ভাৰতীয় আদৰ্শত বৈৰাগী দ্বাদশ শ্ৰেণীৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ সমূহ

বিষয়  অসমীয়া
পাঠৰ নাম ভাৰতীয় আদৰ্শত বৈৰাগী
শ্ৰেণী  দ্বাদশ শ্ৰেণী
লেখক তীর্থনাথ শৰ্মা
গােট গদ্যাংশ
পাঠৰ নং অধ্যায় 4
পাঠ্যক্ৰম  অসম মাধ্যমিক শিক্ষা পৰিষদৰ (AHSEC)

ভাৰতীয় আদৰ্শত বৈৰাগী Class 12

(পাঠটোৰ পৰা ২০১৫ বৰ্ষত অহা প্ৰশ্নসমূহ)

প্র : কামসেন্দুৰ কবিতাপুথিখনৰ ৰচক কোন?
উ: কামসেন্দুৰ কবিতাপুথিখনৰ ৰচক হ’ল—তীর্থনাথ শর্মা।

প্র : উপনিষদত কি ভাবে দান কৰিব লাগে বুলি বিদ্যার্থীক সোঁৱৰাই দিয়া হৈছে বুজাই লিখা।
উঃ উপনিষদত কি ভাবে দান কৰিব লাগে সেই বিষয়েও বিদ্যার্থীক গুৰুৱে সোঁৱৰাই দিছে—“শ্রদ্ধয়া দেয়য় অশ্রদ্ধয়া অদেয়ম, শ্রিয়া, দেয়ম, হিয়া দেয়ম, ভিয়া দেয়ম, সংবিদা দেযম। শ্ৰদ্ধাৰে দান কৰিবা, অশ্রদ্ধাযুক্ত মন লৈ নিদিলে নহয়’ এনেভাৱে দান কৰা নকৰা সমান। শ্রিয়া অর্থাৎ সামর্থ। অনুসাৰে দিবা মােৰনো কি আছে? এতেকে নিদিওঁ বুলি ভাৱি হাত সাৰিব নােৱাৰি অথবা বহুত আছে কিন্তু অলপমান দি নামমাত্ৰ কৰাও নিন্দনীয়। সলজ্জ ভাৱে শাস্ত্ৰৰ প্ৰতি বা লােকৰ নিন্দাৰ ভয়ত মিত্ৰভাৱে (সংবিদা) প্রেম ভাৱত দিব লাগে।

(পাঠটোৰ পৰা ২০১৬ বৰ্ষত অহা প্ৰশ্নসমূহ)

প্রঃ তীর্থনাথ শৰ্মাৰ কাব্যগ্রন্থখনৰ নাম কি?
উ: কামসেন্দুৰ।

প্রঃ প্ৰকৃততে ত্যাগ বা বৈৰাগ্য মানে কি? 
উ : বহুত থাকিও সংযতভাৱে ভােগ কৰা আৰু সংবিভাজনৰ দ্বাৰা সমৃদ্ধিৰ সদ্গতি ঘটোৱাহে প্রকৃত ত্যাগ। পালেও নিৰাসক্ত হৈ থকাতহে প্রকৃত বৈৰাগ্য।

প্রঃ চাৰি আশ্ৰম কি কি লিখা। (2018)
উঃ ভাৰতীয় আদর্শত জীৱনৰ চাৰিটা স্তৰৰ কথা উল্লেখ কৰা হৈছে। এই চাৰিটা স্তৰক চাৰি আশ্ৰম বােলা হয়। এই চাৰি আশ্ৰম হৈছে— ব্রহ্মচর্য, গার্হস্থ, বানপ্রস্থ, আৰু সন্যাস। ভাৰতীয় আদর্শত গৃহস্থী জীৱনৰ কর্তব্য সম্পাদন কৰি উঠাৰ পিছতহে বানপ্রস্থ আৰু সন্যাসৰ বিধান দিয়া হৈছে।

(পাঠটোৰ পৰা ২০১৭ বৰ্ষত অহা প্ৰশ্নসমূহ)

