অর্থনৈতিক ভূগোল Class 10 : বিষয় বস্তু আৰু সম্পদ

অর্থনৈতিক ভূগোল বিষয়বস্তু আৰু সম্পদ
বিষয় (Subject) সমাজ বিজ্ঞান
প্রথম খণ্ড ভূগোল
মাধ্যম অসমীয়া
পাঠৰ নাম অর্থনৈতিক ভূগোল বিষয়বস্তু আৰু সম্পদ
শ্ৰেণী (Class) দশম (X)
অধ্যায় (Chapter) অধ্যায় ১
পাঠ্যক্ৰম (Syllabus) ছেবা (SEBA)

অর্থনৈতিক ভূগোল বিষয়বস্তু আৰু সম্পদ class 10

প্র : শুদ্ধ উত্তৰটো বাছি উলিওৱা ।

(ক) তলৰ কোনটো মানৱ-সৃষ্ট সম্পদ ?
(১) নদ-নদী। (২) খনিজ তেল। (৩) জলসিঞ্চন নলা (৪) অৰণ্য
উ : (৩) জলসিঞ্চন নলা।

(খ) তলৰ কোনটো অজীৱীয় সম্পদ ?
(১) বায়ু (২) গছ-গছনি। (৩) জীৱ-জন্তু (৪) ভেঁকুৰ
উ : (১) বায়ু।

(গ) তলৰ কোনটো অনবীকৰণযােগ্য সম্পদ?
(১) সূৰ্যৰ ৰশ্মি (২) গছ-গছনি। (৪) প্রাকৃতিক গেছ।
উ : (৪) প্রাকৃতিক গেছ।

(ঘ) তলৰ কোনটো বিলুপ্তপ্রায় প্রাণী?
(১) এশিঙিয়া গঁড় (২) নল গাহৰি (৩) জিৰাফ (৪) মিথুন
উ : (২) নল গাহৰি।

(ঙ) IUCN সংস্থাটো কোন আন্তঃৰাষ্ট্ৰয় সংস্থাৰ অন্তর্গত?
(১) UNESCO (2) UNDP (৩) WWF (8) UNEP
উ : UNESCO

প্র : অর্থনৈতিক ভূগােল কাক বোলে?
উঃ ভূগােলৰ যিটো শাখাত সম্পদৰ উৎপাদন, বিতৰণ, উপভােগ আৰু বিনিময় আৰু ইয়াৰ লগত জড়িত থকা মানুহৰ কার্যকলাপসমূহ স্থান আৰু কাল সাপেক্ষে অধ্যয়ন কৰা হয়, তাকে অর্থনৈতিক ভূগােল বােলে।

প্রঃ ২। অর্থনৈতিক ভূগােলত সাধাৰণতে কোনবােৰ বিষয় অধ্যয়ন কৰা হয় ?
উঃ অর্থনৈতিক ভূগােলত সাধাৰণতে সম্পদ আৰু মানুহৰ কাম-কাজ আদিৰ লগত জড়িত সকলােধৰণৰ কথাই আলােচনা কৰা হয়।

প্র : ৩। আধুনিক অর্থনৈতিক ভূগােলৰ পিতৃ বুলি কাক জনা যায়?
উঃ জর্জ ছিজহ’মক আধুনিক অর্থনৈতিক ভূগােলৰ পিতৃ বুলি জনা যায়।

প্র : ৪। সম্পদ কি?
উ : মানুহৰ জীৱন ধাৰণৰ বাবে প্রয়ােজনীয় সকলােবােৰ বস্তুকেই সম্পদ বােলা হয়।

প্রঃ ৫। মানৱ সৃষ্ট সম্পদ কি?
উ : প্রাকৃতিক সম্পদসমূহ যথােপযুক্ত ব্যৱহাৰৰ যােগেদি মানুহে নিজে নিজৰ ব্যৱহাৰৰ উপযােগী কৰি লয় তেনে সম্পাদক মানৱ সৃষ্ট সম্পদ বােলে। যেনে- ৰাস্তা-ঘাট, দলং।

প্রঃ ৬। প্রতিৰোধক কাক বােলে ?
উঃ যিবােৰ সামগ্রী বা পৰিঘটনাই মানুহৰ অপকাৰ সাধন কৰে তাকে প্রতিৰোধক বােলে।

প্রঃ নিষ্ক্রিয় সামগ্রী কাক বােলে ?
উ : যিবােৰ সামগ্ৰীয়ে মানুহৰ কোনাে ধৰণৰ উপকাৰ বা অপকাৰ সাধন নকৰে তেনে সামগ্রীক নিষ্ক্রিয় সামগ্রী বােলে।

প্রঃ ৮। সম্পত্তি কাক বােলে ?
উ : যিবােৰ সামগ্ৰীৰ বিনিময় মূল্য আছে তাকে সম্পত্তি বােলা হয়।

প্রঃ ৯ | এবিধ এনেকুৱা সম্পদৰ উদাহৰণ দিয়া যি প্রাকৃতিক সম্পদ আৰু লগতে এটা অজৈৱিক সম্পদ।
উ : সােণ।

প্রঃ ১০। অজীৱীয় সম্পদ কাক বােলে ?
উঃ প্রাকৃতিক গঠন অনুযায়ী যিবােৰ সম্পদ নির্জীৱ অর্থাৎ জীৱ নাই তেনে সম্পদক অজীৱীয় সম্পদ বােলা হয়।

প্রঃ ১১। নবীকৰণযােগ্য সম্পদ কাক বােলে ?
উঃ যিবােৰ প্ৰাকৃতিক সম্পদ অনবৰত ব্যৱহাৰ কৰি থকাৰ পিছতাে নবীকৰণ প্ৰক্ৰিয়াৰে কেতিয়াও একেবাৰে নিঃশেষ হৈ নােযােৱাকৈ ৰাখিব পাৰি, তেনে সম্পদবােৰক নবীকৰণযােগ্য সম্পদ বােলে। যেনে— বায়ু, পানী।

প্রঃ ১২। অনবীকৰণযােগ্য সম্পদ কাক বােলে?
উঃ যিবােৰ প্ৰাকৃতিক সম্পদ ব্যৱহাৰৰ পিছত নবীকৰণ বা পুনঃসৃষ্টি কৰিব নােৱাৰি আৰু একেবাৰে নিঃশেষ হৈ যায় তেনে সম্পদবােৰক অনবীকৰণযােগ্য সম্পদ বােলা হয়। যেনে—খনিজ পদার্থ, প্রাকৃতিক গেছ।

বিষয় বস্তু আৰু সম্পদ

প্রঃ ১৩। জাতীয় সম্পদ কাক বােলে ?
উঃ এখন দেশৰ তত্ত্বাৱধান বা দখলত থকা সম্পদসমূহ জাতীয় সম্পদ বোেলা হয়।

প্রঃ ১৪ | সম্পদৰ সংৰক্ষণ কাক বােলে ?
উ : সাধাৰণতে কোনাে ধৰণৰ বিনাশ আৰু অপব্যৱহাৰ নােহােৱকৈ সম্পদৰ সাম্ভাব্যপূর্ণ ব্যৱহাৰ কৰা কার্যকে সম্পদ সংৰক্ষণ বােলা হয়।

প্রঃ ১৫। জর্জ ছিজহ’মৰ মতে অর্থনৈতিক ভূগােলৰ মূল। উদ্দেশ্য কি ?
উ : জর্জ ছিজহমৰ মতে এখন ঠাইৰ অর্থনৈতিক উন্নয়নৰ গতি আৰু দিশ নির্ণয় কৰাটোৱেই অর্থনৈতিক ভূগােলৰ মূল উদ্দেশ্য।

প্রঃ ১৬। সম্পদ বুলিলে কি বুজায় ? ইয়াৰ প্ৰধান বৈশিষ্ট্যসমূহ উল্লেখ কৰা।
উঃ মানুহৰ অভাৱ পূৰণ কৰিব পৰা জীৱন ধাৰণৰ বাবে প্রয়ােজনীয় সকলাে বস্তুকেই সম্পদ বুলি কোৱা হয়। উদাহৰণস্বৰূপে পৃথিৱীৰ বুকুত পােৱা বায়ু, পানী, গছ-গছনি, খনিজ পদার্থ, মাটি সূৰ্যৰ তাপ ইত্যাদি একো একোটা সম্পদ। কোনাে এবিধ সামগ্রী সম্পদ হ’বলৈ হ’লে তলত উল্লেখিত বৈশিষ্ট্যকেইটা থাকিব লাগিব।

(ক) উপকাৰিতা : কোনাে বস্তু সম্পদ হ’বলৈ হ’লে তাৰ উপকাৰিতা গুণ থাকিব লাগিব। অর্থাৎ ই মানুহৰ অভাৱ পূৰণ কৰাৰ লগতে সমাজৰৰ কল্যাণ সাধন। কৰিব লাগিব।
(খ) কার্যকাৰিতাঃ যিটো কামৰ বাবে কোনাে এবিধ সম্পদ ব্যৱহাৰ কৰা হয়, সেই কামটোত সম্পদটো কার্যকৰী হ’ব লাগিব।

(গ) পৰিৱৰ্তনশীলতাঃ সম্পদ পৰিৱৰ্তনশীল। আজি কোনাে এক সামগ্রী ব্যৱহৃত নহ’লেও বা মানুহৰ বাবে অপকাৰী হ’লেও ভৱিষ্যতে সেই একেটা সামগ্রী মানৱ কল্যাণত ব্যৱহৃত হ’ব পাৰে।

প্র : ১৭। নবীণযােগ্য আৰু অনবীকৰণযােগ্য সম্পদৰ মাজৰ পার্থক্য কি কি? উদাহৰণসহ চমুকৈ আলােচনা কৰা।
উ : নবীকৰণযােগ্য আৰু অনবীকৰণযােগ্য সম্পদৰ মাজত পার্থক্য হল—
নবীকৰণযােগ্য সম্পদ ব্যৱহাৰ কৰাৰ লগে লগে শেষ গৈ গলেও পুনৰায় সৃষ্টি বা উৎপাদন কৰিব পাৰি। যেনে- সূর্য, পানী, গছ। নবীকৰণযােগ্য সম্পদ সৃষ্টি কৰোঁতে বহু সময়ত মানুহৰ ক্রিয়া, কৌশল, পৰিশ্ৰম, সংৰক্ষণ আদিৰ প্রয়ােজন হয়।

আনহাতে যিবােৰ সম্পদৰ পৰিমাণ প্রাকৃতিকভাৱে সীমিত আৰু ব্যৱহাৰ কৰাৰ লগে লগে ইয়াৰ ভঁৰাল ক্রমে নিঃশেষ হৈ যায় তাকে অনবীকৰণযােগ্য সম্পদ বােলে। যেনে— খনিজ তেল, কয়লা, সােণ ৰূপ ইত্যাদি।

প্রঃ ১৯। অর্থনৈতিক ভূগােল কাক বােলে? ইয়াৰ মূল বিষয়বস্তু কি? অর্থনৈতিক ভূগােলৰ প্রধান শাখাবােৰ উল্লেখ কৰা।
উঃ ভূগােলৰ যিটো শাখাত সম্পদৰ উৎপাদন, বিতৰণ, উপভােগ আৰু বিনিময়ৰ সৈতে জড়িত মানুহৰ কাৰ্যকলাপসমূহ, স্থান আৰু কাল সাপেক্ষে অধ্যয়ন কৰা হয়, তাকে অর্থনৈতিক ভূগােল বােলে। অর্থনৈতিক ভূগােল প্রধান বিষয়বস্তু হল—
ই পৃথিৱীত থকা প্রাকৃতিক সম্পদৰ প্রাচুর্য, উৎপাদন, মানদণ্ড বিতৰণ আদিৰ বিষয়ে অধ্যয়ন কৰে। লগতে পৃথিৱীৰ কোনখন দেশ কি সম্পদত চহকী, দেশ এখন কৃষি প্রধান নে উদ্যোগ প্রধান আদি দিশ অধ্যয়ন অর্থনৈতিক ভূগােল প্রধান শাখাবােৰ হ’ল

