অসমীয়া চলচ্চিত্ৰৰ গতিধাৰা Class 12th অসমীয়া দ্বাদশ শ্ৰেণী

বিষয়  অসমীয়া
পাঠৰ নাম অসমীয়া চলচ্চিত্ৰৰ গতিধাৰা
শ্ৰেণী  দ্বাদশ শ্ৰেণী
লেখক উৎপল দত্ত
গােট গদ্যাংশ
পাঠৰ নং অধ্যায় 6
পাঠ্যক্ৰম  অসম মাধ্যমিক শিক্ষা পৰিষদৰ (AHSEC)

অসমীয়া চলচ্চিত্ৰৰ গতিধাৰা

(পাঠটোৰ পৰা ২০১৭ বৰ্ষত অহা প্ৰশ্নসমূহ)

প্র : প্রথম অসমীয়া বােলছবি ‘জয়মতী’ কেতিয়া মুক্তি লাভ কৰে?
উঃ ১৯৩৫ চনৰ ১০ মার্চ তাৰিখে কলিকতাৰ ৰাউনাক’ প্রেক্ষাগৃহত ছবিখনৰ প্রদর্শনীৰ আয়ােজন কৰিছিল। তাৰ পাছত একেটা মাহৰ ২০ তাৰিখে গুৱাহাটীত ছবিখনে মুক্তি লাভ কৰে।

প্রঃ এৰাবাটৰ সুৰ, ডাঃ বেজবৰুৱা, গঙা চিলনীৰ পাখি- এই কথাছবি কেইখনৰ পৰিচালকৰ নাম লিখা।
উ : এৰাবাটৰ সুৰ→ ড° ভূপেন হাজৰিক”,
ডাঃ বেজবৰুৱা→ ব্ৰজেন বৰুৱা।
গঙাচিলনীৰ পাখি→ পদুম বৰুৱা।

প্রঃ ভবেন্দ্ৰ নাথ শইকীয়া আৰু জাহ্নবৰুৱাই অসমীয়া চিনেমালৈ আগবঢ়েৱা অৱদান সম্পর্কে লিখা।
উঃ অসমীয়া চিনেমালৈ ভবেন্দ্ৰ নাথ শইকীয়া আৰু জাহ্ন বৰুৱাৰ যথেষ্ট অৱদান আছে। ১৯৭৭ চনত ভবেন্দ্ৰ নাথ শ‍ইকীয়াৰ সন্ধ্যাৰাগ’ ছবিখনে মুক্তি লাভ কৰে। এই ছবিখনে লাভ কৰা ব্যৱসায়িক দিশত আৰু কলাগত সফলতাই বাস্তুবাদী ধাৰাটোৰ উত্তৰণত নতুন আশাৰ সঞ্চাৰ কৰে। শইকীয়াদেৱৰ একাদিকক্ৰমে ছবিকেইখন হ’ল— অনির্বাণ, অগ্নিস্নান, কোলাহল, সাৰথি, আৱর্তন, ইতিহাস আৰু হিন্দী ভাষাত ‘কালসন্ধ্যা’ পৰিচালনা কৰে। জাহ্ন বৰুৱাই
অপৰূপাৰে তেওঁৰ পৰিচালনাৰ যাত্ৰা আৰম্ভ কৰে। তেওঁ কেইবাখনাে ছবি নির্মাণ কৰে। তেওঁ নিৰ্মাণ কৰা ছবিয়েও দেশৰ ভিতৰে বাহিৰে সমাদৰ পাইছিল। জাহ্ন বৰুৱাই ‘ সাগৰলৈ বহুদূৰ’ ছবিৰ বাবে শ্রেষ্ঠ পৰিচালকৰ বঁটা লাভ কৰিছিল। জাহ্নু বৰুৱাৰ দ্বাৰা পৰিচালিত আনকেইখনমান ছবি হল— হালধীয়া চৰায়ে বাও ধান খায়, বনানি, তৰা আদি।

(পাঠটোৰ পৰা ২০১৮ বৰ্ষত অহা প্ৰশ্নসমূহ)