প্রঃ ঋকবেদৰ মন্ত্ৰবিলাকত কিহৰ পৰিচয় পােৱা যায়।
উঃ ঋকবেদৰ মন্ত্ৰবিলাকত এটা উজ্জ্বল সমৃদ্ধিময় জীৱনৰ কাৰণে এখন সমাজৰ প্ৰৱল ধাউতিৰ পৰিচয় পােৱা যায়।

প্রঃ তীর্থনাথ শর্মা কোনখন মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ আছিল।
উ : তীর্থনাথ শৰ্মা গুৱাহাটীৰ প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ প্রতিষ্ঠাপক অধ্যক্ষ আছিল।

প্রঃ শৰীৰধাৰী মানুহৰ কিহৰ বাহিৰে আন উপায় নাই?
উ: শৰীৰধাৰীমানুহৰ কাম কৰাৰ বাহিৰে অন্য উপায় নাই। এইকথা উপনিষদ আৰু ভগৱদগীতাত আছে। উপনিষদৰ কৰ্মযােগৰ নিৰ্দেশত আছে—কাম কৰি এশ বচৰ জীয়াই থকা, জীয়াই থাকিবলৈবাঞ্ছা কৰা।

প্রঃ “ভাৰতীয় সংস্কৃতিৰ মূলধাৰ বেদ”—কথাষাৰ বহলাই লিখ। (2019)
উঃ বেদক কেবল ধর্মশাস্ত্রবুলি নকৈ সমাজ জীৱনৰ স্পষ্ট নিদর্শন বুলি কব পাৰি। বেদ হৈছে প্রাচীন ভাৰতীয় অমূল্য ধর্মগ্রন্থ। ভাৰতীয় সংস্কৃতি মূলতঃ বৈদিক পৰম্পৰাগত সংস্কৃতি। ভাৰতীয় আদর্শত বৈৰাগী স্থান উচ্চ বুলি বেদৰ ভিত্তিতে নিৰূপণ কৰা হৈছে। ত্যাগৰ মাজেৰে নিৰাসক্ত হৈ কিদৰে প্ৰকৃত বৈৰাগ্য জীৱন কটাব পাৰি সেই বিষয়ে বেদ শাস্ত্রসমূহত দেখুওৱা হৈছে। ঋকবেদৰ মন্ত্ৰবিলাকত আৰু ঋষিসকলৰ প্রার্থনাত সমৃদ্ধিময় জীৱনৰ কাৰণে এখন সমাজৰ প্ৰৱল ধাউতি দেখুওৱা হৈছে। উপনিষদত আধ্যাত্মিক জীৱনক সুন্দৰ জীৱন বুলি কোৱা হৈছে। কর্ম আৰু কৰ্ষণৰ জৰিয়তে এই সুন্দৰ জীৱন লাভ কৰিব পাৰি। কর্ম কৰাৰ কৌশলকে পিছত ভগৱদগীতাত যােগ বা কর্মযােগ বুলি অভিহিত কৰা হৈছে। কর্মই যে ধর্ম সেই কথা বেদেই প্রকট কৰিছে। বৈদিক যুগতে ব্রহ্মচর্য, গার্হস্থ্য, বানপ্রস্থ আৰু সন্ন্যাস এই চাৰি আশ্রম গঢ়ি উঠিছিল যি ভাৰতীয় হিন্দুসকলৰ জীৱনৰ আদর্শ নিৰূপণ কৰি দিয়ে। প্রাচীন ভাৰতীয় সাহিত্যৰ অমূল্য গ্রন্থবােৰ হ’ল বেদ, উপনিষদ, পুৰাণ আদি। ঋকবেদ, যজুবেদ, সামবেদ আৰু অথর্ব বেদ এই চাৰিবিধ হৈছে ভাৰতীয় সংস্কৃতিৰ মূল আধাৰ। এইদৰে প্রাচীন ভাৰতৰ ধর্ম-দর্শন-সমাজ আদি সকলােবােৰ বেদৰ মাজতহে প্রতিফলিত হৈউঠা দেখিবলৈ পােৱা যায়। সেয়েহে ভাৰতীয় সংস্কৃতিৰ মূল আধাৰ হ’ল বেদ।