১। কৃষি ভূগােল ২। সম্পদ ভূগােল ৩। ঔদ্যোগিক ভূগােল ৪। পৰিবহণ ভূগােল ৫। বজাৰ ভূগােল ৬। পৰিকল্পনা ভূগােল ৭। পর্যটন ভূগােল আদি।

২০। প্রাকৃতিক সম্পদ বুলিলে কি বুজায় ? উদাহৰণসহ চমুকৈ লিখা।
উ : যিবােৰ সম্পদ প্রাকৃতিকভাৱে সৃষ্টি হৈ প্ৰকৃতিত সিচৰিত হৈ থাকে তেনেবােৰ সম্পদকে প্রাকৃতিক সম্পদ বােলে। যেনে—সূৰ্যৰ ৰশ্মি, পানী, বায়ু, খনিজ তেল, কয়লা ইত্যাদি। প্রাকৃতিক সম্পদসমূহ গােটা, জুলীয়া, গেছীয় আদি ৰূপত পােৱা যায়। গঠন অনুযায়ী প্রাকৃতিক সম্পদবােৰক জীৱীয় আৰু অজীৱীয় এই দুটা ভাগত ভাগ কৰিব পাৰি। আকৌ উপলভ্যতা বা স্থায়ীত্ব অনুসৰি প্রাকৃতিক সম্পদক নবীকৰণযােগ্য আৰু অনবীকৰণযােগ্য এই দুটা ভাগত ভাগ কৰিব পাৰি। প্রাকৃতিক সম্পদক মানুহে প্রয়ােজনীয় শক্তিৰ উৎস হিচাপে ব্যৱহাৰ কৰে।

অর্থনৈতিক ভূগোল Class 10

প্র : ২১। অর্থনৈতিক ভূগােল প্রধান শাখাসমূহৰ বিষয়বস্তু সম্পর্কে চমুকৈ লিখা।

উঃ অর্থনৈতিক ভূগােলৰ বিভিন্ন শাখাসমূহৰ বিষয়বস্তুৰ বিষয়ে তলত চমুকৈ আলােচনা কৰা হল-
ক) কৃষি ভূগােলঃ কৃষি ভূগােলত কৃষি কাৰ্যৰ লগত জড়িত কাৰকসমূহ, কৃষিৰ প্ৰকাৰ, কৃষি কাৰ্যৰ বিতৰণ আৰু পদ্ধতি, শস্যৰ উৎপাদন আৰু ইয়াৰ লগত
জড়িত সূত্র, কৃষি সামগ্ৰীৰ বজাৰ তথা আমদানি- ৰপ্তানি ইত্যাদি অধ্যয়ন কৰা হয়।

(খ) ঔদ্যোগিক ভূগােলঃ  ঔদ্যোগিক ভূগােলত উদ্যোগ স্থাপনৰ লগত জড়িত অর্থনৈতিক তথা অন্যান্য কাৰকসমূহ, উদ্যোগৰ প্ৰকাৰ আৰু ভৌগােলিক বিতৰণ, ঔদ্যোগিক সামগ্ৰীৰ উৎপাদন, উদ্যোগ অৱস্থানৰ লগত জড়িত সূত্র, ঔদ্যোগিক সামগ্ৰীৰ বজাৰ তথা আমদানি-ৰপ্তানি ইত্যাদি অধ্যয়ন কৰা হয়।

(গ) সম্পদ ভূগােলঃ সম্পদৰ প্ৰকাৰ, আঞ্চলিক বিতৰণ, সম্পদ উদঘাটন তথা উৎপাদনৰ লগত জড়িত কাৰকসমূহ, সম্পদ আৰু উন্নয়নৰ সম্পর্ক, সম্পদৰ সংৰক্ষণ আৰু ব্যৱস্থাপনা আদি সম্পদ ভূগােলত অধ্যয়ন কৰা হয়।

(ঘ) পৰিবহণ ভূগােলঃ পৰিবহণ ভূগােলত পৰিবহণ ব্যৱস্থাৰ প্ৰকাৰ আৰু ইয়াৰ লগত জড়িত কাৰকসমূহ, সম্পদ বিতৰণত পৰিবহণৰ ভূমিকা, মানুহৰ যাতায়াত তথা অর্থনৈতিক কার্যকলাপত পৰিবহণৰ ভূমিকা, অর্থনৈতিক উন্নয়নত পৰিবহণ ব্যৱস্থাৰ ভূমিকা আদি অধ্যয়ন কৰা হয়।

(ঙ) বজাৰ ভূগােলঃ বজাৰ ভূগােলত বজাৰ স্থাপনৰ প্রয়ােজনীয়তা আৰু ইয়াৰ কাৰকসমূহ, বজাৰৰ প্রকাৰ, বিতৰণ আৰু ইয়াৰ লগত জড়িত সূত্রসমূহ
অধ্যয়ন কৰা হয়।

(চ) পৰিকল্পনা আৰু উন্নয়ন ভূগােলঃ পৰিকল্পনা আৰু উন্নয়ন ভূগােলত অর্থনৈতিক উন্নয়নৰ লগত জড়িত কাৰকসমূহ, পৰিকল্পনা ব্যৱস্থা, বহনক্ষম উন্নয়ন, অঞ্চল তথা উপাদানভিত্তিক উন্নয়ন প্রক্রিয়া আদি অধ্যয়ন কৰা হয়।

(ছ) পর্যটন ভূগােলঃ পর্যটন ভূগােলত পর্যটন আৰু ইয়াৰ বিকাশৰ লগত জড়িত কাৰকসমূহ, পর্যটনৰ প্ৰকাৰ, পর্যটন ব্যৱস্থাৰ উন্নয়ন প্রক্রিয়া আৰু পৰিকল্পনা আদি অধ্যয়ন কৰা হয়।

প্র : ২২। মানুহৰ অর্থনৈতিক বৃত্তি বুলিলে কি বুজা? এনে অর্থনৈতিক বৃত্তিবােৰ কি কি ?
উ : পাৰিৱেশিক অৱস্থাৰ লগত মানুহৰ উৎপাদনক্ষম কার্যবােৰৰ সম্পর্ক স্থাপন কৰি জীৱন নির্বাহৰ বাবে প্রয়ােজনীয় অর্থ সংগ্রহ কৰাই হৈছে অর্থনৈতিক বৃত্তি। অর্থাৎ যি কাৰ্যৰ দ্বাৰা মানুহে জীৱন ধাৰণৰ উপায় অৱলম্বন কৰে তাকে মানুহৰ অর্থনৈতিক বৃত্তি বােলে। মানুহৰ অর্থনৈতিক বৃত্তিবােৰ হৈছে—

(১) প্রাথমিক বৃত্তি : যি কাৰ্যৰ দ্বাৰা মানুহে প্ৰকৃতিৰ পৰা সম্পদ আহৰণ কৰে তাকে প্রাথমিক বৃত্তি বােলে। যেনে- – কৃষি কাৰ্য, বনজ সম্পদ আহৰণ, খনিজ সম্পদ আহৰণ, মাছ ধৰা ইত্যাদি।

(২) দ্বিতীয়ক বৃত্তি : যি কাৰ্যৰ দ্বাৰা মানুহে প্ৰকৃতিৰ পৰা আহৰণ কৰা বিভিন্ন দ্রব্য নানান প্রযুক্তিৰ জৰিয়তে মানুহৰ ব্যৱহাৰােপযােগী কৰি লয় তাকে মানুহৰ দ্বিতীয় বৃত্তি বােলে। যেনে— যিকোনাে নির্মাণ কার্য, পুনৰ নিৰ্মাণ কাৰ্য, শিল্পোৎপাদন প্রক্রিয়া ইত্যাদি।

(৩) তৃতীয় বৃত্তি : যি কাৰ্যৰ দ্বাৰা প্ৰাথমিক আৰু দ্বিতীয় বৃত্তিৰ যোেগদি উৎপাদিত সামগ্ৰীসমূহ উপভােক্তাৰ ওচৰ পায় তাকে তৃতীয়ক বৃত্তি বােলে। যেনে- বজাৰ, পর্যটন, যাতায়াত, পৰিবহণ, পাইকাৰী বিক্রী, খুচুৰা বিক্ৰী আদিৰ লগত জড়িত অর্থনৈতিক কার্যসমূহ।

(৪) চতুর্থক বৃত্তি : যি কাৰ্যৰ দ্বাৰা দ্বিতীয় আৰু তৃতীয়ক বৃত্তিসমূহ অধিক সুচল তথা ফলপ্রসূ কৰি তােলাত সহায় কৰে তাকে চতুর্থক বৃত্তি বােলে। যেনে— বেংক বা অন্য বিত্তীয় অনুষ্ঠান, প্রচাৰ মাধ্যম, প্রশাসন, শিক্ষা-গৱেষণা আদিৰ লগত জড়িত কার্যসমূহ।

class 10 social science geography chapter 1 question answer in assamese

প্র : ২৩। সম্পদ ভূগােলক কিয় অর্থনৈতিক ভূগােল এটি গুৰুত্বপূৰ্ণ শাখা বােলা হয় ?
উ : সাধাৰণতে প্ৰকৃতিত মুক্তভাৱে পােৱা সকলাে বস্তুকে সম্পদ বােলা হয়। পৃথিৱীত পােৱা সকলােবােৰ সম্পদেই মানুহৰ বাবে প্রয়ােজনীয়। প্রকৃতিত পােৱা সম্পদবােৰ তেতিয়াই অর্থনৈতিক সম্পদত পৰিণত হয় যেতিয়া মানুহে এইবােৰ নিজৰ প্রয়ােজন মতে ব্যৱহাৰৰ উপযােগী কৰি তােলে। কিয়নাে এই সম্পদবােৰে মানুহৰ প্রয়ােজনসমূহ পূৰণ কৰে। অর্থনৈতিক ভূগােল আৰু ইয়াৰ আটাইবােৰ শাখা-উপশাখাৰ অধ্যয়নেই সম্পদ ভূগােলৰ লগত জড়িত। কাৰণ কোনাে এখন দেশৰ অর্থনৈতিক উন্নয়ন দেশখনৰ সম্পদৰ মান আৰু প্ৰাচুৰ্যৰ ওপৰত বহুখিনি নির্ভৰ কৰে। সম্পদে এখন দেশৰ অর্থনৈতিক দিশত ভালেখিনি বৰঙণি আগবঢ়ায়। সেই কাৰণে সম্পদ ভূগােলক অর্থনৈতিক ভূগোেলর এটি গুৰুত্বপূৰ্ণ শাখা বােলা হয়।

প্র : ২৪। সম্পদ আৰু মানুহৰ মাজত থকা সম্পর্ক বিষয়ে চমুকৈ লিখা।
উঃ সম্পদ আৰু মানুহৰ মাজত এক নিবিড় সম্পর্ক আছে। মানুহে প্ৰকৃতিত পােৱা সম্পদসমূহৰ দ্বাৰাই দৈনন্দিন জীৱনৰ মৌলিক প্রয়ােজনসমূহ পূৰণ কৰে। মানুহে প্ৰকৃতিত পােৱা সম্পদসমূহ উদঘাটন বা উৎপাদন কৰি নিজ নিজ প্রয়ােজন অনুসৰি গঢ় দি উপভােগ কৰি আছে। সেয়েহে মানুহেই হৈছে সম্পদৰ সৃষ্টিকর্তা। মানুহ সম্পদৰ সৈতে দুই ধৰণে জড়িত। যেনে- সম্পদৰ উৎপাদক আৰু উপভােক্তা হিচাপে। মানুহৰ জ্ঞানৰ পৰিসৰ বৃদ্ধিৰ লগে লগে নতুন নতুন সম্পদৰৰ সৃষ্টি হৈছে আৰু ব্যৱহাৰ হৈছে। সম্পদ নােহােৱাকৈ মানুহৰ জীৱন ধাৰণ অসম্ভৱ। উদাহৰণস্বৰূপে মানুহৰ প্রয়ােজনীয় ঘৰ-দুৱাৰ, প্ৰকৃতিত পােৱা শিল, বালি, গছ-গছনি, ধাতু আদিৰ দ্বাৰাই তৈয়াৰ কৰি লৈছে। সেয়ে সম্পদৰ লগত মানুহৰ ওতঃপ্রােত সম্পর্ক আছে।