প্রঃ চিত্ৰবন’ ষ্টুডিঅ’ কোনে নির্মাণ কৰিছিল?
উঃ জ্যোতিপ্ৰসাদ আগৰৱালাই ‘চিত্ৰবন’ ষ্টুডিঅ’ নির্মাণ কৰিছিল।

প্র : ড° ভবেন্দ্রনাথ শইকীয়াই লাভ কৰা এটা বঁটাৰ নাম লিখা।
উ : ড° ভৱেন্দ্ৰনাথ শইকীয়াই ‘অগ্নিস্নান’ ছবিৰ বাবে শ্রেষ্ঠ চিত্রনাট্যৰ বঁটা লাভ কৰে।

প্রঃ জোতিপ্ৰসাদ আগৰৱালাই নির্মাণ কৰা কথাছবি দুখনৰ নাম লিখা।
উ : জোতিপ্ৰসাদ আগৰৱালাই নির্মাণ কৰা কথাছবি দুখনৰ নাম হ’ল—(১) জয়মতী আৰু (২) ইন্দ্ৰমালতী।

প্ৰ: অসমীয়া চলচ্চিত্র শিল্পলৈ ড° ভূপেন হাজৰিকাৰ অৱদান সম্পর্কে আলােচনা কৰা।

উ : অসমীয়া চলচ্চিত্র জগতলৈ ড° ভূপেন হাজৰিকাদেৱৰ অৱদান উল্লেখযোগ্য। তেখেতে পােন প্রথমে ১৯৫৬ চনত অসমীয়া চলচ্চিত্র জগতত প্রৱেশ কৰে। ১৯৫৬ চনত মুক্তি লাভ কৰা এৰা বাটৰ সুৰ নামৰ ড° হাজৰিকাদেৱৰ ছবিখন আছিল অসমৰ মাটিৰ সুৰৰ ওপৰত আধাৰিত। এই ছবিখনত ভূপেন হাজৰিকাই ভাৰতৰ বিখ্যাত সংগীত প্রতিভা লতা মংগেশকাৰ, হেমন্ত মুখার্জী আদিৰ কণ্ঠ ব্যৱহাৰ কৰি ছবিখনক এটি বহল প্রেক্ষাপটত চিনাকি কৰাই দিছিল। অসমীয়া ছবিৰ সীমিত বজাৰখন বঢ়োৱাৰ ক্ষেত্ৰত হাজৰিকা সদায়েই সচেতন আছিল আৰু সেই উদ্দেশ্যেই ১৯৬৫ চনত এটি খাচি লােককথাৰ ভেটিত তেওঁ ‘প্রতিধ্বনি’নামৰ এখন ছবি নির্মাণ কৰিছিল। এই ছবিখন তেওঁ খাচী ভাষালৈ ডাব’কৰি বাণিজ্যিকভাৱে মুক্তি দিছিল। হিন্দী ছবি তকদীৰ’ (ভাগ্য) তেওঁ অসমীয়ালৈ ডাব কৰাত আগভাগ লৈছিল আৰু পৰৱতী কালত সেই ছবি প্রযােজক ৰাজশ্রী প্রডাকছনৰ লগত যৌথ প্রযােজনাত নির্মাণ কৰিছিল ‘
চিকমিক বিজুলী’। এই ছবিখনেইহ’ল প্রতিষ্ঠিত চলচ্চিত্র প্রযােজক সংস্থা এটাই প্রযােজনা কৰা প্ৰথম অসমীয়া ছবি। অসমীয়া চলচ্চিত্র জগতত ছবি’ৰ বাবে ৰাষ্ট্ৰীয় পৰ্যায়ত প্রথম পুৰষ্কাৰ ড° ভূপেন হাজৰিকাই লাভ কৰিছিল। সতী বেউলা’ ছবিৰে সংগীত পৰিচালক হিচাপে আত্মপ্রকাশ কৰা হাজৰিকাই বহু অসমীয়া চিনেমাৰ সংগীত পৰিচালনা কৰিছে। চামেলি মেমচাব ছবিৰ পৰিচালনাৰ বাবে তেওঁ ৰাষ্ট্ৰীয় চলচ্চিত্র প্রতিযােগিতাত শ্রেষ্ঠ সংগীত পৰিচালকৰ বঁটা পাইছিল।