See also  বৰগীত Class 12 (উঠৰে উঠ বাপু গােপাল হে) সম্পুৰ্ণ প্ৰশ্ন উত্তৰ

ভাৰতীয় আদৰ্শত বৈৰাগী দ্বাদশ শ্ৰেণীৰ

(পাঠটোৰ পৰা ২০১৮ বৰ্ষত অহা প্ৰশ্নসমূহ)

প্রঃ অতিথি দেব ভৱ’মানে কি?
উঃ অতিথিয়ে সমাজৰ দায়িত্বৰ কথা সোঁৱৰাইদিয়ে। আচার্য আৰু অতিথিয়ে সমাজখন প্রতিনিধিত্ব কৰে। অতিথিসকলক দেৱতাৰ বৰে জ্ঞান কৰিব লাগে।ভাৰতীয় আদর্শত মাতৃ দেৱা , আচার্য দেৱােভ আৰুঅতিথি দেৱােভ অর্থাত পিতৃমাতৃ, গুৰুজন আৰু অতিথিজনক সমানে দেৱতুল্য বুলি ভাবিব লাগে। তেওঁলােকৰ প্ৰতি কৰ্তব্য কেনেকুৱা হব লাগে তাক কোৱা হৈছে। সেয়েহে অতিথিয়ে প্রতিনিধিত্ব কৰা সমাজখনৰ প্রতিও আমাৰ দায়িত্ব আছে।

(পাঠটোৰ পৰা ২০১৯ বৰ্ষত অহা প্ৰশ্নসমূহ)

প্রঃ ঈশােপনিষদৰ নিষেধ বাক্যটি কি? নাইবা
ঈশােপনিষদৰ প্ৰথম মন্ত্রটি বিধিবাক্যটো কি আৰু তাৰ অর্থ কেনেধৰণৰ?
উ : ঈশােপনিষদৰ প্রথম মন্ত্রটিৰ বিধ্বিাক্যটো হ’ল- ‘ভূঞ্জীথা’, নিষেধ বাক হ’ল- মা গৃধ’, ভুঞ্জীথাঃ ভােগ কাৰ, কিন্তু সাৱধান, ত্যক্তেন- ত্যাগ কৰিহে ভােগ কৰা। মা গৃধঃ- নিজে ত্যাগৰ ভাবত থাকি আৰু আনৰখিনিলৈ আকাংক্ষা নকৰাকৈ ভােগ কৰাটোৱেইউপনিষদৰ বিধান।

প্রঃ “শ্রদ্ধয়া দেয়ম” অশ্রদ্ধয়া অদেয়ম মানে কি?
উ : ‘শ্ৰদ্ধয়া দেয়ম’ অর্থাৎ শ্ৰদ্ধাৰে দান কৰিবা। ‘অশ্রদ্ধয়া অদেয়ম’, অর্থাৎ অশ্রদ্ধাযুক্ত মন লৈ, নিদিলে নহয়, এনেভাৱত  দান কৰা নকৰাৰ সমান।