লগতে পঢ়ক:   অসমৰ ভূগোল Class 10 প্ৰশ্ন উত্তৰ দশম শ্ৰেণীৰ ভূগোল অধ্যায় ৪

প্র : ২৫। সম্পদৰ প্ৰয়ােজনীয়তা সম্পর্কে উদাহৰণসহ চমুকৈ আলােচনা কৰা।
উঃ মানুহৰ জীৱন ধাৰণৰ প্রয়ােজনবােৰ পূৰণ কৰিব পৰা বস্তুকেই সম্পদ বুলি কোৱা হয়। পৃথিৱীত পােৱা প্রায় সকলোেবােৰ বস্তু যেনে—গছ-গছনি, সূৰ্যৰ ৰশ্মি, মাটি, পানী, বায়ু ইত্যাদি সম্পদ। মানুহে প্ৰকৃতিত পােৱা এই সকলােবােৰ বস্তুৰ দ্বাৰা মৌলিক প্রয়োেজনসমূহ পূৰণ কৰে। মানুহে মাথাে প্রয়ােজন অনুসৰি সম্পদবােৰ বিজ্ঞান আৰু প্ৰযুক্তিৰে নানা ৰূপত বা আকাৰৰ পৰিৱৰ্তন কৰি লয়। মানুহৰ জ্ঞানৰ পৰিসৰ বৃদ্ধি হােৱাৰ লগে লগে প্ৰকৃতিৰ সম্পদসমূহৰ পৰা মানুহে নতুন নতুন সম্পদ সৃষ্টি কৰি আছে। উদাহৰণস্বৰূপে কল-কাৰখানা, ঘৰ-দুৱাৰ, যানবাহন, ৰাস্তা-ঘাট আদি প্ৰকৃতিত পােৱা বস্তুৰ দ্বাৰাই মানুহে নিজৰ মতে তৈয়াৰ কৰি লৈছে। মানৱ সম্পদৰ দ্রুত বিকাশৰ ফলত পৃথিৱীত মানৱ উন্নয়ন আৰু পৃথিৱীত অর্থনৈতিক বিকাশ সম্ভৱ হৈছে। দৰাচলতে মানুহেই সম্পদৰ সৃষ্টিকর্তা। গতিকে মানুহৰ বাবে আটাইতকৈ প্ৰয়ােজনীয় বিষয় হৈছে সম্পদ আহৰণ, বিতৰণ, সৃষ্টি আৰু ব্যৱহাৰ।

প্রঃ ২৬। সম্পদ পৰিৱৰ্তনশীল’— ব্যাখ্যা কৰা।
উ : পৃথিৱীত পােৱা সকলােবােৰ বস্তুকেই সম্পদ বুলি কোৱা হয় যদিও সম্পদ হ’বলৈ তিনিটা বৈশিষ্ট্য থাকিব লাগিব, যেনে— কার্যকাৰিতা, উপকাৰিতা পৰিৱর্তনশীলতা। এই তিনিটা প্রধান বৈশিষ্ট্যৰ ভিতৰত পৰিৱৰ্তনশীলতা হৈছে সম্পদৰ বৈশিষ্ট্য। সম্পদক মানুহে নিজৰ প্রয়ােজন অনুসৰি ভিন ভিন সময়ত ভিন ভিন ৰূপ দিব পাৰে। উদাহৰণস্বৰূপে মানুহে যেতিয়ালৈকে শক্তি উৎপাদনৰ ক্ষেত্ৰত কয়লা বা খনিজ তেলৰ ব্যৱহাৰ জনা নাছিল, তেতিয়ালৈকে এইবােৰ সামগ্রী সম্পদ বুলি বিবেচনা হােৱা নাছিল। এইবােৰ নিৰপেক্ষ বা নিষ্ক্রিয় সামগ্ৰী আছিল। কিন্তু প্রযুক্তি বিদ্যাৰ উন্নয়নৰ লগে লগে নিজৰ জ্ঞানেৰে মানুহে কয়লা, খনিজ তেল বা অন্যান্য প্রাকৃতিক বস্তুক বিভিন্ন ৰূপ দি সম্পদলৈ পৰিণত কৰিছে। সম্পদৰ এনে পৰিৱৰ্তনশীল বৈশিষ্ট্যৰ বাবেই আজি উপকাৰী বুলি গণ্য হােৱা এটা সামগ্রী বা পৰিঘটনা সময়ৰ গতিত অপকাৰী বা নিষ্ক্রিয় সামগ্রীলৈ ৰূপান্তৰিত হ’ব পাৰে। অর্থাৎ সামাজিক পৰিৱৰ্তন ঘটাৰ লগে লগে সম্পদৰ ধাৰণা আৰু ইয়াৰ আহৰণ আৰু ব্যৱহাৰৰাে পৰিৱৰ্তন ঘটে।

প্র : ২৭। সম্পদ আৰু বিজ্ঞান-প্রযুক্তিৰ মাজত থকা সম্পর্ক চমুকৈ আলােচনা কৰা।
উ : সম্পদ আৰু বিজ্ঞান প্রযুক্তিৰ মাজত এক নিবিড় সম্পর্ক আছে। বিজ্ঞান আৰু প্রযুক্তি বিদ্যাৰ উন্নয়নৰ লগে লগে বহুতাে নিষ্ক্রিয় সামগ্রী সম্পদত পৰিণত হৈছে। উদাহৰণস্বৰূপে মানুহৰ জ্ঞানৰ বিকাশৰ ফলত কয়লা বা খনিজ তেল সম্পদ বুলি গণ্য হােৱা নাছিল। বিজ্ঞান আৰু প্রযুক্তি বিদ্যাৰ অগ্ৰগতিৰ লগে লগে মানুহে কয়লা আৰু খনিজ তেল শক্তিলৈ ৰূপান্তৰ কৰিবলৈ সমৰ্থ হৈছে। ফলস্বৰূপে এইবােৰ মূল্যবান সম্পদলৈ পৰিণত হৈছে। ঠিক সেইদৰে এসময়ত পশ্চিমবংগত সঘনাই বানপানী সৃষ্টি কৰা দামােদৰ নদীক বিজ্ঞান-প্রযুক্তিৰ সহায়ত নদীখনৰ ওপৰত বান্ধ দি জলবিদ্যুৎ উৎপাদন কৰিবলৈ লােৱা হ’ল তেতিয়াৰ পৰা ই মূল্যবান সম্পদ হৈ পৰিল। গতিকে দেখা যায় সম্পদ আৰু বিজ্ঞান- প্রযুক্তিৰ দ্বাৰা মানুহে নিতৌ ন ন বস্তু সৃষ্টি কৰিছে।

প্রঃ ২৮। অর্থনৈতিক ভূগােলৰ পৰিসৰ সম্পর্কে চমুকৈ লিখা।
উঃ অর্থনৈতিক ভূগােলত প্ৰধানকৈ মানুহৰ অর্থনৈতিক কার্যকলাপৰ বিতৰণ আৰু ইয়াৰ লগত জড়িত কাৰক আৰু প্রক্রিয়াসমূহ অধ্যয়ন কৰা হয়। ইয়াৰ অধ্যয়নৰ পৰিসৰ মূলতঃ তলত উল্লেখ কৰা বিশেষ প্রশ্নকেইটাৰ ওপৰত প্রতিষ্ঠিত।
(১) অর্থনৈতিক কার্যটো ক’ত অৱস্থিত?
(২) অর্থনৈতিক কার্যটোৰ বৈশিষ্ট্যবোেৰ কি কি?
(৩) অর্থনৈতিক কার্যটো আন কি কি পৰিঘটনাৰ লগত জড়িত?

(8) অর্থনৈতিক কার্যটো য’ত আছে তাত কিয় হৈছে?
(৫) অর্থনৈতিক কার্যটো য’ত আছে তাৰ পৰিৱর্তে আন এঠাইত হলে বেছি ভাল হ’লহেঁতেন নে ?
ওপৰােক্ত প্রথম তিনিটাৰ লগত পৰম্পৰাগত অর্থনৈতিক ভূগােল জড়িত। পাছৰ দুটা প্রশ্ন বিশেষকৈ আধুনিক অর্থনৈতিক ভূগােলৰ অন্তৰ্গত। ভেটি ৰচনা কৰিছে। আধুনিক অর্থনৈতিক ভূগােলৰ পিতৃস্বৰূপ জর্জ ছিজহমৰ মতে এখন ঠাইৰ অর্থনৈতিক উন্নয়নৰ গতি আৰু দিশ নির্ণয় কৰাটোৱেই অর্থনৈতিক ভূগােলৰ মূল উদ্দেশ্য। আন দুজন অর্থনৈতিক ভূগােলবিদ জন্স আৰু ডার্কেনৱাল্ডৰ মতে অর্থনৈতিক ভূগােলে বিশেষকৈ উৎপাদনক্ষম বৃত্তি বা কার্যকলাপ অধ্যয়নৰ লগত জড়িত আৰু লগতে কিছুমান অঞ্চল কিয় উৎপাদনত আগবঢ়া আৰু আন কিছুমান অঞ্চল কিয় আমদানি আৰু ব্যৱসায়- বাণিজ্যত আগবঢ়া— এনে প্রশ্নবােৰৰ উত্তৰ উদ্ভাৱনত সহায় কৰে। অর্থাৎ অর্থনৈতিক ভূগােলে মূলতঃ মানুহৰ উৎপাদনক্ষম কার্যবােৰ আৰু পৰিবেশিক অৱস্থাৰ লগত এইবােৰৰ সম্পর্ক অধ্যয়ন কৰে।

class 10 social science geography chapter 1 question answer in assamese

প্র : ২৯। উদাহৰণসহ সম্পদৰ শ্রেণীবিভাজন সম্পর্কে লিখা।
উ : পৃথিৱীত বহু ধৰণৰ সম্পদ পােৱা যায়। এইবােৰক তলত দিয়া ধৰণে বিভাজন কৰিব পাৰি। সৃষ্টি প্রক্রিয়া অনুসৰি সৃষ্টি প্রক্রিয়া অনুসৰি সম্পদক তিনিটা শ্ৰেণীত ভাগ কৰিব পাৰি। যেনে-(ক) মানৱসৃষ্ট সম্পদ (খ) প্রাকৃতিক সম্পদ আৰু (গ) মানৱ সম্পদ উদাহৰণ মানৱসৃষ্ট সম্পদকাগজ, কাপােৰ প্রাকৃতিক সম্পদবায়ু, পানী মানৱ সম্পদ—চাবােন, প্লাষ্টিক। গঠন অনুসৰি গঠন অনুসৰি সম্পদক প্রধানকৈ দুটা ভাগত ভাগ কৰিব পাৰি। যেনে—(ক) জীৱীয় সম্পদ আৰু (খ) অজীৱীয় সম্পদ। উদাহৰণ— জীৱীয় সম্পদ—মাছ, শস্য অজীৱীয় সম্পদ— মাটি, শিল

উপলভ্যতা বা স্থায়ীত্ব অনুসৰি : উপলভ্যতা বা স্থায়ীত্ব অনুসৰি সম্পদক দুটা ভাগত ভাগ কৰা হৈছে। যেনে—(ক) নবীকৰণযােগ্য সম্পদ আৰু (খ) অনবীকৰণযােগ্য সম্পদ। উদাহৰণ— নবীকৰণযােগ্য সম্পদ—সূৰ্যৰ ৰশ্মি, গছ-গছনি অনবীণযােগ্য সম্পদকয়লা, খনিজ তেল মালিকীস্বত্ব অনুসৰি । মালিকীস্বত্ব অনুসৰি সম্পদক তিনিটা ভাগত ভাগ কৰিব পাৰি। যেনে- (ক) জাতীয় সম্পদ (খ) ব্যক্তিগত সম্পদ আৰু (গ) আন্তর্জাতিক বা বিশ্ব সম্পদ।