লগতে পঢ়ক:   চিঠি Class 12th (চুটি গল্প) দ্বাদশ শ্ৰেণী গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ সমূহ

অসমীয়া চলচ্চিত্ৰৰ গতিধাৰা Class 12th

(পাঠটোৰ পৰা ২০১৯ বৰ্ষত অহা প্ৰশ্নসমূহ)

প্রঃ অসমীয়া চিনেমাৰ জনক কোন?
উ : অসমীয়া চিনেমাৰ জনক ৰূপকোঁৱৰ জ্যোতিপ্রসাদ আগৰৱালা।

প্রঃ জয়মতী কথাছবিখন গুৱাহাটীত কোন চনৰ কোন তাৰিখে মুক্তিলাভ কৰিছিল। 

নাইবা
অসমীয়া চলচ্চিত্র শিল্পলৈ জ্যোতিপ্ৰসাদ আগৰৱালাৰ অৱদান সম্পর্কে আলােচনা কৰা।
উঃ অসমীয়া চলচ্চিত্ৰৰ জনক হৈছে ৰূপকোঁৱৰ জোতিপ্রসাদ আগৰৱালা। সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ জয়মতী কুঁৱৰী’ নাটকৰ আলমত জ্যোতিপ্ৰসাদ আগৰৱালাই প্রথম অসমীয়া কথাছবি জয়মতী নির্মাণ কৰিছিল। তেওঁ জার্মানীত চলচ্চিত্র নির্মাণ প্রশিক্ষণ লৈ তেজপুৰৰ ভােলাগুৰি চাহ বাগিচাত ‘চিত্ৰবন’ নামেৰে ষ্টুডিঅ’ এটা সাজি তাত জয়মতী ছবিৰ দৃশ্যগ্ৰহণ কৰিছিল। তেওঁ এই ছবিখনৰ সম্পাদনা লাহােৰত কৰে। ১৯৩৫ চনৰ ১০ মার্চ তাৰিখে কলিকতাৰ ৰাউনাক’ প্রেক্ষাগৃহত ছবিখনৰ প্রদর্শনীৰ আয়ােজন কৰিছিল। তাৰ পাছত একেটা মাহৰ ২০ তাৰিখে গুৱাহাটীত ছবিখনে মুক্তি লাভ কৰে। প্ৰথম অসমীয়া ছবি হিচাপে জয়মতীৰ প্রতি অসমীয়া ৰাইজৰ আগ্রহ আছিল যদিও সা-সুবিধাৰ অভাৱ আৰু ব্যয়বহুলৰ বাবে এই ছবিখনত জ্যোতিপ্ৰসাদ আগৰৱালাই বহু টকা লােকচান ভৰিবলগীয়া হৈছিল। জয়মতীৰ পিছত জ্যোতিপ্রসাদে নিজৰ কাহিনীৰে ১৯৩৯ চনত ইন্দ্ৰমালতী নামেৰে দ্বিতীয়খন অসমীয়া ছবি নির্মাণ কৰি উলিয়াইছিল! এই ছবিখনে সফলতা লাভ কৰি জয়মতীৰ লােকচাননা পূৰণ কৰিছিল। এই ছবিখন,তেওঁ কলকাতাৰ অৰােৰা’ টুডিঅ’ত নির্মাণ কৰিছিল। ইয়াৰ লগে লগে তেওঁৰ চিত্ৰবন ষ্টুডিঅ’ বন্ধ হৈ কলকাতাৰ ষ্টুডিঅ’ই অসমীয়া ছবি নির্মাণ স্থলী হৈ পৰে। জয়মতীত আছিল জাতীয় গৌৰৱ কাহিনী আৰু ইন্দ্ৰমালতীত স্বাধীনতা আন্দোলনৰ ছবি আছিল। যি সময়ত অসমত ছবি নির্মাণৰ বাবে সা-সুবিধা নাছিল তেনে সময়তে জ্যোতিপ্রসাদ আগৰৱালাই ছবি নির্মাণ কৰি অসমীয়া জাতিক অৱদান দি থৈ গ’ল।