প্র: উপনিষদৰ যুগত শিক্ষা লাভ কৰি গার্হস্থ্য জীৱনত প্রৱেশ কৰিবলৈ উলটিব খােজা বিদ্যার্থীক গুৰুৱে কি কি উপদেশ দিছিল নিজৰ ভাষাৰে লিখা।
উ : কর্মই যে ধর্ম সেইটো গুৰুৱে ভালদৰে বিদ্যার্থীক বুজাই দিছিল। ভাৰতীয় আদর্শত জীৱন সংগ্ৰামত প্রবৃত্ত হ’ব খােজা ছাত্ৰসকলক গুৰুৱে সুন্দৰ উপদেশ দিছে। শিক্ষা সাং কৰি গার্হস্থ্য জীৱনত প্ৰৱেশ কৰিবলৈ উলটিব খােজা বিদ্যার্থী গুৰুৱে এইদৰে উপদেশ দিছিল। সত্য ক’বা, ধর্ম আচৰণ কৰিবা। দৈনন্দিন অধ্যয়নৰ পৰা বিচ্যুত নহ’বা। আচাৰ্যক অভীষ্ট দক্ষিণা দি গৃহস্থাশ্ৰমত প্রৱেশ কৰি বংশধাৰা অক্ষুন্ন ৰাখিবা। সত্যৰ পৰা বিচ্যুত নহ’বা, ধৰ্মৰ অর্থাৎ কল্যাণকৰ পথৰ পৰা বিচ্যুত নহ’বা। নিজৰ ধৰ্মৰ অর্থাৎ কল্যাণকৰ পথৰ পৰা বিচ্যুত নহ’বা। নিজৰ মংগলৰ কাৰণে কৰণীয় কামৰ পৰা আঁতৰি নাথাকিবা। ধন- সম্পত্তি সংগ্রহ ৰূপ মংগলজনক কার্য কৰিবা কিন্তু ধর্মপথৰ পৰা বিচ্যুত নােহােৱাকৈ থাকিবা। দেৱকাৰ্য আৰু পিতৃকার্য বিষয়ত কেতিয়াও প্রমাদগ্রস্থ নহ’বা। মাতৃক দেৱতাৰ দৰে মানিবা, পিতৃক দেৱতাৰ দৰে মানিবা, আচাৰ্য্যক দেৱতাৰ দৰে মান্য কৰিবা। যিবােৰ অনিন্দনীয় কাম সেইবােৰ নকৰিবা। ডাঙৰৰ যিবােৰ ভাল মান্য কৰিবা, সেইবােৰ আচৰণ কৰিবা আৰু যিবােৰ বেয়া সেইবােৰ পৰিহাৰ কৰিবা। ইয়াৰ উপৰিও, দান কৰাৰ ক্ষেত্ৰত গুৰুৱে কিছুমান। উপদেশ দিছিল। যেনে নিজৰ উপাৰ্জন কৰা ধন সমানে বিতৰণ কৰি সংযতভাৱে ভােগ কৰিব লাগে। ইয়াৰ লগতে কি ভাৱত দান কৰিব লাগে সেয়াও অতি সুন্দৰভাৱে বিশ্লেষণ কৰি দিছিল।

(পাঠটোৰ পৰা ২০২০ বৰ্ষত অহা প্ৰশ্নসমূহ)

প্রঃ সংযতভাৱে জীৱন যাপন কৰি প্রাপ্তিতে নিৰাসক্ত হৈ থকাজনক কি বুলি কোৱা হয়?