প্র :৩০। সম্পদ সংৰক্ষণ বুলিলে কি বুজায় ? ইয়াৰ প্রয়ােজনীয়তা কি?
উ : সম্পদ সংৰক্ষণ কৰা বুলিলে সাধাৰণতে প্রকৃতিত পােৱা সম্পদসমূহ কোনাে ধৰণৰ বিনাশ বা অপব্যৱহাৰ নকৰাকৈ দীর্ঘদিন ধৰি সদব্যৱহাৰ কৰি থকাকে বুজায়। উদাৰণস্বৰূপে খনিজ তেলৰ সংৰক্ষণ বুলিলে ইয়াক ধৰণৰ অপচয় নকৰাকৈ মানৱ কল্যাণত সঠিকৰূপত বহু দিনৰ বাবে ব্যৱহাৰ কৰিব পৰা কাৰ্যক বুজায়। বর্তমান জনসংখ্যা বৃদ্ধি পাই অহাৰ লগে লগে সম্পদৰ চাহিদাও বৃদ্ধি পাইছে। সেয়েহে সম্পদৰ নাটনিয়ে দেখা দিছে। এনে অৱস্থাত সম্পদৰ সংৰক্ষণ আৱশ্যক হৈ পৰিছে। মানুহে প্ৰকৃতিত, পােৱা সলােবােৰ বস্তুৰ দ্বাৰা নিজ প্রয়ােজন অনুসৰি সম্পদবােৰ ৰূপ বা আকাৰৰ পৱিৱৰ্তন কৰি মৌলিক প্রয়ােজনসমূহ পূৰণ কৰে। মানুহৰ জ্ঞানৰ পৰিসৰ বৃদ্ধি হােৱাৰ লগে লগে প্রকৃতিৰ সম্পদসমূহৰ পৰা নতুন নতুন সম্পদৰ সৃষ্টি কৰি আছে। উদাহৰণস্বৰূপে ৰাস্তা-ঘাট, ঘৰ-দুৱাৰ, যানবাহন, কল কাৰখানা। অর্থাৎ সম্পদ সংৰক্ষণৰ প্ৰয়ােজন আছে। উদাহৰণস্বৰূপে ৰাস্তা-ঘাট, ঘৰ-দুৱাৰ, যানবাহন, কল কাৰখানা। অর্থাৎ সম্পদ সংৰক্ষণৰ প্ৰয়ােজন আছে। উদাহৰণস্বৰূপে, মাটি সংৰক্ষণৰ ক্ষেত্ৰত আমি কৃষিকাৰ্যৰ বাবে মাটি এডােখৰ এনেদৰে ব্যৱহাৰ কৰিব লাগিব যাতে ইয়াৰ উৰ্বৰতা নষ্ট ননাহােৱাকৈ আমি ভাল শস্যৰ উৎপাদন লাভ কৰি থাকো। সমগ্র বিশ্বজুৰি দেখা দিয়া দ্রুত জনসংখ্যা বৃদ্ধি আৰু প্রাকৃতিক পৰিৱেশৰ সমস্যা তথা বহু প্রাকৃতিক সম্পদ নিঃশেষ হ’বলৈ ধৰা পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি সমগ্র বিশ্বতে বিভিন্ন পর্যায়ত পৰিৱেশ সুৰক্ষা আৰু প্রাকৃতিক সম্পদ সংৰক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰি থকা হৈছে।

প্রঃ ৩১। মানৱ-সৃষ্ট সম্পদ কি? উদাহৰণসহ ইয়াৰ ব্যৱহাৰ সম্পর্কে চমুকৈ লিখা।
উঃ মানুহে নিজৰ জ্ঞান আৰু কৌশল প্রয়ােগ কৰি যিবােৰ সম্পদ সৃষ্টি কৰে সেইবােৰ সম্পদকে মানৱ সৃষ্ট সম্পদ বােলে। উদাহৰণস্বৰূপে গছ-গছনি প্রাকৃতিক সম্পদ। এই গছ-গছনিবােৰক কেঁচা সামগ্রী হিচাপে ব্যৱহাৰ কৰি মানুহে ইয়াৰ সহায়ত ঘৰ-দুৱাৰ, নানা ধৰণৰ আচবাব তৈয়াৰ কৰে। এই ঘৰ-দুৱাৰ, আচবাব আদিয়েই মানৱ সৃষ্ট সম্পদ। প্রাকৃতিক সম্পদ তেতিয়াই প্রয়ােজনীয় মূল্যবান সম্পদত পৰিণত হয়, যেতিয়া মানুহে এইবােৰ নিজৰ প্রয়ােজন অনুসৰি মানৱ সৃষ্ট সম্পদত পৰিণত কৰে। মানৱ সৃষ্ট সম্পদৰ প্রকৃত কল্যাণ আৰু উন্নয়ন সম্ভব হয়।

 

 চমুটোকা লিখা

(ক)সম্পদ, (খ)মানৱ সম্পদ, (গ)সম্পত্তি, (ঘ) নৱীকৰণযােগ্য সম্পদ, (ঙ) ব্যক্তিগত সম্পদ, (চ)জাতীয় সম্পদ, (ছ) জৈৱিক সম্পদ,(জ)সম্পদ সংৰক্ষণ, (ঝ) সম্পদৰ পুনৰৱৰ্তন, (ঞ)IUCN

উত্তৰঃ (ক) সম্পদ → মানুহৰ জীৱন-ধাৰণৰ বাবে যিবােৰ বস্তুৰ প্রয়ােজন হয় আৰু যিবােৰ বস্তুৰ পৰা মানুহ তথা সমাজৰ অভাব পৰণ হয় তেনেবােৰ বস্তুকে সম্পদ বুলি আখ্যা দিয়া হয়। যেনে-সূৰ্যৰ পােহৰ, বায়ু, পানী, গছ-গছনি, খনিজ পদার্থ এইবােৰক আমি সম্পদ হিচাবে গণ্য কৰোঁ।

(খ) মানৱ সম্পদঃ→ এই পৃথিৱীত মানুহ নিজে এবিধ সম্পদ। কিয়নাে মানুহে সম্পদৰ সৃষ্টি কৰিব পাৰে মানুহৰ প্রয়ােজন সাপেক্ষে  ইয়াৰ উপৰিও উচ্চ শিক্ষা, সু-স্বাস্থ্য, কাৰিকৰী শিক্ষা ইত্যাদি বিষয়বস্তুৰােৰ আমি মানৱ সম্পদ (Human resource) হিচাবে উল্লেখ কৰিব পাৰাে। কোনাে এখন দেশ বা জাতি মানৱ সম্পদত চহকী হলে দেশখনে অর্থনৈতিকভাবে যথেষ্ট উন্নতি সাধন কৰিব পাৰে।

(গ) সম্পত্তি → যিবােৰ বস্তুয়ে মানুহৰ অভাব পূৰণ কৰাৰ লগতে বিনিময় মূল্য থাকে অথাৎ যিবােৰ বস্তু এজনৰ পৰা আন। এজনলৈ মূল্যৰ জৰিয়তে হস্তান্তৰ কৰিব পাৰি তেনে বস্তুবােবকে সম্পত্তি (Wealth) বােলা হয়। মাটি, ঘৰ-দুৱাৰ, যানবাহন আদি সম্পত্তিৰ উদাহৰণ।

(ঘ) নৱীকৰণযােগ্য সম্পদ:→  পৃথিৱীৰ যিবােৰ সম্পদ এবাৰ ব্যৱহাৰ কৰাৰ পাছত নৱীকৰণ প্ৰক্ৰিয়াৰে পুনঃ ব্যৱহাৰৰ । উপযােগী কৰি তুলিব পাৰি তেনেবােৰ সম্পদক নরীকৰণযােগ্য (Renewable or Inexhaustible resource) সম্পদ বােলা হয়। উদাহৰণ, পানী, গছ-গছনি, মাটি ইত্যাদি।

(ঙ) ব্যক্তিগত সম্পদ :→ পৃথিৱীৰ যি বিলাক সম্পদ মানুহৰ নিজ জিন দখল বা অধিকাৰত থাকে তেনেবােৰ সম্পদক ব্যক্তিগত সম্পদ (Individual resource) বােলা হয়। উদাহৰণ স্বৰূপে ভাল চৰিত্ৰ, কর্মদক্ষতা, মাটি, সা-সম্পত্তি ইত্যাদি বিষয় বস্তুবােৰ মানুহৰ ব্যক্তিগত সম্পদ।

(চ) জাতীয় সম্পদ :→পৃথিৱীৰ উপৰিভাগত এনে কিছুমান সম্পদ আছে যিবােৰ কেৱল কোনো এখন দেশ বা জাতিয়েহে উপভােগ কৰিব পাৰে বা দেশখনৰ দখলত থাকে, তেনে সম্পদক জাতীয় সম্পদ (National resource) বােলা হয়। ৰাস্তা-ঘাট, নদ-নদী,দলং, অৰণ্য অঞ্চল, শিক্ষানুষ্ঠান, ভাল চৰকাৰ ইত্যাদি জাতীয় সম্পদ উদাহৰণ।।

(ছ) জৈৱিক সম্পদ:→ যিবােৰ সম্পদ, জীৱ থাকে তেনেবােৰ সম্পদক জৈৱিক সম্পদ (Biotic resource) বুলি কোৱা হয়। গছ-গছনি, অৰণ্যৰ প্ৰাণী, শস্য আদিকে আমি জৈৱিক সম্পদৰ উদাহৰণ হিচাবে উল্লেখ কৰিব পাৰোঁ।

(জ)সম্পদ সংৰক্ষণঃ→ সাধাৰণতে কোনাে ধৰণৰ বিনাশ আৰু অপব্যৱহাৰ নােহােৱাকৈ সম্পদৰ সম্ভাব্য পূর্ণ ব্যৱহাৰ কৰা কার্য বা ধাৰণাকে সম্পদ সংৰক্ষণ (Conservation of resource) বােলা হয়। বর্তমান সময়ত এই কার্য বা ধাৰণাটো মানৱ জাতিৰ বাবে অতি গুরুত্বপূর্ণ বিষয়বস্তু হৈ পৰিছে।

(ঝ) সম্পদৰ পূনৰাৱর্তনঃ→ এই পৃথিৱীৰ সম্পদবােৰ আমি বিভিন্ন উপায়ৰে সংৰক্ষণ কৰি ৰাখিব পাৰে।সংৰক্ষণৰ বিভিন্ন উপায় বা আঁচনিৰ এটা আঁচনিৰ নাম পূনৱর্তন (Re-uses) প্রক্রিয়া। এই আচনিৰ জৰিয়তে বা সম্পদৰ পূনৰাৱর্তন। প্রক্রিয়াৰ জৰিয়তে বহু পেলনীয় বস্তু পুনৰ ব্যৱহাৰৰ বাবে উপযােগী কৰি তুলিব পৰা যায়। যাৰ ফলত বহুনতুন বস্তু সৃষ্টি হােৱাৰ লগতে আমাৰ পৰিবেশে সুন্দৰ কৰি ৰাখিব পৰা যায়।