(পাঠটোৰ পৰা ২০২০ বৰ্ষত অহা প্ৰশ্নসমূহ)

প্রঃ কাৰ্বি ভাষাৰ প্রথম ছবিখনৰ নাম কি? পৰিচালক গৰাকীৰ নাম লিখা।
উঃ কাৰ্বি ভাষাৰ প্রথম ছবিখনৰ নাম হ’ল– জিৰ চং।
পৰিচালকগৰাকীৰ নাম হ’ল—প্রফুল্ল শইকীয়া।

প্রঃ ভূপেন হাজৰিকাই প্রতিধবনি ছবিখন কোন, জনগােষ্ঠীৰ লােককথাৰ ভেটিত নির্মাণ কৰিছিল?
উঃ ভূপেন হাজৰিকাই ‘প্রতিধ্বনি’ ছবিখন খাচি জনগােষ্ঠীৰ লােক কথাৰ ভেটিত নির্মাণ কৰিছিল।

লগতে পঢ়ক:   মোৰ মাতৃমুখ দর্শন Class 12 গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ সমূহ

প্রঃ জাংফাই জোনাক’ ছবি খনৰ পৰিচালক গৰাকীৰ নাম লিখা।
উ : ‘জাংফাই জোনাক’ ছবিখনৰ পৰিচালকগৰাকীৰ নাম হল –  সঞ্জীৱ সভাপণ্ডিত।

প্রঃ জ্যোতিপ্ৰসাদ আগৰৱালাই ‘ইন্দ্ৰমালতী” কথাছবিখন কোন চনত নির্মাণ কৰিছিল?
উঃ জ্যোতিপ্ৰসাদ আগৰৱালাই 1939 চনত ইন্দ্ৰমালতী ছবিখন নির্মাণ কৰিছিল।

প্রঃ মুকুতা ছবিখনৰ পৰিচালক কোন?
উ : মুকুতা’ ছবিখনৰ পৰিচালক হ’ল-ব্ৰজেন বৰুৱা।

ব্যাখ্যা কৰা
অসমীয়া চিনেমাই এতিয়াও আন্তর্জাতিক প্রেক্ষাপটত সবল খােজ দিব পৰা নাই।”
উঃ “…অসমীয়া চিনেমাই এতিয়াও আন্তর্জাতিক প্রেক্ষাপটত সবল খােজ দিব পৰা নাই।” উপৰােক্ত কথাষাৰি আমাৰ পাঠ্যপুথি সাহিত্য সৌৰভৰ অন্তৰ্গত উৎপল দত্তৰ দ্বাৰা ৰচিত ‘অসমীয়া চলচ্চিত্ৰৰ গতিধাৰা নামৰ পাঠটিৰ অন্তৰ্গত।
অসমীয়া চিনেমাজ গত আজিও আশানুৰূপভাৱে উন্নতিৰ দিশত আগবাঢ়িব পৰা নাই, তাকে বুজোৱাৰ প্ৰসংগত কথাষাৰিৰ অৱতাৰণা কৰা হৈছে।
দীর্ঘদিনীয়া ইতিহাস গৰকি আজিৰ এই অৱস্থাত উপনীত হোৱা অসমীয়া চিনেমাই কিন্তু আজিও আন্তর্জাতিক পর্যায়ত সবলভাৱে নিজৰ আসন দখল কৰিব।
পৰা নাই। প্রধানকৈ উপযুক্ত প্রযুক্তিবিদ্যাৰ অভাৱে আৰু অপর্যাপ্ত বাজেট এই ক্ষেত্ৰত হেঙাৰ হিচাপে থিয় দিছে। হিন্দী ছবিৰ অত্যাধুনিক প্রযুক্তিবিদ্যা তথা এই ছবিসমূহ নির্মাণত কৰা প্ৰচুৰ ব্যয়ৰ ফলত এই ছবিসমূহ সহজে দর্শকৰ মনত আকর্ষণীয় হৈ পৰা দেখা যায়। ইয়াৰ বিপৰীতে হিন্দী ছবিসমূহৰ দৰে অত্যাধুনিক প্রযুক্তিবিদ্যাৰ অভাৱে অসমীয়া ছবিসমূহক দীর্ঘকালৰ পিছত দুর্বল কৰি ৰাখিছে। কিন্তু, বর্তমান সময়ত অসমীয়া ছবিসমূহৰ বহু পৰিমাণে অগ্রগতি হােৱা দেখা যায়। ভৱিষ্যতে ছবি নির্মাতাসকলে দর্শকৰ ৰুচিৰ প্রতি লক্ষ্য ৰাখি উপযুক্ত প্রযুক্তিবিদ্যাৰ প্ৰয়ােগেৰে ছবি নির্মাণৰ পথত আগবাঢ়িলে
অসমীয়া ছবিয়েও এদিন আন্তর্জাতিক পর্যায়ত সগৌৰৱে থিয় দিব পাৰিব।