উঃ সংযতভাৱে জীৱন যাপন কৰি প্রাপ্তিতে নিৰাসক্ত হৈ থকাজনক বৈৰাগী বুলি কোৱা হয়।

প্রঃ উপনিষদৰ কৰ্ম যােগৰ নিৰ্দেশত কি তত্ব নিহিত হৈ আছে পাঠৰ আধাৰত চমুকৈ লিখা।
উ : উপনিষদৰ আধ্যাত্মিক শিখৰত আমি এটা উজ্জ্বল তথা সমৃদ্ধিময় জীৱনৰ কাৰণে থকা সমাজ এখনৰ প্রবল ধাউতিৰ পৰিচয় পাওঁ। এই আদর্শ কর্মকৰাৰ আদর্শ, য’ত সেই কর্ম কৰাৰ কৌশল বা মনােধৰ্মৰ আদেশ পাওঁ। এই কর্ম কৰাৰ কৌশলকে পিছত ভগৱতগীতাত যােগ বা কর্মযােগ বুলি অভিহিত কৰা হৈছে। উপনিষদৰ কর্মযােগত কোৱা হৈছে যে—“নিজে ত্যাগৰ ভাবত থাকি আৰু আনৰখিনি আকাংক্ষা নকৰাকৈ ভােগ কৰাটোৱেই উপনিষদৰ বিধান। এই প্রবৃত্তিৰে কাম কৰি এশ বছৰ জীয়াই থকা, জীয়াই থাকিবলৈ বাঞ্ছা কৰা কাৰণ তুমি শৰীৰধাৰী মানুহ, তােমাৰ কাম কৰাৰ বাহিৰে আন উপায় নাই। কামাে কৰিবা, সেই কামত লিপিত খায়াে নাথাকিবা, ইয়েই উপনিষদৰ কৰ্মযােগ।” অর্থাৎ, আমি এই পৃথিৱীত সুখেৰে জীয়াই থাকিবলৈ হ’লে কাম কৰিবই লাগিব। যি কামেই কৰা যায়, তাক মনপুতি কৰা উচিত। কিন্তু সেই কামত লাগি থকাটোও অনুচিত। অর্থাৎ, কাম কৰিব লাগে কিন্তু নিৰাসক্ত হৈ। ভােগ এৰি দি বনবাসী হৈ থকাৰ আদেশশা উপনিষদে আমাক দিয়া নাই। ভােগ কৰাৰ এই কৌশলটোকে পিছৰ যুগত কর্মযােগ বুলি বিশদ আললাচনা কৰা হৈছে।

See also  মিলন Class 12 - নলিনীবালা দেৱী (প্রশ্নোত্তৰ) দ্বাদশ শ্ৰেণী

প্রঃ “বিদ্যা লাভৰ চৰম প্রাপ্য বা অর্জনীয় বিষয়ো এই দুটাই” লেখকে কোন দুটা প্রাপ্যলৈ আঙুলিয়াইছে? নাইবা তৈত্তিৰীয় উপনিষদত গুৰুৱে দিয়া উপদেশখিনিৰ সাৰমৰ্ম বিচাৰ কৰা।

উঃ তৈত্তিৰীয় উপনিষদৰ অনুশাসনৰ কথাখিনি বিশেষভারে দকৈ গমি চাব লগা কথা। ইয়াত প্রথম উপদেশ হৈছে সত্য আৰু ধর্ম। সমাজ আৰু ব্যক্তি দুয়ােটাৰে জীৱন সুখদায়ক হ’বলৈ যি নকৰিলে ব্যক্তি জীৱন আৰু লগে লগে সমাজ জীৱন দুঃখদায়ক, পীড়াজনক আৰু বিশৃংখল হয়, সেই কর্ষণীয় গুণ দুটা হ’ল—সত্য আৰু ধর্ম। বিদ্যা লাভৰ চৰম প্রাপ্য বা অর্জনীয় বিষয়ে এই দুটাই। গুৰুৱে এই দুটাৰ কথা কৈ প্রতিদিনৰ কৰণীয় কর্ম অধ্যয়নৰ কথা সোঁৱৰাই দিছে।

লগতে পঢ়ক: আনন্দৰাম বৰুৱা

ভাৰতীয় আদর্শত বৈৰাগ্য Class 12

(ক) অতি চমু প্রশ্ন: (প্ৰতিটো প্ৰশ্নৰ মূল্যাংক -১)

১। ভাৰতীয় আদর্শত বৈৰাগ্য স্থান কেনেকুৱা?
উত্তৰ :ভাৰতীয় আদর্শত বৈৰাগ্যৰ স্থান অতি উচ্চ।

২। ভাৰতীয় সংস্কৃতিৰ মূল আধাৰ কি?
উত্তৰঃ ঋক্,যজুঃ ,সাম আৰু অথর্ব—এই চাৰিবেদ হৈছে ভাৰতীয় সংস্কৃতিৰ মূল আধাৰ।