(ঞ) IUCN :→ সমগ্র বিশ্বজুৰি দেখা দিয়া দ্রুত জনসংখ্যা বৃদ্ধি আৰু প্রাকৃতিক পৰিৱেশৰ সমস্যা তথা বহু প্রাকৃতিক সম্পদ| নিঃশেষ হ’বলৈ ধৰা পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি সমগ্র বিশ্বতে বিভিন্ন পর্যায়ত পৰিৱেশ সুৰক্ষা আৰু প্রাকৃতিক সম্পদ সংৰক্ষণ ব্যৱস্থা গ্ৰহণ কৰি থকা হৈছে। এনে কার্য সম্পাদনৰ বাবে আন্তঃৰাষ্ট্ৰীয়, আঞ্চলিক তথা স্থানীয় পর্যায়ত বহু চৰকাৰী-বেচৰকাৰী সংস্থা আৰু সংগঠনৰ জন্ম হৈছে। এই ক্ষেত্ৰত ৰাষ্ট্ৰসংঘৰ অন্তৰ্গত আন্তঃৰাষ্ট্ৰীয় পৰিৱেশ সংৰক্ষণ সংস্থা IUCN বিশেষ ভাৱে উল্লেখযােগ্য। IUCN ৰ নেতৃত্বতে WWF for Nature (World Wide Fund for Nature) আৰু বিশ্ব সংৰক্ষণ নিৰীক্ষণ (World Conservation Monitoring Centre) কেন্দ্র স্থাপিত হৈছে।

লগতে পঢ়ক:   ভাৰতৰ স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ Class 10 প্ৰশ্ন উত্তৰ

Also Read: SEBA Class 10 Social Science Geography Chapter 2

অর্থনৈতিক ভূগোল বিষয়বস্তু আৰু সম্পদ class 10

পার্থক্য লিখা 

(ক) সম্পদ আৰু সম্পত্তি, (খ) অর্থনৈতিক ভূগোল আৰু সম্পদ ভূগােল, (গ) সম্পদ আৰু নিষ্ক্রিয় সামগ্রী, (ঘ) জৈৱিক আৰু অজৈৱিক সম্পদ, (ঙ) নরীকৰণমােগ্য আৰু অনৰীকৰণযােগ্য সম্পদ, (চ) ব্যক্তিগত সম্পদ আৰু জাতীয়। সম্পদ, (ছ) মানৱ সৃষ্টি আৰু মানৱ সম্পদ, (জ) সম্পদৰ পুনৰাৱৰ্তন আৰু অভিযােজনা

উত্তৰঃ (ক) সম্পদ আৰু সম্পত্তি : মানুহৰ জীৱনধাৰণৰ বাবে প্রয়ােজন হােৱা বস্তুবােৰকেই আমি সম্পদ বুলি কওঁ। এই বস্তুববাৰে আমাৰ অভাৱ পুৰণ কৰে। সম্পদ বিলাক যি কোনাে আকাৰ বা আকৃতিত থাকিব পাৰে। ইয়াৰ কোনাে বজাৰ মূল্য নাই আৰু কিছুমান অপর্যাপ্ত পৰিমাণে পােৱা যায়। আনহাতে যিবােৰ বস্তু আমাৰ প্ৰয়ােজন হােৱাৰ উপৰিও বিনিময় মূল্য আছে তেনেবােৰ বস্তুক সম্পত্তি বােলা হয়। সম্পত্তিৰ যােগান তেনেই সীমিত। সূৰ্যৰ পােহৰ, বায়ু, গছ-গছনি, খনিজ তেল আদি সম্পদৰ উদাহৰণ। আনহাতে গছ-গছনি, ঘৰদুৱাৰ, যান-বাহন, মাটি বাৰীসম্পত্তিৰ উদাহৰণ। সকলাে সম্পত্তিয়েই সম্পদ হ’ব পাৰে কিন্তু সকলাে সম্পদেই সম্পত্তি হ’ব নােৱাৰে।।

(খ) অর্থনৈতিক ভূগােল আৰু সম্পদ : ভূগােল বিজ্ঞানৰ এটা শাখাৰ নাম হ’ল অর্থনৈতিক ভূগােল (Economic Geography) ই এটা অঞ্চল বা কোনাে এখন দেশৰ অর্থনৈতিক বিষয় বস্তুৰ বিষয়ে অধ্যয়ন কৰে। আনহাতে অর্থনৈতিক ভূগােলৰ এটা শাখাৰ নাম হ’ল সম্পদ। অর্থনৈতিক ভূগােলৰ তুলনাত সম্পদৰ সংজ্ঞা তেনেই সীমিত। এখন দেশত পোৱা বিভিন্ন সম্পদবােৰৰ বিষয়েহে কেৱল সম্পদে আলােচনা কৰে।

(গ) সম্পদ আৰু নিষ্ক্রিয় সামগ্রী : মানুহৰ জীৱন ধাৰণৰ বাবে প্রয়ােজনীয় সকলােধৰণৰ সামগ্ৰীকেই আমি সম্পদ বুলি। কওঁ আৰু এই বস্তুবােৰে মানুহৰ অভাৱ পুৰণ কৰে। আনহাতে যিবােৰ বস্তুৰ পৰা মানুহ তথা সমাজৰ কোনাে উপকাৰ সাধন নহয় বা অনিষ্টনহয় তেনেবােৰ বস্তুকেই নিষ্ক্রিয় সামগ্রী (Neutral stuff) বােলা হয়। অতীতত এই পৃথিৱীত সম্পদৰ পৰিমাণ কম আছিল আৰু নিষ্ক্রিয় সামগ্ৰীৰ পৰিমান বেছি আছিল। বিজ্ঞান আৰু প্রযুক্তি বিদ্যাৰ উন্নতিৰ লগে লগে বহু নিষ্ক্রিয় সামগ্রী মানৱ সমাজে সম্পদলৈ পৰিবর্তন ঘটাইছে। নিষ্ক্রিয় সামগ্ৰীৰ পৰা মানুহৰ কোনাে উপকাৰ নহয় অথবা অপকাৰােনহয়।

(ঘ)জৈৱিক আৰু অজৈৱিক সম্পদঃ পৃথিৱীৰ যিবােৰ সম্পদত জীৱ থাকে তেনেবােৰ সম্পদক জৈৱিক সম্পদ (Biotic Resource) বােলা হয়। আনহাতে যিবােৰ সম্পদ নির্জীৱ সেইবােৰ সম্পদক’অজৈৱিক সম্পদ (Abiotic Resource)বােলা হয়। গছ-গছনি, অৰণ্যৰ প্ৰাণী, সাগৰৰ মাছ, পথাৰৰ শস্য আদি জৈৱিক সম্পদৰ উদাহৰণ। আনহাতে পানী বায়ু, খনিজ পদার্থ, কয়লা আদি অজৈৱিক সম্পদৰ উদাহৰণ।

(ঙ)  নৱীকৰণযােগ্য আৰু অনৱীকৰণযোগ্য সম্পদঃ পৃথিৱীত পােৱা সম্পদ সমুহৰ কিছুমান সম্পদ এবাৰ ব্যৱহাৰ কৰাৰ পিছত নৱীকৰণ প্ৰক্ৰিয়াৰে একেবাৰে নিঃশেষ নােহােৱাকৈ ৰাখিব পাৰি তেনে সম্পদবােৰক নৱীকৰণযােগ্য (Renewable or Inexhaustible Resource) সম্পদ বােলা হয়। আনহাতে যিবােৰ সম্পদ এবাৰ ব্যৱহাৰৰ পিছত নৱীকৰণ কুৰিব নােৱাৰি আৰু একেবাৰে নিঃশেষ হৈ যায় তেনে সম্পদবােৰক অনৱীকৰণযােগ্য (Non- renewable or Exhaustible Resource) সম্পদ বােলা হয়।

(চ)  ব্যক্তিগত সম্পদ আৰু জাতীয় সম্পদ ঃ মানুহৰ নিজ নিজ দখলত থকা সম্পদবােক ব্যক্তিগত সম্পদ (Individual or personal Resource) বােলা হয়, আনহাতে কোনাে এখন দেশৰ দখলত থকা সম্পদ সমূহক জাতীয় সম্পদ (National Resource) বােলা হয়। ভাল চৰিত্র, শিক্ষা, কর্মদক্ষতা আদি ব্যক্তিগত সম্পদ। ৰাস্তাঘাট, দলং, দেশৰ অৰণ্য, শিক্ষানুষ্ঠান আদি জাতীয় সম্পদৰ উদাহৰণ।

(ছ) মানব সৃষ্টি আৰু মানৱ সম্পদ ঃ মানুহে বিজ্ঞান আৰু প্রযুক্তি বিদ্যাৰ জৰিয়তে প্ৰকৃতিৰ বিভিন্ন সামগ্রী অতি মূল্যবান সামগ্রীলৈ ৰূপান্তৰ কৰে নিজৰ প্রয়ােজন অনুসৰি। তেনে ধৰণৰ মানৱ সৃষ্টিসম্পদবােৰ মানৱ সৃষ্টি সম্পদ (Man- made Resource) বােলা হয়। আনহাতে, মানুহে নিজেই বিভিন্ন সম্পদ সৃষ্টিকৰে নিজৰ জ্ঞান বুদ্ধিৰ বলত সেয়ে মানুহ নিজেই এক প্ৰকাৰ সম্পদ। সেয়েহে আমি কওঁ মানব সম্পদ (Human Resource or Man-power)। বাহৰ পৰা কাগজ, কপাহৰ পৰা কাপােৰ আদি মানৱ সৃষ্টি সম্পদ আনহাতে উচ্চ শিক্ষা, সু-স্বাস্থ্য, কার্য দক্ষতা মানৱ সম্পদৰ উদাহৰণ।

(জ) সম্পদৰ পুনৰাবর্তনআৰু অভিযােজনাঃ পৃথিৱীৰ সম্পদবােৰ আমি বিভিন্ন আঁচনিৰ জৰিয়তে সংৰক্ষণ(Conservation) কৰি ৰাখিব পাৰে। তেনে কিছুমান আঁচনিৰ নাম হ’ল পুনৰাৱৰ্তন আৰু অভিযােজন। পুনৰাৱৰ্তন প্রক্রিয়াৰ জৰিয়তে আমি ব্যৱহাৰৰ অনুপযােগী বহু বস্তু পুনৰ অন্য সামগ্রীলৈ ৰূপান্তৰ কৰি ব্যৱহাৰৰ উপযােগী কৰা প্ৰক্ৰিয়াক পুনৰাবর্তন (Re-use) বােলা হয়। আনহাতে অধ্যয়ন আৰু গৱেষণাৰ জৰিয়তে প্ৰকৃতিৰ পৰা আহৰণ কৰা সম্পদ ব্যৱহাৰ উপযােগী অৱস্থালৈ ৰূপান্তৰ কৰা প্রক্রিয়াক অভিযােজন (Innovation) বােলা হয়।

সম্পদ ভূগােলক কিয় অর্থনৈতিক ভূগােলৰ এটি গুৰুত্বপূৰ্ণশাখা বােলা হয় ?
উত্তৰঃ সম্পদ ভূগােলক অর্থনৈতিক ভূগােল এটি গুৰুত্বপূৰ্ণ শাখা বােলা হয়। সম্পদ আৰু ইয়াৰ ব্যৱহাৰ মানৱ সমাজৰ উন্নয়নৰ লগত ওতঃপ্রােতভাবে জড়িত। সম্পদৰপ্ৰকৃত আৰু উকৃষ্ট ব্যৱহাৰৰ যােগেদি মানৱ-কল্যাণ আৰু আর্থ-সামাজিক উৎকর্ষ সাধন সম্ভৱ হৈছে। উল্লেখযােগ্য যে প্রকৃতি, মানুহ আৰু সমাজ-সংস্কৃতি তথা বিজ্ঞান প্রযুক্তিৰ আন্তঃক্রিয়াৰ ফলতেই একো একোটা সম্পদৰ সৃষ্টি হয়। মানুহসম্পদৰ লগত দুই ধৰণে জড়িত-সম্পদৰ উৎপাদক হিচাপে আৰু সম্পদৰ উপভােক্তা হিচাপে। সম্পদবােৰৰ কার্যকাৰিতা আৰু উপকাৰিতা গুণ থকা বাবে দেশ এখনৰ অর্থনৈতিক বিকাশ সম্ভব হয়। তদুপৰি মানৱ সমাজৰ উন্নয়ন সম্পদৰ ওপৰতেই নিৰ্ভৰ কৰে। সেয়েহে দেশ এখন উন্নয়নৰ বাবে সম্পদে অতি গুৰুত্বপূর্ণ ভূমিকা পালন কৰে। সেয়েহে এইটো দিশৰ পৰা সম্পদ ভূগােলােক অর্থনৈতিক ভূগােলৰ এটি গুৰুত্বপূর্ণ শাখা বুলি কোৱা হয়।