অসমীয়া চলচ্চিত্ৰৰ গতিধাৰা Class 12th Assamese

প্রঃ জ্যোতিপ্ৰসাদ আগৰৱালাৰ ‘জয়মতী’কথাছবি কাহিনীৰ উৎস কি?
উঃ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জয়মতী’ কথাছবি কাহিনীৰ উৎস হ’ল– লক্ষ্মীনাথ বেজবৰুৱাৰ জয়মতী কুঁৱৰী নাটক।

প্রঃ লক্ষ্যধৰ চৌধুৰীয়ে পৰিচালনা কৰা ছবিখনৰ নাম লিখা।
উঃ লক্ষ্যধৰ চৌধুৰীয়ে পৰিচালনা কৰা ছবিখনৰ নাম হল– নিমিলা অংক।

প্রঃ লতামংগেশকাৰে গীতত কণ্ঠদান কৰা অসমীয়া কথাছবি এখনৰ নাম লিখা।
উঃ লতামংগেশকাৰে এৰাবাটৰ সুৰ নামৰ অসমীয়া কথাছবিখনত কণ্ঠদান কৰিছিল।

লগতে পঢ়ক:   আঘোণৰ কুঁৱলী Class 12 – সম্পূৰ্ণ প্ৰশ্নোত্তৰ দ্বাদশ শ্ৰেণী

প্র : প্রথম অসমীয়াৰ থ্রিলাৰ (উত্তেজনা সৃষ্টিকাৰী বা দুঃসাহসিক কাহিনীযুক্ত কথাছবি) খনৰ নাম আৰু পৰিচালকৰ নাম লিখা।
উঃ ডাঃ বেজবৰুৱা। ব্ৰজেন বৰুৱাই এই ছবিখন পৰিচালনা কৰিছিল।

প্রঃ প্রতিধ্বনি ছবিখন কোনে পৰিচালনা কৰিছিল?
উ : প্রতিধ্বনি ছবিখন ড° ভূপেন হাজৰিকাই পৰিচালনা কৰিছিল।