৩। কর্ম আৰু কৌশলক ভগৱদগীতাত কি যােগ বুলি কৈছে?
উত্তৰঃ কর্মযােগ।

৪। তীর্থনাথ শৰ্মাৰ কাব্য গ্রন্থখনৰ নাম কি?
উত্তৰঃ কামসেন্দুৰ

৫। তৈত্তিৰীয় উপনিষদৰ প্ৰথম উপদেশ কি?
উত্তৰঃসত্য আৰু ধর্ম।

ভাৰতীয় আদৰ্শত বৈৰাগী দ্বাদশ শ্ৰেণীৰ

চমু প্রশ্ন: (প্ৰতিটো প্ৰশ্নৰ মূল্যাংক -২ অথবা ৩)

১। ভাৰতীয় আদর্শত বৈৰাগ্য পাঠটিত ‘সংবিভাজ্য’ শব্দটিয়ে কি সূচাইছে?
উত্তৰ :’সংবিভাজ্য’ শব্দটিয়ে সমানে বিতৰণ ৰা ভাগ কৰা বুজাইছে।

২। ‘শ্রদ্ধয়া দেয়ম’ অশ্রদ্ধয়া অদেয়ম’ মানে কি?
উত্তৰ: শ্ৰদ্ধয়া দেয়ম’ মানে শ্ৰদ্ধাৰে দান কৰিবা আৰু অশ্রদ্ধয়া অদেয়ম’ মানে অশ্রদ্ধাযুক্ত মন লৈ দান কৰা- নকৰা সমান।

৩। প্রকৃত ত্যাগ মানে কি বুজা?
উত্তৰ: প্ৰকৃততে ত্যাগ বা বৈৰাগ্য এটা বিশেষ মনােধর্ম। সম্পদ থাকিও সংযতভাবে ভােগ কৰা আৰু সংবিভাজনৰ দ্বাৰা সমৃদ্ধিৰ সদগতি ঘটোৱাটোহে প্রকৃত ত্যাগ।

8।  ঈশােপনিষদত ‘ভূঞ্জীথাঃ’ মানে কি বুজাইছে?
উত্তৰ: ‘ভূঞ্জীথা’ মানে ত্যাগ কৰিহে ভােগ কৰা। অর্থাৎ নিজ ত্যাগৰ ভাৱত থাকি আৰু আনৰ খিনিলৈ আকাংক্ষা নকৰাকৈ ভােগ কৰাটোৱেই উপনিষদৰ বিধান।

৫।’ অতিথি দেবাে ভৱ’ মানে কি?
উত্তৰঃ অতিথি দেবাে ভৱ’ মানে অতিথি বা আলহী ভগৱানৰ সমতুল্য। ঘৰলৈ অহা অতিথি- আলহীক সেইকাৰণে ভালদৰে সেৱা-সৎকাৰ কৰিব লাগে।

Class 12 Assamese Lesson 4

(গ) দীঘল প্রশ্ন: (প্ৰতিটো প্ৰশ্নৰ মূল্যাংক – ৪ অথবা ৫)

১। ভাৰতীয় সংস্কৃতিৰ মূলাধাৰ বেদ’—কথাষাৰ বহলাই লিখা।
উত্তৰ: সমাজৰ আগত দৰিদ্ৰ আৰু অভাৱে বেৰি থকা জীৱন এটাৰ দৈন্যচিত্র এখন আমাৰ মূল শাস্ত্রবােৰে দাঙি ধৰা নাই। সেইদৰে নিষ্কৰ্মাৰ কলেহুৱা জীৱনধাৰাৰ প্রশংসাও কেতিয়াও কৰা নাই। ভাৰতীয় আদর্শত গৃহস্থী জীৱনৰ কর্তব্য সম্পাদন কৰি উঠাৰ পিছতহে বানপ্রস্থ আৰু সন্যাসৰ বিধান দিয়া হৈছে। ভাৰতীয় সংস্কৃতিৰ মূলাধাৰ বেদ। ভাৰতীয় লােকৰ প্রচলিত ৰীতি-নীতি আৰু জীৱন চর্চাৰ বহুবােৰ দিশ বেদত সন্নিৱিষ্ট হৈ আছে। বেদ চাৰিখন। সেই কেইখন হৈছে- ঋকবেদ, যজুবেদ, অর্থববেদ, আৰু সামবেদ। ঋকবেদ, প্ৰমুখ্যে বৈদিক শাস্ত্ৰকেইখনত থকা মন্ত্ৰ আৰু ঋষি-মুনিৰ প্রার্থনাত এটা উজ্বল সমৃদ্ধিময় জীৱনৰ কাৰণে এখন সমাজৰ প্ৰৱল ধাউতিৰ পৰিচয় পােৱা যায়। ঋক,যজু,সাম আৰু অথর্ব—এই চাৰিবেদ হৈছে ভাৰতীয় সংস্কৃতিৰ মূল আধাৰ। এই বেদসমূহত সুকাৰ্যৰ মাজেৰে জীৱন-যাপনৰ প্রণালীৰ কথা বাংময় ৰূপত ব্যক্ত হৈ আছে।