অর্থনৈতিক ভূগোল class 10

সম্পদ বুলিলে কি বুজা? ইয়াৰপ্রধান বৈশিষ্ট্যসমূহ উল্লেখ কৰা?
উত্তৰঃ মানুহৰ জীৱন ধাৰণৰ বাবে প্ৰয়ােজনীয় সকলােবােৰ বস্তুকেই সম্পদ বােলা হয়। বায়ু, পানী, সূৰ্যৰ ৰশ্মি, মাটি, গছ- গছনি, ফল-মূল, খনিজ পদার্থ আদি আটাইবােৰেই মানুহৰ বাবে লাগতিয়াল। সেয়েহে এইবােৰ সম্পদ। সম্পদৰ প্রধান বৈশিষ্ট্যবােৰ হ’ল—কার্যকাৰিতা, উপকাৰিতা আৰু পৰিবৰ্তনশীলতা।

‘সম্পদ পৰিৱর্তনশীল’—ব্যাখ্যা কৰা।
উত্তৰঃসম্পদ পৰিৱৰ্তনশীল। আজি কোনাে এটা সামগ্রী মানুহৰ দ্বাৰা ব্যৱহৃত নহ’লেও ‘মানুহৰ বাবে অপকাৰী হ’লেও ভবিষ্যতে সেই একেটা সামগ্ৰীয়েই মানব কল্যাণত ব্যৱহৃত হ’ব পাৰে। এনে সামগ্ৰীসমূহৰ যিবােৰে মানুহৰ কোনাে ধৰণে। উপকাৰ বা অপকাৰ সাধন নকৰে সেইবােৰ নিৰপেক্ষ বা নিষ্ক্রিয় সামগ্রী বােলা হয়। উদাহৰণস্বৰূপে মানুহে যেতিয়ালৈকে শক্তি উৎপাদনত কয়লা বা খনিজ তেলৰ ব্যৱহাৰ নাজানিছিল তেতিয়ালৈকে এইবােৰ কেৱল নিৰপেক্ষ সামগ্রীহে আছিল। আনহাতে, যিবােৰ সামগ্রী বা পৰিঘটনাই মানুহৰ অপকাৰ সাধন কৰে, সেইবােবক প্রতিৰোধক বােলা হয়। উদাহৰণস্বৰূপে অনুৰ্বৰ মাটি, বানপানী জৰ্জৰিত অঞ্চল আদি। মানুহৰ জ্ঞানৰ প্ৰসাৰ আৰু বিজ্ঞান প্রযুক্তি উন্নয়নৰ ফলত পৃথিৱীত থকা এনে বহু নিৰপেক্ষ সামগ্ৰী আৰু প্রতিবােধক মানুহৰ সু-প্ৰচেষ্টাত সম্পদলৈ ৰূপান্তৰিত হৈছে। সম্পদৰ পৰিৱৰ্তনশীল বৈশিষ্ট্যৰ বাবেই আজি উপকাৰী বুলি গণ্য হােৱা এটা সামগ্রী বা পৰিঘটনা সময়ৰ গতিত অপকাৰী বা নিষ্ক্রিয় সামগ্রীলৈ ৰূপান্তৰিত হ’ব পাৰে। অর্থাৎ সামাজিক পৰিবর্তন ঘটাৰ লগে লগে সম্পদৰ ধাৰণা আৰু ইয়াৰ আহৰণ আৰু ব্যৱহাৰৰ পৰিবর্তন ঘটে। সেইকাৰণে সম্পদক পৰিৱৰ্তনশীল বুলি কোৱা হয়।

সম্পদৰপ্ৰয়ােজনীয়তা সম্পর্কে উদাহৰণসহ আলােচনা কৰা।
উত্তৰঃ মানুহৰ জীৱন ধাৰণৰ বাবে প্রয়ােজনীয় সকলােবােৰ বস্তুকেই সম্পদ বােলা হয়। যেনে—বায়ু, পানী, মাটি, গছ-গছনি আদি। সম্পদৰ বাবেহে মানব সমাজৰ বিভিন্ন দিশত উন্নয়ন সম্ভৱ হৈছে। সম্পদ অকল ব্যক্তিগত কল্যাণৰ বাবেই নহয়, জনসাধাৰণৰ কলাণৰ বাবেও লাগতিয়াল। এই সম্পদসমূহৰ প্ৰাচুৰ্যৰ বাবেই মানুহৰ মৌলিক প্রয়ােজন— খাদ্য, বস্ত্ৰ আৰু আশ্ৰয় আৰু অন্যান্য চাহিদা পূৰণৰ লগতে জীৱন ধাৰণৰ মানৰ উন্নয়ন সম্ভৱ হৈছে। মানুহৰ প্ৰয়ােজনীয় বহু সম্পদ যদিও প্রকৃতিয়ে যােগান ধৰে ইয়াৰ বেছিভাগৰে ব্যৱহাৰিক দিশটো মানুহে প্রয়ােজন অনুসৰি দি লয়। তদুপৰি প্ৰকৃতিত থকা সামগ্রীবােৰৰ কার্যকাৰিতা আৰু উপকাৰিতা সম্পর্কীয় গুণবােৰ মানুহৰ জ্ঞানৰ জৰিয়তেহে উদঘাটন কৰা হয়। মানুহৰ জ্ঞানৰ পৰিসৰ বৃদ্ধি হােৱাৰ লগে লগেনতুননতুন সম্পদৰৰ সৃষ্টি হৈছে আৰু ব্যৱহাৰ হৈছে। অর্থাৎ প্রাকৃতিক ভাৱে পােৱা সম্পদৰ উপৰি বহুবােৰ সম্পদ যেনে-প্রযুক্তি, ঘৰ-দুৱাৰ, ৰাস্তা-ঘাট, উদ্যোগ-কাৰখানা, স্কুল কার্যালয়, যানবাহন আদি মানুহে নিজে প্রস্তুত কৰে। সেয়েহে আমি ক’ব পাৰ যে সম্পদৰ সৃষ্টি হৈছে প্রকৃতি, মানুহ আৰু সমাজ সংস্কৃতি তথা বিজ্ঞান প্রযুক্তিৰ আন্তক্রিয়া। ফলতহে। সেয়েহে সম্পদ আৰু ইয়াৰ ব্যৱহাৰ মানৱ সমাজৰ উন্নয়নৰ লগত ওতঃপ্রােতভাৱে জড়িত।

সম্পদ আৰু মানুহৰ মাজত থকা সম্পর্ক বিষয়ে চমুকৈ লিখ।
উত্তৰঃ মানুহ সম্পদৰ মাজত এটা গভীৰ সম্পর্ক আছে। সম্পদৰ লগত মানুহ ওতঃপ্রােতভাৱে জড়িত। সম্পদৰ অবিহনে মানুহৰ বিকাশ অসম্ভব। মানুহ সম্পদৰ লগত দুই ধৰণে জড়িত, সম্পদৰ উৎপাদক হিচাপে আৰুসম্পদৰ উপভােক্তা। হিচাপে। প্ৰকৃতিৰ পৰা আহৰণ কৰা বহু সামগ্ৰীয়েই প্রয়ােজন সাপেক্ষে বিভিন্ন প্রযুক্তিৰ জৰিয়তে ৰূপান্তৰ কৰি মানুহৰ ব্যৱহাৰােপযােগী কৰি তােলা হয়। যেনে-বাঁহৰ পৰা কাগজ, কপাহৰ পৰা কাপােৰ আদি। প্রাকৃতিক সম্পদসমূহক ব্যৱহাৰৰ অন্তর্ভুক্ত কৰি মানৱ সম্পদ আখ্যা দিয়া হৈছে। উপযােগী কৰিবলৈ মানুহক কার্যদক্ষতা, শিক্ষা, প্রযুক্তি আৰু আগ্ৰহৰ প্ৰয়ােজন হয়। এনেবােৰ গুণ থকা বাবে মানুহকো সম্পদৰ যদিও মানৱ কল্যাণৰ বাবে সম্পদ অতি লাগতিয়াল তথাপিও সম্পদৰ সঠিক ব্যৱহাৰ অবিহনে মানুহে সম্পদৰ সুফল লাভ কৰিব নােৱাৰে। এই সম্পদসমূহৰ প্ৰাচুৰ্যৰ বাবেই মানুহৰ মৌলিক প্রয়ােজন খাদ্য, আশ্ৰয় আৰু বস্ত্রকে ধৰি অন্যান্য বহু চাহিদা। পূৰণৰ লগতে জীৱন ধাৰণৰ মানৰ উন্নয়ন সম্ভৱ হৈছে।

অর্থনৈতিক ভূগোল class 10

 সম্পদ আৰু বিজ্ঞান প্রযুক্তিৰ মাজত থকা সম্পর্ক চমুকৈ আলােচনা কৰা।
উত্তৰঃ সম্পদ আৰু বিজ্ঞান প্রযুক্তিৰ মাজত এটা গভীৰ সম্পর্ক আছে। উল্লেখযােগ্য যে প্রকৃতি, মানুহ আৰু সমাজ-সংস্কৃতি তথা বিজ্ঞান প্রযুক্তিৰ আন্তঃক্রিয়াৰ ফলতেই একো একোটা সম্পদৰ সৃষ্টি হয়। এই বিজ্ঞান আৰু প্রযুক্তি বিদ্যাৰ ফলতেই পৃথিৱীত পােৱা বহু সম্পদ মানুহে প্রয়ােজন অনুসৰি নিজৰ ব্যৱহাৰৰ উপযােগী কৰি লয়। প্রাকৃতিকভাৱে পােৱা বহু সম্পদ উপৰিও আন বহুবােৰ সম্পদ যেনে—প্রযুক্তি, ঘৰ-দুৱাৰ, উদ্যোগ কাৰখানা আদি বিজ্ঞান প্রযুক্তিৰ ফলতেই সম্ভৱ হৈছে। সম্পদৰ পৰিৱৰ্তনশীল বৈশিষ্ট্য আৰু বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ ফলত আজি উপকাৰী বুলি গণ্য হােৱা এটা সামগ্রী বা পৰিঘটনা সময়ৰ গতিত অপকাৰী বা নিষ্ক্রিয় সামগ্রীলৈ ৰূপান্তৰিত হ’ব পাৰে। মানুহৰ জ্ঞানৰ প্ৰসাৰ আৰু বিজ্ঞান আৰু প্রযুক্তিৰ উন্নয়নৰ ফলতেই পৃথিৱীত পােৱা বহু নিৰপেক্ষ সামগ্ৰী আৰু প্ৰতিৰােধক মানুহৰ সু-প্ৰচেষ্টাত সম্পদলৈ ৰূপান্তৰিত হৈছে। মানুহে বিজ্ঞান আৰু প্ৰযুক্তিৰ সহায় লৈ নতুন নতুন সম্পদৰ উদঘাটন কৰিব পাৰিছে। এই বিজ্ঞান আৰু প্ৰযুক্তিৰ ফলতেই মানুহে প্রয়ােজন অনুসৰি সম্পদবােৰ পৃথিৱীৰ বুকুৰ পৰা আহৰণ কৰিব পাৰিছে।

 উদাহৰণসহ সম্পদৰ শ্ৰেণীবিভাজন সম্পর্কে লিখা।
উত্তৰঃ পৃথিৱীত বহু প্ৰকাৰৰ সম্পদ পােৱা যায়। সম্পদ বিভাজনবােৰ তলত দিয়া হ’ল—
সৃষ্টি প্রক্রিয়া অনুসৰি সম্পদক তিনিটা ভাগত ভগাব পাৰি।।
(ক) প্রাকৃতিক সম্পদ : যিবােৰ সম্পদ প্রাকৃতিকভাৱে সৃষ্টি হৈ প্ৰকৃতিত বিয়পি থাকে, তেনেবােৰ সম্পদকেই প্রাকৃতিক সম্পদ বােলে। যেনে-বায়ু, সূৰ্যৰৰশ্মি, পানী আদি।

