চিঠি’ গল্পটি চুটিগল্প হিচাপে বিচাৰ কৰা।
উ : শীলভদ্ৰৰ ‘চিঠি’ নামৰ গল্পটো এটা উৎকৃষ্ট চুটিগল্প। চুটিগল্পৰ বৈশিষ্ট্যবােৰ এই গল্পটিত সুন্দৰকৈ প্রতিফলিত হৈছে। চুটিগল্পৰ প্রধান লক্ষণ হ’ল ইয়াৰ আৰম্ভণিৰ আকস্মিকতা আৰু সামৰণি নাটকীয়। চিঠি’ গল্পটি আৰম্ভ এনেদৰে হৈছে – দুয়ােৰে বয়স হৈছে। অৱসৰ লােৱাৰ কেইবাবছৰৰ হ’ল। তেনেদৰে পৰিসমাপ্তি এনেদৰে ঘটোৱা হৈছে- ভূদেৱ চৌধুৰীয়ে ৰুমালখনেৰে তেওঁৰ চকু দুটা মচি ল’লে চিঠিখন লিখাটো আছিল তেওঁৰ অলস মূহুৰ্তৰ এটা অপৰিকল্পিত ভঙ্গী। কিন্তু প্রশান্ত শর্মাৰ কাৰণে চিঠিখন ইমান মূল্যৱান আছিল বুলি তেওঁ ধাৰণাই কৰিব পৰা নাছিল। চুটিগল্পত এটা কেন্দ্রীয়ভাব আৰু এটা কেন্দ্রীয় চৰিত্ৰ থাকিব লাগে। এখন চিঠিয়েই হৈছে গল্পটোৰ কেন্দ্রীয় বিষয়। এখন চিঠিক কেন্দ্ৰ কৰি দুটা পৰিয়ালৰ মাজত সৃষ্টি হােৱা কৌতুহলেই হ’ল গল্পটিৰ কেন্দ্রীয়ভাৱ। তেনেদৰে গল্পটিৰ কেন্দ্রীয় চৰিত্ৰ হ’ল ভূদেৱ চৌধুৰী। আনহাতে গল্পটিৰ নামকৰণেও কেন্দ্রীয় ভাবৰ ইংগিত বহন কৰে।

Leave a Comment

Your email address will not be published. Required fields are marked *


Scroll to Top