See also  চিঠি Class 12th (চুটি গল্প) দ্বাদশ শ্ৰেণী গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ সমূহ

২। চাৰি আশ্ৰম বুলিলে কি বুজা ?
উত্তৰ: ভাৰতীয় আদর্শত জীৱনৰ চাৰিটা স্তৰৰ কথা উল্লেখ কৰা হৈছে। উক্ত স্থৰ চাৰিটাকে চাৰি আশ্রম বােলা হয়। এই চাৰি আশ্ৰম হৈছে—ব্রহ্মচর্য, গার্হস্থ্য, বানপ্রস্থ আৰু সন্ন্যাস।

৩। বৈৰাগ্য মানে কি? ভাৰতীয় আদর্শত কেনেধৰণৰ বৈৰাগ্যৰ কথা কেৰিা হৈছে?
উত্তৰ: বৈৰাগ্য মানে হৈছে বিৰাগ। বিষয় বা ইন্দ্রিয় ভােগৰ প্ৰতি অনশক্তিকে বৈৰাগ্য বুলিব পাৰি। কাম কৰিও জীৱনত নিৰাসক্তভাৱে থাকি মানুহে প্রকৃত সত্য উদঘাটন কৰিব পৰাটোকে ভাৰতীয় আদর্শত বৈৰাগ্য বুলি উল্লেখ কৰা হৈছে। থাকিও সংযতভাৱে ভােগ কৰা আৰু সংবিভাজনৰ দ্বাৰা সমৃদ্ধিৰ সগতি ঘটোৱাহে প্রকৃত ত্যাগ। পালেও নিৰাশক্ত হৈ থকাতহে প্ৰকৃত বৈৰাগ্য। ভাৰতীয় আদর্শত গৃহস্থী জীৱনৰ কর্তব্য সম্পাদন কৰি উঠাৰ পিছতহে বানপ্রস্থ আৰু সন্ন্যাসৰ বিধান দিয়া হৈছে।