(খ) মানব সৃষ্ট সম্পদ: মানুহে কিছুমান সামগ্রী প্রকৃতিৰ পৰা আহৰণ কৰি সেইবােৰ প্রয়ােজন সাপেক্ষে আৰু বিভিন্ন প্রযুক্তিৰ জৰিয়তে মানুহে নিজে কিছুমান সম্পদক প্রস্তুত কৰে সেইবােৰকে মানৱ সৃষ্ট সম্পদ বােলে। যেনে—স্কুল- কার্যালয়, ঘৰ-দুৱাৰ, যানবাহন, বাঁহৰ পৰা কাগজ, কপাহৰ পৰা কাপােৰ আদি।

লগতে পঢ়ক:   বংগ বিভাজন আৰু স্বদেশী আন্দোলন Class 10 Social Science Chapter 1 Question Answer in Assamese Medium

(গ) মানবসম্পদঃসম্পদৰ উৎপাদক বা সৃষ্টিকর্তা হিচাপে মানুহক মানৱ সম্পদ বুলি গণ্য কৰা হয়। প্রাকৃতিক সম্পদসমূহক ব্যৱহাৰৰ উপযােগী কৰিবলৈ মানুহৰ কাৰ্যদক্ষতা, শিক্ষা, প্রযুক্তি আৰু আগ্রহ প্রয়ােজন হয়। এনেবােৰ গুণ থকা বাবে মানুহকো সম্পদৰ অন্তর্ভুক্ত কৰি মানৱ সম্পদ বুলি আখ্যা দিছে।মানৱ সম্পদ দ্রুত বিকাশৰ বাবেই জাপান, দুইজাৰলেণ্ড আদি সমৃদ্ধ দেশ।

গঠন অনুসৰি সম্পদক দুটা ভাগত ভগাৱ পাৰি
(ক) জীবীয় সম্পদ: প্রাকৃতিক গঠন অনুসৰি সম্পদসমূহৰ যিবােৰৰ জীৱ থাকে, সেইবােৰক জীৱীয় সম্পদ বােলে। যেনে—উদ্ভিদ, প্রাণী, মাছ আদি।

(খ) অজীবীয় সম্পদ: যিবােৰ সম্পদৰ জীৱ নাথাকে অর্থাৎ নিৰ্জীৱ, সেইবােৰকে অৰ্জীৱীয় সম্পদ বােলে। যেনে- মাটি, শিল, পানী আদি।

উপলভ্যতা বা স্থায়ীত্ব অনুসৰি সম্পদবােৰক দুটা ভাগত ভাগ কৰিব পাৰি-
(ক)নৱীকৰণযােগ্য সম্পদ :যিবােৰ সম্পদ অনবৰত ব্যৱহাৰ কৰি থকাৰ পিছতাে নৱীকৰণ বা পুনঃপূর্ণীকৃত প্রক্রিয়াৰে কেতিয়াও একেবাৰে নিঃশেষ হৈ নােযােৱাকৈ ৰাখিব পাৰি, তেনেসম্পদবােৰক নবীকৰণ যােগ্য বা পুনঃ পূর্ণীকৃত বা পুনঃসৃষ্টিক্ষম সম্পদ বােলা হয়। যেনে-সুৰ্যৰ ৰশ্মি, বায়ু পানী আদি।

(খ) অনবীকৰণযােগ্য সম্পদ ঃ যিবােৰ সম্পদ ব্যৱহাৰৰ পিছত নৱীকৰণ বা পুনঃসৃষ্টি কৰিব নােৱাৰি আৰু একেবাৰে নিঃশেষ হৈ যায়, তেনে সম্পদবােক অনবীকৰণযােগ্য বা ক্ষয়শীল বা পুনঃসৃষ্টিহীন সম্পদ বােলে। যেনে-কয়লা, খনিজ তেল, খনিজ পদার্থ (তাম, সােণ আদি)

মালিকীস্বত্বক ভিত্তিকৰি সম্পদক তিনিটা ভাগত ভাগ কৰিব পাৰি-
(ক) ব্যক্তিগত সম্পদ ঃ মানুহৰ নিজ নিজ দখলত বা অধিকাৰত থকা সম্পদক ব্যক্তিগত সম্পদ বােলা হয়। যেনে—ভাল চৰিত্র, শিক্ষা, ভূমি, সা-সম্পত্তি আদি।

(খ)জাতীয় সম্পদ : যিবােৰ সম্পদ এখন দেশৰ তত্ত্বাবধান বা দখলত থাকে সেইবােৰ সম্পদক জাতীয় সম্পদ বােলে। যেনে—ৰাস্তা-ঘাট, নদনদী, অভয়াৰণ্য আদি।

(গ)আন্তর্জাতিক বা বিশ্ব সম্পদঃ যিবােৰ সম্পদ সমগ্র বিশ্বৰ মানৱ জাতিৰ কল্যাণত ব্যৱহৃত হয় সেইবােবক আন্তর্জাতিক বা বিশ্ব সম্পদ বােলে। যেনে—সাগৰ-মহাসাগৰ, বায়ুমণ্ডল, অৰণ্য অঞ্চল আদি।

উপৰােক্ত উল্লেখিত সম্পদসমূহৰ ভিতৰত আৰু দুবিধ সম্পদ আছে—চিৰবিৰাজমান সম্পদ আৰু স্থানিক সম্পদ। যিবােৰ সম্পদ সকলােতে বিৰাজমান বা পৃথিৱীৰ সকলাে ঠাইত উপলভ্য, সেইবােৰ সম্পদকে চিৰবিৰাজমানসম্পদ বােলে। যেনে- সূর্যৰ ৰশ্মি, বায়ু, পানী আদি। আনহাতে, যিবােৰ সম্পদ পৃথিৱীৰ কিছুমান বিশেষ স্থানতহে উপলভ্য তেনে সম্পদবােৰক স্থানিক সম্পদ বােলা হয়। যেনে— কয়লা, লাে, পেট্রলিয়াম আদি।

প্রাকৃতিক সম্পদ বুলিলে কি বুজা?উদাহৰণসহ চমুকৈ লিখা।
উত্তৰঃ যিবােৰ সম্পদ প্রাকৃতিকভাৱে সৃষ্টি হৈ প্ৰকৃতিত বিয়পি থাকে, তেনে সম্পদবােক প্রাকৃতিক সম্পদ বােলা হয়। যেনে–সূর্যৰ ৰশ্মি, বায়ু, পানী আদি। প্রাকৃতিক সম্পদসমূহ গােটা, জুলীয়া বা গেছীয় আৰু ধাতৱীয় বা অধাতৱীয় অৱস্থাত পােৱা যায়। এনে প্রাকৃতিক সম্পদৰ বহুসংখ্যকেই কেঁচা সামগ্রী হিচাপে উদ্যোগ, কল-কাৰখানা আদিত ব্যৱহাৰ হয়। তদুপৰি কয়লা, খনিজ তেল, প্রাকৃতিক গেছ আদিও প্রাকৃতিক সম্পদ যিবােৰক শক্তিৰ উৎস হিচাপে ব্যৱহাৰ কৰা হয়।

অর্থনৈতিক ভূগোল class 10

মানবসৃষ্টসম্পদ কি?উদাহৰণসহ ইয়াৰ ব্যৱহাৰসম্পর্কে চমুকৈ লিখা।
উত্তৰ : মানুহৰ প্ৰচেষ্টাৰ ফলত উৎপাদিত হােৱা সম্পদবােৰক মানবসৃষ্ট সম্পদ বােলা হয়। মানৱ সৃষ্ট সম্পদ উৎপাদন কৰিবলৈ হ’লে মানুহৰ কাৰ্যদক্ষতা, শিক্ষা, প্রযুক্তি আৰু আগ্ৰহৰ প্ৰয়ােজন হয়। প্রকৃতিৰ পৰা আহৰণ কৰা বহু সামগ্ৰীয়েই মানুহে প্রয়ােজন সাপেক্ষে বিভিন্ন প্রযুক্তিৰ জৰিয়তে ৰূপান্তৰ কৰি ব্যৱহাৰােযােগী কৰি তােলে। উদাহৰণস্বৰূপে বাঁহৰ পৰা কাগজ, কপাহৰ পৰা কাপােৰ, খনিজ তেলৰ পৰা নানান ধৰণৰ ৰং, নেপথা, কৃত্রিম কাপােৰ, ৰাসায়নিক সাৰ, চাবােন, প্লাষ্টিক, মম, গছ-গছনিৰ পৰা নানান ধৰণৰ খাদ্য, ঔষধ, কাঠ আদি। বর্তমান সময়ত মানৱ সৃষ্টি সম্পদৰ ব্যৱহাৰ যথেষ্ট পৰিমাণে কৰা দেখা যায়। দেশ এখনৰ য’ত প্রাকৃতিক সম্পদ কম পৰিমাণে পােৱা যায়, সেই দেশৰ মানুহে মানৱ সৃষ্ট সম্পদৰ ওপৰত নিৰ্ভৰ কৰে। উদাহৰণস্বৰূপে প্রাকৃতিক সম্পদৰ ক্ষেত্ৰত জাপান এখন দুখীয়া দেশ কিন্তু সেই দেশত প্রাকৃতিক সম্পদ ব্যৱহাৰ অত্যাধিক। নিজৰ দেশত প্রাকৃতিক সম্পদৰ অভাৱে হােৱা সত্বেও আন দেশৰ পৰা কেঁচা সামগ্রী যােগান ধৰি দেশখনক অগ্রণী আৰু সমৃদ্ধ দেশ হিচাপে পৰিগণিত কৰিছে।

নৱীকৰণযােগ্য আৰু অনৱীকৰণমােগ্য সম্পদৰ মাজৰ পার্থক্য কি কি ? উদাহৰণসহ চমুকৈ আলােচনা কৰা।
উত্তৰঃ নৰীকৰণযােগ্য সম্পদ: পৃথিৱীৰ যিবােৰ সম্পদ এবাৰ ব্যৱহাৰ কৰাৰ পাছত নৱীকৰণ প্ৰক্ৰিয়াৰে পুনঃ ব্যৱহাৰৰ উপযােগী কৰি তুলিব পাৰি তেনেবােৰ সম্পদক নৱীকৰণযােগ্য (Renewable or Inexhaustible resource) সম্পদ বােলা হয়। উদাহৰণ, পনী, গছ-গছনি, মাটি ইত্যাদি।

অনৱীকৰণযোগ্য সম্পদ : স্থায়ীত্ব অনুসৰি সম্পদবােৰক আমি দুটা ভাগত ভাগ কৰিব পাৰে। তাৰে এটা ভাগৰ নাম হ’ল অনৱীকৰণযােগ্য সম্পদ। যিবােৰ সম্পদ এবাৰ ব্যৱহাৰ কৰাৰ পাছত আকৌ ব্যৱহাৰ কৰিব নােৱাৰি অথাৎ এবাৰ ব্যৱহাৰৰ। পিছত সেইবিধ সম্পদ একে বাৰে নিঃশেষ হৈ যায় তেনেধৰণৰ সম্পদ সমূহক অনৰীকৰণযােগ্য (Non-Renewable or Exhaustible resource) সম্পদ বােলা হয়। কয়লা, খনিজ তেল আদি সম্পদবােৰ অনৱীকৰণ যােগ্য সম্পদৰ উদাহৰণ হিচাবে উল্লেখ কৰিব পাৰাে। জুই জ্বলোৱা কামত অথবা ইন্ধন হিচাবে এই দুয়ােবিধ সম্পদ ব্যৱহাৰ কৰাে, জুই জুলােৱাৰ পিছত কয়লা বা খনিজ তেল নিঃশেষ হৈ যায়।