অসমীয়া চলচ্চিত্ৰৰ গতিধাৰা Class 12th lesson 7

প্র: জয়মতী, চিৰাজ, সতী বেউলা- এই কথাছবিকেইখনৰ সংগীত পৰিচালকৰ নাম লিখা।
জয়মতী– জ্যোতিপ্ৰসাদ আগৰৱালা।
চিৰাজ—বিষ্ণুপ্ৰসাদ ৰাভা।
সতী বেউলা—ড° ভূপেন হাজৰিকা।
প্রঃ অসমীয়া চলচ্চিত্ৰই লাভ কৰা ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্রীয় স্বীকৃতি সম্পর্কে আলােচনা কৰা।
উঃ জয়মতী নামৰ প্ৰথম অসমীয়া চলচ্চিত্ৰৰে আৰম্ভণি কৰা অসমীয়া চলচিচত্রই বিকাশ লাভ কৰি ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত কৃতিত্ব বুটলিবলৈ সক্ষম হৈছে। ইণ্ডিয়ান পেনােৰামা আৰু আন্তঃৰাষ্ট্ৰীয় ছবি মহােৎসৱত অসমীয়া ছবিয়ে বঁটা লাভ কৰিছে। ১৯৫৫ চনত ফণী শৰ্মা পৰিচালিত পিয়লি ফুকন ছবিয়ে ৰাষ্ট্রপতিৰ ছার্টিফিকেট অৱ মেৰিট সন্মান লাভ কৰে। এইটোৱেই আছিল অসমীয়া ছবিয়ে লাভ কৰা প্ৰথমটো পুৰস্কাৰ। ৰাষ্ট্ৰীয় পৰ্যায়ৰ ছবি নির্মাণৰ বাবে ড° ভূপেন হাজৰিকাই চামেলি মেমচাব’ ছবিৰ সংগীত পৰিচালনাৰ বাবে প্ৰথমটো পুৰস্কাৰ লাভ কৰিছিল। ভবেন্দ্ৰ নাথ শইকীয়াই ‘অগ্নিস্নান’ ছবিৰ বাবে
চিত্রনাট্যৰ বঁটা লাভ কৰিছিল। জাহ্নু বৰুৱাই ‘সাগৰলৈ বহুদূৰ’ ছবিৰ বাবে শ্রেষ্ঠ পৰিচালকৰ বঁটা লাভ কৰিছিল। অভিনয়ৰ বাবে জুৰিৰ বিশেষ বঁটা লাভ কৰিছিল ৰুদ্ৰ বৰুৱা, ভাগীৰথী, বিষ্ণু খাৰঘৰীয়া আদিয়ে। তেনেদৰে সঞ্জীৱ হাজৰিকা পৰিচালিত হলধৰ’ ছবি, জাহ্ন বৰুৱাৰ হালধীয়া চৰায়ে বাও, ধান খায়’ আদি ছবিয়েও ৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰে। আন্তঃৰাষ্ট্ৰীয় ছবি মহােৎসৱত চুটি ছবিৰ উপৰিও দুই এখন তথ্যচিত্ৰই বিশেষ সম্মান লাভ কৰিছে। তথ্যচিত্ৰৰ বিভিন্ন শিতানত আৰু চিত্র সমালােচনা আৰু চলচ্চিত্র বিষয়ক গ্রন্থৰ বাবেও কেইবাগৰাকী অসমীয়াই বঁটা লাভ কৰিছে।

প্রঃ অসম চৰকাৰে অসমীয়া চিনেমা শিল্পৰ বিকাশত কি ভূমিকা পালন কৰিছে?
উ : অসমীয়া চিনেমাৰ আৰম্ভণি আৰু বিকাশ ব্যক্তিগত প্রচেষ্টাত হৈছিল যদিও পৰৱৰ্তীকালত চৰকাৰে প্রযােজকক আর্থিক অনুদান আগবঢ়োৱাৰ ব্যৱস্থা কৰে। জ্যোতিপ্রসাদ আগৰৱালাৰ স্মৃতিত চৰকাৰে জ্যোতি চিত্রবন ছােছইটীনামেৰে ষ্টুডিঅ’ কমপ্লেক্স নির্মাণ কৰি চিত্ৰ নিৰ্মাণৰ ক্ষেত্ৰত বাহিৰলৈ যাবলগীয়া কামৰ পৰা চিত্র নির্মাতাসকলক কিছু সকাহ দিছে। এই চৌহদতে চলচ্চিত্র নির্মাণ প্রশিক্ষণ বিদ্যালয় এখন ভূপেন হাজৰিকা আঞ্চলিক চৰকাৰী ফিল্ম আৰু টি ভি ইন্সটিটিউট নামেৰে গঠন কৰিছে। ছবি প্রযােজনাত সহায় কৰিবলৈ অসম ৰাজ্যিক চলচ্চিত্র বিত্ত আৰু উন্নয়ন নিগম চৰকাৰে গঠন কৰিছে। তাৰােপৰি চলচ্চিত্র সংগ্রহালয় আৰু অৰ্কাইভ স্থাপন কৰিছে। বর্তমান অসমীয়া চলচ্চিত্ৰৰ যিমান বিকাশ হ’ব লাগিছিল সেইদৰে হােৱা নাই। সেয়েহে এই উদ্যোগটোক আগবঢ়াই নিবলৈ চৰকাৰে পদক্ষেপ ল’ব লাগিব।

Leave a Comment

Your email address will not be published. Required fields are marked *


Scroll to Top