৪। গুৰুৱে শিক্ষার্থী অধ্যয়ন সমাপ্ত হোৱাৰ পিছত কি কি উপদেশ দিছিল?
উত্তৰ :গুৰুৱে বিদ্যার্থী অধ্যয়ন সমাপ্ত হােৱাৰ পিছত সত্য কবলৈ আৰু ধর্ম আচৰণ কৰিবলৈ কৈছিল। দৈনন্দিন অধ্যয়নৰ পৰা বিচ্যুত নহ’বলৈ কৈছিল। আচাৰ্যক অভীষ্ট দক্ষিণা দি গৃহস্থাশ্ৰমত প্ৰৱেশ কৰি বংশধাৰা অক্ষুন্ন ৰাখিব দিছিল। সত্যৰ পৰা বিচ্যুত নহ’বলৈ, ধৰ্মৰ অথাৎ কল্যাণকৰ পথৰ পৰা বিচ্যুত নহ’বলৈ কৈছিল। নিজৰ মংগলৰ কাৰণে কৰণীয় কামৰ পৰা আঁতৰি নাথাকিবলৈ উপদেশ দিছিল। ধন সম্পত্তি সংগ্রহ ৰূপ মংগলজনক কার্য কৰিবলৈ কিন্তু ধর্মপথৰ পৰা বিচ্যুত নােহোৱাকৈ থাকিবলৈ উপদেশ দিছিল। দেৱকাৰ্য আৰু পিতৃকার্য বিষয়ত কেতিয়াও প্ৰসাদগ্রস্ত নহ’বলৈ উপদেশ প্রদান কৰিছিল, মাতৃক দেৱতাৰ দৰে মানিবলৈ, পিতৃক দেৱতাৰ দৰে মানিবলৈ আৰু আচার্ক দেৱতাৰ দৰে মান্য কৰিবলৈ উপদেশ দিছিল। যিবােৰ অনিন্দনীয় কাম সেইবােৰ কৰিবলৈ গুৰুৱে অধ্যয়ন সমাপ্ত হােৱা বিদ্যার্থীক উপদেশ দিছিল। ডাঙৰৰ যিবােৰ ভাল সেইবােৰ আচৰণ কৰিবলৈ আৰু ডাঙৰৰ যিবােৰ বেয়া সেইবােৰ পৰিহাৰ কৰিবলৈ গুৰুৱে অধ্যয়ন সমাপ্ত হােৱাৰ পিছত বিদ্যার্থীক উপদেশ দিছিল।

৫। ‘ভাৰতীয় আদর্শত বৈৰাগ্য’ পাঠটিৰ মূল কথাখিনি তােমাৰ ভাষাত চমুকৈ লিখা।
উত্তৰ :বৈৰাগ্য অর্থাৎ বিষয় বা ইন্দ্রিয় ভােগৰ প্রতি অনাসক্তি ভাৰতীয় আদৰ্শৰ এটি ধাৰা। ভাৰতীয় আদৰ্শৰ বিভিন্ন দিশৰ ক্ষেত্ৰত ত্যাগে প্রধান ভূমিকা গ্ৰহণ কৰিছে। জীৱনত কর্ম সাধন কৰাটোৱে মানুহৰ অন্যতম ধর্ম। কাম কৰিও নিৰাসক্ত ভাবে থাকি মানুহে জীৱনৰ প্রকৃত সত্য উদঘাটন কৰিব পাৰে। ইয়ে ভাৰতীয় আদৰ্শৰ বৈৰাগ্য। জীৱনৰ বিভিন্ন স্তৰত বিভিন্ন ধর্ম পালন কৰাৰ কথা প্রাচীন গ্রন্থবােৰত লেখা আছে। ভাৰতীয় আদর্শত ত্যাগ আৰু বৈৰাগ্যৰ স্থান অতি উচ্চ, কিন্তু এই ত্যাগ নোহোৱাৰ নালগে বোলা ত্যাগ আৰু নােপােৱাৰ অসন্তোষত ওপজা বৈৰাগ্য নহয়। প্ৰকৃততে ত্যাগ বা বৈৰাগ্য এটা বিশেষ মনােধর্ম। নিষ্কর্মাৰ জিৰণি কথাটো যেনেকৈ অর্থহীন,নথকাৰ ত্যাগ আৰু লাগে লাগেকৈ হাবাথুৰি খাই নােপােৱাৰ পিছত বিৰক্তি ৰূপ বৈৰাগ্যও জীৱন-যুঁজত, পৰাজয়ৰণৰ তুল্য থাকিও সংযত ভাৱে ভােগ কৰা আৰু সংবিভাজনৰ দ্বাৰা সমৃদ্ধিৰ সদগতি ঘটোৱাহে প্রকৃত ত্যাগ। পালেও নিৰাসক্ত হৈ থকাতহে প্রকৃত বৈৰাগ্যৰ ৰূপ ভাৰতীয় আদর্শত প্রতিষ্ঠিত।

 

Leave a Comment