 সম্পদ সংৰক্ষণবুলিলে কি বুজা? ইয়াৰ প্ৰয়ােজনীয়তা কি?
উত্তৰঃ সাধাৰণতে কোনাে ধৰণৰ বিনাশ আৰু অপব্যৱহাৰ নােহােৱাকৈ সম্পদৰ সম্ভাৱা পূর্ণ ব্যৱহাৰ কৰা কাৰ্য বা ধাৰণাকে সম্পদ সংৰক্ষণ (Conservation of Resource) বােলা হয়। অতীতত, এই পৃথিৱীতসম্পদৰ পৰিমাণ তেনেই সীমিত আছিল আৰু তাৰ বিপৰীতে প্ৰতিৰােধক বা নিষ্ক্রিয় সামগ্রীৰ পৰিমাণ বেছি আছিল। সেই সময়ত পৃথিৱীত মানুহৰ সংখ্যাও আছিল সীমিত আৰু মানুহৰ প্ৰয়ােজনীয় বস্তুৰ পৰিমাণও সীমিত আছিল। বর্তমান জনসংখ্যা বঢ়াৰ লগে লগে পৃথিৱীৰ সম্পদসমূহ লাহে লাহে শেষ হৈ আহিব লাগিছে। যি হাৰত মূল্যবান সম্পদবােৰ নিঃশেষ হ’ব লাগিছে বা ব্যৱহাৰ হ’ব লাগিছেএইবােৰ দেখি অনুমান হয় যে অদূৰ ভৱিষ্যতে মানুহৰ বাবে কোনাে ধৰণৰ সম্পদনাথাকিব আৰু যিবিলাক থাকিব সেইবােৰ ব্যৱহাৰৰ অনুপযােগী হ’বগৈ। সেয়ে মানৱ জাতি তথা অন্য জীৱ-জন্তুৰ প্রতি লক্ষ্য ৰাখি, বর্তমান আমি পাই থকা বা দেখি থকা সম্পদবােৰ কোনাে ধৰণৰ বিনাশ আৰু অপব্যৱহাৰ নােহােৱাকৈ ৰখাটো আমাৰ আটাইৰে কৰ্তব্য আৰু ই অতিকে প্রয়ােজনীয় দিশ।

অর্থনৈতিক ভূগোল বিষয়বস্তু আৰু সম্পদ class 10

সম্পদ সংৰক্ষণ পদ্ধতি সম্পর্কে চমুকৈ লিখা।
উত্তৰঃ পৃথিৱীত পােৱা সম্পদবােৰ আমি সংৰক্ষণ কৰি ৰাখিব নােৱাৰিলে, অদূৰ ভৱিষ্যত সম্পদ নামৰ কোনাে বস্তুই নাথাকিব, সেয়ে এই সম্পদবােৰ সংৰক্ষণ কৰি ৰখাটো আমাৰ আটাইৰে দায়িত্ব। সম্পদসমূহ সংৰক্ষণ কৰি ৰাখিবৰ বাবে প্রয়ােজন হয় সুবিবেচিত আৰু সুপৰিকল্পিত আঁচনি। তলত কেইটামান সম্পদ সংৰক্ষণ পদ্ধতি দাঙি ধৰা হ’ল।
(ক) বিকল্প সম্পদৰ সন্ধানঃ আমি যিবােৰ সম্পদ ব্যৱহাৰ কৰি আহিছাে এইবােৰৰ উপৰিও অন্য বা বিকল্প সম্পদ সম্ভাৱনা চিন্তা চচা এই পদ্ধতি অন্তর্ভূক্ত।

(খ)পূনৰাৱৰ্তন: ব্যবহাৰৰ উপযােগী বর্জিত দ্রব্য পুনৰ ব্যৱহাৰ পদ্ধতিক পূনৰাৱৰ্তন পদ্ধতি বােলা হয়।

(গ)অভিযােজন বা নৱপ্রচলন:  গৱেষণাৰ জৰিয়তে নতুন সম্পদৰ আৱিষ্কাৰৰ লগতে নতুন কৌশল ব্যৱহাৰ কৰি উৎপাদন বৃদ্ধি।

(ঘ)বর্জিত দ্রব্যৰ পৰিমাণ হ্রাসঃ কেঁচা সামগ্রীর পবা প্রয়ােজনীয় সম্পদলৈ ৰূপান্তৰ কৰোঁতে আমি বর্জিত দ্ৰব্যৰ পৰিমাণ হ্রাসকৰি সম্পদ সংৰক্ষণ কৰিব পাবাে।

(ঙ)জ্ঞান আৰু শিক্ষাৰ সম্প্ৰসাৰণঃ সম্পদ সংৰক্ষণৰ জ্ঞান থকাতাে আমাৰ অতি জৰুৰী বিষয়। সেয়ে শিক্ষা সংগ্রহ কৰিলে, সংৰক্ষণ বিষয়ে আমি জানিব পাৰিম।

(চ)সংৰক্ষণ সম্পৰ্কীয় আইনৰ প্ৰয়ােগঃ পৃথিৱীৰ সকলাে প্ৰকাৰ সম্পদ যাতে সকলাে শ্ৰেণীৰ মানুহে সংৰক্ষণ কৰি ৰাখে তাৰ বাবে সংৰক্ষণ আইন প্রয়ােগ কৰিব লাগে।

(ছ) সম্পদৰ ভঁৰালৰ সঠিক মূল্যায়নঃ দেশত কি ধৰণৰ সম্পদ কিমান পৰিমাণৰ আছে তাৰ সঠিক মূল্যায়ন হােৱাটো। প্রয়ােজন যিয়ে দেশক আগুৱাই লৈ যােৱাত যথেষ্ট সহায়ক হব।

(জ) সম্পদৰ ভৱিষ্যত প্রয়ােজন নিধাৰণঃ সম্পদ সমূহৰ যে ভবিষ্যতে প্রয়ােজন হব এই কথা দেশৰ প্ৰতিজন নাগৰিকে জনাটো উচিত। জনসংখ্যা বৃদ্ধিৰ প্রতি লক্ষ্য ৰাখি ভৱিষ্যতৰ প্ৰয়ােজনীয়তা নির্ণয় অতিকে প্রয়োজন।

 সম্পদ সংৰক্ষণৰ লগত জড়িত সংস্থা আৰু সেইবােৰৰ ভূমিকা সম্পর্কে চমুকৈ লিখ।
উত্তৰঃ বর্ধিত জনসংখ্যাৰ বাবে প্রাকৃতিক পৰিৱেশৰ সমস্যা বৃদ্ধি হােৱাৰ লগতে বহু প্রাকৃতিক সম্পদ নিঃশেষ হ’বলৈ ধৰিছে। সেয়েহে বিভিন্ন পর্যায়ত পৰিৱেশ সুৰক্ষা আৰু প্রাকৃতিক সম্পদ সংৰক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। এনে কার্য সম্পাদনৰ বাবে আন্তঃৰাষ্ট্ৰীয়, ৰাষ্ট্ৰীয়, আঞ্চলিক তথা স্থানীয় পর্যায়ত বহু চৰকাৰী বেচৰকাৰী সংস্থা আৰু সংগঠনৰ জন্ম হৈছে। এই ক্ষেত্ৰত ৰাষ্ট্ৰসংঘৰ অন্তৰ্গত আন্তঃৰাষ্ট্ৰীয় পৰিৱেশ সংৰক্ষণ সংস্থা বিশেষভাৱে উল্লেখযােগ্য। ১৯৪৮ চনত UNESCO অর্থাৎ ৰাষ্ট্ৰসংঘৰ শৈক্ষিক, বৈজ্ঞানিক আৰু সাংস্কৃতিক সংস্থার প্রথম সঞ্চালক প্রধান জুলিয়ান হাক্সলেৰ (ব্রিটিছ জীৱবিজ্ঞানী) প্রচেষ্টাৰ ফলত ফ্রান্সত IUCN প্রতিষ্ঠিত হৈছিল। এই সংস্থাটোৰ মূল উদ্দেশ্য হৈছে সমগ্র বিশ্বৰ প্ৰাকৃতিক পৰিৱেশ আৰু প্রাকৃতিক সম্পদৰ সংৰক্ষণ তথা জৈৱ বৈচিত্র সম্পর্কে অধ্যয়ন, গৱেষণা আৰু প্রয়ােজনীয় ব্যৱস্থা গ্ৰহণ কৰা। IUCN ৰ নেতৃত্বতে WWE for Mature আৰু বিশ্ব সংৰক্ষণ নিৰীক্ষণ কেন্দ্র স্থাপিত হৈছে। এইদৰে বিশেষ জীৱ-জন্তু, উদ্ভিদ শ্রেণী তথা প্রাকৃতিক পৰিৱেশৰ সংৰক্ষণৰ বাবে আন্তঃৰাষ্ট্ৰীয় আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত বহুতাে সংস্থা আৰু সংগঠন স্থাপন কৰা হৈছে। ভাৰতত এনে কাৰ্যৰ বাবে চৰকাৰীভাৱে পৰিৱেশ, বন আৰু জলবায়ু পৰিবর্তন নামেৰে এটি মন্ত্রালয় গঠন কৰা হৈছে। এনে চৰকাৰী সংস্থাই প্রাকৃতিক সম্পদ সংৰক্ষণ আৰু পৰিৱেশ সুৰক্ষা সম্পৰ্কীয় আইন প্রণয়ন কৰে। এই মন্ত্ৰালয়ৰ অন্তৰ্গত স্বতন্ত্রভাৱে ১৯৮৬ চনত ভাৰতীয় বন গৱেষণা আৰু শিক্ষা সংস্থা গঠন কৰা হৈছে। ইয়াৰ উপৰি বেচৰকাৰীভাৱে বিজ্ঞান আৰু পৰিৱেশ কেন্দ্র, গ্রীণপিচ ইণ্ডিয়াইল্ড, লাইফ ট্রাষ্ট অৱ ইণ্ডিয়া আদিৰ দৰে বহু সংগঠনে পৰিৱেশ সুৰক্ষাৰ বাবে অজস্র কাম কৰিআছে। অসমতাে অসম বিজ্ঞান সমিতি, আৰণ্যকৰ দৰে কেইবাটাও বেচৰকাৰী সংগঠনে পৰিৱেশ সুৰক্ষা, জৈৱ-বৈচিত্র্য সংৰক্ষণ আদিৰ বাবে কাম কাজ কৰি আছে। ৰাষ্ট্ৰসংঘৰ আনত সাধাৰণ মানুহৰ মাজত পৰিৱেশ সম্পর্কীয় সজাগতা বৃদ্ধিৰ বাবে সমগ্র বিশ্বজুৰি প্ৰতি বছৰে ৫জুন তাৰিখে বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয়।

Class 10: SEBA Class 10 Assamese Book Question Answer

প্র : আধুনিক অর্থনৈতিক ভূগােলৰ পিতৃ বুলি কাক জনা যায়?

উঃ জর্জ ছিজহ’মক আধুনিক অর্থনৈতিক ভূগােলৰ পিতৃ বুলি জনা যায়।

প্রঃ প্রতিৰোধক কাক বােলে ?

উঃ যিবােৰ সামগ্রী বা পৰিঘটনাই মানুহৰ অপকাৰ সাধন কৰে তাকে প্রতিৰোধক বােলে।

প্রঃ মানৱ সৃষ্ট সম্পদ কি?

উ : প্রাকৃতিক সম্পদসমূহ যথােপযুক্ত ব্যৱহাৰৰ যােগেদি মানুহে নিজে নিজৰ ব্যৱহাৰৰ উপযােগী কৰি লয় তেনে সম্পাদক মানৱ সৃষ্ট সম্পদ বােলে। যেনে- ৰাস্তা-ঘাট, দলং।

প্র : ৪। সম্পদ কি?

উ : মানুহৰ জীৱন ধাৰণৰ বাবে প্রয়ােজনীয় সকলােবােৰ বস্তুকেই সম্পদ বােলা হয়।

1 thought on “অর্থনৈতিক ভূগোল Class 10 : বিষয় বস্তু আৰু সম্পদ”

Leave a Comment

Your email address will not be published. Required fields are marked *


Scroll to Top